গল্প-কবিতা

তোমাৰ অনুপস্থিতিত ।। মধুষ্মিতা বৰুৱা

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

(১)
ঠাণ্ডাতো তোমাৰ সহ্যৰ উৰ্দ্ধত
তথাপিও বগা এৰী কাপোৰখন লৈয়েই
আঘোণৰ কুঁৱলীত
তুমি ইমান শান্তিৰে কেনেকৈ শুব পাৰিছা
মোৰ কপাল উদং কৰি!
কেনেকৈ এৰি যাব পাৰিলা দুই কন্যাক
মৰুভূমিত নিজেই কুঁৱা খান্দিৱলৈ
(২)
সকামলৈকে তুমি নোহোৱাৰ অনুভৱ
উপলব্ধিয়েই কৰিব নোৱাৰিলোঁ,
ইমানবোৰ নিয়ম নীতিৰে আমাক আৱৰি ধৰিলে—
তোমাক হেৰুওৱা দুখতকৈ
ভকতৰ নিয়মকহে প্ৰাধান্য দিব লগা হ’ল।
(৩)
গিয়াতালিৰ ভোজৰ নিশা
বৰতীয়া ভাঙোতে
চাৰি বছৰীয়া কণমাণীজনীয়ে কান্দিছিল।
তাই মাছ নাখায়, মাংসহে খায়,
তুমিতো জানাই, তাই মাছ খাই বেয়া পায়।
তেতিয়াহে তাইক ধৰি বহুত কান্দিলোঁ।
তাই কি ক’লে জানা‌?
“মা নাকান্দিবা,
মই মাংস নাখাওঁ, মাছয়েই খাম”।
তাইক হাত বুলাই হাঁহিতো মাৰিব লওঁতেই
ওচৰতে বহা এজনৰ মাত শুনিলোঁ—
“মাছ কম হ’ল অ’
গৃহস্থই ভালকৈ আয়োজন কৰিব লাগে”….
(৪)
সকামো গ’ল, মানুহৰ সমাগমো কমিল,
তোমাক হেৰুওৱা দুখটো
কিন্তু কেঞ্চাৰৰ দৰে বাঢ়ি আহিল।
পুৰুষ প্ৰধান এই সমাজত
কিমান ঠেলা-হেঁচা খায়ো
কন্যাহঁতক শিক্ষিত কৰাটোকেই
সংকল্প হিচাপে ল’লোঁ।
(৫)
তোমাৰ গাতনো কি দোষ দিম!
তোমাৰোতো মন যায় জীৰ সৈতে
হিয়া-উজাৰি কথা পাতিবলৈ,
একেলগে বহি
এপিয়লা চাহৰ সোৱাদ ল’বলৈ।
কিনো ক’ম আৰু….
(৬)
তুমি নোহোৱাকৈয়ে
পঁচিশটা বসন্ত পাৰ হ’ল।
এতিয়া আৰু জীয়াই থকাৰ প্ৰেৰণা, উৎস
সকলো সলনি হ’ল,
সেই কণমাণিজনীও গাভৰু হ’ল।
ডাঙৰ ছোৱালীৰ নাতিও
মোৰ লাখুটি হ’ব পৰা হ’ল।
তোমাৰ অবিহনে জীৱনটো আকৌ আৰম্ভ হ’ল।
কিন্তু তুমি নোহোৱাৰ চিন
মোৰ গাৰ সাঁজযোৰত থাকি গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *