আলফা – মোহভংগৰ বেদনা-(মনজিতা শইকীয়া)
বিগত কেইবাটাও দশক ধৰি অসমত চলি থকা বিভিন্ন আন্দোলনৰ পৰা অসমীয়া ৰাইজে যথেষ্ট শিক্ষা লৈছে। ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, বিদেশী বিতাড়ন আন্দোলন আদিৰ প্ৰতি প্ৰায়ভাগ অসমীয়াৰে সদ্ভাৱ আছিল, লগতে সমৰ্থনো আছিল। কিন্তু আন্দোলনে কি দিলে কি নিলে সেয়াও সকলোৰে জ্ঞাত। অসমীয়া সমাজখন একগোট হোৱাৰ পৰিবৰ্তে থানবান হৈ পৰিল। সেই আন্দোলনৰ সময়তে সৃষ্টি হোৱা আলফাক লৈ ৰাইজৰ সন্দেহাতীত সদ্ভাৱ আৰু সহযোগিতা আছিল। আলফা কি আৰু কিয় বিখ্যাত তাক জনোৱাৰ প্ৰয়োজন নাই। স্বাধীন অসমৰ দাবীৰে আৰম্ভ হোৱা আলফাৰ প্ৰতি অসমৰ ৰাইজৰ সমৰ্থনৰ আন এটা কাৰণ আছিল অসম আন্দোলনৰ নেতাসকলৰ ব্যৰ্থতা। অসমীয়া মানুহে আলফাৰ প্ৰতি বিশ্বাস ৰাখিলে। কিন্তু এওঁলোক জ্ঞাত আছিল নে যদি অসম স্বাধীন হয় তেনেহ’লে তাৰ ভিতৰত থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহেও স্বাধীন ভূমিৰ দাবী তুলিব পাৰে? ইতিমধ্যে বড়োসকলে সেই দাবী তুলিছিলেও। তথাপিও অসমীয়া মানুহে আৱেগিক হৈ আলফাৰ প্ৰতিটো কামক সমৰ্থন কৰি গৈছিল। কিন্তুস্বাধীন অসম হ’লে তেল আৰু চাহৰ বাহিৰে বাকীবোৰ বস্তু ক’ৰপৰা কেনেকৈ আহিব ? অসমৰ প্ৰতিৰক্ষা ব্যৱস্থা কেনেকুৱা হ’ব নে অসম পাকিস্তান, বাংলাদেশ, নাইবা চীনৰ আশ্ৰিত দেশ হ’ব এইবোৰ ভাবিবলৈ কাৰোৱে আহৰি নাছিল। ইয়াৰ মূলতে আছিল সেই সময়ত আলফাই কৰা কিছু মানৱদৰদী কাৰ্যকলাপ। মদ, ভাং, জুৱা, দুৰ্নীতি নিবাৰণৰ বাবে লোৱা পদক্ষেপসমূহ আৰু কৃষিৰ ক্ষেত্ৰত কৰা কিছু কামে আলফাক সাধাৰণ মানুহৰ কাষ চপাই আনিছিল। কিন্তু এই আৱেগে কিমান দিন কাম কৰিব? এটা বিপ্লৱী সংগঠনৰূপে সংগঠিত হোৱা আলফা কেইবছৰমানৰ ভিতৰতে সন্ত্ৰাসবাদী সংগঠনলৈ পৰ্যবসিত হৈছিল। তেওঁলোকে সাধাৰণ জনতাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল। যিসকল মানুহে তেওঁলোকক নিজে নাখাই খুৱাইছিল ,ৰাতি ৰাতি পহৰা দিছিল সেইবোৰ মানুহেই নিৰাশ হৈছিল।
গৰিলা যুদ্ধ সামৰিক বাহিনীৰ বিৰুদ্ধে কৰা এক সংগ্ৰাম, কিন্তু নিজৰে মানুহক নিঃশেষ কৰাৰ প্ৰক্ৰিয়া নহয়। আৰম্ভণিতে আলফাৰ যি গণভিত্তি আছিল সেয়া তেওঁলোকৰ কিছুমান সিদ্ধান্ত আৰু কাৰ্যকলাপে কমাই আনিলে। বেংক ডকাইতি, পি কে ভি ৰামমূৰ্তিৰ হত্যা,চিনেমা হলত বোমা বিস্ফোৰণ, ধনদাবী, ব্যৱসায়ীক গুলীয়াই হত্যা, লক্ষীপথাৰৰ গণকবৰৰ দৰে নৃশংস ঘটনা, ৰাছিয়ান অভিযন্তা গ্ৰীটাছাংকে চাৰ্গো, সঞ্জয় ঘোষৰ হত্যা, ধেমাজিৰ বোমা বিস্ফোৰণআদিয়ে একালৰ গণভিত্তি থকা সংগঠনটোক গণবিচ্ছিন্ন কৰি তুলিলে। এই হত্যাবোৰে কাৰ কি উপকাৰ সাধন কৰিলে ? ৰাইজে বুজিব পৰা হ’ল। সামৰিক বাহিনীৰ সৈতে যুদ্ধৰ সলনি নিৰস্ত্ৰ মানুহবোৰক হত্যা কৰি বিপ্লৱী বুলি দাবী কৰা আলফা সন্ত্ৰাসবাদী হৈ পৰিল । মাজত কেইবাটাও বছৰ পাৰ হ’ল। মাজে মাজে দুই-এটা বিস্ফোৰণ কৰি আলফা জী আছে বুলি প্ৰমাণ দি থকাৰ মাজতে আলফাৰ কেইবাটাও ভাগ হ’ল। আত্মসমৰ্পণকাৰী, আলোচনাপন্থী, অস্ত্ৰসম্বৰণকাৰী, আলফা স্বাধীন। কাৰ কি স্থিতি কোনো জ্ঞাত নহয়। তাৰ মাজত অসমে হেৰুৱালে বহুতো সম্ভাৱনাময় যুৱক। পুনৰ এইকেইটা দিনত দুজনমান আলফালৈ যোৱাটোক বহুতেই glorify কৰিছে৷ কিন্তু ইতিহাসৰ পৰা শিক্ষা লোৱা উচিত।
কেৱল তেল আৰু চাহেই অসমক পূৰ্ণাংগ ৰাষ্ট্ৰ নকৰে। স্বাধীনতা স্বাধীনতা কৰি থকা আলফাই অসমৰ বৰ্তমানৰ কোনো এটা বিষয়তে সজোৰে মাত মতা দেখা নাযায়। ভূমিপট্টা, কৃষকৰ সমস্যা, অনুপ্ৰৱেশকাৰী সমস্যা, বহিৰাগত কোম্পানীবোৰক দিয়া মাটি এইবোৰ সম্পৰ্কত আলফা নীৰৱ। আমি স্বাধীন হৈ বাংলাদেশ , পাকিস্তান,বা চীনৰ আশ্ৰিত দেশ হৈ থাকিব নিবিচাৰোঁ । ৰাষ্ট্ৰ এটা চকলেট নহয় যে বিচাৰিলেই বজাৰত পাম। এটা পক্ষই বছৰৰ পাছত বছৰ আলোচনা চলাই যাব, এটা পক্ষই স্বাধীনতা বিচাৰি থাকিব, এচামে গোটেই কাৰবাৰটোক মহত্ত্ব প্ৰদান কৰি থাকিব আৰু ভুক্তভোগী হ’ব সাধাৰণ ৰাইজ ।