‘ষ্ট্ৰেইঞ্জ ফ্ৰুট’ :: এখন দেশক স্তম্ভিত কৰা এটি গীত।। বৰ্ণালী বৰুৱা দাস
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা

প্ৰাক-কথন:
আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰৰ কেফে ছচাইটিৰ এটা নৈশ ক্লাব। হলটোৰ সকলো লাইট নুমুৱাই দিয়া হৈছে। মঞ্চৰ ওপৰত এটা মাত্ৰ স্পট-লাইট। তাৰ পোহৰত এগৰাকী কৃষ্ণাংগী গায়িকা। বাদ্যযন্ত্ৰী বুলিবলৈ লগত আছে মাত্ৰ এজন পিয়ানো বাদক। গায়িকাগৰাকীয়ে গাবলৈ আৰম্ভ কৰিছে এটি গীত। গীত নহয় যেন কণ্ঠ নিগৰি ওলাই আহিছে মৰ্মভেদী গেঙনি। এক তীব্ৰ যন্ত্ৰণাকাতৰ আৰ্তিৰে গানটো শেষ হ’ল। কিন্তু হলভৰ্তি দৰ্শক সকলো একে ঠাইতে শিল পৰা কপৌৰ দৰে ৰৈ থাকিল। নৈঃশব্দ্যত ডুব গ’ল সমগ্ৰ হল। কিমান সময় এনেকৈ পাৰ হ’ল কোনেও নাজানে। এজন মানুহে হাত চাপৰি বজাই সেই নৈঃশব্দ্য ভঙাৰ পাছতহে সকলোৱে সম্বিত ঘূৰাই পালে আৰু হাত চাপৰিৰে গায়িকাক সম্ভাষণ জনালে। গায়িকাৰ নাম হ’ল বিলি হলিডে (Billie Holiday)। উল্লিখিত ঘটনাটো আজিৰ পৰা নব্বৈ বছৰৰ আগৰ। ১৯৩৯ চনৰ। কিন্তু যিটো গীতে সেইদিনা এটা নাইট ক্লাৱৰ এমুঠি দৰ্শকক স্তব্ধ কৰি পেলাইছিল পৰৱৰ্তী সময়ত সেইটো গীতেই গোটেই আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ শ্ৰোতাক একেধৰণেৰেই হতচকিত কৰি পেলালে। আনকি আজিও গানটোৱে আমেৰিকাৰ ইতিহাসৰ এক ক’লা অধ্যায়ৰ কথা সোঁৱৰাই সংবেদনশীল শ্ৰোতাৰ হৃদয়ত দকৈ দাগ কাটি থৈ যায়। গানটোৰ শীৰ্ষ “Strange Fruit”। লিখক এবেল মিৰ’পল (Abel Meeropol)। ১৯৯৯ চনত ‘টাইম মেগাজিনে’ গানটোক ‘শতিকাটোৰ শ্ৰেষ্ঠ গীত’ বুলি স্বীকৃতি দিয়াৰ লগতে ২০২১ চনত ৰক আলোচনী ‘ৰ’লিং ষ্ট’নে’ ৫০০ টা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গীতৰ ২১ তম স্থানত গীতটোক ঠাই দিয়ে। এই কথা নিশ্চিত যে, এনে স্বীকৃতিৰ ব্যতিৰেকেও দেশ-বিদেশৰ সংগীতৰ ৰসাস্বাদন-সক্ষম সকলো শ্ৰোতাকে এই গানে সদায়েই বেদনাহত কৰি ৰাখিব।
(বিলি হলি ডেৰ কণ্ঠত গীতটো)
গানটোৰ পটভূমি:
১৯শ আৰু ২০শ শতিকাত (বিশেষকৈ ১৮৭৭–১৯৬০ চনৰ ভিতৰত) আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ণবৈষম্যৰ বাবে চূড়ান্ত গণ-হিংসাৰ বলি হৈছিল হাজাৰ হাজাৰ কৃষ্ণাংগ লোক। সাধাৰণ কথাতে কৃষ্ণাংগ জনসাধাৰণক গণ-নিগ্ৰহ বা লিঞ্চিঙৰ বাবে জপিয়াই পৰিছিল শ্বেতাংগ লোক। বাট-ঘাটে ৰাজহুৱাভাৱে ফাঁচি দিয়া, জ্বলাই দিয়া, আদি আছিল নিত্য নৈমিত্তিক ঘটনা। কোন সময়ত কেতিয়া শ্বেতাংগ জনতা উন্মত্ত হৈ একো একোজন কৃষ্ণাংগ মানুহৰ ওপৰত জপিয়াই পৰে তাৰ কোনো ঠিকনা নাই। কোনোবা কৃষ্ণাংগই কোনোবা এগৰাকী শ্বেতাংগ নাৰীলৈ হয়তো অলপ বেছি সময় চালে, কোনোবা এজন শ্বেতাংগৰ বিৰুদ্ধে কিবা এটা মন্তব্য দিলে, কোনোবা কৃষ্ণাংগক হয়তো শ্বেতাংগ এজনে ‘অহংকাৰ’ কৰা দেখিলে। মুঠতে এনেকুৱা যি কোনো এটা কথাৰ বাবেই শ্বেতাংগসকলৰ মনত পুহি ৰখা ঘৃণাৰ হিংসাত্মক উদ্গীৰণ ক্ষন্তেকতে হৈ যাব পাৰে। ‘ইকুৱেল জাষ্টিচ ইনিচিয়েটিভ’ নামৰ সংস্থাটোৰ মতে ১৮৭৭ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত আমেৰিকাত ৪০০০ৰো অধিক কৃষ্ণাংগক লিঞ্চ কৰা হৈছিল। এই হত্যাকাণ্ডৰ অধিকাংশই সংঘটিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণাঞ্চলত।
এই গানটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল লিঞ্চিঙৰ এখন আলোকচিত্ৰ। চিত্ৰখনত দেখা গৈছিল গছ এজোপাত ফাঁচীৰ ৰচীত ওলমি আছে দুজন কৃষ্ণাংগ যুবকৰ দেহ আৰু এজাক শ্বেতাংগ মানুহে সেয়া চাই আছে। মানুহজাকৰ মাজত শিশু আৰু নাৰীও আছে। ফ’টোগ্ৰাফখন আছিল মেৰিয়ন ইণ্ডিয়ানাত (Marion, Indiana) হোৱা এটা লিঞ্চিঙৰ ঘটনাৰ সাক্ষী। গছত ফাঁচি দি ওলোমাই ৰখা ডেকা দুজনৰ এজন আছিল ১৮ বছৰীয়া ডেকা থমাচ চিপ (Thomas Shipp) আৰু আনজন ১৯ বছৰীয়া আব্ৰাম স্মিথ (Abram Smith)। সেয়া আছিল ১৯৩০ চনৰ ৭ আগষ্টৰ কথা। থমাচ চিপ, আব্ৰাম স্মিথ আৰু আন এজন কিশোৰ জেমচ কেমেৰুণৰ (James Cameron) বিৰুদ্ধে অভিযোগ দিয়া হয় যে তেওঁলোকে ক্লড দিটাৰ (Claude Deeter) নামৰ এজন কাৰখানাৰ কৰ্মীক হত্যা কৰি ডকাইতি কৰে আৰু তেওঁৰ প্ৰেমিকা মেৰি বলক (Mary Ball) ধৰ্ষণ কৰে। অভিযুক্ত তিনিওজনকে কাৰাগাৰত বন্দী কৰা হয়। বৰ্ণ বৈষম্যৰে ভৰা সমাজখনত ‘আমি আৰু সিহঁত’ বাগধাৰাত বন্দী মানুহৰ মনত নাৰী সদায় এটা ব্যক্তিগত সম্পদৰ নামান্তৰ। এই বাগধাৰাত ‘আমাৰ নাৰীক সিহঁতে ধৰ্ষণ কৰিছে’ৰ অৰ্থ হ’ল ‘আমাৰ সম্পদ সিহঁতে ভোগ কৰিছে’। পুঞ্জীভূত ঘৃণাৰ সসাগৰা দাহ্য তৰলত এই এটা মাত্ৰ বাক্যই জলন্ত জুইশলা কাঠি এডালৰ কাম কৰে। হিংসাৰ দাবানল ক্ষন্তেকতে দপদপাই জ্বলি উঠে। শ্বেতাংগ যুৱতী এগৰাকীক ধৰ্ষণ কৰিছে বুলি শুনি কোনো বাছ-বিচাৰ নকৰাকৈ হাজাৰ হাজাৰ মানুহ উত্তেজিত হৈ অভিযুক্তকেইজনক ভৰাই থোৱা কাৰাগাৰলৈ ঢাপলি মেলে। পাছত ধৰ্ষণৰ অভিযোগটো মিছা বুলি প্ৰমাণিত হয়, কিন্তু সেই উত্তেজিত মানুহৰ সেই সময়ত ৰৈ থকাৰ প্ৰশ্নই নাছিল। তেওঁলোকে প্ৰচণ্ড হাতুৰীৰে কাৰাগাৰৰ দুৱাৰ ভাঙি তিনিওজন অভিযুক্তকে টানি, চোচৰাই উলিয়াই আনিলে। তাৰপাছত উপৰ্যুপৰি মৰিয়াই মৰিয়াই অৱশেষত ডিঙিত ৰচীৰে বান্ধি গছত ওলোমাই দিলে। আব্ৰাহাম স্মিথে ৰচীৰ বান্ধোনৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰা দেখি মৰিয়াই মৰিয়াই কান্ধখনো ভাঙি বাহু দুটা ওলমাই দিয়া হ’ল। তিনিজনৰ ভিতৰত অৱশ্যে কিশোৰ কেমেৰুণৰ কোনো দোষ নাই বুলি এজনে দিয়া সাক্ষ্যৰ ভিত্তিত তেওঁক ৰেহাই দিলে। কিন্তু বাকী দুয়োজনকে হাজাৰ হাজাৰ মানুহে বিনা বিচাৰে হত্যা কৰি গছত ওলোমাই দিয়ে। ভীৰৰ মাজত থকা আৰক্ষী বিষয়াসকলে বাধা দিয়াৰতো কোনো চেষ্টাই নকৰিলে, বৰং তেওঁলোকে লিঞ্চিঙত সহযোগহে কৰিলে। তেতিয়া আজিৰ দৰে কাৰো হাতে হাতে ম’বাইল কেমেৰা নাছিল। কিন্তু তাৰ মাজতে ল’ৰেঞ্চ বেইট্লাৰ নামৰ (Lawrence Beitler) এজন স্থানীয় ফ’টোগ্ৰাফাৰে লিঞ্চিঙৰ দৃশ্যটো তেওঁৰ কেমেৰাত বন্দী কৰি ৰাখিলে। ফটোখনত দেখা গ’ল, হাজাৰ হাজাৰ মানুহে কোনো আনন্দদায়ক দৃশ্য উপভোগ কৰাৰ দৰে গছত ওলমি থকা দেহ দুটালৈ চাই আছে। শিশু আৰু মহিলা সমন্বিতে তাত প্ৰায় ৫০০০ মানুহ আছিল বুলি জনা যায়। এটা জাতিৰ, এখন দেশৰ কলংক ভৰা ইতিহাসৰ সাক্ষী হৈ ৰৈ গ’ল বেইট্লাৰে তোলা সেই ফ’টোখন। তাৰ পাছৰ দহ দিনমানত সেই ফ’টোখনৰ হাজাৰ হাজাৰ কপি বিক্ৰীও হ’ল। আজিও যি কোনো বিবেকবান মানুহক সেই ফটোৱে মৰ্মাহত কৰে (ছবি নং ১)

ফটোখন এদিন চকুত পৰে এবেল মিৰ’পলৰ। তেওঁ আছিল নিউ ইয়ৰ্কত বাস কৰা এজন ইহুদী শিক্ষক তথা কবি। ফটোখনৰ দৃশ্যটোৱে তেওঁক অহৰ্নিশে আমনি কৰিবলৈ ধৰিলে আৰু অৱশেষত লিখি উলিয়ালে ‘তিতা ফল’ নামেৰে এটি কবিতা। কবিতাটো প্ৰকাশ পায় নিউয়ৰ্ক শিক্ষক সংঘৰ আলোচনী ‘দা নিউয়ৰ্ক টিচাৰ’ত। প্ৰথমে অৱশ্যে কবিতাটো তেওঁ ছদ্ম নামতহে প্ৰকাশ কৰিছিল। ইয়াৰ পাছৰ পৰ্যায়ত কবিতাটোত সুৰ সংস্থাপন কৰি তেওঁ গীতটোৰ শীৰ্ষ দিয়ে ‘ষ্ট্ৰেইঞ্জ ফ্ৰুট’ অৰ্থাৎ ‘আশ্চৰ্য ফল’ বা ‘অদ্ভূত ফল’। নিজৰ পত্নী আৰু আন শিল্পীৰদ্বাৰা গীতটো নিউ ইয়ৰ্কৰ কিছুমান ঠাইত পৰিবেশন কৰোৱায়। লাহে লাহে গীতটোৱে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে, মানুহৰ সম অধিকাৰৰ সপক্ষে এক প্ৰতিবাদী সংগীতৰ পৰিচিতি লাভ কৰিবলৈ ধৰে।
