সংগীত : হৃদয়ংগম আৰু অনুশীলন (হেমন্ত নাথ)
ৱেষ্টাৰ্ণ শিকিব নে ভাতখাণ্ডে শিকিব? ভাতখাণ্ডে মানে যেন পুৰণি, ৱেষ্টাৰ্ণ (ট্ৰিনিটি ইত্যাদি) মানে যেন নতুন চিন্তা, তেনে এটা ভাৱ আহে মনলৈ। অৱশ্যে বৰগীত-লোকগীতবোৰ নিজৰ নিয়মতেই শিকিব লাগিব। সকলো পদ্ধতিয়েই ঠিক, যি শিকিব খোজে শিকিলেই হ’ল। হাতৰ কাষত যিটোৱেই পায়, ক্ষতি আছে জানোঁ ওৱেষ্টাৰ্ণ নিশিকি লোকগীত শিকিলে, বা বৰগীত শিকিলে!
অসমীয়া, হিন্দী আধুনিক গীত ভালদৰে গাবলৈ হ’লে সকলোবোৰ শিকিব লাগিব। স্বৰ, তাল, মানৰ লগতে গানত ব্যৱহৃত কৰ্ডখিনিও জানিব লাগিব। গীটাৰ, হাৰমনিয়াম, পিয়ানো, তবলা, ড্ৰামৰ জ্ঞানো অলপ অচৰপ লাগিব। একেবাৰে নাজানিলে-নুবুজিলে, বেলেগে যিটো বুজাব, ভুল হ’লেও সেইমতেই চলিব লাগিব! বাদ্যযন্ত্ৰীয়ে তেওঁক চোঁচৰাই লৈ ফুৰিলেও তেওঁ হাঁহি থাকিব লাগিব মনত অশান্তি লৈ।
ৱেষ্টাৰ্ণ শিক্ষাৰ প্ৰয়োজন নাই বুলি ভবাজন পিছুৱাই থাকিব বুলি যদি ভাবোঁ, ইণ্ডিয়ান ক্লাচিকেল শিক্ষাক আওকাণ কৰাজনো নিৰ্ঘাত পিছুৱাই থাকিব।
সদায় নতুন নতুন গীত শিকাৰ আগ্ৰহ ল’ৰা-ছোৱালীৰ। সিহঁততকৈ বেছি আগ্ৰহ অভিভাৱকৰ। নতুন গান শিকিছে মানে আগুৱাই গৈছে। কিন্তু সংগীতেৰে আগ বাঢ়িলেহে কিবা শিকিছে বুলি ভাবিব লাগিছিল। সংগীতক জনা আৰু তাৰ সঠিক ব্যৱহাৰৰ শিক্ষা, অন্ততঃ তাল-মান-লয়ৰ কথাখিনি।
কণ্ঠসংগীতৰ লগতে বাদ্যযন্ত্ৰৰ গুৰুত্ব জনাটো, শিকাটো জৰুৰী। লোকগীত বৰগীত শিকাটোও জৰুৰী। যিমানে শিকিব সিমানে বুজিব, আগবাঢ়ি গৈ থাকিব।
আধুনিক গোৱাজনক বিশেষ একো নাজানে বুলি এসময়ত ভাবি থকা সকলেও গাবলৈ আগবাঢ়িহে বুজি পায় যে আধুনিক গীত ভালদৰে গাবলৈ দেখোন সকলো জানিব লগা হয়। সকলোকে (অসমীয়া লোকগীত, ভাৰতীয় মাৰ্গীয় সংগীত, পাশ্চাত্য সংগীত ইত্যাদি) সন্মান জনাইহে আধুনিক গীতে আগবাঢ়ে। আধুনিক শব্দটোৱে ৰৈ থকাটো নুবুজায়, আধুনিক মানে নতুন চিন্তা, মনৰ দুৱাৰ খিৰিকিবোৰ খুলি থোৱাজনহে আধুনিক, আধুনিক মনৰ মানুহজন যেনেদৰে উদাৰ, সকলোৰে প্ৰিয়!
