ছায়াচিত্ৰ কালৰাতিৰ (অৰুণ কুমাৰ শৰ্মা)
টগবগাই টগবগাই
ইপাৰ সিপাৰ নমনা
যৌৱনৰ ভৰা নদীয়েদি
উজাই যাওঁতে
ক’ৰ পৰা জানো
ৰাষ্ট্ৰ নামৰ বকাসুৰটোৱে
জ্বলন্ত অগ্নিপিণ্ডত
মা-দেউতাৰ ঘৰটো দলিয়াই দি
এফালৰ পৰা বিকল কৰি গৈছিল
মোৰ প্ৰতিটি অংগ-প্ৰত্যংগ
মূৰটো খামুচি ধৰি
পিয়াহ পলুৱাই
ঘোট্-ঘোট্কৈ গিলিছিল উত্তৰাধিকাৰীসূত্ৰে পোৱা
শান্ত নিজৰাৰ পানী এঘটি
য’ত মই সাঁচি থৈছিলোঁ
এচলু সাগৰৰ নীলাৰ স’তে
বুটলি অনা এটি আপুৰুগীয়া পোৱালমণি
সেওঁতা ফালি চকুৰ পৰা কাঢ়ি নিছিল
দীপ্ত শিখাৰ দৰে
স্ফটিকৰ সুন্দৰ জেউতী
আৰু মই হেৰুৱাইছিলোঁ
সাতোৰঙী
ৰামধেনু ৰঙে ৰঙা ৰং,
হেৰুৱাইছিলোঁ দৰ্শন
মোৰ ৰত্নময়ী
সেউজী সগৰ্ভা ধৰিত্ৰীৰ
সপোনবোৰ ধূলিস্যাৎ কৰি
মেট-মৰা বোজা বান্ধি
বুকুৰ পৰা আজুৰি নিছিল সকলো সম্পদ—
প্ৰেম
বসন্ত
ভ্ৰাতৃত্বৰ মৌকোঁহ
কুলিৰ সুৱদি কণ্ঠ,
ডাল ভৰা ফলৰ সম্ভাৰ
আৰু ছিঙি নিছিল
তজবজীয়া ৰঙা গোলাপ কলিটিৰ দৰে
লহপহীয়া মোৰ চেনেহী প্ৰেয়সীক
মনৰ পৰা জোৰ জবৰদস্তি কৈ
আঁতৰাই নিছিল
স্বাধীনভাৱে চিন্তা কৰা সকলো ক্ষমতা
আৰু মোৰ হাত-ভৰি কাটি
ওলোমাই থৈছিল ছটফটাই থকা
ইণ্ডিয়া গেইটৰ সম্মুখৰ সুবিশাল প্ৰাংগনত—
য’ত মই দেখিছিলোঁ
ওৰেদিন ওৰেৰাতি
সংকীৰ্তন আৰু ৰামধুনৰ
প্ৰলম্বিত ছায়া প্ৰচ্ছায়াৰ নৃত্য….
দেখিছিলোঁ ন্যায়, গণতন্ত্ৰ আৰু বাকস্বাধীনতাৰ
ওপৰত অবিৰাম গুলীবৰ্ষণ
অতুল্য সংসদ ভৱনৰ
অভেদ্য বেৰ সৰকি
ভিতৰত সোমাব পৰা নাছিল
জনতাৰ সীমাহীন কান্দোনৰ ৰোল