বিলি হলিডে’ আৰু ষ্ট্ৰেইঞ্জ ফ্ৰুট :
যদিও নিউ ইয়ৰ্কৰ দুই এঠাইত গীতটোৰ স্ৰষ্টা এবেল মিৰ’প’লৰ মাৰাফত পৰিবেশন কৰা হৈছিল, গীতটোৱে এক ইতিহাস সৃষ্টিকাৰী পৰিৱেশন ৰূপে আখ্যা পালে আফ্ৰিকান-আমেৰিকান জেজ গায়িকা বিলি হলিডেয়ে কেফে চচাইটিৰ নাইট ক্লাৱত কৰা পৰিবেশনৰ পাছৰ পৰা। প্ৰৱন্ধটোৰ আৰম্ভণীতে এই পৰিৱেশনৰ বিষয়েই উল্লেখ কৰা হৈছে।
বিলি সকলোৰে মাজত লেডি ডে’ (Lady Day) নামেৰে পৰিচিত আছিল। তেওঁ প্ৰথম দিনা গীতটোৰ পৰিৱেশনেৰে ক্লাৱটোৰ সকলো দৰ্শক-শ্ৰোতাকে যেনেদৰে স্তব্ধ কৰি পেলালে সি সংগীত-ইতিহাসৰ উল্লেখযোগ্য মুহূৰ্তবোৰৰ ভিতৰৰ এটা অন্যতম মুহূৰ্ত ৰূপে চিহ্নিত হৈ ৰ’ল। তাৰ পাছত একেৰাহে কেইবাটাও নিশা বিলিয়ে ‘ষ্ট্ৰেইঞ্জ ফ্ৰুটে’ৰেই নিজৰ পৰিৱেশনৰ চেটবোৰ সামৰণি মাৰিছিল। বিলিয়ে গীতটোক এক জাতীয় প্ৰতীকলৈ ৰূপান্তৰিত কৰিলে বুলি ক’লেও অত্যুক্তি কৰা নহয়। ষ্ট্ৰেইঞ্জ ফ্ৰুট আৰু বিলি হলিডে দুয়োটা যেন এটা আনটোৰ পৰিপূৰক হৈ উঠিল। বিলিৰ নিজৰ জীৱনটোও আছিল সংঘাতেৰে পূৰ্ণ, — বৰ্ণ বৈষম্যৰ নিৰ্মম নিস্পেষণত বিদ্ধ আৰু চৰম দাৰিদ্ৰৰ কবলত পিষ্ট। ১৯১৫ চনত ফিলাডেলফিয়াত জন্মগ্ৰহণ কৰা বিলি হলি ডে’ আছিল এগৰাকী যৌনকৰ্মী তথা ৰান্ধনীৰ কন্যা সন্তান। গীটাৰবাদক পিতৃয়ে বিলিক নিজৰ কন্যা বুলি পৰিচিতি দিয়া নাছিল। সেয়ে বিলি থাকিব লগা হৈছিল কৃষ্ণাংগ শিশুৰ আশ্ৰয় গৃহ এটাত। তাত শিশু অৱস্থাতেই তেওঁ ধৰ্ষণৰ বলি হৈছিল। ১৩ বছৰ বয়সত মাকে তাইক নিউ ইয়ৰ্কলৈ নিজৰ ওচৰলৈ লৈ আনে। মাকৰ সৈতে বিলিয়ে হাৰ্লেমত চাফাই কৰ্মী আৰু লগতে যৌনকৰ্মী হিচাপে কাম কৰিবলৈ লয়। তেওঁৰ কণ্ঠ আছিল আকৰ্ষণীয়। হাৰ্লেম সেই সময়ত কৃষ্ণাংগসকলৰ সংস্কৃতি চৰ্চাৰো প্ৰাণ কেন্দ্ৰ আছিল। তেনেকৈয়ে বিলিয়ে এগৰাকী জেজ আৰু ব্লুজ গায়িকা হিচাপে ক্লাৱত গান গাবলৈ আৰম্ভ কৰে। সেইবোৰ আছিল মূলত: প্ৰেমৰ গান। তেওঁক যেতিয়া ষ্ট্ৰেইঞ্জ ফ্ৰুট গাবলৈ প্ৰস্তাৱ দিয়া হৈছিল, প্ৰথমে তেওঁ ইতস্তত: কৰিছিল। কাৰণ সাধাৰণ ৰোমাণ্টিক গানৰ বাহিৰে এনে তীব্ৰভাৱে ৰাজনৈতিক স্থিতিৰ গান তেওঁ কেতিয়াও গোৱা নাছিল। অথচ পদে পদে সেই সামাজিক ব্যৱস্থাত তেওঁলোক নিৰ্যাতিত হৈয়েই আছিল। জীৱনটোলৈ ঘূৰি চাই তেওঁ দেখে, ক’ৰবাত সংগীত পৰিৱেশন কৰিবলৈ যাওঁতে তেওঁৰে লগৰ শ্বেতাংগ সহশিল্পী সৈতে একে হোটেলত থকাৰ পৰা, একে খাদ্য খোৱাৰ পৰা বঞ্চিত হৈছে, নিউমোনিয়াত আক্ৰান্ত পিতৃক কৃষ্ণাংগ হোৱাৰ বাবেই চিকিৎসালয়ে চিকিৎসা সেৱা দিবলৈ অমান্তি হৈছে, যাৰ ফলত বিনা চিকিৎসাত দেউতাকৰ মৃত্যু হৈছে। এই সকলোবোৰ স্মৃতিয়ে গানটো পৰিৱেশনৰ প্ৰস্তাৱটো গ্ৰহণত তেওঁক উদ্বুদ্ধ কৰে। প্ৰকৃততে বিলিৰ নিজৰেই সংঘাতময় জীৱনৰ অপৰিসীম যন্ত্ৰণাই যেন গানটোৰ মাজেৰে প্ৰকাশৰ বাটহে বিছাৰি পাইছিল। সেয়েহে গানটোত তেওঁ ইমান একাত্ম হৈ পৰিছিল। গানটোৱে বিলিক এগৰাকী ৰাজনৈতিক গায়িকাৰ পৰিচিতি দিলে।
