সম্পাদকৰ টোকা :: বৈশ্বিক মহামাৰী আৰু এটা নৰখাদক নাহৰফুটুকী (কৌশিক দাস)
বিগত কেইটিমান মাহত কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ মানৱ-সমাজখনত অতল সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ভাইৰাছটোৱে হ’ম’ ছেপিয়ান্স-ৰ শৰীৰত জন্ম দিয়া ৰোগ কভিড ১৯, আৰু তৎজনিত আৰ্থিক-সামাজিক-ৰাজনৈতিক ঘটনাৱলীয়ে ভৱিষ্যতৰ মানৱ-ইতিহাসত গুৰুত্ব সহকাৰে স্থান লাভ কৰাটো নিশ্চিত। কৰ’না আৰু কভিডেই হৈছে আমাৰ এই চমু আলোচনাৰ বিষয়। মূল প্ৰসংগলৈ যোৱাৰ আগতে এশ বছৰ আগৰ চিত্তাকৰ্ষক ঘটনা কিছুমানৰ কথা উল্লেখ কৰি লওঁ।
১৯১৯ চনৰ কথা। উত্তৰ ভাৰতৰ গাঢ়োৱাল অঞ্চলত আবিৰ্ভাৱ হৈছিল এটা নৰখাদক নাহৰফুটুকীৰ। ১৯১৯-ৰ পৰা ১৯২৬ চনলৈ—আঠোটা বছৰ ধৰি—, বিস্তীৰ্ণ এক পাহাৰীয়া গ্ৰাম্য অঞ্চলৰ অগণন মানুহে নাহৰফুটুকীটোৰ বাবে ভয়াবহ আতংকৰ মাজত দিন কটাবলগীয়া হৈছিল। মানুহ সন্ধিয়াৰ পাছত কেতিয়াও ঘৰৰ বাহিৰলৈ নোলাইছিল—কোৱা হৈছিল যে জাৰি কৰা সত্ত্বেও সান্ধ্য আইন বা কাৰ্ফু পৃথিৱীৰ ক’তো ইমান সফল হোৱা নাছিল, যিমান স্বতস্ফূৰ্তভাৱে গাঢ়োৱাল অঞ্চলত মানুহ সেই সাতোটা বছৰ ধৰি ঘৰৰ মাজত সোমাই আছিল। তাৰ মাজতো, অতি চতুৰ শ্বাপদটোৱে অভাৱনীয় কৌশল প্ৰদৰ্শন কৰি এটাৰ পাছত এটাকৈ মানুহ চিকাৰ কৰি গৈছিল। সেইটোৰ দৰে প্ৰচাৰ পোৱা নাহৰফুটুকী বিশ্বত দ্বিতীয় এটা আৰু নাই; বিশ্বৰ নানান সংবাদপত্ৰত নাহৰফুটুকীটোৰ বাতৰি নিয়মিতভাৱে প্ৰকাশ পাইছিল। “ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকী” বুলি জনাজাত হৈ পৰা নৰখাদকটোক প্ৰখ্যাত প্ৰকৃতিবিদ জিম কৰবেটে শিহৰণকাৰী অভিযান এটাৰ অন্তত গুলিয়াই মাৰিবলৈ সক্ষম হৈছিল।
সাধাৰণতে নৰখাদক নাহৰফুটুকী দেখা নাযায়। গতিকে স্বাভাৱিকতেই প্ৰশ্ন উঠিব, ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকীটোৱে কিয় মানুহ খাবলৈ আৰম্ভ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ জিম কৰবেটে তেওঁৰ এখনি যুগজয়ী গ্ৰন্থ “ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকী”-ত (The Man-eating Leopard of Rudraprayag) বৰ মনোগ্ৰাহীকৈ দিছে। ১৯১৮ চনত সমগ্ৰ বিশ্বতেই এবিধ বিশেষ ইনফ্লুৱেঞ্জা ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। এই ৰোগটোক কোৱা হৈছিল “স্পেনিছ ফ্লু” বুলি। স্পেনিছ ফ্লু-ত আক্ৰান্ত হৈ ভাৰততো মৃত্যু হৈছিল অগণন মানুহৰ। গাঢ়োৱাল অঞ্চলত হিন্দু ধৰ্মাৱলম্বী লোক আছিল সৰহ, তেওঁলোকে স্বাভাৱিক অৱস্থাত সকলো ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে মৃতদেহ দাহ কৰিছিল। কিন্তু ১৯১৮ চনত উক্ত অঞ্চলত স্পেনিছ ফ্লু-ত দৈনিক ইমান বেছি মানুহৰ মৃত্যু হৈছিল যে সকলোবোৰ মৃতদেহ দাহ কৰাটো হৈ পৰিছিল অসম্ভৱ। সেইবাবে মৃতদেহবোৰ পাহাৰৰ তললৈ পেলাই দিয়া হৈছিল। সহজতে পোৱা তেনে মৃতদেহবোৰ ভক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল নাহৰফুটুকী এটাই। ১৯১৯ চনত যেতিয়া স্পেনিছ ফ্লু-ৰ সংক্ৰমণ উক্ত অঞ্চলত কিছু কমি গৈছিল, তেতিয়া তেনে মৃতদেহ নাহৰফুটুকীটোৰ বাবে ক্ৰমাৎ হৈ পৰিছিল দুৰ্লভ। ইতিমধ্যেই নাহৰফুটুকীটোৱে মানুহৰ মাংসৰ জুতি পাই তাক এৰিব নোৱৰা হৈছিল। গতিকে সি মানুহ মাৰি খাবলৈ আৰম্ভ কৰিছিল, আৰু কুখ্যাত হৈ পৰিছিল ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক নাহৰফুটুকী নামেৰে।
প্ৰসংগত কথা এটা উল্লেখ কৰি থওঁ। তেতিয়াৰ ভাৰতত ধৰ্মৰ নামত ব্যাপক অবিশ্বাস-ঘৃণা-বিদ্বেষেৰে পৰিপূৰ্ণ যুক্তিহননকাৰী মেৰুকৰণ এতিয়াৰ দৰে ইমান তীব্ৰ হোৱা নাছিল। সেইবাবেই হয়তো নৰখাদকটোৰ আবিৰ্ভাৱৰ বাবে মৃতদেহ দাহ নকৰি পেলাই দিয়া কথাটোক ভিত্তি কৰি, ধৰ্মীয় দৃষ্টিকোণৰ পৰা উত্থাপিত কোনো অভিযোগ-প্ৰতিঅভিযোগৰ প্ৰামাণ্য নথিপত্ৰ পাবলৈ নাই। সি যি নহওক, উপৰিউক্ত কথাটোৱে মহামাৰী একোটাৰ সংহাৰক তীব্ৰতাৰ কথা স্পষ্টভাৱে প্ৰতীয়মান কৰে। ভাৰতবৰ্ষত আঞ্চলিকভাৱে সময়ে সময়ে কিছুমান ৰোগে ভয়াবহ মহামাৰীৰ ৰূপ পৰিগ্ৰহ কৰাটো নতুন কথা নহয়। কলেৰা, বৰ আই আদিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰি সৰু-বৰ গাঁও উছন কৰাৰ বহুতো উদাহৰণ আছে। কিন্তু পৰিসৰৰ কথা বিবেচনা কৰিলে স্পেনিছ ফ্লু তেনে মহামাৰীতকৈ অধিক ব্যাপক, অধিক সংহাৰক, অধিক ভয়াবহ আছিল। ৰোগটোৰ কবলত পৰিছিল বিশ্বৰ বহুতো দেশৰ মানুহ, পৃথিৱীৰ নানান প্ৰান্তত মৃত্যুৰ মুখত পৰিছিল অসংখ্যজন। এনে মহামাৰীক আমি বৈশ্বিক মহামাৰী (Pandemic) বুলিব পাৰোঁ। স্পেনিছ ফ্লু-ত আক্ৰান্ত হোৱা লোকৰ পৰিসংখ্যাটোলৈ চালেই কথাটো পৰিষ্কাৰ হ’ব। সমগ্ৰ বিশ্বত এই ৰোগত আক্ৰান্ত হৈছিল প্ৰায় ৫০ কোটি মানুহ, সেয়া আছিল বিশ্বৰ তেতিয়াৰ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ। একেবাৰে সঠিক হিচাপ পোৱা নগ’লেও কোৱা হয় যে ১০ কোটি পৰ্যন্ত লোকৰ প্ৰাণ স্পেনিছ ফ্লু-এ কাঢ়ি লৈছিল। সেইবাবেই ইয়াক মানৱ-ইতিহাসৰ সকলোতকৈ ভয়াবহ আৰু সংহাৰক বৈশ্বিক মহামাৰীৰ মাজৰ এটা বুলি গণ্য কৰা হয় (দ্ৰষ্টব্য : Arnold D, 2019, Dearth and the Modern Empire: The 1918–19 Influenza Epidemic in India, Transactions of the Royal Historical Society, 29: 181-200)। সদ্য উদ্ধৃত সূত্ৰটোৰ মতে এই বৈশ্বিক মহামাৰীয়ে ভাৰতবৰ্ষৰ তেতিয়াৰ জনসংখ্যাৰ ৫%-ক নিঃশেষ কৰি দিছিল, মৃত্যু হৈছিল প্ৰায় এক কোটি দুই নিযুত মানুহৰ।
মানৱজাতিৰ জ্ঞাত ইতিহাসৰ ভয়াবহ বৈশ্বিক মহামাৰীৰ তালিকাত স্পেনিছ ফ্লু-ৰ স্থান সম্ভৱ ১৩৪৮ চনৰ পৰা ১৩৫১-লৈ চলি থকা ব্লেক ডেথ্-ৰ ঠিক পাছতেই পৰিব। ইতিহাসত ব্লেক ডেথ্ আৰু তৎজনিত ঘটনাৱলীৰ বিস্তাৰিত ব্যাখ্যা-বিশ্লেষণ সুলভ। কিন্তু তাৎপৰ্যপূৰ্ণ কথা, স্পেনিছ ফ্লু ইমান সংহাৰক বৈশ্বিক মহামাৰী হোৱাৰ পাছতো, যোৱা এশ বছৰৰ ভাৰতৰ লিখিত ইতিহাসত সি কোনো তাৎপৰ্যপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম নহ’ল। কথাটো বৰ আচৰিত। এইখিনিতেই আমি স্মৰণ কৰি ল’ব পাৰোঁ যে কুখ্যাত জালিয়ানওয়ালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৯১৯ চনৰ এপ্ৰিল মাহত। অন্যহাতেদি স্পেনিছ ফ্লু-ৰ আক্ৰমণৰ অভিঘাত ভাৰতত ১৯২০ চনলৈ চলি আছিল। স্পষ্টতঃ দেখা যায় যে ভয়ংকৰ বৈশ্বিক মহামাৰীটোৰ প্ৰচণ্ড সংহাৰ চলি থকাৰ সময়তো ভাৰতত স্বাধীনতা-সংগ্ৰাম ব্যাহত হৈ পৰা নাছিল। প্ৰসংগত উল্লেখ কৰা যায় যে এটা সূত্ৰ অনুসৰি মোহনদাস গান্ধীও স্পেনিছ ফ্লু-ত আক্ৰান্ত হৈছিল (দ্ৰষ্টব্য: gulfnews.com/opinion/op-eds/how-the-spanish-flu-changed-the-course-of-indian-history-1.1584285312898)। অৱশ্যে এই কথাটো পুনৰপৰীক্ষনীয়।
ইয়াৰ বিপৰীতে এশ বছৰ পাছত—অন্য এটি বৈশ্বিক মহামাৰীৰ ক্ষেত্ৰত—আমি সম্পূৰ্ণ ভিন্নতৰ চিত্ৰ এখন দেখিবলৈ পাইছোঁ। কোনো সন্দেহ নাই, কভিড ১৯ অতি সংক্ৰামক ভাইৰাছজনিত ৰোগ। আজিৰ তাৰিখত (০১.০৫.২০২০) বিশ্বত মুঠতে প্ৰায় ৩৩ লাখ লোক এই ৰোগত আক্ৰান্ত হৈছে, প্ৰায় ২ লাখ ৩৪ হাজাৰ লোক পৰিছে মৃত্যুৰ মুখত। প্ৰথম কভিড ৰোগীৰ সন্ধান পোৱা গৈছিল চীন দেশত। তাত বৰ্তমান ৰোগটিৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰা হৈছে। ৰোগটোৱে ভয়াবহ ৰূপ ধাৰণ কৰা ইউৰোপৰ ইটালী, ফ্ৰান্স আদি দেশত আক্ৰান্তৰ হাৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। ভৱিষ্যতে ভাইৰাছটোৱে কৰিব পৰা পুনৰ-আক্ৰমণৰ (second wave) সম্ভাৱনাৰ কথা বিবেচনা কৰিলেও, ৰোগ হিচাপে স্পেনিছ ফ্লু-ক হৰুৱাবলৈ কৰ’নাই যথেষ্ট সংগ্ৰাম কৰিব লাগিব। উনুকিয়াই থোৱা ভাল, ৰোগ হিচাপে—মাত্ৰ ব্যাধি হিচাপে—স্পেনিছ ফ্লু আৰু কভিড ১৯ৰ মাজত তুলনা কৰি বৰ এটা লাভ নাই। কিন্তু, দুয়োটা বৈশ্বিক মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশ-পৰিস্থিতিৰ তুলনাই আমাক বহুত কথা বুজাত সহায় কৰিব।
বিশ্বজোৰা আৰ্থিক মহামন্দা কভিড বৈশ্বিক মহামাৰীৰ অনিবাৰ্য ফল বুলি সংগত কাৰণতেই আশংকা প্ৰকাশ কৰা হৈছে। ইতিমধ্যেই, বিশ্বৰ নানান দেশত কৰ্মসংস্থান আৰু ব্যৱসায়ৰ ওপৰত প্ৰচণ্ড হেঁচাৰ উদ্ভৱ হৈছে। প্ৰশ্ন উঠিব, অধিক ব্যাপকতৰ, অধিক সংহাৰক স্পেনিছ ফ্লু-ৰ পৰিণতি আৰ্থিক ক্ষেত্ৰখনত কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো অতি আচৰিত।
বিংশ শতিকাৰ প্ৰথমৰ পৰাই এমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্থিক স্থিতিয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত প্ৰগাঢ় প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। স্পেনিছ ফ্লু-ৰ তাণ্ডৱে এমেৰিকাকো কঁপাই গৈছিল বৰ বেয়াকৈ। তাত মহামাৰীটোত মৃত্যু হৈছিল প্ৰায় আঠ লাখ পঞ্চাশ হেজাৰ মানুহৰ। এই শতিকাৰ এটা গৱেষণাই দেখুৱাই যে স্পেনিছ ফ্লু-ৰ সময়ৰ এমেৰিকাৰ মানুহৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত হৈছিল, লগতে বৃদ্ধি পাইছিল শাৰীৰিক অক্ষমতা (দ্ৰষ্টব্য : Almond D, 2006, Is the 1918 Influenza Pandemic Over? Long Term Effects of In Utero Influenza Exposure in the Post-1940 U.S. Population, Journal of Political Economy, 2006, 114: 4)। কিন্তু আচৰিত কথা, ইমান ব্যাপক মহামাৰীটোৱে এমেৰিকাৰ অৰ্থনীতিত কোনো অমোচনীয় আৰু সুস্পষ্ট দাগ ৰাখি যাবলৈ সক্ষম নহ’ল। সাম্প্ৰতিক গৱেষণাই বৰ চিত্তাকৰ্ষক তথ্য কিছুমান পোহৰলৈ আনিছে। ১৯১৭ চনত—স্পেনিছ ফ্লু-এ এমেৰিকাক আক্ৰমণ কৰাৰ আগৰ বছৰটোত—, এমেৰিকাৰ অৰ্থনীতিত মন্দাবস্থা এটা চলি আছিল। বিস্ময়কৰ কথা, পৰৱৰ্তী বছৰ দুটিত—১৯১৮ আৰু ১৯১৯ চনত—এমেৰিকাৰ আৰ্থিক অৱস্থা ভাললৈ আহে। ষ্টক্ মাৰ্কেটৰ অৱস্থা ১৯১৭ চনতকৈ ১৯১৮ চনত ভাললৈ আহে, আৰু বৃদ্ধিৰ ধাৰা ১৯১৯ চনতো অব্যাহত থাকে। যিসমূহ কল-কাৰখানা আৰু উদ্যোগৰ কাম কিছু বাধাগ্ৰস্ত হৈছিল, সেইসমূহে কেইমাহমানৰ ভিতৰতেই গা-টঙাই উঠিছিল (দ্ৰষ্টব্য : Benmelech E and Frydman C, 2020, The 1918 influenza did not kill the US economy, https://voxeu.org/article/1918-influenza-did-not-kill-us-economy)। একেধৰণৰ কথা আমি ইউৰোপতো দেখিবলৈ পাওঁ; উদাহৰণস্বৰূপে, বৈশ্বিক মহামাৰীয়ে ছুইডেনৰ অৰ্থনীতিত কিছু প্ৰভাৱ পেলালেও, মানুহৰ আয়ৰ ক্ষেত্ৰত কোনো তাৎপৰ্যপূৰ্ণ নেতিবাচক চাপ পেলোৱাত ব্যৰ্থ হৈছিল (দ্ৰষ্টব্য : Karlsson M, Nilsson T and Pichler S 2014, The impact of the 1918 Spanish flu epidemic on economic performance in Sweden: An investigation into the consequences of an extraordinary mortality shock, Journal of Health Economics, 36: 1-19)।
সন্দেহ নাই, উপৰিউক্ত তথ্যপাতি কিম্বা গৱেষণাসম্ভুত সিদ্ধান্তসমূহৰ খুটিনাটি কেতিয়াও বিতৰ্কাতীত নহয়। তদুপৰি ষ্টক্ মাৰ্কেটৰ সূচাংকই দেশৰ সৰ্বসাধাৰণ মানুহৰ আৰ্থিক স্থিতি সঠিকভাবে প্ৰতিফলিত কৰে বুলিও ধাৰণা নহয়। নতুন তথ্যৰ আধাৰত, কিম্বা পুৰণি তথ্যৰ নৱ-বিশ্লেষণৰ মাজেদি নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ বাট সদায় উন্মুক্ত হৈ থাকে। হ’লেও, আমি উক্ত আলোচনাৰ পৰা এটা কথা নিসন্দেহে ক’ব পাৰোঁ যে স্পেনিছ ফ্লু-ৰ সংহাৰ-মূৰ্ত্তিৰ তুলনাত, আৰ্থিক ক্ষেত্ৰত পৰা মন্দাৱস্থাৰ তীব্ৰতা অতি কম আছিল। এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব। কভিড ১৯-এ ঘাইকৈ মৃত্যুৰ মুখলৈ নিক্ষেপ কৰিছে বয়সস্থ লোকসকলক, যিসকলৰ সিংহভাগেই আৰ্থিক কৰ্মকাণ্ডৰ পৰা অৱসৰ লৈছে। বিপৰীতপক্ষে, স্পেনিছ ফ্লু-এ কালান্তক মূৰ্ত্তি ধৰিছিল যুৱক-যুৱতীসকলৰ মাজত। নক’লেও হ’ব, এইসকল স্বাভাৱিকতেই আছিল আৰ্থিকভাৱে সক্ৰিয়। তৎসত্ত্বেও, অৰ্থনীতিত স্পেনিছ ফ্লু-ৰ মোটামুটি প্ৰভাৱ আছিল সীমিত।
গতিকে এইটো প্ৰশ্ন সংগত কাৰণতেই উঠিব যে স্পেনিছ ফ্লু-ৰ সময়ত স্বাভাৱিক আৰু দৈনন্দিন কামকাজ অব্যাহত ৰখা হৈছিল নেকি? প্ৰাপ্ত তথ্যই কিন্তু বিপৰীত কথাহে ক’ব। সাম্প্ৰতিক সময়ৰ দৰেই, তেতিয়াও, ৰোগীক আছুতীয়াকৰণ কৰা হৈছিল, ইস্কুল-কলেজ, উপাসনাস্থল বন্ধ কৰি দিয়া হৈছিল, নিষিদ্ধ কৰা হৈছিল মানুহৰ সমাৱেশ। পান্থশালা বন্ধ কৰি দিয়া হৈছিল, মুখ-ঢকা মুখা ব্যৱহাৰ কৰা হৈছিল বাধ্যতামূলক। এইসমূহে কিন্তু বৈশ্বিক মহামাৰীটোৰ ভয়ংকৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হৈছিল (দ্ৰষ্টব্য : Aassve A, Alfani G, Gandolfi F and Moglie M L, 2020, Pandemics and social capital: From the Spanish flu of 1918-19 to COVID-19, https://voxeu.org/article/pandemics-and-social-capital)। ভাৰতবৰ্ষত কি হৈছিল, সেই সংক্ৰান্তত গৱেষণাৰ থল আছে। কিয়নো, ভাৰতৰ ইতিহাসত স্পেনিছ ফ্লু যে গুৰুত্বহীন হৈ আছে, সেই কথাটো আলোচনালৈ আনিছিলোঁ। এই কথাটো—মহামাৰীটো ইতিহাসত উপেক্ষিত হৈ ৰোৱাৰ কথাটো–, ৰোগটিৰ প্ৰাদূৰ্ভাৱৰ সময়ত প্ৰচাৰ মাধ্যম আৰু প্ৰশাসনে খুব বেছি গুৰুত্ব প্ৰদান নকৰাৰ ফল নেকি, সেই কথাটো মনলৈ আহে। নিৰ্ভৰযোগ্য আৰু প্ৰামাণ্য ঐতিহাসিক তথ্য-পাতিয়েহে কথাটো নিৰ্ণয় কৰিব পাৰিব। বিপৰীতপক্ষে, কভিডৰ ক্ষেত্ৰত বিবিধ সংবাদ মাধ্যমে বৈশ্বিক মহামাৰীটোৰ কথা মাত্ৰাধিকভাবে প্ৰচাৰ চলোৱা দেখা গৈছে। লগতে সামাজিক নেটৱৰ্কিং-ৰ ভূমিকাই কভিড-উদ্ভিন্ন আতংকক এক ভিন্ন মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে।
উপৰিউক্ত আলোচনাৰ পৰা এটা কথা স্পষ্ট যে বৈশ্বিক মহামাৰীৰ আৰ্থ-সামাজিক পৰিণাম মাত্ৰ ৰোগটোৰ ভয়াবহতাৰ ওপৰত নিৰ্ভৰ নকৰে। পৰিণাম বহুদূৰলৈ নিৰ্ভৰ কৰে মহামাৰীৰ প্ৰতি তৎকালীন সমাজখনে দেখুৱা প্ৰতিক্ৰিয়া আৰু কৰ্মপন্থাৰ ওপৰত। এই প্ৰসংগত আলোচনা-বিলোচনা আৰম্ভ হৈছে। আমি কিন্তু সতৰ্কভাৱে লক্ষ্য কৰিব লাগিব যে বৈশ্বিক মহামাৰীৰ নেতিবাচক পশ্চাৎ-পৰিণতি হ্ৰাস কৰিবলৈ যিসমূহ কৰ্মপন্থাৰ কথা কোৱা হৈছে, তাত প্ৰতিফলিত হৈছে সমাজৰ ঊর্ধ্বতন, ক্ষমতাশীল আৰু বিত্তবান শ্ৰেণীটোৰ শ্ৰেণীস্বাৰ্থ। এটা মাত্ৰ উদাহৰণলৈ লক্ষ্য কৰা যাওক। বিজ্ঞানৰ দিশৰ পৰা, কৰ’না ভাইৰাছটোৰ সংক্ৰমণ আৰু বিস্তাৰ ৰোধ কৰিবলৈ তলাবন্ধ (Lock down) নিঃসন্দেহে এটা ফলপ্ৰসূ পন্থা, কিয়নো এইটো ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হয়। কিন্তু কাৰ্যপন্থা হিচাপে তলাবন্ধ বাৰু মাত্ৰ বিশুদ্ধ বিজ্ঞানতেই সীমাবদ্ধ হৈ থাকেনে? উত্তৰটো আমি ইতিমধ্যে ঘটি যোৱা ঘটনাৱলীৰ পৰাই তৰ্কাতীতভাৱে লাভ কৰিছোঁ। ভাৰতবৰ্ষত ক’ৰনাৰ সংক্ৰমণ সীমাবদ্ধ কৰিবলৈ তলাবন্ধৰ নিৰ্দেশ দিয়া হ’ল ঠিকেই, কিন্তু অসংগঠিত খণ্ডৰ হেজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকৰ তাৎক্ষণিক গতি কি হ’ব, সেইটো ক্ষমতাশীল শ্ৰেণীটোৰ বিবেচনালৈ নাহিলেই।
তেনেধৰণৰ একাধিক দিশে ভয়াবহ এক ভৱিষ্যতৰ ইংগিত দিছে। আমাৰ বিবেচনাত তেনে আশংকা কভিড ১৯ ৰোগটোৰ মাৰণ-ক্ষমতাতকৈ, ৰোগটোৱে জন্ম দিয়া আৰ্থ-সামাজিক প্ৰতিক্ৰিয়াৰ সৈতেহে ওতপ্ৰোতভাৱে সম্পৰ্কিত। বিজ্ঞানৰ বিকাশৰ ইতিহাসৰ পৰা আমি যুক্তিযুক্তভাৱে এটা কথা অনুমান কৰিব পাৰোঁ; চিকিৎসা আৰু নিৰাময়ৰ ক্ষেত্ৰত, বৈশ্বিক মহামাৰীটোক বিজ্ঞানে আজি নহয় কাইলৈ পৰাভূত কৰিব। আমি এইখিনিতে মনত পেলাই ল’ব পাৰোঁ, স্পেনিছ ফ্লু-ৰ সময়ত আধুনিক চিকিৎসা-বিজ্ঞানৰ এটি অন্যতম মাইলৰ খুটি—পেনিচিলিনৰ আৱিষ্কাৰ—আছিল ভৱিষ্যতৰ গৰ্ভত। ব্লেক ডেথ্-ৰ সময়ত বেক্টেৰিয়া বুলি যে কিবা থাকিব পাৰে, সেইটো জনাটোতো দূৰৈৰ কথা, অনুবীক্ষণ যন্ত্ৰই নাছিল তেতিয়া। গুৰুতৰ সীমাবদ্ধতা থকা সত্ত্বেও মানৱজাতিয়ে তেনে সংকট সফলতাৰে অতিক্ৰম কৰি আহিল। কিন্তু কৰ’নাৰ ক্ষেত্ৰত আমি কি দেখিছোঁ? ৰোগটি আৰম্ভ হোৱাৰ কেইটামান সপ্তাহৰ ভিতৰতেই ৰোগৰ কাৰণটিক সঠিকভাৱে নিৰ্ণয় কৰা হ’ল, জটিল পৰীক্ষা-নিৰীক্ষাৰ মাজেদি ভাইৰাছটিৰ চৰিত্ৰ চিহ্নিত কৰা হ’ল। কোনো সন্দেহ নাই, ই আধুনিক বিজ্ঞানৰ অগ্ৰগতিৰ প্ৰশ্নাতীত সাক্ষৰ।
বিজ্ঞানৰ তেনে অগ্ৰগতিৰ কথাত গৌৰৱবোধ কৰিলেও, অলপ থমকি আমি দুটিমান কথা বিবেচনা কৰি চোৱা ভাল। বিজ্ঞান-চৰ্চাৰ দ্ৰুত বিকাশৰ সৈতে সংগতি ৰাখি, সৰ্বসাধাৰণৰ মাজত বিজ্ঞানৰ অৱদানসমূহৰ বিতৰণ বাৰু সমভাৱে হৈছেনে? কথাটোৰ উত্তৰ নেতিবাচক। বাহুল্য নকৰি, কভিড-ৰ সময়ত ভাৰতৰ চিকিৎসা-ব্যৱস্থাটোলৈ (চিকিৎসা-বিজ্ঞানলৈ নহয়) লক্ষ্য কৰিলেই আমি উত্তৰটো পৰিষ্কাৰকৈ লাভ কৰিম। বীমা সৰ্বস্ব, মুনাফাকেন্দ্ৰী এমেৰিকাৰ পুঁজিবাদী চিকিৎসা-ব্যৱস্থাটো যে কিমান বিসংগতিপূৰ্ণ, সেই কথাটো কৰ’নাই জ্বলজ্বল পট্পট্কৈ দেখুৱাই দিছে।
গতিকে সমস্যাটো কেৱল বিজ্ঞানৰ নিৰংকুশ অগ্ৰগতিৰ সৈতে সম্পৰ্কিত হৈ থকা বিষয় নহয়, কিয়নো মাত্ৰ বিজ্ঞানৰ অবাধ বিকাশ তেনে সমস্যাৰ সমাধানৰ বাবে পৰ্যাপ্ত নহয়। সুগভীৰ, অন্তৰ্ভেদী, শ্ৰেণীচেতনাৰে সম্পৃক্ত সামাজিক প্ৰজ্ঞাৰ অবিহনে বিজ্ঞানৰ অৱদান কেনেকৈ অৰ্থবহ হ’ব, তাক কেতিয়াও বুজিব পৰা নাযাব। ক্ষমতাশীল শ্ৰেণীটোৰ দৃষ্টিত বিজ্ঞান মাথোন বস্তুগত পণ্যৰ নিৰ্মাতা, মানুহৰ মননগত দিশত বিজ্ঞানৰ বৈপ্লৱিক আৰু যুগান্তকাৰী প্ৰভাৱৰ প্ৰতি তেওঁলোক আগ্ৰহী নহয়। মননগত দিশত বিজ্ঞান, বিজ্ঞান মানসিকতা আৰু যুক্তিবাদক অপাংক্তেয় কৰি ৰখাৰ কথাটো যে কিমান ভয়াবহ, সেইটো কৰ’নাই অধিক স্পষ্ট কৰি তুলিছে। আজি ইস্কুলীয়া পাঠ্যপুথিতেই ভাইৰাছ কি, সেইটো পোৱা যায়। তাৰ পাছতো ভাইৰাছটোক খেদিবলৈ কাঁহী-বাতি বজোৱাৰ কথাই কি নিৰ্দেশ কৰে?
ঠিক বিপৰীত দৃষ্টিকোণৰ পৰা এচাম লোকে কৈছিল যে কৰ’নাই উপাসনাস্থলসমূহত তলা লগাই দিছে, বিশ্বৰ সকলো মানুহে চাই আছে বিজ্ঞানৰ মুখলৈ। একাংশই তাতোতকৈও অধিক আশাবাদী হৈ ঘোষণা কৰিছিল, কৰ’নাই মানুহৰ মনৰ পৰা ঈশ্বৰ চিন্তাক বিতাৰিত কৰি অচিৰেই ব্যাপক বিজ্ঞানবোধৰ উন্মেষ ঘটাব। তেনে ধাৰণাত শুভ-ইচ্ছা আছিল যদিও অত্যুৎসাহৰ পৰিমাণ আছিল অত্যধিক। মানুহৰ মননগত সাংস্কৃতিক পৰিমণ্ডলত বিজ্ঞানবোধ অংগীভূত কৰিবলৈ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু পৰিশীলিত-সুসংস্কৃত অনুশীলনৰ প্ৰয়োজন। তেনে প্ৰচেষ্টা আমাৰ দেশত সংঘটিত হোৱাটো বাদেই, মানুহৰ বিজ্ঞানবোধৰ যিকণ আছিলগৈ, সেইখিনিও বিনষ্ট কৰি দিয়া হৈছে ঊৰ্ধতন ক্ষমতাশীল শ্ৰেণীটোৰ দ্বাৰা। এই দিশটো উপৰিউক্ত অত্যুৎসাহীমহলে অগ্ৰাহ্য কৰি আহিছে। কৰ’নাৰ প্ৰভাৱত ধৰ্মহীন সমাজলৈ অগ্ৰসৰ হোৱাৰ কল্পনা কৰাৰ কেইটিমান দিনৰ ভিতৰতেই দেখা গ’ল বৈশ্বিক মহামাৰীটোক কেন্দ্ৰ কৰি মানুহৰ মাজত সংঘটিত ধৰ্মীয় মেৰুকৰণৰ নগ্ন-নিৰ্লজ্জ ৰূপ। কথাটো তাতেই সীমাবদ্ধ হৈ থকা নাই। মানুহৰ মাজত জাতিগত বিদ্বেষ যে দেশে দেশে তুঁহ জুইৰ দৰে জ্বলি আছিল, কৰ’নাই জন্ম দিয়া পৰিস্থিতিটোত সেই কথাটোও বিভিন্ন দেশৰ ক্ষমতাশীল ৰাষ্ট্ৰপ্ৰধানৰ কথা-বতৰাৰ পৰা অতি স্পষ্টভাবে ওলাই পৰিছে। বৈশ্বিক মহামাৰীটোক পৰাভূত কৰিবলৈ যিসময়ত আন্তৰ্জাতিক সহযোগিতা আছিল অত্যাৱশ্যকীয়, তেনে সময়ত আমি দেখিছোঁ এখন সম্পূৰ্ণ বিপৰীত আৰু হতাশাজনক চিত্ৰ।
সামগ্ৰিকভাৱে এই সংকট অতিক্ৰম কৰাৰ উপায় কি? সাম্প্ৰতিক কালৰ এগৰাকী তীক্ষ্মধী চিন্তাবিদ য়ুভাল নোৱা হাৰাৰিয়ে একাধিক ৰচনা আৰু সাক্ষাৎকাৰত সমাজব্যৱস্থাৰ কেৰোণ কিছুমান অতি সঠিকভাৱে উন্মোচন কৰিছে (এই সংখ্যাৰ “মুক্ত চিন্তা”-ত তেখেতৰ লেখা এটিৰ অনুবাদ প্ৰকাশ কৰা হৈছে)। কিন্তু শেষত তেখেতে শাসক শ্ৰেণীটোৰ শুভবুদ্ধিৰ ওপৰত পাকেপ্ৰকাৰে আস্থা স্থাপন কৰা যেন ধাৰণা হয়। যি ৰাষ্ট্ৰ বিজ্ঞানবোধক পৰিকল্পিতভাৱে হনন কৰাত উদ্যোগী, তেনে ৰাষ্ট্ৰৰ সুমতি কেনেকৈ হ’ব বুজিব নোৱাৰি। কথাটো মাত্ৰ তাতেই ৰৈ থকা নাই। পৰিস্থিতি চম্ভালিবলৈ কাঢ়া শাসনৰ প্ৰয়োজনীয়তাৰ কথাও—পাকে-প্ৰকাৰে একনায়কত্বৰ সমৰ্থনৰ প্ৰসংগও কোনো কোনো মহলৰ পৰা উত্থাপিত হৈছে। কৰ’নাই জন্ম দিয়া সংকটে সকলোতকৈ পৰিষ্কাৰকৈ উন্মোচন কৰা বিসংগতি এইটোৱেই। উদাহৰণ এটাৰে কথাটো বুজিবলৈ চেষ্টা কৰা যাওক।
বহুতো মানুহ তলাবন্ধৰ নিৰ্দেশ অমান্য কৰি ওলাই আহিছে। কিয়? তাৰ দুটা সম্ভাৱনা আছে। প্ৰথম তলাবন্ধই যে ভাইৰাছটোৰ সংক্ৰমণত বাধা দিব, সেই বিজ্ঞানসন্মত ধাৰণা তেনে মানুহৰ মন-মননত সোমাই থকা নায়েই। পট্কৈ আমি সুঁৱৰি ল’ব পাৰোঁ, ভাইৰাছৰ সংক্ৰমণৰ কথা ইস্কুলৰ পাঠ্যপুথিত অন্তৰ্গত হৈ থকা সাধাৰণ বস্তু এটা। দ্বিতীয় সম্ভাৱনাৰ কথাটো মানুহৰ জীৱিকাৰ সৈতে সম্পৰ্কিত। অৰ্থাভাৱত পৰা লোকে তলাবন্ধৰ নিৰ্দেশ অমান্য কৰি বাহিৰলৈ ওলাই যোৱাটো স্বাভাৱিক। এই কথা দুটাক আগ্ৰাহ্য কৰি, মাত্ৰ কাঢ়া শাসনৰ পোষকতা কৰাটো চৰম নিৰ্বুদ্ধিতাই নহয়, এটা অমানৱীয় চিন্তামাৰ্গৰো পৰিচায়ক। প্ৰকৃততে তেনে চিন্তা, জনগণৰ মাজত বৈজ্ঞানিক সচেতনতা গঢ়ি তোলাত ব্যৰ্থ এক শোষণভিত্তিক সমাজব্যৱস্থাৰ অনিবাৰ্য পৰিণতি।
মননগত দিশত আমূল পৰিৱৰ্তন সাধন কৰিব পৰা এটা সৰ্বাত্মক সাংস্কৃতিক বিপ্লৱৰ কথা সাম্প্ৰতিক সংকটৰ সময়ত উল্লেখ কৰাটো বহুতৰেই চকুত অপ্ৰয়োজনীয় যেন লাগিব পাৰে। কিন্তু আমাৰ বোধেৰে মানুহৰ মানসিক আৰু সাংস্কৃতিক পৰিমণ্ডলৰ সৰ্বাত্মক ৰূপান্তৰ কথাটো, মানৱ-জাতিৰ সংকট নিৰাময়ৰ পৰিকল্পনাৰ পৰা পৃথক বুলি বিবেচনা কৰাটো এটা মাৰাত্মক ভুল। এই প্ৰসংগৰ এটা উদাহৰণেৰে আমি আলোচনাটোৰ অন্তিম দফালৈ আগবাঢ়িম। “নেচাৰ মেডিছিন” হৈছে এখন অতি মানসম্পন্ন বিজ্ঞানপত্ৰিকা। কৰ’না ভাইৰাছটোৱে বিশ্বব্যাপী সন্ত্ৰাস চলাই থকাৰ সময়তেই তাত এখন বৰ মনোগ্ৰাহী আৰু গুৰুত্ত্বপূৰ্ণ গৱেষণাপত্ৰ প্ৰকাশ পালে। গৱেষণাপত্ৰখনত বিশুদ্ধ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বৰ্ণনাৰ মাজেৰে প্ৰমাণ কৰা হ’ল যে ভাইৰাছটো প্ৰাকৃতিকভাবে উদ্ভুত, ই মানৱ-নিৰ্মিত নহয় (Kristian G. Andersen K G, Rambaut A, Lipkin W I, Edward C. Holmes E C and Robert F. Garry R F, 2020, The proximal origin of SARS-CoV-2, Nature Medicine: 26: 450–452)। কিন্তু এইধৰণৰ বৈজ্ঞানিক তথ্য-প্ৰমাণ অগ্ৰাহ্য কৰি বুজনসংখ্যক মানুহ ব্যস্ত হৈ আছে মনে সজা, বিচিত্ৰ আৰু অলীক নানান “ষড়যন্ত্ৰ-তত্ত্ব”-ত। কোৱা হৈছে যে ভাইৰাছটোক কোনোবা পৰীক্ষাগাৰত নিৰ্মাণ কৰি, তাক পৰিকল্পিতভাৱে মানুহৰ মাজত এৰি দিয়া হৈছে। এইবোৰ মাত্ৰ প্ৰমাণহীন ৰোমাঞ্চকৰ গল্প-কথা হ’লে বিশেষ একো নাছিল। কিন্তু সৰহভাগ তেনে ষড়যন্ত্ৰ-তত্ত্ব পৰিকল্পিতভাৱে নিৰ্মাণ কৰি, সেইবোৰ জাতিগত-গোষ্ঠীগত বিদ্বেষৰ প্ৰচাৰত অবিৰতভাৱে ব্যৱহাৰ কৰি থকা হৈছে। কথাটো অতিশয় বিপজ্জনক, কিয়নো ভাইৰাছজনিত ব্যাধিটোৱে জন্ম দিয়া মহাসংকটৰ কালত সকলোৰে মাজত—হিংসা-দ্বেষ-অবিশ্বাসৰ বিপৰীতে— জৰুৰী আছিল নিস্বাৰ্থ সহযোগিতাৰ। বৈজ্ঞানিক সত্যতকৈ মুখৰোচক কল্পকথাই যিখন সমাজত সদায় অধিক গুৰুত্ত্ব লাভ কৰে, তাত এইধৰণ ঘটনাৰ আধিক্য অকণো আচৰিত নহয়। মানুহৰ মন-মননৰ সম্পূৰ্ণ আৰু বৈপ্লৱিক ৰূপান্তৰৰ জৰিয়তেহে এনে এখন সমাজ লাভ কৰাটো সম্ভৱ, য’ত কাল্পনিক গল্পকথাত নহয়, বিজ্ঞানসন্মত সত্যতহে মানুহে গুৰুত্ত্ব আৰু আস্থা স্থাপন কৰিব।
বিজ্ঞান, বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ হৈছে আধুনিকতাৰ অন্যতম মৰ্মকথা। কিন্তু মুনাফাসৰ্বস্ব সমাজ-ব্যৱস্থাটোৱে এই দিশটো স্বাভাৱিকতেই অগ্ৰাহ্য কৰি গুৰুত্ব দিয়ে মহানগৰৰ আলোক-উজ্জ্বল অট্টালিকাৰ জিকমিকনিৰ ওপৰত, উন্নতিৰ খটিয়ান বিচাৰি পায় অসমভাৱে বিতৰিত ধনসম্পদক ভিত্তি কৰি গণনা কৰা জনমুৰি আয়ৰ গ্ৰাফৰ উলম্ফনৰ মাজত। এই ব্যৱস্থাত জনগণ শাসকৰ ওপৰত নিৰ্ভৰশীল। কথাটো যেতিয়া ওলোটা হ’ব—যেতিয়া সুসংস্কৃত জনগণৰ মতামত দেশ-চালনাৰ পথ-নিৰ্দেশনাৰূপে পৰিগণিত হ’ব, তেতিয়াহে মানুহৰ সাৰ্বিক মুক্তি সম্ভৱ। এই কথাটোও কৰ’নাই স্পষ্ট কৰি দিছে। কোনো সন্দেহ নাই, ই এটা দীৰ্ঘম্যাদী অভিযাত্ৰাৰ কথা, এইটো এটা সামাজিক-ৰাজনৈতিক বিষয়। লগতে, মননগত দিশৰ আমূল পৰিৱৰ্তনৰ কথাটো বাৰে বাৰে, ঘূৰি ঘূৰি আহি থাকিব। বাহুল্যৰ দোষে চুলেও দোহাৰিছোঁ, মননগত দিশৰ তেনে পৰিৱৰ্তনৰ কথাটো এটা সৰ্বাত্মক সাংস্কৃতিক বিপ্লৱৰ সৈতে সম্পৰ্কিত। এইটো দিশত আমি যথোচিত গুৰুত্ব প্ৰদান নকৰিলে বৈশ্বিক মহামাৰীৰ পৰিণতিত দেশে দেশে একনায়কত্ববাদী ফেচিষ্ট নাহৰফুটুকীৰ আবিৰ্ভাৱ হোৱাৰ আশংকা ঘনীভূত হৈ পৰিব।
সাম্প্ৰতিক পৰিস্থিতিত তোমাৰ এই যথেষ্ট অধ্যয়নপুষ্ট লিখনিটো চিন্তা উদ্ৰেককাৰী৷
তোমাৰ ভাৱ চিন্তাৰ প্ৰতি মোৰ সহমত আছে..
বহুতো নতুন তথ্য আৰু কথা তোমাৰ লিখনিৰ পৰা পালো৷ ধন্যবাদ..
লিখনিৰ আৰম্ভণি আৰু সামৰণিয়ে তোমাৰ লিখনিটো মনোগ্ৰাহী কৰি তুলিছে৷
মই Share কৰিছো দেই..
এটা যথেষ্ঠ অধ্যয়ণপুষ্ট সম্পাদকীয়।প্ৰকাশভঙ্গী সুন্দৰ।বিষয়ৰ পৰিবৰ্তনৰ কৌশল বুদ্ধিদীপ্ত।১৯১৮ চনৰ অৰ্থনীতি আৰু ২০২০ চনৰ অৰ্থনীতি প্ৰভেদ বিশাল।১০০ বছৰৰ আগৰ পুঁজিৰ ব্যৱস্থা ,আজিৰ নব্যউদাৰ অৰ্থনীতিত পুঁজিৰ ব্যৱস্থা বহু যোজনৰ তফাৎ।সেয়েহে স্পেনীছ ফ্লুৰ সময়ৰ পুঁজিৰ সতে মোকাবিলা ,কভিড ১৯ ৰ অৰ্থনীতিৰ মোকাবিলাযে সম্পূৰ্ণ পৃথক স্পষ্ট কৰিব লাগিছিল যেন লাগে।