নিবন্ধশিল্প-কলা-সংস্কৃতি

‘শংকৰ মুদি’ যেন গৰুৰ খোজত আকাশৰ ছবি— (কিশোৰ শৰ্মা)

বিশ্বায়ন আৰু পুঁজিবাদৰ তাত্বিক ব্যাখ্যা বহুত আছে। এই ব্যাখ্যাবোৰৰ মাজেৰে আমাৰ বহুতে এই বিশ্বায়ন বা পুঁজিবাদ নামৰ ভোকাতুৰ দৈত্যটোৰ এফালৰ পৰা গিলি আনিব পৰা শক্তিটোক চিনিছে। কিন্তু বহু লোকক এই তাত্বিক ব্যাখ্যাবোৰে ঢুকি নাপায়, অথচ তেওঁলোককো এই সৰ্বনাশী প্ৰভাৱে হাৰাশাস্তি কৰিছে। বিশ্বায়নৰ সৰ্বনাশী প্ৰভাৱক জীৱন্তৰূপত অতি সহজভাৱে সকলো শ্ৰেণীৰ মানুহকে সচেতন কৰিব পৰাকৈ অনিকেত চট্টোপাধ্যায়ে নিৰ্মাণ কৰি উলিয়াইছে ‘শঙ্কৰ মুদি’ নামৰ চলচ্চিত্ৰখন। কাহিনীৰ নিৰ্মাণ ইমানেই সাৱলীল যে এই জটিল বিষয়টোক তুলি ধৰোঁতে বিচিত্ৰ ভিন ভিন কাহিনীৰ সমাহাৰৰ পাছতো চলচ্চিত্ৰখন শ্ল’গান হৈ পৰা নাই। সেয়েহে দৰ্শকে কলা হিচাপে এই চলচ্চিত্ৰখনৰ পৰা পাবলগীয়া ৰসো যথাযথ ভাবে আস্বাদন কৰিবলৈ সুযোগ পাব। ইয়াত বিষয়টোহে যিহেতু অধিক গুৰুত্বপূৰ্ণ সেয়েহে ইয়াত বিষয়টোৰহে আভাষ দিয়া হৈছে। এই চলচ্চিত্ৰখন YouTube ত উপলব্ধ। ইয়াতে টিপিলে লিংকটো পাব, আগ্ৰহীসকলে চাব খুজিলে চাবলৈ সুবিধা হ’ব। আকৌ আপোনালোকৰ আগ্ৰহ বঢ়াবলৈ ‘bengalifilmreviews.com’ৰ পৰা এইখিনি কথা তুলি দিলোঁ, “Shankar Mudi is essentially a political film that shows how power mongers change the dynamics of a society, scarifying values and humanity.”

চিনেমাখনৰ পটভূমি কেবাবছৰ আগৰ কলকাতা। কলকাতাৰ এখন গতিশীল, প্ৰাণচঞ্চল এটা পাৰা। যিটো পাৰাত আধুনিকতাৰ তিৰবিৰণি নাই অথচ সকলো শ্ৰেণীৰ মানুহে স্বাভাৱিক ছন্দত পৰস্পৰৰ সহযোগিতাত আনন্দমনে দিন অতিবাহিত কৰিছে। বিপদে-আপদে সহায় কৰিবলৈ তাত কিছুমান মানুহ আছে। নিৰ্দোষ কিছুমান ধেমালিৰ মাজেৰে পাৰ কৰিছে তেওঁলোকৰ স্বাভাৱিক জীৱন। শংকৰ মুদি (কৌশিক গাংগুলী) সেই পাৰাৰ এজন দোকানী; ‘অন্নপূ্ৰ্ণা ভাণ্ডাৰ’ নামেৰে তেওঁৰ এখন গেলামাল দোকান আছে। পাৰাৰ সকলো মানুহৰ প্ৰতি মানুহজনৰ এক অনুকম্পা। এখন বহীত লিখি ৰাখে বাকীৰ হিচাপ। কোনোবা মৰিলে বাকীৰ হিচাপ নিজে কাটি দিয়ে। ৰাতি কাৰোবাৰ অসুখ হ’লে ৰাতিতে পাৰাৰ মানুহৰ হঠাৎ দৌৰাদৌৰি আৰম্ভ হয়। বিষ খাই আত্মহত্যা কৰিবলৈ ওলোৱা ছোৱালীৰ (সীতা) ঘৰৰ মানুহে গম পোৱাৰ আগতে পাৰাৰ মানুহ হাজিৰ হয়। ৰাতিৰ মাতালক ঘৰ পোৱাই দিয়ে শংকৰ মুদিয়ে। মুঠৰ ওপৰত  সহযোগিতাৰ ছবি এখন স্পষ্টহৈ উঠে। এনে এক পৰিৱেশত ‘সমুদায় সমাজ’ সচেতন নাথাকে, সেয়ে বিশ্বয়ান বা পুঁজিবাদ সম্বন্ধীয় বিষয়বোৰক উপেক্ষা কৰে। তেনে এক পৰিৱেশ চলচ্চিত্ৰখনৰ প্ৰথম ভাগত চিত্ৰিত হৈছে। মাইকেৰে বিশ্বায়ন বিৰোধী এক সভাৰ ঘোষণা কালিহঁতৰ জীৱনৰ স্বাভাৱিক জীৱনৰ ছন্দত হেৰাই গৈছে। ঠিক সেইদৰে কালিহঁতৰ খানাৰ সময়ত ‘বিশ্বায়ন’ হৈ উঠিছে ধেমালিৰ বস্তু। অথচ এই বিশ্বায়নেই কালিহঁতৰ জীৱন লাহে লাহে ছেদেলি-ভেদেলি কৰি পেলাইছে। তেতিয়া আৰু কৰিবলৈ পাৰাৰ মানুহখিনৰ হাতত একোৱে নাছিল। 

পৰস্পৰ সহযোগিতাৰ মাজেৰে চলি থকা পাৰাটোলৈ আহি যায় এখন শ্বপিং মল। যি ভবেন দাই FDI-ৰ বিৰোধিতা কৰিছিল (অথচ যিয়ে FDI মানে কি নাজানেই) তেওঁৱেই এই শ্বপিং মলৰ দালালি কৰে। বোমা-বাৰুদ ফুটাই মানুহক ভয় দেখুওৱা হয়। অবধাৰিত ভাবে কথাবোৰ বেলেগ ফালে গতি কৰে। শ্বপিং মলৰ গ্ৰাসত সাধাৰণভাৱে দোকান-পোহাৰ দি পেটৰ ভাত মুকলি কৰা সকলোৰে অবস্থা তথৈবচ। তাৰ ভিতৰত শংকৰ মুদিও এজন। যিয়ে শ্বপিং মলৰ আৰ্হিত দোকানৰ বস্তুবোৰ পেকিং কৰি বিক্ৰী কৰি, home delivery কৰি শ্বপিং মলৰ লগত ফেৰ মাৰিবলৈ বৃথা চেষ্টা কৰিছে। শেষত তেওঁ আত্মহত্যা কৰিছে। সেইদৰে কাপোৰ চিলাই কৰি ৰোজগাৰ উলিওৱা নমিতা নামৰ ছোৱালীজনী, যিয়ে এদিন বুকু-পিঠি উলিওৱা ব্লাউজ চিলাই দিবলৈ অস্বীকাৰ কৰিছিল, সেইজনী ছোৱালীয়ে পিতৃতুল্য দোকানৰ মালিকক টকা দিব নোৱাৰি মালিকে তাইক যৌন নিৰ্যাতন কৰা বুলি অভিযোগ আনিছে। তাতে ভবেন-দাই মৰেল পুলিচৰ ভাও লৈ মীমাংসা কৰিছে এনেদৰে যে নমিতাই যিমান দিন ইচ্ছা তাত দোকান দিব, তাৰ বাবদ এটকাও ঘৰ ভাৰা নিদিব আৰু নমিতাই মালিকৰ ওপৰত যৌন নিৰ্যাতনৰ কেছ নিদিব (আচলতে যিটো হোৱাই নাছিল। ) এই সহানুভূতিৰ অচিলাত সংসাৰ বচাই ৰখাৰ স্বাৰ্থত শেষত তায়ো ভবেনদাৰ ওচৰত ধৰা দিয়ে। ‘কালি’, যিয়ে পাৰাত বিপদত পৰা প্ৰত্যেক মানুহক সহায় সহযোগিতা কৰিছিল তেওঁ বাছৰ কনডাক্টৰ কৰিবলৈ পাৰাৰ পৰা আঁতৰি গৈছে। নৰান নামৰ দৰ্জীটো তাৰ পৰা আঁতৰি গৈছে কাৰণ ৰেডিমেডৰ উৎপাতত তাৰ দোকান আৰু নচলে। শেষৰ ফালে দেখোঁ মহিলা এগৰাকীয়ে খিৰিকীৰ মুখৰ পৰা চিঞৰি চিঞৰি মানুহ বিচাৰিছে কাৰণ দেউতাকৰ শৰীৰ বেয়া, ডাক্তৰৰ ওচৰলৈ নিবগৈ লাগে। কিন্তু পোৱা নাই। আন এখন খিৰিকখিৰিকী মুখত অসহায় মাষ্টৰ। মুঠতে সকলো সলনি হৈ গৈছে। 

এই চিনেমাখনত বিশ্বায়নৰ স্বৰূপ সৰল কিন্তু সবলভাৱে দেখুওৱাই দিয়া হৈছে। বিশ্বায়ন কেৱল অৰ্থনৈতিক আঘাতে নহয়, অৰ্থনৈতিক ভেঁটিটো ভাঙি মানৱীয় সকলো প্ৰমূল্যকে ই ভাঙি চিঙি লৈ যায়। শংকৰ মুদিয়ে তেওঁৰ আপোন গ্ৰাহকবোৰ শ্বপিং মললৈ গুচি যোৱাৰ পাছত আত্মহত্যা কৰিছে। শংকৰ মুদিৰ মুত্যুৰ মাজেৰে এখন গতিশীল সমাজৰ লগতে মানৱতাবাদৰ মৃত্যুৰ কথাহে যেন ঘোষণা কৰিছে। শংকৰৰ মৃত্যুৰ পাছত, এটা শ্বটত ‘জুম ইন’ কৰি শংকৰৰ দোকানৰ ভিতৰখন দেখুউৱা হৈছে, তাতে লিখা আছে ‘ক্ৰেতা হ’ল ভগবান’। কিন্তু শংকৰৰ কাৰণে ক্ৰেতা ভগৱান হ’ল জানো আৰু পুঁজিবাদে ক্ৰেতাক ভগৱানৰ শাৰীত ৰাখিলে জানো!

চলচ্চিত্ৰখনত কিছুমান উপকাহিনী অপ্ৰাসংগিক যেন লাগিলেও আচলতে পৰিচালকে বৰ বুদ্ধিদীপ্তভাৱে তাক প্ৰয়োগ কৰিছে। যেনে, যাত্ৰা পাৰ্টিৰ হিৰণ্যকশিপুৰ দৃশ্যটো, হৰিণ্যকশিপুই চিঞৰি অট্টহাস্য কৰি দাম্ভিকতাৰে কৈ থাকে যে হিৰণ্যকশিপু অবধ্য, কোনোৱে তেওঁক মাৰিব নোৱাৰে, স্বৰ্গ, মত্য, পাতাল সৱ তেওঁৰ, দিন-ৰাতি কোনোটো সময়ত তেওঁৰ মৃত্যু নাই, মানুহ কিম্বা দেৱতা বা পশু কোনোৱে তেওঁক বধ কৰিব নোৱাৰে। মূল চলচ্চিত্ৰৰ কাহিনীভাগৰ লগত সংগতি নথকা যেন লগা এই কথাখিনিৰে কিন্তু বিশ্বায়নৰ দানৱীয় আগ্ৰাসনক আকৌ এবাৰ সোঁৱৰাই দিয়া হৈছে। সেইদৰে সীতাই প্ৰেমৰ নামত ব্যৱহৃত হৈ আত্মহত্যা কৰাৰ সময়ত ক্ল’জ শ্বটত দূৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ দৃশ্যটো কলাত্মক। 

চিনেমাখনত সুমনৰ গানে বিশেষ বিশেষ সময়ত কাহিনীটোক সুকীয়া মাত্ৰা দিছে। নেপথ্যৰ সুমনৰ কণ্ঠৰ গানবোৰে বিষয়টোক গাঢ় কৰিছে। এনে অমানৱীয় অগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ ইংগিত ইয়াত স্পষ্ট ৰূপত নাই, ‘জন হেনৰী’ আৰু ‘দুনিয়া পাল্টাবেই’ গান দুটিৰ মাজেৰে  প্ৰতিবাদ আৰু প্ৰতিৰোধৰ ইংগিত দিয়া হৈছে। শেষৰ দৃশ্যটোত শংকৰৰ শৱত দিয়া ফুলৰ থোপাটো দলিয়াই কৰা প্ৰতিবাদটো আবেগ আৰু হতাশাৰ প্ৰতিফলন। অৰ্থনৈতিকভাৱে থানবান হৈ যোৱা এখন সমাজ আৰু পদলেহনকাৰী কিছু মানুহৰ মাজৰ পৰা সহজে প্ৰতিৰোধৰ সংগ্ৰাম এখন সূচনা হোৱাটো কঠিন। বিশ্বায়নৰ বিৰাট আগ্ৰাসনত আমিবোৰ যেন পুতলা নাচৰ পুতলা। 

কৌশিক গংগোপাধ্যায়, শ্রীলা মজুমদার, শাশ্বত চট্টোপাধ্যায়, অঞ্জন দত্ত আদিৰ অভিনয়ে চলচ্চিত্ৰখনৰ বিষয়টোক দৰ্শকৰ ওচৰ চপাই আনে। বাস্তৱিক অভিনয়ে দৰ্শকক বিয়টোৰ লগত একাত্ম হোৱাত সহায় কৰে। 

‘আনন্দ বাজাৰ’ পত্ৰিকাত সায়ন্তনী সেনগুপ্তই চলচ্চিত্ৰখনৰ বিষয়ে কৰা এটা মন্তব্যৰে সামৰিছোঁ, “শঙ্কৰ মুদি শুধুমাত্রই একটা পাড়ায় শপিং মল তৈৰিৰ গল্প নয়। এই সিনেমা সামগ্রিক মূল্যবোধেৰ অবক্ষয়েৰ গল্প শোনায়, সমাজ পাল্টে যাওয়াৰ গল্প শোনায়, ভেঙে যাওয়া সময়েৰ গল্প শোনায়।”

Leave a Reply

Your email address will not be published. Required fields are marked *