নিবন্ধশিল্প-কলা-সংস্কৃতি

শদিয়ানো কি আৰু উজাই যাম-(ডা০ ভগবান দেৱ মিশ্ৰ)

শিশুমনৰ স্বাধীনতা বা স্বনিয়ন্ত্ৰণ সম্পৰ্কত নানাজনৰ নানা মত আছে যদিও শিশুমনৰ লগত নিবিড় সম্পৰ্ক গঢ়ি তুলি তাৰ অন্তৰ্ভাগৰ গভীৰ অধ্যয়নৰ মাজেৰেহে শিশুমনৰ বিষয়ে আংশিক ধাৰণা এটা নিৰ্মাণ কৰিব পৰা যায়। কিন্তু বিভিন্ন অধ্যয়নৰ সামগ্ৰিক সংশ্লেষণৰ দ্বাৰাইহে শিশুমনৰ অধ্যয়নৰ পৰিসীমাৰ ভিতৰ অংশৰ পৰিধিত থিয় হ’ব পৰা যায়, পৰিধিৰ ভিতৰত ভৰি থোৱাটো কিন্তু ইমান উজু নহয়। গীতিকাৰ কেশৱ মহন্ত‌ই কিন্তু পাৰিছিল।
স্বাধীনতা সম্পৰ্কত শিশু সকলৰ নিজস্ব সংজ্ঞা আছে। তেওঁলোকৰ নিজস্ব জগত এখনো আছে। এই জগতখন কেঁচা হ’লেও তাৰ ব্যাপ্তি কিন্তু ডাঙৰ সকলোতকৈ কম নহয়, তাত কল্পনা আৰু সংবেদনশীলতাও অত্যন্ত তীক্ষ্ণ। যুক্তিৰ পৰিধি তেওঁলোকৰ ব্যাপ্ত নহয় যদিও অযুক্তিকৰ কথাৰ কিন্তু তীব্র বিৰোধী আৰু এই বিৰোধিতাও বৰ প্ৰত্যাহ্বানমূলক। কেশৱ মহন্তই জানিছিল।
আমাৰ লোক সাহিত্যত কথা এষাৰ আছে।
“শদিয়ালৈ নেযাবা, সতফুল নেখাবা
কেঁচা পাতত নাবান্ধিবা লোণ”
কিয় যাব নালাগে শদিয়ালৈ? সতফুল কিয় খাব নালাগে? কেঁচা পাতত কিয় বান্ধিব নালাগে লোণ? তাৰ কোনো প্ৰত্যক্ষ উত্তৰ নাই৷্যয়সিদ্ধ যুক্তি নাই। এনেকুৱা কথাবোৰ শিশুমনে মানি নলয়। আপ্তবাক্য মানি নলয় শিশুমনে। সেই কথাখিনি ভাষাৰে প্ৰকাশ কৰিবলৈ অসুবিধা পায়, মানি নোলোৱাৰ যুক্তিও দাঙি ধৰিব নোৱাৰে শিশুৱে। তেওঁলোকৰ প্ৰতিবাদৰ ভাষাৰ অভিভাৱকত্বৰ দায়িত্ব লৈ গীতিকাৰ কেশৱ মহন্তই লিখিলে—
“মা আমি শদিয়ালৈ যামেই
মা আমি সতফুল খামেই
বান্ধিম মা বান্ধিম মা কেঁচা
পাতত লোণ।”
এইয়া সাৱধানবাণীহে। তাতো যদি আমি পুৰঠবোৰে সাৱধান নহ‌ওঁ, শিশুসকলে প্ৰতিবাদ তীব্ৰতৰ কৰিব। কেশৱ মহন্তৰ কলমৰ আগেৰে তেওঁলোকে কৈ দিছে—
“শদিয়ানো কি আৰু উজাই যাম”।
সতফুলত আকৌ শিশুমনে দেখা পাইছে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য। সতফুলবোৰৰ কেঁচাকোমল পাতবোৰে হালিজালি নাচি আছে। এই পাতত লোণ বান্ধিলে কি জগৰ লাগিব? ইয়াৰ কোনো যুক্তি শিশুসকলে বিচাৰি নাপায়।
“সতফুলবোৰ ফুলি আছে তাত
যিহে হালে জালে নাচৰ তালে তালে
কেঁচা কোমল পাত”
আমি আমাৰ কণ কণ সন্তান সকলক ভাল(?) স্কুললৈ পঠাওঁ, খাব নোৱাৰিলেও ‘টিফিন’ দি পঠাওঁ। স্কুল ছুটী হোৱালৈ স্কুলৰ কম্পাউণ্ডৰ বাহিৰত মূৰৰ বিষ আৰু বমি ভাৱ লৈ হ’লেও ৰৈ থাকোঁ। অৱসন্ন সন্তানৰ মূৰত হাত বুলাই দি সিহঁতৰ কান্ধৰ গধুৰ বেগটো আমি নিজৰ হাতত লৈ সন্তানক ঘৰলৈ লৈ আহি কিবা খাবলৈ দি কাষত বহি থাকোঁ। সুবিধা পালেই জোৰকৈ খুৱাই দিবলৈ চেষ্টা কৰোঁ, সন্তানৰ মুখত বিৰক্তি ফুটি উঠে। সন্তানে এই অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ ভাষা বিচাৰি নাপায়৷্যাচাৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ ভাষা বিচাৰি নাপায়। কিন্তু মনটোৰে দাবী কৰে স্বাধীনতা, নিজৰ মতে শিকাৰ স্বাধীনতা, জ্ঞানী হোৱাৰ স্বাধীনতা, আনন্দ কৰাৰ স্বাধীনতা, খেলাৰ স্বাধীনতা, নিজৰ ৰুচিৰ স্বাধীনতা। সেই সময়খিনিতেই আমি কিন্তু পঢ়া কোঠাত বহাই থৈছোঁ এজন ঘৰুৱা শিক্ষক, সন্তানজনৰ ধাৰণাত একপ্ৰকাৰৰ এক ভয়ংকৰ সন্ত্ৰাসবাদী। তাৰ পিছত সন্তানক লৈ যাম দুই কিলোমিটাৰ দূৰৰ আন এজন শিক্ষকৰ ওচৰলৈ টিউচনৰ বাবে, আৰু এক সন্ত্ৰাস। শিশুজনৰ মগজুটো ভাগৰুৱা হৈ কেতিয়াবাই শুইছে,আপোনাৰ-মোৰ হেঁচাত তেওঁৰ শৰীৰটোহে ইচ্ছাৰ বিৰুদ্ধে চলি আছে। তাৰ পিছত আকৌ আমাৰ হেঁচাত সন্তান পঢ়া টেবুলত। তেওঁৰ মগজুটোৱে কিন্তু ইতিমধ্যেই শুইছে। শিশুমনে আমাৰ অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ কেশৱ মহন্তৰ কলমৰ কাষ চাপিছে। কলমে লিখিছে–
” শদিয়ানো কি ৰিং এটাৰ বাট “
প্ৰতিবাদ তীব্ৰতৰ হৈছে। প্ৰতিবাদক আওকাণ কৰি আমি আৰু এধাপ আগবাঢ়ি গৈছোঁ। সন্তানৰ নিচা সংগীতত, আমাৰ নিচা নাচত। সন্তানক নাচ শিকিবলৈ নাচৰ স্কুল এখনত দিছোঁ। আপত্তি দৰ্শাবলৈ তেওঁৰ হাতত কোনো ব্যৱহাৰ কৰিব পৰা ধৰণৰ চোকা উপায় নাই। শিক্ষকে কৈছে,” আপোনাৰ সন্তানে আগবাঢ়িব পৰা নাই।” খং উঠিছে সন্তানৰ ওপৰত, শিক্ষকৰ ওপৰত। আমাৰ নিচা সাহিত্যত, সন্তানৰ নিচা খেলত। আপুনি তেওঁক কবিতা, গল্প, উপন্যাস পঢ়াৰ তাগিদা দিয়ে, বিভিন্ন কিতাপ-আলোচনী আনি দিয়ে। সন্তানে ঘৰৰ বাৰাণ্ডাত অকলে অকলে টেনিছ ব’লৰ ক্ৰিকেট খেলি থাকে। কিতাপ-আলোচনী অস্পৃশ্য হৈ টেবুলত লাং খাই পৰি থাকে। আপোনাৰ সন্তানৰ হৈ কেশৱ মহন্তই কৈছে—
” শদিয়ানো কি আৰু উজাই যাম
গৈ গৈ গৈ চামপো নৈ পাম।
আপোনাৰ সন্তান অলপ ডাঙৰ হৈছে। বিশ্বপ্ৰকৃতিৰ বিভিন্ন ৰহস্য উদ্‌ঘাটনৰ কৌশল আৰু পদ্ধতি সম্পৰ্কে জানিবলৈ ইচ্ছুক আপোনাৰ সন্তান। আপোনাৰ কথা হ’ল কি লাভ হ’ব এইবোৰ জানি! ডাক্তৰ হ’ব লাগে, সমাজত পৰিয়ালটোৰ সম্ভ্ৰম বাঢ়িব লাগে, প্ৰতিষ্ঠা বাঢ়িব লাগে, নিজৰ আৰ্থিক প্ৰাচুৰ্য বাঢ়িব লাগে, সমাজখনৰ সকলোৱে সমীহ কৰিব লাগে। আপোনাৰ সন্তানৰ কথা হ’ল বিশ্বপ্ৰকৃতি সকলো শিক্ষাৰ ভাণ্ডাৰ। আকাশৰ বিশালতা, গছৰ ডাল-পাতৰ বিন্যাসৰ মাজত লুকাই থকা অংক, অণু-পৰমানুৰ গঠনৰ নিয়মতিতা, বিশ্বপ্ৰকৃতিৰ বিভিন্ন উপাদান সমূহৰ পাৰস্পৰিক সুসম্পৰ্ক আৰু সুষমতা, প্ৰকৃতিৰ বুকুত ৰঙৰ খেলা, বিশ্বজতৰ গতিৰ সংগীতৰ সাৰ্বজনীনতা ইত্যাদি ইত্যাদিৰ পৰাই আমি জ্ঞান আহৰণ কৰি সমাজ আৰু বিজ্ঞানৰ অগ্ৰগতিৰ অগ্ৰণী সৈনিক হ’ব লাগিব। সংকীৰ্ণ চিন্তাৰ মাজত আৱদ্ধ হ’বলৈ আপোনাৰ সন্তানে নিবিচাৰে। আপোনাৰ সংকীৰ্ণতাৰ বিৰোধিতা কৰিবলৈ আপোনাৰ শিশুৱে আকৌ কেশৱ মহন্তৰ ওচৰ চাপিছে—
“শদিয়ানো কি আৰু উজাই যাম
গৈ গৈ চামপো নৈ পাম
মানস সৰোবৰত ৰাতি পুৱাৰ পৰত
এবাৰ গা ধুই চাম”
সেই তুষাৰৰ পানীত আপোনাৰ সন্তানে গা ধুব। কোন সময়ত? ৰাতিপুৱাৰ পৰত। আপোনাৰ মনটোত কষ্ট হৈছেনে? মজা পাইছেনে এতিয়া আপুনি? আপুনি যদি তাক শাস্তি দিব পাৰে, আপোনাকো সি আৰু বেছি শাস্তি দিব পাৰে। আপুনি আপোনাৰ সন্তানৰ ভালৰ কথা চিন্তা কৰিছে। আপোনাৰ সন্তান সমাজৰেই অংশ, অৰ্থাৎ আপুনিও সমাজৰ ভালৰ বাবেই চিন্তা আৰু কষ্ট কৰিছে। আপোনাৰ পদ্ধতিটো কিন্তু বৈজ্ঞানিক নহয়। আপোনাৰ সন্তানৰ বিকাশৰ এক নিৰ্দিষ্ট নিয়ম আছে, নিৰ্দিষ্ট সময়ো আছে। বিকাশ আৰু সময় টানি দীঘল কৰিব নোৱাৰি। আপুনি যদি বিজ্ঞানসন্মত দৃষ্টিভংগী গ্ৰহণ কৰি শিশুমনৰ ইচ্ছা আৰু স্বাধীনতাক সন্মান সহকাৰে স্বীকৃতি দিয়ে, তেতিয়া শিশুৰ বিকাশ ত্বৰান্বিত হ’ব, সমাজ দ্ৰুত গতিত আগবাঢ়িব। কেশৱ মহন্তৰ গীতটোৰ কোলাত বহি আপোনাৰ সন্তানেই কৈছে—-
” হিমালয় বগাই তেতিয়া মা
থপিয়াই ধৰিম জোন
মা চাই থাকাচোন।”
অৰ্থাৎ আপোনাৰ সন্তানে সময়ত ভূমা স্পৰ্শ কৰিব যদিহে আপুনি তাৰ ইচ্ছা আৰু ৰুচিৰ স্বাভাৱিক বিকাশৰ অন্তৰায় হৈ থিয় নিদিয়ে। আপোনাৰ সন্তানেই কৈছে—
” খান্দিম আমি খান্দিম মা
নৈৰ বালিত সোণ “
আমি সাধাৰণ মানুহ। কি ক’ম! চৰণত পৰি কান্দিবলৈ কেশৱ মহন্ত আজি আৰু নাই। জীয়াই থাকোঁতে তেখেতক আমি প্ৰাপ্য স্বীকৃতি আৰু সন্মান দিব নোৱাৰিলোঁ। জুয়ে পোৰা সময়ত তেখেতক ‘লেই-লেই চেই-চেই’ কৰিলোঁ। তাৰ পিছত আমি তেখেতকেই নহয়, নিজকো পাহৰিলোঁ।

One thought on “শদিয়ানো কি আৰু উজাই যাম-(ডা০ ভগবান দেৱ মিশ্ৰ)

  • Anirban Dutta

    সুন্দৰ লেখা ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *