চুচঁৰি চুচঁৰি ।। মূল- ‘হামাগুড়ি’-শংখ ঘোষ: অনুবাদ-বৰ্ণালী বৰুৱা দাস
টোপনিটো হঠাৎ ভাঙি গ’ল। বাহিৰত ধুমুহা নেকি?
খিৰিকিখনত সঘনে কোবাইছে
মাজে মাজে বিজুলীয়াইছে।
পুনৰ শুবলৈ লৈ সেই বিজুলীৰ চমকনিত ভাব হ’ল
কোঠাৰ ভিতৰত যেন কোনোবাই চুচৰি আছে।
কোন তাত? কোন?
চোচৰাটোৱে মুখেৰেই নেমাতে।
উঠি আহিলোঁ তাৰ কাষলৈ
পুনৰ সুধিলোঁ – কোন আপুনি? কি বিচাৰিছে?
তথাপি সি নিশ্চুপ হৈ ইটো চুক সিটো চুক চাই ফুৰিছে
কোনোমতেই মূৰ নোতোলে, চকুতো নথয় চকু।
‘আপুনি বাৰু কিবা বিচাৰিছে নেকি?’
শুনিবলৈ পালোঁ – ‘ওম, বিচাৰিছোঁ, বিচাৰিবতো লাগিবই!
পালেই ওলাই যাম! নিজে নিজে, খোজ কাঢ়ি।‘
‘কি বিচাৰিছে?’
সৰু মাতেৰে তেওঁ ক’লে – ‘মেৰুদণ্ডডাল’।
সেই মুহূৰ্ততে পুনৰ বিজুলীয়ালে। চমকি উঠি দেখোঁ-
তেওঁ অকলে নহয়, আছে বহু বহু জন।
একেটা সন্ধানতে চুচৰি ফুৰিছে ইটো চুকৰ পৰা সিটো চুকলৈ
গোটেই কোঠালিটো জুৰি।
সঁচাকৈয়ে সেইডালেই সকলোৰে হেৰাইছে। বিচাৰি কিন্তু পাবই লাগিব।