নিবন্ধশিল্প-কলা-সংস্কৃতি

টেষ্ট অৱ্ চেৰী : এক চমু অৱলোকন— (তৰালী শৰ্মা)

ইৰাণৰ চলচ্চিত্র পৰিচালক আব্বাচ কিয়াৰ’ষ্টামিৰ কাহিনী, চিত্রনাট্য, পৰিচালনা আৰু প্ৰযোজনাৰ টেষ্ট অব্ চেৰী (Taste of cherry) ছবিখনে ১৯৯৭ চনত কান চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ Palme d’or লাভ কৰিছিল। ৯৫ মিনিট দৈর্ঘ্যৰ ছবিখনৰ মূল ভাষা ফাৰ্চি। কিয়াৰ’ষ্টামিৰ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে চলচ্চিত্রত কাহিনী কোৱাৰ দিন গ’ল। তেওঁৰ মতে, “The best form of cinema is one which poses questions, for the audience”। তাৰ উদাহৰণ টেষ্ট অব্ চেৰী।

জীৱন-মৃত্যুৰ বিষয়বস্ত, পৰিৱর্তন আৰু ধাৰাবাহিকতাৰ ধাৰণাবোৰে কিয়াৰ’ষ্টামিৰ ৰচনাত মুখ্য ভূমিকা পালন কৰে। মৃত্যু আৰু ধ্বংসৰ সম্মুখত চলি থকা জীৱনী শক্তি আৰু মৃত্যুক জয় কৰিবলৈ আৰু অবজ্ঞা কৰিব পৰা মানুহৰ স্থিতিস্থাপকতাৰ শক্তিক কিয়াৰ’ষ্টামিয়ে তেওঁৰ টেষ্ট অব্ চেৰী  চলচ্চিত্ৰখনৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। চলচ্চিত্রখনত বাদিৰ জীৱনৰ দুঃখ-দুর্দশাৰ পৰা পৰিত্রাণ বিচাৰি আত্মহত্যাৰ পথ বাছি লোৱা আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁক সমাধিস্ত কৰিবৰ বাবে এজন ব্যক্তিক বিচাৰি ফুৰা বিষয়টোৱে বাদিৰ পৰম্পৰাগত সামাজিক ৰীতি-নীতি বা ধৰ্মীয় ধ্যান-ধাৰণাত বিশ্বাসী ব্যক্তি বুলি আমাক পতিয়ন নিয়াইছে। সর্বসাধাৰণ মানুহৰ দৃষ্টিভংগীৰে মৃত্যুৰ পাছত মৃতকক কবৰ দিয়া বা দাহ কৰা আদিবোৰে আত্মাৰ মোক্ষ প্রাপ্তি বা আন আন কিছু ধর্মীয় বিশ্বাস কঢ়িয়াই লৈ ফুৰে। বাদিৰ ক্ষেত্ৰতো সেয়াই পৰিলক্ষিত হৈছে। কাৰণ এই পৰম্পৰাৰ পৰা মুক্ত এজন ব্যক্তি হ’লে বাদিয়ে মৃত্যুৰ পিছৰ পৰ্যায়টোৰ কথা বিবেচনা নকৰিলেহেঁতেন।

চলচ্চিত্র আৰু তথ্যচিত্র দুটা ভিন্ন বস্তু। কিন্তু কিয়াৰ’ষ্টামিয়ে এখন তথ্যচিত্ৰৰ দৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰি এক অন্য ধৰণৰ নিৰ্মাণ গঢ়ি তুলিছে। ইয়াত চলচ্চিত্ৰ আৰু তথ্য চিত্ৰৰ ৰেখা ভাল ধূসৰ। তেহৰাণ চহৰৰ পৰা নিজৰ ৰেঞ্জ ৰ’ভাৰ গাড়ীখন লৈ ওলাই যোৱা চিন্তিত মুখেৰে চল্লিছোৰ্ধৰ বাদি নামৰ মানুহজনৰ জীৱন-মৃত্যুৰ দোমোজা আৰু মৃত্যুক আঁকোৱালি লোৱাৰ আগত তেওঁৰ গাড়ীখনৰ যিটো যাত্রা, তাৰ সমান্তৰালভাৱে গতিময় এক জীৱন আৰু এই জীৱন পথত মুখামুখি হোৱা বিভিন্নজন ব্যক্তি, বিভিন্ন দৃশ্য, বিভিন্ন ঘটনা প্রত্যেকটোৱে তেওঁক জীৱনটোক আকৌ এবাৰ নতুনকৈ চোৱাৰ বাবে অনুপ্রাণিত কৰি গৈছে। কাহিনীটোক উপস্থাপনৰ পদ্ধতিটো তথ্যচিত্ৰৰ দৰে হ’লেও যিহেতু ইয়াৰ চৰিত্রসমূহ কাল্পনিক গতিকে ইয়াক আমি এখন তথ্যচিত্র বুলিয়েই কৈ দিলে ভুল কোৱা হ’ব। চলচ্চিত্ৰখনক তথ্যচিত্রৰ ৰূপহে দিয়া হৈছে।

