শিলিখাজোপা আৰু নাই – (মল্লজিৎ চেতিয়া)
ৰেপি ৰেপি কৰতেৰে আবেলিটোক ছেও দি
দৈত্যকায় টেক্টৰখনে শিলিখাজোপা লৈ গ’ল
ৰৈ গ’ল শিলিখা তলৰ নিৰ্জনতা
বিষাদ শৰ হৈ বনৰীয়া বনবোৰক শালি
ছাগলী খেদোৱা বৰষুণ জাকো
ঘনঘোৰ এন্ধাৰৰ দৰে গধুৰ হ’ল
কাইলৈ ৰ’দ দিব
ৰ’দত জ্বলিব শিলিখাজোপাৰ ছাঁ
নিতৌ ডালত পৰা ফেচাটোৰ চকু দুটাৰ দৰে
শুকাই কৰকৰীয়া মাৰিব মাটিত পৰি ভগা
কপৌজনীৰ তেজ হোৱা কণী দুটাৰ সকলো সম্ভাৱনা
নিতৌ পুৱা মোৰ কণমানিজনীলৈ চাই শিলিখাজোপাই নিৰৱে মাতিছিল-“জনি জনি”
তাই আছিল সৰৱ-“য়েছ পাপা”
কাইলৈ পুৱা মুঢ়াটোত বহি চেঁচা বতাহে
কৰুণ সুৰ এটি বজাব
আৰু…
মৰহি যোৱা ভোলৰ হালধীয়া ফুলবোৰে
বিচাৰি হাবাথুৰি খাব সিহঁতৰ ভুল