গল্প-কবিতা

অসংলগ্ন (উপাসনা বৰদলৈ)

মাজনিশা হেঁপাহবোৰ গলি গছ একোজোপা হ’ব খোজে।
নিয়ন্ত্ৰিত আৱেগে সলনি কৰা সত্তাটোক বিচাৰি
আন্ধাৰবোৰ গিলিব খোজা নে?

বেহেলাৰ তাঁৰকেইডালত ঢৌ তোলা আঙুলিকেইটা
মাটিত পোত গ’ল

দীঘল হৈ অহা সন্ধিয়াটোক ডাউকটোৱে কুটি কুটি খায়।
পক ধৰা চুলিকেইডাল আৰু প্ৰাচীন মৃন্ময় মূৰ্তিৰ দৰে হাতকেইখনে
মেৰিয়াই ৰাখে সুৰুযমুখী দিন-ৰাতিবোৰ!

তামৰঙী সময়বোৰ খেদি বেঙেনাবুলীয়া হয় আবেলিটো।
গছ একোজোপা হ’ব খোজা হেঁপাহবোৰ গলি থাকে মাজনিশাটোৰ সৈতে
ক্ৰমান্বয়ে..

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *