তুমি চাবাচোন-(মূল: নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, অনুবাদ: ৰুমা অধিকাৰী)
এপদ দুপদ কৈ সকলো সজাই ল’ম,
তুমি চাবাচোন
ঘৰ-দুৱাৰ খাট-পাম
চোতালত লাউগছৰ হেঁদালি-চাং
খিৰিকিৰ কাষেৰে বগাই যোৱা যূতি ফুলৰ লতা-
এপদ দুপদকৈ সকলো সজাই ল’ম
তুমি চাবা ।
পুখুৰিটো দক্ষিণ ফালে থাকিলে ভাল হ’ব
তুমি কৈছিলা।
নিশ্চয় থাকিব ।
পুখুৰিত হাঁহৰ ধেমালি চাবৰ মন
সেইটোনো কি এনে ডাঙৰ কথা
শুধ বগা আৰু মুগাবৰণৰ হাঁহ পুহিম।
যি বিচাৰিছা সকলো হ’ব ।
এবাৰতে হয়তো নোৱাৰো ,কিন্তু
এবিধ দুবিধকৈ সকলো কৰিম।
ভালপোৱা থাকিলে সকলো সম্ভৱ হয় ।
চাবা, সকলো হ’ব ।
সাজি ল’ব পৰা সমগ্ৰসম্পদ , মই
এই দুহাতেৰে
এদিন দুদিনকৈ আটাইবোৰ সজাইল’ম
তুমি চাবাচোন ।