অনুবাদকবিতা

সঞ্জয় কুন্দনৰ কবিতা-(অনুবাদ: পল্লৱ হাজৰিকা)

(অনুবাদকৰ টোকা : সঞ্জয় কুন্দন সাম্প্ৰতিক প্ৰগতিশীল হিন্দী সাহিত্যৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক আৰু সাংবাদিক। বৰ্তমানৰ ৰূঢ় বাস্তৱতাক কবিতাৰ মাধ্যমেৰে অতি সৰল ভাৱে তুলি ধৰি তাৰ বিকল্পৰ সন্ধানত অহৰহ ব্ৰতী কবি গৰাকীৰ ইতিমধ্যে প্ৰকাশিত কবিতা পুথি ‘কাগজ কী প্ৰদেশ মে’, ‘চুপ্পী কা চৌৰ’, ‘য়োজনাৱো কা চহৰ’ আৰু ‘তনী হুয়ী ৰচ্চী পৰ’।
ব্যক্তি আৰু সমাজক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰা কবি গৰকী ইতিমধ্যে ‘ভাৰত ভূষন অগ্ৰৱাল পুৰস্কাৰ’, ‘হেমন্ত স্মৃতি সন্মান’ আৰু ‘বিদ্যাপতি পুৰস্কাৰ’ৰে সন্মানিত হৈছে। তেখেতৰ দুটি কবিতা মুক্ত চিন্তাৰ পাঠকসকললৈ আগবঢ়োৱা হ’ল)
(১)
একনায়কত্ববাদীৰ নাটক
নদীবোৰ শুকাই যাবলৈ আৰম্ভ হৈছিল
যদিও চকুবোৰত থাকি গৈছিল সামান্য পানী ক’ৰবাত
এই কথাবোৰ বুজি পাইছিল সেই একনায়ত্ববাদী শাসকজনে
সেইকাৰণেই কেতিয়াবা কেতিয়াবা তেওঁ ভাবুক হৈ পৰিছিল
আৰু নিজৰ মাকৰ কথা কৈ চকুপানী টুকিছিল
নাইবা দেউতাকৰ প্ৰসংগৰে আনিছিল ব্যস্ততা ।
চেঁচা হৈ আহিছিল যুদ্ধবোৰ
কিন্তু এজন দুৰ্বল মানুহৰ ৰক্তত তেতিয়াও ৰৈ গৈছিল কিছু উষ্ণতা
এই কথাবোৰ বুজি পাইছিল সেই একনায়ত্ববাদী শাসকজনে
সেইকাৰণেই কেতিয়াবা কেতিয়াবা তেওঁৰ দীনতাৰ চৰ্চা কৰিছিল
আৰু কৈছিল কেনেদৰে দিনহাজিৰা কৰি তেওঁ পৰিয়াল পুহিছিল
আৰু পিঠিত ৰৈ গৈছিল পানীজোলাৰ পোৰনি ।
লগে লগেই তেওঁৰ মন্ত্ৰী পৰিষদ ক’বলৈ উদগ্ৰীব হৈ গোট খাইছিল
যে হয় , তেওঁলোকে নিজ চকুৰে দেখিছে প্ৰভুৰ পিঠিৰ সেই পানীজোলা ।
(২)
একনায়কত্ববাদী শাসকৰ জয়
সৌৱা যিজন একনায়কত্ববাদী শাসকজনৰ দোলাভাৰী হৈ একেবাৰে আগত গৈ আছে
তেওঁ মোৰ দূৰ সম্পৰ্কীয় ভাই
আৰু যিজন পিছে পিছে আহি আছে
তেওঁ মোৰ গাঁওঘৰীয়া
যাক সময়ে অসময়ে মোৰ দৰকাৰ হয়।
আৰু যিজনে আগে আগে লৈ গৈ আছে নৈৱেদ্যৰ পাত্ৰ
তেওঁ মোৰ বন্ধু যি মোক সদায় সহায় কৰি আহিছে
যিজনে কৰি আহিছে প্ৰশস্তি পাঠ
তেওঁ মোৰ সহকৰ্মী , মোৰ শুভাকাংক্ষী
মই সেই শাসকজনক
ঘৃণা কৰি আহিছিলো
শাওপাত দিছিলো
কিন্তু এটা শব্দও ক’ব নোৱাৰিলো এতিয়া
এই নিজৰ মানুহবোৰৰ বিৰুদ্ধে
তেওঁলোকক ইমান ভাল দেখাইছিল যে
কেতিয়াও সন্দেহজনক যেন লগা নাছিল
সুখে দুখে তেওঁলোক এনেদৰে লগত আছিল
যে
কেতিয়াও ভয়ংকৰ যেনো লগা নাছিল ।
আমি আমাৰ আপোন মানুহবোৰৰ লালসাৰ অনুমানেই কৰিব নোৱাৰো
জুখি চাব নোৱাৰো তেওঁলোকৰ প্ৰয়োজনীয়তা – অপ্ৰয়োজনীয়তা
শুনা নাপাওঁ তেওঁলোকৰ অন্তৰতম ক্ৰূৰতাৰ ফোঁচফোঁচনি
আৰু এনেদৰেই তল পৰি যায় সৰু সৰু যুদ্ধবোৰ
যাক আমি ভাবি থাকো ডাঙৰ ডাঙৰ যুদ্ধ
আচলতে চলি থাকে এখন ‘আভাসী যুদ্ধ’হে
আমাৰ যুঁজি থকাৰ দৰেই লাগে ঠিকেই
কিন্তু বিনাযুদ্ধেই জিকি যায় শতৰু ।
(টোকা : আভাসী যুদ্ধ – Virtual War)

Leave a Reply

Your email address will not be published. Required fields are marked *