শেইষ্ঠা মহলৰ বাবে শিলৰ ফলি ।। মূল: বানু মুষ্টাক অনুবাদ: সীমান্ত কোঁৱৰ
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
( বানু মুষ্টাকৰ মূল কানাড়াৰ পৰা দীপা বষ্ঠিয়ে কৰা ইংৰাজী অনুবাদৰ পৰা অনুদিত। ২০২৫ চনৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটাপ্ৰাপ্ত গ্ৰন্থ “হাৰ্টলেম্প“ৰ পৰা অনূদিত)
কংক্ৰিটৰ এই জংঘলখনত, আকাশলৈ মূৰ দাঙি চাই থকা জুইশলা বাঁহৰ দৰে থোপাথুপি আকৰ্ষণীয় সুউচ্চ অট্টালিকাবোৰ আৰু তাৰ মাজে-মাজে কলা ধোঁৱা উৰুৱাই, কাণ তাল মাৰি যোৱাকৈ হৰ্ণ বজাই দিনে-ৰাতিয়ে অনবৰতে ৰাষ্টাত চলি থকা গাড়ীবোৰ, চিৰদিন চলি থকাই যেন তাৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য, তাৰোপৰি এই মানুহ, মানুহ আৰু অগণন মানুহবোৰ, যাৰ এজনৰ আনজনৰ প্ৰতি অকণমানো মৰম-ভালপোৱা নাই, অকণমানো পাৰস্পৰিক ভৰসা নাই, বুজাবুজি নাই, প্ৰাপ্তিৰ বাবে কোনো হাঁহি নাই- এনেকুৱা এটা উশাহ নোপোৱা পৰিবেশৰ পৰা মই সঁচাকৈয়ে সদায় পলাই থাকিব বিচাৰিছিলো৷ আৰু সেয়েহে মুজাহিদে যেতিয়া আহি নিজৰ স্হানান্তৰৰ খবৰটো মোক দিলেহি, মই বহুত সুখী হলো৷
আৰে, মই পাহৰিছিলোৱেই৷ মুজাহিদৰ কথা আপোনালোকক এতিয়াও কোৱা নাই, নিশ্চয়? মুজাহিদ মোৰ ঘৰৰ মানুহজন! অস! শুনিবলৈ কিবা অসহজ যেন লগা নাইনে! সাধাৰণতে পত্নী এগৰাকীহে বেছিভাগ সময় ঘৰৰ ভিতৰত সোমাই থাকে আৰু সেইবাবেই তেওঁক ঘৰৰ মানুহ বুলি কোৱা হয়৷ তেন্তে তেওঁ হয়তো মোৰ অফিচৰ মানুহ৷ চেহ, মই আকৌ এটা ভুল কৰিলো৷ সেই অফিচটোতো মোৰ কেতিয়াও নহয়! তেনেহলে মই তেনেদৰে কেনেকৈ কব পাৰোঁ? আনহাতে মই যদি ’প্ৰভু’ শব্দটো ব্যৱহাৰ কৰোঁ আৰু তেওঁক মালিক বুলি কওঁ, তেতিয়া হলেতো মই এজনী চাকৰণী হৈ পৰিম, যেন মই এটা পোহনীয়া জন্তু বা এটা কুকুৰহে! মোৰ পঢ়া-শুনা বুলিবলৈ বেছি নহ’ল৷ এটা ডিগ্ৰী আৰ্জন কৰিলো, সিমানেই৷ তাতে মই কোনোদিনে এনেধৰণৰ মালিক, চাকৰৰ নীতি-নিয়মবোৰ মানি লবলৈ ভাল নাপাওঁ৷ গতিকে তেতিয়া মই মোৰ পতিক ‘গান্দা’(কানাড়া ভাষাত পতিক মতা উপশব্দ এটা) বুলি কমনে? সেইটোও বহুত ডাঙৰ শব্দ এটা, যেন কিবা ডাঙৰ বিপদ এটাহে মোলৈ চোপ লৈ ৰৈ আছে৷ কিন্তু তেনেকুৱা আপদ এটাতনো জানি-শুনি কিয় সোমাওঁ! আপুনি হয়তো মোক পৰামৰ্শ দিব পাৰে যে মোৰ মানুহজনৰ বাবে তাতকৈ মিঠা শব্দ এটা, ‘পতি’ শব্দটো মই ব্যৱহাৰ কৰিব পাৰোঁ -কিন্তু আকৌ চাওকচোন, আপোনাৰ ঘৰলৈ অহা কোনো মহিলাই কেতিয়াওতো এইবুলি নিজৰ মানুহজনক চিনাকি কৰাই নিদিয়ে যে ‘এইজনেই মোৰ পতি!’ নহয়নে বাৰু? এইতো কেৱল অতিমাত্ৰিক কিতাপী শব্দহে আৰু বেছিকৈ কথিত ৰূপত ব্যৱহাৰ নহয়৷ কোনোবাই হয়তো আকৌ ‘পতি’ৰ পাছত ’দেৱ’ শব্দটোও লগাবলৈ বিচাৰিব, কাৰণ নিজৰ গিৰিয়েকক ভগৱানৰ সমকক্ষ বুলি ভৱাটো একেবাৰে সাধাৰণ কথা৷ মইহে অৱশ্যে মুজাহিদক সিমান উচ্চ ময্যদা দিব বিচৰা নাই৷
অলপমান আমাৰ কথা ভাবি চাবচোন, আমাৰ কথা মানে মোৰ দৰে মুচলিম নাৰীৰ কথা৷ কোৱা হয় যে ওপৰৰ ক’ৰবাত থকা আল্লাক বাদ দি এই জগতত আমাৰ স্বামীয়ে আমাৰ বাবে একমাত্ৰ দেৱতা৷ ধৰি লোৱা হওক, এদিন এনেকুৱা এটা অৱস্হা উপনীত হ’ল যে গিৰিয়েকৰ গোটেই গাটোতে ঘা আৰু খহু, য’ৰ পৰা তেজ, পুঁজ বাহিৰ হৈ আছে৷ সেইটো অৱস্হাত ঘা-পূঁজ লগা গিৰিয়েকৰ দেহাটো, মানুহজনীয়ে যদি নিজৰ জিভাৰে চেলেকি-চেলেকিও পৰিষ্কাৰ কৰে, কোৱা হয় যে মানুহজনীৰ ওপৰত থকা গিৰিয়েকৰ ঋণ তাই তেতিয়াও সম্পূৰ্ণকৈ শুজি শেষ কৰিব নোৱাৰিব৷ সেই মানুহটো যদি ঘোৰ মদাহী হয়, বা যদি নাৰীদেহ লোভী হয়, বা যদি সদায় ৰাতি যৌতুক বিচাৰি তাইক মাৰ-পিট, অত্যাচাৰ কৰে- আৰু কেনেবাকৈ এই সকলোবোৰ ‘যদি’ সঁচাও হয়, তেতিয়াও সেইজন তাইৰে গিৰিয়েক৷ যি ধৰ্মৰে নহওক কিয়, পত্নী সদায়েই পতিৰ আটাইতকৈ বাধ্য চাকৰ, আটাইতকৈ সহজলব্ধ বন্ধকী শ্ৰমিক৷
এতিয়ালৈকে হয়তো আপোনালোকে বুজি পাইছে যে মুজাহিদৰ লগত মোৰ সম্পৰ্ক কি৷ একে সময়তে আপোনালোকে হয়তো এয়াও অনুমান কৰিব পাৰিছে যে এইবোৰ সম্পৰ্কে মই কেনেদৰে ভাবোঁ৷ এইটো আচলতে মোৰ ভুল নহয়, যেতিয়া মোৰ জীৱন সঙ্গী মুজাহিদৰ চাকৰিৰ স্হানান্তৰৰ বাবে আমি আহি কৃষ্ণৰাজা সাগৰ বান্ধ প্ৰকল্পৰ এই ধুনীয়া কোৱাটাৰটো পালোহি, আগফালৰ ফুলনিখনৰ ডালিয়া, শেৱালী, ক্ৰিছেনথিমাম আৰু গোলাপৰ ফুল কেইজোপাৰ লগতে বাৰীৰ কঠালজোপা আৰু টেঙাজোপাৰ সৈতে তেওঁ মোক সদায় এৰি থৈ কামলৈ গুছি যায়, তাৰোপৰি মোৰ লগ হিচাপে বাৰীৰ ডাংপতি গছজোপা, জেং এডালত বগাই থকা তিতা কেৰেলাজোপা আৰু নৰসিংহ গছজোপাও আছিল৷ আনহাতে তেওঁ প্ৰতিদিনাই চৌবিশ ঘণ্টাৰ ভিতৰৰ আঠাইশ ঘণ্টা হয় নিজৰ অফিচত ব্যস্ত হবলৈ ধৰিলে নতুবা কৰ্নাটক ইঞ্জিনিয়াৰিং গৱেষণা কেন্দ্ৰত গৱেষণা কৰি কটাবলৈ ললে৷
আজিও সেই একেই কথা৷ শীতল বতাহ এচাটিয়ে মোৰ দেহৰ লগতে মোৰ মনটোও চুই গৈছিল৷ মোৰ লগত কথা পাতিবলৈ যিহেতু কোনোৱেই নাই সেয়েহে আগফালৰ ফুলনিখনৰ মাজতে বহি আপোনালোকৰ আগত মোৰ স্বামীৰ বিষয়ে বকলা মেলিছো৷ কিন্তু …..আৰে! এয়া কি? এইখন চোন মুজাহিদৰ স্কুটাৰ, তাকো এই সময়ত! মই ঘড়ীটোলৈ চালো, পাঁচ বাজিছেহে চোন! মোৰ কপালখন থুপ খালে যদিও বহি থকা ভাগেই থাকিলো৷ মুজাহিদে হঁহাত তাৰ বগা দাঁতকেইটা জিলিকি উঠিল, মই নিজৰ কেইটা জোৰ কৰি নিজৰ ওঠৰ পাছফালে লুকুৱাবলৈ চেষ্টা কৰিলো৷ তেওঁ অকণমান হাঁউলি তেওঁৰ হাতত লৈ থকা হেলমেটটো মোৰ মূৰত পিন্ধাই দিলে আৰু মোৰ হাতখনত ধৰি নিজৰ ফালে টানি কলে, “হুমম, জল্দি কৰা, মই তোমাক আঁঠ মিনিট সময় দিছো৷ সিমান পৰে তুমি সাজু হোৱা আৰু বাহিৰলৈ ওলাই আঁহা৷ নহলে….”
অকণমান ৰ’ব৷ গোটেই ঘটনাটো মোক কবলৈ দিয়ক৷ আমি হলো নৱবিবাহিত৷ পোনপটীয়াকৈ কবলৈ গলে আমাৰ বিয়া হৈ যোৱা দহ মাহ আৰু তেৰ দিন হৈছে৷ মুজাহিদে ইয়াৰ আগতেও এনেধৰণৰ বদমাচী কেইবাবাৰো কৰিছে৷ এদিন তেওঁ বহু চেষ্টা কৰি মোৰ দীঘল চুলিখিনি বেণী গুঠিবলৈ চেষ্ঠা কৰিছিল, সেয়া কৰিবলৈ যাওঁতে তেওঁ মোৰ মূৰত এশ ওঠৰটা মান ক্লিপ লগাই চুলিখিনি টান কৰিবলৈ চেষ্টা কৰিছিল৷ নিজৰ কামত সন্তুষ্ট হৈ, মোক দেখিবলৈ ধুনীয়া লাগিছে বুলি তেওঁ আনকি মোৰ ফটো এখনো তুলিলে৷ পিছে মইহে নিজকে বান্দৰ যেন দেখিলো৷ আন এদিন আকৌ, তেওঁ মোক লংপেণ্ট পিন্ধিবলৈ জোৰ কৰিলে৷ কিন্তু যেতিয়া তেওঁৰ আটাইতকৈ ঢিলা পেণ্টকেইটাৰো চিলাই মই পিন্ধোতে পিন্ধোতে আৰু বেছি ঢিলা হবলৈ ধৰিলে, উপায় নাপায়, তেওঁ সেই প্ৰচেষ্টা বাদ দিলে৷ তাৰ পাছত আকৌ তেওঁ মোক চিগাৰেট খাবলৈ উৎসাহ দিবলৈ ধৰিলে যাতে মানুহে তেওঁক খুউব সামাজিক তথা উদাৰ মানুহ হিচাপে ভাবিব পাৰে৷ আনে চিগাৰেট খালেও মই ভীষণ অশান্তি পাওঁ, সেয়ে চিগাৰেটৰ ধোঁৱাবোৰ বাহিৰলৈ ফু মাৰি উলিয়াই নিদি মই মুখৰ ভিতৰতে বন্ধ কৰি, উশাহ নোপোৱাৰ অভিনয় কৰি একেৰাহে কাঁহিবলৈ ধৰিলো৷ বেয়া কথা, তেওঁ খুব বেয়া পাইছিল মোৰ বিফলতাত৷ অৱশ্যে এই গোটেইকেইটা ’দূৰ্ঘটনা’ আমাৰ বিয়াৰ প্ৰথম তিনিমাহৰ ভিতৰতে ঘটিছিল, আৰু এই সময়ত আমি এহাল একবাৰে ’সাধাৰণ’ দম্পতী৷
“মই সুধিব পাৰোঁনে যে আমি কোনফালে গৈ আছো?”
“অঁ, তুমি সুধিব পাৰা৷ বেলাগ’লা কাৰখানাত কাম কৰা ইফটিকাৰ আহমেদ নামৰ মানুহ এজন আছে৷ মাত্ৰ আঁঠ দিনৰ আগতহে মই তেওঁক লগ পাইছো৷ তেওঁৱে আজি আমাক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছে, বেলাগ’লালৈ৷” মুজাহিদে উত্তৰ দিলে৷
ওলাই মেলি সাজু হৈ বাহিৰলৈ ওলাই আহোঁতে মোক আঁঠ মিনিটো নালাগিল৷ মোৰ সুদৰ্শন পুৰুষজনে মোৰ পাচ ললে আৰু গেটৰ ওচৰত থিয় হৈ ৰ’ল৷ “আজিৰ গধুলিৰ কাৰণে একো নাৰান্ধিবা৷ মই উভটি আহি নিজেই ৰান্ধিম!” মোৰ ধেমালিত তেওঁ নাহাঁহি নোঁৱাৰিলে৷
মই অনুভৱ কৰিছিলো মুজাহিদৰো মনটো সেইদিনা যেন খুওৱ প্ৰফুল্লিত আছিল৷ স্কুটাৰখনত উঠোঁতেও তেওঁ খৰ-ধৰ নলগালে৷ হিন্দী গানৰ কলি এটা গুণগুণাই তেওঁ স্কুটাৰ চলাই গৈ থাকোঁতে, পাছফালৰ পৰা তেওঁক ভাকুট কুটাই দিবলৈ মন গৈছিল৷ কিন্তু আমি সিমান পৰে বেলাগ’লা চাৰিআলি পালোগৈ৷
আমাৰ স্কুটাৰখন যেতিয়া এটা ঘৰৰ সন্মুখ পাইছিলগৈ, ঘৰৰ সন্মুখত অপেক্ষাৰত মানুহজনে হাঁহি এটা মাৰি গেটখন খুলি দিছিল৷ মই স্কুটাৰৰ পৰা নামি পদুলিটোৰে খোজ লৈছিলো৷ চৌহদটো আমাৰ কোৱাৰ্টাৰটোতকৈ ডাঙৰ আছিল৷ তাতে সকলোবোৰ আচ-বাব দেখি আমি কোনোবা বাগান নে পাৰ্কতে আছো, তেনে লাগিল৷ পদুলিটোৰ দুয়োফালে থকা দুজোপা মধুৰী গছত লোহাৰ তাঁৰেৰে দুখন ঝুলনা বান্ধি থোৱা আছিল৷ শেৱালী ফুলৰ সৰু সৰু পুলি কিছুমান আৰু ভিন ৰঙী গোলাপ ফুল কেইজোপামান মধুৰী গছ দুজোপাৰ চাৰিওকাষে ফুলি আছিল৷ মই তধা লাগি চাইয়ে থাকিলো৷
মই অনুমান কৰিলো বাহিৰত আমাৰ বাবে ৰৈ থকা মানুহজন নিশ্চয় ইফটিকাৰেই হ’ব৷ সেইসময়তে ঘৰৰ মানুহগৰাকী বাহিৰলৈ ওলাই আহিল, আমাক দেখি এটা নম্ৰ চালামৰে সম্ভাষণ জনালে আৰু আমাক ঘৰৰ ভিতৰলৈ মাতি নিলে৷ আধা ঘণ্টাৰ ভিতৰতে ইফটিকাৰ ভাই আৰু শেইষ্ঠা বৌ আমাৰ লগত ইমান সহজ হৈ পৰিল যে মই আচৰিত হলো৷ তাতে মুজাহিদক শেইষ্ঠা বৌৰ লগত বেছি হাঁহি-হাঁহি কথা পাতি থকা দেখি ভাবিলো -তাক অকলে পালেই এই বিষয়ে জোকাব লাগিব৷ কিন্তু পাচ মূহূৰ্ততে মই উপলব্ধি কৰিলো শেইষ্ঠাবৌ মুজাহিদতকৈ কেৱল বয়সতে ডাঙৰ নহয়, বৰঞ্চ তেওঁক দেখাতো এগৰাকী অকৃত্ৰিম অন্তৰৰ মানুহ আৰু কোনো গোপন উদ্দেশ্য লৈ নথকা যেন লাগে৷ তেওঁক লৈ ধেমালি কৰিবলৈ ভাল নালাগিব৷ একেবাৰে সৰল আৰু মুকলি মনৰ মহিলা এগৰাকীয়ে ক্ষন্তেকৰ ভিতৰতে তেওঁৰ ছয়টি সন্তানক মাতি আমাৰ সন্মুখত পেৰেদ কৰালেহি৷ তিনিজনী ছোৱালী আৰু তিনিটা ল’ৰা৷ ডাঙৰজনী ছোৱালী আছিফাক বাদ দি বাকী আটাইকেইটাকে মোৰ নেগুৰ নথকা বান্দৰপোৱালিৰ দৰেহে লাগিল৷ মোৰ মনৰ কথা তেওঁ যেন কিবা প্ৰকাৰে বুজি পালে, “কি কৰিম জীন্নত, ভবা-চিন্তা কৰিবলৈ একো সুবিধাই নাপালো৷ কি হৈছে বুলি নিজে ঘূৰি চাবলৈ পোৱাৰ আগতেই মোৰ ছটাকৈ লৰা-ছোৱালী হ’ল৷ আৰু যেতিয়া অপাৰেচন কৰিম বুলি ভাবিলো তোমাৰ ভাইচাহাবে বাধা দিলে”, কথাখিনি কওঁতে বৌয়ে বেকাকৈ মূৰ ঘূৰাই ইফটিকাৰ ভাইৰ ফালে চালে, “সাত নম্বৰটো হোৱাৰ পাছত এইবাৰ কিন্তু অপাৰেচন কৰিমেই৷”
“কোনো দৰকাৰ নাই, শেইষ্ঠা! মইহে সিহঁতক ডাঙৰ-দীঘল কৰিম৷ তুমি কিয় চিন্তা কৰিছা? আল্লাৰ মেহেৰবানিত মই সিহঁত সকলোকে চাব পৰাকৈ যথেষ্ট উপাৰ্জন কৰোঁ৷” ইফটিকাৰ ভাইয়ে বৌক বাধা দি কলে৷
“অঁ, কেৱল পইচা ঘটিলেই যথেষ্ট নে? মোৰ মৰমৰ আছিফাজনীয়ে কেৱল মোৰ বাবেই তাইৰ পঢ়া-শুনা বাদ দিবলগীয়া হ’ল৷ আপুনি জানেনে সেই কথাটোৱে মোক কিমান কষ্ট দিয়ে?
“সেইটো কথা নহয়৷ মইহে তাইৰ পঢ়া-শুনা বন্ধ কৰিলো, কাৰণ ছোৱালীয়ে ইমান বেছি পঢ়াৰ কোনো প্ৰয়োজন নাই৷ হাইস্কুলৰ চাৰ্টিফিকেট এখন হলেই যথেষ্ট৷ কলেজৰ নামত তাই গোটেই মইশুৰু টাউনখনত ঘূৰি ফুৰাৰ কোনো প্ৰয়োজন নাই৷ অহা বছৰত আমি তাইক বিয়া দিব পাৰিম” ইফটিকাৰ ভাইয়ে কলে৷
“কেতিয়াও নহ’ব৷ বিশ বছৰ হওঁতে মোৰ বিয়া হৈছিল৷ যোৱা সোতৰ বছৰত মই ছটা লৰা-ছোৱালীৰ মাক হলো৷ মোৰ ছোৱালীকো আপুনি যদি ইমান সোনকালে বিয়া দিয়ে….” শেইষ্ঠা বৌয়ে পাছৰখিনি নকলে৷
তেওঁলোকৰ মাজৰ কথাবোৰ মুজাহিদ আৰু মই মনে-মনে শুনি আছিলো৷ তেওঁলোকৰ কথাবোৰৰ বিষয় বস্তু, আছিফাই, তাইৰ সৰু ভায়েকটোক কোচত তুলি খিৰিকীখনৰ কাষত থিয় দি আছিল৷ তাইৰ ভৱিষ্যতটোক লৈ বাপেক-মাকৰ সিদ্ধান্তবোৰ শুনি তাইৰ সেই নিস্পাপ কিশোৰী মুখখনৰ ধুনীয়া খিনি চাবলৈ মোৰ মনটো হাহাঁকাৰ কৰি উঠিল৷ অৱশ্যে শেইষ্ঠাবৌ মোতকৈ বেছি আকৰ্ষণীয় আছিল৷ কিবা এটা ভাবি ইফটিকাৰ ভাই হঠাতে বহাৰ পৰা উঠি আমাৰ ফালে চাই কলে, “এই, শেইষ্ঠা আৰু জীন্নতবৌ, বাহিৰলৈ আহি ইয়াতে বহক হি৷ মই অলপ ফুল চিঙো….”
শেইষ্ঠা আৰু মই বাহিৰলৈ ওলাই আহিলো৷ আছিফাই তাইৰ সৰু ভায়েকৰ মুখত গাখীৰৰ বটল এটা লগাই পিঠিত আলফুলে ঢকিয়াই আছিল৷ আমি দুয়োজনীয়ে বাহিৰলৈ ওলাই আহি মধুৰী গছদুজোপাত উলোমাই থোৱা ঝোলনাদুখনত বহিলোহি৷ মই এনেয়েও ঝোলনাত দুলি খুওৱ ভাল পাইছিলো আৰু সেয়ে জোৰে-জোৰে দুলিবলৈ আৰম্ভ কৰিলো৷ উপৰলৈ যাওঁতে লগা আনন্দখিনি আৰু নামি আহোঁতে মাটিত ভৰিটোৰে হেঁচা এটা মাৰি আকৌ উপৰলৈ যোৱাৰ সেই অনুভৱ! কিমান যে ভাল লগা! সেইসময়তে মই ইফটিকাৰভাইক সৰু সৰু শেৱালী ফুলৰ কলিবোৰ চিঙি তেওঁৰ ককালত বান্ধি ৰখা প্লাস্টিকৰ খৰাহী এটাত ভৰোৱা দেখা পালো৷ মুজাহিদে সৰু লৰা-ছোৱালী কেইটাৰ লগত আগফালৰ চোতালতে খেলি আছিল৷ অলপ পাছতে শেৱালী ফুলৰ কলিৰে ভৰা প্লাস্টিকৰ খৰাহীটো শেইষ্ঠাবৌৰ কোলাত দি ইফটিকাৰ ভাইয়ে মধুৰী গছজোপাত উঠি মধুৰী চিঞাত ধৰিলে৷ শেইষ্ঠাই ঝোলনাখনতে বহি শেৱালীফুলৰ কলিবোৰৰ মালা গাথিবলৈ আৰম্ভ কৰিলে৷
ইফটিকাৰ ভাইজানে মধুৰী কেইটামান আনি শেইষ্ঠা আৰু মোক খাবলৈ দি বৌক অকণমান ঠেলি দিলে যাতে একেখন ঝোলনাতে দুয়োজন একেলগে বহিব পাৰে৷ “আছিফা, মোৰ কাৰণে চাহ একাপ বনাচোন, আইজনী!” ইফটিকাৰ ভায়ে চিঞঁৰি কলে৷ আছিফাই ভায়েকক শুৱাই সেইসময়তে বাহিৰলৈ ওলাই আহিছিলহে৷ মুজাহিদ থকাৰ বাবে তাই মনে-মনে, লাজে- সংকোচে থিয় হৈ আছিল৷ দেউতাকে চিঞৰা শুনি তাই লগে -লগে চাহ বনাবলৈ ভিতৰলৈ সোমাই গ’ল৷ আমি থকা সময়চোৱাত সেইকাপ হয়তো ইফটিকাৰে খোৱা দহ নম্বৰৰ চাহ কাপ হ’ব!
শেইষ্ঠাই নিজে গোঠা শেৱালীফুলৰ মালাডাল দুভাগ কৰি আধাডাল মোৰ ফালে আগবঢ়াই দিলে৷ নিজৰ মালাডাল তেওঁ নিজৰ বান্ধি থোৱা দীঘল চুলিৰ খোপাটোত অলংকাৰৰ দৰে মেৰিয়াই ললে৷ তেওঁৰ ডাঠ, দীঘল চুলিৰ খোপাটোত মালাডালে শুৱাইছিলেও৷ আছিফাই ইতিমধ্যে দেউতাকৰ বাবে বনাই অনা চাহকাপ ঝোলনাত বহি থকা দেউতাকৰ হাতত তুলি দিছিল৷ কিয় জানো, শেইষ্ঠাই নিজৰ ডাঙৰ হৈ অহা গাভৰু জীয়েকক অকণমানো গুৰুত্ব নিদি কেৱল নিজকে ফুলৰে সজোৱা কথাটোত মোৰ বৰ এটা ভাল নালাগিল!
“এইফালে আহাচোন, আছিফা!” মই আছিফাক মোৰ কাষলৈ মাতি মোৰ ভাগৰ ফুলৰ মালাডাল তাইৰ হাতত গুজি দিলো৷ তাই প্ৰথমতে লবলৈ মানা কৰিছিল যদিও তাইক মোৰ কাষত জোৰকৈ বহাই তাইৰ চুলিখিনিত মালাডাল পিন্ধাই দিলো৷ ছোৱালীজনীৰ চকুদুটা চলচলীয়া হৈ পৰিল৷ চকুৰ পৰা ওলাব খোজা চকুৰ পানীবোৰ লুকুৱাবলৈকে দেউতাকে খাই খালী কৰি থোৱা চাহৰ কাপ আৰু প্লেটখন লৈ তাই দৌৰি ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷
ইতিমধ্যে আন্ধাৰ নামিবলৈ আৰম্ভ কৰিছিল৷ মই যাবলৈ ওলোৱাৰ কথা ভৱাৰ সময়তে ইফটিকাৰে মাত দিলে, “জীন্নত বৌ, এইফালে চাওক৷ এই মধুৰী গছজোপা মই শেইষ্ঠাৰ বাবেই ৰুইছিলো৷ ইয়াত থকা প্ৰতিজোপা গছ আৰু ফুল তাইৰ প্ৰিয়৷ এই যে ‘অনাব-ই-চাহী’ আঙুৰৰ লতাডাল দেখিছে, এইডালো মই তাইৰ বাবেই ডাঙৰ দীঘল কৰিছো৷ এই ঝোলনা দুখন…. তাই খুওৱ ভাল পায় এইদুখনক“!
ইফটিকাৰ ভাই, আপোনালোকক দুয়োজনকে একেলগে দেখি মোৰ বহুত ভাল লাগিছে৷ বৌৰ ভাললগা-বেয়া লগাবোৰৰ বিষয়ে সঁচাই আপুনি বহু খবৰ ৰাখে৷“
“কেৱল এয়াই নহয়, মই যদি এজন বাদশ্বাহ হলোহেতেন, মই তাজমহলকো চেৰ পেলাই যোৱাকে এটা মহল সাজিলোহেতেন আৰু সেই মহলটোৰ নাম থলোহেঁতেন শেইষ্ঠা মহল….“
মুজাহিদে ইতিমধ্যে ল’ৰা-ছোৱালী কেইটাৰ লগত খেলা বন্ধ কৰি আমাৰ ওচৰ পাইছিলহি৷ ইফটিকাৰে কথাষাৰ শেষ কৰিবলৈ পোৱাৰ আগতেই সি বাধা দি কলে,” অহ হ’ হ! বচ, বচ ইফটিকাৰ, তুমি গম পোৱা নাই যে তুমি কি উস্তাদী মাৰিবলৈ গৈ আছা! চাহজাহানে তেওঁৰ মৃত পত্নীৰ সোঁৱৰণত হে তাজমহল বনাইছিল৷ আল্লাই আমাৰ বৌক এশ বছৰ জীয়াই ৰাখক! বৌ তোমাৰ সন্মুখতে সোঁশৰীৰে বহি আছে আৰু তুমি শেইষ্ঠা মহল বনোৱাৰ কথা কৈছা? “
এনেকুৱা লাগিল যেন কথাষাৰ শুনি ইফটিকাৰ এক মুহূৰ্তৰ বাবে স্তব্ধ হৈ পৰিল৷” কিন্তু তাজমহলক কোনেওতো এটা কবৰ বুলি নাভাৱে৷ সকলোৱেইতো ইয়াক এটা ‘মুহব্বত কি নিচানী’, এটা প্ৰেমৰ চানেকি বুলিহে গণ্য কৰে, মই সেই ফালৰ পৰা কৈছিলো!”
মুজাহিদে কিন্তু কথাটো এৰি নিদিলে, “হয়, হয় এটা মৃত প্ৰেমৰ চানেকি!”
“কিন্তু ভালপোৱা কোনোদিনে নমৰে, মুজাহিদ!“
“হমমমমম, সঁচা কথা! পিছে এইবোৰ সব নাটকীয় কাৰোবাৰ ভাই৷ তোমাৰ আম্মা মৰাৰ লগে-লগে আম্মাৰ মৰমবোৰো শেষ হৈ যায়৷ একেধৰণৰ মৰম ভালপোৱা তুমি আৰু আন কাৰোৰে পৰা নোপোৱা৷ হুহহ! কিন্তু যদি পত্নীৰ মৰণ হয়, সেইটো বেলেগ কথা হৈ পৰে, কাৰণ আন এজনী পত্নী অতি সহজেই পাব পাৰি৷“
মুজাহিদৰ কথা শুনি মই নিজেও তধা লাগিলো৷
শেইষ্ঠাৰ মুখত এটা বেকা হাঁহি বিয়পি পৰিল৷ তেওঁ প্ৰফুল্লিত হৈ কলে, “অঁ, মোৰ নানীয়ে কোৱা কথা এটা মনত পৰিছে যে যেতিয়া এগৰাকী পত্নীৰ মৃত্যু হয়, গিৰিয়েকৰ কাৰণে সেয়া হাতৰ কিলাকুটিত দুখ পোৱাৰ দৰে কথাহে৷ তুমি জানানে জীন্নত, হাতৰ কিলাকুটিত দুখ পালে একমুহূৰ্তৰ কাৰণে বিষে মূৰত ধৰেগৈ, সহ্য কৰিব নোৱাৰা হয়৷ কিন্তু সেয়া মাত্ৰ ক্ষন্তেকৰ কাৰণেহে, অলপ সময়ৰ পাছতে একো অনুভৱ নহয়৷ কোনো ঘা নাথাকে, তেজো নোলায়, কোনো দুখ পোৱাৰ চিন নাথাকে, বিষৰো চিন-চাব নাথাকে৷”
কথা-বতৰাবোৰে যিটো দিশত গতি লৈছিল, মোৰ ভাল লগা নাছিল৷ কিন্তু হঠাতে, ইফটিকাৰে খঙত ঘপককৈ বহাৰ পৰা উঠি শেইষ্ঠাবৌৰ হাতত ধৰি সুধিলে,“শেইষ্ঠা, তুমি কি ক’লা? মোৰ দেহৰ প্ৰতিটো কোষ কেৱল তোমাৰ নামৰ বলতে জীয়াই আছে৷ মোৰ বুকুৰ প্ৰতিটো ধপধপনিয়ো কেৱল তোমাৰ শক্তি আৰু সাহসৰ বাবেই ধপধপায়৷ আৰু তুমি কি ক’লা? তুমি- তোমাৰ সেইকেইটা কথা তোমাৰ হৃদয়ৰ পৰাই উলালেনে? তুমি কি তাকেই বিশ্বাস কৰা?”
মোৰ মুখৰ পৰা ওলাব খোজা হাঁহিটো মই যেনেতেনে জোৰকৈ বন্ধ কৰি নোলোৱাকে ৰাখিলো৷ ইফটিকাৰভাই শেইষ্ঠা বৌতকৈ বয়সত বোধকৰো দহবছৰমান ডাঙৰ হ’ব, কথা প্ৰসঙ্গত বৌৱে কোৱা কথাষাৰ মনত পৰিল৷ পঞ্ছাশবছৰ মানৰ বয়সীয়া মানুহ এজনে কিশোৰ লৰা এটাৰ দৰেই জেদ কৰি নিজৰ প্ৰেমৰ অমৰত্বৰ প্ৰমাণ দিব বিছৰা দৃশ্যটো দেখি, তাতে শেইষ্ঠাবৌয়ে এগৰাকী ৰাণীৰ দৰে বহি ইফটিকাৰ ভাইৰ ফালে উপকাৰ কৰাৰ দৰে চাই আছিল, যেন তেওঁৰ সকলো দায়-দোষ তাই মাৰ্জনা কৰি দিব- মই এনেকুৱা দৃশ্য কোনোদিনেই দেখিবলৈ পাম বুলি ভৱা নাছিলো৷ অৱশেষত মুজাহিদে নিজৰ হাঁহি ৰখাব নোৱাৰি সশব্দে হাঁহি দিলে, তেওঁৰ হাঁহি শুনি শেইষ্ঠা বৌৰ মুখতো লাজকুৰীয়া হাঁহি এটা ওলাই আহিল৷
আমি সোনকালেই উভটি আহিলো৷
শেইষ্ঠাবৌৰ ঘৰত বহুত কিবা-কিবি খাই অহাৰ বাবে, মুজাহিদে পুনৰ ৰাতিৰ আহাৰ নাখাওঁ বুলি কলে আৰু গৰম গাখীৰ একাপ খাই কিতাপ এখন লৈ বহিল৷ মোৰো ভোক লগা নাছিল আৰু ৰান্ধিবলৈ নোপোৱাৰ বাবে ময়ো ভালেই পালো৷ তেওঁৰ কাষতে ময়ো ‘ফেমিনা’ আলোচনীখনৰ পাত লুটিয়াই বহিলো যদিও কেৱল শেইষ্ঠাবৌৰ ঘৰখনৰ কথাই মোৰ মনলৈ আহি থাকিল৷
“মই জানোঁ, তুমিযে সেইখনৰ পাত মিছাতে লুটিয়াই আছা…..”
“তেন্তে কওকচোন, মই কি ভাবি আছো?”
“মই কওঁনে? তুমি শেইষ্ঠাবৌৰ সেই অকণমানি কেচুৱাটোৰ কথা ভাবি আছা, কলা চকুৰে, থোপোকা গালৰ মৰমলগা কেচুৱাটোৰ কথা৷ “মুজাহিদে উত্তৰ দিলে৷
“হ’ব পাৰে৷ কিন্তু তাতোকৈ মই আপুনি তাত যি যি কৈছিল সেইবিষয়েহে বেছিকৈ ভাবিছো৷”
“মই গ’ম পাইছো৷ তুমিযে সেই বিষয়ে বেছিকৈ ভাবিছা, সেই কথাও বুজিছো৷ আচল কথা কি জানা জীন্নত? তুমি এইটো বুজি পোৱা উচিত যে যিজন চাহজাহানে নিজৰ পত্নীৰ প্ৰেমত পৃথিৱী বিখ্যাত তাজমহল বনাইছিল, তেওঁ কিন্তু পত্নীৰ লগত একেলগে মৰা নাছিল৷ তেওঁৰ জেনানাত তেতিয়াও অসংখ্য বেগম আছিল৷”
“কথাটো কেৱল বাদশ্বাহৰ বিষয়ে নহয়৷”
“ঠিক আছে, মই চাহজাহানৰ কথা বাৰু বাদ দিছো৷ মই আমাৰ চিনাকী বৰ্তমানৰ প্ৰেমৰ বাদশ্বাহৰ কথা ক’মনে? মূল কথাটো হ’ল যে ইফটাকাৰক নাৰীৰ সঙ্গৰ প্ৰয়োজন৷ শেইষ্ঠাৰ বাবে তেওঁৰ মনত বিশেষ স্হান থকাৰ কাৰণ তেওঁলোকে জীৱনৰ বহুত বছৰ সুখত, ভালে-ভালে পাৰ কৰিছে৷ সেয়া লাগিলে শেইষ্ঠাই হওক বা নাৰ্গিছেই হওক বা মেহেৰুনেই হওক৷”
“হ’ব আৰু, বন্ধ কৰক৷ ইফটিকাৰ ভাইয়ে বৌক যিমান ভাল পায়, অহা দহটা জনমতো আপুনি মোক সিমান ভাল পাব নোৱাৰে৷“
“প্ৰথম কথা হ’ল যে আমাৰ বাবে পুনৰ জনম বুলি কোনো ধাৰণা নাই আৰু মই সেইবোৰ কথাত বিশ্বাসো নকৰো৷ দ্বিতীয়তে, ইফটিকাৰে শেইষ্ঠাক যিমান ভাল পায়, তেনেকুৱা এশগুণ বেছি ভালপোৱা মই তোমাক এইমুহূৰ্ততে কৰিব পাৰোঁ….. তুমি যিমানেই বাধা নিদিয়া কিয়….”
কথাৰ পাক ঘূৰাই ক’ৰ পৰা ক’ৰ পালেগৈ বুলি তেওঁক কিবা কবলৈ পোৱাৰ আগতেই, মুজাহিদে মোক জোৰেৰে সাৱটি ধৰিলে আৰু মৰমৰ অত্যাচাৰৰে মোক বলিয়া কৰি পেলালে- জানৱৰটো কৰবাৰ!
দেওবাৰৰ ৰাতিপুৱাটোত ইফটিকাৰ ভাই শেইষ্ঠাবৌৰ সতে যেতিয়া আমাৰ ঘৰলৈ আহিছিল, ঘড়ীত সেইসময়ত পুৱাৰ ন বাজিছিল আৰু মুজাহিদ তেতিয়াও বিছনাত শুইয়ে আছিল৷ মুজাহিদ তেতিয়াও শুই আছে বুলি কোৱাত তেওঁলোকে মোৰ লগত বহিয়ে কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিলে৷ চাহৰ লগত মই গৰমা-গৰম চিংৰা বনাইছিলো যদিও ইফটিকাৰে এটাও নুচুলে৷ তেওঁ আনকি নিজৰ চিংৰাটোও শেইষ্ঠাৰ প্লেটত দি কেৱল চাহকাপ খাই বজাৰলৈ বুলি ওলাই গ’ল৷
অলপমান অলংকাৰৰ সৈতে, ময়ুৰৰ পাখীৰ ৰঙী শাৰী এখন পিন্ধা শেইষ্ঠাক সেইদিনা দেখিবলৈ বৰ ধুনীয়া লাগিছিল৷ মই আমাৰ বিয়াৰ এলবামটো তেওঁক চাবলৈ দি ভিতৰলৈ সোমাই গৈছিলো৷ অলপ পাছত উভটি আহি দেখিছিলো যে তেওঁ মোৰ ফটো এখন খুওৱ মনোযোগেৰে চাই আছে৷ সেইখন মোৰ বি এ পাচ কৰাৰ পাচত সমাবৰ্তনৰ ফটো আছিল, মই সেইদিনা এটা দীঘল গাউন পিন্ধি আছিলো৷ মই তেওঁৰ কাষত বহাত তেওঁ মোক ফটোখন দেখুৱাই কলে,“জীন্নত, মই বিচাৰো আছিফাইও এইদৰে এদিন গাউন পিন্ধিব আৰু ফটো মাৰিব৷ মেট্ৰিক পৰীক্ষাটো তাই একেবাৰতে পাচ কৰিছিল যদিও আমিহে তাইক আৰু বেছি পঢ়িবলৈ নিদিলো কাৰণ ঘৰখন তথা বাকী লৰা-ছোৱালীকেইটাক চাবলৈ আৰু কোনোয়েই নাছিল৷”
“কামত সহায় কৰিব পৰা কাৰোবাক লগাওক, বৌ৷”
“এগৰাকী আছিল, কিন্তু এদিন নিজৰ ঘৰলৈ যাওঁ বুলি গৈ আকৌ কোনোদিন উভটি নাহিল৷ কোনোবা এজেন্টে তাইক হয়তো দামামলৈ পঠাই দিলে৷ আৰু কাকো বিচাৰি নাই পোৱা৷“
“আছিফাই তাইৰ পঢ়া-শুনা এইবছৰ এনেয়েও আৰম্ভ কৰিব নোৱাৰিব৷ হলেও তাইক অহা বছৰতে কলেজলৈ যাবলৈ দিয়ক৷”
“মই তাকেই কৰিম, আমাৰ নিজৰ সুবিধাৰ বাবে ইমান সৰু ছোৱালীজনীক কষ্ট দিয়াৰ কি দৰকাৰ বাৰু? আইঅ’ জীন্নত! মই তোমাক সুধিবলৈ পাহৰিছিলোৱেই৷ লৰা-ছোৱালী নহবলৈ অপাৰেচন কৰোৱাটো বাৰু খুওৱ বিপদজনক নেকি?’’
“তাত আকৌ কি বিপদ, বৌ? মোৰ আম্মাৰ ঘৰত তিনিজনী বৌ আৰু মোৰ দুজনী ডাঙৰ বাইদেৱে দুটা বা তিনিটা সন্তান হোৱাৰ পাছতে সেইটো অপাৰেচন কৰি থৈছে৷ তেওঁলোক সকলোৱে চোন একেবাৰে ভাল আৰু সুস্বাস্হ্যৰে আছে৷”
’সঁচাকৈ নেকি? তেনেহলে মই এইবাৰ অপাৰেচনটো কৰিমেই৷ তুমি মোৰ লগত আহিলে মোৰ মনত অকণমানো ভয় নালাগিব৷”
“বৌ, আপোনাক দেখিবলৈ আজি বহুত ধুনীয়া লাগিছে৷ জীন্নতকো আপোনাৰ দৰে এইদৰে সাজিবলৈ-কাচিবলৈ শিকাবচোন !” টোপনিৰ পৰা সাৰ পাই মুজাহিদে আমাক কথা পাতি থকা দেখি মোক জোকাবলৈকে শেইষ্ঠাবৌৰ কাষত চকী এখন লৈ বহিল৷
“হুহ! বদমাছ, ভাগা ইয়াৰ পৰা, এলেহুৱাটো কৰ’বাৰ!” শেইষ্ঠাবৌয়ে ধেমালিতে মুজাহিদৰ পিঠিত ঢকা এটা মাৰি কলে৷
মই তেওঁলোকক দুপৰীয়াৰ খোৱা-বোৱা কৰি যাবলৈ জোৰ কৰিলো৷ মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকেও আবেলিহে বেলাগ’লালৈ উভটি গ’ল৷ কে আৰ এছত মোৰ দিনবোৰ এতিয়া আগৰ দৰে বেছি অকলশৰীয়া লগা নাছিল৷ মন গলেই মই শেইষ্ঠাবৌৰ ঘৰলৈ গুছি গৈছিলো৷ তেওঁৰ লৰা-ছোৱালীকেইটাৰ লগত উমলি-খেলি মোৰ সময়বোৰ পাৰ হৈছিল৷ শেইষ্ঠাৰ বাবেও একে কথাই হৈছিল৷ তেওঁ নিজৰ লৰা-ছোৱালীকেইটাক বিশেষকৈ আছিফাক উচ্চশিক্ষা দি ঘৰৰ কাম-বনবোৰৰ পৰা তাইক মুক্ত কৰি যেনেতেনে এটা ডিগ্ৰী দিয়াৰ কথা ভাবিছিল৷ তাৰ বাহিৰে তেওঁৰ আন একোৱেই ইচ্ছা নাছিল৷ দিনকদিনে তেওঁৰ ভাৰী গাটো উজ্বলি উঠিছিল আৰু খুওৱ সুস্হ তথা আনন্দৰে জীৱন কটাইছিল৷
শেইষ্ঠাবৌক সেইদিনা পৰীক্ষা কৰা মহিলা ডাক্তৰ গৰাকীয়ে মতামত দিছিল যে প্ৰসৱ হবলৈ তেওঁৰ এতিয়াও পোন্ধৰ-বিশ দিনমান বাকী আছে৷ সেয়ে মই দেওবাৰ বুলি তেওঁলোক আটাইকে আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিলো আৰু জোৰ দিছিলো যাতে আছিফা আৰু বাকী লৰা-ছোৱালীকেইটাকো লগত লৈ আহে৷ এটা খুওৱ আনন্দৰ দিন আছিল সেইটো৷ ঘৰুৱা বহু কামৰ বাবে মই অলপো আজৰি পোৱা নাছিলো৷ সদায় কৰাৰ দৰেই সেইদিনাও মুজাহিদ আৰু শেইষ্ঠাবৌয়ে এটাই আনটোক জোকাই আছিল, ইফটিকাৰেও তাইৰ প্ৰতি থকা অমৰ প্ৰেমৰ কথা কৈ বৌক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল, তাৰ লগতে হুলস্হুল কৰি খেলি থকা লৰা-ছোৱালী কেইটা, আৰু তাৰ বিপৰীতে আছিফাৰ মৌনতা আৰু তাইৰ নিসঙ্গতাবোৰো মোৰ চকুত পৰি আছিল৷ সকলোৱে আনন্দত এটা ডাঙৰ ভোজ খাই তেওঁলোকে বিদায় লয় মানে ঘড়ীত ন বাজি পাৰ হৈছিল৷
এলাৰ্ম ঘড়ীটোৱে পাঁচ বাজিল বুলি সংকেত দিয়াৰ লগে-লগে মই সাৰ পাইছিলো যদিও কম্বলৰ ভিতৰৰ উমখিনিৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ মন যোৱা নাছিল, এনে লাগিছিল যেন আৰু অলপ সময় শুই লওঁ৷ সেইসময়তে কলিং বেলৰ শব্দ শুনি মই আচৰিত হৈছিলো৷ উপায় নাপাই শ্বাল এখনৰে গাটো মেৰিয়াই বাহিৰলৈ ওলাই আহি দেখিছিলো দুৱাৰৰ সন্মুখত ইফটিকাৰভাই থিয় হৈ আছিল৷
“আৰে, ইফটিকাৰ ভাই! আহক আহক! ইমান ৰাতিপুৱাই যে! কিবা হ’ল নেকি?“
“মোৰ বহিবলৈ সময় নাই বৌ৷ ৰাতি ইয়াৰ পৰা যোৱাৰ পাছতে একমান বজাত শেইষ্ঠাৰ প্ৰসৱ বেদনা আৰম্ভ হ’ল৷ মই তেওঁক লগে-লগে মোৰ কাৰখানাৰ জীপখনৰে মইশুৰুলৈ লৈ গলো৷ তাই এতিয়া শিল্পা মেটাৰনিটি হ’মত আছে৷ তিনিটা বজাতে তাইৰ প্ৰসৱ হ’ল৷ ল’ৰা এটা” মই অনুমান কৰিলো কথাটো কওঁতে ইফটিকাৰভাইৰ মুখত হাঁহি এটা ফুটি উঠিছে৷
মোৰ বহুত ভাল লাগিল৷ আস! নৱজাতক কেচুৱা নেদেখা আৰু কেচুৱা জন্মৰ সৈতে জড়িত অনুষ্ঠানবোৰত ভাগ নোলোৱা মোৰ হয়তো বহু দিনেই হ’ল৷ মই ইফটিকাৰভাইক তাতে এৰি মুজাহিদক খবৰটো দিবলৈ দৌৰি গলো৷ শুই থকা কুম্ভকৰ্ণটো! সি গাত মেৰিয়াই লৈ থকা কম্বলখন দলিয়াই গাটো লৰাই তাক উঠাবলৈ চেষ্টা কৰিলো, “উঠক, উঠক, সোনকালে উঠক৷ উঠকনা, শেইষ্ঠাবৌৰ ল’ৰা এটা হ’ল৷ আৰু আপুনি শুইয়ে আছে৷ “মুজাহিদে আকোৱালি মোক তাৰ গাৰ কাষলৈ টানি নিলে, “মই শপত খাইছো, জীন্নত, তোমাৰ লৰাই হওক বা ছোৱালীয়েই হওক, মই সচাকৈয়ে গোটেই ৰাতি নুশুওঁ৷ মই অকল বহি থাকিম আৰু তোমাৰ কেচুৱাটোক চাই থাকিম৷”
“থু! লাজ নাইকিয়াটো ! ইফটিকিাৰভাই বাহিৰত আছে৷ উঠক আৰু তেওঁৰ লগত কথা পাতকগৈ৷”
মই চাহকাপ বনাই আনো মানে ইফটিকাৰ ভাইয়ে ইতিমধ্যে চাৰি -পাঁচটা চিগাৰেট হুপি শেষ কৰিছিল৷ তেওঁক চাহ কাপ দি মই সুধিলো, “বৌৰ গাটো ঠিকেই আছেনে?”
“হুমম, ঠিকেই আছে, কিন্তু এটা সমস্যা আছিল৷ ডাক্তৰে কৈছিল যে তাইক হয়তো তেজ দিয়াৰ প্ৰয়োজন হ’ব পাৰে, পিছে পাছত প্ৰয়োজন নহ’ল৷ শেইষ্ঠা বহুত দূৰ্বল হৈ আছে৷ মই উঠোঁহে এতিয়া৷” এলেহুৱা মুজাহিদটো শুই উঠাৰ আগতেই চাহৰ কাপটো টেবুলত থৈ ইফটিকাৰ ভাইয়ে বিদায় ললে৷
মুজাহিদ আৰু মই মইশুৰুলৈ বুলি ৰাওনা হলো৷ গোটেই ৰাস্টাটোতে সি মোক জোকাই গ’ল যে যদি মোৰ কেচুৱা হয়, তেতিয়া সি এইটো কৰিব, সেইটো কৰিব৷ আনকি চোৱা-চিতাও সিয়ে কৰিব, ইত্যাদি-ইত্যাদি৷
আমি নাৰ্ছিং হোম গৈ পাওঁতে তাত ইফটিকাৰৰ সমগ্ৰ পৰিয়ালটো গোট খাই আছিল৷ সৰু-সৰু লৰা-ছোৱালী কেইটাই ভিতৰত উৎপাত কৰি থকাৰ বাবে আছিফাই আটাইকেইটাকে বাহিৰলৈ আনি খেলাই আছিল৷ আমাক দেখি তাই হাঁহি এটা মাৰিলে৷ মই তাইক যেতিয়া সুধিলো, “তোমাক দেখিবলৈ খুওৱ আনন্দত থকা যেন লাগিছে যে!” তাই কলে, “কেচুৱাটো খুওৱ মৰমলগা বৌ, তাক দেখিলে তোমাৰ মনটোও ভাল লাগি যাব৷”
কেচুৱাটো সঁচাকৈয়ে খুওৱ মৰমলগা আছিল, গোলাপ এপাহৰ দৰেই গুলপীয়া আৰু কোমল৷ অকণমানি চকুদুটা আধা বন্ধ কৰি সি মাকৰ বুকুৰ মাজত শুই আছিল৷ শেইষ্ঠাৰ ওঠদুটাই স্বাভাৱিক ৰং হেৰুৱাই ঢেলা হৈ পৰিছিল যদিও আমাক দেখি তেওঁ শেতা হাঁহি এটা মাৰিলে৷ মই তেওঁৰ কাষতে বহি কেচুৱাটো মোৰ কোলাত তুলি ললো৷ “শেইষ্ঠাবৌ, কেচুৱাটোক বেয়া নজৰো লাগিব পাৰে কিন্তু! আপুনি কেনেকৈ ইমান ধুনীয়া কেচুৱাৰ জন্ম দিব পাৰিলে” মই তেওঁক জোকাৰি কলো৷
“চিন্তা নকৰিবা, মুজাহিদক কলে সি তোমাৰ হাতত ইয়াতকৈ ধুনীয়া আৰু মৰমলগা কেচুৱা এটা আনি দিব!” তেওঁ হাঁহি-হাঁহিয়ে উত্তৰ দিলে৷
সেইসময়তে মুজাহিদ ইফটিকাৰৰ সৈতে ভিতৰলৈ সোমাই আহিল৷ তেওঁ মোৰ হাতৰ পৰা কেচুৱাটো ডাঙি লৈ অলপ সময়ৰ বাবে চাই আলফুলে বুকুৰ মাজত সাবটি ললে৷ তেওঁ যেতিয়া কলে যে “বৌ, কেচুৱাটো চুৰ কৰি মই কৰবালৈ পলাই যাম৷ আপুনি কি কৰিব?“ শেইষ্ঠাবৌয়ে ৰৈ নাথাকি উলোটাই মুজাহিদকো জোকাৰি কলে, “আনৰ কেচুৱা চুৰ কৰি পলাবলৈ তুমি কেনেধৰণৰ পুৰুষ হে! যোৱা তোমাৰ নিজৰ সেনা তৈয়াৰ কৰা, তাৰ পাচত আমি চাম৷” ইফটিকাৰে নাহাঁহি নোঁৱাৰিলে৷
আমি আবেলিলৈকে তাতে থাকিলো, আহিবৰ সময়ত মই শেইষ্ঠাবৌক সুধিলো, “গোটেই লৰা-ছোৱালীকেইটাৰ যতন লোৱাৰ লগতে তোমালোকলৈ খোৱা বস্তু পঠিয়াবলৈ আছিফাৰ হয়তো অসুবিধা হৈছে৷ যদি বেয়া নোপোৱা, তুমি ঘৰলৈ উভটি নোযোৱালৈকে শ্বালু, ইম্মু, নবীন আৰু কমলক মোৰ লগতে ৰাখো নেকি?“
“একো কথা নাই জীন্নত! আছিফা কেৱল মোৰ ছোৱালীয়েই নহয়, তাই মোৰ আম্মাৰ দৰে৷ এতিয়াই নহয়… তাই যেতিয়াৰ পৰাই স্কুল যাবলৈ এৰিলে, ঘৰখনৰ সকলো কাম-কাজ তাইয়ে চম্ভালি আছে, আৰু বাকী লৰা-ছোৱালীকেইটাৰো আপদাল কৰে৷ মই ইয়াত বেছি দিন নাথাকোঁ, পৰহিলৈ মানে হয়তো ঘৰলৈ উভটিব পাৰিম৷” তেওঁ কলে৷
“তেনেহলে …. অপাৰেচনটো?”
“এতিয়া অলপ দূৰ্বল হৈ আছো৷ ডাক্তৰে পোন্ধৰ দিনমানৰ পাছত আকৌ আহিবলৈ কৈছে৷ অপাৰেচনটো তেতিয়াই কৰি ল’ম৷”
“হ’ব, আমি আহোঁ তেন্তে, আকৌ আহিম৷”
হস্পিটেলৰ পৰা শেইষ্ঠা ঘৰলৈ ঘূৰি যোৱাৰ পাছত মই দুবাৰ মান তেওঁক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ গৈছিলো৷ কিন্তু কোনোবা দেওবাৰ এটাত মুজাহিদ আৰু মই মইশুৰুলৈ যাওঁতে যি দেখা পালো, তাকে দেখি মই আচৰিত নহৈ নোৱাৰিলো৷
ঘৰৰ বাবে বহু বয়-বস্তু কিনিবলগীয়া থকাৰ বাবে আমি সেইদিনা ট্ৰেইনেৰে গৈছিলো৷ ট্ৰেইনখন যেতিয়া বেলাগ’লাত ৰৈছিল, স্টেচনৰ প্লেটফৰ্মত ইফটিকাৰৰ সৈতে শেইষ্ঠাবৌ থিয় হৈ আছিল৷ হাত দীঘল চুয়েটাৰ এটা পিন্ধি তেওঁ মূৰত স্কাৰ্ফ এখন মেৰিয়াই আছিল৷ মুজাহিদে ডবাটোৰ দুৱাৰমুখৰ পৰাই তেওঁলোক দুজনলৈ চাই হাত জোকৰাত তেওঁলোকো খৰধৰকৈ আমাৰ ডবাটোলৈকে উঠি আহিল৷
মই বূৰ্বকৰ দৰেই সুধিলো, “তোমালোকো মইশুৰুলৈকে গৈ আছা নেকি?“ শেইষ্ঠাই তেওঁৰ পূৰ্বৰ জীৱন্ততা যেন ঘূৰাই পাইছিল৷ মাত্ৰ পোন্ধৰদিনৰ বাবে ঘৰৰ ভিতৰত সোমাই থকা মাক এগৰাকীয়ে ঘৰৰ ভিতৰতে সকলো সুবিধা তথা আৰাম পাই থকাৰ পাছতো কিহৰ বাবে মইশুৰুৰ হুলস্হুলৰ মাজলৈ যাব লাগে, মই বুজি পোৱা নাছিলো৷ মোৰ মনৰ কথা তেওঁ যেন বুজি পাইছিল, “ আজিলৈকে কোনোদিনেই মই পোন্ধৰ দিনতকৈ বেছি ঘৰৰ ভিতৰত সোমাই থাকি পোৱা নাই৷ নিজকে গৰমত ৰাখোঁ, বচ সিমানেই৷ আৰু মই যদি এওঁৰ লগত নাথাকো, এওঁ অকৰাৰ দৰে হৈ পৰে৷ মই ভাল পালোৱেই চোন৷ কিয় দিনৰ দিনটো ঘৰৰ ভিতৰতে শুই থাকিম? আনকি মোৰ প্ৰথম ছোৱালীজনী জন্ম হওঁতেও মই মাত্ৰ পোন্ধৰ দিনমানহে বিছনাত আছিলো৷“
ইয়াৰ পাছত তেওঁক অন্য কথা সুধিবলৈ মোৰ আৰু সাহস নহ’ল৷ কেচুৱা জন্ম দিয়াৰ পাছত মোতকৈ ডাঙৰ বাইদেউহঁতে বা বৌহতে বহু দিন ঘৰৰ ভিতৰত সোমাই থকা দেখিছিলো৷ প্ৰসৱৰ পাছত তিনিমাহলৈকে তেওঁলোকে বিছনাৰ পৰা উঠা নাছিল৷ তেওঁলোকক আনকি ঠাণ্ডা পানী চুবলৈকো বাধা দিয়া হৈছিল৷ ৰাতিপুৱা সাৰ পোৱাৰ পাছত আম্মাই সদায় তিনি কাপমান গৰম পানী তেওঁলোকৰ গাত ঢালি দিছিল আৰু তাৰ পাছতে গাত দহখন কম্বল দি লগে-লগে শুই থাকিবলৈ দিছিল৷ যেতিয়া আম্মাই ভাবি লৈছিল যে সেই দহখন কম্বলো পৰ্য্যাপ্ত হোৱা নাছিল আৰু সেয়ে আন এখন বগা তোচকো তেওঁলোকৰ গাৰ ওপৰত পাৰি দিছিল৷ পোন্ধৰ মিনিটমানৰ পাছতে নতুন মাতৃগৰাকীৰ দেহৰ পৰা সৰা-সৰে ঘাম ওলাবলৈ আৰম্ভ কৰিছিল৷ আম্মাই তেতিয়াহে তেওঁলোকক উঠিবলৈ দি দেহৰ পৰা ওলোৱা বেয়া পানীবোৰ মানে ঘামবোৰ মচি ছাগলীৰ মাংসৰ চুৰুহা বা কলিজা খাবলৈ দিছিল৷ মাতৃ গৰাকীৰ তিতা চুলিবোৰো আম্মাই ছাম্বৰানী ধুপৰ গোন্ধৰে শুকুৱাইছিল, তেওঁক ওপৰলৈ মূৰ কৰি শুৱাই, এখন হাতৰে পেটৰ চৰ্বিবোৰ একেলগ কৰি শাৰী এখনৰে তেওঁৰ পেটটোত জোৰকৈ বান্ধি দিছিল যাতে দেহাটো সুগঢ়ী হৈ থাকে৷ তাৰ পাছত আম্মাই মাকগৰাকীক ঘিঁউৰ লগত চফ গুৰি কৰি খাবলৈ দিছিল কিন্তু তেওঁলোকৰ গিৰিয়েকহঁতে যিহেতু শকত হোৱাৰ ভয়ত তেওঁলোকক ঘিঁউ খাবলৈ মানা কৰিছিল, সেয়ে তেওঁলোকে মনে-মনে আম্মাই গম নোপোৱাকৈ ঘিঁউ আৰু চফৰ প্লেটখন বিছনাৰ তলত লুকুৱাই থৈ দিছিল৷
কেচুৱাক গাখীৰ খুৱাই-বুৱাই আবেলি একমান বজাতহে মাতৃগৰাকী সাৰ পাইছিল৷ শুই উঠাৰ লগে-লগে গৰম ভাত, জালুকীয়া শাকৰ লগতে জলকীয়া দি ফ্ৰাই কৰা চাৰিটুকুৰা কোমল মাংস তেওঁলোকৰ বাবে সাজু কৰি ৰখা হৈছিল৷ কেৱল কুহুমীয়া গৰম পানীহে তেওঁক খাবলৈ দিয়া হৈছিল৷ আবেলি ঘিঁউ, বাদাম আৰু ইলাচি মিলাই হয় খিচিৰি নতুবা কিবা মিঠাই বনোৱা হৈছিল৷ ৰাতি আকৌ আটাৰ ৰুটি বা ব্ৰেডৰ লগত মেলাগাৰা মাংসৰ জোল দিয়া হৈছিল৷ ইমান কঠোৰ খাদ্য ৰুটিনৰ চল্লিশদিনৰ পাছতহে নতুন মাতৃগৰাকীয়ে অলংকাৰ আৰু নতুন শাৰী পিন্ধিবলৈ পাইছিল৷
মোৰ ককাইদেউ বা ভিনিদেউসকলে যেতিয়া সেই সময়ত তেওঁলোকৰ পত্নীৰ লগত বেছি সময় কটাইছিল, আম্মাই বাহিৰত ভুৰভুৰাই থাকিছিল, “লাজনাইকিয়াবোৰ, অকণমান সময় মতা-মাইকীক একেলগে থাকিবলৈ দিলেই …..সিঁহতে সুবিধা লব বিচাৰে….. মোৰ কি গৰজ পৰিছে…… তহঁতৰ নিজৰ দেহাটো ভাল হৈ থাকিলেহে মতা তহঁতৰ লগত থাকিব…..নিজৰ কোমলীয়া দেহাটো যদি ধ্বংস কৰ’, পাছত তহঁতিয়ে পস্তাবি…..সৌ বাম্ব্ৰা, শ্বেতু মাইকীমানুহবোৰ দেখা নাই…. কেচুৱা জন্ম দিয়াৰ পাঁচ মাহৰ পাছতো সিঁহতে ভিতৰত সোমাই থাকে৷ সিঁহতৰ দৰেই আমি থাকিব পাৰোঁনে? আমি সিমান যত্ন লব পাৰোঁনে? সেই কাৰণেই সিহঁত ইমান স্বাস্হ্যবান আৰু শক্তিশালী৷“
তেওঁ সদায়েই কথাবোৰ তেনেকৈয়ে কয়৷ যদি নতুন মাতৃ গৰাকী উঠি বহিব খোজে, তেন্তে তেওঁ তেওঁলোকক কয় যে বেয়া পানীয়ে তাইৰ ককালত ধৰিব পাৰে আৰু যদি থিয় হয়, তেন্তে তেওঁলোকক ভয় খুৱাই কয় যে থিয় হলে তেওঁলোক মূৰ ঘূৰাই পৰি যাব পাৰে৷ সেয়ে তেওঁ সকলোকে শুই থাকিবলৈ পৰামৰ্শ দিছিল৷ আম্মাৰ মতে প্ৰসৱৰ পাছৰ প্ৰথম চল্লিশদিন চল্লিশটা কবৰে মাক আৰু নৱজাতক কেচুৱাটোৰ বাবে মুখ মেলি ৰৈ থাকে আৰু এটা এটা দিন পাৰ হৈ যোৱাৰ লগে-লগে এটা এটা কবৰৰ মুখো বন্ধ হৈ গৈ থাকে৷ এটা শৰীৰৰ পৰা নতুনকৈ এটা জীৱন পোৱা কথাটো কি একেবাৰে সৰু কথা নেকি? এয়া মাতৃগৰাকীয়ে আকৌ এটা নতুন জীৱন পোৱাৰ দৰেই কথা,” এইবোৰ আম্মাই কোৱা কথা৷
যদি আম্মাই কোৱা কথাবোৰকে বিশ্বাস কৰা যায়, তেন্তে এতিয়াও পশ্চিশটা কবৰে শেইষ্ঠাৰ বাবে মুখ মেলি অপেক্ষা কৰি আছে৷ আৰু তেওঁ কোনো চিন্তা নকৰাকৈ এইদৰে মূকলিকে ঘূৰা-চকা কৰি ফুৰিছে৷ ক্ষন্তেকৰ বাবে সকলোবোৰ কথা একেলগে মোৰ মনলৈ অহাত মোৰ বুকুখন কপি উঠিল৷
কিন্তু এদিন এদিনকৈ সেই পশিচটা কবৰৰ মুখো অৱশেষত এদিন বন্ধ হৈ গ’ল৷ ’চল্লিশদিনাৰ’ পাছত শেইষ্ঠাৰ ঘৰত সৰুকৈ এটা অনুষ্ঠান হ’ল৷ সেই অনুষ্ঠানটোলৈ যাবলৈ মই নিজকে সাজু কৰিছিলো৷ নৱজাতকটোৰ বাবে ৰূপৰ ভৰিত পিন্ধা সৰু পায়ল এডাল আৰু বাবা চোলা এটা, তাৰোপৰি শেইষ্ঠাৰ বাবে ব্লাউজৰ কাপোৰ এটা সাজু কৰোঁতেই হঠাতে এখন টেলিগ্ৰাম আহি হাতত পৰিছিল৷ “মাডাৰ চিৰিয়াচ, স্টাৰ্ট ইমিডিয়েটলী”, মুজাহিদ আৰু মই কোনো এটাইও কেনেকৈ যা-যোগাৰ কৰিব লাগে নাজানিছিলো৷ হাতে ঢুকি পোৱা চোলা -কাপোৰ কেইটামান যেনেতেনে বেগত ভৰাই দুয়োটাই লগে-লগে মইশুৰুলৈ ঢাপলি মেলিছিলো৷ তাৰ পৰা আকৌ নিজৰ গাওঁ৷ ঘৰ গৈ পাওঁতে আম্মাৰ অৱস্হা একেবাৰে শোচনীয় আছিল৷ বিয়াগোম হাৰ্ট এটেক এটাৰ পাছত একেবাৰে দূৰ্বল হৈ আম্মাৰ শৰীৰ শেতা পৰিছিল৷ আৰু বেছিদিন জীয়াই নাথাকিব বুলি তেওঁ যেতিয়া গ’ম পাইছিল, গোটেই কেইটা লৰা-ছোৱালীকে নিজৰ কাষলৈ মাতি আনিছিল৷ মইয়ে আটাইতকৈ নুমলীয়া আছিলো আৰু আটাইতকৈ পলমকৈ মইয়ে পাইছিলোগৈ৷ ৩য় দিনাৰ দিনা আম্মাই শেষ নিশ্বাস এৰিছিল, যেন এইমাত্ৰহে তেওঁ টোপনিত পৰিছিল৷ মোক ডাঙৰ-দীঘল কৰা, মোক বুকু ভৰাই মৰম কৰা, ঘৰলৈ আহিলেই মোক আকোৱালি লোৱা মোৰ আম্মাজনী সেইদিনা মোৰ চকুৰ আগতে এডাল মৰা কাঠৰ দৰে শুই আছিল৷ মই নাজানোঁ, সেই দৃশ্যটো সেইদিনা মই কেনেকৈ সহ্য কৰিছিলো৷
আম্মাৰ জানাজা শেষ হ’ল আৰু মই এই কথা ভাবি নিৰ্বাক হৈ পৰিলো যে কে আৰ এছলৈ উভটি গৈ মই একেবাৰে অকলশৰীয়া হৈ পৰিম৷ আৰু এই কথাটোৱে মোৰ কষ্ট-বেজাৰ আৰু বেছি বঢ়াবলৈ ধৰিলে৷ মুজাহিদে এমাহৰ ছুটী লৈ মোৰ লগত থাকিল৷ আম্মাৰ ইন্তেকালৰ ’চল্লিশ দিনৰ পাছত কৰিবলগীয়া অনুষ্ঠানটোৰ পাঁচ ছয় দিন মানৰ পাছতে আমি কে আৰ এছলৈ উভটি আহিলো৷
সেইদিনা ঘৰলৈ উভটি আহিও মই শান্তি পোৱা নাছিলো, না থিয় হৈ থাকিবলৈ মন গৈছিল না বহি শান্তি পাইছিলো৷ কিবা এটা অশান্তিয়ে, বুজাব নোৱাৰা বেজাৰ এখিনিয়ে মনটোত অনবৰতে তোলপাৰ লগাই আছিল৷ ভাবিছিলো যে বহুদিন মানুহে ভৰি থকা ঘৰ এখনত থাকি অহাৰ পাছত হঠাতে অকলশৰীয়া হোৱাৰ বাবেই চাগে তেনেকুৱা অনুভৱ হৈছে৷ মুজাহিদৰ ছুটী তেতিয়াও শেষ হোৱা নাছিল৷ সেয়ে মনটো ভাল লগাবলৈকে দুয়োজনে শেইষ্ঠাবৌৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ললো৷ বৌ আৰু কেচুৱাটোলৈ আগতেই কিনি থোৱা উপহাৰকেইটাও বেগত সোমোৱাই ললো৷
আমি যেতিয়া শেইষ্ঠাবৌৰ ঘৰ পালোগৈ, এনে লাগিল যেন বহু দিনৰ পৰা আগফালৰ ফুলনিখনৰ আপদাল কৰা নাই৷ ঘৰখনত কোনো লৰা-ছোৱালীৰ হাই- হুৰুমিও নাছিল৷ বাহিৰৰ মুকলি ঘৰটোত থকা চকী এখনত বহি ইফালে-সিফালে চালো যদিও কাকো নেদেখিলো৷ শেইষ্ঠাবৌৰ কোঠাটোৰ দৰ্জাখন বন্ধ হৈ আছিল৷ মুজাহিদে কি কৰোঁ, কি নকৰোঁ, বুলি ভাবি একো উপায় নাপায় টেবুলত পৰি থকা বাতৰি কাকতখনকে হাতত তুলি ললে৷ এই আবেলি চাৰি বজালৈকে বৌয়েনো কি টোপনিত পৰিছে বুলি মই বৌৰ কোঠাৰ দৰ্জাত ঢকিয়াবলৈ ধৰিলো৷
“বৌ…..শেইষ্ঠাবৌ….. মই জীন্নত! দুই মিনিটত বাহিৰলৈ আহক৷ যদি নাহে, মই দুৱাৰখন ভাঙি পেলাম৷”
মই হঠাতে দুৱাৰৰ শলখা খোলাৰ শব্দ শুনা পালো৷ শব্দটোৰ পিছে পিছে ইফটিকাৰ ভাই ওলাই আহিল৷ মই অনুমান কৰিছিলো যে তেওঁ হয়তো এইসময়ত কাৰখানাত থাকিব, সেয়ে তেওঁক হঠাতে দেখি অলপ অপ্ৰস্তুত হৈ দুখোজ পিছুৱাই আহিলো৷ ইফটিকাৰ মুজাহিদৰ ফালে আগবাঢ়ি গ’ল৷ মই কোঠাটোলৈ সোমাই গলো৷ কিন্তু এয়া কি? মোৰ মূৰটো ঘূৰোৱা যেন লাগিল৷ কোঠাটোৰ দুৱাৰ, খিৰিকী সকলোবোৰ বন্ধ কৰি থোৱা আছিল, বেড লাইটৰ কোমল পোহৰৰ মাজত ময়ুৰ নীলা শাৰী পিন্ধি থিয় হৈ থকা মহিলাগৰাকী কোনোপধ্যেই শেইষ্ঠাবৌ নাছিল৷ দেখাত ওঠৰ বছৰ মান যেন লগা তলমূৰকৈ থিয় হৈ থকা মহিলাগৰাকীৰ হাতে-ভৰিয়ে নতুন জেতুকাৰ ৰং লাগি আছিল৷ এখন দীঘল উৰুণীৰে মূৰটো ঢাকি ৰখা আৰু হাতত সেউজ তথা ৰঙা খাৰু পিন্ধি থকা মহিলাগৰাকী কেতিয়াও শেইষ্ঠাবৌ হবই নোৱাৰে৷ মোৰ চকুৰ পৰা চকুপানী ওলোৱাৰ আগতেই মই দৌৰি কোঠাটোৰপৰা বাহিৰলৈ ওলাই আহিলো আৰু ইফটিকাৰক সুধিলো, “মোৰ শেইষ্ঠাবৌ ক’ত?”
“তাই এতিয়া আমাৰ মাজত নাই৷ কি হ’ল, বুজিবলৈ পোৱাৰ আগতেই তাই আমাৰ মাজৰ পৰা আঁতৰি বহুত দূৰলৈ গুছি গ’ল৷”
“এইগৰাকী কোন?” মোৰ মাতটো প্ৰয়োজনতকৈ বেছি কঠোৰ হৈ ওলাল৷
“শেইষ্ঠাৰ চল্লিশ দিনৰ ফতিহা শেষ হোৱাৰ পাচদিনাই মই এইক বিয়া পাতি আনিলো৷ একেবাৰে দুখীয়া ঘৰৰ ছোৱালীজনী৷ ল’ৰা-ছোৱালীকেইটাক চাবৰ বাবে মোকো মানুহ এগৰাকীৰ প্ৰয়োজন আছিল, সেই বাবেই৷”
“অহ, হয়তো, নিশ্চয়, …. তাই….তাই ভালদৰেই লৰা-ছোৱালীকেইটাৰ চোৱা-চিটা কৰিছে৷ ভালদৰেই গম পাইছো৷ ইফটিকাৰ ভাই, আপুনি যিয়েই নকৰক কিয়, সকলো ঠিকেই আছে৷ কিন্তু আকৌ কোনোদিনেই শেইষ্ঠাবৌক কৰাৰ দৰে ভালপোৱাৰ ঘোষণা নকৰিব৷ আপুনি শেইষ্ঠা মহল বনাব নোৱাৰিলেও কথা নাই, বা তেওঁৰ কবৰৰ চাৰিওফালে লগাবলৈ শিলৰ ফলি যোগাৰ কৰিব নোৱাৰিলেও একো আপত্তি নাই……কিন্তু যদিহে আপোনাৰ অমৰ আৰু গভীৰ প্ৰেমে, তেওঁ এতিয়া য’ত আছে, সেই ঠাই পায়গৈ আৰু যদিহে তেওঁ সাৰ পায় আকৌ উভটি আহে, তেতিয়া কিন্তু আপোনাৰ বহুত বিপদ হ’ব৷”
খঙৰ ভমকত মোৰ মুখৰ পৰা আৰু কিবা-কিবি ওলাব বুলি ভাবি, মই ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলো৷ আছিফাই তাইৰ আটাইকেইটা ভায়েক-ভনীয়েকক স্কুলৰ পৰা আনি আগফালৰ ফুলনিখনত বহাই থৈছিলহি৷ তাই হয়তো জানি-বুজিয়ে নিজৰ দেউতাকক আমনি দিব বিচৰা নাছিল৷ মই তাইক দেখি থমকি ৰলো৷
“জীন্নত খুড়ী”, মোক দেখা পাই আটাইকেইটা লৰা-ছোৱালীয়ে দৌৰি আহি মোক আগুৰি ধৰিলে৷ আছিফাইও আগবাঢ়ি আহি মোৰ কাষ পালেহি৷ ভায়েক-ভনীয়েকহঁতৰ জুমৰ মাজত তাইৰ দুহাতৰ মাজত দুমহীয়া কেচুৱা এটা শুই আছিল৷ মোক দেখি তাইৰ চকুৰ পৰা সৰা-সৰে চকুপানী বাগৰি আহিল৷ বহু দূৰৈৰ কৰবাত হয়তো এইমুহূৰ্তত শেইষ্ঠাই ফুচফুচাই কৈছিল,“তাই মোৰ ছোৱালী নহয়, তাই মোৰ আম্মা…….”!!

