কেন্দ্ৰীয় নিবন্ধ

উদাৰতাবাদৰ সংকট :: এক অৱলোকন – (কমল নয়ন মিশ্ৰ)

লিবাৰেলিজিম বা উদাৰতাবাদ আধুনিক সভ্যতা বিকাশৰ এক অগ্ৰণী বিশ্বমতাদৰ্শ ৰূপে প্ৰতিভাত। সামন্তবাদী সমাজ ভাঙি ঔদ্যোগিক পুঁজিবাদলৈ উত্তৰণৰ পৃথিৱীত উদাৰতাবাদে ব্যক্তি স্বতন্ত্ৰতাক এক এৰাব নোৱৰা মৌলিক অধিকাৰ ৰূপে আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ কেন্দ্ৰস্থলত অভিষিক্ত কৰিছিল। ধ্ৰুপদী উদাৰবাদে  ৰাষ্ট্ৰ বা সমাজৰ ঊৰ্ধত ব্যক্তি স্বতন্ত্ৰতাৰ শ্লোগান আওৰালে। ই স্বৈৰতান্ত্ৰিক, ফেচীবাদী, একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধে গণতান্ত্ৰিক মূল্যবোধ আৰু মানৱতাৰ জয়গান গালে। কিন্তু একেই উদাৰবাদৰ অন্য এক বিপৰীতমুখী ছবিও পৰিলক্ষিত হয়। বিশেষকৈ আধুনিকতা আৰু যুক্তিৰ বিৰুদ্ধে সংগঠিত ভীষণ অসুন্দৰ, দুষ্কৃতি আৰু বৰ্বৰতাৰ বিৰুদ্ধে এক নৈতিক আৰু সামাজিক প্ৰতিৰোধৰ বাবে জনগণক উদাৰবাদে কাহানিও উদ্বুদ্ধ কৰিব নোৱাৰিলে। বৰঞ্চ সংগঠিত জনগণেই বহু সময়ত উন্মাদ হিংসাৰ ক্ৰীড়নক হৈ পৰিল। পুঁজিবাদী শ্ৰম-শোষণৰ পৰিণতিত সৃষ্টি হোৱা মাৰ্ক্স-কথিত alienated ব্যক্তি-মানৱৰ মুক্তিৰ নিদান উদাৰতাবাদত নাছিল। উদাৰবাদী দৰ্শন এটা বিন্দুত যেন থমকি ৰ’ল।

পুঁজিবাদৰ বিকাশৰ সৰ্বোচ্চ স্তৰত ধৰ্মীয় মৌলবাদ, সন্ত্ৰাসবাদ তথা নতুন ৰূপৰ এক আদি ফেচীবাদে (proto fascism) সম্প্ৰতি ভাৰতকে ধৰি অনুন্নত, উত্তৰ ঔপনিবেশিক ৰাষ্ট্ৰসমূহত ভিন্ন ৰূপত মূৰ দাঙি উঠিছে। এই পৰিস্থিতিত আমি উদাৰবাদৰ ব্যৰ্থতা, সীমাবদ্ধতা তথা ভাৰতবৰ্ষৰ বিশেষ ঐতিহাসিক পৰিস্থিতিত  উদাৰবাদী ধাৰালৈ অহা প্ৰত্যাহ্বান আদি বিষয়ৰ ওপৰত চমু আলোকপাত কৰিব খুজিছো। বিশিষ্ট সমাজবিজ্ঞানী ৰুদ্ৰাংশু মুখাৰ্জীয়ে তেওঁৰ “Twilight Falls on Liberalism” শীৰ্ষক গ্ৰন্থত উদাৰবাদৰ সংকটৰ স্বৰূপ তথা ইয়াৰ দেউলীয়াপনাক বিশদভাৱে উদঙাইছে। ওঠৰ শতিকাৰ ইংলেণ্ড আৰু ফ্ৰান্সত ধৰ্মীয় ৰাজতন্ত্ৰ-বিৰোধী বিদ্ৰোহৰ নিচান উৰুওৱা উদাৰবাদী আন্দোলনে পৰৱৰ্তী সময়ৰ ঔপনিবেশিক লুণ্ঠন, অত্যাচাৰ আৰু বৰ্ণবাদী অৱদমনক ৰোধ কৰিব নোৱাৰিলে। ঊনৈছ শতিকাৰ বৃটিছ শাসকে উদাৰবাদী আধুনিকতাৰ পৰশেৰে যুগ যুগ জোৰা সামাজিক দাসত্বক ওফৰাই অন্ধকাৰত নিমজ্জিত ভাৰতীয় জনগণক আলোকিত কৰাৰ বচনেৰে নৱউদিত শিক্ষিত, উচ্চ বৰ্ণহিন্দুৰ এক বিপুল অংশক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল। এই প্ৰভাৱে এটা পৰ্যায়লৈকে ঊনবিংশ শতিকাৰ ভাৰতীয় নৱজাগৰণ আন্দোলনৰ বৌদ্ধিক আৰু দাৰ্শনিক প্ৰেৰণা হৈ উঠিছিল। কিন্তু গীৰ্জাৰ আধিপত্যবাদৰ বিৰুদ্ধে শক্তিশালী ৰূপ লোৱা ইউৰোপীয় নৱজাগৰণ আন্দোলনৰ সৈতে ঊনবিংশ শতিকাৰ ভাৰতীয় নৱজাগৰণৰ এক গুণগত মৌলিক পাৰ্থক্য আছিল। ৰোমিলা থাপাৰৰ মতে ভাৰতীয় নৱজাগৰণ আন্দোলন কিছুদূৰ ইউৰোপীয় উদাৰনৈতিক যুক্তিবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও সেই নৱজাগৰণৰ চেতনা ভাৰতীয় সমাজৰ গভীৰ মৰ্মমূলৰ পৰা উদ্ভূত চেতনা নাছিল। “History of British India” (1818)-ৰ স্ৰষ্টা জেমছ্ মিলৰ দৰে ঔপনিবেশিক ভাষ্যকাৰে আধুনিক ভাৰতৰ ইতিহাসক ধৰ্মৰ ভিত্তিত প্ৰাচীন হিন্দু আৰু মধ্য মুছলিম যুগত বিভক্ত কৰিছিল। কিন্তু তথাকথিত মুছলিম যুগ আৰু ইয়াৰ শেষাৰ্ধতেই যে হিন্দু ধৰ্মৰ বিবিধ মাৰ্গৰ বিকাশ, বংগৰ পৰা বেনাৰস আৰু কাশীলৈকে ব্ৰাহ্মণ্যবাদৰ ন ৰূপত বিস্তৃতি সম্ভৱ হৈছিল আৰু ভক্তিবাদী আন্দোলনে ইয়াৰ সৰ্বোচ্চ পৰ্যায় লাভ কৰিছিল, এই ব্যাখ্যাক সুচতুৰভাৱে আওকাণ কৰা হৈছিল। ভাৰতীয় নৱজাগৰণ আন্দোলনে উদাৰবাদৰ দ্বাৰা প্ৰভাৱিত হৈয়েই হিন্দু ধৰ্মৰ অনেক সংস্কাৰত ব্ৰতী হৈছিল যদিও ঔপনিবেশিক ইতিহাস ব্যাখ্যা তথা প্ৰাচ্যতত্ত্ববাদী (Orientalist) বাগ্‌ধাৰাৰ প্ৰভাৱত নৱজাগৰণ আন্দোলনৰ দ্বাৰা আৰ্য-উদ্ভূত, সংস্কৃতকেন্দ্ৰিক, ব্ৰাহ্মণ্যবাদী আচাৰসৰ্বস্ব, একশৈলিক নব্যহিন্দুবাদী চেতনা শক্তিশালী হৈ উঠে।  ৰোমিলা থাপাৰে ইউৰোপীয় নৱজাগৰণৰ বিপৰীতে এক নতুন ধৰ্মীয় উপৰিসৌধ স্থাপন কৰা ভাৰতীয় নৱজাগৰণক এনেদৰে ব্যাখ্যা কৰিছে,“By insisting on the historical existence of communities defined solely by an overarching religious identity, we endorse the potential of an ecclesiastical infrastructure even where it did not exist before. The idea that the religious community was a basic identity of Indian society was fostered in the nineteenth century. By accepting it we have moved a long distance away from the presuppositions of renaissance”.(1)

