কেন্দ্ৰীয় নিবন্ধ

বন্দে মাতৰম্ আৰু জয় শ্ৰীৰাম- (বৰ্ণালী বৰুৱা দাস)

ইংৰাজৰ ঔপনিবেশিক শাসনক ওফৰাবলৈ ভাৰতৰ মানুহক যি মন্ত্ৰই প্ৰবুদ্ধ কৰিছিল সেই মন্ত্ৰ আছিল, ‘বন্দে মাতৰম’‌। আজিও আনকি চিনেমা নাটক আদিত এই মন্ত্ৰই বহু মানুহৰ মন প্ৰাণ স্বদেশ প্ৰেমৰ অনুভূতিৰে উদ্বেলিত কৰে‌। ‘বন্দে মাতৰম’ ধ্বনিয়ে ঔপনিবেশিক শাসনত জুৰুলা ভাৰতীয় মানুহক একত্ৰিত কৰি ইংৰাজৰ বিৰুদ্ধে গান্ধীৰ অহিংস আন্দোলনত চামিল কৰাইছিল‌। ‘বন্দে মাতৰম’ৰ মূল উৎস ১৮৮৪ চনত ৰচিত বংকিম চন্দ্ৰৰ ‘আনন্দ মঠ’‌। মূল গ্ৰন্থত ই আছিল এটি দূৰ্গা বন্দনা‌। বংগ ভংগ বিৰোধী আন্দোলনৰ সময়ত মূল গীতটোৰ পৰা ‘বন্দে মাতৰম’ শব্দযুগলক বিছিন্ন কৰি আনি প্ৰথম শ্লোগান হিচাপে ব্যৱহাৰ কৰা হয়‌। পৰবৰ্তী পৰ্যায়ত ই বংগৰ সীমা পাৰ হৈ সমগ্ৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰো মূল শ্লোগান হৈ পৰে‌। ইয়াৰ আঁৰত থকা সাম্প্ৰদায়িক ৰাজনীতি তথা তাক ব্যৱহাৰ কৰি পৰবৰ্তী সময়ত বৃটিচ সাম্ৰাজ্যবাদী শক্তিয়ে কৰা বিভেদৰ ৰাজনীতি আদিৰ বিষয়ে বহুজনে বিস্তৃত আলোচনা আগবঢ়াইছে‌। আজিৰ এই লেখাৰ প্ৰসংগ সেয়া নহয়‌। আজি উল্লেখ কৰিব খুজিছো এই আবেগপূৰ্ণ শ্লোগানৰ সৈতে সংশ্লিষ্ট আন এটি কথাহে‌।

শ্লোগানৰ এক শক্তি আছে‌। ইয়াৰ কিবা বিবৰ্তনীয় কাৰকো থাকিব পাৰে‌। শত্ৰু নিধনৰ বাবে সংঘবদ্ধ আদিম মানুহে সমস্বৰে আওৰোৱা বাণীৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুমান কৰা কঠিন নহয়‌। শ্লোগানে যে এক সাময়িক আবেগ সৃষ্টি কৰি একেটা লক্ষ্যৰ প্ৰতি মানুহক সংঘবদ্ধ কৰিব পাৰে তাৰ উদাহৰণ ইতিহাসৰ পাতে পাতে‌। শ্লোগানত এটা ছন্দও থাকে‌। সেই ছন্দটোৱে মানুহক উদ্দেলিত কৰে‌। বিশেষ এক লক্ষ্যক সফল কৰিবলৈ শ্লোগান দিয়াৰ সময়ত মানুহৰ আবেগ উঠলি উঠে‌। কাৰোবাৰ নহয় কাৰোবাৰ বিৰুদ্ধে সংঘবদ্ধ হোৱাৰ ইংগিত সুস্পষ্ট বা প্ৰচ্ছন্ন ৰূপত ইয়াত থাকেই‌।

‘বন্দে মাতৰম্’ত হিন্দুত্ববাদী উপাদান যে আছিল সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই‌। সেইখিনি ধৰ্মীয় ৰাজনীতিৰ কথা প্ৰসংগান্তৰলৈ থৈ এই কথা ক’ব খুজিছো যে ‘বন্দে মাতৰম’ ধ্বনিয়ে যিসকলক উদ্দেলিত কৰিছিল বা সংঘবদ্ধ কৰিছিল তেওঁলোক আছিল বহল অৰ্থত ভাৰতৰ স্বাধীনতা সংগ্ৰামী‌। ভাৰতৰ প্ৰত্যন্ত গাঁৱলৈকো এই শ্লোগান বিয়পি পৰিছিল‌। গাঁৱৰ এইসকল সহজ সৰল লোকে যে ইয়াক দূৰ্গা বন্দনা ৰূপে লোৱা নাছিল সেইটো সহজেই অনুমেয়‌। হাজাৰ হাজাৰ কণ্ঠই এই শ্লোগান আওৰাওতে কোনেও দূৰ্গাৰ ভক্তিত মূৰ দোঁওৱা নাছিল‌। সন্মুখত আছিল শত্ৰু ইংৰাজ‌। তেওঁলোকক সন্মুখ সমৰত পৰাজিত কৰিবলৈ এই মন্ত্ৰৰে তেওঁলোকে শক্তি সঞ্চয় কৰিছিল‌। অহিংস হ’লেও ই সমৰেই আছিল‌। সমস্বৰ শক্তি প্ৰদৰ্শনো তাৰ অংগ আছিল‌।

একেদৰেই হিন্দুত্ববাদীসকলৰ কৃপাত বহুলভাবে বিয়পি পৰা আন এটা শ্লোগান হ’ল ‘জয় শ্ৰী ৰাম’‌। ৰামৰ জয়ধ্বনি দিয়া এই শ্লোগানত ৰামৰ প্ৰতি ভক্তিভৰা আকুতি যে নাই সেইটো যি কোনো মানুহেই উপলব্ধি কৰিব পাৰিব‌। ইয়ো শত্ৰু পক্ষৰ প্ৰতি ৰণভূমিত কৰা হুংকাৰৰ বাহিৰে আৰু একো নহয়‌। আৰু এই শত্ৰুপক্ষ কোনো সাম্ৰাজ্যবাদী বিদেশী বা স্বদেশী শাসক নহয়‌। দেখ দেখকৈ এই শত্ৰু ‘ৰাম পূজক’ৰ বাহিৰৰ অন্য ধৰ্মী লোক‌। আৰু স্পষ্টকৈ ক’বলৈ হ’লে মুছলমানসকল‌। সকলো সমস্যাৰ মূল এক বিশেষ ধৰ্মৰ মানুহ  আৰু সেই সমস্তক নিৰ্মূল কৰিব পাৰিলেই সকলো সমস্যাৰ সমাধান হ’ব বুলি জনসাধাৰণক পতিয়ন নিয়াব পৰাটোৱেই ফেচীবাদৰ সফলতা‌। বৰ্তমান এই কামত যে সুন্দৰভাবে সফল হৈছে তাৰ প্ৰমাণ হ’ল মুখে মুখে উচ্ছাৰিত হোৱা এই শ্লোগান‌। চূড়ান্ত অৰ্থনৈতিক বিপৰ্যয়েও মানুহক তলাব পৰা নাই‌। অসমৰ ক্ষেত্ৰত এই কথাটো আৰু বিস্ময়কৰভাৱে প্ৰমাণিত হ’ল‌। অসাংবিধানিক ‘কা’ আইন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই অহা আন্দোলনকাৰীৰ সামূহিক দাবীৰ প্ৰতি আংগুষ্ঠ প্ৰদৰ্শন কৰাৰ পাছতো তথা সেই দাবীৰ বাবে প্ৰাণ আহুতি দিয়া নিৰীহ যুবকৰ তেজৰ চেকা নুশুকাওঁতেই সেই শাসকৰ আহ্বানত ‘জয় শ্ৰী ৰাম’ ধ্বনি দিছিল এনে বহু আন্দোলনকাৰীয়েই‌। ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনা জয়লাভৰ আনন্দ প্ৰকাশ কৰি চচিয়েল মিডিয়া আৰু ৰাজপথো ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে মুখৰিত কৰি তুলিছিল‌। এই ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে কাৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধৰ হুংকাৰ দিলে সি দিনৰ পোহৰৰ দৰেই স্পষ্ট‌। তাৰ পাছতো যদি কোনোবাই কয় আমি ভক্তিৰে আমাৰ ইষ্ট দেৱতাক স্মৰণহে কৰিছো, তাত আপত্তি কৰিবলৈ কি আছে, তাতকৈ ভণ্ডামী আৰু একো নাই‌।

ইচলাম ধৰ্মৰ মৌলবাদী জেহাদীয়েও ‘আল্লাহু আকবৰ’ বুলি আল্লাৰ নাম লৈয়েই চৰম হিংস্ৰতাৰে বিধৰ্মীৰ ওপৰত জপিয়াই পৰে‌। সেই একেই হিংস্ৰতা ‘জয় শ্ৰী ৰাম’ ধ্বনিতো আছে‌। শ্ৰী ৰামৰ নাম লৈয়েই হাতত অস্ত্ৰ লৈ বিধৰ্মীৰ ওপৰত জপিয়াই পৰে‌ হিন্দু মৌলবাদী। এই হিংস্ৰতাৰ ফল সদায় ভোগ কৰে সাধাৰণ নিৰীহ মানুহে‌। ইয়াৰ আঁৰত থকা মৌলবাদী শক্তিৰ এইবোৰত একো ক্ষতি নহয়‌। ধৰ্মৰ নাম লৈ তেওঁলোকে শাসনৰ সোৱাদ লাভ কৰে মাত্ৰ‌। সেয়েহে মৌলবাদী শক্তিৰ এই গা গৰম কৰা শ্লোগানত চামিল নহৈ প্ৰকৃত সমস্যাৰ প্ৰতি মনোনিবেশ কৰাই মংগল‌। মন্দিৰ মচজিদ একোৱে আমাক নুখুৱায়‌।

Print Friendly, PDF & Email

One thought on “বন্দে মাতৰম্ আৰু জয় শ্ৰীৰাম- (বৰ্ণালী বৰুৱা দাস)

  • পঢ়িলোঁ… ভাল পালোঁ। এনেধৰণৰ চুটি অথচ অত্যন্ত প্ৰাসংগিক বিষয় একোটি সৰ্বসাধাৰণ ৰাইজে সহজতে বুজি পোৱাকৈ ৰসাল আৰু সাধাৰণ ভাষাৰে সুন্দৰভাৱে সামৰি লোৱা লেখনিসমূহ খুবেই প্ৰয়োজনীয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *