বিবিধ চিন্তা

সেন্দূৰ পৰম্পৰা বনাম লিংগ সমতা- (কল্যাণী বৰুৱা)

‘সংস্কৃতি আৰু পৰম্পৰা বনাম আধুনিকতাৰ দৰ্শন’ৰ মাজৰ সংঘাতে এক লিংগ সমতা ভিত্তিক নতুন ভাৰতীয় সমাজৰ বিকাশ সাধন কৰিব বুলি যি ধৰণে ভবা গৈছিল, বাস্তৱত কিন্তু তাৰ এক বিপৰীত প্ৰতিচ্ছৱিহে পৰিলক্ষিত হ’ল। হেজাৰ বছৰীয়া পিতৃতান্ত্ৰিক ধৰ্মীয় সমাজৰ পৰা উদ্ভূত পৰম্পৰাৰ অনুশীলনে আজিৰ বিশ্বায়নৰ পৰিৱেশতো সংস্কৃতিৰ ছদ্মবেশেৰে নাৰীৰ ওপৰত বহল সমাজৰ নিয়ন্ত্ৰণ তথা ইয়াৰ আধিপত্যকামী গঠনটোকেই অতি শক্তিশালী ৰূপত বৰ্তাই ৰাখিছে। ছ’চিয়েল মিডিয়াত মাজে সময়ে চলা ‘সেন্দূৰ’ বিতৰ্কও আধুনিকতাবাদী মানৱীয় লিংগ সমতা তথা তাৰ বিপৰীত মেৰুত থকা অৱদমনকাৰী নানা তৰহৰ চিন্তাৰ মাজৰ সংঘাতৰেই প্ৰতিফলন। শিৰৰ সেন্দূৰৰ দ্বাৰা আজীৱন একেজন পুৰুষতেই দেহ মন সমৰ্পিত কৰাৰ এক শৃংখলিত বান্ধোনৰ মাজত নাৰীক এনেভাৱে থাপিত কৰা হয়, যি অৱচেতন ভাৱে নাৰীগৰাকীৰ মনস্তত্বক প্ৰভাৱিত কৰি তোলে, ফলত তেওঁৰ স্বতন্ত্ৰ সত্তা আৰু চেতনাও পুৰুষৰ ইচ্ছানুসৰিয়েই বহুপৰিমাণে নিৰ্মিত হৈ আহে। আজিৰ যুগৰ Privileged মধ্য শ্ৰেণীৰ বহু নাৰী পুৰুষে সেন্দূৰ ‘সংস্কৃতি’ক সম্পূৰ্ণ ব্যক্তিগত ইচ্ছা বা ৰুচি নিৰ্ভৰশীল বুলি সততে দৰ্শোৱা যুক্তিৰ দ্বাৰা দৰাচলতে বহু যুগ ধৰি ভাৰতীয় নাৰী সমাজক অৱদমিত কৰি ৰখা এই পিতৃতান্ত্ৰিক কালচাৰকেই অনবৰতে ন্যায্যতা প্ৰদান কৰি থকা হয়। ঔপনিবেশিক যুগৰ পৰাই নৱ উদিত মধ্য শ্ৰেণীয়ে দেশীয় সংস্কৃতিৰ ৰূপ দিয়া এই পিতৃতান্ত্ৰিক পৰিয়ালতন্ত্ৰৰ বাবেইতো গ্ৰাম্য ভাৰতত আজিও কপালত সেন্দূৰৰ ফোঁট পিন্ধাই বালিকা কন্যা এগৰাকীৰ ভৱিষ্যতক একোজন পুৰুষৰ ইচ্ছাৰ ওপৰত সপি দিয়াৰ জঘন্য পৰম্পৰা চলি আছে।

কথাখিনি অতি সৰলকৈ কিছু বিস্তাৰ ভাৱে আলোচনা কৰা যাওক। ইয়াত কাকো সেন্দূৰ নল’বলৈ কোৱা হোৱা নাই, কেৱল নোলোৱাসকলৰ আঁৰৰ দিশ কেইটামানহে জুকিওৱা হৈছে। যুগ যুগ ধৰি হিন্দু মহিলাসকলে শিৰৰ সেন্দূৰক লৈ নিজকে সধৱা হিচাপে গৌৰৱ কৰি আহিছে। ঠিক কেতিয়াৰ পৰা এই প্ৰথাৰ আৰম্ভণি হৈছিল তাৰ কোনো বিশেষ তথ্য পোৱা নাই। নিজক গৌৰৱান্বিত কৰা এই সেন্দূৰ কিন্তু কেৱল সধৱাসকলৰ বাবেহে, অৰ্থাৎ যাৰ স্বামী (ব্যক্তিগতভাৱে এই শব্দ ব্যৱহাৰৰ পৰিপন্থী যদিও যিসকলৰ কথা লিখা হৈছে, তাত এই শব্দৰ ব্যৱহাৰেই অধিক) জীৱিত অৱস্থাত আছে। কোনো এগৰাকী ছোৱালী যেতিয়া এখন ঘৰলৈ বিয়া হৈ যায়, তেতিয়া নানান মাংগলিক বুলি ভবা কাৰ্যৰ লগতে ‘জোৰণ’ শীৰ্ষক এক অনুষ্ঠানত তেল-সেন্দূৰ, গহণা, কাপোৰ আদিৰে নিয়ম কৰে। সেই যে জোৰণ নামৰ কাৰ্য্যসূচীটোত বৈবাহিক নীতি নিয়মেৰে যি সেন্দূৰ পিন্ধোৱা হয়, সেয়া তেওঁৰ স্বামী জীয়াই থকা দিনলৈকে শিৰত অক্ষত অৱস্থাত থাকে। এইখিনি সকলোৱে জনা কথাই, কেৱল মূল কথাৰ প্ৰসংগ আনিবলৈ ব্যৱহাৰ কৰা হৈছে। কথা হ’ল, দুজন ব্যক্তিয়ে যেতিয়া একেলগে জীৱন কটাম বুলি সিদ্ধান্ত লয়, তাত সবাতোকৈ প্ৰয়োজনীয় হ’ল পাৰস্পৰিক বিশ্বাস, সন্মান আৰু ভালপোৱা। পৰম্পৰাগত কিছু প্ৰথা, যিবোৰে কাকো অন্যায় নকৰে বা অসন্মানিত নকৰে তেনেবোৰ গ্ৰহণ কৰাত অসুবিধা নাই। যেনে: আঙুঠি লুকুওৱা খেল, নোওৱা-ধুওৱা, জোৰা নাম আদি। কিন্তু পিতৃতান্ত্ৰিক সমাজত নাৰীক পুৰুষৰ সম মৰ্যাদাৰে জীয়াই থাকিবলৈ দিয়াটো দূৰৰে কথা, ইয়াত পুৰুষতন্ত্ৰৰ কৱলত পেলাই নাৰীক নিজা জীৱনটো নিজা ধৰণে উপভোগৰ পৰা বঞ্চিত কৰা হয়। এতিয়া সেন্দূৰৰ কথাকেই যদি কওঁ, সেন্দূৰ কিয় কেৱল মহিলাৰ বাবে? বিবাহিত পুৰুষে কিয় সেন্দূৰ ল’ব নালাগে? অথবা বিবাহিত পুৰুষ এজনক চিহ্নিত কৰাৰ বাবে কি ব্যৱস্থা থাকে? ছোৱালী এজনীক বিয়াৰ দিনাই সেন্দূৰ দি এক মোহৰ মাৰি দিয়া হয় যে আজিৰ পৰা তুমি আমুকৰ পত্নী। তোমাৰ সকলো ইচ্ছা-অনিচ্ছা তথা জীৱনৰ ওপৰত তেওঁৰেই অধিকাৰ! কিন্তু কিহৰ বাবে এই ষ্টাম্প বা মোহৰ মৰা হয়? কিয় স্বামী, পতি শব্দৰ ব্যৱহাৰ কৰা হয়? কাৰণ অন্যান্য নিৰ্জীৱ বা গৰাকী থকা ব্স্তুৰ দৰেই নাৰী এগৰাকীৰো স্বামী/গৰাকী বা মালিক থকা বুলি ধৰি লোৱা হয়। যেতিয়া একোজন পঢ়া-শুনা মানুহে নৱ বিবাহিত মহিলা এগৰাকীক সোধে, ”কি হে মালিক পিছে আহিছেনে নাই”, তেতিয়া কাৰো গা জ্বলি নাযায়নে? কেনেকৈ বাৰু আপোনালোকে হাঁহি হাঁহি উত্তৰ দিব পাৰে! এইবাবেই পাৰে, কাৰণ তেওঁলোকে সেই অৱদমন, প্ৰভুত্ব স্বীকাৰ কৰি লয়… যুগে যুগে কৰি আহিছে। একেখন সমাজত একেবোৰ মানুহ বাস কৰে, শাৰীৰিক পাৰ্থক্যৰ বাহিৰে একো প্ৰভেদ নথকা কথাবোৰত মানুহে নিজেই এক প্ৰভেদৰ প্ৰাচীৰ সাজি পেলালে। গম নোপোৱাকৈয়ে এই পুৰুষতন্ত্ৰৰ কৱলত চামে চামে নাৰীয়ে নিজক বিসৰ্জন দি গ’ল। ঘৰ এখনত পুৰুষজনৰ মৃত্যুৰ লগে লগে মহিলা গৰাকীৰ ওপৰত এচাম মানুহ এনেকৈ উঠি-পৰি পৰে যেন, সেই মহিলা গৰাকীৰ আৰু এই সংসাৰত জীয়াই থাকি কোনো কামেই নাই। হঠাৎ হোৱা ঘটনাত হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা মহিলা এগৰাকীক সবেই টানি-আঁজুৰি নি মৃত মানুহজনৰ ভৰিৰ বুঢ়া আঙুলিৰে শিৰৰ সেন্দূৰ মচি দিয়া কাৰ্য্য সৰ্বজনবিদিত। ইমান নিৰ্মম এক ব্যৱস্থাক এই সমাজেই ৰক্ষণাবেক্ষণ দিয়া নাইনে! সেই এটা নিৰ্দিষ্ট আৱেষ্টনীয়ে মেৰিয়াই লোৱা ব্যৱস্থাৰ পৰা এগৰাকী মহিলা আৰু তেতিয়া মুক্ত হ’ব নোৱাৰে। নিজৰ প্ৰিয়জন নোহোৱাৰ দুখ কেনে সবেই জানে। কিন্তু বেলেগে তেওঁক কি ৰঙৰ কাপোৰ পিন্ধিব, কেনেদৰে থাকিব তাক কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰে। মানুহজন ঢুকোৱাৰ লগে লগে কি তেওঁৰ সৰ্বস্ব হেৰাই যায়? পৰিয়াল পাতি থকা সকলোৰে ইজনৰ সিজনলৈ মৰম ভালপোৱা থাকিব, কিন্তু তাৰ অৰ্থ এইয়া নহয় যে এজন নহ’লেই বাকীসকলো মৰি যাব।

দেখা যায় ঘৰৰ গৃহস্থ নোহোৱাৰ পাছত সমাজে মহিলা এগৰাকীৰ চাল-চলন, পিন্ধা-উৰাৰ ওপৰত যথেষ্ট নজৰ ৰাখে আৰু নানান কটূ মন্তব্য আগবঢ়ায়। খুউব কম সংখ্যক নাৰীয়েহে এই দেৱাল ভাঙি ওলাই আহিব পাৰে, বাকীসকলে নিজৰ সকলো পছন্দ, স্বকীয়তা ত্যাগ কৰি সমাজৰ মুৰব্বী সকলৰ মুখ বন্ধ কৰা কাৰ্য্যত নিষ্ঠাৰে ব্ৰতী হয়। ধিক্কাৰ জন্মে কেতিয়াবা নিজৰ ওপৰত, আমি এই সমাজৰ বাবে কি কৰিছোঁ। এগৰাকী মহিলাৰ স্থান ইমান তলতনে যে, ভৰিৰে মোহাৰি তেওঁৰ সেন্দূৰ মচিব লগা হয়! বহু কম বয়সীয়া মহিলাই হয়তো সেন্দূৰে মেৰিয়াই দিয়া সেই বেষ্টনীৰ পৰা ওলাব নোৱাৰি নিজৰ মুখখনকে চাব নোৱৰা অৱস্থা হয়।

সেন্দূৰৰ লগত জড়িত হৈ থকা এক প্ৰচলিত বিশ্বাস হ’ল, সেন্দূৰে ঘৰৰ গৃহস্থৰ আয়ুস বৃদ্ধি কৰে। গতিকে পুৱাই উঠি মহিলাই গা-পা ধুই তেওঁৰ আয়ুস বৃদ্ধিৰ বাবে সেন্দূৰ লয়। নিজৰ প্ৰিয়জনক সকলো মানুহেই ভাল পায়, এক দীৰ্ঘ জীৱন জীওৱাটো বিচাৰে। কিন্তু সেন্দূৰৰ লগত কি এনে সম্পৰ্ক আছে, আমি তাক বুজিবলৈ সক্ষম নহয়। আচৰিত যে, মহিলা এগৰাকীৰ মংগলৰ বাবে কিন্তু কোনো পুৰুষৰ এনে নিয়ম নাই। দীৰ্ঘ, মংগলময় জীৱন এটা কেৱল পুৰুষৰ বাবেহে নেকি! বহুলোকে সেন্দূৰৰ সপক্ষে গৈ যুক্তি দিয়ে, যে সেন্দূৰ লোৱা মহিলাক বাহিৰলৈ ওলাযই গ’লে কোনেও বেয়া দৃষ্টিৰে নাচায় বা মহিলা বহু পৰিমাণে নিৰাপদ। কিন্তু সেন্দূৰ লৈ কিয় মহিলা নিৰাপদ হ’ব লগা অৱস্থা? আৰু নিৰাপদটো বাস্তৱত নহয়েই। কেচুৱাৰ পৰা বৃদ্ধালৈকে কোন কাৰ হাতত ধৰ্ষিত হৈছে, বাটে-পথে, অফিচ কাছাৰীয়ে কাৰ দৃষ্টিয়ে, কাৰ হাতে কাক ধৰ্ষিত কৰিছে তাৰ হিচাপ লওঁতা নাই। মহিলা এগৰাকীৰ কি নিজা ধৰণে এটা জীৱন জীওৱাৰ অধিকাৰ নাই? আপুনি/মই কোন তেওঁৰ ব্যক্তিগত জীৱনত হাত দিবলৈ, তেওঁ কি পিন্ধিব, ক’ত যাব নিৰ্ধাৰণ কৰিবলৈ? ক’তা একে মানুহ “পুৰুষ”ৰ ক্ষেত্ৰতচোন এই বাধ্যবাধকতা নাই।

নাৰীবাদীক অথবা নাৰীবাদক সৰহ সংখ্যক লোকে ঘৃণা কৰে, ঠাট্টা-মস্কৰা কৰে। মানুহৰ ধাৰণা নাৰীবাদীসকল পুৰুষ বিদ্বেষী। হে সদাশয় লোকসকল, নাৰীবাদে পুৰুষক ঘৃণা নকৰে। নাৰীবাদে পুৰুষতন্ত্ৰটোকহে ঘৃণা কৰে। নাৰীবাদে নাৰী পুৰুষৰ সমমৰ্যাদাৰ বাবেহে যুঁজ দিয়ে। চৌপাশ চাওক মুকলি মনেৰে, তেতিয়া হয়তো দেখিব পুৰুষতন্ত্ৰ ক’ত নাই। প্ৰাকৃতিক চলন-ফুৰণৰ পৰা ঋতুস্ৰাৱলৈকে সকলোতে নাৰীক হেয় কৰাৰ অনুশীলন ত্যাগ কৰিবৰ হ’ল। অযথা নীতি-নিয়মৰ গণ্ডীৰে নাৰীক আৰু বান্ধি ৰাখিব নোৱাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *