‘আকৰ্ষণৰ সূত্ৰ’: বাস্তৱ নে বিভ্ৰম?-(ঈশান জ্যোতি বৰা)
মূলতঃ কিতাপ এখনৰ বিক্ৰী সংখ্যাৰ ওপৰত ভিত্তি কৰিয়েই আমি কিতাপখনক ‘জনপ্ৰিয়’ৰ শাৰীত ৰাখোঁ৷ সেইফালৰ পৰা চাবলৈ গ’লে ‘জনপ্ৰিয়’ৰ ধাৰণাটোক প্ৰধানকৈ পৰিচালিত কৰি আছে কিতাপৰ বিক্ৰীৰ সংখ্যাই৷ এই প্ৰসংগতে উত্থাপিত হোৱা দ্বিতীয়টো প্ৰশ্ন হৈছে-জনপ্ৰিয় হোৱা মাত্ৰেই কিতাপখন গুণগত মানৰ ক্ষেত্ৰতো উত্তীৰ্ণ হোৱা সূচায়নে? প্ৰশ্নটোৰ উত্তৰ মানুহভেদে ভিন্ন হ’ব পাৰে৷ মোৰ বিচাৰত, জনপ্ৰিয় হোৱা মাত্ৰেই কিতাপ এখনক সৰ্বশ্ৰেষ্ঠ, নিৰ্ভুল আৰু সৰ্বগ্ৰহণযোগ্য বুলি অন্তঃকৰণেৰে মানি লোৱাটো একধৰণৰ বোধগত আৰু বিচাৰগত ত্ৰুটি৷ কিছুদিনৰ আগতে সন্মানীয় বুকাৰ বঁটাৰে সন্মানিত হোৱা হিন্দী ভাষাৰ লেখিকা গীতাঞ্জলি শ্ৰীৰ আমি নামেই শুনা নাছিলোঁ৷ নাম শুনিছিলোঁ, চেতন ভগতৰহে৷ ইয়াৰ অৰ্থ এইটো নেকি যে- চেতন ভগতৰ লেখনশৈলী আৰু সাহিত্যিক মান আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ দৰে বিৰল বঁটা অৰ্জন কৰা গীতাঞ্জলি শ্ৰীতকৈ উচ্চ?
বিশ্বৰ পাঠকসমাজক বিভ্ৰান্ত আৰু প্ৰবঞ্চিত কৰা এখন অপাৰ জনপ্ৰিয় অথচ অপ-বৈজ্ঞানিক গ্ৰন্থৰ বিষয়বস্তু হৈছে আজি আমাৰ আলোচনাৰ মূল বিষয়৷ কিতাপৰ নাম ‘ছিক্ৰেট’৷ লেখিকা ৰোণ্ডা বাৰ্ণ৷ কিতাপখনত লেখিকাই পদাৰ্থ বিজ্ঞানৰ জটিলতম ধাৰণাসমূহৰ ভিতৰত অন্যতম কোৱাণ্টাম বলবিজ্ঞানৰ মূল ভেটিটোক অৱমাননা কৰি কিছুমান মন্তব্য আগবঢ়াইছে যদিও লেখিকা কোনো বিজ্ঞানী বা গৱেষক নহয়৷ অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা লেখিকা ৰোণ্ডা বাৰ্ণে টেলিভিছন কাৰ্যসূচীৰ এগৰাকী প্ৰযোজক হিচাপে কৰ্মজীৱনৰ প্ৰাৰম্ভিক সময় পাৰ কৰিছিল৷ মন কৰিবলগীয়া কথা যে, ২০০৬ চনত প্ৰকাশিত হোৱা ‘ছিক্ৰেট’ নামৰ এই কিতাপখন এতিয়ালৈকে ৩ কোটিটা কপি বিক্ৰী হৈছে। অনুবাদ হৈছে বিশ্বৰ প্ৰায় ৫০টা ভাষালৈ। কিতাপখন কিমান জনপ্ৰিয়-এই দুটা তথ্যৰ পৰা বোধহয় সহজেই অনুমেয়। একেদৰে কিতাপখনে উপস্থাপন কৰা ‘আকৰ্ষণৰ সূত্ৰ’ বা ‘Law of Attraction’ নামৰ ধাৰণাটোও জনপ্ৰিয়। তাৎপৰ্যপূৰ্ণভাৱে, এই জনপ্ৰিয়তাৰ সহায়তে ৰোণ্ডা বাৰ্ণে পৰৱৰ্তী সময়ত ‘পাৱাৰ’ আৰু ‘মেজিক’ নামৰ আন দুখন গ্ৰন্থ লিখিছে আৰু মোটামুটিভাৱে ইতিবাচক সঁহাৰি লাভ কৰিছে৷ কিন্তু ওপৰত কৈ অহাৰ দৰেই, জনপ্ৰিয়, সমাদৃত মানেই জানো সৰ্বশুদ্ধ?
আজিৰপৰা আঠবছৰমানৰ আগতে বিশেষ কিতাপখন পঢ়ি উঠাৰ পাছত ময়ো ‘আকৰ্ষণৰ সূত্ৰ’ শীৰ্ষক ধাৰণাটোৰ দ্বাৰা প্ৰভাৱিত হৈছিলোঁ৷ প্ৰভাৱৰ মাত্ৰা ইমানেই প্ৰৱল আছিল যে, কিতাপখনত সন্নিৱিষ্ট দুটামান কাহিনী অসমীয়ালৈও অনুবাদ কৰি পেলালোঁ৷ বিভ্ৰমৰ কুঁৱলী ফালি বাস্তৱলৈ ঘূৰি আহিবলৈ ভালেমান দিনৰ প্ৰয়োজন হ’ল৷ এই কিতাপখনৰ মতে, আকৰ্ষণৰ সূত্ৰটো জীৱনৰ প্ৰকৃত ৰহস্য৷ ইয়াৰ তিনিটা মূল আধাৰঃ বিচৰা, বিশ্বাস কৰা, আৰু গ্ৰহণ কৰা (Ask, Believe and Recieve)৷ অৰ্থাৎ, আপুনি যদি এটা বিশেষ ভাৱনাক বাস্তৱায়িত কৰিব বিচাৰে, তেন্তে তাক দৃঢ়ভাৱে মনৰ মাজত ৰোপন কৰিব লাগিব, তাক গভীৰতাৰে বিশ্বাস কৰিব লাগিব৷ কাৰণ আমি যি ভাবোঁ, সেয়াই জীৱনত ঘটে৷ আপুনি আপোনাৰ বাসনাবোৰ যদি সঠিক ‘ফ্ৰিকুৱেন্সি’ত পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰে, তেন্তে আপুনি বিচৰা বস্তুটোক সেই চিন্তাই আকৰ্ষিত কৰিব আৰু সি এদিন আহি আপোনাৰ জীৱনৰ অংশ হৈ পৰিব। এক কথাত, আপোনাৰ ভাৱনাৰ তীব্ৰতাই বিশ্ব-ব্ৰহ্মাণ্ডৰ শক্তিক আকৰ্ষিত কৰিব৷ কাৰণ, আপুনি হৈছে এটা ‘হিউমেন ট্ৰেন্সমিছন টাৱাৰ’ৰ লেখীয়া!
‘আকৰ্ষণৰ সূত্ৰ’ নামৰ এই ধাৰণাটো যে চূড়ান্তভাৱে অবৈজ্ঞানিক, যুক্তিহীন আৰু ইয়াক চালিত কৰা কাল্পনিক ভিত্তিবোৰ যে কোনোফালৰপৰাই গ্ৰহণযোগ্য নহয়, তথা এনেধৰণৰ ‘সূত্ৰ’ই মানুহৰ মাজত বিজ্ঞানমনস্কতা হ্ৰাস কৰি অন্ধবিশ্বাসজনিত জীৱনবোধহে সম্প্ৰসাৰিত কৰিব পাৰে, সেয়া ইতিমধ্যেই বিশ্বৰ একাধিক বিজ্ঞানী আৰু যুক্তিবাদী লেখকে দ্ব্যৰ্থহীন ভাষাৰে সকীয়াই দিছে।
দৰাচলতে এই ধাৰণাটোক ‘সূত্ৰ’ বুলি নামাংকিত কৰাটোৱেই গ্ৰহণ-অযোগ্য। কাৰণ বিজ্ঞানত ধাৰণা, তত্ত্ব, সূত্ৰ, বা প্ৰপঞ্চৰ এক নিৰ্দিষ্ট সংজ্ঞা আছে। এই সংজ্ঞাবোৰে সদায়েই পৰীক্ষালব্ধ তথ্য আৰু বিশ্লেষণাত্মক অনুসন্ধানকেই গুৰুত্ব দি আহিছে। বিজ্ঞানীসমাজৰ তেনে এক নিষ্ঠাপূৰ্ণ সেৱাক আকৰ্ষণৰ এই তথাকথিত সূত্ৰটোৱে ভেঙুচালি কৰিছে। কিয়নো, এই সূত্ৰটো কোনো পৰীক্ষালব্ধ সত্যতা আৰু গৱেষণাকৃত বিশ্লেষণৰ ওপৰত আধাৰিত নহয়। ই মাথোঁ আৱেগৰ দ্বাৰা অন্ধভাৱে চালিত এটা একপক্ষীয় আৰু কল্পনাপ্ৰসূত কেঁচেলুৱা ধাৰণা। অক্সফৰ্ড অভিধানৰ মতে, বৈজ্ঞানিক সূত্ৰ বা নিয়মৰ সংজ্ঞা হৈছেঃ “Scientific laws or laws of science are statements, based on repeated experiments or observations, that describe or predict a range of natural phenomena.” (বৈজ্ঞানিক নিয়ম বা বিজ্ঞানৰ নিয়ম হৈছে এনে বক্তব্য, যিবোৰক পৰীক্ষা বা পৰ্যবেক্ষণৰ পুনৰাবৃত্তিৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা হৈছে, আৰু যিবোৰে এক বিশেষ পৰিসৰৰ প্ৰাকৃতিক পৰিঘটনাৰ বৰ্ণনা বা ভৱিষ্যদ্বাণী কৰে।) প্ৰশ্ন হৈছেঃ আকৰ্ষণৰ সূত্ৰ কোনটো বৈজ্ঞানিক পৰীক্ষাত উত্তীৰ্ণ হৈছে? ‘আকৰ্ষণৰ সূত্ৰ’ অনুশীলন কৰা ‘সকলো’ মানুহৰেই জীৱন যাদুৰ গতিৰে সলনি হৈছেনে?
