বিজ্ঞান-প্ৰযুক্তি

স্ক্ৰ’ডিঞ্জাৰৰ মেকুৰীটো আৰু দোমোজাত কোৱান্টাম কল্পনাৰ সাগৰ (ৰাহুল শ্যাম)

পোহনীয়া জীৱ-জন্তুৰ ভিতৰত মেকুৰীক মোৰ সৰুৰেপৰাই বেছি ভাল লাগিছিল। আমাৰ ঘৰতো আগৰেপৰাই অন্ততঃ এটা মেকুৰী সদায় আছিলেই। কেতিয়াবা মৰিলেও আকৌ বেলেগ এটা পোৱালী গোটাই লৈছিলোঁ। মেকুৰীটো মৰা দিনাখনি খুব বেয়া লাগিছিল; ভাবিছিলোঁ তাক কেনেবাকে জীয়াই তুলিব পৰা হ’লে! আমাৰ জীৱনত এনে কিমান ওজৰ-অভিযোগ, নোপোৱাৰ বেদনা, অনুশোচনা প্ৰতিটো খোজতে আমাৰ মনত দোলা দি থাকে তাৰ হিচাপ নাই। তেনেই সৰু মেকুৰী এটায়ো আমাৰ মন-মনন-স্মৃতিৰ এটা অংশ অধিকাৰ কৰিব থাকিব পাৰে।

মেকুৰীৰ কথা আৰম্ভণিতেই মনলৈ আহিল, কাৰণ এইটো নিবন্ধটো মেকুৰীৰ কথা আছে। আমাৰ ঘৰৰ মেকুৰীবোৰ আছিল সাধাৰণ, আমাৰ সকলোৰে চিনাকী মেকুৰী। কিন্তু আমাৰ এই আলোচনাৰ মেকুৰীটো তেনে সাধাৰণ মেকুৰী নহয়; এই মেকুৰীটোৱে মানুহৰ চিন্তাজগতত ধুমুহাৰ সৃষ্টি কৰিছিল।

অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী এৰৱিন স্ক্ৰ’ডিঞ্জাৰ কোৱান্টাম বিজ্ঞানৰ এজন অন্যতম প্ৰতিষ্ঠাপক। তেওঁ বিখ্যাত আছিল এনে এটা পৰীক্ষাৰ বাবে যিটো তেওঁ জীৱনত কাহানিও কৰাই নাছিল। আচৰিত নহয়নে? প্ৰকৃততে “Schrodinger’s Cat” এটা কাল্পনিক পৰীক্ষা, ইয়াক সাঁথৰ বা কূটাভাষ (Paradox) বুলিবও পাৰি। এই “পৰীক্ষা”-ৰ কথাটোৰ বিজ্ঞানীগৰাকীয়ে ঘোষণা কৰে ১৯৩৫ চনত। এই পৰীক্ষাটোৱে কয়, “এটা মেকুৰী একে সময়তে জীৱিত আৰু মৃত দুয়োটা অৱস্থাতে থাকিব পাৰে!” কোৱান্টাম পদাৰ্থবিজ্ঞানত এই অৱস্থাটোক কোৱা হয় ‘Quantum Superposition’।

পৰীক্ষাটো আছিল এনেধৰণৰ— এটা সুস্থ মেকুৰী, এটা বিষেৰে (poison) ভৰ্ত্তি পাত্ৰ, হাতুৰী, তেজষ্ক্ৰিয় সংসূচক যন্ত্ৰ (sensor), আৰু এটা তেজষ্ক্ৰিয় উৎস, সম্পূৰ্ণ বন্ধ বাকচ এটাত লোৱা হ’ল। তেজষ্ক্ৰিয় পদাৰ্থৰ পৰিমাণটো নিচেই ক্ষুদ্ৰ পৰিমানৰ লোৱা হৈছে যাতে প্ৰতি ঘণ্টাত ইয়াৰ বিকিৰণৰ সম্ভাৱনা ৫০%। এই সঁজুলিসমূহ বাকচটোৰ ভিতৰত এনেদৰে স্থাপন কৰা হৈছে যাতে, যদি সংসূচক যন্ত্ৰটোৱে তেজষ্ক্ৰিয় বিকিৰণ ধৰা পেলায়, তাৎক্ষণিকভাৱে হাতুৰীটোৱে বিষ ভৰা পাত্ৰটো ভাঙি পেলাব আৰু তাৰ পাছত মেকুৰীটোৰ মৃত্যু হ’ব।

স্ক্ৰ’ডিঞ্জাৰৰ বিখ্যাত মেকুৰীটো!

