তোমাৰ কবিতা ।। শান্তনু কোঁৱৰ
যেতিয়া উশাহ শেষ হ’ব
আক্ষেপ এটাই থাকিব
কথাবোৰ যে নহ’ল শেষ
বৰষুণৰ দিনত তুমি আছিলা মোৰ ছাতি
ৰ’দত ঘাম উৰোৱা
এজাক বতাহ
আক্ষেপৰ অবিৰাম বৰষুণে কিনো তিয়াব
এনেয়ে বুকুৰ ভিজা মাটি
সাৰে থাকিবা
যদিহে গুচি যাওঁ
ঠিকনা নিদিয়াকৈ
কথা কৈ থাকিবা
যদিহে টোপনি যাওঁ অনন্ত কাললৈ
বাহিৰত ভীষণ ভিৰ
গোপনে লুকুৱাই থ’ব নোৱাৰি
দুখৰ হাঁহি
আজি আৰু সামৰি থোৱা
পুৰণি যন্ত্ৰণাৰ ডায়েৰী
কথাবোৰ পাতি শেষ কৰা
যদিহে আহে মৃত্যু