সেলিম মণ্ডলৰ দুটি কবিতা ।। অনুবাদ: মুনমুন সৰকাৰ
মুক্ত চিন্তা, ১০ম বছৰ ৬ষ্ঠ সংখ্যা
চাকৰি
মৃতদেহটোক প্ৰশ্ন সোধা হ’ল: তোমাক কোনে হত্যা কৰিছে?
মৃতদেহটোৱে মূৰ দাঙি কিবা ক’বলৈ লওঁতেই
পুনৰ প্ৰহাৰ কৰি কোৱা হ’ল: এই মিছিললৈ কিয় আহিছা?
কোনোমতে মূৰ দাঙি মৃতদেহটোৱে কৈ পেলালে: চাকৰি এটা লাগে
ৰাষ্ট্ৰই বগা কাপোৰ এখন পাৰি ক’লে: তই শান্তিত শুই থাক
তোৰ পৰিবাৰক চাকৰি দিয়া হ’ব।
ভঁৰাল (মূল কবিতা: গোলা)
চাকৰি নাপাই কোনোবাই যদি আত্মহত্যা কৰে
তেওঁক সেউজীয়া ধাননি এডৰাত শুৱাই দিয়া
দূৰৈৰ পৰা পৰিভ্ৰমী কোনোবা চৰায়ে আহি পেট খুটি খুটি টুকি লওক শিক্ষা
এতিয়া ৰাষ্ট্ৰৰ হালধীয়া ভঁৰালত মৃত নিগনিয়ে কেৱল বাহ সাজিব জানে।