চলচ্চিত্রখনত গাড়ীৰ গতি জীৱনৰ গতিৰ যেন প্রতীকাত্মক ৰূপ। জীৱনত মানুহৰ শ্রম কৰাৰ, জ্ঞান আহৰণৰ ইচ্ছা শেষ হৈ যোৱা মানেই সেই জীৱন যেন মৃত্যুসম। জীৱন কেৱল মৰি যাবলৈ নহয়, জীৱন সংগ্রামৰ মাজেৰে ধন্য কৰিবলৈ। গোটেই চলচ্চিত্রখনৰ বিভিন্ন দৃশ্যাংশতেই যুদ্ধ বিধ্বস্ত ইৰাণৰ পুনৰ্নির্মাণৰ প্রতিচ্ছবি প্রতিফলিত হৈছে লগতে নিৰ্মাণৰ লগত জড়িত শ্রমিকসকলৰ জীৱনটোও প্ৰতিফলিত হৈছে। চলচ্চিত্রখনৰ আৰম্ভনিতেই দেখা যায় যে এদল শ্রমিকে আগ বাঢ়ি আহি বাদিক প্রশ্ন কৰে, “হাজিৰা শ্রমিক লাগিব নেকি?” এই দৃশ্যাংশটোত এটা বিপৰীতধর্মী ছবি পৰিলক্ষিত হৈছে; এটা মৃত্যুমুখী যাত্ৰা আৰু আনটো জীৱনমুখী যাত্ৰা। বাদিয়ে আত্মহত্যাৰ পথ নির্বাচন কৰিছে তেওঁৰ সমস্যাৰ পৰা মুক্তি বিচাৰি। আনহাতে শ্ৰমিকদলে জীৱনৰ তাগিদাত শ্ৰমৰ সন্ধান কৰিছে। কাৰণ শ্ৰমেহে তেওঁলোকক জীৱনদান কৰিব। জীৱনজোৰা শ্ৰমৰ শেষতহে যেন এটি সন্তুষ্টিৰ মৃত্যু প্ৰাপ্য হয়।

চলচ্চিত্রখনত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে শ্রমজীৱি মানুহখিনিৰ সৰলতা আৰু সততাক আৰু তাৰ লগতে মানৱীয় দৃষ্টিভংগীক। বাদিয়ে যাত্রাপথত এজন মানুহক লগ পায় যিয়ে অ’ত-ত’ত পৰি থকা প্লাষ্টিকৰ বিভিন্ন পেলনীয়া বস্তু বুটলি বিক্ৰী কৰে আৰু সেই উপার্জনেৰেই তেওঁ পৰিয়াল চলায়। বাদিয়ে তেওঁক সহায়ৰ হাত আগ বঢ়াব বিচাৰে যদিও তেওঁ নালাগে বুলি কৈ আঁতৰি যায়। যি সময়ত চাৰিওপিনে অট্টালিকা গঢ়ি উঠিছে, মানুহৰ মূল্যবোধৰ ছন্দপতন ঘটিছে তেনে সময়ত এনে শ্ৰমিকে জীৱনক সততাৰে, নিষ্ঠাৰে যাপন কৰাৰ লগতে সহজলভ্য প্ৰাপ্তিক অস্বীকাৰ কৰিছে। পৰিচালক কিয়াৰ’ষ্টামিৰ বাবে এয়া যেন শ্ৰমৰ প্ৰকৃত আনন্দ।

বাদিৰ যাত্ৰাপথত তেওঁ এজন তৰুণ সৈনিকক লগ পায়। সৈনিকজনৰ ৰাতিৰ ডিউটিলৈ তেতিয়াও আৰু এঘণ্টা বাকী থকা বাবে কিছু দূৰ ফুৰি অহাৰ প্রস্তাৱ দিয়ে। কিন্তু এনেদৰে অচিনাকী মানুহ এজনে ফুৰিবলৈ যোৱাৰ প্রস্তাৱ দিয়াত সৈনিকজনৰ সন্দেহ ওপজে আৰু বাদিয়ে তেওঁৰ পৰা কি বিচাৰিছে প্রশ্ন কৰে। বাদিয়ে তেতিয়া পাহাৰীয়া একা-বেঁকা ৰাস্তাৰে গাড়ী চলাই এখন ঠাইত উপস্থিত হয় আৰু পথৰ কাষত থকা গাঁতটোলৈ আঙুলিয়াই কয় যে তৰুণ সৈনিকজনে পিছদিনা ৰাতিপুৱা ছয় বজাত তলৰ গাঁতটোলৈ চাই তেওঁৰ নাম ধৰি চিঞৰিব আৰু যদি তেওঁৰ পৰা কোনো প্ৰত্যুত্তৰ নাপায়, তেন্তে গাঁতটোৰ মুখখন বন্ধ কৰি দিব। সেই কুৰি লদা মাটি দিয়াৰ বিনিময়ত বাদিয়ে সৈনিকজনক প্ৰায় তেওঁৰ ছমাহৰ দৰমহাৰ সমান টকা পাৰিশ্ৰমিক  হিছাপে দিব বিচাৰে। কিন্তু তেনে প্ৰস্তাৱত সৈনিকজন সন্মত নহ’ল। যুদ্ধবিধ্বস্ত এখন দেশ, বিভিন্ন সমস্যাৰে জর্জৰিত হোৱাৰ পিছতো বাদিৰ প্রলোভনৰ দ্বাৰা প্রলোভিত নহৈ নিজৰ কর্ম সততাৰে কৰি গৈ, এটা সহজ-সৰল জীৱন যাপন কৰাতেই যেন সৈনিকজনে সন্তুষ্টি লভিছে।

চলচ্চিত্ৰখনৰ এটা দৃশ্যাংশত দেখা গৈছে যে নিৰ্মাণকাৰ্য চলি থকা সেই ধূলি-ধুসৰ ঠাইত শিল এটাৰ ওপৰত বহি বাদি চিন্তামগ্ন হৈ আছে। তেনে সময়তে এজন শ্ৰমিক আগুৱাই আহি তেওঁক প্ৰশ্ন কৰে তেওঁৰ কিবা হৈছে নেকি, অসুস্থ নেকি, তেওঁ চাহ একাপ খাব নেকি…..ইত্যাদি ইত্যাদি। যদিও মানুহজন বাদিৰ বাবে একেবাৰেই অচিনাকী, কিন্তু তেওঁৰ কথাত বাদিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ পাইছে। ইয়েই যেন চিৰন্তন মানৱীয় অনুভূতি—য’ত চিনাকি বা অচিনাকী বুলি কোনো কথা নাথাকে, কেতিয়াবা সাধাৰণ যেন লগা সহানুভূতিশীল মাত এষাৰেও কাৰোবাৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰিব পাৰে।

চলচ্চিত্ৰখনৰ কাহিনীটোত বা ঘটনাটোত কোনো জটিলতা নাই। কিন্তু পৰিচালকে ঘটনাটোৰ জড়িয়তে তেওঁৰ মতামত প্ৰত্যক্ষভাৱে জাপি নিদি দৰ্শকক ভাবিবলৈ বাধ্য কৰাইছে। বাদিৰ মৃত্যুমুখী এক সংগ্ৰাম আৰু তেওঁৰ যাত্ৰাপথত লগ পোৱা প্ৰতিজন ব্যক্তিৰ জীৱনমুখী চিন্তাই বাদিক পিছলৈ নিজৰ মত সলনি কৰিবলৈ বাধ্য কৰে। এজন আফগানী নিৰাপত্তাৰক্ষী, যিয়ে বন্ধ হৈ থকা ডাঙৰ কনষ্ট্ৰাকচন কোম্পানী এটাত অকলেই থাকিব লগা হৈছে, আৰু যেতিয়া বাদিয়ে তেওঁক অকলে থাকি বেয়া নালাগেনে আৰু তেওঁ বাদিৰ লগত  ফুৰিবলৈ ওলাই যাব নেকি সুধিলে তেতিয়া নিৰাপত্তাৰক্ষীজনে নিজৰ দায়িত্ব এৰি যাব নোৱাৰে বুলি উত্তৰ দিয়ে। এয়া নিষ্ঠাসহকাৰে দায়িত্ব পালনৰ এক ছবি। জীৱনৰ তাগিদাত নিৰাপত্তাৰক্ষীজনে নিসংগতাকো নেওচা দিছে।

বাদিৰ মন-মগজুক আলোড়িত কৰি যোৱা আন এটি কথোপকথন আছিল নেচাৰেল হিষ্ট্ৰি মিউজিয়ামত কৰ্মৰত এজন টেক্সিডাৰমিষ্টৰ সৈতে যাৰ কাম হ’ল ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনত পশু-পক্ষী বধ কৰি ছালত গুড় দি সংৰক্ষণ কৰা। বাদিৰ আত্মহত্যাৰ মনোভাৱৰ কথা গম পাই তেওঁ ক’লে যে তেওঁ এবাৰ সংসাৰ এৰি আত্মহত্যা কৰিবলৈ ওলাইছিল। ৰছীডাল গছলৈ দলিয়াই থকা সময়তেই সূৰ্য উদয় হয়। এনেতে এজাক ল’ৰা-ছোৱালীয়ে আহি সেই গছজোপাৰ ফল পাৰি দিবলৈ অনুৰোধ জনায়। তেতিয়া তেওঁ ল’ৰা-ছোৱালীবিলাকক মালবেৰী গছৰ ফল পাৰি দিয়ে আৰু নিজেও এটা মালবেৰীৰ সোৱাদ লয় আৰু অত্যন্ত সোৱাদযুক্ত সেই সাধাৰণ মালবেৰীটোৱে তেওঁক জীৱনটো নতুন ধৰণে চাবলৈ শিকালে। জীৱনটো কেৱল তিক্ততাৰে পৰিপূৰ্ণ নহয়, ইয়াক যাপন কৰিব জানিলে ই মালবেৰীৰ দৰেই সোৱাদযুক্ত আৰু সুন্দৰ। যদিও দেখাত এনেকুৱা লাগিব যে  এটা মালবেৰীয়েই মানুহজনৰ ত্ৰাণকৰ্তা হৈ পৰিল, কিন্তু ইয়াৰ অন্তৰ্নিহিত অৰ্থটো আমি এনেদৰেও উলিয়াব পাৰোঁ যে মালবেৰীটো হৈছে তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ সমষ্টি, যিয়ে তেওঁক জীৱনটোক এবাৰ নতুনকৈ চোৱাৰ সুযোগ দিছে। প্ৰতিজন মানুহৰেই জীৱনত সমস্যা থাকে। বাদিৰ পেছা, পৰিয়াল বা তেওঁৰ ক্লান্তিকৰ হতাশাৰ শিপাৰ বিষয়ে আমি একো নাজানোঁ। ঠিক সেইদৰে টেক্সিডাৰমিষ্টজনেও নাজানে, জানিলে হয়তো উপায় এটা ওলালহেঁতেন। তেওঁৰ মতে মানুহৰ দৃষ্টিভংগী সলোৱাৰ প্ৰয়োজন থাকে। জীৱনটো এখন ৰেলগাড়ীৰ দৰে গৈ থাকিব লাগে। তেওঁ বাদিক পৃথিৱীখন চাবলৈ শিকাই গ’ল। ৰাতিপুৱাৰ সূর্যোদয়, ৰাতিৰ আকাশত মেঘৰ মাজত লুকা-ভাকু কৰা জোনটো এই দৃশ্যাংশত দৃশ্যমান হোৱা শিশুজাকে ভৱিষ্যতৰ সপোন কঢ়িয়াই আনিছে। যুদ্ধৰ পিছৰ ইৰাণৰ নিৰ্মাণ কাৰ্যই যেনেকৈ এক নতুনত্বৰ ইংগিত বহন কৰিছে ঠিক তেনেদৰেই এই শিশুজাকে এই কথাই বুজাই গৈছে যে কেৱল মাত্ৰ কংক্ৰিটৰ চহৰখন হ’লেই উন্নয়ন নুবুজায়, ইয়াৰ লগত জড়িত হৈ থাকে মানৱীয় প্ৰমূল্যবোধ। যিটোৰ বাবে সেই সময়খিনিত বাদি বা অইন প্ৰাপ্তবয়স্ক মানুহখিনিৰ বহুত কৰণীয় আছে।

শেষত এটা দৃশ্যাংশত দেখা যায় যে বাদিয়ে নিশাৰ চহৰখনৰ সৌন্দৰ্য উপভোগ কৰিছে। তাৰ পিছত গাঁতটোৰ ভিতৰত বহি লৈ নিশাৰ আকাশত মেঘৰ সৈতে লুকা-ভাকু খেলি থকা জোনটোৰ সৌন্দৰ্য্যক উপলব্ধি কৰিছে। জোনটো মেঘৰ আঁৰত লুকাই পৰিছে। মেঘ, ঢেৰেকণি, সম্পূৰ্ণ অন্ধকাৰ। আন্ধাৰত বৰষুণৰ শব্দ, ঢেৰেকণিৰ শব্দ। খন্তেক পিছত সূৰ্য উদয় হোৱাত গাঁতটোৰ পৰা ওলাই দেখে যে এদল সৈন্যই মাৰ্চপাষ্ট কৰিছে। দুজনমানে পাহাৰৰ ওপৰত ষ্টেণ্ডত কেমেৰা বহুৱাইছে। পৰিচালকে ওপৰৰ পৰা সৈনিকবোৰক নিৰ্দেশ দিছে। চেৰী ফুলেৰে সুশোভিত গছ জোপাৰ কাষত সৈনিকবোৰ বহিছে, জিৰণি লৈছে। হাঁহি-তামাচা কৰিছে। দূৰৈত পাহাৰীয়া পথেৰে গাড়ী এখন গৈ আছে আৰু তাতেই সমাপ্তি ঘটিছে চলচ্চিত্ৰখনৰ। জীৱনটোক গতি দিয়ে কৰ্মই আৰু কৰ্মৰ সফল পৰিসমাপ্তিত সন্তুষ্টি লভা যায়। শেষত গাড়ীখনে এই কথাই নিৰ্দেশ কৰি গৈছে যে গৈ থকাই জীৱন…….বিভিন্ন সমস্যা, বাধা নেওচি নিজক সমৃদ্ধ কৰি গৈ থকাই জীৱন।

চলচ্চিত্ৰখনত কেমেৰাৰ ব্যৱহাৰটো মন কৰিবলগীয়া। লং শ্বটসমূহত দেখা গৈছে নিৰ্মীয়মান ৰাস্তাৰে গৈ থকা বাদিৰ গাড়ীখন আৰু ৰুক্ষ এক লেণ্ডস্কেপ। আনহাতে close-up  শ্বটবোৰত পৰিলক্ষিত হৈছে বাদিৰ চিন্তাক্লিষ্ট মুখমণ্ডল। বাদিৰ মনৰ যিটো অৱস্থা অসন্তুষ্ট, উদাস; ঠিক সেই একেই অৱস্থা এটা পৰিলক্ষিত হৈছিল বাহিৰৰ পৰিবেশটোতো। ৰুক্ষ, শিল-বালিৰে পূৰ্ণ, ধূলিময় এক পৰিৱেশ। চলচ্চিত্ৰখনৰ শেষৰফালে বাদিয়ে পৃথিৱীৰ সৌন্দৰ্য্যক উপলব্ধি কৰিবলৈ লোৱাৰ লগে লগেই বাহিৰৰ পৰিৱেশটোতো এক পৰিৱৰ্তন পৰিলক্ষিত হয়। সৈনিকবোৰৰ হাঁহি-তামাচাৰে মুখৰিত চৌপাশৰ এক জীৱন্ত প্ৰতিচ্ছবি, চেৰী ফুলৰ সৌন্দৰ্যই আগৰ মৃত্যুমুখী বাটক জীৱনমুখী বাটলৈ পৰিৱৰ্তন কৰি দিছে।

চলচ্চিত্ৰ গুণগত মান নিৰ্ভৰ কৰে ইয়াৰ উত্থাপিত বিষয়বস্তু, নিৰ্মাণ-শৈলী, অভিনেতাসকলৰ চৰিত্ৰ আৰু পৰিৱেশৰ মাজলৈ সোমাব পৰা দক্ষতা, শব্দৰ ব্যৱহাৰ আদিৰ ওপৰত। টেষ্ট অৱ্ চেৰী চলচ্চিত্ৰখনতো দৰ্শকক পতিয়ন নিয়াব পৰাকৈ শব্দক স্বাভাৱিকভাৱে ব্যৱহাৰ কৰিছে। শিল-বালিৰ ৰাস্তাৰ ওপৰেৰে গাড়ীখন চলাৰ শব্দ, বাহিৰৰ পৰা ভাঁহি অহা কোনো ব্যক্তিয়ে টেলিফোনত কথা পতাৰ শব্দ, কনষ্ট্ৰাকচন চাইটবোৰত শিল-বালি পেলোৱাৰ শব্দ আদিবোৰে কাহিনীটোক গতি প্ৰদান কৰিছে।

শেষত Edward Guthmann-এ San Francisco Chronicle-ত কোৱাৰ দৰেই ক’ব পাৰি যে “Kiarostami doesn’t take sides or judge Mr. Badii but arranges his story, which takes place in one day, in a way that allows for ambiguity and contradiction and gives us the option to decide as we wish’।

Leave a Reply

Your email address will not be published. Required fields are marked *