সৃষ্টিৰ আৰম্ভণি কেনেকৈ হৈছিল? ।। মূল: ষ্টিফেন হকিং, অনুবাদ: কমল নয়ন মিশ্ৰ
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
হেমলেটে কৈছিল, এক চমু পৰিধিৰ ভিতৰত আৱদ্ধ কৰি মই নিজকে অসীম স্থানৰ অধিপতি ৰূপে কল্পনা কৰিব পাৰিলোঁহেঁতেন।— মই ভাবোঁ, হেমলেটে এনে অৰ্থই প্ৰকাশ কৰিব বিচাৰিছিল যে আমি অৰ্থাৎ মানৱ জাতি, বিশেষভাৱে মোৰ দৰেই, যদিও কায়িকভাৱে অতিশয় সীমাবদ্ধ আৰু সংকুচিত; কিন্তু তাৰ পিছতো আমাৰ মনৰ দিগন্ত যেন সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডতেই বিচৰণ কৰিব পৰাকৈ বাধাহীন, উন্মুক্ত। আমাৰ মনৰ গতিয়ে অনায়াসে, সাহসেৰে অতিক্ৰম কৰি যাব পাৰে সেই স্থানক য’ত খোজ পেলাবলৈ Star Trek ৰ দৰে কল্পবিজ্ঞানৰ অনুষ্ঠানেও দ্বিধাগ্ৰস্ততা আৰু শংকা অনুভৱ কৰিব।
বিশ্বব্ৰহ্মাণ্ড প্ৰকৃততেই অসীম নে কেৱল অতিশয় বিশাল? বিশ্বব্ৰহ্মাণ্ডৰ এক আৰম্ভণি ক্ষণ আছিল নে? বিশ্বব্ৰহ্মাণ্ড অনন্ত কাল জুৰি বিস্তৃত হৈ থাকিব নে এক দীঘলীয়া সময়ৰ বাবে ইয়াৰ অস্তিত্ব সম্ভৱ হৈছে? আমাৰ সীমিত মনটোৰে কিদৰে এক অসীম ব্ৰহ্মাণ্ডক ধাৰণ কৰিবলৈ সক্ষম হ’ম। তেনে চেষ্টা কৰাটোও আমাৰ বাবে এক দুৰাকাংক্ষী মিথ্যা প্ৰয়াসেই হৈ নুঠিব নে?
যি গ্ৰীক দেৱতা প্ৰমিথিউছে প্ৰাচীন ঈশ্বৰৰ পৰা মানুহৰ প্ৰয়োজনৰ বাবে জুইৰ শিখা চুৰি কৰি আনিছিল সেই প্ৰমিথিউছৰ দৰেই বিপদৰ শংকা অনুভূত হোৱাৰ পিছতো মোৰ বিশ্বাস যে আমি বিশ্বব্ৰহ্মাণ্ডক বুজি উঠিব পাৰিছোঁ আৰু সেই চেষ্টা অটুট ৰখাই সমুচিত হ’ব। অনন্ত কালৰ বাবে শিলত বান্ধি থৈ প্ৰমিথিউছক শাস্তি প্ৰদান কৰা হৈছিল, অৱশেষত যেনিবা হাৰকিউলিছৰ দ্বাৰা তেওঁ সুকলমে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল।
আমি মহাবিশ্বক বুজি উঠাৰ ক্ষেত্ৰত ইতিমধ্যে এক স্মৰণীয় অগ্ৰগতি লাভ কৰিছোঁ। এক সম্পূৰ্ণ প্ৰতিচ্ছবি লাভ কৰিবলৈ এতিয়াও আমি সক্ষম হোৱা নাই। এই কথাটো ভাবি মই সুখী হওঁ যে সেই লক্ষ্য প্ৰাপ্তিৰ পৰা আমি হয়তো বেছি দূৰত নাই।
মধ্য আফ্ৰিকাৰ বচংগো অধিবাসী সকলৰ মতে একেবাৰে আদিতেই আছিল কেৱল অন্ধকাৰ, সৰ্বত্ৰ পানী আৰু আছিল মহান ঈশ্বৰ বুম্বা। এদিন পেটৰ বিষত বুম্বাই সূৰ্যটোকেই বমি কৰি উলিয়াই দিলে, সূৰ্যৰ প্ৰখৰ তাপত পানীভাগৰ কিছু অংশ শুকাই যোৱাত ভূমি ভাগ ওলাই পৰিল। তাৰ পিছতো পেটৰ বিষৰ পৰা পৰিত্ৰাণ নোপোৱাত ভগৱান বুম্বাই পুনৰ বমি কৰি উলিয়াই দিলে চন্দ্ৰ, চৰাইবোৰ, নাহৰফুটুকী বাঘ, ঘঁৰিয়াল, কাছ আদিৰ দৰে কেতবোৰ জন্তু আৰু সৰ্বশেষত মানুহ। সৃষ্টি সম্পৰ্কে থকা এনে বহু কিংবদন্তি, মীথ আদিয়ে আমাৰ মনত খুন্দিয়াই থকা সেই প্ৰশ্নবোৰৰেই সমিধান দিবলৈ চেষ্টা কৰিছিল। আমি এই স্থানত কিয় আছোঁ? আমি আচলতে ক’ৰ পৰানো আহিছিলোঁ?
এই প্ৰশ্নবোৰৰ ক্ষেত্ৰত সাধাৰণভাৱে দিয়া উত্তৰটো আছিল যে মানুহৰ উৎপত্তি তুলনামূলকভাৱে শেহতীয়া কাৰণ মানৱ জাতিয়ে ক্ৰমাগতভাৱে নিজৰ যি জ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ সাধন কৰি গৈছে সেয়া নিশ্চয় স্পষ্ট। পৃথিৱীত মানৱ জাতিৰ অস্তিত্ব দূৰ অতীতৰ পৰা দীৰ্ঘ সময় জুৰি থকা হেঁতেন ই বৰ্তমানৰ তুলনাত আৰু অধিক প্ৰগতিৰ দিশে অগ্ৰসৰ হোৱাটো সম্ভৱপৰ হৈ উঠিল হেঁতেন৷ উদাহৰণস্বৰূপে, বিচপ উশ্বাৰৰ মতে জেনেছিছৰ গ্ৰন্থই খ্ৰীষ্টপূৰ্ব ৪০০৪ চনৰ ২২ অক্টোবৰৰ, সন্ধিয়া ৬ বজাৰ পৰা সময়ৰ আৰম্ভণি ঘটা বুলি উল্লেখ কৰিছিল। মানুহৰ জীৱনকালত পৰিলক্ষিত হোৱা পাহাৰ, নদ-নদীৰ দৰে চৌপাশৰ ভূ-প্ৰকৃতিৰ পৰিৱৰ্তন সমূহৰ গতি অতিশয় মন্থৰ। সেয়েহে ভূ প্ৰাকৃতিক পৰিৱেশক অলৰ অচৰ, এক নিৰন্তৰ পটভূমি বুলি গণ্য কৰা হৈছিল, যি হয়তো চিৰন্তন সময়ৰ বাবে এক ৰিক্ত, পৰিত্যক্ত ভূমি হৈ পৰি ৰৈছে অথবা মানুহৰ লগতে একে সময়তেই তেনে ভূ প্ৰাকৃতিক পৰিৱেশৰো সৃষ্টি হৈছে।
বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি আছে বোলা ধাৰণাটোত অৱশ্যে সকলোৱে সুখী হোৱা নাছিল। উদাহৰণস্বৰূপে গ্ৰীক দাৰ্শনিক সকলৰ ভিতৰত সবাতোকৈ বিখ্যাত এৰিষ্টটলে বিশ্বাস কৰিছিল যে বিশ্বব্ৰহ্মাণ্ডৰ অৱস্থিতি চিৰন্তন।
নিজস্ব সৃষ্টি ক্ষণ যুক্ত এক ব্ৰহ্মাণ্ডতকৈ চিৰন্তন ব্ৰহ্মাণ্ডৰ ধাৰণা অধিক নিখুঁত আৰু অনবদ্য। এৰিষ্ট’টলৰ মতে বানপানীয়ে বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগে সভ্যতাক বাৰে বাৰে ইয়াৰ আৰম্ভণিৰ ক্ষণলৈ পিছুৱাই লৈ গৈছে আৰু তেনে ঘটনাই আমাক প্ৰগতিৰ (progress) ৰ পথতো খোজ দিয়াইছে। এক চিৰন্তন ব্ৰহ্মাণ্ডৰ প্ৰতি বিশ্বাসৰ আঁৰৰ যি প্ৰেৰণা সেয়া কোনো ঐশ্বৰিক শক্তিৰ হস্তক্ষেপৰ দ্বাৰা মহাবিশ্বৰ সৃষ্টি আৰু লয়ৰ সম্ভাৱনাক এৰাই চলাৰ তাগিদাৰ পৰাই সৃষ্টি হৈছিল। ইয়াৰ বিপৰীতে যিসকলে বিশ্বাস কৰিছিল যে বিশ্বব্ৰহ্মাণ্ডৰ এক আৰম্ভণি ক্ষণ আছে, তেওঁলোকে সেই বিশ্বাসৰ ভিত্তিত যুক্তি আগবঢ়াইছিল যে ঈশ্বৰৰ অস্তিত্বই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আঁৰৰ সৰ্বপ্ৰথম কাৰণ, অথবা ঈশ্বৰেই তাৰ কেন্দ্ৰীয় চালিকা শক্তি।
যদি কোনোবাই বিশ্বাস কৰিছিল যে বিশ্বব্ৰহ্মাণ্ডৰ এক আৰম্ভণি ক্ষণ আছিল, তেন্তে স্বাভাৱিকতে প্ৰশ্ন উঠিব, ‘সেই আৰম্ভণি ক্ষণৰ আগতে কি হৈছিল? ঈশ্বৰে জগতখন সৃষ্টি কৰাৰ আগতেই বা কি কৰি আছিল? তেনে প্ৰশ্ন কৰা মানুহৰ বাবে তেওঁ নৰকৰ স্ৰজন কৰি আছিল নেকি? বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি ক্ষণ আছে নে নাই সেই প্ৰশ্নটো জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টৰ বাবে এক গভীৰ চিন্তাৰ বিষয় আছিল। তেওঁ অনুভৱ কৰিছিল যে উভয় দিশতেই কিছু যুক্তিসংগত, পৰস্পৰ বিৰোধী বৈপৰীত্য আছে। যদি বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি হৈছিল, তেন্তে সেই আৰম্ভণি ক্ষণলৈ অসীম সময় জুৰি ই কিয় অপেক্ষা কৰিব লগা হ’ল? এই প্ৰশ্নটোক তেওঁ আখ্যা দিছিল থীচিচ্ বা সিদ্ধান্ত। আনহাতে, বিশ্বব্ৰহ্মাণ্ডই চিৰকাল জুৰি ইয়াৰ অস্তিত্বক যদি বৰ্তাই ৰাখিছে, তেন্তে বৰ্তমানৰ পৰ্যায়ত উপনীত হ’বলৈ ইয়াক কিয় অসীম সময়ৰ প্ৰয়োজন হ’ল? এই প্ৰশ্নটোকেই তেওঁ এণ্টি থীচিচ বা প্ৰতি সিদ্ধান্ত বুলি অভিহিত কৰিছিল। আন সকলো কথাৰ লগতে থীচিচ আৰু এণ্টি থীচিচৰ দুই ধাৰণা প্ৰতিষ্ঠিত হৈছিল কাণ্টৰ পূৰ্বৰ ধাৰণাৰ ভিত্তিত, অৰ্থাৎ সময় এক পৰম আৰু শাশ্বত সত্তা। অৰ্থাৎ ক’ব পাৰি যে এক অসীম অতীতৰ পৰা অসীম ভৱিষ্যতৰ অভিমুখে বিশ্বব্ৰহ্মাণ্ডৰ অৱস্থিতি নিৰপেক্ষভাৱেই সময়ে যাত্ৰা কৰিব পাৰে।
সময় সম্পৰ্কে ঠিক এনে এক ছবিয়েই বহু বিজ্ঞানীৰ মনত প্ৰোথিত হৈ আছিল। যি নহওক, ১৯১৫ চনত আইনষ্টাইনে তেওঁৰ বৈপ্লৱিক সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্বৰ উদ্ভাৱন কৰিলে। এই তত্ত্ব মতে, সময় আৰু স্থান পৰম, শ্বাশ্বত ৰূপত চলমান ঘটনা সমূহৰ আঁৰৰ কোনো স্থিৰ পৃষ্ঠভূমি হৈ নাথাকিল। বৰঞ্চ উভয়েই হৈ পৰিল গতিশীল, যাৰ সংৰচনাক নিয়ন্ত্ৰণ কৰিছে বিশ্বব্ৰহ্মাণ্ডৰ নিজস্ব পদাৰ্থ আৰু শক্তিয়ে।
সময় আৰু স্থানক সংজ্ঞায়িত কৰিব পৰা যায় কেৱল ব্ৰহ্মাণ্ডৰ নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত, সেয়েহে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি ক্ষণৰ পূৰ্বে কোনো এক সময়ৰ অস্তিত্বৰ কথাৰ অৱতাৰণাও অপ্ৰাসংগিক। কথাটো দক্ষিণ মেৰুৰ দক্ষিণে অৱস্থিত কোনো এটা বিন্দুৰ বিষয়ে সোধাৰ দৰে কথা হ’ব, যি বিন্দুক সংজ্ঞায়িত কৰিব পৰা নাযায়।
যদিও আইনষ্টাইনৰ তত্ত্বই সময় আৰু স্থানক একত্ৰিত কৰিছিল, তথাপিও ই আমাক স্থান সম্বন্ধে বিশেষ একো কোৱা নাছিল। মহাকাশ স্থানৰ বিষয়ে যিটো কথা স্পষ্ট ৰূপত প্ৰতীয়মান হয় সেয়া হ’ল এয়াই যে স্থান অন্তহীন , অসীমৰ পৰা অসীমলৈ যাৰ ব্যাপ্তি। আমি নিশ্চয় এয়া আশা কৰিব নোৱাৰো যে বিশ্বব্ৰহ্মাণ্ডখন কোনোবা এটি প্ৰান্তত ইটাৰ দেৱালৰ লেখীয়া এক বাধাৰ প্ৰাচীৰৰ সন্মুখত স্তব্ধ হৈ পৰিব, কিন্তু তেনে এক সাম্ভাব্য অৱস্থা আহি নপৰিব বুলি ভবাৰ আৰতো কোনো যুক্তিসংগত কাৰণ দেখা নাযায়। কিন্তু হাবল মহাকাশ দূৰবীণৰ দৰে অত্যাধুনিক যন্ত্ৰই আমাক মহাকাশৰ গভীৰতৰলৈ পৰ্যবেক্ষণ কৰাৰ সুযোগ আনি দিলে। যাৰ ফলস্বৰূপে আমি দেখিছো বিলিয়নৰ পিছত বিলিয়ন তাৰকাৰাজ্য, যিবোৰৰ আকৃতি আৰু আকাৰ ভিন ভিন। দেখিছো মহা দৈত্যকায় উপবৃত্তাকাৰ তাৰকাৰাজ্য আৰু তাৰ লগতে আমাৰ নিজৰ তাৰকাৰাজ্য খনৰ দৰেই অনেক সৰ্পিল তাৰকাৰাজ্য। প্ৰতিখন তাৰকা ৰাজ্যতেই আছে বহু বিলিয়ন নক্ষত্ৰ, ইয়াৰে বহুতৰেই চাৰিওফালে আছে আকৌ নিজ নিজ গ্ৰহ সমূহ।
আমাৰ নিজ তাৰকা ৰাজ্য খনে কেতবোৰ নিৰ্দিষ্ট দিশৰ ফালে আমাৰ দৃষ্টিৰ সন্মুখত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে । কিন্তু তাৰ ব্যাতিৰেকে তাৰকা ৰাজ্য সমূহ মহাবিশ্বত প্ৰায় সুষম ভাৱে বিস্তাৰিত হৈ আছে, অৱশ্যেই কৰবাত স্থানীয় কেতবোৰ অঞ্চল ঘণীভূত হৈ পৰিছে , কৰবাত আকৌ সৃষ্টি কৰিছে মহাশূন্যতাৰ।
অতিশয় বৃহৎ দুৰত্বত তাৰকাৰাজ্য সমূহ থূপ খাই থকা ঘনত্বৰ মান কমি যোৱা যেন পৰিলক্ষিত হয়,কিয়নো সিবোৰ ইমানেই বেছি দুৰত্বৰ ক্ষীণ অৱয়বত পৰিণত হৈ পৰে যাক আমাৰ দৃষ্টিৰে ঢুকি পোৱাটোৱেই অসম্ভৱ হৈ পৰে।
