স্মৰণীয় বিজ্ঞানী থিওডৰ শ্বৱান ।। আকাংক্ষা ভৰালী আৰু কৃষ্ণা বৰা
যদিও শ্বৱানৰ সিদ্ধান্তসমূহ শুদ্ধ আছিল, সেইবোৰ আছিল সময়তকৈ আগ বঢ়া; সমসাময়িক বিজ্ঞানীসকলে তেওঁৰ মতৰ বিৰোধিতা কৰিছিল ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
এটা এটাকৈ ইটা যোৰা লগাই একো একোখন দেৱাল নিৰ্মাণ কৰা হয়। এটি এটিকৈ মণি যোৰা লাগিলে এডাল মালাই পূর্ণতা পায়। গতিকে, ইটা আৰু মণি হৈছে ক্ৰমে দেৱাল আৰু মালাৰ গঠনৰ একক। ঠিক তেনেদৰে জীৱ এটাৰ গঠনৰ একক হ’ল কোষ। এই কথাটো এতিয়া স্কুলীয়া পাঠ্যপুথিতেই পঢ়িবলৈ পোৱা যায়। অৰ্থাৎ, আজিকালি কোষ যে জীৱৰ গঠনৰ একক—, এইটো এটা অতি সাধাৰণ আৰু সহজ কথা যেন লাগিলেও, এসময়ত ডাঙৰ ডাঙৰ বিজ্ঞানীসকলৰো সেই বিষয়ত কোনো ধাৰণাই নাছিল।
১৬৬৫ চনতেই ৰবাৰ্ট হুক নামৰ বিখ্যাত বিজ্ঞানীগৰাকীয়ে উদ্ভিদ-কোষৰ উপস্থিতিৰ কথাটো উমান পাইছিল। লাহে লাহে উদ্ভিদৰ লগতে প্রাণীৰ কোষৰ সন্দৰ্ভতো বহুতো নতুন নতুন দিশ উন্মোচিত হ’বলৈ ধৰিলে। তেনে অগ্রগতিয়ে অৱশ্যে বৰ দীঘলীয়া সময় লৈছিল, কিয়নো সূক্ষ্মাতিসূক্ষ্ম বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বাবে প্রয়োজনীয় সা-সজুঁলিৰ অভাব আছিল তেতিয়া। তেনে সীমাবদ্ধাতাৰ মাজতেই বিভিন্নজনে কোষৰ বিষয়ে গৱেষণাৰ কাম আগ বঢ়াই লৈ গৈছিল; উদ্ভৱ হৈছিল বহুতো নতুন নতুন প্রশ্নৰ। ঊনবিংশ শতিকাৰ প্রথম অৰ্দ্ধত কোষৰ বিষয়ে বহুতো প্রশ্নই জাৰ্মানিৰ এজন তীক্ষ্ণধী ছাত্রৰ মনটোক বাৰুকৈ আমনি কৰিবলৈ ধৰিলে। ছাত্ৰজনে যিমানেই ভাবিলে, সিমানেই দৃঢ়তাৰে অধ্যয়ন কৰি পৰৱৰ্তী সময়ত এক নতুনধৰণৰ প্ৰাণীকোষ আৱিষ্কাৰেই কৰি পেলালে! এই দৃঢ় আত্মবিশ্বাসী আৰু কঠোৰ অধ্যৱসায়ী ছাত্ৰজনেই হ’ল “শ্বৱান কোষ”-ৰ আৱিষ্কাৰক থিওডৰ শ্বৱান (Theodor Schwann)।
১৮১০ চনৰ ৭ ডিচেম্বৰত জাৰ্মানীৰ এখন পুৰণি চহৰ নিউছৰ মধ্যবিত্ত পৰিয়াল এটাত নাৰ্ড শ্বৱান আৰু এলিজাবেথ ৰটেলছৰ চতুর্থ সন্তান থিওডৰ শ্বৱানৰ জন্ম হয়। থিওডৰ শ্বৱানৰ পিতৃ পেছাত এগৰাকী সোণাৰী আছিল যদিও পিছলৈ নিউছ চহৰৰেই ছপাশাল এটাত মুদ্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। থিওডৰ শ্বৱানে কলনৰ জেচুইট স্কুল এখনত শিক্ষা-জীৱনৰ আৰম্ভণি কৰিছিল। তেওঁ ডাঙৰ হৈ অহাৰ লগে লগে শ্বৱানৰ পিতৃয়ে বিচাৰিছিল যে পুত্ৰই পাৰিবাৰিক ব্যৱসায়তেই মনোনিবেশ কৰক। কিন্তু বিজ্ঞানৰ প্ৰতি থকা ধাউতিৰ বাবেই শ্বৱানে চিকিৎসা-বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে মন মেলিলে।
ঊনৈছ বছৰ বয়সত—১৮২৯ চনত—শ্বৱানে ব’ন বিশ্ববিদ্যালয়ত প্ৰিমেডিকেল পাঠ্যক্ৰমত নামভৰ্তি কৰে। ব’নত থকাৰ সময়তেই শ্বৱানে জোহান্স পিটাৰ মূলাৰক লগ পায়। প্রকৃততে সেইটো আছিল শ্বৱানৰ জীৱনৰ এটা উল্লেখযোগ্য ঘটনা। মূলাৰ আছিল এগৰাকী প্ৰখ্যাত শৰীৰবিজ্ঞানী; তেওঁক জাৰ্মানীত বৈজ্ঞানিক চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠাপক হিচাপে অভিহিত কৰা হৈছিল। এইগৰাকী মূলাৰৰ সৈতে কিছুমান বৈজ্ঞানিক কাম-কাজ কৰাৰ সুযোগ লাভ কৰে শ্বৱানে। ১৮৩১ চনত শ্বৱানে স্নাতক ডিগ্ৰী লাভ কৰে, আৰু সেই একেটা বছৰতেই তেওঁ চিকিৎসা বিজ্ঞানৰ ক্লিনিকেল প্ৰশিক্ষণৰ বাবে ইউনিভাৰ্চিটি অৱ ৱাৰ্জবাৰ্গত নামভৰ্তি কৰে। ১৮৩৩ চনত তেওঁ বাৰ্লিন বিশ্ববিদ্যালয়লৈ যায়, য’ত অলপ দিনৰ আগতে মূলাৰো আহি শৰীৰবিজ্ঞানৰ অধ্যাপক হিচাপে যোগ দিছিলহি। খুব সোনকালেই তাত শ্বৱানে কুকুৰাৰ ভ্ৰূণৰ বিকাশৰ সময়ত অক্সিজেনৰ প্ৰয়োজনীয়তাৰ সম্পর্কে গৱেষণাৰ কাম আৰম্ভ কৰে। উল্লেখযোগ্য যে মূলাৰ আছিল সেই গৱেষণাকৰ্মৰ গাইড।
১৮৩৪ চনত শ্বৱানে বাৰ্লিন বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত এম.ডি. লাভ কৰে। প্রয়োজনীয় অৰ্হতা অৰ্জন কৰাৰ পিছতো তেওঁ ডাক্টৰী প্রেক্টিছৰ নকৰি গৱেষণাৰ ক্ষেত্রখনত মূলাৰৰ সৈতে কাম কৰি যোৱাৰ সিদ্ধান্তহে ল’লে। ১৮৩৪ চনৰ পৰা ১৮৩৯ চনলৈকে শ্বৱানে বাৰ্লিন বিশ্ববিদ্যালয়ত মূলাৰৰ সহায়ক হিচাপে কাম কৰিছিল। সেই সময়ত মূলাৰ ব্যস্ত হৈ আছিল এখনি গুৰুত্ত্বপূৰ্ণ গ্রন্থ প্রণয়নৰ কামত, লগতে আছিল বিবিধ গৱেষণামূলক কাৰ্য। শ্বৱানৰ দৰমহাৰ ধন আছিল তেনেই তাকৰীয়া, সেইবাবে তেওঁ অৰ্থৰ বাবে নিজৰ ঘৰৰ ওপৰত নিৰ্ভয় কৰিবলগীয়া হৈছিল। শ্বৱানে অতি মনোযোগেৰে স্নায়ু, পেশী আৰু ৰক্তবাহী নলীৰ গঠন আৰু কাৰ্যৰ বিষয়ে গৱেষণা কৰি গৈছিল। লগতে, মূলাৰক সহায় কৰি গৈছিল তেওঁৰ বিখ্যাত গ্রন্থখনৰ প্রণয়নৰ কামটোত।
১৮৩৫ চনৰ আশে-পাশে শ্বৱানে পেশীৰ সংকোচনৰ সংক্রান্তত গৱেষণা কৰিছিল। এইটো ক্ষেত্রত তেওঁ কিছুমান নতুন নতুন দিশ পোহৰলৈ আনিছিল। তেওঁৰ তেনে পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি অন্য বিজ্ঞানীসকলো আগ বাঢ়ি যাবলৈ সক্ষম হৈছিল। সেই সময়চোৱাতেই শ্বৱানে এটা অতি গুৰুত্ত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল। তেতিয়াৰ সময়ত পাচন-প্ৰক্ৰিয়াৰ বহুতো দিশ অনাৱিষ্কৃত হৈ আছিল। ইতিমধ্যেই বিজ্ঞানীসকলে দেখুৱাইছিল যে জীৱ-জন্তুৰ পাচন ৰসত হাইড্ৰক্লৰিক এচিড থাকে। কিন্তু মাত্র সেই কথাটোৰে পাচন-প্রক্রিয়াৰ সকলো দিশ ব্যাখ্যা কৰাটো সম্ভৱ হোৱা নাছিল। শ্বৱানে উপলব্ধি কৰিলে যে পাচনতন্ত্ৰৰ ৰসত থকা আন উপাদানবোৰেও খাদ্য হজমৰ প্রক্রিয়াত তাৎপৰ্যপূৰ্ণ ভূমিকা ল’ব পাৰে। ১৮৩৬ চনৰ আৰম্ভণিতে তেওঁ পাচন-প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। তেওঁ গভীৰ অন্তৰ্দৃষ্টিৰে অনুমান কৰিছিল যে পাচন-প্রক্রিয়াটো সম্পন্ন হয় কোনো শৰীৰবৃত্তীয় কাৰকৰ বাবে। তেনে কাৰকনো কি, সেইটো লগে লগে গম পোৱা নগ’লেও, শ্বৱান নিশ্চিত আছিল যে তাক এদিন চিনাক্ত কৰা যাবই যাব। অৱশেষত শ্বৱানে পাকস্থলীৰ আৱৰণৰ পৰা এবিধ এনজাইম আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। এই এনজাইমটোক নাম দিয়া হ’ল পেপচিন। পেপচিন হ’ল প্ৰাণীৰ কলাৰ পৰা পৃথক কৰা প্ৰথমটো এনজাইম। তেওঁ দেখুৱালে যে পেপচিনে এলবুমিনক (কণীৰ বগা অংশ) পেপটনলৈ ভাঙি পেলাব পাৰে। শ্বৱানে অতি সঠিকভাৱে এটি কথা উত্থাপন কৰিছিল যে এইদৰে বিচাৰ-বিশ্লেষণসমূহ আগ বঢ়াই গৈ থাকিলে জীৱৰ বিকাশৰ সমগ্র প্রক্রিয়াটো আমি বুজিবলৈ সক্ষম হ’ব পাৰিম।
তাৰ ঠিক পিছতেই শ্বৱানে পচন-ক্রিয়া আৰু শ্বাস-প্ৰশ্বাসৰ বিষয়ে গৱেষণা আৰম্ভ কৰিছিল। তেনে গৱেষণাৰ বাবে প্রয়োজন হোৱা যন্ত্ৰ-পাতি তেওঁ নিৰ্মাণ কৰি লৈছিল নিজেই। এই কথাটো আছিল বৰ গুৰুত্ত্বপূৰ্ণ, কিয়নো তেনে যন্ত্র পিছলৈ শ্বৱানে ব্যৱহাৰ কৰিছিল এটি বৰ তাৎপৰ্যপূৰ্ণ বৈজ্ঞানিক অনুসন্ধানত। সেই বিষয়টো আছিল ইষ্ট নামৰ অনুজীৱবিধৰ উপস্থিতিত সংঘটিত হোৱা কিম্বন বিক্রিয়াৰ সন্দৰ্ভত। তেওঁ এলকহল উৎপন্ন হোৱা কিম্বন বিক্রিয়াৰ বিষয়ে এলানি অতি সুশৃংখল পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিলে। তেনে বিক্রিয়াৰ সময়ত ইষ্ট নামৰ অনুজীৱ উপস্থিত থাকে—সেই কথাটো জনা গ’লেও, ইষ্টৰ প্রকৃত ভূমিকা কি—সেই প্রশ্নটোৰ সুদুত্তৰ তেতিয়ালৈকে কোনেও জনা নাছিল। শ্বৱানে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত অতি সতৰ্কতাৰে তেনে বিক্রিয়াৰ সময়ত ইষ্টবোৰক পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে। তেওঁ প্রমাণ কৰিলে যে তেনে বিক্রিয়াত ইষ্টৰ ভূমিকাটো মাত্র তাত উপস্থিত থকাই নহয়—কিণ্বন বিক্রিয়াত ইষ্টৰ ভূমিকাটো হৈছে নিৰ্ণায়ক। উতলাই দিলে কিণ্বন বিক্রিয়া ঘটা সম্ভৱ নহয়—এই কথাটো তেওঁ প্রমাণ কৰিলে। তাৰ পৰা অনুমান কৰা গ’ল যে বিক্রিয়াটোৰ বাবে কোনো অনুজীৱৰ প্রয়োজন হয়। তাৰ পিছত শ্বৱানে অণুজীৱমুক্ত বায়ুৰ পৰিৱেশতো কিণ্বন সম্ভৱ নহয় বুলি প্রতিপন্ন কৰিলে। এইদৰেই তেওঁ দেখুৱালে যে এইটো কোনো অজৈৱ ৰাসায়নিক বিক্রিয়া নহয়—ই হৈছে ইষ্ট নামৰ অণুজীৱই সংঘটিত কৰা এটা জৈৱ-ৰাসায়নিক বিক্রিয়া। বিজ্ঞানৰ ইতিহাসত শ্বৱানৰ এইটো এটা বৰ ডাঙৰ অৱদান।
যদিও শ্বৱানৰ সিদ্ধান্তসমূহ শুদ্ধ আছিল, সেইবোৰ আছিল সময়তকৈ আগ বঢ়া; সমসাময়িক বিজ্ঞানীসকলে তেওঁৰ মতৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ বহুতেই ৰাসায়নিক বিক্রিয়াত জীৱৰ ভূমিকাৰ কথাটো মানি ল’ব পৰা নাছিল। সকলোৱে জানে যে মানৱ-ইতিহাসৰ এগৰাকী যুগন্ধৰ বিজ্ঞানী লুই পাস্তুৰে জীৱৰ স্বতঃস্ফূৰ্ত উদ্ভৱৰ ভ্রান্ত তত্ত্বটো চিৰদিনলৈ ওফৰাই পেলাইছিল। সেইটো কামত শ্বৱানৰ তেনে গৱেষণাসম্ভুত তথ্য-সিদ্ধান্তসমূহে পাস্তুৰক বৰ সহায় কৰিছিল।
কিন্তু শ্বৱানৰ অতিশয় তাৎপৰ্যপূৰ্ণ গৱেষণাৰ কাম যে তেতিয়াও বাকী!
১৮৩৭ চনত শ্বেলইডেন নামৰ বিখ্যাত বিজ্ঞানীজনে পুৰণি উদ্ভিদ কোষৰ পৰা নতুন উদ্ভিদ কোষৰ জন্ম হোৱা কথাটো লক্ষ্য কৰিছিল; তেওঁ তাৰ লগতে—নতুন কোষৰ জন্মৰ সময়ত—কোষৰ নিউক্লিয়াচটোৰো গতি-বিধি ভালদৰে পৰ্যবেক্ষণ কৰিছিল। শ্বেলইডেন আছিল শ্বৱানৰ এগৰাকী ভাল বন্ধু। এদিন দুই বন্ধুৱে আহাৰ গ্রহণ কৰাৰ লগে লগে বিভিন্ন কথাও পাতি আছিল। তেনেতে শ্বেলইডেনে তেওঁৰ পৰ্যবেক্ষণৰ কথাটো উলিয়ালে। শ্বৱানৰ থিতাতে মনলৈ আহিল—তেৱোঁতো প্রাণীৰ কোষত তেনেকুৱা কিবা এটা যেন লক্ষ্য কৰিছিল! তাৰ পিছত অতি যত্ন আৰু সতৰ্কতাৰ মাজেদি—বিভিন্ন প্রাণীৰ কোষ-কলা আদি পৰীক্ষা কৰি—শ্বৱানে প্ৰতিষ্ঠা কৰিলে যে প্ৰাণীৰ কলাবোৰ কোষেৰে গঠিত, যাৰ প্ৰত্যেকৰে এটা নিউক্লিয়াছ থাকে। ১৮৩৮ চনত শ্বৱানে তেওঁৰ এই পৰ্যবেক্ষণসমূহ গৱেষণাপত্রিকাত প্ৰকাশ কৰে। ১৮৩৯ চনত তেওঁৰ এখন বিখ্যাত গ্রন্থ (Microscopic investigations on the similarity of structure and growth of animals and plants) প্রকাশিত হয়। এই গ্রন্থখনে আধুনিক জীৱবিজ্ঞানৰ ভেটি বৰ শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিলে বুলি বিবেচনা কৰা হয়। গ্রন্থখনত শ্বৱানে বলিষ্ঠভাৱে প্রতিষ্ঠা কৰিলে জীৱবিজ্ঞানৰ এটা প্রাথমিক প্রমেয়—“সকলো জীৱ হৈছে কোষ আৰু কোষৰ উৎপাদিত উপাদানেৰে গঠিত।” তেওঁ দেখুৱালে যে কোষ হৈছে জীৱ একো-একোটাৰ গঠন, শৰীৰবৃত্ত আৰু সংযুক্তিৰ একক। লগতে তেওঁ প্রতিপন্ন কৰিলে যে কোষে একধৰণৰ দ্বৈত অস্তিত্ব—নিজৰ এক সুকীয়া সত্তাৰ লগতে জীৱটোৰ গঠনকাৰী একক হিচাপে—প্রদৰ্শন কৰে। এইদৰেই শ্বৱান আৰু শ্বেলইডেনে কোষতত্ত্বটি সুপ্রতিষ্ঠিত কৰি পেলালে।
বাৰ্লিনত শ্বৱানৰ গৱেষণাৰ অগ্রগতি সুন্দৰভাৱে সংঘটিত হৈ আছিল যদিও পাৰিবাৰিক সমস্যাৰ বাবে তেওঁক অধিক দৰমহাৰ বেলেগ চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল। ১৮৩৯ চনত তেওঁ বেলজিয়ামৰ এখন ভাল বিশ্ববিদ্যালয়ত শৰীৰবিজ্ঞানৰ অধ্যাপকৰ আসন লাভ কৰে। খুব সোনকালেই শ্বৱান এজন নিষ্ঠাবান শিক্ষক বুলি জনাজাত হৈ পৰিল। ১৮৪৮ চনত শ্বৱানে যোগ দিলে বেলজিয়ামৰেই লিয়েজ বিশ্ববিদ্যালয়ত। লিয়েজত শ্বৱানে শৰীৰবিজ্ঞানৰ শেহতীয়া অগ্ৰগতিসমূহ অনুসৰণ কৰি থাকিল যদিও তাত তেওঁ নিজে ডাঙৰ কোনো নতুন আৱিষ্কাৰ কৰা নাছিল। অৱশ্যে, সেই সময়চোৱাত তেওঁ উদ্ভাৱকৰ ৰূপত অৱতীৰ্ণ হৈছিল। তাৰ এটা উদাহৰণ, পৰ্টেবল ৰেস্পিৰেটৰ। এই যতনটিৰে শ্বাসৰুদ্ধকৰ পৰিৱেশত উশাহৰ বাবে অক্সিজেনৰ যোগান দিয়া গৈছিল।
শ্বৱানক তেওঁৰ সহকৰ্মী আৰু ছাত্র-ছাত্রীসকলে অন্তৰৰ পৰা সন্মান যাচিছিল। ১৮৬৩ চনত আমেৰিকান ফিল’চফিকেল ছ’চাইটিয়ে শ্বৱানক আন্তঃৰাষ্ট্ৰীয় সদস্য হিচাপে নিৰ্বাচিত কৰে। ১৮৭৯ চনত তেওঁ চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ তিনি বছৰৰ পিছত ১৮৮২ চনৰ ১১ জানুৱাৰীত কলনত শ্বৱানৰ মৃত্যু হয়। বিজ্ঞানৰ অগ্রগতিৰ বাটৰ এগৰাকী মূল কাণ্ডাৰী বুলি শ্বৱানৰ নাম চিৰস্মৰণীয় হৈ ৰ’ব।