গোপন ৰে’ল পথৰ গান – (বৰ্ণালী বৰুৱা দাস)
গোপন ৰে’ল পথ বা পাতাল ৰে’ল পথৰ গানবোৰ লিখা হৈছিল ঊনবিংশ শতিকাৰ প্ৰথম ভাগতে। ইংৰাজীত ব্যৱহৃত হোৱা ‘আণ্ডাৰ গ্ৰাউণ্ড ৰেইল ৰ’ড’ৰ (Under ground rail road) কথাটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৩১ চনতে। কিন্তু সেই সময়তেই ক’ত আছিল এই গোপন ৰে’ল পথ? ব্যস্ত অত্যাধুনিক চহৰৰ পাতাল-ৰে’ল বা মেট্ৰ’ ৰে’লৰ দৰে আছিল নেকি সেই গোপন ৰে’ল পথ? আৰু সেই ৰে’ল পথৰ বাবে গান কিয়? কোন আছিল সেই ৰে’ল পথৰ গোপন যাত্ৰী?
আচলতে এই ৰে’ল পথ সাজোঁতে ব্যৱহাৰ হোৱা নাছিল কোনো ইস্পাটৰ কঠিন পাট। শিল, কাঠ, লোহা একোৱেই নাছিল এই ৰে’ল পথত। আছিল মুক্তি পিয়াসী নিষ্পেষিত মানুহৰ দল। ঘিটমিটীয়া অন্ধকাৰ নিশা বিপদসংকুল পথেৰে মুক্তি বিচাৰি আগবাঢ়ি যোৱা এদল জৰ্জৰিত মানুহ আৰু সেইসকল মানুহৰ প্ৰতি সহমৰ্মী কিছু মানুহ। মানৱ সভ্যতাৰ ইতিহাসৰ এক গ্লানিময় অধ্যায়ৰ কথা আছিল সেইখিনি।
মানৱ সভ্যতাৰ বিকাশৰ এটা পৰ্যায়ত উদ্ভৱ হৈছিল দাস প্ৰথাৰ। মানুহে মানুহক বেচা কিনা কৰাৰ এই জঘন্য প্ৰথা এসময়ত বিলুপ্তও হৈছিল। কিন্তু মানুহৰ ওপৰত মানুহৰ এই সীমাহীন নিষ্ঠুৰতাৰ কাহিনী এক গভীৰ ক্ষতচিহ্ন হৈ মানৱ ইতিহাসত ৰৈ গ’ল। লগতে এই নিষ্ঠুৰতাৰ বিৰুদ্ধে সাহসেৰে থিয় হোৱা সৈনিকসকলৰ কাহিনীও ৰৈ গ’ল যুগে যুগে মুক্তিকামী মানুহক প্ৰেৰণা যোগাবলৈ। এইবোৰ ইতিহাস কম বেছি পৰিমাণে বহুতেই আলোচনা কৰিছে। কিন্তু প্ৰাচীন ইজিপ্ত, প্ৰাচীন ৰোমান সাম্ৰাজ্য আদিৰ পৰা দাস প্ৰথা বিলুপ্ত হোৱাৰ বহু শতক পাছতো আমেৰিকাত বৰ্তি থকা দাসপ্ৰথাৰ সৈতে সংশ্লিষ্ট ‘গোপন ৰে’ল পথ’ৰ কথা তথা এই ‘গোপন ৰে’ল পথ’ৰ গানখিনিৰ কথা অসমীয়া ভাষাত আলোচনা কৰা আমাৰ চকুত পৰা নাই। সেয়েহে এই প্ৰসংগৰে চমুকৈ এক পৰিচয়মূলক আলোচনাৰ বাটহে মুকলি কৰিব খুজিছোঁ।
এই কাহিনীৰ পটভূমি হৈছে ১৭০০-১৮০০ চনৰ আমেৰিকা। মিচিচিপিৰ পাৰৰ সাৰুৱা মাটিত উৎপাদন কৰা কপাহে আমেৰিকাৰ অৰ্থনীতিক শক্তিশালী কৰিছিল। কপাহৰ খেতিত কাম কৰাবলৈ হাজাৰে হাজাৰে কৃষ্ণাংগ শ্ৰমিক আমদানি কৰিছিল বা আন কথাত আফ্ৰিকাৰ পৰা ধৰি আনিছিল। জীৱ জন্তুৰ দৰে কিনি লোৱা এই ক্ৰীতদাসসকলৰ কোনো স্বাধীনতা নাছিল। সূৰ্য উঠাৰ পৰা অস্ত যোৱালৈকে তেওঁলোকে কপাহ খেতিত কাম কৰিব লাগিছিল। মাজত কোনো অবসৰ বা জিৰণিৰ প্ৰশ্নই নাছিল। সকলো সময়তে এজনে চোকা নজৰ দি থাকিছিল। দাস মালিকে যোগান ধৰা ৰেচনেৰে সূৰ্যোদয়ৰ আগতেই খোৱাৰ কাম সমাপ্ত কৰি কামত লাগিবহি লাগে। বিৰামহীন পৰিশ্ৰমৰ পাছত ৰাতি আকৌ সেই একেই নিৰ্দ্ধাৰিত ৰেচনৰ আহাৰ। পিন্ধিবলৈ বছৰত এসাজ কাপোৰ। তাতোকৈও ডাঙৰ কথা দাসসকলৰ ল’ৰা-ছোৱালীবোৰৰো কোনো স্বাধীনতা নাছিল। দাসৰ সন্তান অবধাৰিতভাৱেই হ’ব লাগিছিল দাস। অলপ কামৰ হেৰফেৰতেই পিঠিত মালিকৰ চাবুকৰ কোব আছিল সাধাৰণ কথা। কেতিয়াবা এই জীৱনৰ পৰা মুক্তি বিচাৰি কিছুমান দাস পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু আইনৰ চকুত এইটো আছিল এটা মাৰাত্মক অপৰাধ। সময়ে সময়ে দাসসকলৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰা হৈছিল। বিশেষকৈ ১৭৯৩ চনত এখন বৰ কঠিন আইন প্ৰণয়ন কৰা হৈছিল। পলাতক দাস আইন (Fugitive slave Act)। দাসসকলক আগতকৈও কঠিন শিকলিৰে বান্ধি পেলাবলৈকে এই আইন প্ৰণয়ন কৰা হৈছিল, দাসমালিকসকলৰ স্বাৰ্থত। দাসপ্ৰথাৰ কাঠিন্য আমেৰিকাৰ সকলো প্ৰদেশতে একে নাছিল। আৰু এই আইন প্ৰণয়ন কৰাৰ আগতে আন এখন প্ৰদেশলৈ দাস এজন পলাই গ’লে সহজে ধৰা নপৰিছিল। কিন্তু ১৭৯৩ চনৰ এই ‘পলাতক দাস আইন’ অনুসৰি আন ক’ৰবাত ধৰা পৰিলেও আগৰ ঠাইলৈ দাসজনক ঘূৰাই অনা সম্ভৱ হ’ল। অৱশ্যে এই আইন আমেৰিকাৰ সকলো প্ৰদেশতে গৃহীত হোৱা নাছিল। উত্তৰৰ বহু প্ৰদেশ আছিল এই আইনৰ পৰা মুক্ত। সেইখিনি অঞ্চলৰ বাদে দাসপ্ৰথা মানি লোৱা প্ৰদেশবোৰৰ যিকোনো এখনতেই পলাতক দাসজনক পোৱা গ’লে তেওঁক তেওঁৰ উৎস প্ৰদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা এই ১৭৯৩ চনৰ আইনখনে কৰিলে। এই আইন মতে পলাই যোৱা দাসকতো শাস্তি দিয়া হৈছিলেই, পলায়নত সহায় কৰা যি কোনো ব্যক্তিৰ বাবেও আছিল কঠোৰ শাস্তিৰ ব্যৱস্থা। পলাতক দাস এজনক তেওঁৰ মূল মালিকৰ ওচৰলৈ ঘূৰাই আনিব পৰাজনক শকত অংকৰ ধনেৰে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰা হৈছিল। এইটো কাৰণতে এই আইনখনে এচাম মধ্যভোগীৰো সৃষ্টি কৰিছিল। দাসপ্ৰথা বৰ্তি থকা প্ৰদেশবিলাকৰ সীমাৰ ভিতৰৰ যিকোনো অংশৰ পৰা দাস ধৰি আনি পুৰস্কাৰ লোৱাটো এটা লাভজনক ব্যৱসায়ত পৰিণত হৈছিল। আনকি বহু স্বাধীন কৃষ্ণাংগ লোককো জালিয়াতিৰে পলাতক দাস বুলি প্ৰমাণ কৰি দাস মালিকৰ হাতত অৰ্পণ কৰাৰ বহুতো উদাহৰণ আছে। চিকাৰী হাউণ্ডৰ দৰে দাস বিচাৰি ঘূৰি ফুৰা এইসকল দাস চিকাৰীক বান্টি হান্টাৰ (Bounty Hunter) আখ্যা দিয়া হৈছিল। পলাতক দাস এজন এনেকুৱা দাস চিকাৰীৰ হাতত পৰা আৰু যন্ত্ৰণাময় মৃত্যুক আকোৱালী লোৱাৰ মাজত একো পাৰ্থক্যই নাছিল। কিন্তু ইমানবোৰ প্ৰতিকূলতাইও নিপীড়িত মানুহক মুক্তিৰ সপোন দেখাৰ পৰা বিৰত ৰাখিব পৰা নাছিল। সময়ে সময়ে উত্তৰৰ দাস প্ৰথা নথকা প্ৰদেশবোৰলৈ তেওঁলোক পলাই গৈছিল।
দাসসকলৰ এই পলাতক যাত্ৰা কিমান বিপদসংকুল আছিল সেয়া সঠিকভাৱে অনুমান কৰাটো বৰ্তমান আমাৰ বাবে প্ৰায় অসম্ভৱ কাম। উত্তৰৰ সেই মুক্ত ভূমিলৈ বহু দূৰ বাট। মিচিচিপিৰ পাৰৰ পৰা বহুকেইখন দাস-প্ৰদেশ পাৰ হৈ পাবগৈ লাগিব অহায়’ নদী। অহায়’ নদী পাৰ হৈ পাবগৈ সেই মুক্তিৰ দেশ, – কানাডা। কিন্তু এই দীৰ্ঘ পথত কোন মুহূৰ্তত চিকাৰী কুকুৰৰ দৰে পিয়াপি দি থকা দাস-চিকাৰীৰ হাতত বন্দী হৈ জীয়াতু ভূগিব লাগে ঠিক নাই। সেয়েহে অতি সংগোপনে নিশাৰ আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে আৰম্ভ কৰিছিল যাত্ৰা। ইমান দূৰ বাট কোনো যাতায়াত ব্যৱস্থা নোহোৱাকৈ, কাৰো হাতত ধৰা নপৰাকৈ এইদৰে পলায়ন কেনেকৈ সম্ভৱ হৈছে তাৰ উৱাদিহ নাপাই দাস মালিকসকলে ভাবিবলৈ লৈছিল কৰ’বাত এক গোপন ৰে’ল পথ আছে, হয়তো মাটিৰ তলৰ সুৰংগ পথেৰে। ১৮৩১ চনত প্ৰথমবাৰৰ বাবে ‘Underground rail road’ কথাটো ব্যৱহাৰ কৰিছিল এজন দাস মালিকে। কেন্টাকীৰ পৰা অহিঅ’লৈ পলাই গৈছিল তেওঁৰ এজন ক্ৰীতদাস। সেই দাস মালিকজনেই প্ৰথম এই কথা কৈছিল যে তেওঁৰ দাসজন নিশ্চয় কোনো গোপন ৰে’লপথেৰে পলাইছে। তাৰপাছত ১৮৩৯ চনত ওৱাশ্বিংটন কাকতত আন এটা সংবাদ প্ৰকাশ পায়। সংবাদটোত কোৱা হয় যে পলায়ন কৰিব খুজি ধৰা পৰা দাস এজনে স্বীকাৰ কৰিছে যে তেওঁ বস্তনলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কেনেকৈ যাবলৈ লৈছিল ইমান দূৰ? দাসজনে আত্যাচাৰ সহিব নোৱাৰি হেনো স্বীকাৰ কৰিছিল যে পলাই যাবৰ বাবে মাটিৰ তলেৰে এক গোপন ৰে’ল পথ আছে। ১৮৪০ চন মানলৈ ‘underground rail road’ বা ‘গোপন ৰে’ল পথ’ শব্দকেইটা আমেৰিকাৰ স্থানীয় ভাষাত ভালকৈয়ে সোমাই পৰিছিল। পলাতক দাসৰ বাবে এইটো হৈ পৰিছিল এটা সাংকেতিক ভাষা।
দাসপ্ৰথা আইন মতে বৰ্তি থকা প্ৰদেশবিলাকত যে কেৱল দাস চিকাৰীয়েই আছিল তেনে নহয়। ক্ৰীতদাসসকলৰ প্ৰতি সহমৰ্মী বহুতো লোকো আছিল। আনকি বহুতে দাসসকলক মুক্তিত সহায় কৰাটো ঈশ্বৰৰ সেৱা বুলিও গণ্য কৰিছিল। লাহে লাহে গাঁও অঞ্চলবোৰত এনে সহৃদয় মানুহৰ কিছুমান সমিতি গঠন হৈছিল। এই সমিতিসমূহে দাসসকলক দাস চিকাৰীৰ হাতত ধৰা নপৰাকৈ গোপনে পলাই যোৱাত সহায় কৰিছিল। নিউয়ৰ্কত ১৮৩৫ৰ পৰা আৰু ফিলাডেলফিয়াত ১৮৩৮ চনৰ পৰা এনে সমিতি সক্ৰিয় হৈ পৰিছিল। গতিকে বহু ক্ৰীতদাস এনেকৈয়ে পলায়ন কৰিছিল। আৰু দাস মালিকসকলে ব্যৱহাৰ কৰা ‘গোপন ৰে’ল পথ’ক দাসসকলে বা তেওঁলোকৰ সহায়কাৰীসকলেও সাংকেতিকভাৱে ব্যৱহাৰ কৰিবলৈ লাগি গৈছিল। মানুহৰ পদযাত্ৰাৰ এই পথবোৰেই হ’ল সাংকেতিক ভাষাত ‘গোপন ৰে’ল পথ’। ‘গোপন ৰেল পথেৰে’ কৰা পলাতক যাত্ৰাত তেওঁলোকৰ পথ প্ৰদৰ্শক বা সহায়কাৰীজনক সাংকেতিক ভাষাত কোৱা হৈছিল ‘কনডাক্টৰ’। ইমানদুৰ পথ যাবলৈ বহুদিন লাগিছিল। অধিক শুদ্ধকৈ ক’বলৈ গ’লে বহু ৰাতি লাগিছিল। দিনৰ ভাগত লুকাই থাকিবলৈ কিছুমান আশ্ৰয়স্থল ঠিক কৰা হৈছিল। কোনোবা সহৃদয় মানুহৰ ঘৰ, কিছুমান গীৰ্জা আৰু স্কুল ইত্যাদি আছিল এনেকুৱা আশ্ৰয় স্থল। এইবোৰক কোৱা হৈছিল ‘ষ্টেচন’ বা ‘ডিপো’। আশ্ৰয়স্থলবোৰৰ দায়িত্বত থকাসকলক কোৱা হৈছিল ‘ষ্টেচন মাষ্টাৰ’।
পশ্চিমাঞ্চলৰ পৰা অহায়’ হৈ ইণ্ডিয়ানা আৰু ল’ৱালৈ, আৰু আনফালে পেঞ্চিলভেনিয়া হৈ উত্তৰফালে নিউ ইংলেণ্ড আৰু ডেট্ৰইটৰ মাজেদি কানাডালৈ বহুকেইটা পথ ব্যৱহাৰ কৰা হৈছিল।
বহুসংখ্যক ক্ৰীতদাসৰ পলাতক যাত্ৰাৰ লক্ষ্যস্থান আছিল কানাডা। কাৰণ কানাডাত পূৰ্বে উল্লেখ কৰা ‘পলাতক দাস আইন’(১৭৯৩) খন গৃহীত হোৱা নাছিল। গতিকে সেইখন আছিল মুক্ত প্ৰদেশ বা ‘ফ্ৰী লেণ্ড’। ইয়াত কৃষ্ণাংগসকলৰ স্বাধীনতা আছিল। কানাডাৰ যিকোনো ঠাইত দাসসকল বসবাস কৰিব পাৰিছিল, জুৰিত বহিব পাৰিছিল, ৰাজহুৱা কাৰ্যালয় আদিত কাম কৰাৰ স্বাধীনতাও তেওঁলোকৰ আছিল। সেয়েহে বহু দাস উদ্ধাৰকাৰীয়ে কানাডাত বাহৰ পাতি থাকি দাসসকলক কানাডালৈ পলাই অহাৰ কামত সহায় কৰিছিল। এইসকলক সাংকেতিক ভাষাত ‘আণ্ডাৰগ্ৰাউণ্ড ৰে’ল ৰ’ড অপাৰেটৰ’ (Underground railroad operator) বা পাতাল ৰেলৰ পৰিচালক বোলা হৈছিল। কোৱা বাহুল্য যে পলাতক ক্ৰীতদাসসকলৰ বাবে কানাডাখন হৈ পৰিছিল স্বৰ্গৰাজ্য। কেন্টাকি (Kentucky) ভাৰ্জিনিয়া (Virginia), মেৰিলেণ্ড (Maryland) আদি অঞ্চলৰ পৰা বহু ক্ৰীতদাস কানাডালৈ পলাই আহিছিল এই পাতাল ৰেল পথেৰে।
গোপনীয়তাৰ স্বাৰ্থতে সকলো কথা সাংকেতিক ভাষাৰে তেওঁলোকে প্ৰকাশ কৰিছিল। সংকেত দিবৰ বাবে ৰচনা কৰা হৈছিল অজস্ৰ গীত। সেইবোৰেই হৈছে ‘গোপন ৰে’ল পথৰ গান’ (Songs of underground rail road)। পাছত হয়তো বহুতে এই গীতবোৰ অন্যান্য ঠাইত ভিন্ন পৰিস্থিতিত ভিন্ন ধৰণেৰে পৰিবেশন কৰিছে। বহুতো হৈ পৰিছে শিশুসকলে গোৱা জনপ্ৰিয় শিশুগীত। কিন্তু এই গীতবোৰত লুকাই থকা ইতিহাসে সদায় আমাক সোঁৱৰাই থাকিব নিষ্পেষিত মানুহৰ মুক্তিৰ অদম্য হেঁপাহৰ কথা।
দুটামান জনপ্ৰিয় গীত:
১) ফলৌ দা ড্ৰিংকিং গৰ্ড (Follow the drinkin’ gourd)
পিট চিগাৰকে আদি কৰি বহু খ্যাত অখ্যাত শিল্পীয়ে এই গীতটো পৰিবেশন কৰিছে। প্ৰায়ে শিশু গীত হিচাপে এই গীতটোৰ প্ৰচলন মন কৰা যায়। কিন্তু এই গীতটোৰ প্ৰকৃত ইতিহাস জড়িত হৈ আছে ‘গোপন ৰে’ল পথ’ৰ সৈতে।
Follow the drinkin’ gourd
For the old man is comin’ just to carry you to freedom
Follow the drinkin’ gourd
When the sun comes back, and the first quail calls
Follow the drinkin’ gourd
For the old man is waiting just to carry you to freedom
Follow the drinkin’ gourd
For the old man is waiting to carry you to freedom
Follow the drinkin’ gourd
Well the river bank makes a mighty good road
Dead trees will show you the way
Left foot, peg foot, travelin’ on
Follow the drinkin’ gourd
For the old man is waiting to carry you to freedom
Follow the drinkin’ gourd
Well the river ends, between two hills
Follow the drinkin’ gourd
There’s another river on the other side
Follow the drinkin’ gourd
For the old man is waiting to carry you to freedom
Follow the drinkin’ gourd
Well, where the great big river meets the little river
Follow the drinkin’ gourd
The old man is waiting to carry you to freedom
Follow the drinkin’ gourd
For the old man is waiting to carry you to freedom
Follow the drinkin’ gourd
For the old man is waiting to just to carry you to freedom
If you follow the drinkin’ gourd
(সপ্তৰ্ষি মণ্ডলটো অনুসৰণ কৰি গৈ থাকা।
বুঢ়া মানুহজন আহিছে কেৱল তোমালোকক মুক্ত কৰিবলৈকে।
সপ্তৰ্ষি মণ্ডলটো অনুসৰণ কৰি গৈ থাকা।)
এই গীতটোত যাত্ৰাৰ সময়ৰ কথা কোৱা হৈছে। পথৰ চিহ্নৰ কথা কোৱা হৈছে, দিশ ভুল নহ’বলৈ আকাশৰ সপ্তৰ্ষি মণ্ডলক অনুসৰণ কৰাৰ কথা কোৱা হৈছে। আৰু বাৰে বাৰে এজন বুঢ়া মানুহৰ কথা কোৱা হৈছে। অনুমান কৰি ল’ব পাৰি যে এই বৃদ্ধজন আছিল সেই যাত্ৰাৰ পথ প্ৰদৰ্শক বা তেওঁলোকৰ সাংকেতিক ভাষাত কনডাক্টৰ। এই বৃদ্ধজনক খোৰা জ’ বা ‘পে’গ লেগ জ’’ (Peg leg Joe) বুলি বহুতে চিনাক্ত কৰিছে। গীতটোৰ এঠাইত গোৱা হৈছে, – বাঁও ভৰি আৰু লগোৱা ভৰি আগে আগে গৈ আছে (Left foot, peg foot, travelin’ on)। পেগ লে’গ জ’ ৰ নামটো গোপন ৰে’ল পথৰ সৈতে অংগাংগীভাৱে জড়িত। নামটোৱেই কয় যে তেওঁৰ এটা ভৰি সংস্থাপিত অৰ্থাৎ কৃত্ৰিম। তেওঁ আছিল এজন নাবিক। বহু ক্ৰীতদাসক গোপন ৰে’ল পথেৰে পলুৱাই নিয়া কাৰ্যত তেওঁ কনডাক্তৰৰ ভূমিকা পালন কৰিছিল। অৱশ্যে বহুতে ক’ব খোজে যে জ’ কেৱল এজন মানুহ নহয়। বহুতো এনে সহৃদয় মানুহৰ সমষ্টিক বুজুৱা নাম।
কনডাক্তৰ সকলে সাধাৰণতে স্বাধীন ঠাইৰ পৰা আহি কপাহ খেতিত কৰ্মৰত ক্ৰীতদাসসকলৰ মাজত সোমাই পৰে। তাৰপাছত গোপনে মুক্তি পিয়াসী দাসসকলক পলায়নৰ বাবে সাঁজু কৰে। গভীৰ ৰাতি তেওঁলোকে লুকাই লুকাই যাত্ৰা আৰম্ভ কৰে। কনডাক্তৰে কোৱামতে ৰাতি ৰাতি ২০, ৩০ কিলোমিটাৰ পথ উত্তৰলৈ আগুৱাই আগতে ঠিক কৰি থোৱা নিৰাপদ আশ্ৰয়স্থলত তেওঁলোকৰ ভাষাত ‘ষ্টেচন’ বা ‘ডিপো’ত লুকাই পৰে। সেই ষ্টেচনত দুদিনমান ৰৈ গভীৰ নিশা আকৌ আৰম্ভ কৰে নতুন যাত্ৰা, আন এটি ষ্টেচনলৈ। আৰু সৰ্বশেষত অহায়’ নদী পাৰ হ’লেই পায়গৈ তেওঁলোকৰ হেঁপাহৰ ‘পৱিত্ৰ ভূমি’, সপোনাৰ মুক্ত ভূমি।
২) গ’ ডাউন মজেচ (Go down moses)
এইটোও এটা অতিকৈ জনপ্ৰিয় গীত। বিশেষকৈ বিখ্যাত ট্ৰাম্পেট বাদক তথা জাজ সংগীতৰ সম্ৰাট লুই আৰ্মষ্ট্ৰং (Louis Armstrong)ৰ পৰিবেশনটো সংগীতপ্ৰেমীৰ মাজত বহুলভাৱে প্ৰচলিত।
Go down Moses
Way down in egypt land
Tell all Pharaoes to
Let My People Go!
When Israel was in Egypt land…
Let My People Go!
Oppressed so hard they could not stand…
Let My People Go!
So the God said:
‘Go down, Moses
Way down in Egypt land
Tell all Pharaoes to
Let My People Go!’
So Moses went to Egypt land…
Let My People Go!
He made all Pharaoes understand…
Let My People Go!
Yes The Lord said
‘Go down, Moses
Way down in Egypt land
Tell all Pharaoes to
Let My People Go!’
Thus spoke the Lord,
bold Moses said: -Let My People Go!
‘If not I’ll smite, your firstborn’s dead’ –
Let My People Go!
God-The Lord said
‘Go down, Moses Way down in Egypt land
Tell all Pharaoes to
Let My People Go!’
Tell all PharaoesTo Let My PeopleGo
দেৱদূত যোৱা
ইজিপ্তৰ ভূমিলৈ নামি যোৱা
সকলো ফেৰ’কে কৈ দিয়া
যাতে মোৰ মানুহবোৰক যাবলৈ দিয়া হয়।
যেতিয়া ইজৰাইল আছিল ইজিপ্তৰ ভূমিত
আৰু সহিব নোৱৰাকৈ যেতিয়া তেওঁলোকক নিষ্পেষণ কৰা হৈছিল
ভগবানে কৈ উঠিছিল –
দেৱদূত, যোৱা
সকলো ফেৰ’কে কোৱাগৈ
যাতে মোৰ মানুহবোৰক যাবলৈ দিয়ে।
গীতটোত নীল নদীৰ পাৰৰ সাৰুৱা ইজিপ্তৰ ভূমিত যি নিষ্ঠুৰ দাসপ্ৰথা চলি আছিল তাৰ স্পষ্ট ইংগিত আছে। ইজিপ্ত হ’ল দাসভূমি আৰু ফেৰ’ বা ইজিপ্তৰ ৰজাসকল হ’ল দাস-মালিক। অল্ড টেষ্টামেনৰ মতে নীল নদীৰ উপত্যকা অঞ্চল আছিল ‘পবিত্ৰ-ভূমি’ জেৰুজালেমতকৈ ভৌগোলিকভাৱে নিম্নাংশত। গতিকে নীল নদীৰ পাৰলৈ অৰ্থাৎ ইজিপ্তলৈ দেৱদূতক প্ৰেৰণ কৰাৰ কথাটো কওঁতে নামি যাবলৈ (Go down) কোৱা হৈছে।
গোপন ৰেলপথৰ পলাতক দাসসকলে ব্যৱহাৰ কৰা সাংকেতিক ভাষাত বাইবেলৰ পৰা লোৱা কিছুমান প্ৰতীক, চৰিত্ৰ, নদ-নদী আদি বহুলভাৱে ব্যৱহাৰ কৰিছিল। দাসমুক্তিৰ সৈতে ঐশ্বৰিক আহ্বানকো সংপৃক্ত কৰা হৈছিল। সেয়েহে সুৰসমূহো কৃষ্ণাংগসকলৰ আধ্যাত্মিক সংগীতৰ পৰা প্ৰায়েই লোৱা হৈছিল। এই গীতটোত মজেচ অৰ্থাৎ দেৱদূত আৰু ঈশ্বৰৰ সঘন উপস্থিতি সেইকাৰণেই লক্ষ কৰা যায়। আনহাতে আমেৰিকাৰ দাসসকলৰ পৰিপ্ৰেক্ষিতত ‘চেল ডাউন দা ৰিভাৰ’ (Sell down the river) ‘নদীৰ নামনিলৈ বিক্ৰী কৰা’ কথাষাৰ আছিল অতি ভয়ংকৰ। এই নদীখন আছিল মিচিচিপি। মিচিচিপিৰ নামনি অংশৰ কপাহ আৰু নীল খেতিৰ বাবে অসংখ্য দাস ক্ৰয় কৰা হৈছিল। দাস নিলাম কৰাৰ বাবে এখন বৃহৎ বজাৰ আছিল নিউ অৰলেনত। কোনোবা দাসক যদি ইয়াত নিলাম কৰা হয়, তাকেই কোৱা হয় ‘চেল ডাউন দা ৰিভাৰ’। কাৰোবাক নিজৰ পৰিয়ালৰ পৰা কাঢ়ি নি এই নিলাম বজাৰত বিক্ৰী কৰি মিচিচিপিৰ পাৰলৈ পঠাই দিয়া কাৰ্যটোৰ সৈতে মৃত্যুদণ্ডৰ আদেশৰ কোনো পাৰ্থক্যই নাছিল। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে কাৰোবাক বিশ্বাসঘাতকতা কৰি চৰম বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়া কাৰ্যটোক বুজাবলৈ ‘চ’ল্ড ডাউন দা ৰিভাৰ’ [Sold (someone) down the river] প্ৰবচনটো ইংৰাজী ভাষাত প্ৰয়োগ হয়। এই প্ৰবচনটোৰ মূল উৎসটোত নিহীত হৈ আছে এই মিচিচিপিৰেই ইতিহাস।
সি যি নহওক, এই গীতটো যদিও বিভিন্ন সময়ত অন্যান্য পৰিবেশ পৰিস্থিতিৰ দ্যোতনাত্মক প্ৰকাশ হিচাপেও গোৱা হৈছে, মূল ব্যৱহাৰ কিন্তু গোপন ৰে’ল পথৰ সময়ৰ বুলিয়েই কথিত আছে। ইয়াত উল্লেখিত ঈশ্বৰ প্ৰেৰিত দূত বা মজেচগৰাকীৰো এক ইতিহাস আছে। সেই ইতিহাসৰ নাম, – হেৰিয়েট টাবমেন (Harriet Tubman )।
হেৰিয়েট টাবমেন নামৰ এই অদম্য সাহসী নাৰী গৰাকীৰ বিষয়ে সুকীয়াকৈ দীৰ্ঘ আলোচনা হ’ব পাৰে। ইয়াত মাত্ৰ চমুকৈ উল্লেখ কৰিব খুজিছোঁ। হেৰিয়েট টাবমেন নামৰ এগৰাকী অত্যুৎসাহী নাৰীয়ে গোপন ৰেলপথৰ কনডাক্টৰ হিচাপে বহু সংখ্যক ক্ৰীতদাসক কানাডালৈ পলাই যোৱাত সহায় কৰিছিল। প্ৰথম অৱস্থাত তেওঁ নিজেও আছিল এগৰাকী ক্ৰীতদাস। অবৰ্ণনীয় অত্যাচাৰ সহিব নোৱাৰি তেওঁ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল। বহু বিপৰ্যয় নেওচি তেওঁ পলাই যাবলৈ সক্ষম হৈছিল। কিন্তু তেওঁ নিজেই মুক্ত হৈয়েই ক্ষান্ত হোৱা নাছিল। দাসসকলক মুক্ত কৰাৰ কামত তেওঁ আত্মনিয়োগ কৰিছিল। পৰ্যায়ক্ৰমে তেওঁ প্ৰায় ৩০০ মান দাসক মুক্ত কৰিছিল। তেওঁৰ ওপৰত মোটা অংকৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল। সেই সময়তে সেয়া আছিল ৪০০০ ডলাৰ। তৎসত্ত্বেও তেওঁ নিজৰ এই দু:সাহসী কামৰ পৰা বিৰত হোৱা নাছিল। মুক্তি পিয়াসী দাসসকলে তেওঁক ‘দেৱদূত’ বা মজেচ আখ্যা দিছিল। কৃষ্ণাংগ দেৱদূত বা ‘ব্লেক মজেচ’ বুলিলে সেইকাৰণে হেৰিয়েট টাবমেনকেই বুজা যায়। ‘গ ডাউন মজেচ’ গানটোৱে যুগে যুগে মুক্তি পথৰ যাত্ৰীক উদ্যম যোগাই আহিছে আৰু যোগাই থাকিব।
৩) ৱেইড ইন দা ৱাটাৰ (Wade in the water) :
গোপন ৰে’ল পথৰ আৰু এটা জনপ্ৰিয় গীত হৈছে ৱেইড ইন দা ৱাটাৰ।
Wade in the water
Wade in the water
Children wade, in the water
God’s gonna trouble the water
Who’s that young girl dressed in red
Wade in the water
Must be the children that Moses led
God’s gonna trouble the water
Wade in the water, wade in the water children
Wade in the water,
God’s gonna trouble the water
Who’s that young girl dressed in white
Wade in the water
Must be the children of the Israelite
Oh, God’s gonna trouble the water
Wade in the water, wade in the water children
Wade in the water,
God’s gonna trouble the water
Who’s that young girl dressed in blue
Wade in the water
Must be the children that’s coming through,
God’s gonna trouble the water, yeah
Wade in the water,…
গীতটোৰ মুকলি ভাবানুবাদ এনেকুৱা পানীৰ মাজেৰে খুপি খুপি আগবাঢ়াঁ। বিভীষিকাময় এই পথ। খুপি খুপি আগবাঢ়াঁ। ৰঙা চোলা পিন্ধা সৌ ছোৱালীজনী কোন? নিশ্চয় দেৱদূতে আগবঢ়াই লৈ যোৱা ছোৱালীজনী। সৌ নীলা চোলা পিন্ধা ছোৱালীজনী কোন? বগা চোলা পিন্ধাজনী? সকলোৱে খুপি খুপি আগবাঢ়াঁ। বিভীষিকাৰ এই পথত খুপি খুপি আগবাঢ়াঁ।
এই গীতটোও হেৰিয়েট টাবমেনৰ সৈতে সংযুক্ত কৰা হয়। কোৱা হয় যে দাস চিকাৰীবোৰৰ হাতত ধৰা নপৰাকৈ পদচিহ্নবোৰ লুকুৱাই পেলাবলৈ হেৰিয়েটে সাংকেতিক ভাষাৰে কৈছিল। শংকাজনক অঞ্চলত পানীৰ মাজেৰে ডুব মাৰি মাৰি আগুৱাই যোৱাৰ সাংকেতিক নিৰ্দেশ আছিল গীতটোত।
সামৰণি:
প্ৰত্যক্ষভাৱে গোপন ৰে’ল পথৰ গীত নহ’লেও কৃষ্ণাংগসকলৰ নিপীড়িত জীৱনৰ পৰা মুক্তিৰ হাবিয়াসেৰে সিক্ত শত সহস্ৰ গীতক এই ধাৰাই প্ৰভাবিত কৰিছে। আমাৰ বাবে তাৰ আটাইতকৈ নিকট উদাহৰণ হ’ল ‘অ’ল মেন ৰিভাৰ’। পল ৰব চনে জনপ্ৰিয় কৰা এই বিখ্যাত গীতটোৰ আলমতেই সৃষ্টি হৈছিল ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে’। সি যি নহওক, ‘অ’ল মেন ৰিভাৰ’ত যেতিয়া মিচিচিপিক সম্বোধি কোৱা হয়, মিচিচিপিৰ পৰা মোক গুচি যাবলৈ দিয়া, মোক সেই সুঁতিটো দেখুওৱা, যাৰ নাম জৰ্ডান নদী (Let me go ‘way from the Mississippi, Let me go ‘way from de white man boss; Show me dat stream called de river Jordan) তেতিয়া শ্ৰোতাৰ মনত স্বাভাবিকতেই এটি প্ৰশ্নৰ উদয় হয়। মধ্য প্ৰাচ্যৰ জৰ্ডান নদীখনৰ কথা হঠাৎ মিচিচিপিৰ পাৰৰ নিষ্পেষিত শ্ৰমিকৰ কথাৰ মাজলৈ ক’ৰ পৰা আহিল! এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি জানিব লাগিব সাংকেতিক গোপন ৰে’ল পথৰ ভাষা। কিয় অহায়’ নদীখনক জৰ্ডান নদী বুলি উল্লেখ কৰা হৈছিল। বাইবেলৰ বৰ্ণনা অনুসৰি জৰ্ডান নদী পাৰ হ’লেই পোৱা যায় পবিত্ৰ ভূমি (Promised land)। ক্ৰীতদাস সকলেও অহায়’ নদী পাৰ হ’লেই পায়গৈ মুক্ত ভূমি। সেয়েহে তেওঁলোকৰ মুক্তিৰ সপোনৰ সৈতে চিৰদিন বৈ থাকে অহায়’ নদীখন মুকুতিৰ জৰ্ডান হৈ।
দাস প্ৰথা বিলুপ্ত হ’ল যদিও মানুহৰ ওপৰত মানুহৰ নিৰ্যাতন আজিও শেষ হোৱা নাই। এচাম মানুহক ক্ৰীতদাস কৰি এচামে আড়ম্বৰপূৰ্ণ জীৱন নিৰ্বাহ কৰাৰ প্ৰথা নতুন নতুন ৰূপেৰে আজিও বিদ্যমান। সেয়েহে নিৰ্যাতিত মানুহৰ মুক্তি নোহোৱালৈকে প্ৰকৃততেই মানুহৰ সৰ্বময় মানৱ মুক্তি সম্ভৱ নহয়। মানৱ মুক্তিৰ অনিৰ্বাণ আশাক আজিও নিৰ্যাতিত মানুহৰ প্ৰাণৰ গানে উজ্জীৱিত কৰে। গোপন ৰে’ল পথৰ গানবোৰ সেয়েহে যুগে যুগে বৈ থাকিব মানুহৰ প্ৰাণে প্ৰাণে।
দাস আৰু আণ্ডাৰগাউণড ৰেল , দাসসকলৰ কিনা বেচা সম্পৰ্কে বহুত নজনা কথা জানিবলৈ পাই উপকৃত হ’লো । বৰ্ণালী বৰুৱা প্ৰমূখে মুক্ত চিন্তাৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছো
মন্তব্যৰ বাবে অশেষ ধন্যবাদ