স্কৰ্ডিংজাৰৰ মেকুৰীৰ ঠেঁহ- (সীমান্ত কোঁৱৰ)
বন্ধ বাকচটোৰ ভিতৰত অনন্তকাল
অপেক্ষাৰত মোৰ জীৱন,
ওলোমা ঘড়ীৰ কাটা নিৰন্তৰ বাজি আছে
টিক টিক, টিক টিক!
গৰলৰ পাত্ৰটোৰ গৰলখিনিও নীৰৱ স্থিৰ হৈয়ে আছে!
আৰু মোৰ সাম্ভাব্য মৃত্যুৰ ওপৰত থেছিছ লিখিবলৈ মুক্ত পৃথিৱীত বাট চাই ৰৈ আছে
স্কৰ্ডিংজাৰৰ জীৱনী!
মোৰ মৃত্যু কামনা কৰা স্কৰ্ডিংজাৰৰ বনুৱাই
যি মোক ধৰি-বান্ধি ভৰাই থৈ গ’ল বাকচৰ ভিতৰত,
সি তো নাজানে যে শৈশৱতে কাষৰ ঘৰৰ বদমাচ ল’ৰাটোৱে
নৰ্দমাৰ পানীত জুবুৰিয়াই দিয়াৰ দিনাই
মৰণক মই জিনি আহিছো।
ৰাজপথৰ দ্ৰুতবেগী গাড়ীৰ চকাৰ চেপাত পিটিকা হোৱা মোৰ ভাইটোৰ দেহাটো
মই চাই আছিলোঁ জোপোহাৰ আঁৰত লুকাই!
চকুৰ সন্মুখতে কণমাণি
ভনীজনীক কোনোবাই বস্তাত ভৰাই লৈ গ’ল কোনোবা অজান দেশলৈ।
আৰু মই, সময়ৰ সৈতে
যুঁজি-যুঁজি জীয়াই থাকিলো বনৰজাৰ মাহীয়েক হৈ।
মোৰ মৰণৰ ভিত্তিত হয়তো লিখা হ’ব
কোৱান্টাম বিজ্ঞানৰ নতুন সূত্ৰ,
ঘড়ীৰ হাতোৰাৰ কোবত গৰলৰ বটল ভাগি বাকচৰ ভিতৰত বিয়পি পৰা গৰলে
মোক মাৰিও অমৰ কৰি পেলাব !
গৰলৰ বটল ভাগিলেহে মই মৰিম??
আঁহ, ঘড়ীটোৰ কাঁটাডালকে স্তব্ধ কৰি দিওঁ চিৰকালৰ বাবে,
মুখেৰে কামুৰি গৰলৰ বটলটো আঁতৰাই দিওঁ বাকচৰ এচুকলৈ,
অনিশ্চয়তাৰ অসীমতাত
মোৰ মৃত্যু কামনা কৰা স্কৰ্ডিংজাৰৰ দল চিৰকাল অপেক্ষা কৰি ৰওক ইতিহাস লিখিবলৈ!
গৱষেণা পত্ৰৰ পৃষ্ঠা উকা হৈ ৰওক!
জীয়াই থাকিবলৈ মন যোৱা পৰ্য্ন্ত
মোক মৰাৰ কাৰো সাধ্য নাই!