এইখিনিতে আমি জনাটো দৰকাৰ, বিশেষ কিতাপখন কিদৰে ইমান জনপ্ৰিয় হৈছে? কিদৰে এই কিতাপখনে বিশ্বৰ পাঠকসমাজক বিভ্ৰান্ত কৰিবলৈ সক্ষম হৈছে? বোধহয়, তেতিয়া আমি আমাৰ চিন্তাজগতৰো কিছুমান দুৰ্বল দিশ আৱিষ্কাৰ কৰিব পাৰিম৷
মানুহৰ মনোযোগিতাৰ বিভ্ৰমজনক দিশ সন্দৰ্ভত ‘অদৃশ্য গৰিলা’ শীৰ্ষক সম্পৰীক্ষাটো কৰি চৰ্চালৈ অহা নেতৃস্থানীয় মনোবিজ্ঞানী ক্ৰিষ্টোফাৰ চাব্ৰিছ আৰু ডেনিয়েল ছিমনছে্ ২০১০ চনতে ‘আকৰ্ষণৰ সূত্ৰ’ৰ মূল কাঠামোটোক প্ৰত্যাহ্বান জনাই নিউ ইয়ৰ্ক টাইমছ্ত ‘ফাইট্ দ্য পাৱাৰ’ নামৰ অনুসন্ধানমূলক ৰচনা এখন লিখিছিল। এই ৰচনাখনত বিজ্ঞানীদ্বয়ে ‘ছিক্ৰেট’ জনপ্ৰিয় হোৱাৰ আঁৰত কেইটামান বিশেষ মনোবৈজ্ঞানিক প্ৰপঞ্চৰ কথা উল্লেখ কৰিছে৷ প্ৰথমটো হৈছে সামাজিক মনোবিজ্ঞানত চৰ্চিত ‘ছ’ছিয়েল প্ৰুফ’ (Social proof) নামৰ প্ৰভাৱ৷ সাধাৰণতে আমি মানুহবোৰে জনপ্ৰিয় বস্তুৰ প্ৰতি এক দুৰ্বলতা অনুভৱ কৰোঁ। দহজন মানুহে ‘ভাল’ বুলি শলাগি থোৱা বস্তু এপদ/মানুহ এজন/ধাৰণাটো অচিনাকি মানুহ এজনেও ভাল বুলি কোৱাৰ সম্ভাৱনা বেছি। আমাৰ বিৱৰ্তনে সদায়েই গৰিষ্ঠসংখ্যক মানুহৰ বিচাৰপ্ৰণালীকে অনুকৰণ কৰাৰ ইংগিত এটা দি আহিছে। কিয়নো, তেতিয়া বিপদত পৰাৰ, ঠগ খোৱাৰ দুৰ্ভাৱনা কমি যায়। এই যে বিজ্ঞাপনত সদায়েই জনপ্ৰিয় তাৰকা একোজনৰ হতুৱাই পণ্যৰ প্ৰচাৰ/প্ৰসাৰ কৰা হয়, কিয়? এইকাৰণেই যে, জনপ্ৰিয় তাৰকাজনে ইতিমধ্যেই সমাজত গৰিষ্ঠসংখ্যক মানুহৰ পৰা অনানুষ্ঠানিক স্বীকৃতি এটা লাভ কৰি থৈছে। তেওঁ নিজৰ কৰ্মৰ দ্বাৰা বিপুলসংখ্যক মানুহৰ পৰা নৈতিক সমৰ্থন আদায় কৰি থৈছে। গতিকে তেওঁ এটা চকলেট ‘ভাল’ বুলি কৈ দিলেই সমাজত তাৰ সমৰ্থনত এক ইতিবাচক সঁহাৰি দেখা যাব আৰু কাজেই সি অধিক জনপ্ৰিয় হৈ পৰিব৷ পিছে ইয়াৰ বিপদজনক দিশটো জানিবলৈ আমি অজয় দেৱগণৰ ‘বিমল’ৰ বিজ্ঞাপনটোত দৃষ্টিপাত কৰিব পাৰোঁ৷
‘চিক্ৰেট’ কিতাপখনে ‘ছছিয়েল প্ৰুফ’ৰ সহায় লৈ এচাম পৰিচিত মানুহৰ উক্তি সন্নিৱিষ্ট কৰিছে। যাতে পাঠকে সহজেই সেই জনপ্ৰিয় ব্যক্তিসকলৰ লগত নিজকে একাত্ম কৰি অন্ধভাৱে কিতাপৰ ধাৰণাটোক গ্ৰহণ কৰি ল’ব পাৰে৷ বিশেষ কৰ্তৃপক্ষৰ ধাৰণাকেই সত্য বুলি মানি লোৱাটোও একধৰণৰ বৌদ্ধিক আসোঁৱাহ। যাক কোৱা হয় –‘Argument From Authority.’ (কৰ্তৃপক্ষৰ যুক্তি)। পিছে বিজ্ঞানত কোনো কতৃপক্ষৰেই পূৰ্ব-আৰোপিত চিন্তাক গ্ৰহণ কৰা নহয়। বৰঞ্চ সদায়েই পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমেৰেহে সত্যানুসন্ধানৰ পথ এছোৱা মুকলি কৰা হয়। নহ’লে এতিয়াও মানুহে “পৃথিৱীৰ চাৰিওফালে সূৰ্য ঘূৰে” শীৰ্ষক ধাৰণাটোকেই মানি থাকিলেহেঁতেন। এই সন্দৰ্ভত আৰু এটা ঘটনা অৱগত কৰিব বিচাৰিছোঁ৷
আমেৰিকীয় প্ৰাণীবিজ্ঞানী থিঅ’ফিলাছ পেইণ্টাৰ। ক্ৰ’ম’জমৰ গঠন-তত্ত্ব আৰু তাৰ কাৰ্য-প্ৰণালীৰ বৈজ্ঞানিক অনুসন্ধান কৰি পেইণ্টাৰ সেইসময়ত জনাজাত হৈছিল। ১৯২৩ চনত পেইণ্টাৰে নিজা চৰ্চাৰে মানৱ দেহত ক্ৰ’ম’জমৰ সংখ্যা চৌবিশযোৰ বুলি ঘোষণা কৰিলে৷ পেইণ্টাৰ আছিল সেইসময়ত এগৰাকী জনপ্ৰিয় ব্যক্তি। গতিকে জনপ্ৰিয় বিজ্ঞানী এজনে দেখুৱাই দিয়া পথৰেই সমকালীন বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰি গৈ থাকিল আৰু পৰৱৰ্তী ৩০ টা বছৰলৈকে মানৱ দেহত ক্ৰ’ম’জমৰ সংখ্যা চৌবিশযোৰ বুলিয়েই চৌদিশে প্ৰচাৰিত হ’ল। পাঠ্যপুথিত ছবিসহ ত্ৰুটিপূৰ্ণভাৱে লিখিত হ’ল৷
পিছে ১৯৫৬ চনত কোষ আৰু ক্ৰ’ম’জমৰ বিষয়ে গৱেষণা কৰা ইণ্ডোনেছিয়ান বংশোদ্ভূত বিজ্ঞানী ছাইট’জেনেটিচিষ্ট জ’ হিন জিঅ’ৱে অত্যাধুনিক আহিলাৰে নিৰীক্ষণ কৰি সকলোকে স্তম্ভিত কৰি দেখুৱাই দিলে যে, মানৱ দেহত চৌবিশযোৰ নহয়, তেইশযোৰহে ক্ৰ’ম’জম আছে৷ ১৯৫৬ চনত জ’ৱে ছুইডেনৰ উদ্ভিদ বিজ্ঞানী আৰু জীনতত্ত্ববিদ এলবাৰ্ট লেভানৰ লগত যৌথভাৱে এইবিষয়ে নিজৰ গৱেষণা প্ৰকাশ কৰি আনুষ্ঠানিক স্বীকৃতি পালে৷ লেভানৰ গৱেষণাগাৰতে জ’ৱে নিজৰ যুগান্তকাৰী আৱিষ্কাৰটো সম্পন্ন কৰিছিল৷ মন কৰিব যে, পেইণ্টাৰৰ এটা ত্ৰুটিপূৰ্ণ উদ্ভাৱনৰ ভুল উদঙাই শুদ্ধতাৰ পোছাক পিন্ধাবলৈ সময় লাগিল প্ৰায় ৩২ বছৰ৷
পেইণ্টাৰৰ সময়ছোৱাত হয়তো বৈজ্ঞানিক আহিলা-সঁজুলিয়ে অত্যাধুনিক ৰূপ এটা পোৱা নাছিল৷ গৱেষণাগাৰতো বোধহয় কিছুমান কাম কৰিব পৰাকৈ সীমাবদ্ধতা আছিল৷ পিছে বিপদজনক কথা সেইটো নহয়৷ বিপদজনক কথা এইটোহে যে, এজন বিশেষ বিজ্ঞানীৰ পৰীক্ষালব্ধ ফলাফলটোকেই অন্ধভাৱে অনুকৰণ কৰি তেওঁৰ একাংশ গুণমুগ্ধ অনুজে সত্য বুলি বিশ্বাস কৰি লৈছিল আৰু ক’ব নোৱাৰাকৈয়ে তেওঁলোক অবৈজ্ঞানিক পৰিক্ৰমা এটাত সোমাই গৈছিল। নতুন ধৰণে পৰ্যবেক্ষণ কৰি নতুন তথ্য অন্বেষণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে ইতিমধ্যেই স্থাপিত আসোঁৱাহপূৰ্ণ তথ্যটোকে স্কুল/কলেজৰ পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি সকলোতে বিয়পাই দিছিল৷
এই গোটেই ঘটনাটোত ওপৰত আলোচনা কৰি অহা“কৰ্তৃপক্ষৰ যুক্তি” শীৰ্ষক যৌক্তিক ভ্ৰান্তিটোৰ প্ৰভাৱ অনস্বীকাৰ্য৷ কিছুমান ক্ষেত্ৰত প্ৰসিদ্ধ ব্যক্তিৰ উদ্ধৃতি এটাক কৌশলগতভাৱে ব্যৱহাৰ কৰিও সমাজত এটা ধাৰণাক সত্য বুলি প্ৰতিপন্ন কৰিবলৈ বিচৰা হয়। অথচ ‘ক’ নামৰ বিষয়টোৰ লগত ‘খ’ নামৰ ব্যক্তিজন প্ৰত্যক্ষভাৱে জড়িতও নহয়। বৈজ্ঞানিক অনুসন্ধান (লগতে যৌক্তিক চৰ্চাতো) কৰ্তৃপক্ষৰ একপক্ষীয় সিদ্ধান্তক অন্ধভাৱে মানি ল’ব নালাগে। যেনেঃ আইনষ্টাইনৰ ধৰ্ম-সম্পৰ্কীয় মতটোক ধৰ্ম তথা ঈশ্বৰৰ চিৰাচৰিত বিতৰ্কবোৰত আত্মপক্ষ সমৰ্থনত অসংযতভাৱে ব্যৱহাৰ কৰা হয়৷ ছিক্ৰেট কিতাপখনেও পৃথিৱীৰ সমাজ-ইতিহাস সলাই পেলোৱা ব্যক্তিৰ উক্তি আত্ম-পক্ষ সমৰ্থনত অসংলগ্নভাৱে ব্যৱহাৰ কৰিছে৷
লেখিকা ৰোণ্ডা বাৰ্ণে মানুহৰ চেতনাৰ লগত সম্পৃক্ত হৈ থকা ‘সামৰ্থসূচক বিভ্ৰম’ (Illusion of Potential) শীৰ্ষক প্ৰপঞ্চটো চাতুৰ্যপূৰ্ণভাৱে প্ৰয়োগ কৰিছে। আমি একাংশ মানুহে ভাবোঁ যে, আমাৰ অভ্যন্তৰত এক বুজন পৰিমাণৰ শক্তি লুকাই আছে। আমি ভাবোঁ যে, সামান্যতম শ্ৰম কৰিয়েই আমি তাক আহৰণ কৰি এক গুৰুত্বপূৰ্ণ দক্ষতা বা গুণৰ গৰাকী হ’ব পাৰিম। পিছে এইবোৰ বিভ্ৰমৰ বাদে আন একো নহয়। দক্ষ আৰু পাৰদৰ্শী হ’বলৈ এক দীঘলীয়া সময়ৰ অভ্যাসৰ প্ৰয়োজন। আকৰ্ষণৰ সূত্ৰ মানি দিনৰ দিনটো একমনে তাৰ বিষয়ে ভাবি থাকিলেই মানুহ এজন দক্ষ হৈ নপৰে। একাংশ গৱেষক আৰু পৰ্যবেক্ষকৰ মতে, যিকোনো ক্ষেত্ৰত মানুহ এজন দক্ষ হ’বলৈ প্ৰায় ১০,০০০টা ঘণ্টা লাগে। আপুনি ভাল সংগীতজ্ঞ হ’ব বিচাৰিছে। তাৰ বাবে আপুনি দৈনিক অনুশীলন কৰক, ভাল গুৰুৰ ওচৰত দীক্ষা লওক। কৰিবলগীয়া কাম সেইখিনিহে। ‘গুণী গায়ক’ হোৱাৰ কেৱল দিবা-স্বপ্ন দেখি থাকিলে সফলতা কাষ চাপি নাহে৷ শ্ৰেণীত প্ৰথম হ’বলৈ বিচৰা দহজন ছাত্ৰই ‘আকৰ্ষণৰ সূত্ৰ’ মানিলেই প্ৰথম হ’ব পাৰিবনে? বৰঞ্চ, মোৰ মতে, এইবোৰ চিন্তা বাস্তৱায়িত নহ’লে তেওঁলোকৰ মনস্তাত্ত্বিক দিশত কুপ্ৰভাৱহে পৰিব পাৰে৷ তাৰ পৰিৱৰ্তে আমি তেওঁলোকক ‘পৰিশ্ৰম’ আৰু ‘অধ্যৱসায়’ৰ গুৰুত্বহে শিকাব লাগে৷
কিতাপখনে সবাতোকৈ অক্ষমণীয় অপৰাধটো কৰিছে-কিছুমান উল্লেখযোগ্য বৈজ্ঞানিক পৰিভাষাৰ চৰম পৰ্যায়ত বিকৃত কৰি৷ ‘ফ্ৰিকুৱেন্সি’, ‘এনাৰ্জি’, ‘কোৱাণ্টাম মেকানিকছ্’-আদি বৈজ্ঞানিক শব্দ কোনোধৰণৰ যুক্তিযুক্ততা বা নিৰ্ভৰযোগ্য সাক্ষ্য-তথ্য নোহোৱাকৈ ‘আকৰ্ষণৰ সূত্ৰ’ৰ লগত ৰজিতা খোৱাবলৈ এক অপচেষ্টা কৰা হৈছে। সাধাৰণ পাঠকে এইধৰণৰ বৈজ্ঞানিক শব্দ পঢ়ি কিতাপখনক গৱেষণালব্ধ সৃষ্টি বুলি গণ্য কৰিব পাৰে-যি নিতান্তই বিপদজনক। কোনোধৰণৰ নিৰ্ভৰযোগ্য তথ্য-সূত্ৰৰ আশ্ৰয় নোলোৱাকৈ সময়ৰ দৰে এটা জটিল বহুতৰপীয় ধাৰণাক আইনষ্টাইনৰ উদ্ধৃতি বুলি প্ৰচাৰ চলাবলৈও লেখিকাই এটা অপৰিচ্ছন্ন কৌশল অৱলম্বন কৰিলে। আইনষ্টাইনৰ সময়-সম্পৰ্কীয় চিন্তাবোৰ ‘আকৰ্ষণৰ সূত্ৰ’ৰ প্ৰসংগত কোনোদিনেই কোৱা নাছিল৷ তাৰ পোনপটীয়া সম্পৰ্ক আছিল আপেক্ষিকতাবাদ, মহাকৰ্ষণৰ বিশাল পৰিধিৰ লগতহে৷ কিতাপখনৰ আৰম্ভণিতে লিখা ‘আমাৰ চিন্তাবোৰ চুম্বকীয়’, ‘চিন্তাৰ ফ্ৰিকুৱেন্সি আছে’, ‘আমি কৰা চিন্তাবোৰে ব্ৰহ্মাণ্ডৰ বুকুলৈ গৈ পুনৰ সি একেটা ফ্ৰিকুৱেন্সিত থকা ভাল-ভাল চিন্তা লৈ আহে’-ইত্যাদি কথাবোৰ চূড়ান্তভাৱে ভিত্তিহীন৷
মনোবিজ্ঞানীসকলে নামাংকিত কৰা এক বিশেষ প্ৰপঞ্চ হৈছেঃ Illusory Correlation.(।) বিভ্ৰমজনক সংযোগ৷ ধৰি লওক, কাম এটাত জড়িত হৈ থাকোঁতে আপোনাৰ হঠাতে এজন পুৰণি বন্ধুলৈ মনত পৰিল। কি আচৰিত! লগে লগে সেই বন্ধুৰ পৰা আপোনালৈ ফোন! কথা-বাৰ্তা পতাৰ অন্তত আপুনি ততালিকে এটা স্থিৰ অপ-বৈজ্ঞানিক ধাৰণা মনতে তৈয়াৰ কৰি পেলালে। এইয়াই চাগৈ “টেলিপেথি”। পিছে মন কৰিব, এনে এটা স্থিৰ ধাৰণা তৈয়াৰ কৰিবলৈ আপোনাৰ ওচৰত কোনো বিশাল পৰিমাণৰ ‘ঘটনা’ (events) নাই। আপুনি নিজকে প্ৰশ্ন কৰক যে, দিনটোত দেখোন বহু মানুহলৈ মনত পৰে, কিন্তু সকলোৱে জানো সেই সময়তে ফোন কৰে! নকৰে৷ অৰ্থাৎ ৯৯% প্ৰেক্ষাপটতেই আপোনাৰ উক্ত চিন্তাটো বিফল। অথচ আপুনি এটা মাত্ৰ ইতিবাচক ‘সংযোগ’কেই ভিত্তি হিচাপে লৈ এটা বিভ্ৰান্তিকৰ আৰু যুক্তিহীন সিদ্ধান্ত তৈয়াৰ কৰি পেলালে। ইয়াকে কোৱা হৈছে-বিভ্ৰমজনক সম্পৰ্ক। ৰোণ্ডা বাৰ্ণেও তেওঁৰ ‘ছিক্ৰেট’ কিতাপত সফল মানুহৰ জীৱনত সংঘটিত হোৱা যাদৃচ্ছিকভাৱে বিৰল সংযোগ কিছুমানক একপ্ৰকাৰ ‘চমৎকাৰ’ আখ্যা দি ক্ষতিকাৰক উপ–সিদ্ধান্ত প্ৰকাশ কৰিছে। যেনেঃ আমি যিবোৰ মানুহৰ কথা বেছিকৈ ভাবোঁ, সেইবোৰ মানুহেই আমাৰ কাষ চাপে। যিবোৰ বস্তু পাবলৈ বিচাৰোঁ, সেইবোৰেই আমাৰ পৰিসৰলৈ আহে-ইত্যাদি ইত্যাদি। এইবোৰ কথা শুনি পোনপ্ৰথমে বৰ ইতিবাচক যেন লাগে, কিন্তু এই চিন্তাবোৰৰ আঁৰত কিমান ক্ষতিকাৰক আৰু বিপদজনক মনস্তাত্ত্বিক পাৰ্শ্বক্ৰিয়া জড়িত হৈ আছে-তাকে জানিবলৈ অভিজ্ঞ মনোবিজ্ঞানীৰ লগত কথা পাতক৷বিভ্ৰমজনক সংযোগৰ ধাৰণাটো ছবি-৩ত দেখুওৱাৰ দৰে দৃশ্যগত বিভ্ৰান্তি পেৰাইডলিয়াৰ সমগোত্ৰীয়৷ পেৰাইডলিয়াৰ পৰিয়ালৰে সদস্য হৈছে এপোফেনিয়া (Apophenia)৷ সৰ্বকালৰ এজন প্ৰভাৱশালী মনোবিজ্ঞানী কাৰ্ল য়াঙৰ দ্বাৰা বিকশিত ‘Sychronocity’ৰ লগতো এই বিভ্ৰান্তিটো সাদৃশ্য মন কৰিবলগীয়া৷ আটাইকেইটা পৰিঘটনাতে নিৰীক্ষক এজনে অৰ্থহীন-সংযোগহীন বস্তু, উপাদান আৰু বিষয়ৰ মাজত সংযোগ স্থাপন কৰাৰ প্ৰৱণতা দেখুৱায়৷
উক্ত বিসংগতিসমূহৰ লগতে আৰু এটা প্ৰধান মনোবৈজ্ঞানিক প্ৰভাৱে ‘ছিক্ৰেট’ৰ জনপ্ৰিয় কৰাত সহায় কৰিছে৷ সেয়া হৈছে-‘প্লেচিব’ প্ৰভাৱ’৷ একবিংশ শতিকাৰ চিকিৎসাবিদ আৰু গৱেষকসকলৰ মাজত সততে চৰ্চিত আৰু আলোচিত হৈ থকা বিতৰ্কিত এই প্ৰভাৱটোৰ লগত কিছুসংখ্যক লোক পৰিচিত৷ ই হৈছে একধৰণৰ বিশ্বাসনিৰ্ভৰ চিকিৎসাবিধি অথবা ঔষধ৷ ইয়াৰ প্ৰয়োগ মূলত মনোবৈজ্ঞানিক পৰ্যায়ত৷ ফলাফলো সেয়ে দেখা যায় মনোবৈজ্ঞানিক পৰ্যায়তহে৷ মূল বেমাৰটোৰ ই কিমান শতাংশ নিৰাময় কৰিব পাৰে, নাইবা নিৰাময় কৰিব পাৰে নে নোৱাৰে-তাক লৈ কোনোধৰণৰ বৈজ্ঞানিক সুনিৰ্দিষ্টতা নাই৷ মানুহৰ পৰা লাভ কৰা প্ৰেৰণা, সান্ত্বনা আদিয়েও কেতিয়াবা প্লেচিব’ প্ৰভাৱৰ পাতনি মেলিব পাৰে৷ সেইদৰে প্লেচিব’ৰ লগতে ক্ৰিয়াশীল হৈ উঠা ‘Self-Fulfilling prophecy’ শীৰ্ষক প্ৰভাৱটোৱেও কিছু কিছু ক্ষেত্ৰত মানুহক কল্পনাপ্ৰসূত চিন্তা এটাক আত্ম-পক্ষ সমৰ্থনৰ বাবে সত্য আৰু বাস্তৱ বুলি গ্ৰহণ কৰি ল’বলৈ পৰোক্ষভাৱে উৎসাহিত কৰিব পাৰে৷ ‘Self-Fulfilling prophecy’ৰ বিভ্ৰান্তিকৰ জালখনত ভৰি থোৱা মানুহে যিকোনো এটা পৰিঘটনাৰ পৰিণতিৰ সন্দৰ্ভত এটা পূৰ্ব-আৰোপিত আৰু পূৰ্ব-নিৰ্ধাৰিত সমৰ্থনসূচক চিন্তা কঢ়িয়াই ফুৰে৷ ‘আকৰ্ষণৰ সূত্ৰ’ত বিশ্বাসী মানুহ এজনেও এই প্ৰভাৱৰ বশৱৰ্তী হৈ নিজৰ জীৱনত স্বাভাৱিকভাৱে ঘটা ঘটনা এটাক স্বাভাৱিকভাৱে নলৈ ‘সেয়া সূত্ৰটোৰহে লীলা’ বুলি মানি ল’ব পাৰে৷ বেছিভাগ ক্ষেত্ৰতে সেই মানুহজনে নিজে কল্পনা কৰি লোৱা চিন্তাটোক বাস্তৱায়িত কৰাৰ স্বাৰ্থত, তাক সত্যতাৰ সাজ এযোৰ পিন্ধোৱাৰ স্বাৰ্থত সেই চিন্তাটোৰ পক্ষত নিজৰ আচৰণ আৰু গতিবিধি আদি সচেতনভাৱে ধীৰে ধীৰে প্ৰকাশ কৰে৷ এনে এজন দৃঢ় বিশ্বাসী মানুহৰ জীৱনত কেতিয়াবা সূত্ৰটোৰ বিফলতা জলজলপটপটকৈ প্ৰমাণিত হ’লেও তেওঁলোকে হয়তো সেই বিফলতাক স্বীকাৰ নকৰাৰ সম্ভাৱনাই বেছি৷
এনেধৰণৰ অনেক বিভ্ৰান্তি, বিকৃতি আৰু অপ-বৈজ্ঞানিক ধাৰণা-প্ৰসংগৰে কিতাপখনৰ প্ৰতিটো পৃষ্ঠা পূৰ্ণ হৈ আছে৷ এইবোৰ আসোঁৱাহক আধাৰ হিচাপে লৈ ক’ব পাৰি, জনপ্ৰিয় হোৱা বাবেই আমি ধাৰণা এটাক অন্ধভাৱে নিজৰ জীৱনত অনুকৰণ কৰা উচিত নহয়৷ বৰঞ্চ এটা বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আৰু যুক্তিবাদী মনেৰে সেই সিদ্ধান্তবোৰ সূক্ষ্মভাৱেৰে অনুসন্ধান কৰা উচিত৷ অনুসন্ধানেই বিজ্ঞানৰ বিশিষ্টতা৷ আৰু এই বিশিষ্টতাক আৱিষ্কাৰ কৰিব পৰাটোৱেই আমাৰ জীৱনৰ অন্যতম এটা উদ্দেশ্য হোৱা উচিত৷
তথ্যসূত্ৰ:
(১) What is law of Attraction, https://www.verywellmind.com/understanding-and-using-the-law-of-attraction-3144808
(২) The Truth About the Law of Attraction,https://www.psychologytoday.com/us/blog/the-blame-game/201609/the-truth-about-the-law-attraction
(৩)Fight the ‘Power’, https://www.nytimes.com/2010/09/26/books/review/Chabris-t.html
(৪) Social Proof,https://en.wikipedia.org/wiki/Social_proof
(৫) Argumentfromauthority, https://en.wikipedia.org/wiki/Argument_from_authority
(৬) Why do we think some things are related when they aren’t?https://thedecisionlab.com/biases/illusory-correlation
(৭)Apophenia, https://en.wikipedia.org/wiki/Apophenia
(৮) Harry Potter and the Illusion of Potential, https://www.psychologytoday.com/us/blog/the-gorilla-guys/201011/harry-potter-and-the-illusion-potential
(৯) A History of the Discovery of Random X Chromosome Inactivation in the Human Female and its Significance, https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3678792/
(১০)The power of the placebo effect,https://www.health.harvard.edu/mental-health/the-power-of-the-placebo-effect
(১১) Selffulfillingprophecy,https://www.sciencedirect.com/topics/psychology/self-fulfilling-prophecy#
(১২) The neuroscience of placebo effects: connecting context, learning and healthhttps://www.ncbi.nlm.nih.gov/pmc/articles/PMC6013051/