বিবিধ চিন্তা

দ্য ষ্টৰী অৱ ফিল’ছফী-(মীনাক্ষী বৰুৱা)

বিংশ শতিকাৰ বিশ্ববৰেণ্য দাৰ্শনিক সকলৰ ভিতৰত আমেৰিকান দাৰ্শনিক উইল ডুৰাণ্ট অন্যতম। উইল ডুৰাণ্টৰ সবাতোকৈ বিখ্যাত আৰু সৰ্বাধিক পঠিত গ্ৰন্থখন হৈছে ‘The Story of Philosophy’। সাতটা যুগ ধৰি প্ৰকাশ হৈ থকা এই গ্ৰন্থখনি বিশ্বৰ প্ৰায়বোৰ ভাষালৈকে অনুবাদ কৰা হৈছে। ১৯২৬ চনতে প্ৰথম প্ৰকাশ হোৱা এই মহৎ গ্ৰন্থখন ১৯৯৫ চনত অসমীয়া ভাষালৈ অনুবাদ কৰি থৈ গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা নীলিমা দত্তই। মূল্য: ১৫০.০০ টকা। প্ৰকাশক: আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা( ABILAC)।
“দৰ্শনৰ কাহিনী”ত লিপিবদ্ধ কৰা হৈছে বিগত প্ৰায় তিনি হাজাৰ বছৰৰ পাশ্চাত্য জগতৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক সকলৰ জীৱন-কাহিনী আৰু তেওঁলোকৰ মতবাদৰ সাৰাংশ। ইয়াত আছে সমাজবিজ্ঞান, মানৱ সমাজৰ ইতিহাস, বিভিন্ন কালৰ বিভিন্ন স্তৰৰ মানুহৰ মনৰ বিশ্লেষণ। প্ৰাচীন কালৰে পৰা চলি অহা জগত-প্ৰবাহ আৰু মানৱ সমাজৰ ক্ৰমাগত বিৱৰ্তনৰ বৈজ্ঞানিক ব্যাখ্যা প্ৰতিটো অধ্যায়তে আগবঢ়োৱা হৈছে।
দৰ্শন বিষয়টো যিমান জটিল বুলি ভবা হয়, প্ৰকৃততে সিমান জটিল নহয়। দৰ্শনত ব্যৱহাৰ হোৱা কঠিন শব্দ আৰু বাক্য-গাঁথনি ভেদ কৰি অকণমান গভীৰলৈ সোমাব পাৰিলে ইয়াৰপৰা লাভ কৰিব পাৰি বিমল আনন্দ। মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনত দৰ্শনৰ প্ৰয়োজনীয়তা কিমান সেই কথা দৰ্শন নপঢ়াকৈ অনুমান কৰা টান। যেতিয়ালৈকে মানুহৰ মনত স্বাভাৱিক কৌতূহলৰ উদ্ৰেক হৈ থাকিব, তেতিয়ালৈকে দৰ্শনৰ প্ৰয়োজনীয়তা আমি স্বীকাৰ কৰিবই লাগিব। মানুহৰ জীৱনৰ সৈতে দৰ্শন সম্পৃক্ত হৈ থাকে। আমি কি বিচাৰোঁ, কিয় বিচাৰোঁ, আমাৰ জীৱনৰ অৰ্থ কি এইবোৰ প্ৰশ্নই প্ৰত্যেক মানুহকে কোনো কোনো ক্ষণত ভবাই নোতোলেনে? “আমাৰ জীৱনৰ বহু কথাই অৰ্থহীন। আত্ম-বিলোপৰ ব্যৰ্থতা, দ্বিধা, অন্তৰৰ ভিতৰ আৰু বাহিৰৰ কত বিশৃংখলতাৰ লগত যে আমি জীণ যাব লগা হয়! তথাপি আমি সকলো সময়তে বিশ্বাস কৰোঁ আমাৰ ভিতৰত যেন কিবা এটা আছে, যি প্ৰাণৱন্ত আৰু তাৎপৰ্যপূৰ্ণ।” ব্ৰাউনিঙে কৈছিল, ‘জীৱনৰ এক অৰ্থ আছে আৰু তাকে বিচাৰি ফুৰাটোৱেই হ’ল মোৰ ভোক-পিয়াহ।’ দৰ্শনে ভাল-বেয়া, সুন্দৰ-অসুন্দৰ, বন্ধন-মুক্তি, জন্ম-মৃত্যুৰ দৰে কঠিন আৰু বিপজ্জনক সমস্যাসমূহৰ আলোচনা কৰে। সাধাৰণ অভিজ্ঞতাৰ লগত বাস্তৱৰ সম্পৰ্ক জানিবলৈ প্ৰত্যেক দাৰ্শনিকে বিচাৰি ফুৰে। দৰ্শনে সকলো দিশকে এক সমন্বয়ী ব্যাখ্যাত সামৰিব খোজে।
গ্ৰন্থখনিত মুঠ এঘাৰটা অধ্যায় আছে। দাৰ্শনিক প্লেটো-ছক্ৰেটিজৰ কথাৰে আৰম্ভ কৰি আমেৰিকাৰ সমকালীন দাৰ্শনিক ছান্তায়ানা, জেমছ্ আৰু জন ডিউৱিৰ জীৱন আৰু মতবাদেৰে গ্ৰন্থখনিৰ সমাপ্তি ঘটোৱা হৈছে।
এতিয়া আমি, জীৱন আৰু জগত সম্পৰ্কে এই মহান দাৰ্শনিকসকলে কি কৈছে, আহকচোন অকণমান ভুমুকিয়াই চা‌ওঁ।
ছোফিষ্টসকলৰ সময়ৰপৰা গ্ৰীক দৰ্শনে বাহ্যিক জগততকৈ অন্তৰ্জগতৰ বিষয়ে চিন্তা কৰিবলৈ লয়। তেওঁলোক আছিল বৰ বুদ্ধিমান আৰু জ্ঞানী। মানুহৰ মন আৰু স্বভাৱ সম্পৰ্কীয় বিভিন্ন সমস্যা আৰু তাৰ সমাধানসূত্ৰ বিচাৰি তেওঁলোকৰ মাজত গভীৰ আলোচনা হ’বলৈ ল’লে। প্ৰথম ফালে দৰ্শন আছিল শৰীৰ সম্বন্ধীয়। অৰ্থাৎ দৈহিক। সেই দৰ্শনৰ দৃষ্টি আছিল বস্তুজগতৰ ওপৰত। প্লেটোৰ সময়ত এই ধাৰাটোৰ কিছু অংশ তল পৰি থাকে। প্লেটো আছিল ছক্ৰেটিছৰ পৰম ভক্ত। প্লেটোৰ ৰচনা সমূহত দৰ্শন আৰু কবিতা, বিজ্ঞান আৰু কলাৰ সংমিশ্ৰণ ঘটা বাবে বুজিবলৈ কিছু কঠিন। তেওঁৰ ভাষা আক্ষৰিক নে আলংকৰিক অথবা তেওঁ ব্যংগ কৰিছে নে আন্তৰিকতাৰে কৈছে এই কথা বহু সময়ত বুজিব নোৱাৰি। অৱশ্যে তেওঁৰ ‘ডায়লগছ’ আৰু বিশেষকৈ ‘ৰিপাব্লিক’ৰ বিষয়সমূহে সাধাৰণ মানুহকো স্পৰ্শ কৰি যায়। ‘দৰ্শনৰ কাহিনী’ গ্ৰন্থত প্লেটোৰ এই অমূল্য গ্ৰন্থ ‘ৰিপাব্লিক’ৰ চমু আভাস দাঙি ধৰা হৈছে। ৰিপাব্লিক গ্ৰন্থৰ যোগেদি আমি তত্ত্বজ্ঞান, ধৰ্ম-তত্ত্ব, নীতিবোধ, মনস্তত্ত্ব, শিক্ষাতত্ত্ব, ৰাজনীতি আৰু শিল্পকলা সম্বন্ধে জানিব পাৰোঁ। লগতে সমাজবাদ, সমাজতন্ত্ৰ, নাৰীসমস্যা, গৰ্ভনিৰোধ, সুপ্ৰজনন বিজ্ঞান, আভিজাত্যৰ সমস্যা, ফ্ৰ‌য়ডীয় মনোবিশ্লেষণ- সকলোবোৰ ইয়াত আছে। এমাৰ্ছনে, ওমৰে কোৰাণ সম্বন্ধে কোৱাৰ দৰে, ৰিপাব্লিক গ্ৰন্থ সম্বন্ধে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে- “পুথিভঁৰালবোৰ জ্বলাই দিয়া, কাৰণ সেইবোৰৰ সকলো মূল্য এই কিতাপতে আছে।”

দাৰ্শনিক ছক্ৰেটিজ আছিল অত্যন্ত সহজ-সৰল জীৱন যাপন কৰা জ্ঞানী ব্যক্তি। তেওঁৰ মতে, মানুহে যেতিয়া সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ লালিত বিশ্বাসক, নিৰ্বিচাৰ ধৰ্মমত আৰু স্বতঃসিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে। মনে যদি নিজকে ঘূৰি নাচায় আৰু পৰীক্ষা নকৰে তেন্তে প্ৰকৃততে দৰ্শনৰ জন্ম হ’ব নোৱাৰে। ছক্ৰেটিজৰ আগৰ কালৰ দাৰ্শনিক সকলৰ বেছিভাগেই আছিল বহিৰ্জগতৰ দাৰ্শনিক। নৈতিক আৰু মনস্তাত্বিক প্ৰশ্নৰ আলোচনা আছিল ছক্ৰেটিজৰ প্ৰিয়। নিৰ্ভুল সংজ্ঞা, পৰিচ্ছন্ন চিন্তা, সঠিক বিশ্লেষণ- ইয়াক কোৱা হয় ‘ছক্ৰেটিজ পদ্ধতি’ বুলি। ছক্ৰেটিজে দৰ্শনৰ দুটা জটিল সমস্যাৰ সুস্পষ্ট উত্তৰ দিছে। সমস্যা দুটা হৈছে-(১) পূণ্যৰ অৰ্থ কি? আৰু (২) সৰ্বোত্তম ৰাষ্ট্ৰ কোনখন? ছক্ৰেটিজৰ উত্তৰে সেইকালৰ ডেকাসকলৰ দেৱ-দেৱীৰ ওপৰত থকা বিশ্বাস ভাঙি চূড়মাৰ কৰিছিল। আইনৰ অধীনত থাকি ইচ্ছামতে যিকোনো কাম কৰিবলৈ প্ৰস্তুত হৈছিল। ছক্ৰেটিজ আছিল বিপ্লৱী সকলৰ বুদ্ধিজীৱী নেতা। ফলত তেওঁ গণতন্ত্ৰৰদ্বাৰা ঘৃণিত হ’ল। অৱশ্যে তেওঁক ক্ষমা খোজাৰ বাবে সুযোগ দিয়া হৈছিল। কিন্তু ক্ষমাৰ বাবে আবেদন কৰাত ছক্ৰেটিজৰ আছিল চৰম বিতৃষ্ণা। ইয়াৰ পিছৰ কাহিনী সকলোৰে জ্ঞাত। তেওঁক ‘হেমলক’ বিষ পান কৰি মৃত্যুবৰণ কৰিবলৈ আদেশ দিয়া হ’ল। ছক্ৰেটিজে হাঁহি হাঁহি, শান্ত আৰু নিৰ্বিকাৰ হৈ সেই আদেশ পালন কৰিলে। পিছলৈ ছক্ৰেটিজক দৰ্শনৰ প্ৰথম ছহিদ হিচাপে আখ্যা দিয়া হয়।
‘The Story of Philosophy’ গ্ৰন্থৰ দ্বিতীয় অধ্যায়ত বৰ্ণনা কৰা হৈছে ‘এৰিষ্টটল আৰু গ্ৰীক বিজ্ঞান’ সম্বন্ধে। এৰিষ্টটল আছিল প্লেটোৰ শিষ্য। তেওঁ শ শ গ্ৰন্থ ৰচনা কৰিছিল যদিও ইয়াৰ সঠিক হিচাপ পোৱা নাযায়। কাৰোবাৰ মতে চাৰিশ, কাৰোবাৰ মতে হাজাৰ। সকলোবোৰ গ্ৰন্থ সংৰক্ষিত নহ’ল। তেওঁৰ ৰচনাসমূহ আছিল মূলতঃ যুক্তিবিদ্যা, বিজ্ঞান, সৌন্দৰ্য্যতত্ব আৰু দৰ্শন সম্বন্ধীয়। ই যেন গ্ৰীছৰ বিশ্বকোষ। লজিক বিজ্ঞান এৰিষ্টটলৰ নিজস্ব সৃষ্টি। লজিক হৈছে শুদ্ধ চিন্তাৰ পদ্ধতি আৰু কলা। ছক্ৰেটিজ আৰু এৰিষ্টটলৰপৰাই আৰম্ভ হৈছে দৰ্শন আৰু বিজ্ঞানৰ প্ৰভূত অগ্ৰগতি আৰু এই সকলোখিনিয়ে গঢ় লৈছে তেওঁলোকে নিৰ্মাণ কৰা ভেটিৰ ওপৰতে। অৱশ্যে গ্ৰীক সভ্যতাৰ আগতেও বৈজ্ঞানিক প্ৰচেষ্টা যে হোৱা নাছিল এনে নহয়। তেতিয়া বিজ্ঞান আৰু ধৰ্মৰ মাজত পাৰ্থক্য নাছিল। প্ৰকৃতিৰ ৰহস্যক তেওঁলোকে অলৌকিক শক্তিৰ কৌশল বুলি ব্যাখ্যা কৰিছিল। যুক্তিবিদ্যা, বিজ্ঞান, প্ৰকৃতিবাদ, জীৱবিদ্যা, পৰাবিজ্ঞান আদি বিষয়ৰ অধ্যয়নত ভুল-শুদ্ধৰ সংমিশ্ৰণেৰে যিমানেই এৰিষ্টটলৰ মন ক্ৰমবিকশিত হ’বলৈ ধৰিলে আৰু ডেকা ছাত্রসকলে চাৰিওফালৰপৰা বেঢ়ি ধৰিবলৈ ধৰিলে সিমানেই তেওঁৰ মন বিজ্ঞানৰ বাহুল্যৰপৰা আঁতৰি স্বভাৱ-চৰিত্ৰৰ বৃহত্তৰ আৰু অস্পষ্ট সমস্যাৱলীৰ ফালে ঢাল খালে। ছান্তায়ানাই কৈছে, “এৰিষ্টটলৰ মানৱ স্বভাৱৰ ধাৰণা যথাৰ্থতে গভীৰ আছিল।”এৰিষ্টটলে মুকলি মনেৰে স্বীকাৰ কৰিছে যে জীৱনৰ উদ্দেশ্য শ্ৰেয়ৰ কাৰণেই শ্ৰেয়- সেইটো নহয়। সুখহে জীৱনৰ উদ্দেশ্য। “কাৰণ অন্য একোৰ বাবে নহয়, সুখৰ বাবেই আমি সুখ বিচাৰোঁ। আমি যে সন্মান, আনন্দ, প্ৰতিভা ইত্যাদি বিচাৰোঁ, তাৰ কাৰণ হ’ল আমাৰ বিশ্বাস যে সেইবোৰৰ যোগেদি আমি সুখী হ’ম।” অৱশ্যে সুখক চৰম শ্ৰেয় বুলি অভিহিত কৰাটো এটা স্বতঃসিদ্ধ কথা। আমাৰ সুখৰ কাৰণে যদিও বাহ্যিক সম্পদ আৰু সম্পৰ্কৰ প্ৰয়োজন আছে তথাপি ইয়াৰ মূল সাৰ থাকে আমাৰ অন্তৰতে, পূৰ্ণ জ্ঞানত আৰু আত্মাৰ পৰিচ্ছন্নতাত। ইন্দ্ৰিয়জ সুখ প্ৰকৃত সুখ নহয়, সেই সুখ বৃত্তাকাৰ।
ৰাজনীতি সম্পৰ্কত এৰিষ্টটলে কৈছে, “উপৰুৱাকৈ আইন-কানুন সলনি কৰাৰ অভ্যাস অমংগলজনক। যদি পৰিৱৰ্তনৰ সুবিধা সামান্যহে থাকে, তেতিয়া আইনৰে হ‌ওক বা শাসকৰে হ‌ওক কিছুমান ত্ৰুটিৰ ওপৰত দাৰ্শনিক সহিষ্ণুতাৰে দৃষ্টি নিক্ষেপ কৰাটো ভাল হয়। পৰিৱৰ্তনৰ ভিতৰেদি নাগৰিক সকলৰ যিকণ উপকাৰ হ’ব তাতকৈ বেছি ক্ষতি হ’ব যদি তেওঁলোকে অমান্য কৰিবলৈ শিকে।”
মানুহৰ জীৱন আৰু সমাজ ব্যৱস্থাৰ বিস্তৃত অধ্যয়ন সম্বলিত এই গ্ৰন্থখনিৰ আটাইবোৰ অধ্যায়ৰ পুংখানুপুংখ আলোচনা এটা মাত্ৰ লেখাৰ জৰিয়তে সম্ভৱ নহয়। বাছি বাছি কেইজনমান দাৰ্শনিকৰ কথাহে ইয়াত উল্লেখ কৰা হৈছে। তৃতীয় অধ্যায়ত ফ্ৰান্সিছ বে’কনৰ বিজ্ঞান আৰু দৰ্শনৰ আলোচনা আগবঢ়োৱা হৈছে। এগৰাকী কঠোৰ সমালোচকে বে’কনৰ “The New Organon” নামৰ কিতাপখন তেওঁৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি বুলি অভিহিত কৰিছে। এই কিতাপখনত লজিকক জীৱন্ত ৰূপত তুলি ধৰা হৈছে। তেনেদৰে দাৰ্শনিক স্পিনোজাই ৰচনা কৰা মুঠ চাৰিখন গ্ৰন্থৰ মাজত “Ethics” শ্ৰেষ্ঠ বুলি উল্লেখ কৰা হৈছে। এই গ্ৰন্থত তেওঁ সহজাত জ্ঞানক চিৰন্তন ৰূপ আৰু সম্পৰ্কৰ লগত বস্তুৰ উপলব্ধি বুলি কৈছে। সহজাত জ্ঞানে প্ৰত্যেক বস্তু আৰু ঘটনাৰ আঁৰত কি বিধি বা চিৰন্তন সম্পৰ্ক আছে তাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। স্পিনোজাৰ প্ৰধান বৈশিষ্ট্য হ’ল, ‘অনিত্য শৃংখল’ অৰ্থাৎ ঘটনা আৰু বস্তুৰ লগত ‘চিৰন্তন শৃংখল’ অৰ্থাৎ জগতৰ বিধি আৰু গঠনৰ পাৰ্থক্য নিৰূপণ। পঞ্চম অধ্যায়ত “ভলতেয়াৰ আৰু ফৰাচী জ্ঞান-বোধন’ ৰ আলোকপাত কৰা হৈছে। ভলতেয়াৰে কৈছে, যিকোনো কলাৰ সাধনাত সফল হ’বলৈ হ’লে গাত ভূত লম্ভিব‌ই লাগিব। ভলতেয়াৰ মানুহজন নিজে তেনেকুৱাই আছিল। তেওঁ আছিল অফুৰন্ত সৃজনীশক্তি আৰু জ্যোতিৰ্ময় মনীষাৰ বাহক। তেওঁৰ মতে, “কামত নিযুক্ত হৈ নথকা আৰু জীয়াই নথকা- একে সমান। এলেহুৱাৰ বাহিৰে আন সকলো মানুহেই ভাল।” ভলতেয়াৰৰ সকলো বিষয়ৰ প্ৰতি আছিল আন্তৰিক অনুৰাগ। তেওঁৰ সকলোতকৈ সুখপাঠ্য আৰু সকলোতকৈ বুদ্ধিদীপ্ত ৰচনাখন আছিল “দাৰ্শনিক অভিধান”। তেওঁ সকলো সময়তে যুক্তিত বিশ্বাসী আছিল। তেওঁ কৈছিল, “কথা আৰু লিখনিৰে আমি মানুহক ভাল কৰিব পাৰোঁ, কৰিব পাৰোঁ মানুহৰ মনক আলোকিত।” সেয়েহে ভলতেয়াৰ বুলিলেই জ্ঞানৰ পোহৰ, বিশ্বকোষ আৰু যুক্তিৰ যুগক সূচায়। গুণীৰ গুণ শত্ৰুৱেও স্বীকাৰ কৰে। ফৰাচী সম্ৰাট ফ্ৰেড্ৰিকে ভলতেয়াৰৰ গুণানুকীৰ্তন কৰি কৈছিল, “তেওঁ আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভা।”
এইবাৰ চাওঁ ইমানুৱেল কাণ্টে কি কৈছে দৰ্শনৰ বিষয়ে। উনবিংশ শতাব্দীৰ ভাবধাৰাৰ ওপৰত কাণ্টৰ দৰ্শনৰ প্ৰভাৱ অপৰিসীম। তেওঁ জগতবাসীক ‘মতান্ধ নিদ্ৰাৰপৰা (Dogmatic slumber) জগাই ‘বিশুদ্ধ যুক্তিৰ সমালোচনা’ৰ ( Critique of Pure Reason) প্ৰতি আগ্ৰহী কৰি তুলিছিল। কাণ্টৰ মতে সকলো জ্ঞান ইন্দ্ৰিয়জ নহয়। তেওঁৰ মতে ইন্দ্ৰিয়জ অভিজ্ঞতা অৰ্থাৎ সংবেদন কেতিয়াও জ্ঞান হ’ব নোৱাৰে। প্ৰথম কথা সকলো সংবেদন শৰীৰৰ ইন্দ্ৰিয়ৰদ্বাৰা গৃহীত নহয়। অৰ্থাৎ আমাৰ চাৰিওফালে ঘটি থকা অজস্ৰ ঘটনাৰ প্ৰতিটোকে আমাৰ ইন্দ্ৰিয়‌ই মগজুলৈ প্ৰেৰণ নকৰে। এই বিশৃংখল উদ্দীপকৰ যি বোধ, সিয়েই হৈছে সংবেদন(sensation)। সংবেদনৰ পিছৰ পৰ্যায় হৈছে প্ৰত্যক্ষ, অৰ্থাৎ perception। ই হৈছে সুশৃংখল সংবেদন। আৰু সংপ্ৰত্যয় ( concept) হৈছে সুশৃংখল প্ৰত্যক্ষ। এই পৰ্যায়তহে আমি এটা উদ্দীপক সম্বন্ধে জ্ঞান লাভ কৰা সম্ভৱ। সুশৃংখল চিন্তা হৈছে পৰমজ্ঞান (wisdom)। কাণ্টে কৈছে, “সংপ্ৰত্যয় বিনে প্ৰত্যক্ষ অন্ধ।” কথাটো যুক্তিপূৰ্ণ। কাৰণ একে অভিজ্ঞতাৰ দ্বাৰাই জ্ঞানৰ ভিন্নতা আমি দেখিবলৈ পাওঁ। একে অভিজ্ঞতা আহৰণ কৰি কোনোবা এজন মধ্যমীয়া, কোনোবা এজন জ্ঞানী আৰু আন কোনোবা এজন অভিনৱ যুক্তিৰ গৰাকী হোৱা আমি দেখিছোঁ। অৰ্থাৎ প্ৰত্যক্ষৰ ধৰণ প্ৰত্যেকৰে বেলেগ বেলেগ। তেনেকৈ ধৰ্ম সম্পৰ্কত তেওঁ কৈছে, ইয়াক বিজ্ঞান আৰু শাস্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত কৰিব নোৱাৰি, পাৰি নীতিৰ ওপৰত। আমাৰ যিবিলাক ব্যৱহাৰৰ ফলত সামাজিক জীৱন বিপদাপন্ন হ’ব পাৰে তেনে কাম পৰিহাৰ কৰাটো যে উচিত-এই সত্য আমি যুক্তিৰ সহায়ত লাভ নকৰোঁ, লাভ কৰোঁ সুস্পষ্ট আৰু তুৰন্ত অনুভূতিৰ দ্বাৰাহে। ‘যুক্তিবাদী’ ধৰ্মশাস্ত্ৰক কাণ্টে প্ৰত্যাখ্যান কৰি ধৰ্মক নৈতিক বিশ্বাস আৰু আশালৈ ৰূপান্তৰ কৰিছে। ৬৯ বছৰ বয়সত কাণ্টে “Religion within the Limits of Pure Reason” ত ধৰ্ম সম্পৰ্কে সবাতোকৈ দুঃসাহসিক ৰচনাখন লিখি উলিয়াইছে। অৱশ্যে গ্ৰন্থ‌খনি প্ৰুছিয়া ৰাজ্যৰ মন্ত্ৰীসভাৰ ৰোষত পৰিছিল আৰু কাণ্টক কৈফিয়ৎ তলব কৰা হৈছিল।
দাৰ্শনিক শ্ব’পেনহাৱেৰৰ মতবাদ পূৰ্ববৰ্তী দাৰ্শনিক সকলতকৈ কিছু পৃথক। তেওঁ বিজ্ঞান, যুক্তিতকৈ ইচ্ছাশক্তিৰ প্ৰভাৱক অধিক গুৰুত্ব প্ৰদান কৰে। সহজাত প্ৰবৃত্তিৰ সূক্ষ্ম গভীৰতা আৰু তাৰ সৰ্বব্যাপী শক্তিৰ প্ৰতি তেওঁ মনস্তাত্বিকসকলৰ চকু মুকলি কৰি দিলে। অবাধ্য ঘোঁৰা লেকামৰদ্বাৰা বশ হোৱাৰ দৰে মানুহৰ ইচ্ছা বুদ্ধিৰদ্বাৰা নিয়ন্ত্ৰিত হয়। আচৰিত কথা, ইচ্ছাৰ পৰাই জ্ঞানৰ উৎপত্তি আৰু আনহাতে জ্ঞানেই আকৌ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব লগা হয়। বুদ্ধি বা মেধা ক্লান্ত হৈ পৰে কিন্তু ইচ্ছাৰ কেতিয়াও ক্লান্তি নাহে। “The World as Will and Idea” তেওঁৰ শ্ৰেষ্ঠতম ৰচনা।
পৰৱৰ্তী অধ্যায়ত হাবাৰ্ট স্পেনছাৰ, ফ্ৰেড্ৰিক নীৎশ্বে, বেৰ্গছোঁ, ক্ৰোচে, বাৰ্ট্ৰাণ্ড ৰাছেল, ছান্তায়ানা, জেমছ আৰু ডিউৱিৰ দৰ্শনক দাঙি ধৰা হৈছে। আৰু এই আলোচনাৰেই গ্ৰন্থখনিৰ সমাপ্তি ঘটোৱা হৈছে। এইসকলৰ মাজৰপৰা কেৱল ৰাছেলৰ দৰ্শনৰ প্ৰসংগৰেই আমি আলোচনাটি শেষ কৰিম। গ্ৰন্থখনিৰ লেখক উইল ডুৰাণ্ট আৰু দাৰ্শনিক ৰাছেল আছিল সমসাময়িক। ৰাছেলৰ প্ৰসংগত ডুৰাণ্টে উল্লেখ কৰিছে, তেওঁ “আমাৰ যুগৰ সৰ্বকনিষ্ঠ অথচ সবাতোকৈ প্ৰাণৱন্ত ইউৰোপীয় চিন্তাবিদ।” হয়, নিজৰ চিন্তা আৰু সৃষ্টিৰে বৌদ্ধিক সমাজক প্ৰভাৱান্বিত কৰি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা দাৰ্শনিক সকলৰ মাজত ৰাছেলো এজন। গণিত, বিজ্ঞান, দৰ্শন, ধৰ্ম, নৈতিকতা আদি বিষয়ত আছিল ৰাছেলৰ গভীৰ অধ্যয়ন। কেৱল সেয়াই নহয়, সংস্কাৰক হিচাপেও ৰাছেলৰ অৱদান আছিল অতুলনীয়। সূত্ৰ ৰচনাৰ জিৰণি কোঠা এৰি এসময়ত তেওঁ ৰাজনীতিবিদসকলক চোকা সমালোচনা কৰিবলৈ ওলাই আহিছিল। তেওঁৰ এই বিদ্ৰোহৰ আঁৰত আছিল সকলো ৰকমৰ ৰক্তাক্ত সংগ্ৰামৰ প্ৰতি স্বাভাৱিক বিতৃষ্ণা। তেওঁ যদিও হ’ব বিচাৰিছিল এক অদেহী যুক্তি, কিন্তু, প্ৰকৃততে তেওঁ আছিল অনুভূতি-প্ৰকাশক এক পদ্ধতি। যিসকল ডেকা ল’ৰাই গৌৰৱ বোধেৰে মৰিবলৈ আৰু মাৰিবলৈ শোভাযাত্ৰা কৰি যোৱা তেওঁ দেখিছে, তেওঁলোকৰ জীৱনৰ মূল্য যে সাম্ৰাজ্যবাদীৰ স্বাৰ্থতকৈ বহু বেছি- এই মত তেওঁ পোষণ কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁক দিয়া হৈছিল ছমাহৰ কাৰাদণ্ড‌। ৰাছেলে বিশ্বাস কৰিছিল, “আধুনিক” মনৰ কুসংস্কাৰ আৰু স্নায়ু-বিকাৰক বাৰিষাৰ ঢলৰ দৰে ধুই নিকা কৰিব পাৰে অকল চিন্তা আৰু মত প্ৰকাশৰ স্বাধীনতাই। শিক্ষাৰ আদৰ্শ হোৱা উচিত মনৰ মাজত এটা বৈজ্ঞানিক অভ্যাস গঢ়ি তোলা। বুদ্ধিহীন মানুহৰ বৈশিষ্ট্য হ’ল- তে‌ওঁলোকে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰে আৰু নিজৰ মতামতক চৰম বুলি ভাবে। বৈজ্ঞানিকে কিন্তু লাহে লাহে বিশ্বাস কৰে আৰু সংশোধন নকৰাকৈ একো নকয়। বিজ্ঞান আৰু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ বাঢ়ি গ’লে আমি এনে এক মননশীল বিবেক লাভ কৰিম যি হাতৰ ওচৰতে পোৱা প্ৰমাণ গ্ৰহণ কৰিব অথচ ই যে ভুল হ’ব পাৰে তাকো মানি ল’ব। এনে পদ্ধতি গ্ৰহণ কৰি শিক্ষাই আমাৰ বহু সমস্যাক সমাধান কৰিবলৈ সক্ষম হব। আনকি আমাৰ সন্তানৰ সন্তানকো হয়তো নতুন পুৰুষ-মহিলাত পৰিণত কৰিব পাৰিব- যিসকলৰ আবিৰ্ভাৱ নতুন সমাজ ব্যৱস্থাৰ আগতে অপৰিহাৰ্য হৈ উঠিব। তেওঁ কৈছিল, “আমাৰ চৰিত্ৰৰ প্ৰবৃত্তিমূলক অংশ‌ই বিস্তাৰ লাভ কৰিব পাৰে। ইয়াৰ পৰিবৰ্তন সাধন কৰিব পাৰি বিশ্বাস, বাস্তৱ অৱস্থা, সামাজিক ব্যৱস্থা আৰু প্ৰতিষ্ঠানৰদ্বাৰা” । শিক্ষাই মনক এনেদৰে গঢ় দিব পাৰে যাতে ই ধন-সম্পদতকৈ শিল্পৰ প্ৰতি বেছি অনুৰাগী হ’ব পাৰে- যিটো কথা হৈ উঠিছিল নৱন্যাসৰ যুগত। আৰু তেনে অৱস্থাত মনে কৰিব পাৰে এনে সংকল্প- “আৰ্জিত সম্পদক কেন্দ্ৰ কৰি যিবিলাক বাসনা আৰু কামনা বাঢ়ি উঠে, সেই সকলোকে কমাই মনৰ সকলো ধৰণৰ সৃজনী শক্তিক বিকশিত কৰি তোলাৰ।” এনেকৈয়ে আনৰ ক্ষতি নোহোৱাকৈ ব্যক্তি আৰু সমাজৰ জীৱনী শক্তিক যিমানদূৰ পাৰি বঢ়াই তোলা সম্ভৱ হৈ উঠিব‌। মানৱ চৰিত্ৰৰ পৰিপূৰ্ণ গঠনৰ বাবে শিক্ষা প্ৰতিষ্ঠান সমূহক যদি বুদ্ধি প্ৰয়োগেৰে পৰিচালিত আৰু উপযুক্ত লোকৰ দ্বাৰা গঢ়ি তোলা হয়, তেতিয়াহ’লে মানুহৰ কৰিব নোৱৰা একো নাথাকিব। আনকি লালসা আৰু আন্তৰ্জাতিক নিষ্ঠুৰতাৰ হাত সাৰিবলৈ ই হৈছে একমাত্র পথ। সম্পদতকৈ শিল্পৰ সমাদৰ য’ত বেছি, তেনে এখন সমাজৰ কল্পনা নিঃসন্দেহে আনন্দদায়ক।
ইউৰোপ, আমেৰিকা, ৰুছিয়া আদি দেশৰ সমাজব্যৱস্থা প্ৰত্যক্ষ কৰাৰ পিছত চীন দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি তেওঁ যথেষ্ট উন্নত মত পোষণ কৰিছিল। অধ্যাপনাৰ বাবে এবছৰ চীন দেশত থাকি তেওঁ লিখিছিল, “আন কোনো সভ্যতাৰ বেলিকা মই দেখা নাই ইমান মুকলি মন, ইমান বাস্তৱবোধ, যেনে আছে তেনেকৈয়ে ঘটনাৰ মুখামুখি হ’বলৈ সদিচ্ছা। ঘটনা বা অৱস্থাক বিকৃত কৰি নতুন ৰূপ দিয়াৰ চেষ্টা ইয়াত দেখা নাপায়।”
ৰাছেলৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ ভিত্তিত ডুৰাণ্টে স্বীকাৰ কৰিছে যে, “তেওঁ এনে এজন মানুহ, যিজনক হিয়া উবুৰিয়াই ভাল পাব পাৰি। গভীৰ পৰাবিদ্যা আৰু সূক্ষ্ম গণিত আলোচনাত তেওঁ আছিল বিদগ্ধ আৰু সকলো সময়তে তেওঁৰ কথা অতি সহজ, সৰল আৰু স্বচ্ছ- এয়া হ’ল তেওঁৰ মনৰ অকপট আন্তৰিকতাৰ পৰিচায়ক।” সত্যনিষ্ঠা আৰু চিন্তাৰ স্বাধীনতাৰ বাবে ৰাছেলে তেওঁৰ জীৱনকালত ছক্ৰেটিছৰ দৰে ভোগ কৰিব লগা হৈছিল অনেক নিৰ্যাতন। তেওঁ কৈছিল, “অসত্যক বিশ্বাস কৰাতকৈ পৃথিৱীখন ধ্বংস হৈ যোৱাই ভাল।”
প্লেটোৰ পৰা জন ডিউৱিৰ জীৱন-দৰ্শনলৈকে সামৰি লোৱা “The Story of Philosophy” ৰ মূল গ্ৰন্থখনি ৬৯৬ পৃষ্ঠাৰ। অনুবাদিকাই শেষ কৰিছে ৬২২ পৃষ্ঠাত। গ্ৰন্থখনি সদ্যহতে কিতাপৰ বজাৰত উপলদ্ধ নহয়। এনে এখন মূল্যবান কিতাপৰ নতুন সংস্কৰণ এটাৰ বাবে আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা (ABILAC)ই এবাৰ ভাবিব নোৱাৰেনে?

Leave a Reply

Your email address will not be published. Required fields are marked *