অহংকাৰী পৰশ্ৰীকাতৰ মানুহগৰাকীৰ গীতটো শুৱনি হ’ব কেনেকৈ? কৃত্ৰিমতাৰে বাতৰি পঢ়াজন যেনেদৰে বিৰক্তিকৰ, তেনেদৰে কৃত্ৰিম উচ্চাৰণ, অদৰকাৰী আবেগেৰে গীত বিৰক্তিকৰহে হ’ব। গীত আন্তৰিক হ’বই লাগিব, ভাল পাব লাগিব বিষয়টোক।
গীতটোৰ বিষয়বস্তু বুজি নোপোৱাকৈ গোৱা অনুচিত। প্ৰতিমা পাণ্ডেৰ গীত পৰিৱেশন কৰিবলৈ যাওঁতে তেখেতৰ গীতৰ পাত্ৰগৰাকীৰ (মাহুত, শাৰী পৰিহিত সেই অঞ্চলৰ সাধাৰণ মহিলাগৰাকী কিম্বা সাৰিণ হাতীটোৰ) মনৰ কথা নুবুজিলে, তেওঁৰ প্ৰতি মৰম নুপজিলে গীতবোৰ গোৱা অৰ্থহীন। গীতিকাৰ-সুৰকাৰৰ চিন্তাক সন্মান জনাব নাজানিলে অকল স্বৰ সাধনাৰে গীতটোক ধৰিব পৰা নাযাব, বুজিব পৰা নাযাব।
বিষ্ণু ৰাভাৰ গীত পুৰণি বুলি ভাবি গোৱাৰ কোনো অৰ্থ নাই, এইবোৰ গীতে আপোনাক আন্দোলিত কৰে, সেয়ে নতুন, পুৰণি হ’ব নোৱাৰে। জ্যোতিপ্ৰসাদৰ ‘অ’ সখি আজি যৌৱন বন জুৰি’ আজি প্ৰায় এশ বছৰেও পুৰণি হোৱা নাই, প্ৰতিবাৰ শুনোতে কিম্বা গাওঁতে নতুন নতুন ৰূপত ঠিয় হয় দেখোন! আৰু দুটা দশক আগৰ কিছু গীতৰ সেই আবেদন নাই, পুৰণি পুৰণি লাগে। কিয়?
কেতিয়াৰ সৃষ্টি সেইটো ডাঙৰ কথা নহয়। আৰু নিজৰ ভাল লাগিলেহে গাব লাগে, কোনোবাই গাবলৈ ক’লেই যধে-মধে গাই দিব নালাগে। মই গোৱা গীতবোৰ মই বিশ্বাস কৰোঁ, সেই চিন্তাৰ সৈতে মই সহমত পোষণ কৰোঁ, সুৰটো মই বৰ ভাল পাওঁ, সেয়ে গাওঁ—কথাখিনিয়ে মোক বৰকৈ আকৰ্ষণ কৰে, সেয়ে গাওঁ— কথাটো তেনেকুৱাহে হ’ব লাগে!
শিক্ষকসকলেও কথাবোৰ জটিল নকৰি আধুনিকভাৱে, বিজ্ঞানসন্মতকৈ যিমান পাৰি সহজকৈ বুজাবৰ যত্ন কৰিব লাগে। শিক্ষাৰ আৰম্ভণিতেই বিষয়টো বুজি উঠিলে আগ্ৰহ বাঢ়িব।
তাল, মান, লয় ইত্যাদি শব্দবোৰ আচলতে শৃঙ্খলাবদ্ধভাৱে নিয়মত বান্ধিবৰ বাবে সময়ৰ জোখহে। আৰু হাৰমনিয়ামটো জানোঁ এপাত স্কেল নহয়? সুৰৰ স্কেল! বজোৱাৰ (ফিংগাৰিং) সুবিধাৰ কাৰণেহে হাৰমনিয়াম নাইবা পিয়ানো কিবোৰ্ডৰ বুটামকেইটাক (ৰিড) তেনেদৰে ৰখা হৈছে। ক’লাকেইটা ওপৰত, বগাকেইটা তলত, একে ৰং দিব পাৰিলেহেতেন, গোটেইকেইটা বগা কিম্বা গোটেইকেইটা ক’লা! ওপৰ-তল নকৰিলেও হ’লহেতেন। অকল বজাবলৈ অসুবিধা হ’লহেতেন, মনত ৰাখিব পৰা নগ’লহেতেন আৰু নোচোৱাকৈ একেবাৰেই বজাব পৰা নগ’লহেতেন!
হাৰমনিয়াম কিম্বা পিয়ানোতনো কি আছে? ১২ টা স্বৰ ভাগ কৰা আছে, স্কেলডালত ডাগ কাটি থোৱাৰ দৰে সাৰেগামাপাধানি আৰু সা আৰু পাৰ বাহিৰে বাকিকেইটা স্বৰৰ (ৰেগামাধানি) কোমল আৰু তীব্ৰ স্বৰটো, ৭+৫=১২, হাৰমনিয়াটোত আৰু একোৱেই নাই, বাকীবোৰ ৰিপিটেচন।
হাৰমনিয়ামটোৰ একেবাৰে আৰম্ভণিৰ (মানে তলৰ) ৰিডকেইটা বজাওকচোন! ক্ৰম অনুযায়ী তলৰ বগা ৰিডকেইটাতেই আছে সাৰেগামাপাধানি, তাৰ মাজত ওপৰত পাঁচটা ক’লা ৰিড, দুটা আৰু তিনিটা, প্ৰথম দুটা—কোমল ৰে আৰু কোমল গা, পিছৰ তিনিটা—মা তীব্ৰ, কোমল ধা আৰু কোমল নি। মা তীব্ৰ, শুদ্ধ মাৰ আগৰটো নহয় পাছৰটোহে, সেয়ে দুটা আৰু তিনিটা ক’লা ৰিডৰ মাজত অলপ বেছি দূৰত্ব। মা ব্যতিক্ৰম হোৱাৰ কাৰণেই এইখিনি ঘটিল আৰু এই ঘটাটোৱেই হাৰমনিয়ামটোক হাৰমনিয়াম কৰি তুলিলে। এই এৰেঞ্জমেণ্টটোৱেই আমাক নোচোৱাকৈ হাৰমনিয়ামটো বজাবলৈ সুবিধা কৰি দিলে। আঙুলিকেইটাই আন্ধাৰতো বুটামকেইটা চিনি পায়!
হাৰমনিয়ামটোৰ যিকোনো এটা ৰিড ভালদৰে চাওকচোন! ঠিক সেইটোৰ দৰে আৰু এটা বিচাৰি নাপাব (মানে ঠিক সেইটোৰ দৰে পজিশ্যন)। ক’লা দুটাৰ প্ৰথমটো, ক’লা দুটাৰ দ্বিতীয়টো, ক’লা দুটাৰ আগৰ বগাটো, ক’লা দুটাৰ প্ৰথম ক’লাটোৰ পিছৰ বগাটো, ক’লা দুটাৰ দ্বিতীয় ক’লাটোৰ পিছৰ বগাটো, ক’লা তিনিটাৰ প্ৰথমটো, ক’লা তিনিটাৰ মাজৰটো, ক’লা তিনিটাৰ শেষৰটো, ক’লা তিনিটাৰ আগৰ বগাটো, ক’লা তিনিটাৰ প্ৰথম ক’লাটোৰ পিছৰ বগাটো, ক’লা তিনিটাৰ দ্বিতীয় ক’লাটোৰ পিছৰ বগাটো, ক’লা তিনিটাৰ তৃতীয় ক’লাটোৰ পিছৰ বগাটো…..এনেদৰে ১২টা স্বৰকেই বেলেগ কৰিব পাৰোঁ। আৰু একে পজিশ্যনৰ যিকোনো ৰিডেই একে সুৰত গঁথা, ওপৰত কিম্বা তলত।
A কৰ্ডটো বিচাৰি পালে B, C, D, E, F ,G-ও অনায়াসে বিচাৰি উলিয়াব পাৰি। শ্বাৰ্প (Sharp) কিম্বা ফ্লেট (Flat), মেজৰ কিম্বা মাইনৰো একো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ’ল আঙুলিকেইটাই তাক অনায়াসে চিনি ল’বলৈ কিম্বা বুজি ল’বলৈ অলপ অনুশীলনৰ প্ৰয়োজন হয়। অনুশীলনেৰেহে তাক আয়ত্বলৈ আনিব পাৰি।
অনুশীলনেৰে আগবাঢ়ি নিৰ্ভুলকৈ বজোৱা কিম্বা গোৱাতহে মন দিব লাগে। নুবুজাকৈ একো আগ নাবাঢ়ে, কৰবাত লাগিহে ধৰে।
Bor val lagil