পিছে, এই অৱস্থাত  বাকচটোৰ বাহিৰৰপৰা এঘন্টাৰ পাছত মেকুৰীটো জীয়াই আছেনে মৰিলে সেয়া নিশ্চয়কৈ কোৱাটো অসম্ভৱ। ই হয় জীয়াই আছে, নহয় মৰিল। স্ক্ৰডিঞ্জাৰৰ মতে বাকচটো খোলাৰ ঠিক আগমুহূৰ্তলৈকে মেকুৰীটো একে সময়তে জীৱিত আৰু মৃত দুয়োটা অৱস্থাতে আছিল— এটা অস্পষ্ট সম্ভাৱনীয়তা জীৱন-মৃত্যুৰ। এই অৱস্থাটোক কোৱা হয় ‘Superposition’, বাকচটো খোলাৰ লগে লগে পৰ্যবেক্ষকজনৰ নিৰীক্ষণে এই দ্বৈত (Superposition) অৱস্থাটোৰ অন্ত পেলায় আৰু বাস্তৱ, এটা নিৰ্দিষ্ট সম্ভাৱনীয়তালৈ ঘূৰি আহে। এই কাল্পনিক পৰীক্ষাটো কোৱান্টাম পদাৰ্থবিজ্ঞানৰ তাত্ত্বিক ব্যাখ্যাৰ বাবে আগবঢ়োৱা হয়। পৰীক্ষাটোৰ অগ্ৰগতিৰ মাজতে স্ক্ৰ’ডিঞ্জাৰে ‘Entanglement’ শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰে।

‘Superposition’-ৰ কোৱান্টাম পৰিঘটনাৰ ব্যাখ্যা হ’ল পৰমাণুৰ কণিকা আৰু তৰংগৰ দ্বৈত ধৰ্ম। এটা পদাৰ্থই তৰংগ দৈৰ্ঘ্য লাভ কৰিব হ’লে ই এক নিৰ্দিষ্ট ক্ষেত্ৰত বিস্তাৰিত হ’ব লাগিব। ইয়াৰ অৰ্থ হ’ল পদাৰ্থটোৱে একে সময়তে বহুতো অৱস্থান দখল কৰিব লাগিব। এটা পদাৰ্থৰ তৰংগদৈৰ্ঘ্য যদি নিচেই চুটি হয়, তেন্তে ইয়াক ধৰা পেলোৱাটো কঠিন। দৈনন্দিন জীৱনত আমি পদাৰ্থৰ এই তৰংগ ধৰ্ম দেখা নাপাও কাৰণ ভৰবেগৰ উত্থানৰ লগে লগে তৰংগদৈৰ্ঘ্য হ্ৰাস পায়।  এটা মেকুৰী তুলনামূলকভাৱে ডাঙৰ আৰু গধূৰ। সেয়ে আমি মেকুৰীটোৰ ‘Superposition’ বা তৰংগ ধৰ্ম দেখা নাপাও।  ক্ষুদ্ৰ কণাবোৰে, যেনে ইলেক্ট্ৰনে কিন্তু পদাৰ্থৰ কণিকা আৰু তৰংগৰ দ্বৈত ধৰ্মৰ (dual nature) নাটকীয় প্ৰমাণ দেখুৱায়। “Young’s double slit” পৰীক্ষাটোয়ে এই কথা প্ৰমাণিত কৰিছে। ইলেকট্ৰনক দুটা ‘Slit’ (ঠেক বাট) ৰ মাজেৰে যাবলৈ দিলে আমাৰ সাধাৰণ ধাৰণা মতে দুটা ‘Band’ (নিৰ্দিষ্ট বিন্যাস) পাব লাগে; কিন্তু ইয়াৰ বিপৰীতে ইলেকট্ৰনৰ এক সমাৰোপন বিন্যাসেহে (interference pattern) পোৱা যায়। অৰ্থাৎ এই ইলেকট্ৰনৰ বিন্যাসবোৰ যেন এটা আনটোৰ ‘Superposition’। এতিয়া যদি এটা নিৰীক্ষণ যন্ত্ৰ এই পৰীক্ষাটোত স্থাপন কৰা হয়, যাতে আমি ইলেকট্ৰনৰ বিন্যাস গঠনৰ গতিপথটো নিৰ্ণয় কৰিব পাৰো, তেতিয়া অতি আশ্চৰ্যজনকভাৱে কিন্তু ই এই সমাৰোপন বিন্যাসৰ সলনি পুনৰ আমাৰ সাধাৰণ ধাৰণামতে সেই দুটা নিৰ্দিষ্ট বিন্যাসেই উপস্থাপন কৰে। পৰীক্ষাটোত ইলেকট্ৰনে দুটা বেলেগ প্ৰেক্ষাপটত দুটা বেলেগ ধৰ্ম দেখুৱালে— এটা কণিকা ধৰ্ম আৰু আনটো তৰংগ ধৰ্ম। ইয়েই হ’ল ‘Wave Particle Duality’। এইখিনিতে এটা মনকৰিবলগীয়া কথা হ’ল যে যেতিয়া এই পৰীক্ষাটো নিৰীক্ষণ যন্ত্ৰৰ অবিহনে কৰা হৈছিল, তেতিয়া ইলেকট্ৰনে সমৰোপন বিন্যাস বা তৰংগ ধৰ্ম দেখুৱাইছিল আৰু যেতিয়া এটা নিৰীক্ষণ যন্ত্ৰৰ উপস্থিতিত কৰা হৈছিল তেতিয়া ই কণিকাৰ (Particle) ধৰ্ম দেখুৱালে। এই কথাটোৱে ইয়াকে প্ৰমাণ কৰে যে নিৰীক্ষণ কাৰ্যটোৱে ইলেকট্ৰনৰ সকলোবোৰ ‘Superposition’ বা তৰংগ বিন্যাস (Wave Function) আঁতৰাই দুটা নিৰ্দিষ্ট বিন্যাসত অৱতাৰণ কৰালে। এক কথাত আমাৰ চেতনাই আমাৰ চাৰিওফালৰ বাস্তৱৰ সৃষ্টি কৰে— ‘Conciousness creats reality’। অৱশ্যে কোৱান্টাম বলবিজ্ঞানৰ এই আচৰিত পৰিঘটনাটো আমাৰ দৈনন্দিন জীৱনত অনুধাৱন কৰাৰ কোনো উপায় নাই।

এৰৱিন স্ক্ৰ’ডিঞ্জাৰ :: তীক্ষ্নধী বিজ্ঞানী

এৰৱিন স্ক্ৰ’ডিঞ্জাৰক কোৱান্টাম পদাৰ্থবিজ্ঞানৰ এই দৰ্শনে ইমানেই মানসিকভাৱে ব্যতিব্যস্ত কৰি তুলিছিল যে তেওঁ নিজৰ সেই মেকুৰীৰ কাল্পনিক পৰীক্ষাটো ত্যাগ কৰিছিল আৰু জীৱবিজ্ঞানৰ অধ্যয়নত নিমগ্ন হৈছিল। স্ক্ৰ’ডিঞ্জাৰৰ মেকুৰীটো আমাৰ যিমান অসংগত আৰু অবাস্তৱ যেন অনুভৱ হয়, প্ৰকৃতাৰ্থত ই সিমানেই বাস্তৱিক আৰু প্ৰয়োজনীয়ও। যদি আণৱিক পদাৰ্থ একে সময়তে বিভিন্ন অৱস্থানত (superposition) থকাটো সম্ভৱ, তেন্তে আপুনি এই মুহূৰ্তত যিটো ম’বাইল বা কম্পিউটাৰত পঢ়ি আছে, তাৰ অস্তিত্বই নাই।

কোৱান্টাম পদাৰ্থবিজ্ঞানৰ এই আশ্চৰ্যজনক তথ্যই সমান্তৰাল মহাবিশ্বৰ (Parallel Universe) বিমূৰ্ত ধাৰণাটোক জন্ম দিছে য’ত মহাবিশ্বখন একক আৰু অসীমলৈ বিস্তৃত— এই ধাৰণাটোক ন্যাসাৎ কৰি অসীম সংখ্যক মহাবিশ্বৰ অৱস্থিতিৰ উল্লেখ কৰা হৈছে। এই তত্ত্ব মতে আমাৰ জীৱনৰ প্ৰতিটো ঘটনা পৰিঘটনা, প্ৰতিটো ইচ্ছা বা সিদ্ধান্ত পৃথক পৃথক মহাবিশ্বত পৃথকে পৃথকে সংঘটিত হয়। অৰ্থাৎ আমি জীৱনত লোৱা যিকোনো সিদ্ধান্ত যেনে এইমুহূৰ্তত মই ভাত খাম নে পানী খাম— এই সিদ্ধান্ত লোৱাৰ লগে লগে ভাত খোৱা আৰু পানী খোৱা এই দুটা ক্ৰিয়াৰ যি ‘superposition’ সেয়া বাস্তৱলৈ ৰূপান্তৰিত হয়। আমি যি সিদ্ধান্ত লওঁ, সি আমাৰ মহাবিশ্বখনত বাস্তৱ ৰূপ পায় আৰু তাৰ বিপৰীতে একেসময়তে আমি যিটো সিদ্ধান্ত বাদ দিলোঁ, তেন্তে সি আমাৰ চেতনা আৰু আমাৰ মহাবিশ্বখনৰ পৰা বিচ্ছিন্ন হৈ অন্য এখন মহাবিশ্বত সংঘটিত হয়। অৰ্থাৎ আমাৰ জীৱনৰ যিকোনো সম্ভাৱনীয়তা বা পৰিণতি এডাল গছৰ ঠাল-ঠেঙুলীৰ দৰে পৃথক পৃথক মহাবিশ্বত সংঘটিত হৈ থাকে। কি ঠিক, কোনোবা এখন মহাবিশ্বত আপুনাৰ বা মোৰ কোনো অস্তিত্বই নাই; কোনোবাখনত হয়তো হিটলাৰৰ নাজী বাহিনীয়ে দ্বিতীয় বিশ্বযুদ্ধ জয় কৰিলে আৰু কোনোবাখনত হয়তো ডাইনোছৰবিলাকে এতিয়াও পৃথিৱীত ৰাজত্ব কৰি আছে! এক কথাত, আমাৰ মনত থাকি যোৱা প্ৰতিটো আশা, প্ৰতিটো আধৰুৱা সপোন, বেলেগ বেলেগ মহাবিশ্বত বেলেগ বেলেগ সময়ত পূৰ্ণ হৈ আছে। ওপৰে ওপৰে চাবলৈ গ’লে এই ধাৰণাটো যদিও নিচেই অবাস্তৱ আৰু কল্পনাপ্ৰসূত, কিন্তু কোৱান্টাম পদাৰ্থবিজ্ঞানৰ আশ্চৰ্যজনক জগতখনৰ কথা মনত ৰাখিলে ই তাত্ত্বিকভাৱে নিত্যান্তই যুক্তিসংগত যেন লাগে।  ঈশ্বৰ নামৰ কাল্পনিক সত্ত্বা এটাৰ ধাৰণাৰে বহুতেই একধৰণৰ অলীক মানসিক প্ৰশান্তি লাভ কৰে। অন্যহাতেদি, কোৱান্টাম কল্পনাৰ পাৰপাৰহীন বিশাল সাগৰখনিত সাঁতুৰিও মানুহে জীৱনৰ হেজাৰটা অপূৰ্ণ স্বপ্নৰ মাজতো শান্তনা আৰু প্ৰশান্তি লাভ কৰিবলৈ সক্ষম হ’ব পাৰে। এয়া আমাৰ ব্যক্তিগত বিশ্বাস।

Leave a Reply

Your email address will not be published. Required fields are marked *