গল্প-কবিতা

সূত্ৰধাৰ।। কাকলি নেওগ

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

কিমান দিনলৈকে মানুহে নিজৰ বিবেকক এৰাল দি ৰাখিব পাৰে? কিমান দিনলৈকে মানুহে নিজৰ স্বাভিমানখিনি একাষৰীয়া কৰি যোগ দিব পাৰে সহজ সমদলত? বিৰাটকায় প্ৰশ্নবোধক এটাই অনিৰূদ্ধক অস্থিৰ কৰি তুলিছে। তাৰ চকুৰ আগত সহস্ৰ মুখে অগা-দেৱা কৰিছে। মুখবোৰ তাৰ চিনাকি। সকলোবোৰ মুখে সমস্বৰে যেন তাক প্ৰশ্ন কৰিছে, –‘কিয়? কিয় এনে কৰিলা তুমি?’ ছটফটাই উঠে অনিৰুদ্ধ। আজি কিছুদিনৰ এই অস্থিৰতাবোৰ সি ছাঁৰ দৰে কঢ়িয়াই ফুৰিছে। কি স্কুল,কি ঘৰ, কি বজাৰ! ক’তোৱে সি সহজকৈ উশাহ ল’ব পৰা নাই। নিৰ্ভয় নিদ্ৰাৰ অভাৱত তাৰ চকুৰ গুৰি দুটা ক’লা পৰি ৰৈছে। কিন্তু কাকো সি তাৰ যন্ত্ৰণাখিনি মুখ খুলি ক’ব পৰা নাই।

অদূৰৰ চাহ বাগিছাত বজোৱা নিশা দুই বজাৰ সংকেত ধ্বনিত ওপৰমুৱা হৈ বিচনাত পৰি টোপনিৰ স’তে যুঁজ-বাগৰ কৰি থকা অনিৰুদ্ধ উঠি বহিল। আগতে মাজনিশা এনেদৰে উঠি পঢ়াতো তাৰ এটা অভ্যাস আছিল। কলমটিয়াই কলমটিয়াই তাৰ লগত মাকো উঠিছিল। ধোঁৱা ধোঁৱা গোন্ধ লগা মাকৰ হাতৰ চাহকাপত তাৰ নিদ্ৰালস দুচকুৰ পৰা টোপনিবোৰ নিমিষতে উৰা মাৰিছিল। কাষৰ ৰূমত শুই থকা দেউতাকে গলখেকাৰিটো মাৰি তেওঁৰ উপস্থিতি জনাইছিল। অনবৰতে তাৰ বুকুত এই মানুহহালৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম এটাই ভৰি আছিল। সৰু ঠাইটুকুৰাত সি সেই মানুহজনৰ নামেৰে “তৰুণ মাষ্টৰৰ পুতেক” বুলি এটা সুকীয়া পৰিচয়, কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে দিব নোৱাৰা এখন সুকীয়া আইদেণ্টীটি কাৰ্ড যেন লাভ কৰিছিল। দেউতাকৰ দৰে কথা ক’বলৈ, ভাবিবলৈ, দেউতা নামৰ সেই সত্ত্বাটো ভাল পাবলৈ আৰম্ভ কৰিছিল অনিৰুদ্ধই। কেৱল ভালপোৱাই নহয়; প্ৰতিনিয়ত সি কঢ়িয়াই ফুৰা দেউতাকৰ প্ৰতিচ্ছবিখন আঁকি লৈছিল বুকুত। তেতিয়াই যেন সি জীৱনৰ বাবে লৈ পেলাইছিল সিদ্ধান্তটো। দেউতাকৰ দৰেই হ’ব সি।

“দেউতাকৰ দৰে” এই উপলব্ধিটো সাৱটিয়ে স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ দিনবোৰ অতিক্ৰমি সি মানুহ হোৱাৰ সাধনা কৰিছিল। কোনোদিন কোনো সামাজিক, অৰ্থনৈতিক হীনমন্যতাই তাক স্পৰ্শ কৰিব পৰা নাছিল। সেয়ে সমাজৰ দ্বাৰা আৰোপিত প্ৰতিষ্ঠাৰ দৌৰখনত অৱতীৰ্ণ হোৱাতকৈ স্ব ইচ্ছাৰে সি নিৰ্বাচন কৰি লৈছিল এই বৃত্তি। প্ৰশ্নৰ সন্মুখীন নোহোৱা নহয়, হৈছিল সি। কোনো কোনোৱে বিদ্ৰূপো কৰিছিল তাক। তথাপিও কিবা উন্মাদনা, কিবা এক যেন সন্মোহন আছিল তাৰ দুভৰিত। এই উন্মাদনা আছিল দেউতাকৰ দৰে হোৱাৰ। আত্ম অম্বেষণৰ যাত্ৰাত নিজক সমৰ্পণ কৰাৰ।

মফচলীয়া ঠাই খনত অৱস্থিত স্কুলখনত শিক্ষাৰ্থীৰ অনুপাতে শিক্ষকৰ সংখ্যা দুগুণ। কথাটোৱে তাৰ উৎসাহক কিছু পৰিমাণে ম্লান কৰিলেও হতাশ হোৱা নাছিল সি। কিন্তু সেয়া যেন আৰম্ভণিহে আছিল। শ্ৰেণী কোঠাৰ ভিতৰত দবৰা-দবৰি খেলি মুখৰ হৈ থকা পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক মৰমেৰে বহিবলৈ কৈছিল সি। খুব উৎসাহেৰে কৰি থকা কাম এটাত কোনোবাই চেচাপানী ধলাৰ দৰে নিৰুৎসাহিত হৈ সিহঁত বহি পৰিছিল যথাস্থানত। ৰোল নাম্বাৰবোৰ উচ্চাৰণ কৰিবলৈ লৈ থমকি ৰৈছিল সি। শ্ৰেণীত নিৰ্বাক, নিৰুদ্বেগ হৈ বহি থকা পাঁচখন মুখৰ বিপৰীতে ৰেজিষ্টাৰ বুকত ভৰি আছে পঁচিশজন ছাত্ৰৰ নাম। কালিলৈকে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ আজিৰ দিনটোৰ অনুপস্থিতিয়ে ভবাই তুলিলে তাক। অনুপস্থিত ছাত্ৰছাত্ৰী কেইজনৰ নাম মাতি সিহঁতৰ সহপাঠী সকলৰপৰা সিহঁতৰ বিষয়ে জনাৰ প্ৰয়াস কৰিলে সি।

: আমি সিহঁতক চিনি নাপাওঁ ছাৰ। সিহঁত স্কুললৈ নাহে।

: কিন্তু কালিলৈকে সিহঁত উপস্থিত আছিল দেখোন।

: আমি নাজানো ছাৰ।

কিন্তু সিতো জনাৰ দৰকাৰ। সপ্তম শ্ৰেণীৰ এ বি চি ডি আওৰাব নজনা পাঁচটা শিশুক আখৰকেইটা আওৰাবলৈ শিকাবলৈ গৈ অনিৰুদ্ধ যেন থমকি ৰ’ল। সেইদিনা ষ্টাফৰূমত সি মুকলিকৈ যেতিয়া এই কথা জানিব বিচাৰিলে তেতিয়া নিৰ্বিকাৰ ভংগিমাৰে সকলোৱে যেন তাক উপহাস কৰিবলৈ ধৰিলে। প্ৰধান শিক্ষকে জনালে কাগজে-কলমে সকলো নিখুঁত থকা দৰকাৰ। সি জানিব বিচৰা কোনোবা জন ছাত্ৰ হয়তো স্কুল ড্ৰপ আউট আৰু কোনোবাজন হয়তো অস্তিত্বহীন। তথাপিও হিচাপ নিখুঁত হ’ব লাগিব। উৰ্দ্ধতম কৰ্তৃপক্ষৰ চকুত পৰ্দা আঁৰিব নোৱাৰিলে কেনেদৰে এটা ব্যৱস্থাৰ আওতালৈ আহিবা তুমি? তাৰ বাবে তুমি বলিশাললৈ নিক্ষেপ কৰিলাই যেনিবা অবোধ শৈশৱ! তাৰ পিঠিত চপৰিয়াই, নতুন চাকৰি, বুজিবলৈ বহু বাকী, সময়ত সকলো ঠিক হ’ব বুলি বয়োজ্যেষ্ঠ তাৰ সহকৰ্মী ছাৰ জনে কৰা ৰহস্যময় কথাৰ অৰ্থ আৱিষ্কাৰ কৰিবলৈ নিজক যেন এখন এটা পৃথক যাত্ৰাৰ বাবে প্ৰস্তুত কৰিব লগা হ’ল অনিৰুদ্ধই। লাহে লাহে যেতিয়া সি এটা এটাকৈ উন্মুক্ত কৰি যাব ধৰিলে জীয়া বাস্তৱবোৰ সি যন্ত্ৰণাত ছটফটাই উঠিল। প্ৰতিবাদ কৰি উঠিল সি।

: আপোনালোকে নিজাকৈ কিবা পদক্ষেপ ল’ব নোৱাৰে জানো?

: যিদৰে চলি আছে তেনেদৰেই চলি থাকিব দিয়া। আমাৰ কিনো আহে যায়? মিছাতে বাটৰ কচু বাৰু কোনে গাত সানি ল’ব!

সি বুজিছিল সি কঢ়িয়াই অনা শিক্ষা, প্ৰমূল্য সকলো অসাৰ এই পৃথিৱীত। সি শিকি অহা বৰ্ণমালাবোৰ ,সি আয়ত্ত কৰা বীজগণিতবোৰৰ বিপৰীতে ইয়াত দপদপনি অন্য বৰ্ণমালা আৰু গাণিতিক সূত্ৰৰ। তথাপিও সি প্ৰতিবাদ কৰি গৈছিল। এয়াতো হত্যা! নীতি, আদৰ্শৰ আত্মত্যাগ।

: মনে মনে থাকা। চিষ্টেমৰ আৱৰ্তত থাকি কিয়েইবা কৰিব পাৰোঁ আমি।

সহকৰ্মীৰ কথাত তধা লাগি চাই সি। সি ভাবি নাপায় কি কৰা উচিত সি। কেতিয়াবা সকলো পৰিত্যাগ কৰি গুচি যাবৰ মন যায়। কিন্তু বৃত্তিটোৰ প্ৰতি কিবা এটা অহেতুক অনুৰাগত সি ৰৈ যায়। তাৰ সহকৰ্মী, আশে পাশে বিচৰণ কৰা মানুহবোৰে তাক কয়,

: এস! কি কথাত লাগি থাকা? উপাৰ্জনৰ উৎস এটা থাকোঁতেই অন্য চাকৰি ট্ৰাই কৰা।

অনিৰুদ্ধই বুজাব নোৱাৰে যে এয়া তাৰ বিলাস নহয়। এই বৃত্তি তাৰ বিকল্প পথ নহয় যে ইয়াৰ সহযোগত সি অন্য এটা যাত্ৰা নিৰূপণ কৰিব। ছটা মাহে এটা অব্যক্ত যন্ত্ৰণা লৈ ফুৰে সি। স্কুলৰ ড্ৰপ আউট, অস্তিত্বহীন নামকেইটাই, মধ্যাহ্ন ভোজন আৰু কেৱল দৈনন্দিন খোৱা শুৱাৰ প্ৰাত্যহিকতাৰ দৰে স্কুলঘৰৰ চৌহদত প্ৰৱেশ কৰা প্ৰজন্মৰ মুখবোৰে খেদি ফুৰে তাক। তাৰ অস্থিৰতাবোৰ নকমে। বৰঞ্চ ফেনেফুটুকাৰে বাঢ়ি আহে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্ব পৰে তাৰ ওপৰত। স্কুলৰ সহকৰ্মীৰ দাবী,

: জবাবদিহি হ’বলৈ মন নাই যদি সহযোগ কৰিবা।

বিদ্যালয় প্ৰধানৰো কাঢ়া নিৰ্দেশ–

: উত্তীৰ্ণৰ নিৰ্দ্ধাৰিত শতাংশ স্পৰ্শ কৰিবই লাগিব।

কিন্তু নিজৰ বিবেক আৰু আত্মাক সি ক’ত এৰাল ৰাখে? সংগোপনে তাৰ হাতত গুজি দিয়া হয় উত্তৰ সন্নিৱিষ্ট কাগজৰ টুকুৰাটো। জ্বৰে ঘমাৰ দৰে ঘামি উঠে অনিৰুদ্ধ। সি কম্পিত দুভৰিৰে প্ৰৱেশ কৰে পৰীক্ষাকেন্দ্ৰৰ কোঠাত। ডিঙি মেলি মেলি তাৰ উত্তৰৰ বাবে অপেক্ষাৰে ৰৈ থকা পৰিক্ষাৰ্থী সকলৰ চকুত চকু ৰাখিব নোৱাৰে সি। খুব সাৱধানেৰে তুলি দিয়ে অনিৰুদ্ধই কাগজৰ টুকুৰাটো তাৰ সহঃ নিৰীক্ষকৰ হাতত। তিনি ঘণ্টা সময় যেন তিনিটা যুগ। উটি ভাহি এই তিনি ঘণ্টাত সি ঘূৰি ফুৰে তাৰ শৈশৱ, যৌৱন একাকাৰ কৰি। ক’ৰবাত যেন বাদুলি ওলমা দি ওলমি ৰ’য় সততা, নৈতিকতা, আদৰ্শ আৰু দায়বদ্ধতা।

দুৰ্বল খোজেৰে তিনি ঘণ্টাৰ পাছত উভতি আহে অনিৰুদ্ধ তাৰ ভাড়া কোঠাটোলৈ। নিজকে তাৰ উট পক্ষীৰ দৰে লাগে। বালিত মূৰ গুজি শৰীৰৰ অৰ্ধেক অংশ দৃশ্যমান কৰি ৰখা এটা যেন উট পক্ষী সি। সেই তেতিয়াৰে পৰা শেষৰাতিলৈকে ছটফটনিত পাৰ কৰে সি প্ৰতিটো ক্ষণ। আস! শ্ৰেণী কোঠাৰ সেই সংখ্যাটোৰ পৰা আৰম্ভ কৰি দুদিন পিছত আহিবলগীয়া ফলাফলৰ নিৰ্ধাৰিত শতাংশলৈকে সকলোৱেতো শূন্য! শূন্যৰ ভৰো ইমান বেছি নে? উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱাকৈ? কিন্তু শূন্যতো সভ্যতাৰো পাতনি। তেন্তে শূন্যৰে আৰম্ভ হওক নেকি তাৰ যাত্ৰাৰ? বোবা যন্ত্ৰণাবোৰ মুখ খুলি ক’বলৈ। ব্যৱস্থাৰ আবৰ্ত্তত থাকি এটা ব্যৱস্থাক প্ৰশ্ন কৰিবলৈ নতুবা চিৎকাৰ কৰিবলৈ? ছমাহে জঠৰ হৈ পৰি ৰোৱা ভাবনাবোৰ জোকাৰি অনিৰুদ্ধই ৰূমৰ খিৰিকীখন খুলি দিলে। এটা পুৱাই ধলফাট দিবলৈ পূৰ্ণ আয়োজন আকাশত। তাৰো মনত আয়োজন। গোপনে অংগীকাৰ কৰি ৰখা কথাবোৰৰ সিয়ে হওক সূত্ৰধাৰ। নিশ্চয় এতিয়াও তাৰ পিছত ৰৈ আছে এটা বিশাল সমদল, সি নজনাকৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *