৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

চৰ-চাপৰিৰ লোকগীতৰ ৰেহৰূপ -( মিৰ্জা লুৎফৰ ৰহমান)

অসমখন বাৰে ৰহনীয়া কলা-কৃষ্টিৰে সমৃদ্ধ‌। এই বিষয়টো নিশ্চিতভাৱে প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। ইয়াত বসবাস কৰি থকা প্ৰতিটো জনগোষ্ঠীয়েই নিজস্ব কলা-কৃষ্টিৰে সমৃদ্ধ যদিও সকলো জনগোষ্ঠীৰ কলা-কৃষ্টি তথা সাহিত্য-সংস্কৃতিৰ সমবিকাশ আৰু একেটা পৰ্যায়তে প্ৰচাৰ-প্ৰসাৰ সম্ভৱ হৈ উঠা নাই। তাৰ কাৰণ যিয়েই নহ‌ওক লাগিলে, প্ৰগতিশীল শ্ৰেণীয়ে কিন্তু এই দিশটো গুৰুত্বসহকাৰে লৈ আজিও বহু কাম কৰিব বাকী আছে। জাতীয় সত্তা মজবুত আৰু অক্ষত ৰাখিবলৈ এই প্ৰচেষ্টা অব্যাহত ৰখা দৰকাৰ।
প্ৰিয় পাঠক, নিজস্ব কলা-কৃষ্টিৰে সমৃদ্ধ হোৱাৰ পাছতো অৱহেলিত হৈ আছে চৰ-চাপৰিবাসী বংগীয় মূলৰ মুছলমানসকল। ন-অসমীয়া, চৰুৱা, পমুৱা, অভিবাসী আদি নানা নামেৰে আখ্যায়িত কৰা হয় যদিও জনগোষ্ঠী হিচাপে এওঁলোক “মিঞা” নামেৰে পৰিচিত। এই মিঞা জনগোষ্ঠীৰ ‘লোকগীত’ সম্পৰ্কে কিছু কথা সহৃদয় পাঠকসমাজলৈ আগবঢ়াব বিচাৰিছোঁ।
প্ৰায় দুই হাজাৰৰো অধিক চৰগাঁও আৰু প্ৰায় সম সংখ্যক চাপৰি গাঁওসমূহত বসবাস কৰি থকা মিঞাসকলৰ মাজত প্ৰচলিত লোকগীতৰ তালিকাখন দীঘলীয়া। পল্লীগীত, ভাটিয়ালী গীত, ভাৱাইয়া গীত, ধুৱা গীত, মাগন গীত, বাৰমাহী গীত, নাওখেলৰ গীত, লাঠিবাৰী খেলৰ গীত, মুৰ্শিদী গীত, পালাগান, বিভিন্ন পীৰ গীত, বিচ্ছেদী গীত, চাষীগীত, বিয়া গীত, জাৰীগান ইত্যাদি প্ৰধান। ইয়াৰোপৰি চৰ-চাপৰিত গোৱালপৰীয়া লোকগীত, কামৰূপী লোকগীত, জিকিৰ, জাৰী আদিৰ বহুল প্ৰচলন আছে।
কিন্তু এই লিখনিত কেৱল মিঞাসকলৰ জনগোষ্ঠীয় ঐতিহ্য বহনকাৰী মাত্ৰ কেইবিধমান লোকগীতৰ চমু আলোচনা আগবঢ়োৱাৰ লগতে কিছু প্ৰাসংগিক কথা ব্যক্ত কৰাৰ প্ৰয়াস কৰিছোঁ। মিঞা লোকগীতসমূহত মিঞাসকলৰ নদীকেন্দ্ৰিক জীৱন ব্যৱস্থা আৰু কৃষিজীৱি জীৱন ধাৰাৰ প্ৰতিফলন ঘটা দিশটো ইয়াৰ মূল বৈশিষ্ট্য।
পল্লীগীত:
মিঞাসকলৰ গাঁৱলীয়া জীৱনব্যাপি এক অবিচ্ছেদ্য অংগ স্বৰূপে প্ৰচলিত গীত হৈছে পল্লীগীত। পল্লীগীত শব্দটো বহল অৰ্থত ব্যৱহৃত। এই ধৰণৰ গীত সম্পূৰ্ণৰূপে গাঁও ভিত্তিক গীত। অতি জনপ্ৰিয় ভাটিয়ালী, ভাৱাইয়া, বিচ্ছেদ গীতসমূহ এই পল্লীগীতৰ অন্তৰ্ভুক্ত গীত। কেৱল মাত্ৰ পল্লীগীতবোৰতেই মিঞা জনগোষ্ঠীৰ লোকগীতৰ জগতখন সীমাবদ্ধ কৰি দিলেও এই ধৰণৰ গীতসমুহেই জনগোষ্ঠীটোৰ লোকগীতৰ ভঁঁৰাল চহকী কৰি ৰাখিব বুলি ক’লেও বঢ়াই কোৱা নহ’ব। এটি গীতৰ উদাহৰণ আগবঢ়াইছোঁ –
আৰে অ’ পাগলা নদী,
কি মায়া লাগাইলি,
সুখেৰ বসত কৰলিৰে ছাৰাছাৰি।
কেহৰ ভাংলি জমাৰে জমি,
কেহৰ ভাংলি ছোনেৰ চালি,
আমাৰ ভাংলি কাচা না পীৰিতি।
এই পল্লীগীতটো এটি ভাটিয়ালী গীত। মিঞাসকলৰ মাজত লোকগীতসমূহৰ জনপ্ৰিয়তাৰ শীৰ্ষত ভাটিয়ালী গীতৰ স্থান। এই ধৰণৰ গীতত সাধাৰণত গাঁৱলীয়া সৰ্বসাধাৰণ লোকৰ জীৱনৰ আনন্দ-বিষাদ, সুখ-দুখৰ প্ৰতিফলন হয়। সমূহীয়া জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ আনন্দ-বিষাদ তথা সুখ-দুখৰ প্ৰকাশ হয়। তদুপৰি ভাটিয়ালী গীতবোৰ নদীকেন্দ্ৰিক গীত। মূলত বৰ লুইতৰ ভঙা-গঢ়াৰ সৈতে সহাৱস্থান কৰি থকা চৰ-চাপৰিবাসী মিঞাসকলৰ জীৱন গাঁথা এই গীতসমূহত পোৱা যায়। নদী, নদীৰ গতি, নদীৰ ভঙা-গঢ়াৰ প্ৰক্ৰিয়া তথা প্ৰভাৱ, নৈপৰীয়া জীৱন ব্যৱস্থা, নাৰীৰ প্ৰেম, ভালপোৱা, বিৰহ তথা আকুলতা আদিৰ কথাৰে ভাটিয়ালী গীতবোৰ ৰচিত হয়। এই গীতবোৰ নদীকেন্দ্ৰিক হোৱা বাবে নাৱৰীয়াসকলে বেছি গায়। নৈৰ মাজত পাল তৰা নাও মেলি দি নৈৰ সোঁতে সোঁতে ভাহি গৈ থাকোঁতে নৈসৰ্গিক সৌন্দৰ্য্যৰ মাজত আত্মহাৰা নাৱৰীয়াই গীত গাবলৈ আৰম্ভ কৰে। উদাহৰণ স্বৰূপে:
“একুল অ’কুল ভ‌ইৰা নদীৰ,
উথাল পাথাল ঢেউৰে,
বৈঠা হাতে আমি একা,
সাথে নাই মোৰ কেওৰে।”
এই গীতবোৰ সাধাৰণত চুটি আৰু শব্দৰ প্ৰয়োগ গীতবোৰত বৰ কম। কিন্তু গীতবোৰৰ সুৰত ভাৱৰ প্ৰকাশ বৰ গভীৰ। ভাটিয়ালী গীতবোৰ নাৱৰীয়াসকলে যিদৰে নৈৰ মাজত নাও মেলি দি গায়, তেনেদৰে বহুতে ঘৰুৱা কামবন কৰোঁতে নাইবা পথাৰত কাম কৰোঁতেও গায়। ইয়াৰোপৰি নাৰী মনৰ ভাৱৰ কথাৰে ৰচিত ভাটিয়ালী গীতসমূহ মহিলা বা গাভৰুৱেও ঘৰতে বহি অথবা কাম বন কৰি থাকোঁতে গায়। উদাহৰণ স্বৰূপে:
আমাৰ বন্ধুৰ তালাসে,
আমি যামু কোন দেশে,
বন্ধু বিনে ৰ‌ইতে পাৰিনা ঘৰে,
মনটা আমাৰ দিনে ৰাইতে কান্দে।
চৰ-চাপৰিৰ লোকসকল অবিভক্ত ভাৰতৰ পূৰ্ব বংগ (বৰ্তমানৰ বাংলাদেশ) ৰ পৰা প্ৰব্ৰজন কৰি অসমত বসবাস কৰিবলৈ লৈছে আৰু ইয়াত বান-গৰাখহনীয়াৰ কবলত তেওঁলোকৰ জীৱনত নমাই অনা দুখ-দুৰ্দশা আদি কথাবোৰৰ প্ৰতিফলন ঘটা দেখা যায় ভাটিয়ালী গীতত। উদাহৰণ স্বৰূপে:
পদ্দা হ‌ইতে আইলাম আমৰা
আসামেৰি চৰ,
ব্ৰহ্মপুত্ৰই ভাংলো আমাৰ
সেইনা সোণাৰ ঘৰ।
এনেদৰে স্থানীয় ৰূপেৰে মিঞাসকলৰ ভাটিয়ালী গীতে এক গতিশীলতা অব্যাহত ৰাখিছে।
পল্লীগীতৰ আন এটা ধৰণ হৈছে ভাৱাইয়া গীত। ৰাতি গৰু বা ম’হৰ গাড়ী চলাই গৈ থাকোঁতে গাৰোৱানে গাড়ীৰ গতি, গাড়ীৰ চকাৰ শব্দৰ তালে তালে ভাৱাইয়া গীত গায়। দূৰ-দূৰণিলৈ গাড়ী চলাই গৈ থাকোঁতে নিজৰ প্ৰেমিকালৈ মনত পেলাই, নাইবা বিৰহৰ ভাৱাবেগেৰে কাতৰ হৈ এই ধৰণৰ গীত গায়। আনহাতে গাড়ী চলাই গৈ থাকোঁতে গাৰোৱানজনৰ প্ৰেমাস্পদেও ভাৱাইয়া গীত গায়। এই ধৰণৰ গীতবোৰ মূলত প্ৰেমমূলক। উদাহৰণ স্বৰূপে:
অ’ কি গাড়ীয়াল ভাই,
কত ৰ’ব আমি পন্থেৰ দিকে চাইয়া ৰে।
যেদিন গাড়ীয়াল উজান যায়,
নাৰী মন মোৰ ঝুইৰা ৰয়ৰে।
এনেদৰে ভাৱাইয়া গীতবোৰত নাৰীমনৰ ভাৱাবেগৰ সবল প্ৰকাশ পোৱা দেখা যায়। এই ভাৱাইয়া গীতসমূহ ভাটিয়ালী গীতৰ আঞ্চলিক ৰূপ। সেয়ে এই দুবিধ গীতৰ মাজত বিশেষ পাৰ্থক্য বিচাৰি পোৱা টান। অৱশ্যে উত্তৰবঙ্গ আৰু গোৱালপাৰা অঞ্চলৰ ভাৱাইয়া গীতৰ সুৰত আঞ্চলিক ভাষাৰ পাৰ্থক্য থকাৰ দৰে চৰ-চাপৰিতো এই পাৰ্থক্য আছে। চৰ-চাপৰিত গীতসমূহত স্থানীয় ভাষাৰ শব্দৰ প্ৰয়োগেৰে আঞ্চলিক ৰূপ এটা লাভ কৰা দেখা যায়।
প্ৰিয় পাঠক, এইখিনিতে মিঞা জনগোষ্ঠীৰ লোকগীতৰ প্ৰাসংগিকতা থকা এটা সৰু ঘটনা উপস্থাপন কৰিব বিচাৰিছোঁ; লোকগীতৰ স্থান আৰু মৰ্যাদাৰ সন্মুখত এইটো তেনেই তুচ্ছ যদিও চৰ-চাপৰিবাসীৰ বাবে এয়া কিছু গুৰুত্বপূৰ্ণ। নতুন দিল্লীৰ ৪০ মেক্সমুলাৰ মাৰ্গ, ল’ধি গাৰ্ডেন্সত অৱস্থিত ইণ্ডিয়া ইন্টাৰনেছনেল চেন্টাৰৰ ৩১ নং কোঠাত আমি চৰ-চাপৰিৰ কেইজনমান যুৱকে কবিতা আৰু গীতৰ এটি বিশেষ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাই আছোঁ। কোঠালৈ সোমাই আহিল এজন ছবি নিৰ্দেশক। মুম্বাইস্থিত ছবি নিৰ্দেশকজন এজন অসমীয়া। তেওঁ আমাৰ চিনাকী। তেওঁ ইতিমধ্যে চৰ-চাপৰিৰ লোকগীত সম্পৰ্কে “নদীৰ কূল নাই” নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। কোঠাটোত আমি যিকেইজন যুৱক বহি আছোঁ তাৰে এজন যুৱকে গীত গাব আৰু বাকীসকল কবিতা পাঠ কৰিব। নিৰ্দেশকজনে আমাৰ প্ৰস্তুতি সম্পৰ্কে জানি-বুজি এটা পৰামৰ্শ আগবঢ়ালে যে এটি গীত এনে হ’লে ভাল হয় যিটো গীতত আমাৰ জনগোষ্ঠীয় অৱস্থিতি তথা আশা-আকাংশাৰ প্ৰতিফলন ঘটিছে আৰু যিটো সম্পূৰ্ণভাৱে আমাৰ লোকসমাজত প্ৰচলিত গীত মাতৰ অন্তৰ্ভুক্ত। উল্লেখনীয় কথাটো হ’ল যে সেইমুহূৰ্তলৈকে তেনে কোনো গীত আমাৰ জ্ঞাত নাছিল। পিছ মুহূৰ্ততে আমি তেনে এটি গীত উদ্ঘাটনত লাগি গ’লোঁ। বিচাৰিব জানিলে হেনো সকলো বিচাৰি পোৱা যায়! এটি নতুন গীত ৰচনাৰ দায়িত্ব ম‌ই ল’ব লগা হ’ল। লিখি উঠিলোঁ । যথা:-
আমৰা চৰেৰ জমি চাস ক‌ইৰা,
শৈল্যেৰ ঘামে ভিজাইলাল বালুৰে,
বালু এহন সোণা-ৰূপা ,
জিলমি জিলমিল কৰেৰে;
চৰে একোটা জৰী উঠছেৰে, নাইয়াৰে !!
ভাটিয়ালী গীতটি লগে লগে সুৰ কৰা হ’ল আৰু অনুষ্ঠানত পৰিবেশন কৰা হ’ল। আমিন নজমুলে গীতটি বৰ সুন্দৰকৈ গালে। সকলোৱে ভাল পালে। ‘ArtEst’ পেজত গীতটি সন্নিৱিষ্ট কৰা হৈছে । গীতটিক পৰৱৰ্তী সময়ত বহুতেই চৰ-চাপৰিৰ এটি প্ৰতিবাদী গীত বুলি আখ্যায়িত কৰিছে। Michang Stories নামৰ ইউটিউব চেনেলতো গীতটি এটা বিশেষ ৰূপত পাব। লোকগীতে চৰ-চাপৰিৰ লোকসমাজৰ সকলো পৰ্যায়ৰ লোকক কিদৰে প্ৰভাৱিত কৰি ৰাখিছে এই কথাখিনি নিশ্চয় তাৰে এটি অভিব্যক্তি। এই চমু লেখাৰ জৰিয়তে চৰ-চাপৰিত লোকগীতৰ প্ৰবাহৰ এটি আভাস দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *