শ্রদ্ধেয় অৰুণ শর্মাদেৱলৈ শ্রদ্ধাৰে… – (ৰশ্মিৰেখা বৰা)
বৰ ভয়াতুৰ আপোনালোক
ভালপোৱাৰ সামান্য চুমা এটাতে কঁপি উঠে আপোনালোকৰ ধৰ্ম
মানুহৰ খোলা হাঁহিত মুক্ত সপোনত জিকাৰ খাই উঠে আপোনালোকৰ সংস্কাৰ
কবৰতলিৰ শৰীৰেও আনকি আপোনালোকৰ টোপনি হৰে
তাহানিতে আমাৰ গাঁৱৰ সিপাৰৰ গাঁও এখনত গজেন নামৰ ল’ৰা এটা আছিল
সি হাচিনাক বিয়া পাতিছিল
তাৰ বুঢ়ীআয়েকে দুয়োটাৰ কাৰণে ৰাতিৰ সাঁজত গাখীৰ আৰু কলৰ বাতি যতনাই থৈছিল
তাক আপোনালোকে মাৰি পেলালে
পিছে তাৰ শেষ চিঞৰটো কঁপি কঁপি আমাৰ বুকুত ৰৈ গ’ল
সেয়ে আপোনালোকলৈ আমাৰ ভয় নালাগে
হাচিনালৈ বুলি আয়ে দিয়া সেন্দূৰৰ টেমাটোৰ সাঁফৰ খুলি বিয়পি পৰা ৰঙেৰে আমাৰ কলিজা এতিয়াও যে তপত