শিল্প-সাহিত্যিত বাস্তৱতাৰ প্ৰতিফলন : প্ৰতিবাদ আৰু প্ৰতিধ্বনি (প্ৰণৱজ্যোতি ডেকা)
যোৱা ২৭/০৩/২২ তাৰিখে মাত্ৰ ৫০ মেগাৱাত বিদ্যুৎ উৎপাদন কৰিব পৰা ডিমা হাছাওৰ কপিলী খানদাং জলবিদ্যুৎ প্ৰকল্পত জলবিস্ফোৰণ ঘটি মুহূৰ্তৰ ভিতৰতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, চকুৰ সমুখতে তিনিগৰাকী দায়িত্বশীল বিষয়া পানীৰ মাজত আবদ্ধ হৈ থকাৰ পিছতো উদ্ধাৰ কৰিব পৰা অৱস্থা নাছিল, ফলত তেওঁলোকে অকালতে মৃত্যুবৰণ কৰিবলগীয়া হ’ল। পানীৰ গতি ইমানেই ভয়াবহ আছিল যে প্ৰতি চেকেণ্ডত ১২ হাজাৰ লিটাৰ পানী টানেল ভাঙি নিৰ্গত হৈছিল। স্বাভাৱিকতেই ২০০০ মেগাৱাত বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰিবলৈ লোৱা নামনি সোৱণশিৰী নদীবান্ধৰ পৰা আহিব পৰা বিপদ ইয়াতকৈও অধিক ভয়াবহ হ’ব পাৰে বুলি ক’ব পাৰি।
এনে এক অনিশ্চিত ভৱিষ্যতৰ সমুখত সোৱণশিৰীৰ নদীবান্ধ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ চিত্ৰশিল্পী নীলিম মহন্তই এখন ছবি আঁকিছিল, তিনিটা শব্দৰ এটি শ্লোগান আছিল, “নো ম’ৰ ডেম্”। পিছে ছবিখনৰ সতে শব্দ তিনিটা ইমানেই ধাৰাল আৰু শক্তিশালী যে অম্বুজা চিমেণ্টৰ দৰে মজবুত এখন চৰকাৰৰো বুকুৰ কঁপনি উঠিল, পৰিৱেশৰ প্ৰতি ভাবুকি স্বৰূপ সজাগতাৰ সৃষ্টি কৰিব খোজা এখন পোষ্টাৰৰ বাবেই শিল্পীগৰাকীক অৰুণাচল পুলিচৰ দ্বাৰা আটক কৰি লৈ গ’ল। কথা কোৱাৰ অধিকাৰেই গণতন্ত্ৰ। গণতন্ত্ৰত যেতিয়ালৈ এজন মানুহে কোৱা কথাকো গুৰুত্ব দিয়া হয়, সেয়াই বাক স্বাধীনতা। গণতন্ত্ৰত মানুহে বিভিন্ন মাধ্যমত প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে। লেখক-বুদ্ধিজীৱীয়ে বাতৰি কাকত, দূৰদৰ্শন আদি বৈদ্যুতিক মাধ্যমৰ জৰিয়তে, কবিয়ে কবিতাৰ জৰিয়তে, গায়কে গণসংগীতৰ জৰিয়তে, দল-সংগঠনে ৰাজহুৱা স্থানত অনশন, ধৰ্ণা নতুবা ৰাজপথত সমদল আদি বিভিন্ন উপায়েৰে প্ৰতিবাদ কৰি আহিছে। দেৱালত প্ৰতিবাদৰ ভাষা বিশ্বত নতুন কথা নহয়, ভাৰতবর্ষৰ প্ৰায়বোৰ ঠাইতেই দেৱালক প্ৰতিবাদৰ কেনভাছ হিচাবে গণ্য কৰা হয়।
গুৱাহাটীৰ অংগা আৰ্ট কালেক্টিভৰ সদস্যসকলে অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটীৰ এখন দেৱালত প্ৰতিবাদসূচক ছবি আঁকিছিল। ইয়ো আছিল তেওঁলোকৰ বাবে এক গুৰুতৰ অপৰাধ! অখিল গগৈৰ মুক্তিৰ দাবী কৰি শিল্পীসকলকো দেশদ্রোহীৰ শাৰীত থলে। তেওঁলোকৰ প্ৰতিবাদসূচক শিল্পকৰ্মক তেওঁলোকৰ হাতেৰেই ক’লা ৰং সানিলে। ফেচিবাদী মানসিকতাৰ কেনে নির্লজ্জ প্ৰদৰ্শন! চৰকাৰ বা প্ৰশাসনে এই কথা হয়তো কেতিয়াও নুবুজিব যে ক’লা ৰঙ সনা ছবিকেইখন আজিও সাক্ষী হৈ আছে অগণতান্ত্ৰিক, অত্যাচাৰী শাসকৰ দমন পীড়নৰ প্ৰতিবিম্ব হৈ। আজি অংগ নৰ্থ ইষ্টৰ সদস্যসকল বা নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিছে। কাইলৈ যদি সকলো শিল্পী ওলাই আহি প্ৰতিবাদ আৰম্ভ কৰে, প্ৰশাসনে কিমানক বাধা দিব? এই শিল্পীসকলক অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ কোনেও শিকোৱা নাই, শিকাইছে পৰিস্থিতিয়ে। চৰকাৰে ৰং তুলিকাৰ ভাষা নুবুজে। কলমৰ ভাষা নুবুজে। দেৱালৰ লেখা পঢ়িবলৈ অক্ষম। চৰকাৰে ভাবিছে বন্দুক-বেয়নেটৰ সমুখত জনতা স্তব্ধ হৈ পৰিব শিল্পীৰ তুলিকা, কিন্তু পাৰিব জানোঁ? বন্দুকৰ খোচত থমকি নৰয় স্বাধীনতাৰ গান।
ভাৰতৰ স্বাধীনতাৰ পিছৰ কালচোৱাত শিল্প সাহিত্যৰ গুৰু হিচাবে খ্যাত বিষ্ণু ৰাভাই ‘ৰাজ্যত আছে দুটা পাঠা, এটি বগা আনটো ক’লা, ৰাজ্যৰ যদি মংগল চোৱা, দুয়োটাকে বলি দিয়া’ বুলি আহ্বান জনাই শাসকপক্ষৰ ৰোষত পৰিছিল আৰু জেলৰ ভাত খাবলগীয়া হৈছিল। মণিপুৰত সেনা বাহিনীৰ নিৰ্বিচাৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি কেইবাগৰাকীও মহিলাই নাঙঠ হৈ প্ৰতিবাদৰ ঘটনা সকলোৰে মনত আছে নিশ্চয়। এই প্ৰতিবাদে সমগ্ৰ বিশ্ব কঁপাই তুলিলেও ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ হৃদয় কঁপাই তুলিব পৰা নাছিল। আজিও সেয়েহে Afspa একেবাৰে প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰ সাজু নহয়। মণিপুৰৰ ইৰম শৰ্মিলাই ৫ নৱেম্বৰ ২০০০ ৰ পৰা ২৬ জুলাই ২০১৬ লৈ ষোল্ল বছৰ জুৰি অনশন কৰি আহিছিল কেৱল বিশেষ সেনা আইন প্ৰত্যাহাৰৰ দাবীত। শান্তি ৰক্ষাৰ বাবে নিয়োজিত সেনা জোৱানৰ এনে পাশবিকতাৰ উমান পোৱা গ’ল চিত্ৰশিল্পী মনিলাল অহেবামৰ Untitled নামৰ ছবিখনত। এগৰাকী হাত-ভৰি বন্ধা নিৰ্যাতিতা গাভৰু। হয়তো ধৰ্ষণ কৰা হৈছে। অনাবৃত গাভৰুগৰাকীৰ কাষত পৰি আছে মেলা কিতাপ আৰু এটা ভেনিটি বেগ। ছবিখন দেখা গৈছে কেইটামান ভৰিৰ খোজ, ওপৰৰ এখন ফলকত লিখা আছে “প্রটেক্টেড এৰিয়া”। ইয়াৰ জৰিয়তে শিল্পীয়ে সেইসকল পুৰুষৰ ভৰিৰ খোজৰ কথা কৈছে, যাৰ হাতত আছে সমাজৰ নিৰাপত্তাৰ দায়িত্ব। মণিপুৰত সেনাই চলাই থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ই যেন অহেবামৰ শৈল্পিক প্ৰতিবাদ। নাৰীক এফালে দেৱী ৰূপত পূজা কৰা হয় আৰু আনফালে সেইসকলৰ হাততেই নাৰী লাঞ্চিতাও হয়।
তিনিবছৰমান আগতে আগষ্ট মাহত অসমৰ এগৰাকী নতুন প্ৰজন্মৰ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীকো চৰকাৰৰ আজ্ঞাবাহী অন্ধ সমৰ্থকে হত্যাৰ ভাবুকি দিছিল। নিতুপৰ্ণৰ অপৰাধ—তেওঁ কাৰ্টুনৰ জৰিয়তে দেশৰ জ্বলন্ত সমস্যাসমূহ উদঙাই দি চৰকাৰক সমালোচনা কৰিছিল। শাসকীয় দলটোৰ কিছুমান অন্ধ সমৰ্থকৰ এই কাণ্ডৰ বিৰুদ্ধে শিল্পী-সাহিত্যিক-বুদ্ধিজীৱিসকল কিন্তু মনে মনে থকা নাছিল। ইয়াৰ বিৰুদ্ধে তেওঁলোকে গোহাৰি পত্ৰ উলিয়াই গণতন্ত্ৰৰ শত্ৰুসকলক চিনাক্ত কৰি ‘ধাক্কা আৰু ধিক্কাৰ’ দিয়াৰ আহ্বান জনাইছিল।
২০২১ চনৰ ৫ জুনত ক’ভিড পৰিস্থিতিৰ মাজতো ইলোৰা বিজ্ঞান মঞ্চ আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ড-এ একেলগে পৰিৱেশ বিনষ্টকাৰী আইন EIA (Environment Impact Assessment) প্ৰত্যাহাৰৰ দাবীত ৰাজপথত প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল, পৰিৱেশ সজাগতাৰ বাবে ধৰ্ণা দিছিল। পৰিৱেশ ধ্বংসৰ ফলত পৃথিৱী আজি সংকটৰ সমুখত। মানুহৰ বাবে পৃথিৱী এখনেই, তাক সুন্দৰকৈ ৰখা আমাৰ দায়িত্ব। গছ গছনি কাটি তহিলং কৰাত সৌ সিদিনা কাৰ্বি আংলংত কি হ’ল আমি সকলোৱে দেখিলোঁ। ভূমি স্খলনৰ তাণ্ডৱে ঘৰ দুৱাৰ, স্থলপথ ৰেলপথ, হাফলং ৰেলৱে ষ্টেছন সম্পূৰ্ণ ধংসপ্ৰাপ্ত কৰিলে।
প্ৰতিবাদকাৰীৰ মৰ্মবেদনা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ উমান নোপোৱা প্ৰতিটো চৰকাৰৰ নেতাসকলৰ টুলুঙা মন্তব্য শুনি প্ৰশ্ন জাগে, আমি কোনখন সমাজত বাস কৰিছোঁ? নাগৰিকৰ হেনো প্ৰতিবাদ কৰাৰ কোনো অধিকাৰ নাই, কিবা ক’বলগীয়া থাকিলে বিভাগীয় কৰ্তৃপক্ষক জনাওঁক, আইন-আদালত আছে, তালৈ যাওঁক, মুঠতে প্ৰতিবাদ কৰিব নোৱাৰিব। প্ৰতিবাদী জনতাক কোৱা হয় আন্দোলনজীৱী। মানুহৰ অৱস্থাটো এতিয়া ডুবিব ধৰা টাইটানিকত আবদ্ধ যাত্ৰীৰ দৰে হৈছে, উদ্ধাৰ কৰিবলৈ কোনো নাই।
চৰকাৰী স্কুলত অংক মাষ্টৰে ছবি শিকায়, অথচ চিত্ৰকলাত উচ্চ ডিগ্ৰীধাৰীসকল নিবনুৱা হৈ বহি আছে। ব্যক্তিগত বিদ্যালয়বোৰেও শিল্পকলাৰ বাবে শিক্ষক নিযুক্তি নিদিয়ে। ভাৰতৰ প্ৰতিখন স্কুলত যদি আৰ্টিষ্টৰ পদ সংৰক্ষণ হলহেঁতেন, তেন্তে হয়তো কোনো শিল্পীয়ে আজি নিবনুৱা হৈ থাকিব নালাগিলহেঁতেন। কিন্তু চৰকাৰৰ বাবে সেইবোৰ ডাঙৰ সমস্যা নহয়। যদি আপুনি “দি কাশ্মীৰ ফাইলছ” নোচোৱাকৈ আছে সেইটোহে ডাঙৰ সমস্যা।
নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ, বাক-স্বাধীনতা তথা শিল্পী-সাহিত্যিকৰ অধিকাৰৰ ওপৰত চাপ সৃষ্টি কৰাটো নতুন কথা নহয়। ১৯৭৫ চনত প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পাছত মানুহৰ সকলো মৌলিক অধিকাৰ খণ্ডন কৰা হৈছিল জৰুৰীকালীন অৱস্থাৰ মাজেৰে। সেই অৱস্থাৰ যেন আজিও অন্ত পৰা নাই। উজনি অসমৰ এগৰাকী ছাত্ৰী বৰ্ষাশ্ৰী গগৈক দেশপ্ৰেমৰ কবিতা লিখা বাবে অলপতে পুলিচে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। গোলাঘাটৰ এগৰাকী আৰ্টিষ্টক চৰকাৰী দমন পীড়নৰ ছবি অঁকা বাবে গ্ৰেপ্তাৰ কৰিছিল। চৰকাৰৰ কাম আৰু কথাৰ লগত একাত্ম হ’ব নোৱাৰা আৰু স্বাধীনভাৱে নিজৰ মত ব্যক্ত কৰা একাংশক এনে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। যোৱা ২১ মে ২০২২-ত এগৰাকী বিধায়কে চৰকাৰক সমালোচনা কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুমকি দিছে। এনে কথা কাণ্ডই স্বাভাৱিকতে শিল্পী-সাহিত্যিকৰ স্বাভিমানত আঘাত কৰে। শিল্পী কাৰো বহতীয়া নহয়। এনেস্থলত কেবল এজন শিল্পীৰ ওপৰত হোৱা আক্ৰমণক সাধাৰণ কথা বুলি এৰি দিলে ভুল কৰা হ’ব, ই যুক্তিবাদ আৰু স্বাধীন চিন্তাৰ ওপৰত আক্ৰমণ, গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আক্ৰমণ। আনহাতে আৰক্ষীৰ হাতত প্ৰদান কৰা হৈছে অবাধ ক্ষমতা। ইয়াৰে সুযোগ লৈ ন্যায়পালিকাক অসন্মান কৰি পুলিচে বাধাহীনভাৱে চলাই গৈছে ইটোৰ পিছত সিটো এনকাউণ্টাৰ, আনকি শিল্পীৰ স্বাধীনতাৰ ওপৰতো এনকাউণ্টাৰ। এইবোৰ কোনো বিচ্ছিন্ন ঘটনা নহয়। ‘No more tolerance’—চৰকাৰৰ শূন্য সহনশীলতাৰ চমকপ্ৰদ নিদৰ্শন ইয়াতকৈ আৰু কি হ’ব পাৰে?
ভাৰতৰ বিখ্যাত কার্টুনিষ্ট শঙ্কৰে নেহৰু আৰু ইন্দিৰা গান্ধীৰ চাৰিশতকৈও অধিক কাৰ্টুন অংকন কৰিছিল। কিন্তু নেহৰু আৰু ইন্দিৰাই ইয়াক অতি সহজভাৱে লৈছিল। ইন্দিৰা গান্ধীয়ে এঠাইত লিখিছিল, “Cartoonists have become an integral part of the intellectual life of a modern society. Some draw without intent to draw blood; some remove masks and hold a mirror to the face of society…”।
কার্টুনিষ্টসকলে আইনাখন এনেদৰে ধৰি ৰাখে যাতে সমাজে নিজৰ মুখখন সেই আইনাত দেখা পায়। অসমৰ ত্ৰৈলোক্য দত্তই কাৰ্টুনৰ মাজেৰে সমাজ বাস্তৱতাক যিভাবে দাঙি ধৰিছিল তাক কোনে পাহৰিব পাৰে? কিন্তু বৰ্তমানৰ শাসকীয় দল ইয়াৰ ওলোটা, আইনাত নিজৰ কুৎসিত মুখখন চাব নিবিচাৰে। কাৰণ ভাৰতবর্ষৰ গণতান্ত্রিক শাসন ব্যবস্থাক নির্মূল কৰি স্বৈৰতান্ত্রিক ব্যৱস্থাৰ ভেটি নিৰ্মাণ কৰাই শাসকীয় দলৰ লক্ষ্য। গণতন্ত্রৰ চতুর্থ স্তম্ভ হিচাপে স্বীকৃত দেশৰ বেচিভাগ সংবাদ মাধ্যমো আনকি ভীতিপ্রদর্শনৰ চৰকাৰী প্রচাৰযন্ত্রত পৰিণত হৈছে। শিল্পী এগৰাকীৰ মনৰ কথা দৰ্শকক বুজিবলৈ সুবিধা নিদি জ্যেষ্ঠ চিত্ৰ শিল্পী দাদুল চলিহাৰ প্ৰতি এটি বৈদ্যুতিন প্ৰচাৰ মাধ্যমৰ মুখ্য সম্পাদকে যি ব্যৱহাৰ দেখুৱালে, সি সচাঁকৈয়ে লজ্জাজনক।
প্ৰতিবাদৰ ভাষা দেশ ভেদে, ঠাই ভেদে সুকীয়া হলেও মৰ্ম একেটাই। সত্তৰৰ দশকত পিটাৰ চউল নামৰ এগৰাকী শিল্পীয়ে ‘চেইগন’ শীৰ্ষক পেইণ্টিংৰ জৰিয়তে বৰ্ণবাদৰ বিৰুদ্ধে নিৰন্তৰ চলাইছিল প্ৰয়াস। মাৰ্কিন যুক্তৰাষ্ট্ৰত এগৰাকী কৃষ্ণাংগক আৰক্ষীয়ে নিৰ্যাতন কৰি হত্যা কৰাৰ পাছত কার্টুনিস্ট ৰাইটচ নেটওয়ার্ক ইণ্টাৰংচনেলন (CRNI)ৰ উত্তৰ ইউৰোপৰ প্রতিনিধি আৰিফুৰ ৰহমানৰ তৎপৰতাত ২০২১-ত বর্ণবাদ বিৰোধী আন্তর্জাতিক কার্টুন প্রতিযোগিতা অনুষ্ঠিত হৈছিল, উদ্দেশ্যে আছিল কার্টুনৰ মাধ্যমত বৰ্ণবাদৰ বিৰুদ্ধে, মানবাধিকাৰৰ পক্ষে বিশ্বত জনমত সৃষ্টি কৰা।
অন্যায়ৰ বিৰুদ্ধে, যুদ্ধৰ বিৰুদ্ধে শিল্পীসকলৰ প্ৰতিবাদ নদীৰ দৰে প্ৰবহমান। ইয়াৰ উদাহৰণ অলেখ। বিশ্বৰ এগৰাকী মহান শিল্পী ফ্ৰান্সিছকো গয়াৰ (১৭৪৬-১৮২৮) ছবিসমূহত যুদ্ধৰ ভয়াবহতা, হত্যা, ধৰ্ষণ আৰু বৰ্বৰতাৰ প্ৰতিবাদী শিল্পৰূপ চিত্ৰিত হৈছিল। ঊনবিংশ শতিকাৰ এইগৰাকী শিল্পী সম্পৰ্কে কোৱা হয়—“ঊনবিংশ শতিকাক চিহ্নিত কৰিব পৰা প্ৰথম ছবিখন তেঁৱেই আঁকিছিল….”। সাধাৰণতে সম্ভ্রান্ত তথা ৰাজকীয় অভিজাত শ্ৰেণীৰ ফেমিলি প’ট্রেইট অঁকা গয়াই সেই সময়ৰ যুদ্ধৰ ভয়াৱহতা আৰু নৃশংসতাৰ প্ৰতিবাদত একাধিক ছবি আঁকি শিল্পকলাক জনসাধাৰণৰ জীৱনৰো মূৰ্ত ভাষা হিচাপে প্ৰতিষ্ঠা কৰি থৈ যায়। ইয়াৰ পৰৱৰ্তী শতিকাৰ (১৯৩৭) আনখন বহুচৰ্চিত আৰু চিৰন্তন মানৱীয় আবেদনৰ যুদ্ধবিৰোধী ছবি হ’ল পিকাছোৰ ‘গুৱেৰ্নিকা’ (Guernica) বা গের্নিকা—“সকলো সময়তে এই ছবিখন যুদ্ধৰ বিৰুদ্ধে এক সৱল প্ৰতিবাদ হিচাবে চিহ্নিত হৈ ৰ’ব” (শিল্পকলাৰ অনুৰাগ কথন, খনিন দাস, পৃষ্ঠা ৯৩)।
আমেৰিকান কোম্পানী ইউনিয়ন কার্বাইডৰ বিষাক্ত মিথাইল আইছ চায়নেট গেছ নির্গত হৈ ভূপালত সংঘটিত হোৱা গণমৃত্যু ভাৰতৰ ইতিহাসৰ এক কৰুণ অধ্যায়। ভূপালৰ গেছ দুৰ্ঘটনাৰ নিৰ্মম বাস্তৱতাক চিত্ৰিত কৰিবলৈ মাত্ৰ এখন ফটোৱেই যথেষ্ট, সেইখন হ’ল—এটি কণমানি মৃত শিশুৰ আধা পোতা অৱস্থাত এখন নিষ্পাপ মুখ, এজুৰি আধামেলা চকু আৰু মূৰৰ ওপৰত কাৰোবাৰ এখন হাত! ভাৰতৰ খ্যাতনামা আলোকচিত্র শিল্পী ৰঘু ৰাইৰ Burial of an unknown child শীৰ্ষক এই ফটোখন আজিও ভূপালৰ গেছ দুৰ্ঘটনাৰ সাক্ষী হৈ আছে আৰু চৰকাৰৰ মানৱতাবিৰোধী দৃষ্টিভংগীক দৰ্শকৰ চকুত তুলি ধৰিছে।
দ্বিতীয় মহাসমৰৰ পিছত বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা কমিউনিষ্ট মতাদৰ্শক প্রতিহত কৰিবলৈ আমেৰিকাই ভিয়েটনামৰ মাটিত সুদীর্ঘকাল ধৰি যুদ্ধ অব্যাহত ৰাখিছিল, তাৰ প্রতিফলন ঘটিছিল Da Nang, Vietnam (১৯৬৫) আলোকচিত্ৰখনত। ভিয়েটনাম যুদ্ধৰ সময়ত বিশ্ববাসীয়ে প্রত্যক্ষ কৰা বিশেষ আলোকচিত্ৰখন, য’ত এগৰাকী ভিয়েটনামী নগ্ন কিশোৰীয়ে বোমাবর্ষণৰ ধ্বংসলীলাৰ মাজত আৰ্তনাদ কৰি ৰাজপথেৰে দৌৰি আহিছিল আতংকিত আন কেইবাটিও শিশুৰ সৈতে। সমাজ বাস্তৱতাক মানুহৰ চকুত তুলি ধৰিবলৈ শিল্পকলা এনেদৰেই দায়বদ্ধ (উৎস: শিল্পকলাৰ অনুৰাগ কথন, খনিন দাস)।
প্ৰাচীন ৰোম সাম্ৰাজ্যৰ দাস প্ৰথাৰ বিৰুদ্ধে স্পাৰ্টাকাছ আছিল শক্তিবান আৰু সাহসী যোদ্ধা, যিজনে দাসসকলৰ মুক্তিৰ আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ সেনাৰ চাকৰি এৰি দূৰ্গম পাহাৰত দাসসকলক একত্ৰিত কৰি বিপ্লৱী ফৌজ গঠন কৰিছিল। ৰোমান সৈন্যৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়াৰ পিছত প্ৰায় সকলোবোৰ দাসবিদ্ৰোহীৰ মৃত্যু ঘটিছিল, মৃত্যু মুখৰ পৰা সাৰি যোৱা নাছিল স্পাৰ্টাকাছো। ৰোমলৈ যোৱাৰ পথত ৰাস্তাৰ দুয়োকাষে ৬ হাজাৰ দাস বিদ্ৰোহীক শাৰী শাৰীকৈ ক্ৰুছবিদ্ধ কৰি হত্যা কৰা হৈছিল। ইয়াৰ জীৱন্ত প্ৰতিবিম্ব দেখা যায় ৰুচ শিল্পী ফিয়োডৰ ব্রনিকভৰ ‘স্পাৰ্টাকাছ’ শীৰ্ষক বিখ্যাত পেইণ্টিংখনত।
আধুনিক শিক্ষাব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পৰিৱৰ্তে একোজন চিন্তা শূন্য যান্ত্ৰিক ব্যক্তিলৈ ৰূপান্তৰ কৰিছে, শিক্ষাব্যৱস্থাটোক এখন বজাৰ হিচাবে গঢ়ি তুলিছে, হয়তো তাৰ প্ৰতিবাদতেই প্ৰখ্যাত চিত্ৰশিল্পী মকবুল ফিডা হুছেইনে অংকন কৰিছিল বিদ্যাৰ অধিষ্ঠত্ৰী দেৱী স্বৰসতীৰ নগ্ন ছবি, ছবিৰ ভাষা বুজিবলৈ অক্ষম ভাৰত চৰকাৰে তেওঁক দিছিল দেশান্তৰৰ দৰে কঠোৰ শাস্তি। অথচ মঠ মন্দিৰৰ দেৱালত মৈথুনৰত নগ্ন দেৱ-দেৱীৰ ভাস্কৰ্য এক সাধাৰণ কথা, কিন্তু মকবুল ফিডা নামৰ অহিন্দু এজনে সেই ছবি অঁকাৰ বাবেই ঘটনাটো হৈ পৰিল অসাধাৰণ! বাহ, এগৰাকী স্বমহিমাৰে মহীয়ান বিশ্ববিশ্ৰুত শিল্পীৰ প্ৰতি ৰাষ্ট্ৰব্যৱস্থাৰ কি চমৎকাৰ বিচাৰ!
বিগত কিছু বছৰ ধৰি ভাৰতত বাকস্বাধীনতা আৰু ধৰ্মনিৰপেক্ষতাৰ ওপৰত বাৰে বাৰে চলি থকা আঘাতৰ প্ৰতিবাদত সংবেদনশীল শিল্পীসকলে শিল্পক এক শক্তি হিচাবে গ্ৰহণ কৰা আমি লক্ষ্য কৰি আহিছোঁ। ই তেখেতসকলৰ সমাজৰ প্ৰতি দায়বদ্ধতাৰ চানেকি। এনে এক পৰিস্থিতিত ভাৰতৰ বিভিন্ন ঠাইত শিল্পীসকলৰ এক বুজন অংশই সমাজ বাস্তৱতাৰ এই নেতিবাচক দিশসমূহ আওঁকাণ কৰিব পৰা নাই। বহু কার্টুনিষ্ট, গ্রাফিক ডিজাইনাৰ, তথা চিত্রশিল্পীয়ে ৰাজনৈতিক দায়িত্ববোধৰ পৰিচয় দি ইণ্টাৰনেট, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমক প্ৰাথমিক প্লেটফর্ম হিচাপে ব্যৱহাৰ কৰিছে। বহু শিল্পীয়ে দেশৰ অস্বাস্থ্যকৰ ৰাজনৈতিক জলবায়ু সম্পর্কে আপ টু-ডেট তথ্য প্রদান কৰাই নহয়, ফেচিবাদৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিবাদ গঢ়ি তোলাৰ চেষ্টা কৰিছে।
২০১৯ চনত ডিচেম্বৰ মাহত কা (CAA) আন্দোলনক কেন্দ্ৰ কৰি জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত যেতিয়া বিক্ষোভ আৰম্ভ হৈছিল, চিত্ৰশিল্পী নয়নিকা চ্যাটার্জিয়ে লণ্ডনত থাকিয়েই ভাৰতত পুলিচৰ নিৰ্যাতনৰ বিৰুদ্ধে বিশ্ববাসীক অৱগত কৰোৱাৰ বাবে শিল্পকৰ্ম সৃষ্টি কৰি ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ কৰিছিল। তেওঁ ইনষ্টাগ্ৰামত কৈছিল,“মোৰ শিল্পকর্মই দিল্লী পুলিচৰ বর্বৰতাৰ বিৰুদ্ধে বিশ্ব সম্প্ৰদায়ক জগাই তোলক, শিল্পীসকলে এনে কামত মনোনিবেশ কৰক”।
ভাৰতৰ প্ৰধানমন্ত্ৰীক সমালোচনা কৰা বাবে ৰাজধানী দিল্লীত ২০১৯ চনত বহু সাংবাদিক শিল্পীক আটক কৰা হৈছিল। উদাহৰণস্বৰূপে সাংবাদিক অতীশ তাহিৰক ২০১৯ চনত “ইণ্ডিয়াজ ডিভাইডাৰ ইন চিফ মোদী” শিৰোনামেৰে চৰকাৰক সমালোচনা কৰি কভাৰ ষ্ট্ৰৰী লিখা বাবে তেওঁৰ ‘ওভাৰছিজ চিটিজেনচিপ অফ ইন্ডিয়া (ওচিআই)’ ষ্টেটাছ প্রত্যাহাৰ কৰা হৈছিল।
সম্প্রতি, বিশ্বৰ বিভিন্ন মানৱ-অধিকাৰ সংগঠনে ভাৰতত ভিন্নমতৰ স্বাধীনতা খৰ্ব কৰা বুলি অভিযোগ আনিছে। ওঠৰ চনতে গ্ৰেপ্তাৰ কৰা ৮৩ বছৰীয়া মাৰাঠী কবি, গুৰুতৰভাৱে অসুস্থ ভাৰবাৰা ৰাওক নক্সালৰ লগত সম্পৰ্ক থকা বুলি আজিও বন্দীত্বৰ পৰা ৰেহাই দিয়া নাই।
২০২১ চনত প্ৰকাশ পোৱা গ্ৰন্থ ‘প্রাইচ অফ দা মোদী ইয়াৰ্চ’-ত ২০১৪-ৰ পৰা পৰৱর্তী সাত বছৰত হিন্দুৰাষ্ট্রলৈ পৰিণত কৰাৰ কাৰ্যসূচী বাস্তবায়িত কৰাৰ বাবে ভাৰতীয় অর্থনীতি, সমাজ, সংস্কৃতি, মূল্যবোধ, মানসিকতা, সাংবিধানিক অধিকাৰসমূহৰ অৱক্ষয়ৰ যি চিত্রায়ন-বৰ্ণনা কৰিছে, সি নিশ্চয় ইতিহাসৰ বুকুত প্ৰামান্য দলিল হৈ থাকি যাব।
স্বাধীনোত্তৰ ভাৰতৰ এগৰাকী শ্ৰেষ্ঠ গল্পকাৰ ছাদাত হাছান মাণ্টোৰ (পিছলৈ লাহোৰৰ বাসিন্দা) গল্প সম্পৰ্কত মাণ্টোৰ নিজৰ এষাৰ কথাৰে আলোচনাটো সামৰিব খুজিছোঁ। মাণ্টোৰ গল্পত দেখা গৈছিল মানৱীয় প্ৰমূল্যৰ অধঃপতনৰ কুৎসিত প্ৰতিফলন। তাকে দেখি কোনো কোনো সমালোচকে তেওঁৰ সাহিত্যকৰ্মক নৈৰাজ্যবাদী, হতাশাবাদী, কুৎসিত আৰু অশ্লীল আখ্যা দিছিল। কিন্তু এই বিষয়ত মাণ্টোৰ উত্তৰ আছিল স্পষ্ট,“মোৰ গল্পসমূহ আইনাৰ দৰে, য’ত সময় আৰু জীৱন প্রতিফলিত হৈছে। সেয়া যদি কুৎসিত দর্শন হয়, তেতিয়া বুজিব লাগিব সময়টোৱেই কুৎসিত”।
ছাদাত হাছান মাণ্টোৱে তেওঁৰ ʼগঞ্জে ফেৰস্তেʼ নামৰ গ্ৰন্থখনত আৰু এষাৰ কথা কৈছিল যে তেওঁৰ প্ৰসাধন কক্ষত কোনো প্ৰসাধন সামগ্ৰী নাই, নাই পাউদাৰ, নাই কেশবিন্যাসৰ উপাদান। প্ৰসাধনেৰে আচল চেহেৰাক তেওঁ ঢাকিব নেজানে। সমাজ সচেতন কোনো শিল্পীয়েই নগ্ন বস্তৱক মসৃন্ন ৰূপত তুলি ধৰাৰ প্ৰয়াস নকৰে। তাত ৰহনো সানিব নোৱাৰে। তেওঁলোকৰ শিল্পত যদি
কিবা নগ্নতা, কুৎসিত অথবা বিভৎসতা প্ৰতিফলিত হৈছে, সেইয়া আচলতে সমাজ বা বাস্তৱৰেই আচল ৰূপ। সেয়ে শিল্পীসকলে অনেক বাধাৰ সন্মুখিন হৈও বাস্তৱক তুলি ধৰিবলৈ প্ৰয়াস কৰে। ইয়াৰ অন্যথা সমাজৰ ভুল কেনেকৈ ভাগিব ? মিৰ্জা গালিবেও লিখিছিল যে তেওঁ এটা ভুলকে বাৰে বাৰে কৰিছিল, আইনাখন তেওঁ বাবে বাৰে মচি আছিল, কিন্তু মলিনতা আছিল তেওঁৰ চেহেৰাত। ডেকা প্ৰৱন্ধটো ভাল হৈছে ।