কেন্দ্ৰীয় নিবন্ধ

সমাজ বিজ্ঞান কিয় এক অতি উচ্চস্তৰীয়া বিজ্ঞান? (ইন্দ্ৰজিৎ বৰা)

কলা নে বিজ্ঞান

উচ্চতৰ মাধ্যমিকৰ তিনিটা প্ৰধান শাখাৰ এটাক পৰম্পৰাগতভাৱে ‘কলা’ বুলি কোৱা হয় । পিছে এই শাখাৰ সকলোবিলাক বিষয়েই মানৱ সম্পৰ্কীয় (Humanities) বুলি সাধাৰণভাৱে ক’ব পাৰিলেও কলা বুলিব নোৱাৰি । সমাজ বিজ্ঞান আৰু ভাষাতত্বৰ বিষয়েৰে এই শাখাটি সমৃদ্ধ । সমাজ বিজ্ঞানৰ দৰে অতি উচ্চস্তৰীয়া বিজ্ঞান বাদ দি শাখাটিক কলা নামেৰে কিয় নামকৰণ কৰা হয় বাৰু? আকৌ যেনেকৈ উদ্যোগ হৈছে প্ৰকৃতি আৰু মানুহৰ মাজত প্ৰকৃত ঐতিহাসিক সম্পৰ্ক তেনেকৈ বানিজ্য হ’ল এক সমাজ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যা । প্ৰাকৃতিক বিজ্ঞানৰ বিকাশ প্ৰকৃততে সমাজ বিজ্ঞানৰ বিকাশৰ এক অবিচ্ছেদ্য উপ-সংহতি আৰু দুয়োটাৰ মাজত ঐতিহাসিক ঐক্য আছে ।

ইতিহাসে প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞানৰ কন্টকময় যাত্ৰাৰ কথা সোঁ‌ৱৰাই দিয়ে ৷ কেনেকৈ প্ৰভূত্বশীলৰ ব্যভিচাৰে হয় মখিমূৰ কৰিছিল, নহয় দাসত্বৰ শিকলি পিন্ধাইছিল বৈজ্ঞানিক সত্য আৰু উদ্ভাৱনবোৰক ৷ তেনেদৰে আজি প্ৰযুক্তিৰ খাতিৰত প্ৰাকৃতিক অথবা ভৌতিক বিজ্ঞানৰ বিকাশ সম্ভৱ হ’লেও, সমাজ বিজ্ঞানৰ বিকাশ গণতান্ত্ৰিক প্ৰমূল্যৰ অবিহনে অসম্ভৱ । কাৰণ, গতিশীল সমাজখন অধ্যয়ন কৰিবলৈ লাগে এক পাৰ্থিৱ, স্বতন্ত্ৰ, সামগ্ৰিক আৰু বৈজ্ঞানিক পদ্ধতি ৷ চৌদি আৰৱ, চীন আৰু ৰাছিয়াৰ দৰে সম্পদশালী দেশবিলাকৰ সমাজ বিজ্ঞানৰ অৱস্থা দুখজনক। তাৰ বিপৰীতে, মেক্সিকো, চিলি আৰু আনকি কলম্বিয়াৰ দৰে লেটিন আমেৰিকাৰ বহুতো ৰাষ্ট্ৰত গণতন্ত্ৰৰ প্ৰত্যাৱৰ্তনৰ লগে লগে সমাজ বিজ্ঞানৰ পুনৰুত্থান ঘটিছে। মনকৰিবলগীয়া যে চীন আৰু ৰাছিয়াৰ দৰে ধনী আৰু শক্তিশালী, কিন্তু অগণতান্ত্ৰিক দেশবিলাকৰ বহুতে ভৌতিক বিজ্ঞান আৰু ইলেক্ট্ৰনিক্স, ঔষধ, পৰিবহনৰ দৰে আনুষঙ্গিক প্ৰযুক্তিগত ক্ষেত্ৰবিলাকৰ বিকাশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এইটো স্পষ্ট যে তথ্য সমাজ বিজ্ঞানৰ মূল যদিও তথ্যৰ গ্ৰহনযোগ্যতা গণতন্ত্ৰইহে সুনিশ্চিত কৰিব পাৰে ।

সমাজ প্ৰতিষ্ঠা আৰু অগ্ৰগতিৰ লগে লগে সম্প্ৰদায়, গোট, জাতি-জনজাতি, আৰু আত্মীয়তাৰ সীমা ভেদি বিস্তৃত আদান-প্ৰদান আৰু বাৰ্তালাপ প্ৰয়োজনীয় হৈ পৰিছিল । সমাজৰ অগ্ৰগতিৰ লগে লগে, পৰম্পৰাগত গোট আৰু শ্ৰেণীবোৰৰ ভিতৰত দৃঢ়ভাৱে আবদ্ধ হৈ থকাটো আৰু সম্ভৱ নাছিল। তেতিয়াৰ পৰা বাহ্যিক অন্যজনৰ প্ৰতি সজাগতা আনকি নিজৰ গঠনৰ বাবেও গুৰুত্বপূৰ্ণ হৈ পৰে। উদাহৰণস্বৰূপে সামাজিক স্বাৰ্থৰ বৈচিত্ৰ্যময় দিশবোৰ বিবেচনা নকৰাকৈ যিকোনো নীতি বা অৰ্থনৈতিক পদক্ষেপ অৰ্থহীন হৈ পৰে। অৰ্থনীতিত আমাৰ পৰম্পৰাগত পৰিধিৰ বাহ্যিকতাইয়ো যে অৰিহণা যোগাব পাৰে তাৰ অনুধাৱনৰ পাছতহে ৰাষ্ট্ৰীয় উৎপাদনৰ দৰে সামগ্ৰিক ধাৰণাৰ সৃষ্টি হয়। তেনেকৈ গণতন্ত্ৰই সাৰ্বজনীন আইন প্ৰস্তুত কৰিছিল যিয়ে সকলোকে আদান-প্ৰদান আৰু বাৰ্তালাপৰ সাধাৰণ নিয়মবোৰ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল আৰু তেনেকৈয়ে প্ৰকৃত বিকল্পবোৰ মুকলি কৰি দিছিল। আইন উলংঘা কৰাৰ দৰে ত্ৰুটিয়েই সাৰ্বজনীন আইনৰ দিশত প্ৰথম পদক্ষেপ আছিল। কিয়নো ইয়েই আছিল সকলো ক্ষেত্ৰতে উদ্ভাৱন আৰু উদ্যোগৰ মূল চালিকা শক্তি। আনুষ্ঠানিক নিয়মৰ পৰিধিৰ বাহিৰত উদ্ভাৱন অত্যন্ত দুঃসাহসিক আৰু আধুনিক সমাজৰ ভিতৰতো এইবিলাকক সমাহিত কৰাটো কঠিন। যেতিয়া এনে দুঃসাহসিকতা সামাজিকভাৱে স্বাভাৱিক হয় তেতিয়াহে নতুন উদ্ভাৱন হয় আৰু এনে হোৱাৰ বাবে সাৰ্বজনীন নিয়ম থকাটো অত্যাৱশ্যকীয়।

সমাজ আৰু প্ৰকৃতি

ঐতিহাসিকভাৱে, মানৱ কাৰ্যকলাপৰ কেন্দ্ৰবিন্দুৱেই হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক কিয়নো মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে তাত্ত্বিকভাৱে, প্ৰকৃতিক সমাজৰ পৰা পৃথক বুলি ধাৰণা কৰাটো অমূলক কথা । মাৰ্ক্সৰ পৰ্যবেক্ষণ মতে, ” The idea of one basis for life and another for science is from the outset a lie.”। প্ৰকৃতিক সমাজৰ বাবে বাহ্যিক বুলি উল্লেখ কৰাটো অযৌক্তিক । পজিটিভিজমে প্ৰকৃতিৰ সৈতে এই সম্পৰ্কৰ অনিবাৰ্যতাক উপেক্ষা কৰে, প্ৰকৃতিক এক স্বয়ংক্ৰিয় বাহ্যিক বস্তু বুলি ধাৰণা কৰে, আৰু অৱশেষত তেনে এক অবাস্তৱ প্ৰকৃতিৰ বিশ্লেষণ কৰিবলৈ গৈ স্বাভাৱিকভাৱেই প্ৰতিটো খোজতে স্ববিৰোধত লিপ্ত হয় ।

প্ৰকৃতি আৰু সমাজ কেতিয়াও বাস্তৱৰ দুখন সম্পূৰ্ণ বিচ্ছিন্ন ক্ষেত্ৰ নহয়; বৰঞ্চ প্ৰকৃতিৰ ঐকিক সূত্ৰৰ আভ্যন্তৰত দুয়োখন ক্ষেত্ৰই বৈশিষ্ট্যপূৰ্ণভাৱে বিভাজিত। পুঁজিবাদো প্ৰাকৃতিক নিয়ম অৰ্থাৎ অৰ্থনৈতিক গতি সূত্ৰ অনুসৰি পৰিচালিত হয় যি সামাজিক বিৱৰ্তনৰ কাৰক। অৱশ্যে, পল থমাছে কোৱাৰ দৰে মাৰ্ক্সৰ বিশ্লেষণে সমাজক পদাৰ্থ বিজ্ঞানৰ দৰে কিছুমান অপৰিৱৰ্তনীয় নিয়মৰ অধীন নকৰে । মাৰ্ক্সৰ মতে সামাজিক বিৱৰ্তন এক গতিশীল প্ৰক্ৰিয়া আৰু সমকালিক পৃথিৱীত এইটো নিশ্চিত যে মানৱ সমাজ এক নতুন ব্যৱস্থাৰ দিশে আগবাঢ়িছে য’ত ধ্ৰুপদী অৰ্থনীতিৰ সূত্ৰবোৰ প্ৰযোজ্য নহ’ব । এইটো স্পষ্ট যে পুঁজিবাদী সমাজত পুঁজিপতিসকলৰ অস্তিত্ব বৃহৎ পুঁজিৰ আহৰণ আৰু সম্প্ৰসাৰণৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰক্ৰিয়াত, সামগ্ৰিকভাৱে পুঁজিবাদে নিজৰেই অৱনতি আৰু বিৱৰ্তনৰ বাবে পৰিস্থিতিৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াটো এক নিৰ্দিষ্ট দ্বান্দ্বিক সূত্ৰ অনুসৰি বিকশিত হয়। গতিকে সামাজিকভাৱে সৃষ্টি হোৱা সূত্ৰবোৰ সামাজিকভাৱেই বিলুপ্ত কৰিব পাৰি।

আলফ্ৰেড শ্মিটে মাৰ্ক্সীয় বিশ্লেষণত দুটা ঐতিহাসিক দ্বান্দ্বিক পৰ্যায় চিনাক্ত কৰিছে – প্ৰাক-বুৰ্জোৱা আৰু বুৰ্জোৱা । প্ৰাক-বুৰ্জোৱা পৰ্যায়ত মানুহ প্ৰকৃতিৰ সৈতে একেবাৰে একে আছিল আৰু উলোটা বিধেয়টোৱে (বাহ্যিক প্ৰকৃতি) উদ্দেশ্যৰ (শ্ৰম) ওপৰত পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছিল; মানুহ বাহ্যিক প্ৰকৃতিৰ সম্পূৰ্ণ অংশ হোৱাৰ লগতে ইয়াৰ দ্বাৰা সম্পূৰ্ণকৈ পৰিচালিত হৈছিল। পিছে বুৰ্জোৱা যুগত, মানুহে সামগ্ৰিকভাৱে প্ৰকৃতিক আয়ত্ত কৰিবলৈ সফল হৈছে আৰু লগে লগে মানুহৰ বাবে প্ৰকৃতি এক পৃথক, স্বয়ংক্ৰিয় আৰু বাহ্যিক সত্তা হৈ পৰিছে । এতিয়া উদ্দেশ্যেই বিধেয়ৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু শ্মিটৰ বিপৰীতে মাৰ্ক্সে প্ৰকৃতিৰ ওপৰত আধিপত্যৰ কোনো চিৰন্তন প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰা নাছিল। মাৰ্ক্সৰ মতে, সমাজ আৰু প্ৰকৃতিৰ ঐতিহাসিক ঐক্যসাধনৰ মূলতেই হ’ল ঔদ্যোগিকৰণৰ বাবে প্ৰয়োজনীয় শ্ৰমৰ প্ৰক্ৰিয়া, যি প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক গঢ় দিয়ে । উৎপাদন প্ৰক্ৰিয়াই কেৱল প্ৰকৃতিত উপলব্ধ সামগ্ৰীৰ ৰূপেই নহয়, আনকি প্ৰকৃতিৰো ৰূপ সলনি কৰে। মাৰ্ক্সৰ পৰ্যবেক্ষণ মতে, “Labor in the first place, is a process in which both man and nature participate, and man of his own accord starts, regulates, and controls the material reactions between him and nature. He opposes himself to nature as one of nature’s own forces, setting in motion arms and legs, head and hands, the natural forces of his body, to appropriate nature’s productions in a form adapted to his own wants. By thus acting on the external world and changing it, he at the same time changes his own nature.”। চমুকৈ, শ্ৰমক মানৱ অস্তিত্বৰ এক প্ৰাকৃতিক চৰ্ত হিচাপে গণ্য কৰিব পাৰি । ই মানুহ আৰু প্ৰকৃতিৰ মাজত ভৌতিক বিনিময়ৰ এক চৰ্ত যি সমাজৰ ৰূপ আৰু গাঁথনিৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ।

যিহেতু পুঁজিবাদ বিশ্বব্যাপী বিকশিত হৈছিল আৰু ইয়াৰ দ্বাৰা পূৰ্বৱৰ্তী উৎপাদন প্ৰণালীতকৈ উচ্চ স্তৰৰ উৎপাদনশীলতা অৰ্জন কৰটো সম্ভৱ হৈছিল, ই উৎপাদনৰ আন সকলো পদ্ধতিকেই নিঃশেষ কৰি পেলাইছিল। বিকাশ হৈছে মূলতঃ অৰ্থনৈতিক পৰিৱৰ্তন (বৃহৎ পৰিমাণৰ পুঁজিৰ সম্প্ৰসাৰণ আৰু জমা প্ৰক্ৰিয়া) যাৰ ওপৰত আন সকলো ধৰণৰ পৰিৱৰ্তন নিৰ্ভৰশীল হৈ পৰে। সম্পদৰ পুঁজিবাদী ৰূপ ইয়াৰ প্ৰাকৃতিক ৰূপৰ ব্যৱহাৰিক মূল্যৰ পৰা সম্পূৰ্ণৰূপে স্বতন্ত্ৰ; তথাপিও বিনিময় মূল্য ব্যৱহাৰিক মূল্যৰ ভিতৰতেই থাকে যাতে পুঁজিৰ জমা প্ৰক্ৰিয়াটো প্ৰাকৃতিক পৰিস্থিতিৰ বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। প্ৰকৃতিৰ সৈতে পুঁজিবাদৰ সংঘাতপূৰ্ণ সম্পৰ্কটো এই প্ৰণালীটোক সংজ্ঞায়িত কৰা ব্যৱহাৰিক মূল্য-বিনিময় মূল্যৰ মাজৰ অন্তৰ্নিহিত সংঘাতৰ এক মৌলিক দিশ । কাৰণ একেবাৰে প্ৰাক-বুৰ্জোৱা পৰ্যায়তহে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক সম্পূৰ্ণকৈ ব্যৱহাৰিক-মূল্যৰ সম্পৰ্ক আছিল।

মাৰ্ক্সে ঐকিক বিজ্ঞান অৰ্থাৎ ঐতিহাসিক বিজ্ঞানৰ পোষকতা কৰিছিল। মাৰ্ক্স আৰু এংগেলছে লিখিছিল, “One can look at history from two sides and divide it into the history of nature and the history of men. Both sides are dependent on each other so long as men exist. “। বিজ্ঞানৰ এই ঐক্য মাৰ্ক্সৰ বাবে এক বিমূৰ্ত চিন্তা নাছিল, বৰঞ্চ এক দৃঢ় সামাজিক বিকাশৰ ফলশ্ৰুতি আছিল । প্ৰাকৃতিক বিজ্ঞানে সময়ত যেনেদৰে সমাজ বিজ্ঞানক প্ৰতিস্থাপন কৰিব, তেনেদৰে সমাজ বিজ্ঞানে প্ৰাকৃতিক বিজ্ঞানক প্ৰতিস্থাপন কৰিব আৰু অৱশেষত বিজ্ঞান একেটাই থাকিবগৈ । সমসাময়িক প্ৰাকৃতিক বিজ্ঞান হৈছে ষোড়শ আৰু সপ্তদশ শতিকাত উদ্যোগীকৰণৰ যোগেদি কৰা প্ৰকৃতিৰ বিনিয়োগৰ যি প্ৰয়োজনীয়তা তাৰেই এক ঐতিহাসিক অৱশিষ্ট, আৰু প্ৰকৃতিক মানৱ কাৰ্যকলাপৰ সম্পূৰ্ণ বাহ্যিক হিচাপে ৰখাৰ অন্তৰালতো তেনে এটা ধাৰাবাহিকতাই প্ৰতিফলিত হৈছে । এনে কৰাৰ যোগেদি যেতিয়া বিধেয়টো সম্পূৰ্ণৰূপে উদ্দেশ্যেৰ বাহিৰলৈ যায়, প্ৰাকৃতিক বিজ্ঞান অ-দ্বান্দ্বিক হৈ পৰে। প্ৰকৃতিৰ বাহ্যিকতা বজাই ৰাখিও প্ৰাকৃতিক বিজ্ঞানে প্ৰকৃতিৰ জ্ঞান পৰিসৰ বৃদ্ধি কৰে যাতে পুঁজিবাদে প্ৰকৃতিৰ বিনিয়োগ কৰিব পৰাকৈ প্ৰযুক্তিৰে সমৃদ্ধ হয় ।

বানপানী আৰু সমাজ বিজ্ঞান

প্ৰসঙ্গক্ৰমে বানপানীৰ দৰে জলবায়ু পৰিৱৰ্তনৰ সমস্যাবিলাকৰ ক্ষেত্ৰত সমাজ বিজ্ঞানৰ গুৰুত্বক একেবাৰেই আওকাণ কৰা হয় । তাৰ প্ৰতিফলন হয় সামাজিক উপৰিসৌধত । আচলতে বানপানীৰ ধংসলীলা যেনেকৈ সৰ্বকালিক, আৰ্থ-সামাজিক সমীকৰণৰ খোপনিটোও একেদৰে সৰ্বকালিক ৷ আমি জানো যে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৈজ্ঞানিক অনুসন্ধান, প্ৰযুক্তি আৰু অভিযান্ত্ৰিক কৌশলৰ যথেষ্ট বিকাশ হৈছে আৰু এতিয়ালৈকে নোহোৱাখিলি বিকশাই ল’বও পৰা যাব । সেয়ে বাননিয়ন্ত্ৰণ প্ৰকৃততে কেৱল ভৌতিক-প্ৰাকৃতিক বিজ্ঞান আৰু তাৰ আনুষাংগিক প্ৰযুক্তিৰ প্ৰশ্ন কেৱল নহয়, ই মূলতঃ সমাজ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰশ্নহে । সমাজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সুনিশ্চিত কৰিলেহে সেয়া সম্ভৱ হ’ব ৷

এক ব্যাপক উপত্যকা ভিত্তিক পৰিকল্পনাৰে কৰা ব্ৰহ্মপূত্ৰ প্ৰকল্পৰ যে এতিয়ালৈকে একো আভাসেই পোৱা নাছিল সেয়া নহয়, আমি প্ৰায়ে সমালোচনা কৰি থকাৰ দৰে আমাৰ পৰিৱেশ বিজ্ঞান, ভুতত্ব বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যা নিম্নস্তৰৰ সেয়া তাৰ কাৰণ নহয় আৰু তেনে এটা প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অৰ্থায়নৰ কোনো পথ নাই বুলি অপপ্ৰচাৰ যে একেবাৰে নহয় । স্বৰাজোত্তৰ ভাৰতৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে ১৯৪৯ চনতেই প্ৰকাশ কৰা আধুনিক ভাৰত নামৰ ধাৰাবাহিক পত্ৰিকাৰ ৬ নম্বৰ সংস্কৰণত এই বুলি উল্লেখ আছে: “The present policy of keeping floods in check by marginal embankments is not successful. It costs large sums of money, is un-remunerative, and does not provide protection against major floods.” তেন্তে আমাৰ শব্দ-শৃংখলত সদায় আওৰাই থকা প্ৰশাসনিক দক্ষতা, বিজ্ঞান-প্ৰযুক্তি, সঞ্চালনৰ দক্ষতা, অৰ্থায়নৰ কোনো অভাৱেই আচলতে অন্তৰায় নহয় । গণতান্ত্ৰিক শাসন সৰ্বোত্তম প্ৰযুক্তি, কিন্তু ইয়াৰ নেপথ্যত থকা আৰ্থ-সামাজিক শক্তিবোৰেই এই সমসাময়িক শব্দ শৃংখলবোৰেৰে উপৰিসৌধ সাজি লয় । বানপানীৰ অন্তৰালত থকা দুয়োটা ভৌতিক কাৰক – জলবায়ুৰ প্ৰভাৱ আৰু মানৱীয় হস্তক্ষেপ যেনেকৈ বাস্তৱ, তেনেকৈ মানৱীয় হস্তক্ষেপৰ মূল চালিকাশক্তি হিচাবে আৰ্থ-সামাজিক শক্তিবোৰো বাস্তৱ । সামগ্ৰিক আৰ্থ-সামাজিক স্বাৰ্থক, প্ৰাকৃতিক পৰিবেশৰ ওপৰত প্ৰভাৱ আৰু জলবায়ুৰ পৰিৱৰ্তনক – আভ্যন্তৰীণকৰণ কৰি ব্যাপক ব্ৰহ্মপূত্ৰ প্ৰকল্পক সামগ্ৰিক আৰ্থ-সামাজিক স্বাৰ্থত সঁচাৰূপ দিয়াটো এক ব্যাপক সমাজ বৈজ্ঞানিক প্ৰকল্প ।

শক্তি আৰু শক্তি অৰ্থনীতি

তেনেদৰে ক্ষয়িষ্ণু প্ৰাকৃতিক সম্পদৰ প্ৰশ্নবোৰ কেৱল প্ৰাকৃতিক বিজ্ঞানৰ নহয় । উল্লেখযোগ্য যে শক্তি আৰু শক্তি অৰ্থনীতি – এই দুয়োটা পৰস্পৰ সম্পৰ্কিত ক্ষেত্ৰই একোটাকৈ বিশুদ্ধ বিজ্ঞানৰ বিষয় হিচাবে বিদ্যায়তনিকভাৱে অৱহেলিত হৈ আছে । এই বিশ্বস্তৰীয় পৰিঘটনাটোৰ ভৱিষ্যতলৈ পৰিনাতি আছে । বিশেষকৈ শক্তিখণ্ডৰ সমষ্টিগত নীতি নিৰ্দ্ধাৰণৰ দিশত । বিদ্যায়তনিকভাৱে শক্তি কেৱল অভিযান্ত্ৰিক বিষয় হিচাবে আৰু শক্তি অৰ্থনীতি শক্তিখণ্ডৰ কেৱল প্ৰশাসনিক আৰু বিত্তীয় বিষয় হিচাবেই সীমাবদ্ধ হৈ আছে । ফলস্বৰূপে জীৱাস্ম উৎসৰ পৰা বিকল্প অক্ষয় শক্তি উৎসলৈ আসন্ন বহুচৰ্চিত বিৱৰ্তনৰ সামগ্ৰিক প্ৰশ্নবিলাকৰ উত্তৰ দিব পৰাকৈ সমৰ্থবান হৈ উঠা নাই । বজাৰে বিদ্যায়তনিক গুৰুত্ব কমালেও, মানৱ সমাজৰ বাবে এই প্ৰশ্নবোৰ বহুত গুৰুত্বপূৰ্ণ । সমাজ আৰু বজাৰৰ সংঘাত ইয়াতেই।

অক্ষয় শক্তি উৎসৰ বিকাশৰ বাবে পুঁজিৰ বিনিয়োগ নিৰ্দ্ধাৰণ আৰু তাৰবাবে প্ৰয়োজনীয় জীৱাস্ম শক্তি উৎসৰ সম্পূৰ্ণ চিত্ৰখন এতিয়াও স্পষ্ট নহয় । কাৰণ, কেৱল শেষৰজন উপভোক্তাই শক্তি ব্যৱহাৰ নকৰে, পুঁজিৰ বিনিয়োগতো প্ৰচুৰ শক্তিৰ ব্যৱহাৰ হয় । বৰঞ্চ এইটো প্ৰতিষ্ঠিত যে শক্তি প্ৰাবল্যতা, উপভোগতকৈ পুঁজিৰ বিনিয়োগত বহুত বেছি । গতিকে জীৱাস্ম উৎসবোৰ অব্যৱহাৰ্য হৈ যোৱাৰ আগতে বিকল্প শক্তি উৎসৰ ব্যাপক প্ৰসাৰ কৰা মানে জীৱাস্ম উৎসৰ ওপৰতেই অতিৰিক্ত বোজা দিয়া । এইটো অনুমান কৰা হৈছিল যে জীৱাস্ম উৎসবোৰ শেষ হৈ অহাৰ লগে লগে উৎপাদন ব্যয় বাঢ়িব আৰু পোনপটীয়াকৈ দাম বাঢ়ি যাব । তেনেকৈয়ে এটা সময়ত বজাৰৰ বৰ্ধিত মূল্য হেতু ই ব্যৱহাৰ্য হৈ নাথাকিব । অন্যহাতেদি যাতায়তৰ ক্ষেত্ৰখনত বৈদ্যুতিক ইঞ্জিনৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ লগে লগে পেট্ৰ’লিয়ামজাত ইন্ধনৰ চাহিদা আৰু দামৰ ওপৰত নিম্নমূখী প্ৰভাৱ পেলাব । কিন্তু এই বিদ্যুৎ শক্তি ক’ৰ পৰা উৎপন্ন হ’ব ? মহানগৰত বৈদ্যুতিক চালিত পৰিবহণ হ’লে নিৰ্গমন মহানগৰৰ পৰা দূৰৈৰ শক্তি উৎপাদন কেন্দ্ৰলৈ লৈ যোৱা হয় । বিদ্যুৎ নিজে প্ৰাথমিক শক্তি উৎস নহয়, ইয়াক শক্তি পৰিবহনৰ মাধ্যম বুলিহে ক’ব পাৰি । মনকৰিবলগীয়া যে জীৱাস্ম উৎসৰ পৰা যেনেকৈ বিদ্যুৎ উৎপাদন হয় তেনেকৈ অক্ষয় শক্তি উৎসৰ বাবে দৰকাৰী পুঁজিৰ বিনিয়োগত লগা শক্তিৰ ইন্ধন জীৱাস্ম উৎসৰ পৰাই আহে । এক কথাত জীৱাস্ম উৎস ব্যৱহাৰ অবিহনে অক্ষয় শক্তি উৎসৰ বাবে দৰকাৰী পুঁজিত বিনিয়োগ অসম্ভৱ ।

বিত্তীয় ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ এক যৌগিক ঔপৰিসৌধ । পুঁজিবাদী বিকাশে সৃষ্টি কৰা গোলকীয় সংহতিৰ মূল সূত্ৰধাৰেই হ’ল বিত্তীয় পুঁজি । ঔপৰিসৌধত থাকিয়েই বিত্তীয় পুঁজিয়ে যেতিয়া সম্পূৰ্ণ কৰ্তৃত্ব ল’বলৈ লয়, ইয়াৰ সকলো ভ্ৰম বাহিৰলৈ উলাই আহে । এহাতেদি স্পেকুলেচনে সৃষ্টি কৰা সম্পত্তিৰ কাল্পনিক মূল্যবৃদ্ধি আৰু অন্যহাতেদি পুঁজিৰ অবাধ সৰবৰাহে সৃষ্টি কৰা – নিবনুৱা আৰু অত্যাধিক উৎপাদনৰ দৰে বৈপৰীত্য – নিশ্চয় ভ্ৰমৰ অবিহনে অসম্ভৱ কথা । এই ভ্ৰমে বিশ্বব্যাপী নাগৰিকৰ যি মৌলিক গনতান্ত্ৰিক অধিকাৰ তাকেই বিকৃত কৰি পেলাইছে ।

এইখিনিতে অৰ্থনীতিত যেনেকৈ বিত্তৰ, তেনেকৈ শক্তিখণ্ডত আছে বৈদ্যুতিক শক্তিৰ ভ্ৰম । শক্তিখণ্ডৰ সংহতি মানেই বৈদ্যুতিক শক্তিৰ উৎপাদন আৰু পৰিবাহী গ্ৰিডবিলাকৰ মাজত সংযোগ স্থাপন । বিভিন্ন শক্তি উৎসবিলাকৰ পৰা উৎপাদিত শক্তিৰ পৰিবহন আৰু বিতৰণৰ যৌগিক ব্যৱস্থাই হ’ল বৈদ্যুতিক শক্তিৰ সঞ্চালন । মন কৰিবলগীয়া যে বৈদ্যুতিক শক্তি নিজে শক্তিৰ উৎস নহয় । ই শক্তি পৰিবহনৰ মাধ্যম অৰ্থাৎ বিভিন্ন উৎসবিলাকত অন্তৰ্নিহিত হৈ থকা শক্তিৰ মৌলিক ৰূপবোৰৰ পৰা এক উমৈহতীয়া ৰূপান্তৰ । মানৱ সভ্যতা বিকাশৰ প্ৰযুক্তিগত দিশটো বৈদ্যুতিক শক্তিৰ বিভিন্ন প্ৰয়োগৰ মাজতেই নিহিত আছে বুলি ক’লেও বঢ়াই কোৱা নহয় । কিন্তু শক্তি উৎসৰ মুঠ শক্তি উৎপাদন ক্ষমতাৰ ওপৰতহে শক্তিখণ্ডৰ ভৱিষ্যত নিৰ্ভৰ কৰিব । অৰ্থাৎ কোনো শক্তি উৎসৰ পৰা মুঠ উৎপাদিত শক্তি হ’ল শক্তি উৎপাদন প্ৰক্ৰিয়াত খৰচ হোৱা শক্তিখিনি বাদ দিলে যিমান অতিৰিক্ত শক্তি মানুহৰ ব্যৱহাৰ কাৰনে বাকী থাকেগৈ ।

বিত্তীয় পুঁজিয়ে সৃষ্টি কৰা ভ্ৰমৰ প্ৰভাৱ কোনো এক উদ্যোগিক প্ৰকল্পৰ প্ৰযুক্তিগত অৰ্থনৈতিক নিৰূপণৰ (Techno-economic Analysis) মাজত পোনপটীয়াকৈ ধৰা নপৰে । কাৰণ বিত্তীয় পুঁজিয়ে সৃষ্টি কৰা পৰিস্থিতিতন্ত্ৰটোৱেই প্ৰকল্প নিৰূপনৰ বাস্তৱ ভেটি হৈ পৰে আৰু কোনো সূক্ষ্ম অৰ্থনৈতিক এককৰ পক্ষে তাক প্ৰত্যাহ্বান জনোৱাটো সম্ভৱ নহয় । গতিকে এইটো বাস্তৱ সত্য যে এই উদ্যোগিক প্ৰকল্প বিলাকৰ প্ৰযুক্তিগত অৰ্থনৈতিক নিৰুপনো ভ্ৰমেৰে আক্ৰান্ত হ’ব পাৰে ।

যেতিয়া কোনো সমষ্টিগত অৰ্থনৈতিক ক্ষেত্ৰৰ প্ৰযুক্তিগত বহনীয়তাৰ বিশ্লেষণ কৰিবলৈ যোৱা যায়, তেতিয়া কিন্তু বিত্তীয় ভ্ৰমৰ প্ৰত্যাহ্বানবিলাক লগে লগেই চকুত পৰে । উদাহৰণস্বৰূপে, শক্তিৰ বিভিন্ন উৎসবিলাকৰ প্ৰযুক্তিগত সাধ্যতাৰ (Technical Feasibility) একমাত্ৰ ভ্ৰমমুক্ত (বিদ্যায়তনিকভাৱে?) মাপকাঠি হ’ল মুঠ শক্তি (Net Energy) অথবা শক্তি উৎপাদন আৰু তাৰ বাবে হোৱা শক্তি খৰচৰ অনুপাত (Energy Return on Energy Invested – EROI)। প্ৰথমটোৰ একক হ’ল ৱাট (গিগা, মেগা, কিলো ইত্যাদি) আৰু দ্বিতীয়টো যিহেতু অনুপাত সেয়ে এককহীন সংখ্যা যদিও তাৰ নিৰ্ণয়ৰ বাবে লব আৰু হৰ দুয়োটাৰে একক ৱাট হ’ব লাগিব । এই শক্তি উৎপাদন আৰু তাৰ বাবে হোৱা শক্তি খৰচৰ অনুপাত অৰ্থাৎ EROI জীৱাষ্ম উৎসবিলাকৰ সবাতোকৈ বেছি (>১০) আৰু এই উৎসবিলাকৰ মাজত নিহিত থকা ৰাসায়নিক শক্তিয়েই ইয়াৰ মূল কাৰণ । যোৱা শতিকাৰ উদ্যোগিক বিকাশৰ মূলতে এই জীমাষ্ম উৎসবিলাকৰ পৰা উৎপাদন কৰা বৃহৎ পৰিমানৰ কৰ্তৃত্বাধীন শক্তি (Discretionary Energy) বুলি ক’ব পাৰি । কৰ্তৃত্বাধীন শক্তি হ’ল মুঠ শক্তিৰ (Net Energy) পৰা ৰাহি হৈ যোৱা অতিৰিক্ত শক্তি যাৰ ব্যৱহাৰিক দিশটোৰ লগত অন্তৰ্নিহিত হৈ আছে অবহনক্ষম পৰিৱেশ আৰু সমাজৰ জটিল প্ৰশ্ন । এতিয়া আমি যিমানবিলাক বৈকল্পিক শক্তি উৎসৰ কথা কওঁ যেনে সৌৰ, বতাহ, ভূতাপ ইত্যাদি, এই সকলোবিলাকৰ বাবে এই শক্তি উৎপাদন আৰু তাৰ বাবে হোৱা শক্তি খৰচৰ অনুপাত অৰ্থাৎ EROI টো তেনেই ক’ম (বিভিন্ন গৱেষণাপত্ৰত ০-৩ ৰ ভিতৰত বুলি কোৱা হৈছে) । এই উৎসবিলাকৰ ক্ষেত্ৰত অনিশ্চয়তা আৰু নিম্ন শক্তি প্ৰাবল্যতা তাৰ মূল কাৰণ আৰু এই ক্ষেত্ৰত শক্তি উৎপাদন প্ৰক্ৰিয়াৰ প্ৰযুক্তিগত বিকাশৰো এক প্ৰাকৃতিক সীমা থাকে ।

এতিয়া মূল প্ৰশ্নটো হ’ল এই শক্তি উৎপাদন আৰু তাৰ বাবে হোৱা শক্তি খৰচৰ অনুপাত অৰ্থাৎ EROIটো নিৰ্ণয় কৰিবলৈ লব আৰু হৰ দুয়োটাতে লগা শক্তিৰ পৰিমানবোৰ শক্তিৰ এককত (অৰ্থাৎ ৱাটত) একেবাৰে দুৰ্লভ । এতিয়া মানুহৰ শ্ৰমৰ পৰা আৰম্ভ কৰি ইন্ধনলৈকে – বিভিন্ন শক্তিৰ পৰিমানবোৰো বিভিন্ন মূদ্ৰাৰ এককতহে উপলব্ধ যিটো বজাৰে নিৰ্ণয় কৰা দামৰ ওপৰত নিৰ্ভৰশীল । গতিকে মুদ্ৰাৰ এককৰ পৰা শক্তিৰ এককলৈ ৰূপান্তৰ কৰি প্ৰকৃত অনুপাত নিৰ্ণয় কৰাটো এতিয়া প্ৰায় দুঃসাধ্য প্ৰক্ৰিয়া । গতিকে, বিভিন্ন শক্তি উৎসৰ প্ৰযুক্তিগত সাধ্যতাৰ মাপকাঠিৰ এই অনুপাতটোও বিত্তীয় ভ্ৰমৰ পৰা মুক্ত নহয় ।

সমাজ বৈজ্ঞানিক দৃষ্টিৰে ড০ ধনীৰাম বৰুৱাৰ বিতৰ্ক

প্ৰসঙ্গক্ৰমে সমাজ বৈজ্ঞানিক দৃষ্টিৰেহে ড০ ধনীৰাম বৰুৱাৰ বিতৰ্কিত দাবীবোৰ আলোচনা কৰিব লাগিব । ড০ বৰুৱাই কৰা দাবী আৰু প্ৰশ্নবোৰ বিজ্ঞানসন্মতভাবে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ । তাৰবাবে বিজ্ঞানসন্মতভাৱে কৰিব পৰা পৰীক্ষা পদ্ধতিও বিকাশ হ’ব লাগিব । কিন্তু এই প্ৰশ্নবিলাকক পোনচাটেই নাকচ কৰাৰ প্ৰৱণতাৰ অন্তৰালত এক সমাজতান্ত্ৰিক দিশো লুকাই থাকে । এইখিনিতে উল্লেখযোগ্য যে ৰাষ্ট্ৰৰ শ্ৰেণী চৰিত্ৰই সৃষ্টি কৰা এই চিন্তাৰ খোৰোংটো বিপদজনক । কাৰণ নতুন চিন্তাবোৰ সদায় প্ৰান্তীয় । প্ৰতিষ্ঠিত স্বাৰ্থই তেনে প্ৰশ্নবোৰ পোনচাটেই নাকচ কৰিব পাৰে অথবা গৱেষণাকো একাষৰীয়া কৰিব পাৰে ।

অবহনীয় জীৱন ধাৰা আৰু তাৰ সামূহিক স্বাস্থ্যৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ এটা ডাঙৰ প্ৰশ্ন । ধনীৰাম বৰুৱাৰ প্ৰশ্ন আৰু অন্বেষণ সমাজতান্ত্ৰিক সমাধানলৈকে হয়তো বিস্তৃত হ’ব নোৱাৰে । সামগ্ৰিকভাৱে স্বাস্থ্যৰ ওপৰত পৰা অবহনীয় জীৱনধাৰাৰ প্ৰভাৱৰ উন্মোচন আছে পুঁজিৰ প্ৰাবল্যতা আৰু শ্ৰমিকৰ শ্ৰমহীনতাই সৃষ্টি কৰা অবহনক্ষম জীৱনশৈলী আৰু জীৱিকা পদ্ধতি একেবাৰে অবহনীয় । অবহনক্ষম জীৱনশৈলীৰ মূলতে হৈছে ভোগৰ ধৰণৰ অসমতুলতা । যাৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত অসহনীয় চাপ পৰাৰ লগতে পৰিৱেশ, সমাজ, অৰ্থনীতি আৰু স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিছে । প্ৰকৃতি আৰু সম্প্ৰদায় নিৰ্ভৰ জীৱনশৈলী সদায়ে বহনক্ষম, স্বাস্থ্যসন্মত আৰু অধিক সুৰক্ষিত। সাম্প্ৰতিক সামাজিক-অৰ্থনৈতিক বৈষম্যই শোচনীয় দৰিদ্ৰতাৰ সৃষ্টি কৰি এহাতে অপুষ্টি আৰু আনহাতে চাপপূৰ্ণ জীৱনৰ কাৰক হৈ পৰিছে । পাৰিৱেশিক অসমতুলতাই মানৱ দেহৰ বিসংগতিৰ এক সামগ্ৰিক কাৰক হিচাবে পৰিগণিত হৈছে। তেনে প্ৰতিকূল পৰিৱেশত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সন্দেহাতীতভাৱে অনবদ্য সাফল্য লাভ কৰিছে আধুনিক চিকিৎসা বিজ্ঞানে। এই চিকিৎসা পদ্ধতিয়ে পুঁজিগত সমৃদ্ধি তথা শ্ৰমৰ যান্ত্ৰিকীকৰণৰ তৎকালীন প্ৰয়োজন পূৰণ কৰিছে। কিন্তু মানুহৰ সামগ্ৰিক জীৱনধাৰা সম্পৰ্কীয় প্ৰশ্নবোৰ এতিয়াও উত্তৰহীন হৈয়ে আছে, যিবোৰ সমাজ বৈজ্ঞানিক প্ৰশ্ন।

উপসংহাৰ

সমাজ বিজ্ঞান এক অতি উচ্চস্তৰীয়া বিজ্ঞান । সমাজ বিজ্ঞানক আখ্যান-উপাখ্যানৰ দৰে পঢ়াৰ কথা কোৱা নহয় । আখ্যান-উপাখ্যানকহে সমাজ বৈজ্ঞানিক পদ্ধতিৰে পঢ়াৰ কথা কোৱা হয় । মানৱ অন্বেষণৰ ইতিহাসেই আচলতে বৈজ্ঞানিক পদ্ধতিৰ বিকাশৰ ইতিহাস । মানুহৰ নিভাঁজ অনুসন্ধিৎসু মনটোৱে প্ৰাকৃতিক জগতখন পৰ্যবেক্ষণ কৰিব পৰাকৈ এক ধাৰাবাহিক সুসংগঠিত প্ৰক্ৰিয়া অব্যাহত ৰাখিব পৰাৰ ব্যৱস্থাটোৱেই বৈজ্ঞানিক পদ্ধতি । তেনেদৰে ইয়াৰ ফলশ্ৰুতি হিচাবে প্ৰকৃতিক অনুসৰণ আৰু তাক পৰিবৰ্ধিত কৰি মানুহৰ তাৎকালিক উপযোগিতালৈ ৰূপান্তৰ কৰাটোৱেই প্ৰযুক্তিৰ বিকাশ । প্ৰযুক্তিৰ বিকাশো এক সামাজিক প্ৰক্ৰিয়া । উদাহৰণস্বৰূপে নতুন প্ৰযুক্তি এটাৰ বানিজ্যিক সাধ্যতা নিৰূপণে বহুক্ষেত্ৰত তাৰ কাৰিকৰী সাধ্যতাকো গৌণ কৰি পেলায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *