অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (প্ৰথম সংখ্যা)

চৰ ভ্ৰমণে সলনি কৰিলে মোৰ ধাৰণা ( আৰহান ইনামূল)

উজনি অসমৰ সৰহসংখ্যক মানুহৰ দৰেই মোৰো এক বেলেগ ধৰণৰ ধাৰণা আছিল নামনি অসমৰ চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰতি‌। সাধাৰণতেই মিডিয়া আৰু বিভিন্ন ৰাজনৈতিক মহলৰ কৃপাত এনে ধৰণৰ ধাৰণা পোষণ কৰি আহিছিলোঁ যে এনে অঞ্চলৰ প্ৰায় সকলো লোকেই যেন অবৈধভাৱে অসমত বাস কৰি থকা বাংলাদেশী নাগৰিক আৰু ধাৰ্মিকভাৱে যথেষ্ট ৰক্ষণশীল আৰু সংকীৰ্ণমনা। কিন্তু যোৱা ১০ জুলাই ২০১৬ তাৰিখে ফেচবুকৰ জৰিয়তে বলিষ্ঠ যুক্তিবাদী আন্দোলন তথা প্ৰগতিশীল মতাদৰ্শ সৃষ্টিৰ মঞ্চ “মুক্ত-চিন্তা” নামৰ গোটটোৰ সংগীসকলৰ সৈতে বৰপেটাৰ বহৰি অঞ্চলৰ নিকটৱৰ্তী মহিশখুটি আৰু লক্ষিপুৰ নামৰ চৰ দুটা ভ্ৰমণ কৰি অহাৰ পিছত এনেধৰণৰ আগৰে পৰা পোষণ কৰি অহা বহুতো ধাৰণা সলনি হৈ গ’ল। তাৰ পিছৰে পৰা সঁচা অৰ্থতেই অনুভৱ কৰিছো যে বাস্তৱিক পৰ্যবেক্ষণ আৰু ক্ষেত্ৰভিত্তিক অধ্যয়ন নোহোৱাকৈ কোনো অঞ্চল তথা তাৰ বাসিন্দাসকল অথবা অন্য যিকোনো বিষয়বস্তু সন্দৰ্ভত কোনো ধৰণৰ চুড়ান্ত ধাৰণা পোষণ কৰাটো এটা বহুত ডাঙৰ ভুল। সম্পূৰ্ণ এটা দিন চৰ অঞ্চলত পাৰ কৰি অহাৰ পিছৰে পৰা সেই একেটা প্ৰশ্নই বাৰে বাৰে উত্থাপন কৰিবলৈ মন গৈছে- “সচাকৈয়ে আমি সভ্যতাৰ শীৰ্ষত অৱতীৰ্ণ হৈছো নে?”, এফালে আমি যদি সভ্যতাৰ জয়গান গাই আছোঁ তেন্তে সেই একেই সময়তেই আমাৰ ইমান কাষতে আমাৰ দৰেই অন্য এচাম মানুহে দুটাকে অবিৰত সংগ্ৰামত অৱতীৰ্ণ হৈ থাকিব লগা হৈছে। এটা যদি জীয়াই থাকিবলৈ কৰা সংগ্ৰাম তেন্তে আনটো হৈছে নিজৰ পৰিচয়, অৰ্থাৎ নাগৰিকত্বৰ স্বীকৃতি লাভৰ বাবে কৰা সংগ্ৰাম। তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি “ডি”-ভোটাৰৰ পৰিচয় জাপি দিয়াৰ আতংক আছেই। আধুনিক, সভ্য তথা সাধাৰণ জীৱন এটাৰ বাবে প্ৰয়োজন হোৱা প্ৰায় সকলো ধৰণৰ উপাদানৰ পৰা বঞ্চিত হৈ থকা এই লোকসকলে কেনেধৰণৰ দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে সেয়া স্বচক্ষে নেদেখিলে কল্পনাও কৰিব নোৱাৰি। কোনো ধৰণৰ চৰকাৰী আঁচনি বা অন্য সা-সুবিধাই কিঞ্চিতমানো ঢুকি নোপোৱা এই চৰ অঞ্চলৰ বাসিন্দাসকল কিন্তু কল্পনাতীতভাৱে যথেষ্ট সহজ-সৰল‌। ইমান কষ্টসাধ্য জীৱন কটাই থকাৰ পিছতো তেওঁলোকৰ আচাৰ ব্যৱহাৰ তথা মানসিকতাত কোনো ধৰণৰ জটিলতা পৰিলক্ষিত নহয়।

চৰ অঞ্চলৰ লোকসকলৰ লগত মত বিনিময় কৰি আৰু স্বচক্ষে পৰ্যবেক্ষণ কৰি সেই অঞ্চলৰ যি কেইটা মূল সমস্যা অনুধাৱন কৰিলো সেয়া তলত উল্লেখ কৰিলোঁ- প্ৰথম কথা চৰ অঞ্চলত বসবাস কৰিবলৈ বাধ্য হোৱাটোৱেই আটাইতকৈ জলন্ত সমস্যা, কাৰণ চৰ অঞ্চলত স্থায়ী বাসস্থান নিৰ্মাণ কৰাটো অসম্ভৱ, তেনেস্থলত তেনে অঞ্চলত যোগাযোগ, বিদ্যুৎ যোগান তথা স্থায়ী গৃহৰ সৈতে শিক্ষানুষ্ঠান আৰু চিকিৎসালয় নিৰ্মাণ কৰিবলৈ যথেষ্ট কাৰিকৰী অসুবিধা আছে, সেয়ে যি সকল লোকক ইতিমধ্যে ডি ভোটাৰ হিচাপে চিনাক্ত কৰা হৈছে (ডি- ভোটাৰ চিনাক্ত কৰাৰ প্ৰক্ৰিয়াটো যথেষ্ট ৰহস্যজনক) তেওঁলোকক কেন্দ্ৰ কৰি যি গোচৰসমূহ বিদেশী ন্যায়াধিকৰণত চলি আছে সেয়া খৰতকীয়া কৰি সোনকালে ন্যায় প্ৰদান কৰি বাকী চৰ অঞ্চলৰ লোকৰ সৈতে অন্য সুচল স্থাপন সংস্থাপন দিয়াটো উচিত, স্বাভাবিকতেই ইয়াৰ বাবে চৰকাৰৰ সদিচ্ছা আৰু মানৱীয় দৃষ্টিভংগী লাগিব।

চৰ অঞ্চলৰ লোকসকলক অহৰহ ডি ভোটাৰ হিচাপে চিনাক্ত হোৱাৰ আতংকই ঘেৰি ৰাখে, কাৰণ আমাৰ পৰ্যবেক্ষণৰ পৰা এটা কথা গম পালোঁ যে এই ডি ভোটাৰৰ পৰিচয় জাপি দিয়াৰ কোনো নিৰ্দিষ্ট বিধিসংগত পদ্ধতি নাই, স্থানীয় থানাৰ পৰা কোনো ধৰণৰ ক্ষেত্ৰভিত্তিক পৰীক্ষা তথা তথ্য বিচাৰ নকৰাকৈ যিকোনো লোকলৈ ডি ভোটাৰ হিচাপে নটিছ জাৰি কৰা হয়, কিন্তু এই নটিছো সঠিক সময়ত চৰ অঞ্চলৰ লোকসকলে নাপায়। আমি এনেকুৱা লোক তাত লগ পাইছিলোঁ যাৰ মাক-দেউতা বা নিজে ভাৰতৰ প্ৰথমটো গণতান্ত্ৰিক নিৰ্বাচনত ভোটদান কৰিছিল কিন্তু বৰ্তমান তেওঁলোকে ডি ভোটাৰ হিচাপে আইনী জটিলতাৰ বলি হ’ব লগীয়া হৈছে।

চৰ অঞ্চলত লগ পোৱা শিশুসকলৰ অকৃত্ৰিম হাঁহিৰে ভৰা মুখবোৰ দেখি যদিও আপ্লুত হৈছিলোঁ কিন্তু পিছ মুহূৰ্ততে ব্যথিতও হৈছিলোঁ, কাৰণ এই শিশুসকলৰ ভৱিষ্যত যে তেওঁলোকৰ মাক-দেউতাকসকলৰ দৰেই কষ্টসাধ্য আৰু যন্ত্ৰণাদায়ক হৈ পৰিব, নামত যদিও কোনো কোনো চৰত শিক্ষানুষ্ঠান আছে কিন্তু তাত পাঠদান কৰিবলৈ কোনো শিক্ষক স্থায়ীভাৱে থাকিব নিবিচাৰে, ফলত দীৰ্ঘ সময়লৈ শিশুসকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ থাকিব লাগে, এনেকুৱা বহুত শিশু আছে যি কোনো দিনেই বিদ্যালয় গৈ পোৱা নাই। যিহেতু চৰত স্থায়ীভাৱে বিদ্যালয় নিৰ্মাণ কৰা অসম্ভৱ সেয়ে কাষৰীয়া সুচল অঞ্চলত আবাসিক বিদ্যালয়ৰ ব্যৱস্থাৰ যোগেদি শিশুসকলক শিক্ষা প্ৰদান কৰিব পাৰি, তাৰ বাবে চৰকাৰ তথা অন্য অনুষ্ঠানে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়।

চৰ অঞ্চলসমূহত স্বাস্থ্য বিষয়ক সা-সুবিধা একেবাৰেই নাই বুলিবই পাৰি, যদিও মাজে সময়ে বিভিন্ন স্বাস্থ্য কৰ্মী বা আশা কৰ্মী চৰ অঞ্চলসমূহলৈ যায় , তথাপি কিন্তু চৰবাসীয়ে প্ৰয়োজনীয় স্বাস্থ্যবিষয়ক পৰামৰ্শ অথবা সচেতনতাৰ বিষয়ে জ্ঞাত নহয়। তেওঁলোকৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়েও কোনো সজাগতা অথবা সচেতনতাৰ প্ৰচাৰ কাৰ্যকৰী ভাৱে চলোৱা নহয়। আমি নিজেই বহু পুৰুষ-মহিলাৰ লগত কথাপাতি জানিবলৈ পালো যে তেওঁলোক জন্ম-নিয়ন্ত্ৰণৰ বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে জ্ঞাত নহয়, তেওঁলোকে কৰা অভিযোগ মতে এই বিষয়ত স্বাস্থ্যকৰ্মীসকলে তেওঁলোকক সহায় কৰাৰ পৰিবৰ্তে কটু ব্যৱহাৰহে কৰে। আনহাতে শিক্ষা-দীক্ষা, সজাগতা-সচেতনতাৰ অভাৱৰ বাবে স্বাভাৱিকতেই তেওঁলোকৰ মাজত জন্ম নিয়ন্ত্ৰণকেন্দ্ৰিক ধৰ্মীয় তথা কু-সংস্কাৰমূলক অন্ধবিশ্বাস প্ৰচলিত আছে।

চৰ অঞ্চলৰ প্ৰায়ভাগ লোকেই নিৰক্ষৰ তথা অশিক্ষিত হোৱা বাবে তেওঁলোকক নিচেই সহজতে ধাৰ্মিক চেতনাৰ দ্বাৰা প্ৰভাৱাম্বিত কৰি বিভিন্ন স্বাৰ্থান্বেষী মহলে ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে আমাৰ ভ্ৰমণ কালত তেনেকুৱা কোনো ধৰণৰ কাৰ্যকলাপ চকুত নপৰিল, আনকি তেওঁলোকৰ মানসিকতা যে “জিহাদ”, “মৌলবাদ” আদিৰ দৰে চিন্তাধাৰাবোৰৰ সংস্পৰ্শলৈ অহা নাই সেয়া আমি নিশ্চিত হৈছিলোঁ। কিন্তু মৌলবাদীবিলাকে তেওঁলোকৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ যে নল’ব সেয়া নুই কৰিব নোৱাৰি।

One thought on “চৰ ভ্ৰমণে সলনি কৰিলে মোৰ ধাৰণা ( আৰহান ইনামূল)

Leave a Reply

Your email address will not be published. Required fields are marked *