নক’লেও হ’ব যে এই পৰিচিতি তেওঁৰ বাবে বৰ সুখকৰ নাছিল। পূৰ্বৰে পৰা চুক্তিবদ্ধ ৰেকৰ্ড কোম্পানী কলম্বিয়া ৰেকৰ্ডচে তেওঁৰ গান আৰু ৰেকৰ্ড কৰিবলৈ অমান্তি হ’ল। কাৰণ কোম্পানীটোত আছিল ভালে সংখ্যক শ্বেতাংগ অংশীদাৰ বা শ্বেয়াৰ হ’ল্ডাৰ। এই সকলে ধন নিদিয়া হ’ল। আনকি বিলিৰ গানৰ প্ৰতিক্ৰিয়া হিচাপেই শ্বেতাংগ গ্ৰাহকসকলেও তেওঁলোকৰ ৰেকৰ্ড নিকিনা হ’ল। আৰু অধিক ধন হেৰুওৱাৰ আশংকাত কোম্পানীটোৱে ষ্ট্ৰেইঞ্জ ফ্ৰুট ৰেকৰ্ড কৰাৰ পৰা বিৰত থাকিল। ৰেকৰ্ড কৰাৰ আন উপাই নাপাই বিলিৰ ব্যক্তিগত সংগীত প্ৰযোজকজনে তেওঁৰ বন্ধু এজনৰ ওচৰলৈ বিলিক লৈ যায়। বন্ধুজন আছিল ক’ম’ডৰ (Commodore) নামৰ সৰু ইহুদী ৰেকৰ্ড কোম্পানী এটাৰ স্বত্বাধিকাৰী। বিলিয়ে তেওঁৰ সন্মুখত গানটো কোনো বাদ্য যন্ত্ৰ নোহোৱাকৈ উকা কণ্ঠেৰে এনে মৰ্মস্পৰ্শীভাৱে পৰিবেশন কৰিলে যে বন্ধুজনে চকুলো সামৰিব নোৱাৰিলে। অৱশেষত ক’ম’ৰেড’ ৰেকৰ্ডছেই বিলিৰ কণ্ঠত ১৯৩৯ চনৰ ২০ এপ্ৰিলত গানটো ৰেকৰ্ড কৰে। ৰেকৰ্ডখন ১০ লাখতকৈও অধিক বিক্ৰী হয়। গানটো আমেৰিকান নাগৰিক অধিকাৰ আন্দোলনৰ এন্থেমলৈ পৰিণত হয়।
আমেৰিকা যুক্তিৰাষ্ট্ৰৰ চৰকাৰে বিলিৰ মুখ বন্ধ কৰাৰ সৰ্বতোপ্ৰকাৰ প্ৰচেষ্টাই চলায়। তেওঁৰ চলন ফুৰণত কাৰা নজৰ ৰখা হয়। তেওঁ সংগীত পৰিৱেশন কৰা ঠাইত আৰক্ষীক সদা সষ্টম কৰি ৰখা হয়। আৰু ১৯৪৭ চনত ড্ৰাগচ লগত ৰখাৰ আৰু সেৱন কৰাৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰি জেইললৈকো পঠায়। জেইলৰ পৰা মুক্ত হোৱাৰ পাছত বহু প্ৰতিষ্ঠানে বিলিক অনুষ্ঠান পৰিৱেশনৰ নিমন্ত্ৰণ দিবলৈ ভয় খোৱা হৈছিল। আনকি আলাবামাৰ এক মঞ্চানুষ্ঠানত ষ্ট্ৰেইঞ্জ ফ্ৰুট গাবলৈ আৰম্ভ কৰাত তেওঁক মঞ্চৰ পৰা নমাই আনি চহৰৰ পৰাই খেদাই দিয়া হৈছিল। এইবোৰ চৰকাৰী নিৰ্যাতনৰ লগতে ব্যক্তিগত জীৱনত লগ হোৱা কেইজনমান অসৎ পুৰুষ বন্ধুৰ প্ৰতাৰণা আৰু লোভ-লালসাৰো তেওঁ চিকাৰ হয়। মাত্ৰ ৪৪ বছৰ বয়সতে লিভাৰৰ অসুখত তেওঁৰ মৃত্যু হয়। অৱশ্যেই সেই কণ্ঠৰ মৃত্যু নাই। মানুহৰ অৱদমন নিস্পেষণৰ বিৰুদ্ধে প্ৰতিবাদ-প্ৰতিৰোধৰ প্ৰতীক ৰূপে বিলিৰ অসমান্য কণ্ঠ জীয়াই থাকিল আৰু থাকিব চিৰদিনলৈ।
কে’ফে চচাইটি নাইট ক্লাৱ: এ’ ৰং প্লে’চ ফৰ ৰাইট পিপ’ল:
ষ্ট্ৰেইঞ্জ ফ্ৰুট গানটোৰ আলোচনাত কে’ফে চচাইটি নাইট ক্লাৱৰ কথা উল্লেখ নকৰিলে সেই আলোচনা আধৰুৱা হৈ ৰয়। সেয়ে সেই বিষয়েও চমুকৈ দুআষাৰ কোৱা প্ৰয়োজন।
এই ক্লাবটো প্ৰতিষ্ঠা কৰিছিল বাৰ্ণি যোচেফছন (Barney Josephson) নামৰ এজন ব্যক্তিয়ে। তেওঁ আছিল জেজ সংগীতৰ অনুৰাগী তথা ৰাজনৈতিকভাৱে সচেতন ব্যক্তি। ইউৰোপৰ ৰাজনৈতিক কেবাৰে (Cabaret) বোৰৰ আৰ্হিত তেওঁ আমেৰিকাতো নিৰ্দিষ্ট ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি এক সংস্কৃতি চৰ্চাৰ কেন্দ্ৰ গঢ়ি তোলাৰ হাবিয়াস কৰিছিল। সেই সময়ত আমেৰিকাৰ নাইট ক্লাৱসমূহ আছিল বৰ্ণৰ ভিত্তিত চালিত। শ্বেতাংগ মানুহৰ ক্লাৱসমূহত কৃষ্ণাংগ মানুহে শ্ৰমিক হিচাপে বা সংগীত নৃত্যৰ পৰিৱেশক হিচাপে প্ৰৱেশ কৰিব পাৰিলেও তাৰ উপভোক্তা হিচাপে প্ৰৱেশৰ অধিকাৰ নাছিল। ই যোচেফছনক যথেষ্ট বিৰক্ত কৰিছিল। সেয়েহে তেওঁ শ্বেতাংগ আৰু কৃষ্ণাংগ সকলোৱে অংশ ল’ব পৰাকৈ গ্ৰীণউইচ ভিলে’জত এই ক্লাবটো খুলিছিল। ক’লা আৰু বগা মানুহৰ বাবে এইটোৱেই আছিল প্ৰথমটো সামূহিক ক্লাৱ, তাকো শ্বেতাংগ জনবসতি প্ৰধান অঞ্চলত। ক্লাৱটোৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা টেগ লাইনটোৰ পৰাই ইয়াৰ ৰাজনৈতিক স্থিতিৰ সম্ভেদ পাব পাৰি। বিজ্ঞাপনৰ টেগ লাইনটো আছিল — ‘The wrong Place for the Right people’।
ইয়াত বহু উদীয়মান আৰু প্ৰতিষ্ঠিত শিল্পীক পৰিৱেশনৰ সুযোগ দিয়া হৈছিল। পাছলৈ বিখ্যাত শিল্পী ৰূপে প্ৰতিষ্ঠা লাভ কৰা বহু শিল্পীৰেই আৰম্ভণী মঞ্চ আছিল এই কে’ফে চচাইটিৰ নাইট ক্লাৱ। বিলি হলিডে’ৰ ষ্ট্ৰেইঞ্জ ফ্ৰুটৰ পৰিৱেশন বিশেষভাৱে পৰিকল্পনা কৰা হৈছিল। গীতটোৰ মাজেৰে ফুটি উঠা মানুহৰ নৃশংসতাক ক্লাৱটোত সমবেত হোৱা সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ সক্ষম হৈছিল আৰু এই কথাও উপলব্ধি কৰিছিল যে ক্লাৱৰ দুৱাৰৰ বাহিৰলৈ ওলাই তেওঁলোক এই নৃশংস পৃথিৱীখনৰেই মুখামুখি হ’ব লাগিব। সেই পৃথিৱীৰ পৰিৱৰ্তনৰ বাবে এই গানটোৰ ভূমিকা যে কিমান বৈপ্লৱিক আছিল তাক তাৰ পৰৱৰ্তী ইতিহাসেই কৈ যায়।
যোছেফছনৰ ভাতৃ লিঅ’নৰ সৈতে কমিউনিষ্ট সম্পৰ্ক আছে বুলি আৰু এই ক্লাৱত অআমেৰিকিয় ক্ৰিয়া কৰ্ম চলে বুলি এফ বি আই (FBI)ৰ কুখ্যাত সঞ্চালক এডগাৰ হুভাৰৰ (J.Edgar Hoover) নেতৃত্ৱত ‘হাউচ আন আমেৰিকান এক্টিভিটিজ কমিটি’য়ে (House Un-American Activities Committee) তদন্ত চলায়। এফ বি আইয়ে যোছেফছনৰ লগতে ক্লাবৰ আন পৃষ্ঠপোষকৰ ক্ৰিয়া কৰ্মকো তীক্ষ্ণ নিৰীক্ষণত ৰাখে। ১৯৫০ চনৰ ভিতৰতে কে’ফে চচাইটি দুটা স্থানত থকা ক্লাৱ বন্ধ কৰায়। কিন্তু গানক কোনে ভেটিব পাৰে? কে’ফে চচাইটি বন্ধ হোৱাৰ পাছতো ষ্ট্ৰেইঞ্জ ফ্ৰুটৰ সুৰ মানুহৰ প্ৰাণে প্ৰাণে গুঞ্জৰিত হৈ থাকিল। সোঁৱৰাই থাকিল একেই তেজ-মঙহৰ এচাম মানুহে আন এচামক কেনেকৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে চিহ্নিত কৰি ঘৃণা আৰু নৃশংসতাৰ চৰম দৃষ্টান্ত দেখুৱাব পাৰে, সেই ইতিহাস।
ষ্ট্ৰেইঞ্জ ফ্ৰুট গানটোৰ কথা:
এবেল মীৰ’প’লে লিখা গানটোৰ কথাখিনি এনেকুৱা:
Strange Fruit
Southern trees bear a strange fruit
Blood on the leaves and blood at the root,
Black bodies swingin’ in the Southern breeze
Strange fruit hangin’ from the poplar trees
Pastoral scene of the gallant South
The bulgin’ eyes and the twisted mouth,
Scent of magnolias sweet and fresh
Then the sudden smell of burnin’ flesh
Here is a fruit for the crows to pluck
For the rain to gather, for the wind to suck
For the sun to rot, for the tree to drop
Here is a strange and bitter crop
অদ্ভুত ফল
দক্ষিণৰ গছবোৰত লাগিছে এক অদ্ভুত ফল
পাতত লাগি আছে তেজ, শিপাত লাগি আছে তেজ,
দক্ষিণৰ বতাহত দুলি আছে সৌৱা ক’লা শৰীৰ৷
পপলাৰ গছৰ ডালত ওলমি আছে অদ্ভুত ফল
নেপথ্যত দক্ষিণৰ বীৰভূমিৰ চৰণীয়া পথাৰ
ওখহি উঠা চকু আৰু কুঞ্চিত মুখ
বতাহত মেগনোলিয়াৰ মিঠা সতেজ সুবাস
তাৰ মাজতে হঠাতে বিয়পে পোৰা মঙহৰ গোন্ধ
ইয়াত এবিধ ফল আছে,
কাউৰীয়ে চিঙিবলৈ,
বৰষুণে তুলিবলৈ,
বতাহে শুহিবলৈ
ৰ’দে পচাবলৈ, আৰু গছে তল সৰাবলৈ
ইয়াতে পাবা এটা অদ্ভুত আৰু তিতা শস্য। (অনুবাদ: লেখিকা)
গীতটোৰ ভাষা অতি সৰল অথচ কাব্যিক। দক্ষিণৰ গছবোৰত অদ্ভূত ফল লাগি আছে (Southern trees bear a strange fruit) বুলি কোৱা প্ৰথম বাক্যটোতে মানুহক ইংগিত দিয়া হয় যে মানৱ সমাজৰ বাবে এই ঘটনাটো এক অদ্ভূত ঘটনা। গছত লাগি থকা অদ্ভূত ফলটো কি তাক প্ৰথম বাক্যটোত স্পষ্ট কৰা নাই যদিও মানুহে ঠিকেই অনুমান কৰে যে গানটোৰ মাজেৰে আমি সঁচাই এক অদ্ভূত ঘটনাৰ সাক্ষী হ’বলৈ গৈ আছো। তাৰ পাছৰ বাক্যটোত আৰু অকণ স্পষ্টকৈ নৃশংশতাৰ ৰূপ ফুটাই তোলা হয় – সেই গছৰ পাত আৰু শিপাত লাগি থকা তেজৰ কথা কৈ (Blood on the leaves and blood at the root)। ইয়াৰ পাছৰ শাৰীত স্পষ্ট কৰি দিয়া হয় সেই আশ্চৰ্য ফল বুলি আচলতে কিহক বুজোৱা হৈছে। সেয়া হৈছে গছত ফলৰ দৰে ওলমি থকা আৰু বতাহত দুলি থকা একো একোটা মানৱ শৰীৰ। কৃষ্ণাংগ মানৱ শৰীৰ – (Black bodies swingin’ in the Southern breeze)।
দ্বিতীয় কলিত দক্ষিণ আমেৰিকাৰ সুন্দৰ নৈসৰ্গিক দৃশ্যৰ সৈতে বৈপৰীত্যৰে ভৰা মানুহৰ হিংস্ৰতাক ফুটাই তোলা হৈছে। চিত্ৰিত হৈছে শাৰী শাৰী পপলাৰ গছেৰে পূৰ্ণ মুকলি পথাৰ য’ত চৰি আছে পালিত পশুৰ জাক। হয়তো এজাক ভেড়া, ছাগলী বা গৰু! আৰু তেনে এক সুন্দৰ পটভূমিত পপলাৰ গছত ওলমি আছে চকু ওখহাই পেলোৱা, মুখ বিকৃত কৰি পেলোৱা শৰীৰবোৰ। বতাহত মেগন’লিয়া ফুলৰ সতেজ আৰু মিঠা সুবাসৰ লগতে হঠাৎ মিহলি হৈছে মানুহৰ পোৰা মঙহৰ গোন্ধ। এই বৈপৰীত্যৰ চিত্ৰণৰ লগতে দক্ষিণ আমেৰিকাৰ শ্বেতাংগ জনগণৰ সেই উন্মত্ত, অমানবীয় আচৰণক gallant South (বীৰভূমি দক্ষিণ) বুলি মাত্ৰ এটা শব্দেৰেই এক মাৰাত্মক শ্লেষ প্ৰকাশ কৰিছে।
তৃতীয় কলিটোও একেধৰণেৰেই শক্তিশালী। গছত ওলমাই দি তৃপ্তিৰে ৰৈ আছে মানুহবোৰ। গীতিকাৰে কৈছে কাউৰীয়ে খুটি খাবলৈ, ৰ’দ বৰষুণে পচাই পেলাবলৈ আৰু গছৰ পৰা সৰি পৰিবলৈ যেন ৰখা হৈছে কৃষ্ণাংগ মানুহবোৰক। ইয়াত ফলটো তিতা বুলি অভিহিত কৰিছে। মানুহৰ ইতিহাসত ই নিশ্চিতভাৱে এক তিক্ততাপূৰ্ণ অধ্যায়। কৃষ্ণাংগসকলৰ জীৱন প্ৰজন্মৰ পাছত প্ৰজন্ম অত্যাচাৰত জৰ্জৰিত হৈ তিক্ততাপূৰ্ণ হৈ পৰিছিল।
গানটো গাওঁতে বিলি হলিডেই প্ৰতিটো শব্দত জোৰ দি লাহে লাহে এটা এটাকৈ উচ্চাৰণ কৰি গাই যায়। প্ৰতিটো শাৰী গোৱাৰ পাছত কিছু সময় ৰয়। সেই সময়কণত বিলিয়ে যেন পৰৱৰ্তী শাৰীটো গাবলৈ শক্তি সঞ্চয় কৰি লয় আৰু শ্ৰোতাই গাই যোৱা শাৰীটো গভীৰভাৱে হৃদয়ংগম কৰিবলৈ সময় পায়। ইমান নিখুঁতভাৱে তেওঁ গানটো কণ্ঠেৰে চিত্ৰিত কৰে যে লিঞ্চিঙৰ নিষ্ঠুৰতা শ্ৰোতাৰ চকুৰ আগত যেন ভাঁহি উঠে। তেওঁৰ কণ্ঠেৰে যেন শতিকা জোৰা নিস্পেষণৰ বিৰুদ্ধে ক্ষোভ কান্দোনৰ দৰে ওলাই আহে। গীতটোৰ শেষত কণ্ঠ উচ্চ গ্ৰামলৈ গতি কৰে, অন্যায়ৰ বিৰুদ্ধে তীব্ৰ ক্ৰোধৰ চিঞৰৰ দৰে। গীতটোৱে কোনো প্ৰত্যক্ষ প্ৰতিবাদ নকৰে, কিন্তু ই ফুটাই তোলা নিৰ্মম বাস্তৱে শ্ৰোতাক মৰ্মাহত কৰি পেলায়। ই অপ্ৰতিৰোধ্য হৈ মানুহৰ মৰ্মমূলত প্ৰৱেশ কৰে আৰু যি কোনো প্ৰত্যক্ষ প্ৰতিবাদী সংগীততকৈ অধিক শক্তিশালী হিচাপে কাম কৰে। সেইবাবেই বৰ্ণ-বৈষম্য বিৰোধী আন্দোলনৰ ই এক প্ৰতীক সংগীতত পৰিণত হৈছিল। দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ সময়ত সকলো ৰেডিঅ’ চেনেলতে এই গীতটো নিষিদ্ধ কৰা হৈছিল, বিদ্ৰোহৰ ভয়ত। এই গানটোৰ লগতে বিলি হলিডে’ আৰু কে’ফে চচাইটি নাইট ক্লাবৰ ওপৰত চলা চৰকাৰী অত্যাচাৰৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছেই।
গীতটোৰ বিভিন্ন সংস্কৰণ:
বিলি হলিডে’য়ে ইতিহাস সৃষ্টি কৰা এই গীতটো খ্যাত-অখ্যাত বহু শিল্পীয়ে নিজস্ব শৈলীৰে পৰিবেশন কৰিছে। সেই সকলোবোৰ আলোচনালৈ অনা সম্ভৱ নহয়। ভিন্ন কাৰণত বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত দুটিমান সংস্কৰণৰহে বিষয়ে ইয়াত উল্লেখ কৰিলোঁ।
১) নিনা চাইমন (Nina Simone), ১৯৬৫ : আমেৰিকান গায়িকা, গীতিকাৰ তথা নাগৰিক অধিকাৰ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী নিনা চাইমনৰ কণ্ঠত গীতটো ৰেকৰ্ড কৰা হয় ১৯৬৫ চনত। নিনা চাইমনৰ তীব্ৰ, ক্ৰোধিত আৰু শক্তিশালী কণ্ঠত তথা জেজ আৰু ক্লাচিকেল সংগীতৰ সংমিশ্ৰণত গানটো অনন্য হৈ উঠিছে। নাগৰিক অধিকাৰ আন্দোলনৰ সময়ত হোৱা এই ক’ভাৰটো এক ৰাজনৈতিক প্ৰতিবাদী সংগীত ৰূপে থিয় হয়।
(নিনা চাইমনৰ কণ্ঠত ষ্ট্ৰেইঞ্জ ফ্ৰুট)
২) ডায়েনা ৰছ (Diana Ross), ১৯৭২: আমেৰিকাৰ বিখ্যাত গায়িকা তথা অভিনেত্ৰী ডায়েনা ৰছে বিলি হলিডেৰ জীৱনভিত্তিক চিনেমা ‘Lady Sings the Blues’ ত বিলি হলিডেৰ ভূমিকাত অভিনয় কৰাৰ লগতে এই গীতটো খুব সুৰীয়াকৈ পৰিবেশন কৰিছে। চিনেমাৰ বাবে ইয়াক এক নাটকীয় উপস্থাপন কৰা হৈছে। এই সংস্কৰণটোও উল্লেখযোগ্য।
(Lady Sings the Blues চিনেমাত ডায়েনা ৰছৰ কণ্ঠত ষ্ট্ৰেইঞ্জ ফ্ৰুট)
৩) কানে ৱেষ্ট (Kanye West) – ২০১৩ চনত কৰা এই সংস্কৰণটো সাম্প্ৰতিক সময়ৰ হিংসা আৰু বৰ্ণ-বৈষম্যৰ লগত সংযোগ স্থাপন কৰি এক ব্যতিক্ৰম ৰূপত নিৰ্মান কৰা হৈছে। ইয়ো এক উল্লেখযোগ্য সংস্কৰণ।
(কানে ৱেষ্টৰ কণ্ঠত ষ্ট্ৰেইঞ্জ ফ্ৰুট)
৪) আন্দ্ৰা ডে (Andra Day) – ২০২১ চনত বিলি হলিডে’ৰ ওপৰত নিৰ্মিত আন এখন চিনেমা ‘The United States vs. Billie Holiday’ ৰ বাবে আন্দ্ৰা ডে’য়ে গোৱা এই সংস্কৰণটোৱে শ্ৰোতাক সাংঘাটিক ধৰণেৰে বিদ্ধ কৰে। বিলি হলিডেক সন্মান জনাই কৰা ই এক শক্তিশালী পুণৰোদ্ধাৰ।
(The United States vs. Billie Holiday চিনেমাত আন্দ্ৰা ডে’ৰ কণ্ঠত ষ্ট্ৰেইঞ্জ ফ্ৰুট)
৫) সুমনৰ ‘কাঁদতে দে’: ১৯৯৬ চনত ‘চাইছি তোমাৰ বন্ধুতা’ শীৰ্ষক এলবামটোত বাংলা নাগৰিক কবিয়াল কবিৰ সুমনে ম’ব লিঞ্চিঙ বিষয়ক এটি গীত নিৰ্মাণ কৰিছিল। গানটো অৱশ্যে প্ৰত্যক্ষভাৱে ‘ষ্ট্ৰেইঞ্জ ফ্ৰুট’ৰ পৰা আহৰিত নহয়। সুমনে নিজৰ চহৰতে সংঘটিত কোনো ম’ব লিঞ্চিঙৰ ঘটনাত মৰ্মাহত হৈ এই গানটো লিখিছিল। গানটোৰ চিত্ৰায়ন সাংঘাটিক। কেনেকৈ কোনো বাচ বিচাৰ নকৰাকৈ অপৰিচিত মানুহ এজনৰ ওপৰত শত্ৰুৰ দৰে মানুহে জপিয়াই পৰিব পাৰে, ভাবিলে আচৰিত লাগে। গানটো শুনিলে মানুহৰ এই জিঘাংসাৰ স্বৰূপ অতি স্পষ্টকৈ শ্ৰোতাৰ মনত ভাঁহি উঠে। মানুহক এই গানটোৱেও ভয়ংকৰভাৱে বিদ্ধ কৰে।
(কবিৰ সুমনৰ ‘কাঁদতে দে’)
একখানা ইট যদি পাওয়া যেত
নোংরা মুখটা করতাম থেঁত
ভাবতে ভাবতে গেল একজন
ক্ষত বিক্ষত ছেলেটার কাছে
যেন দু’জনের শত্রুতা আছে।
তলপেটে লাথি কয়েক ডজন
কষানোর পর আরও একজন
হাঁপাতে লাগলো দাঁড়িয়ে দাঁড়িয়ে
ক্ষত বিক্ষত ছেলেটার কাছে
যেন দু’জনের শত্রুতা আছে।
চ্যালা কাঠ দিয়ে ফাটান মাথা
দেখতে দেখতে সার্টের হাতা
গুটালেন যিনি তিনিও মানুষ
ক্ষত বিক্ষত ছেলেটার মুখে
থুথু ফেললেন একটু ঝুকে।
নাক মুখ দিয়ে গরান রক্ত
দেখতে দেখতে শক্ত পক্ত
একজন দেন টীকাটিপ্পনী
ক্ষত বিক্ষত ছেলেটার কানে
ঢুকল কতটা ভগবান জানে।
সিগারেট দুই ঊরুতে ছেকা
দগদগে পোড়া চামড়া দেখা
উৎসুক মাছি বসেছে তাতে
ক্ষত বিক্ষত ছেলেটার পেটে
কে যেন দিয়েছে মাংস কেটে।
ডটপেন দিয়ে খোঁচানো চোখে
শহরের হাওয়া গন্ধ শোঁকে
গণ পিটুনির আজব গন্ধ
ক্ষত বিক্ষত ছেলেটার গালে
পথচারী তার দিয়ারশালাই জ্বালে।
প্যাঁচ দিয়ে দিয়ে ভাঙা দুই হাত
ওপড়ানো নখ ওপড়ানো দাঁত
উদাসীন ভাবে দেখছে লোকে
ক্ষত বিক্ষত ছেলেটার লাশ
দেখছে জনতা বলছে সাবাস।
মাঝে মধ্যেই এখানে ওখানে
পিটিয়ে মারার ব্যস্ত শ্মশানে পুড়ছে কে?
প্রশ্ন অনেক উত্তর নেই
এই অসহ্য সময়টাকেই কাঁদতে দে।।
সাম্প্ৰতিক সময়ৰ ষ্ট্ৰেইঞ্জ ফ্ৰুট:
সাম্প্ৰতিক সময়তো দেশে দেশে মানুহৰ ওপৰত মানুহৰ নিস্পেষণ শেষ হোৱা নাই। এই লেখা লেখি সামৰাৰ পাছত ১ অক্তোবৰত (২০২৫) উত্তৰ প্ৰদেশৰ ৰাইবেৰেলিত হৰিওম নামৰ এজন দলিত যুৱকক উৰা-বাতৰিত বিশ্বাস কৰা এদল মানুহে চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰে। নকলেও হ’ব যে দলিতৰ প্ৰতি মনৰ মাজত আজন্ম লালন কৰা প্ৰচণ্ড ঘৃণাই যুৱকজনৰ ওপৰত উন্মত্তৰ দৰে আক্ৰমণ কৰাৰ বাবে মানুহজাকক প্ৰৰোচিত কৰিছিল। জাত-পাত-বৰ্ণৰ ঘৃণনীয় পৰিবেশত যুক্তি-বুদ্ধিৰ লগতে সাধাৰণ মানবীয়তাখিনিও বিলুপ্ত হয়। এনে অমানবীয়তাৰ উদাহৰণ আমাৰ অসমতো বৰ বিৰল দৃশ্য নহয়। অভী-নীলৰ লিঞ্চিঙৰ কথা কাৰ মনত নাই? আনহাতে নিজৰ অধিকাৰ বিচাৰি ওলাই অহা মানুহৰ ওপৰত ৰাষ্ট্ৰৰ সন্ত্ৰাস, উগ্ৰপন্থী সংগঠনৰ সদস্যক আশ্ৰয় দিয়াৰ সন্দেহত নিৰীহ মানুহক কৰা নিৰ্মম অত্যাচাৰৰ কথা অসমৰ মানুহক বেলেগে কোৱাৰ প্ৰয়োজন জানো আছে? তদুপৰি এচাম মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি কৰা অকথ্য ব্যৱহাৰ আৰু গণ-নিৰ্যাতন আমাৰ দেশতো সম ৰূপতেই বৰ্তি আছে। ৰাষ্ট্ৰৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযানত কুলচুমা নামৰ গৰ্ভাৱতী নাৰী এগৰাকীৰ পেটত সেনাই বুট জোতাৰে গছকি কেছুৱাটো বাহিৰ কৰি দিছিল। মাক আৰু কেছুৱা দুয়োটাৰে মৃত্যু হৈছিল। ঘটনাটোৰ কথা ভাবিলেই মানুহৰ গা শিয়ৰি উঠাটো স্বাভাবিক। কিন্তু স্বাভাবিক মানবীয়তাকণো বৰ্তমান পৰিবেশত অন্তৰ্নিহিত হৈছে। নহ’লে নো সেই নৃশংস ঘটনাটোতো এচাম মানুহে উল্লাসিত হ’ব পাৰে নে, নাইবা নীৰৱে হ’লেও সমৰ্থন জনাব পাৰে নে? দেখ দেখকৈ এচাম মানুহে কুলছুমাহঁতক ঘৃণা কৰে আৰু সেই ঘৃণাৰ বহিঃপ্ৰকাশে যি কোনো মুহূৰ্ততে লিঞ্চিঙৰ ৰূপ ল’ব পাৰে। জাতি-ধৰ্মৰ ভেদাভেদৰ বাবে মানুহে মানুহক কৰা ঘৃণাৰ চূড়ান্ত প্ৰকাশ ঘটা এনে লিঞ্চিঙৰ ঘটনা আমাৰ দেশৰ চুকে কোনে ঘটিয়েই থাকে। ক্ষমতাশালীমহলে তেনে এটা পৰিবেশ পৰিকল্পিতভাৱে সৃষ্টি কৰি আছে।
কিন্তু এইবোৰ বিষয়ক লৈ এটাও অসমীয়া গান আজিলৈকে শুনা নাই। আৰু কিমান নিৰ্মমতাৰ পাছত বাৰু আমাৰ গায়ক-গীতিকাৰক এইবোৰ ঘটনাই জোকাৰি যাব? কিমান নিৰ্মমতা দেখাৰ পাছত অসমতো আমি শুনিবলৈ পাম চাৰিওফালে বিভৎসভাৱে ওলমি ৰোৱা অদ্ভূত আৰু তিতা ফলবোৰৰ কথা? সপোন বিভোৰ মায়াবী ৰাতিৰ নিদ্ৰা এৰি আমি কেতিয়া সাৰ পাম?

