কেন্দ্ৰীয় নিবন্ধ

সাধু সাধু সাধু খাই কঁঠালৰ বাদু-২ (ধৰ্ম আৰু ভগৱানৰ সাধু) ~লক্ষ্যজ্যোতি বৰঠাকুৰ

’ম’ চেপিয়েঞ্চৰ যেতিয়া কল্পনা শক্তিৰ বিকাশ হ’বলৈ ধৰিলে তেতিয়াৰ পৰা পৃথিৱীত ঘটা বিভিন্ন ঘটনাৰাজিৰ সম্পৰ্কত না-না প্ৰশ্ন উদয় হ’বলৈ ধৰিলে। জীৱৰ জন্ম, বৰ্ধন আৰু মৃত্যু কিয় হয়, মানুহ ক’ৰপৰা আহিছে কলৈ যাব, এই বতাহ, পানী, মাটি, বৰষুণ, ঢেৰেকনি, বিজুলী আদিবোৰৰ ৰহস্য কি আদি অলেখ অযুত প্ৰশ্নই মানুহৰ আমনি কৰিবলৈ ধৰিলে। এইবোৰৰ উত্তৰ বিচাৰি মানুহে আশ্ৰয় ল’লে কল্পনাৰ। তেওঁলোকে কল্পনা কৰিলে এই পৃথিৱীৰ সৃষ্টি আৰু পৰিচালনাৰ আঁৰত আছে কোনো এক অদৃশ্য শক্তি। এই মহাশক্তিধৰ সত্বাৰ আঙুলিৰ ঠাৰত নাচে সমগ্ৰ ব্ৰহ্মাণ্ড। এনে কল্পনাৰ পৰা জন্ম হ’ল মানৱ ইতিহাসৰ এক অন্যতম সাধু ভগৱান।

ভগৱান, ঈশ্বৰ, আল্লা, গড এইবোৰ একেটা সাধুৰ ভিন্ন ভিন্ন ৰূপ নে প্ৰতিটোৱেই একোটা বেলেগ সাধু? ডাঙৰ প্ৰশ্ন! উত্তৰত ক’ব পাৰি দুইটা কম বেছি পৰিমাণে হয়। হিন্দু ধৰ্মত কথাটো খুব স্পষ্ট নহয়। ইন্দ্ৰ, বৰুণ, যম আদিবোৰ ঈশ্বৰ নে ভগৱান? বিষ্ণু, শিৱ, ব্ৰহ্মা? সঠিককৈ ক’বলৈ টান, ক’ৰবাত ব্যাখ্যা আছে যদিও নাজানোঁ। এইবোৰৰ উপৰিও আকৌ এক নিৰাকাৰ একক সত্বাৰ কথাও আছে। ইছলাম, খ্ৰীষ্টান, ঈহুদি আদি ধৰ্মত কিন্তু এজনেই মহাশক্তিধৰ— আল্লা, গড, জিহোৱা। এতিয়া অহা যাওক আচল কথালৈ। এই যে একেশ্বৰবাদৰ সাধুটো, এইটো বৰ বেছি পুৰণা নহয়, মাত্ৰ ৪০০০মান বছৰৰ আগতহে এই সাধুৰ প্ৰচলন হৈছে। তাৰ আগতে প্ৰতিটো কামৰ বাবে আছিল বেলেগ বেলেগ ঈশ্বৰ। প্ৰেমৰ বাবে বেলেগ, যুদ্ধৰ বাবে বেলেগ, জন্ম-মৃত্যুৰ বাবে বেলেগ। প্ৰায় ৪০০০ বছৰমানৰ আগতে মধ্য-প্ৰাচ্যৰ কান্নান (Canaan) অঞ্চলত প্ৰথম একেশ্বৰবাদ সাধুটোৰ আৰম্ভ হৈছিল বুলি পণ্ডিতসকলে কয়। লাহে লাহে এই সাধু আন আন স্থানলৈ বিয়পি পৰিলে। এই সাধুটোৱে পৃথিৱীৰ বেছিভাগ ঠাইতে আগৰ সাধুবোৰ অৰ্থহীন কৰি তুলিলে। হিন্দুসকলৰ কিন্তু কিছুমানেহে এই সাধুত বিশ্বাস কৰিলে, আন বহুতে বহুঈশ্বৰবাদ সাধুটোকে মানি থাকিল। ধৰ্ম বা ঈশ্বৰৰ ইতিহাস খোচৰাতো আমাৰ এই লেখাৰ উদ্দেশ্য নহয়, সেই বিষয়ত আমাৰ জ্ঞানো সীমিত। আমি বেলেগ দুটা কথাহে দৃষ্টিলৈ আনিব খুজিছোঁ। তাৰে প্ৰথমটো হ’ল, কেনেকৈ মানুহে এটা বেছি বিশ্বাসযোগ্য সাধু পালে আগৰ প্ৰচলিত সাধু এটা অবিশ্বাস কৰিবলৈ আৰম্ভ কৰে? জীৱ-জগতত কেৱলমাত্ৰ মানুহৰহে সেই ক্ষমতা আছে। আন কোনো জীৱৰে নতুন পৰিস্থিতিৰ লগত ইমান সহজে খাপ খাব পৰা ক্ষমতা নাথাকে। উদাহৰণস্বৰুপে মৌ-মাখিৰ বাঁহ এটাত সকলো মৌ-মাখিয়ে ৰাণী মৌজনীৰ প্ৰভূত্ব মানি চলে আৰু এই বৈশিষ্ট্যৰ সলনি কৰি মৌ-মাখিক “ৰাণীতন্ত্ৰ”-ৰ সলনি গণতন্ত্ৰত কোনেও বিশ্বাস কৰোৱাব নোৱাৰে। যদি কিবা বিশেষ কাৰণত এনে হয় সেই বিৱৰ্তন হ’বলৈ বহু নিযুত বছৰ লাগিব। মৌ-মাখিৰ ক্ষেত্ৰত এইটো কেতিয়াও আশা কৰিব নোৱাৰি যে কৰ্মী মৌবোৰে হঠাতে এদিন ৰাণীৰ একনায়কত্ববাদৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব, ৰাণীক ওফৰাই মাত্ৰ কেইদিনমানৰ ভিতৰতে এটা সমাজবাদী মৌ-বাঁহ স্থাপন কৰিব য’ত ৰাণী আৰু আন সকলো মৌৰে খাদ্যৰ ওপৰত থাকিব সমান অধিকাৰ। কিন্তু মানৱ-ইতিহাসততো এনে ঘটনা ঘটিয়েই থাকে। মৌ-মাখিয়ে প্ৰচলিত সাধু এটাক বাদ দি নতুন সাধু এটাক আদৰি ল’ব নোৱাৰে, মানুহে পাৰে। মানুহে কিয় এই কাম কৰিব পাৰে, সেই কথা সঠিকভাৱে আজিলৈকে কোনেও নাজানে। হয়তো বিৱৰ্তনৰ কোনো এক পৰ্যায়ত মানুহৰ এনে কিছুমান জেনেটিক উৎপৰিৱৰ্তন (mutation) হ’ল যাৰবাবে মানুহে এই গুণ অৰ্জন কৰিলে। এই গুণে কিন্তু প্ৰজাতি হিচাপে বৰ্তি থকাত আমাক সাংঘাতিকভাৱে সহায় কৰিছে। কেনেকৈ? নিজেই ভাবি চাওঁক। চৰকাৰৰ এটা মাত্ৰ ঘোষণাত কৰ’না ভাইৰাছৰ ভয়ত আমিবোৰ ঘৰত সোমাই থকা নাই জানোঁ! ৰাতিপুৱাই ওলাইগৈ ৰাতি ঘৰ সোমোৱাৰ অভ্যাস থকা বহুতো লোক দিনৰ দিনটো ঘৰতে সোমাই থকা নাই জানো? অলপ অসুবিধা পাইছোঁ, কিন্তু আছোঁতো সোমাই! কিন্তু এই ঘোষণাটো যদি সাপৰ বাবে হ’লহেতেন? হাজাৰ ঘোষণা, পুলিচৰ হাজাৰ পিটনেও জানোঁ গৰমৰ দিনত সাপক গাঁতত সুমুৱাই ৰাখিব পাৰিব? নোৱাৰে, কাৰণ সাপে সাধু নুবুজে, মানুহে বুজে। অকল বুজাই নহয়, এটাক বাদ দি আন এটা সাধুক আদৰিবও জানে। দেশ, চৰকাৰ, প্ৰধানমন্ত্ৰী এইবোৰোতো একো একোটা সাধু? বাৰু সেইবোৰ পিছলৈ থাকক, ভগৱানৰ সাধুটো শেষেই হোৱা নাই।

আমি দৃষ্টিলৈ আনিব খোজা দ্বিতীয় কথাটো হ’ল মানুহৰ মাজত সাধু এটাৰ বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতাৰ বিষয়টো বাৰু কিহৰ ওপৰত নিৰ্ভৰ কৰে? সাধুটোৰ গুণগত মানৰ ওপৰত? সাধুৰ আকৌ গুণগত মান বুলিবলে কি আছে? সাধু মানে সাধু আৰু! ইয়াক সঁচা বুলি বিশ্বাস কৰা নকৰাতো নিৰ্ভৰ কৰে শ্ৰোতাৰ ওপৰতহে কথকৰ ওপৰত নহয়। অৱশ্যে কথকৰ কথন ক্ষমতাৰ ওপৰতো সাধু এটাৰ কৃতকাৰ্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে। এই যে পৃথিৱীৰ সৰহ সংখ্যক মানুহে বহুশ্বৰবাদৰ সাধুটোতকৈ একেশ্বৰবাদৰ সাধটো বেছি পচন্দ কৰিলে, কিয়? এই কিয়টোৰ কোনো সঠিক ব্যাখ্যা নাই। ক’ব পাৰি ই সম্পূৰ্ণ এক accidental নিৰ্বাচন। দুইটাই সাধু, গতিকে বহুশ্বৰবাদতকৈ একেশ্বৰবাদ ভাল বুলি কোৱাৰ আচলতে কোনো থল নাই। অৱশ্যে কথকৰ কথন ক্ষমতাৰ প্ৰসংগ এটা নথকা নহয়। আমাৰ শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগতো দুজনে দুটা সাধু কৈ আছিল, তাৰে ভিতৰত বেছি ভাল কথকজনৰ জয় হৈছে।

মানুহৰ মাজত সাধু এটাৰ স্থায়িত্ব নিৰ্ভৰ কৰে তাৰ বিশ্বাসযোগ্যতাৰ ওপৰত আৰু এই বিশ্বাস বস্তুটো কিন্তু কেৱল মাত্ৰ মানুহৰ ব্যক্তিগত সম্পত্তি, আন জন্তু-জানোৱাৰৰ মাজত এইটো খুব বিৰল, নাই বুলিবকে পাৰি। অলপ সহজভাৱে কথাটো আলোচনা কৰা যাওঁক। এই যে কিবা কিতাপ এখন পঢ়ি আপুনি লিখকজনক বিশ্বাস কৰে, ইণ্টাৰনেটত থকা কথাবোৰ বিশ্বাস কৰে বা অচিনাকি ড্ৰাইভাৰ এজনে চলোৱা বাছ এখনত নিৰ্ভয়ে উঠি যায় এই সকলোবোৰ কাম কিন্তু আপুনি কেৱল বিশ্বাসৰ ওপৰত ভিত্তি কৰিহে কৰে। আৰু বিশ্বাসৰ ভিত্তি হ’ল যুগ যুগ ধৰি আপোনাৰ সমাজত চলি অহা কিছুমান সাধুৰ ওপৰত আপোনাৰ অগাধ বিশ্বাস। কেৱল মাত্ৰ মানুহেহে কিছুমান সাধুৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ অচিনাকি কাৰোবাকো বিশ্বাস কৰে, আন কোনো জন্তুৱে নকৰে। চিম্পাঞ্জী এটাই তাৰ চিনাকী আন এটা চিম্পাঞ্জীক বিশ্বাস কৰিব, কিন্তু সম্পূৰ্ণ অচিনাকী চিম্পাঞ্জীক কেতিয়াও অলপো বিশ্বাস নকৰে। সেইবাবেই সিহঁতে বেছি ডাঙৰ গোট বান্ধিব নোৱাৰে, আমি পাৰোঁ।

কিন্তু সাধু এটা মানুহক বিশ্বাস কৰাবৰ বাবে কথকে কষ্ট কৰিব লগা হয়। সেই বামুণে দানত পাই অনা ছাগলীটোক কেইবাজনো মানুহে বাৰে বাৰে কুকুৰ বুলি কৈ কৈ শেষত বামুণক পতিয়ন নিউৱা সাধুটো মনত আছে নহয়? পতিয়ন নিয়াবলৈ একেটা সাধুকে বাৰে বাৰে ক’ব লাগিব। ধৰ্ম, ভগৱান, ভূত, প্ৰেত আদিৰ সাধুবোৰ আমাক আমাৰ ককা-আইতা, মা-দেউতা আদিয়ে সৰুৰে পৰা কৈ নাথাকে জানো? ধৰ্ম, ভগৱান আদিৰ অস্তিত্বৰ বিষয়ে নিজে কিবা অনুমান কৰিব পৰা হোৱাৰ আগতেই আমাৰ মনত এই ধাৰণাসমূহৰ লগত জড়িত সাধুসমূহ দকৈ সুমুৱাই দিয়া হয়। ইয়াৰ ফলত বহুতে পিছৰ জীৱনত এইবোৰ আচলতে সাধু বুলি অনুমান কৰিব পৰা হোৱাৰ পিছতো সেইবোৰ সম্পূৰ্ণভাৱে মনৰ পৰা উলিয়াই দিব নোৱাৰে। এই শ্ৰেণীৰ মানুহে নিজকে এক সুবিধাজনক স্থিতিত ৰাখে, না আস্তিক না নাস্তিক, ইংৰাজীত খুবসম্ভৱ তেওঁলোককে Agnostic বোলে।

ধৰ্ম আৰু ভগৱানৰ সাধুৰ উপসাধু হিচাপে জন্ম হোৱা সাধু বহুত আছে। তাৰে ভিতৰত অন্যতম হ’ল পূৰ্বজন্ম, পুনৰ্জন্মৰ সাধু, আত্মা, পৰমআত্মাৰ মিলনৰ সাধু, স্বৰ্গ, মৰ্ত্যৰ সাধু, পাপ পুণ্যৰ সাধু ইত্যাদি। এই সাধুবোৰে সমাজৰ চিন্তাৰ ধৰণ সলাই দিলে। অপ্ৰিয় হলেও সত্য যে ধৰ্মৰ পৰাই সূত্ৰপাত হ’ল দাসত্বৰ সাধু, বৰ্ণ বিদ্বেষৰ সাধু, ব্ৰাহ্মণ্যবাদৰ সাধু। কিছু বিদ্বানে কয় যে ধৰ্ম বা ভগৱানৰ সাধু সমাজ হিচাপে থাকিবলৈ প্ৰয়োজনীয়। এই কথাটো বিতৰ্কিত। দেখদেখ কথা, ধৰ্ম বা ভগৱানৰ সাধুৰ পৰা জন্ম হোৱা বহুতো উপসাধুয়ে মানৱ-ইতিহাস কলংকিত কৰিছে। ধৰ্ম আৰু ভগৱান সম্পৰ্কীয় সাধুৰ ওপৰত যেতিয়া কোনোৱে বেছিকৈ বিশ্বাস কৰে তেতিয়া জন্ম হয় আন এক ভয়ানক সাধু ‘মৌলবাদ’। ধৰ্মীয় মৌলবাদ সাধুটোৰ ভয়াবহতাৰ কথা জানোঁ বহলাই কোৱাৰ প্ৰয়োজন আছে?

(ক্ৰমশঃ)

Leave a Reply

Your email address will not be published. Required fields are marked *