য’ত দূৰ সম্ভৱ আমি কব পাৰো যে বিশ্বব্ৰহ্মাণ্ড চিৰকাল জুৰি স্থানৰ মাজেৰে প্ৰসাৰিত হৈছে, যিমান দূৰলৈ আতৰি নাযাওক কিয়, অধিকতম ভাৱে সি এক সমৰূপ অক্ষুণ্ণ ৰাখিছে।
যদিওবা প্ৰতিটো মহাকাশ স্থানতেই বিশ্বব্ৰহ্মাণ্ডৰ ৰূপ একেই যেন লাগে, ই নিশ্চয়কৈ সময়ৰ গতিৰ সৈতে পৰিৱৰ্তিত হৈ আছে।
অথচ, যোৱা শতিকাৰ প্ৰথম দশক পৰ্যন্ত এই কথাক কোনেও উপলব্ধি পৰা নাছিল। তেতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডক মূলতঃ সময়ৰ পৰিৱৰ্তনৰ সাপেক্ষে এক স্থিৰ ,ধ্ৰুৱক বুলি ভবা হৈছিল। এক অসীম সময়ৰ পৰাই ইয়াৰ অস্তিত্ব যেন সম্ভৱ হৈ উঠিছে ,কিন্তু তেনে ধাৰণাই আমাক কেতবোৰ অসম্ভৱ প্ৰায় সিদ্ধান্তত উপনীত কৰাই।
তেনে ধাৰণা অনুসৰি যদি অনন্ত সময়ৰ পৰা তৰাবোৰে পোহৰ বিলাই থাকিলহেতেন, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ উষ্ণতা বৃদ্ধি হৈ তৰাবোৰৰ সম পৰ্যায়ত উপনীত হ’লহেতেন। আনকি নিশাৰ ভাগতো গোটেই আকাশ খন সূৰ্যৰ সমানেই উজ্জ্বল হৈ থকা দেখা গ’লহেতেন।, কিয়নো চকুৰে দেখা প্ৰতিটো দৃষ্টি ৰেখাৰ শেষ সীমনাত হয় একোটা তৰা জিলিকি থাকিল হেতেন অথবা দেখা গ’ল হেতেন তেনে তৰাৰেই সমান উষ্ণতা লাভ কৰি উত্তপ্ত হৈ উঠা কোনো মহাজাগতিক ধূলিৰ ডাৱৰ। সেয়েহে ৰাতিৰ আকাশখন যে অন্ধকাৰ সেই পৰ্যবেক্ষণ আমাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। এনে পৰ্যবেক্ষণে এই অৰ্থকেই প্ৰকাশ কৰিছে যে বিশ্বব্ৰহ্মাণ্ড খন আমি দেখা আজিৰ ৰূপটিতেই সৰ্বকালৰ বাবে থাকিব নোৱাৰে। অতীতত নিশ্চয় এনে কিবা ঘটনা সংঘটিত হ’ব লাগিব যাৰ বাবে এক নিৰ্দিষ্ট সসীম সময়ৰ পূৰ্বে তৰাবোৰে আকাশত ভুমুকি মাৰিছিল। তেনে ক্ষেত্ৰতেই অতি দূৰৈৰ পৰা অহা তৰাৰ পোহৰৰ বাবে আমাক স্পৰ্শ কৰিবলৈ সময় নাথাকিব। ৰাতিৰ আকাশখন প্ৰতিটো দিশতে সমানেই কিয় প্ৰজ্বলিত হৈ থকা নাই তাৰ কাৰণ ওপৰোক্ত কথাখিনিৰ পৰা বুজিব পাৰি।
যদি তৰাবোৰ চিৰকাল জুৰি আকাশত তেনেদৰেই একেটা স্থানতে আছে, তেন্তে কিছু বিলিয়ন বছৰৰ পূৰ্বে অকস্মাত সিহঁত উজলি উঠিছিল কিয়? সেই ঘড়ীটোৱেই বা কি আছিল যিয়ে সিহঁতক উজলি উঠাৰ সেই বিশেষ ক্ষণটোৰ বিষয়ে সম্ভেদ দিছিল? এনে প্ৰশ্নই ইমানুৱেল কান্টৰ দৰে দাৰ্শনিকক বিমোৰত পেলাইছিল, যি এক চিৰন্তন, সৰ্বকাল ব্যাপি থকা বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্বক বিশ্বাস কৰিছিল।
কিন্তু বেছিভাগ মানুহৰ ক্ষেত্ৰতেই বিশ্বব্ৰহ্মাণ্ড খন ঠিক আজিৰ ৰূপতেই সৃষ্টি হোৱাৰ ধাৰণাটো আছিল অধিক সামঞ্জস্যপূৰ্ণ, মাত্ৰ কেই হাজাৰমান বছৰৰ আগতে সম্ভৱ হৈ উঠা যি সৃষ্টিৰ ক্ষণৰ বিষয়ে বিচপ উশ্বাৰে এক সিদ্ধান্তত উপনীত হৈছিল। কিন্তু এনে ধাৰণাৰ ক্ষেত্ৰত অসামঞ্জস্যতাই দেখা দিবলৈ ধৰিলে, বিশেষকৈ যেতিয়া ১৯২০ চনত মাউণ্ট উইলছনত স্থাপিত এশ ইঞ্চিৰ দূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰা আকাশৰ পৰ্যবেক্ষণ আৰম্ভ হ’ল। প্ৰথমতেই এডউইন হাবলে আৱিষ্কাৰ কৰিলে যে নীহাৰিকা নামেৰে জনাজাত ক্ষীণ পোহৰৰ পটিবোৰ দৰাচলতে অন্য তাৰকাৰাজ্য, যি অনেক দুৰত্বত থকা আমাৰ সূৰ্য্যৰ দৰে তৰা সমূহৰ দ্বাৰা গঠিত একোটা বিশাল মহাজাগতিক ভাণ্ডাৰ। এই তাৰকা ৰাজ্য বোৰ পৃথিৱীৰ পৰা তেনেই ক্ষুদ্ৰ আৰু অস্পষ্ট যেন দেখিবলৈ হ’লে সিহঁতৰ দূৰত্ববোৰো ইমানেই বৃহৎ হ’ব লাগিব যে সিহঁতৰ পৰা অহা পোহৰে আমাক ঢুকি পাবলৈ বহু মিলিয়ন আনকি বিলিয়ন বছৰৰ প্ৰয়োজন হ’ব। সেই কথাই এয়া প্ৰমাণ কৰিছে যে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি মাত্ৰ কেইহাজাৰ মান বছৰৰ পূৰ্বৰ ঘটনা হ’ব নোৱাৰে।
কিন্তু হাবলৰ দ্বিতীয়টো আৱিষ্কাৰ আৰু অধিক উল্লেখনীয় আছিল। তাৰকাৰাজ্য সমূহৰ পৰা অহা পোহৰৰ বিশ্লেষণৰ দ্বাৰা সেইবোৰ আমাৰ ফালে আগবাঢ়ি আহিছে নে আমাৰ পৰা আঁতৰি গৈ আছে,সেয়া হাবলে জুখি উলিয়াবলৈ সক্ষম হৈছিল। তেওঁক বিস্মিত কৰা গৱেষণাৰ তথ্যৰ পৰা তেওঁ দেখিছিল যে তাৰকা ৰাজ্য সমূহৰ প্ৰায় সকলোৱেই আমাৰ পৰা আঁতৰি গৈছে। তদুপৰি সিহঁত আমাৰ পৰা যিমানেই দূৰলৈ ধাৱমান হৈছে সিমানেই সিহঁতৰ বেগ বাঢ়ি গৈ আছে, অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ড প্ৰসাৰিত হৈছে,তাৰকা ৰাজ্যসমূহ পৰস্পৰৰ পৰা দূৰলৈ আঁতৰি গৈ আছে।