উদাৰবাদৰ বিপৰীতে ঔপনিবেশিক শাসনে ভাৰতীয় সামন্তবাদী, পুনৰুত্থানকামী (revivalist) প্ৰমূল্যসমূহক এক ধৰ্মীয় সাংস্কৃতিক নৱনিৰ্মাণৰ ৰূপ প্ৰদান কৰিলে। এক কাল্পনিক, হেজাৰ বছৰীয়া ইতিহাসৰ মান, গৰিমা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে একক ধৰ্মীয় পৰিচিতি নিৰ্মাণৰ দ্বাৰা সামাজিক পুনৰ্গঠনৰ দিশে উত্তৰ পশ্চিম ভাৰতৰ প্ৰবল বৰ্ণবাদ আৰু ঐতিহাসিকভাৱে হিন্দু-মুছলিম সংঘাতত জৰ্জৰিত সমাজখনক ঢাপে ঢাপে আগ বঢ়াই দিয়া হ’ল। এই ব্যাপক পুনৰুত্থানকামী  নৱজাগৰণে প্ৰগতি আৰু উত্তৰণৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক, বিশ্বমুখী চেতনাৰ প্ৰতিমুখে অতীত আৰু পৰম্পৰাৰ প্ৰতি অন্ধ আসক্তি, সংকীৰ্ণ ঐতিহ্যপ্ৰীতি আৰু বীৰপূজাৰ নতুন অধ্যায়ৰ সূচনা কৰিছিল। পৰাজিত, লাঞ্ছিত মধ্যবিত্ত ভাৰতীয় মন মানসিকতাক এই আত্ম-আৱিষ্কাৰৰ চেতনাইও ঔপনিবেশিকতাবিৰোধী আন্দোনৰ প্ৰতি বহু পৰিমাণে উদ্বুদ্ধ কৰিছিল। এই নব্য ধৰ্মীয় চেতনাই ইউৰোপীয় সামৰিক জাতিৰাষ্ট্ৰবাদৰ অন্ধ অনুসৰণত ৰাজনৈতিক ধৰ্মীয় ৰাষ্ট্ৰৰ বীজ ৰোপণ কৰিছিল, যাৰ সৰ্বনাশী ফচল ৰূপে সৃষ্টি কৰা হৈছিল উদাৰতাবিৰোধী ইছলামিক পাকিস্তানক, আনহাতে তাৰ বিশাল আধুনিক সংস্কৰণ ৰূপে  বৰ্তমানে  ভাৰতক পৰিণত কৰিব  খোজা হৈছে এক স্বৈৰতান্ত্ৰিক হিন্দু ৰাষ্ট্ৰত। স্বাধীনতাৰ পিছত গঢ় লোৱা ভাৰতৰ সাংবিধানিক ধৰ্মনিৰপেক্ষতাত থকা সকলো ধৰ্মৰ প্ৰতি সমভাবৰ ঘোষিত আদৰ্শৰ আঁৰ লৈ আধিপত্যবাদী শ্ৰেণীটোৱে ধৰ্মীয় পৰম্পৰা, প্ৰতিষ্ঠান তথা নানান বাহ্যিক আচাৰ আৰু প্ৰমূল্যক ব্যৱহাৰ কৰি নিজস্ব ক্ষমতাৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি লৈছিল যাতে অতি সহজেই আঞ্চলিক তথা ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব পৰা যায়, লগতে এক বিপুল অংশ জনগণৰ মন-মগজুকো স্থিতাৱস্থাকামী প্ৰতিক্ৰিয়াৰ অংশীদাৰ কৰিব পৰা যায়।

ধৰ্মনিৰপেক্ষতাৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰা  ৰাজনৈতিক হিন্দুত্ববাদীসকলে স্বীকাৰ নকৰিব যে ভাৰতীয় ধৰ্মনিৰপেক্ষতাই বা তথাকথিত ভুৱা ধৰ্মনিৰপেক্ষ (pseudo secular) শাসকসকলে ইছলামিক তুষ্টিকৰণৰ দ্বাৰা ইছলামিক মৌলবাদত যিমান সাৰপানী যোগালে, তাৰ তুলনাত বিবিধ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হিন্দুধৰ্মীয় পৰম্পৰাক আধুনিক প্ৰযুক্তিৰ যুগৰ উপযোগীকৈ এক নতুন সামাজিক, সাংস্কৃতিক  হিন্দুত্বৰ ৰূপত গঢ় দিয়াৰ পৰিৱেশ ৰচনা কৰি দি ধৰ্মনিৰপেক্ষতাই দৰাচলতে  হিন্দুত্ববাদীসকলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাতহে মুখ্য অৰিহণা যোগালে। শেহতীয়া দশকবোৰত দেখা গৈছে আধ্যাত্মিক গুৰু, যোগ গুৰু আদিৰ ব্যাপক উত্থান তথা তেওঁলোকৰ বিবিধ বাণিজ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ। ক্ষমতাৰ নিজস্ব চক্ৰ ৰচনাৰে এইসকলে এতিয়া মৌলিক প্ৰাকৃতিক বিজ্ঞানৰো ‘জ্ঞান’ বিলাবলৈ আৰম্ভ কৰিছে। আপেক্ষিকতাবাদ, নিউটনীয় মহাকৰ্ষণ বা ডাৰউইনৰ বিৱৰ্তনৰ দৰে তত্ত্বকো নিজৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চৰম মূঢ়তাৰে বিকৃত ৰূপত  ‘ভাৰতীয়কৰণ’ বা স্বদেশীকৰণ কৰাৰ কুচকাৱাজ চলিছে। ব্যক্তিকেন্দ্ৰিক বিশ্বায়নে গঢ়ি তোলা প্ৰতিযোগিতা আৰু যন্ত্ৰৱৎ নিসংগতাৰ মাজত এক উপৰুৱা আধ্যাত্মিকতা আৰু অতীতমুখী অন্ধ ঐতিহ্য-চেতনাই পূৰ্বৰ ধৰ্মীয় পৰম্পৰা, ৰীতি-নীতিক নতুন ৰূপত শক্তিশালী কৰি তুলিছে। এনে পৰিবেশতে বাহ্যিক পৰিচয়, প্ৰতীক আৰু জাকৰুৱা শ্লোগানৰ ভিত্তিত হিন্দুত্বই সমাজৰ ভিতৰৰ পৰা এক সৰ্বাত্মক প্ৰতিক্ৰিয়াৰ জন্ম দিছে। উদাৰবাদৰ প্ৰতিভূ ৰূপে থিয় দিয়া ভাৰতৰ সংগঠিত বাঁওপন্থীসকলে হিন্দুত্ব প্ৰতিবিপ্লৱক কেৱল আৰ্থিক সংকটৰ দৰে সমস্যাৰ পৰা জনগণৰ দৃষ্টি আঁতৰাবলৈ সাম্প্ৰদায়িক শক্তিয়ে তৰি দিয়া এক বিভাজনকামী যুদ্ধ বুলিহে বহু সময়ত গণ্য কৰি আহিছে অথচ ইয়াৰ আঁৰৰ গভীৰ সামাজিক পোতন তথা পুঁজিবাদে জন্ম দিয়া এক ভাঙোনমুখী সামাজিক পৰিকাঠামো তথা মৌলবাদ, সন্ত্ৰাসবাদ আদিয়ে সৃষ্টি কৰা নিৰাপত্তাহীনতাৰ সমস্যাৰ দৰে বিষয়বোৰক বহু সময়ত আওকাণ কৰা দেখা গৈছে। ভাৰতীয় গণতন্ত্ৰলৈ নামি অহা এই মহাসংকটৰ বেলিকা আমি উদাৰবাদী চিন্তাৰ গুৰি ধৰোতা পশ্চিমীয়া ৰাষ্ট্ৰৰ ঔপনিবেশিক তথা সাম্ৰাজ্যবাদী নীতিৰ অন্য এক ধ্বংসমুখী পৰিণামৰ কথাও উনুকিয়াব  লাগিব।

বিংশ শতিকাৰ শেষাৰ্ধত যি ইছলামিক মৌলবাদৰ বিশ্বজোৰা উত্থান ঘটিছিল, তাৰ আঁৰত পশ্চিমীয়া পুঁজিৰ আগ্ৰাসন আৰু কূটনৈতিক অভিযানসমূহৰ ভূমিকা আছিল অন্যতম। ৱাহাবী নামৰ উগ্ৰ মতাদৰ্শই ওঠৰ শতিকাৰ পৰাই শিপাবলৈ আৰম্ভ কৰিছিল ছৌদি আৰবত। পাকিস্তান সৃষ্টিৰ পিছতেই বহু ইছলামিক সংগঠনে এই ধাৰাক শক্তিশালী কৰি পুনৰ মধ্যযুগীয় খলিফাতন্ত্ৰলৈ ঘূৰি যাব খোজা তথা নাৰীৰ ওপৰত সামাজিক অৱদমন জাপি দিয়াৰ নিষ্ঠুৰ শাসনতন্ত্ৰক ভাৰতীয় উপমহাদেশত শক্তিশালী কৰি তুলিছিল। কিন্তু ইছলামিক পুনৰুত্থানবাদৰ অন্য এটি দিশো আছে। বিশেষকৈ বহিঃআগ্ৰাসনৰ সৈতে হঠাৎ উটি অহা উদাৰবাদী আধুনিকতাৰ প্ৰৱেশে ইজিপ্টকে ধৰি মধ্যপ্ৰাচ্যত এক অভূতপূৰ্ব সংকটৰ সৃষ্টি কৰিছিল। “Western modernity had conferred two blessings in the places it was first conceived, political independence and technical innovation. But in the Middle East modernity arrived as a colonial subjugation and there was little potential for innovation”(2). “The unwelcome changes, imposed as foreign imports from without, were uncongenially abrupt. A process that had taken centuries in Europe had to be effected in a matter of decades, superficially and often violently”(3).

ভাৰতৰ দৰে দেশৰ বিপৰীতে, ইছলামিক বিশ্বত ইউৰোপীয় ঔপনিবেশিকতাই পৰিকল্পিতভাৱে গণতান্ত্ৰিক জাতীয়তাবাদী শক্তিৰ উত্থানত বাধা দিছিল আৰু ‘গণতন্ত্ৰ’ প্ৰতিষ্ঠাৰ নামত ধনকুবেৰ, সামন্তীয় মৌলবাদীসকলৰ অভ্যুত্থানৰ বাট মুকলি কৰি দিছিল। প্ৰতিগৰাকী দমনকাৰী শাসকৰ বিৰুদ্ধে সংগঠিত জনবিক্ষোভে অৱধাৰিতভাৱে পশ্চিমীয়া গণতন্ত্ৰ আৰু উদাৰবাদৰ বিৰুদ্ধে অন্ধ আক্ৰোশৰ ৰূপ লৈছিল। এই প্ৰতিক্ৰিয়াই কেউদিশে ইছলামিক পৰম্পৰা আৰু প্ৰমূল্যৰ প্ৰসাৰ ঘটাইছিল। লিবাৰেল প্ৰমূল্যসমূহৰ পশ্চাতগমনৰ বাবে কেৱল ইছলামকে জগৰীয়া কৰাসকলে যোৱাটো শতিকাত মধ্যপ্ৰাচ্যই সন্মুখীন হোৱা উক্ত নিৰ্মম আৰু অমানুষিক ৰাজনৈতিক বিভীষিকাৰ কথাক আওকাণ কৰে।

ইজৰাইলৰ দ্বাৰা পেলেষ্টাইনৰ ভূমি দখল, চি আই এ-ৰ মদতপুষ্ট আফগান জেহাদীৰ উত্থান আৰু সৰ্বশেষত যুদ্ধবিধ্বস্ত ইৰাকৰ ধ্বংসস্তূপৰ পৰাই আইছিছৰ দৰে শক্তিৰ উদ্ভৱ। এই সুদীৰ্ঘ পৰিক্ৰমাই এফালে ইছলামবিৰোধী সোঁপন্থীসকলক; বিশেষকৈ জিওনিষ্ট, হিন্দুত্ববাদী আৰু দক্ষিণপন্থীসকলক সমগ্ৰ বিশ্বজুৰি শক্তিশালী কৰি তুলিছে, আনফালে ইছলামিক মৌলবাদীসকলেও ভিন্ন ৰূপত শক্তি গোটাবলৈ সমৰ্থ হৈছে।

এই জটিল সময়ছোৱাত বিশ্বজুৰি দেখিবলৈ পোৱা গৈছে দখলদাৰী যুদ্ধ, গৃহযুদ্ধ, মৌলবাদ আৰু সন্ত্ৰাসবাদ তথা এই সামগ্ৰিক বিশ্বপটে সৃষ্টি কৰা ব্যাপক নৰসংহাৰ তথা ইতিহাসৰ সবাতোকৈ মৰ্মস্তুদ, বিপন্ন নৰ-নাৰীৰ মহাপ্ৰব্ৰজন। দেশান্তৰিত লক্ষ লক্ষ শৰণাৰ্থীয়ে ভয়ংকৰ অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰাকৃতিক দুৰ্যোগ, খাদ্য সংকট তথা স্থানীয় সমাজৰ জেন’ফ’বিয়াৰ চিকাৰ হোৱাৰ উপৰিও সেই জেন’ফ’বিয়াকেই মূলধন হিচাপে লৈ মূৰ দাঙি উঠা চৰম সোঁপন্থী ঘৃণাৰ ৰাজনীতিয়ে এক অবৰ্ণনীয় মানৱীয় সংকটৰ সৃষ্টি কৰিছে।

ঔপনিবেশিকতাৰ শিকলি ছিঙি বিশ্বৰ নিপীড়িত মানুহ আৰু শোষিত দেশৰ হকে উদাত্ত কণ্ঠৰূপে জাগৰূক হোৱা ভাৰতবৰ্ষত ‘লিবাৰেল’ শব্দটো সম্প্ৰতি ব্যক্তি, বুদ্ধিজীৱী বা শিক্ষাবিদসকলক উদ্দেশ্যি অপমান আৰু তুচ্ছভাব প্ৰকাশ কৰিবলৈ সৰ্বত্ৰ প্ৰয়োগ কৰা হৈছে। সাংবিধানিক পৰিকাঠামো নিৰ্মাণত ঐতিহাসিক গুৰুত্ব থকা লিবাৰেল মতাদৰ্শৰ প্ৰভাৱ ভাৰতত দ্ৰুত গতিত হ্ৰাস হৈ অহাত জনমানসত পুঞ্জীভূত অসহিষ্ণুতা, উগ্ৰতা আৰু ঘৃণাই ক্ৰমশঃ ভিৰৰ দ্বাৰা সংগঠিত হত্যাকাণ্ডৰ ৰূপ পাইছে। আধুনিকতাৰ মানৱতাবাদী তাৎপৰ্যক এক যুগপৎ দাৰ্শনিক আয়তন প্ৰদান কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাক সমাজ ৰূপান্তৰৰ কেন্দ্ৰত থকা শিল্পী ৰূপে প্ৰত্যক্ষ কৰিছিল। অথচ জ্যোতিপ্ৰসাদৰ শিল্পীৰূপী জনতাক যোৱা দশকবোৰত সংঘটিত এই ভূখণ্ডৰ সবাতোকৈ নাৰকীয় দাংগা আৰু গণহত্যাবোৰৰ উন্মাদ আৰু পাশৱিক যোদ্ধাত পৰিণত কৰা হৈছে। এই পৰিৱেশতে আমি প্ৰত্যক্ষ কৰিছোঁ নৰমপন্থী, অহিংসাৰ পূজাৰী গান্ধীজীৰ প্ৰতিমূৰ্তিক গুলীয়াই থকা-সৰকা কৰাৰ ভয়াৱহ দৃশ্য, লগতে সেই হিংসুক, বিকৃত মানসিকতাৰ দুষ্কাৰ্যৰ প্ৰতি সৰ্বত্ৰ এক নীৰৱতাসূচক চেপা সমৰ্থন! সংসদীয় গণতন্ত্ৰৰ নামত সৃষ্টি হোৱা সংখ্যাগৰিষ্ঠবাদী ধুমুহাৰ মাজত ভাৰতৰ বাঁওপন্থী তথা মুষ্টিমেয় উদাৰতাবাদী শ্ৰেণীটোৱে এক অভূতপূৰ্ব সংকটৰ সন্মুখীন হৈছে। বিশেষকৈ ভাৰতৰ বাঁওপন্থীসকলৰ ক্ষেত্ৰত এক বৃহৎ আদৰ্শগত প্ৰশ্ন সন্মুখলৈ আহিছে। কেইবাখনো তথাকথিত কমিউনিষ্ট দেশত নাগৰিক অধিকাৰ আৰু বাক্‌স্বাধীনতাৰ ওপৰত  বহু পৰিমাণে যিদৰে হস্তক্ষেপ কৰা হৈছিল, তাৰ বিপৰীতে ভাৰতৰ বাঁওপন্থীসকলে যেতিয়াই দেশত স্বৈৰতন্ত্ৰৰ দামামা বাজিছে, সংবিধানত থকা গুৰুত্বপূৰ্ণ বাক্‌স্বাধীনতাৰ মতাদৰ্শক তাৰ বিৰুদ্ধে সজোৰে তুলি ধৰিছে। উদাৰবাদীসকলৰ সৈতে অৰ্থনৈতিক আৰু নীতিগত ক্ষেত্ৰত বিস্তৰ মতপাৰ্থক্যৰ পিছতো বাঁওপন্থীসকলৰ ওপৰতেই দেশৰ সংবিধানৰ উদাৰবাদী প্ৰমূল্যসমূহ ৰক্ষাৰ সংগ্ৰামৰ ঐতিহাসিক দায়িত্ব অৰ্পিত হৈছে। কিন্তু ধৰ্মীয় মেৰুবিভাজনৰ মাজেৰে গঢ় লৈ উঠা  নব্যভাৰতীয় সোঁপন্থী ৰাষ্ট্ৰবাদে  যি ব্যাপক জনজাগৰণৰ সৃষ্টি কৰিছে তাৰ সন্মুখত বাঁওপন্থীসকলে ক্ৰমাগতভাৱে ৰাজনৈতিক প্ৰাসংগিকতা হেৰুৱাইছে। আচলতে এই পটভূমিৰ এক অন্য দিশৰ কথাও বিবেচনা কৰাটো যুগুত হ’ব। দেশৰ স্বাধীনতাৰ পিছত নেহৰু, আম্বেদকাৰ আদি চিন্তানায়কসকলে গঢ় দিয়া সমতা, গণতান্ত্ৰিক প্ৰমূল্য আৰু বৈজ্ঞানিক চিন্তাৰ বিকাশ এটা পৰ্যায়তেই সীমাবদ্ধ হৈ ৰৈছিল। পিছৰকালৰ কংগ্ৰেছী আমোলৰ ক্ষমতাসৰ্বস্ব আৰু বিভেদৰ ৰাজনীতিৰ প্ৰভাৱে   এনে প্ৰমূল্য আৰু চিন্তাক এক সামাজিক মতাদৰ্শৰূপে গঢ়ি উঠাত বাধা প্ৰদান কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত পুঁজিবাদৰ সংকটৰ চাকনৈয়া তথা ফেচীবাদৰ বিপদক প্ৰতিহত কৰিবলৈ ইউৰোপৰ বহুকেইখন ৰাষ্ট্ৰত কল্যাণকামী অৰ্থনীতিৰ ভেটিক শক্তিশালী কৰা হৈছিল, ক্ৰমশঃ উদাৰবাদী প্ৰমূল্যসমূহো শক্তিশালী হৈছিল। ইয়াৰ বিপৰীতে স্বাধীনতা সংগ্ৰামৰ মাজেৰে আমাৰ দেশত গঢ় লৈ উঠা সামাজিক গণতান্ত্ৰিকীকৰণৰ ধাৰণা আৰু যুক্তৰাষ্ট্ৰীয় চেতনাই ক্ৰমশঃ আমোলাতান্ত্ৰিক বিকাৰ আৰু আগ্ৰাসী কেন্দ্ৰীভূত ৰাষ্ট্ৰবাদত বিলীন হৈ পৰিছিল। হিন্দুত্বৰ উত্থানৰ পিছত উদাৰবাদৰ প্ৰতিমুখে এই ৰাষ্ট্ৰবাদে অধিক আক্ৰমণাত্মক আৰু জংগী ৰূপ লৈছে। এই ৰাষ্ট্ৰবাদে পৰিৱেশ আৰু শ্ৰমিকবিৰোধী নব্যবজাৰবাদকো সাঙুৰি লৈছে। লাহে লাহে দেশত ভিন্নমত আৰু গঠনমূলক সমালোচনাৰ প্ৰতি অসহিষ্ণুতা তীব্ৰ ৰূপত বৃদ্ধি হৈছে। বিশেষকৈ 370 অনুচ্ছেদৰ বাতিলৰ পিছত চাৰিওফালৰে পৰা  বন্দী কৰি ৰখা কাশ্মীৰৰ জনগণ আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে দেশৰ কোনো অংশতে সামান্যতমো উৎকণ্ঠা ফুটি উঠা নাই, বৰঞ্চ চৰকাৰৰ এই বলপূৰ্বক পদক্ষেপৰ প্ৰতি সংশয় প্ৰকাশ কৰাসকলহে সংখ্যাগৰিষ্ঠ অংশৰ ৰোষত পৰিছে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ উলংঘা কৰি এক অভূতপূৰ্ব সংসদীয় উত্থানেৰে অনুচ্ছেদ 370 বাতিলৰ দ্বাৰা ভৱিষ্যত  বিচ্ছিন্নতাবাদী সন্ত্ৰাসৰ পটভূমিহে  ৰচনা কৰা হৈছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে পাকিস্তানৰ দৰে দেশে ইতিমধ্যে ইয়াৰ মৌলবাদী হাতোৰাক পূৰাদমে ব্যৱহাৰ কৰাৰ ইংগিত দিছে। ই দেশত পুনৰ সাম্প্ৰদায়িক মেৰুবিভাজন তীব্ৰতৰ কৰিব আৰু ইয়াৰ সুফল লাভ কৰিব  হিন্দুত্ববাদী শাসকগোষ্ঠীয়ে। ইতিমধ্যে বিৰোধী শিবিৰক পাকিস্তানৰ সমৰ্থক ৰূপে জনমানসত প্ৰক্ষেপ কৰাত বহুলাংশে সফল হৈছে হিন্দুত্ববাদীসকল। বিভেদ আৰু ঘৃণাৰ ধুমুহাত উটি যোৱা কোনো নিকট ভৱিষ্যতত সংখ্যাগৰিষ্ঠ ‘জনগণ’ৰ  পৰাই ইছলামিক পাকিস্তানৰ বিপৰীত মেৰুত ভাৰতক এক ‘গণতান্ত্ৰিক হিন্দু ৰাষ্ট্ৰ’ ৰূপে ঘোষণা কৰাৰ দাবীও তীব্ৰতৰ হৈ উঠিব পাৰে। এনে পৰিস্থিতিত এক অভাবনীয় সংকটৰ মুখামুখি হ’বলৈ সাজু থাকিব লাগিব দেশৰ লিবাৰেল তথা বাঁওপন্থীসকল। এফালে পাকিস্তান-সমৰ্থিত মৌলবাদ, আনফালে হিন্দুত্ব ৰাষ্ট্ৰবাদ – এই উভয় সংকটে সৃষ্টি কৰা ফান্দত ভৰি নথৈ এই দুই প্ৰৱণতাৰেই অনিবাৰ্য ধ্বংসমুখী স্বৰূপ উন্মোচন কৰিব লাগিব ভাৰতীয় বাঁওপন্থী তথা উদাৰবাদীসকলে।

জলবায়ু পৰিৱৰ্তনৰ সমান্তৰালভাৱে ঘটা উদাৰবাদৰ বিশ্বজোৰা এই বিপৰ্যয়ক ৰোধ কৰিব পৰা যাবনে? নে  কেৱল প্ৰাকৃতিক ধ্বংস আৰু বৰ্বৰতাই হৈ পৰিব মানৱ জাতিৰ পৰৱৰ্তী ইতিহাসৰ দস্তুৰ!

সহায়ক সূত্ৰ আৰু গ্ৰন্থপঞ্জী::

1.The Past as Present,Forging Contemporary Identities Through History.Romila  Thapar.

2.The Venture of Islam,Conscience and History in a World Civilization, Marshall G.S.Hodgson.

3.Fields of Blood, Religion and the History of Violence.Karen, Armstrong.

Leave a Reply

Your email address will not be published. Required fields are marked *