নিবন্ধশিল্প-কলা-সংস্কৃতি

সুজাতা- (সমুদ্ৰ কাজল শইকীয়া)

ৰামকিঙ্কৰ বেইজৰ ভাষ্কৰ্য সম্পৰ্কে একে আষাৰতে একো কথাই ক’ব নোৱাৰি। অগত্যা বাধ্য হৈ যদি কিবা চমুকৈ ক’ব লগাই হয় তেনেহ’লে সেয়া হ’ব প্ৰাণ প্ৰাচুৰ্য, সংঘাতময় নাটকীয়তা, গতিময়তা, স্পৰ্শানুভূতি আৰু সকলোৰে ওপৰত একধৰণৰ বলিয়ালি ভৰা প্ৰতিবাদী সত্বা। এতিয়া কথা হ’ল ‘চাওতাল পৰিবাৰ’, ‘মিল কল’, ‘ধান ঝাড়াই’ আদি অগণন ভাষ্কৰ্যৰ ক্ষেত্ৰত এই উল্লেখ কৰি অহা বৈশিষ্ট্য সমূহ যি ভাবে পৰিষ্ফুট, ভাৰতবৰ্ষৰ প্ৰথমটো মুক্তাঙ্গণ (অ’পেন এয়াৰ) বা পৰিৱেশিক (এনভাইৰণমেন্টেল) ভাষ্কৰ্য সুজাতাৰ ক্ষেত্ৰত তেনেদৰে নহয়। এইখিনিতেই অনুভূত হয় সুজাতাৰ ভাষ্কৰ্যটোৰ মাজত এক অদ্ভূত যাদু। ৰামকিংকৰৰ সুজাতা সম্পৰ্কে ক’বলৈ গ’লে সমান্তৰালভাবে বহুখিনি কথা ক’ব লাগিব, আৰু একেবাৰে এৰাব নোৱাৰাকৈ ক’ব লগীয়া কথাখিনি হ’ল- ফৰ্মৰ ত্ৰিমাত্ৰিকতা আৰু গতিময়তাৰ অনুভৱ, শিল্পৰ পাৰিৱেশিক উপস্থাপন, শিল্পৰ উদ্দেশ্য, কন্টেন্ট বা বিষয়বস্তুৰ স্বনিৰ্ভৰ অস্তিত্ব আৰু সকলোৰে শেষত এটা অস্তিত্বই অৱধাৰিত ভাবেই দাবী কৰা এটা প্ৰতিবাদ আৰু কিছু সম্ভাৱনাৰ সত্বা।
ফৰ্ম আৰু কন্টেন্টৰ দ্বন্দাত্মক বাগধাৰা শিল্পৰ ক্ষেত্ৰত অলপ সুকীয়া। “স্ৰষ্টাই কি বুজাব খুজিছে” সুৰীয়া এটা আওপুৰণি পদ্ধতিৰে শিল্পৰ ৰসবিচাৰ সাহিত্যপাঠত আজিও চলি আছে। যিমানেই সমালোচিত নহওক সেয়া চলিয়েই থাকিব যেন লগা হৈছে আৰু সাহিত্যৰসিক কিছু পৰিমাণে সিবোৰত সুখীও হয়। কিন্তু প্লাষ্টিক শিল্পত সেয়া একেবাৰেই অবান্তৰ হৈ থাকে। শিল্পত কন্টেন্ট সদায়ে নিহিত থাকে অন্যত্ৰ। কেতিয়াবা যদি পটভূমিত, কেতিয়াবা আকৌ নিচক এটা স্পৰ্শানুভূতিত অথবা একান্ত পদাৰ্থ বা বস্তুৰ গুণাগুণত। সুজাতা যিহেতু ভাষ্কৰ্যটিৰ নাম, এক শীৰ্ণ দেহী লনি ৰমণীৰ ৰূপ, শীৰত পৰমান্নৰ মলা, আৰু যি দিশে ধাৱমান সেই দিশে আমি দেখা পাইছোঁ ধ্যানমগ্ন গৌতম বুদ্ধ, গতিকে ভাষ্কৰ্যটোৰ বিষয়বস্তু সম্পৰ্কে আমাৰ মনত একো সন্দেহ থাকিব নালাগে। বৌদ্ধ কাহিনীৰ সুজাতাৰ কাহিনীয়েই এই সুজাতাৰো কাহিনি – আক্ষৰিক বা সাহিত্যিক অৰ্থত এয়ে ইয়াৰ বিষয়। কিন্তু এটা শিল্প কৰ্ম হিচাপে কথাখিনি সেইখিনিতেই শেষ নহয় আৰু এইখিনি কথা ক’বৰ বাবেই এই লেখাটো এনেকৈ পাতনি কৰিব লগা হ’ল।
ৰবীন্দ্ৰনাথৰ সাধনাৰ থলী শান্তিনিকেতনৰ কলাভবন চৌহদত ৰামকিংকৰৰ কে’বাটাও মুক্তাঙ্গণৰ ভাষ্কৰ্য সিঁচৰিত হৈ আছে। সঙ্গীত ভবন আৰু কালোবাড়ী বা ব্লেক হাউচৰ ওচৰতে ওখ ওখ ইউকেলিপ্টাচ গছৰ মাজত দণ্ডায়মান হৈ আছে সুজাতাৰ মূৰ্তি। কাঁকড় (সৰু সৰু শিলৰ টুকুৰা), চিমেন্টেৰে গঢ়া খহটা পৃষ্ঠভাগেৰে এটা শীৰ্ণকায় উলম্ব নাৰী মূৰ্তি। গছ এজোপা বাঢ়ি অহাৰ যি গতি তাৰ লগত এই উলম্ব ৰূপটোৰ বাঢ়ি অহাৰ মিল আছে – দূৰৰ পৰা এটা পলকত চালে ওখ গছ এডাল যেনেই লাগিব পাৰে। নাতিদূৰৈত প্ৰকাণ্ড আকাৰৰ বুদ্ধৰ মূৰ্তি, তাৰো অলপ আঁতৰত গান্ধীৰ মূৰ্তি।
সুজাতাৰ ভাষ্কৰ্যটো এটা একক মানৱ দেহ, উলম্ব, দণ্ডায়মান। চাওতাল ফেমিলীৰ দৰে জটিল আৰু নাটকীয় সংৰচনা (কম্পোজিচন) ইয়াত নাই। সেই হিচাপত ই স্থিৰ, দৃঢ়, অলৰ অচৰ। কিন্তু আগবাঢ়ি থকা বাঁওহাত আৰু পাছলৈ থকা সোঁহাতৰ কিলাকুটিৰ ভাঁজদুটাৰ মাজতে এনে এক ছন্দ সোমাই আছে যে ইয়াক চিৰ চলমান অনুভূত হয়। সামান্য স্পাইৰেলৰ পথেৰে দেহৰেখাৰ গতিও অনুভূত হয়। স্থিতি আৰু গতিৰ কিমান সূক্ষ্ম পৰ্যবেক্ষণ থাকিলে এই দেহগতিৰ ছন্দ তুলিব পাৰি সেয়া ভাবিলে আচৰিত লাগে, আৰু সেইখিনিতেই ৰামকিংকৰৰ পৰিচয়।
তেনেকৈয়ে ৰৈ থাকিও গৈ থাকে, গৈ থাকিও ৰৈ থাকে সুজাতা।
এতিয়া অলপ অতীতলৈ উভটি গ’লে ভাল হ’ব। শান্তিনিকেতনৰ মুক্তাঙ্গণত থকা ভাষ্কৰ্যবোৰৰ ভিতৰত এইটোৱেই আছিল প্ৰথম। চন ১৯৩৫। গতিকে স্বাভাবিক যে সুজাতাৰ গতিৰ দিশে তেতিয়া গৌতম বুদ্ধৰ ভাষ্কৰ্যটো থকাৰ কথাও নাই। এতিয়া দেখা মানুহৰ কল্পনা কৰিবলৈ অলপ অসুবিধাই হ’ব, কিন্তু সঁচা যে তেতিয়া এই ইউকেলিপ্টাচ গছবোৰো নাছিল। আছিল দূৰ দূৰলৈকে বিস্তীৰ্ণ প্ৰান্তৰ। বীৰভূমৰ ৰঙা মাটি। এইবোৰতকৈয়ো ডাঙৰ কথা ভাষ্কৰ্যটো সুজাতা নামৰ চৰিত্ৰটোক লৈ কৰাও হোৱা নাছিল। সি আছিল জয়া আপ্পাস্বামী নামৰ সেই সময়ত শান্তিনিকেতনত থকা এগৰাকী শিল্পীৰ প্ৰতিকৃতি মাথোন।
ৰামকিংকৰ আছিল সদা অস্থিৰ, অবাধ্য আৰু খেয়ালী শিল্পী – বঙালীত ক’লে ক্ষেপা। যেতিয়া শান্তিনিকেতনত পৰম্পৰাগত টেম্পেৰা আৰু পানী ৰঙৰ ছবিৰ হে চৰ্চা চলিছিল তেওঁ কৰিছিল তেল ৰঙৰ ছবি। যেতিয়া বাকীসকল শিল্পীয়ে ভাৰতীয় পৰম্পৰা পুণৰোদ্ধাৰৰ নামত কেৱল দেশীয় পদ্ধতিৰ চৰ্বিত চৰ্বনকে আৰ্ট বুলি ভাবিছিল তেতিয়া তেওঁ কিউবিজম, চুৰিয়েলিম, এক্সপ্ৰেছনিজম একো বাদ নিদিয়াকৈ যেতিয়াই যি মন যায় তাকেই কৰি গৈছিল। এই উন্মাদনাৰ বাবে তেওঁ বাৰে বাৰে ৰোষতো পৰিছিল। কিন্তু প্ৰতিভা, নিষ্ঠা আৰু সামৰ্থ্যৰ জোৰত তেওঁ এটা এটা বাধা নিষেধ অতিক্ৰমী অনাগত দিনৰ বাবে বাট মোকোলাই গৈ থাকিল। সুজাতাৰ কথাও তেনেকুৱাই। তেতিয়ালৈকে ভাষ্কর্য আছিল কেৱল ষ্টুডিঅ’ প্ৰেক্টিচ। মুকলি আকাশৰ তলত মূৰ্তিটো সাজি উলিওৱাৰ পিছত সেই সময়ৰ অধ্যক্ষ মাষ্টৰ মশাই নন্দলাল আহি মূৰ্তিটো দেখি প্ৰশংসা কৰিলে হয় কিন্তু তৎক্ষণাত মূৰ্তিটো তাৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিলে। নন্দলালৰ ভয় আছিল গুৰুদেৱ ৰবীন্দ্ৰনাথে দেখিলে কি ক’ব? ৰবীন্দ্ৰনাথ আহিল। দেখিলে। তেওঁ ক’লে- ভাল হৈছে, যি কৰিছ ভাল কৰিছ। এতিয়া এনেকুৱা দূৰ্দান্ত কামেৰে গোটেই চৌহদ ভৰাই দে। পাৰিবি গোটেই চৌহদ ভৰাই ভাষ্কৰ্য কৰিব? এয়াই ভাৰতবৰ্ষত এনভাইৰণমেণ্টেল স্কাল্পচাৰৰ আৰম্ভণীৰ কাহিনী। ৰবীন্দ্ৰনাথৰ স্পিৰিটৰ সৈতে ৰামকিংকৰৰ মনোবৃতিৰ কোনোবাখিনিত মিল আছিল – ঘৰৰ মাজত আৱদ্ধ থাকি এজনেও ভাল পোৱা নাছিল। ৰবীন্দ্ৰনাথেও মাত্ৰ এদিন স্কুললৈ গৈ পলাই আহি আৰু কেতিয়াও স্কুলৰ চাৰিবেৰৰ ভিতৰলৈ সোমোৱা নাছিল। প্ৰকৃতি আৰু চাৰিপাশৰ মানুহৰ মুক্তিৰ গানেই আছিল দুয়োজনৰ সৃষ্টিৰ উপজীব্য। নাৰীমূৰ্তিটোৰ শীৰত পৰমান্নৰ মলা এটা দি সুজাতা নামকৰণ কৰাৰ পৰামৰ্শ ৰবীন্দ্ৰনাথৰেই আছিল। চাৰিওপাশে গছ লগাই পৰিবেশটো সজাই তোলাৰ পৰামৰ্শ নন্দলালৰ আছিল। আৰু তেনেকৈয়ে থিয় হ’ল আজিৰ সুজাতা।
শিল্পৰ উদ্দেশ্য সম্পৰ্কে ৰামকিংকৰ আছিল স্পষ্ট। জীৱিত কালতেই তেওঁ চৰ্চিত আৰু চেলিব্ৰিটি হৈ উঠিছিল যদিও নিজৰ জীৱন যাপনৰ সৰলতা আৰু আপোচবিহীন মতাদৰ্শৰ বাবে আৰ্থিক অনাটনৰ মাজেৰে জীৱন কটাব লগা হৈছিল। শিল্পক হাই আৰ্ট বা এলিট চৰ্চা হিচাপে গণ্য কৰিবলৈ তেওঁ কাহানিও মান্তি নহ’ল। সমসাময়িক সমালোচক বা শিল্পী সমাজে বাৰে বাৰে নৎসাৎ কৰিব খোজা তেখেতৰ কাম ভাল পাইছিল সেই অঞ্চলেদি সদায়ে অহা যোৱা কৰা চাওতাল মজদুৰ বনুৱা সকলে তেওঁলোকৰ সহজাত জীৱনবোধেৰে। আৰু কালৰ বুকুত সমসাময়িক সমালোচক নিপাতে গৈ ৰামকিংকৰেই হৈ থাকিল যুগান্তপুৰুষ। বাৰিষা যেতিয়া ঘৰৰ চালেৰে পানী সৰকে তেতিয়া অইল পেইন্টিং কৰা কেনভাছ এখনেৰেই তেওঁ ঘৰৰ উৰুখা ছাদ ঢাকি থৈছিল। সেই অইল পেইন্টিঙৰ কি যে অতুলনীয় দাম – সেইবোৰলৈ তেওঁৰ কাণষাৰ নাই। দুষ্টালী ভৰা ধেমালীৰে সৈতে তেওঁ মাথোঁ কয় – হওক দে। তেল ৰঙৰ প্ৰলেপ দিয়া আছে যেতিয়া সেই ছবি সৰকি পানী আৰু নপৰে। শিল্প এনেয়েতো একো কামত নাহে। এতিয়া অন্ততঃ শিল্প কিবা এটা উদ্দেশ্যত লাগিছে। ধেমালী হ’লেও তেখেতৰ মজ্জাত সোমাই আছিল এই বিশ্বাস- শিল্প জীৱনৰ বাবে।
পাছলৈ ব্লেক হাউচ নামেৰে জনাজাত ক’লা ৰঙৰ ঘৰ এটা সজা হৈছিল বিভিন্ন সভ্যতাৰ ভাষ্কৰ্যৰ অধ্যয়ণৰ দৃষ্টান্ত হিচাপে। তাতেই হোষ্টেলৰ দৰে ছাত্ৰ সকল থাকিছিল। মাষ্টৰমশাই নন্দলালৰ ইচ্ছা আছিল ঘৰটোক এটা মিউজিয়ামলৈ পৰিণত কৰাৰ। কিন্তু ৰামকিংকৰৰ কথা আছিল – মিউজিয়াম এটা মৃত বস্তু। তাত প্ৰাণ নাই। শিল্পনো কিহলৈ যদি তাত প্ৰাণেই নাই। এতিয়া যেনেকৈ আছে তেনেকৈয়ে ভাল- তাত ল’ৰাহঁত আছে। এটা জীৱন আছে। সিহঁতে শিল্প চুই চাই তাৰ স’তে জীৱন নিৰ্বাদ কৰি শিল্প শিকিছে। মিউজিয়াম পাতি তাক আকৌ এটা মৰা বস্তুলৈ পৰ্যবাসিত কেহেলৈ কৰিব লাগিছে? ব্লেক হাউচ মিউজিয়াম নহ’ল। আজিও তাত চূড়ান্ত বৰ্ষৰ ছাত্ৰ সকল থাকে।
প্ৰথা ভঙাত ওস্তাদ ৰামকিংকৰৰ প্ৰত্যেকটো কামেই কিবা নহয় কিবা ভাঙিছে। ছবি ফ্ৰেমৰ চাৰিটা সীমা ভাঙি ওলাই আহিব পাৰিব লাগিব। ভাষ্কৰ্য চাৰিবেৰৰ মাজৰ ওখ পেডেষ্টেলৰ পৰা নামি বাজলৈ ওলাই আহিব পাৰিব লাগিব। শান্তিনিকেতনৰ স্থায়ী শিক্ষকতাৰ পদত ৰামকিংকৰে নিযুক্তি পাইছিল ১৯৩৫ চনত। সেই বছৰতেই চাৰিবেৰৰ ভিতৰৰ অভ্যাসৰ পৰম্পৰা ভাঙি বাজলৈ ওলাই আহিছিল সুজাতা – মুকলি আকাশৰ তললৈ। মুষ্টিমেয় কেৱল এক সংখ্যক মানুহৰ সম্পত্তি হৈ নাথাকি ওলাই আহিছিল সকলোৰে বাবে। চফিষ্টিকেটেড মসৃণ পৃষ্ঠৰ পৰিৱৰ্তে ভাষ্কৰ্যৰ গা খহটা কৰি ৰাখিছিল কাঁকড়ে – সেইখিনি ঠাইৰ ৰঙামাটিৰ যি বৈশিষ্ট্য। স্থান আৰু কালৰ যি বৈশিষ্ট্য শিল্পৰ গাত সেয়া বিৰাজমান।
আজীৱন গান্ধীবাদী ৰামকিংকৰ আছিল অহিংসাৰ সাধক বুদ্ধৰো অনুগত। বুদ্ধয়ো ঘৰ এৰিছিল। বুদ্ধয়ো ভাঙিছিল। বোধিদ্ৰুমৰ বাট সেইফালেই আছিল যি ফালে সুজাতাই পায়সৰ বাতি লৈ গৈছিল।
ষোল্ল বছৰৰ আগৰ কথা। শান্তিনিকেতনত প্ৰথম ভৰি দিয়াৰ দিনাই সুজাতাৰ ভাষ্কৰ্যটো দেখি বহুপৰ ৰ লাগি চাই ৰৈছিলোঁ। কি সন্মোহনী শক্তি আছিল নাজানোঁ- ততাতৈয়াকৈ সিদ্ধান্ত লৈছিলোঁ – মই ইয়াতেই থাকিব লাগিব, এয়াই মোৰ বাবে উপযুক্ত ঠাই। তাৰ পিছত প্ৰায় দহদিনমানলৈকে সুজাতাৰ স্কেচ কৰিছিলোঁ, স্টাডি কৰিছিলোঁ প্ৰতিদিনে। বেলেগ বেলেগ সময়ত। দিনৰ বিভিন্ন সময়ত বেলেগে বেলেগে পোহৰ পৰে। বিচাৰি চাইছিলোঁ এই সুস্থিৰ যেন লগা বস্তু এটাতো এনেকৈ গতিৰ আভাস কেনেকৈ আহে?
মাজে মাজে দুশাৰী এশাৰীকৈ কবিতা এটাও লিখিছিলোঁ। সেই তেতিয়া অঁকা ছবিখিনি গৰুক খুৱালোঁ। [“অন্ততঃ শিল্প কিবা এটা উদ্দেশ্যত লাগিল, জীৱনৰ উদ্দেশ্যত”।] কবিতাটো উঁইপোকে খালে। স্মৃতিয়ে যিমান সহযোগ কৰে সিমানখিনিকে সম্বল হিচাপে লৈ এটা পুণৰ লেখনৰ চেষ্টা কৰিছিলোঁ অলপতে-
সুজাতা
বিৰিখৰ
আঁৰে আঁৰে
ৰঙা মাটিৰ
কাঁকড় গছকি
আগবাঢ়ে
সুজাতা
শীৰত পৰমান্নৰ মলা
যেনিয়ে পৰে খোজ তাইৰ
বোধিদ্ৰুমৰ বাট
সেই যি প্ৰথম
বাজলৈ ওলাল
শিল্প
মুকলি আকাশৰ তললৈ
ওলাল শিল্প
মানুহৰ সান্নিধ্য বিচাৰি
মুক্তিৰ সন্ধানত শিল্প
আৰু ‘দেখি নাই ফিৰে’
শীৰত লৈ পৰমান্নৰ মলা
ৰৈ থাকিও গৈ থাকি
গৈ থাকিও ৰৈ থাকি
কি কৈ থাকিল
সুজাতাই
সত্যান্বেষনৰ
আলোকপ্ৰপাতৰ প্ৰত্যাসী
পৰমান্ন
শীৰত তুলি
স্থিতি গতিৰ দ্যোতনাত সুজাতা
ধাৱমান সুজাতা স্থিতপ্ৰাজ্ঞ সুজাতা

Leave a Reply

Your email address will not be published. Required fields are marked *