বিশ্বাস-অবিশ্বাস

বাস্তুশাস্ত্ৰ কিমান প্ৰাসংগিক?- (ড০ অতনু কুমাৰ দত্ত)

বাস্তু পুৰণি ভাৰতীয় স্থাপত্যৰ এক ৰীতি। বাস্তুবিদ্যা সম্প্রতি জনপ্ৰিয় হৈ উঠিছে। ইয়াৰ আঁৰত এচাম লেখকৰ আৰু একাংশ স্থাপত্য-কাৰিকৰী প্ৰতিষ্ঠানৰ ব্যৱসায়িক স্বার্থ আছে বুলি ভবাৰ থল আছে। বর্তমান লেখাৰ উদ্দেশ্য হ’ল আজিৰ যুগত বাস্তু বিদ্যা কিমান প্রাসঙ্গিক তাৰ বিচাৰ কৰা। তাৰ আগতে বাস্তুশাস্ত্ৰৰ অতীতত এবাৰ ভুমুকি মাৰি চাওঁ আহক৷

বাস্তু শব্দ আহিছে ‘বাস’ ধাতুৰ পৰা; য’ত বাস কৰা হয় সেয়ে বাস্তু। বাস্তুবিদ্যাৰ বিষয়সমূহ ঋক বেদৰ পৰা আৰম্ভ কৰি পুৰাণসমূহলৈ সিঁচৰতি হৈ আছে। অর্থাৎ খীঃ পূঃ ১৬০০ চন বাস্তুবিদ্যাৰ আৰম্ভণি সময়। ৰামায়ণতাে বাস্তু বিধি প্রয়ােগৰ উল্লেখ আছে। চিত্রকুট পর্বতত পঁজা সাঁজোতে ৰামচন্দ্ৰই ‘বাস্তুপসমন’ অনুষ্ঠান পাতিছিল। জাতক কথাতাে বাস্তুবিদ্যাৰ প্ৰয়ােগৰ উল্লেখ পােৱা যায়। কাঠৰ সংগ্ৰহ পদ্ধতি আৰু এইবিলাকৰ শ্ৰেণীবিভাজন প্রতিষ্ঠিত হৈছিল। বাস্তুবিদ্যাই স্থাপত্যৰ লগতে ভাস্কর্য আৰু চিত্রশিল্পক সামৰি লৈছিল। সেই মতে বাস্তুশাস্ত্র শিল্পশাস্ত্ৰৰ এক অংগ। হিউৱেন চাঙৰ বিৱৰণত পােৱা মতে ই নালন্দা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল। প্রতিষ্ঠা বা নিবন্ধ শ্ৰেণীৰ পুথিতো বাস্তুবিদ্যাৰ উল্লেখ পােৱা যায়। সর্বমুঠ ৩২ খন পুথিক বাস্তু বিদ্যাৰ উৎস হিচাপে গণ্য হয়। ভৃগু, বশিষ্ঠ, বিশ্বকর্মা আদি ওঠৰজন মুনিক বাস্তুবিদ্যাৰ জনক হিচাপে মনা হয়। বাস্তুবিদ্যা বিষয়ৰ পূর্ণাঙ্গ পুথি হ’ল একাদশ শতিকাৰ সমৰগণ সূত্ৰধাৰ। এইখিনিতে উল্লেখ কৰিব পাৰি খীঃ পূঃ ২৫০০ চনৰ মহেঞ্জোদাৰাে আৰু হৰপ্পাৰ পৰিকল্পিত নগৰ সভ্যতা বাস্তুবিদ্যাৰ আওঁতাত নপৰে। ঋকবেদত অনার্য জাতিৰ বাসগৃহ(হাৰম্য) আৰু নগৰ(পুৰ)ক বাস্তুৰ গণ্ডীৰ বাহিৰত ৰখা হৈছিল। আনকি অনার্যসকলে শিলৰ গৃহত থকাৰ বাবে খীঃ পূঃ তৃতীয় শতিকালৈ বাস্তু স্থাপত্যত শিলৰ ব্যৱহাৰৰ প্রমাণ নাই।

ঋকবেদৰ বাস্তুবিধিয়ে বাসস্থানৰ বাছনি, বাস্তুদেৱতাৰ পূজা, দুৱাৰ-খুটা আদিৰ পূজা সামৰি লৈছিল। অর্থাৎ জন্মৰ সময়তেই বাস্তু ধর্মীয় আচাৰ-নীতিৰ গণ্ডীত সােমাইছিল। গৃহনির্মাণৰ শুভমুহূর্ত হিৰণ্যকেশী গৃহসূত্ৰত লিপিবদ্ধ কৰা হৈছে। বাস্তুশাস্ত্র এনেদৰে জ্যোতিষশাস্ত্ৰৰে জড়িত হৈছিল।

বাসােপযােগী ভূমি নির্বাচনৰ বাবে অশ্বলায়ন, খাদি, গােভিলা, অপস্তম্ভ আদি গৃহসূত্রত বিধি আছে। ঋকবেদৰ এটি শ্লোক মতে মাটিডােখৰ পূবলৈ হেলনীয়া হ’ব লাগে। আজিৰ বিজ্ঞানে এইবোৰ বিধিত কোনো যুক্তি দেখা নাপায়। অৱশ্যে ভূমি পৰীক্ষাৰ কেতবােৰ নিয়ম বেচ বিজ্ঞানসন্মত আছিল বুলিব লাগিব৷ অৱশ্যে আজিৰ ভূমি পৰীক্ষণ তাতােকৈ বহুত আগবাঢ়িছে। বস্তুবিধিত বৰ্ণভেদো সােমাইছিল; বৰ্ণৰ ভেটিত গৃহনির্মাণৰ ভূমি বিতৰণ বিধি সন্নিবিষ্ট হৈছিল। মাটিৰ গন্ধ, ৰং অনুসৰি বামুণ, ক্ষত্রিয়, বৈশ্য, শূদ্রক গৃহ-ভূমি বিতৰণৰ নীতি-নিয়ম অন্তর্ভূক্ত হৈছিল। বহু বাস্তু বিধি আজিৰ বিজ্ঞানে নাকচ কৰিছে। এটা উদাহৰণ হ’ল, বেৰৰ চুকত দুৱাৰ নৰখাৰ দিহা৷ ভুইকঁপ-প্ৰতিৰােধী ইটাৰ ঘৰত পিছে দুৱাৰ ৰখা উচিত চুকতহে৷ অন্য এক বাস্তু বিধি হ’ল— ঘৰৰ উচ্চতা দক্ষিণ আৰু পশ্চিম দিশত বেছি হ’ব লাগে। গৃহ-আভিযান্ত্রিকী মতে কিন্তু ভুইকঁপ-প্ৰৱণ অঞ্চলত ঘৰ সমতুল হোৱাহে বাঞ্ছনীয়। বাকী ৰ’ল ঘৰৰ কোঠা সমূহ কোনফালে ৰাখিব তাৰ দিহা৷ আজিৰ গৃহ-বিজ্ঞানে সূর্য-চিত্ৰৰ সহায়ত কোন দিশে কোন কোঠা থাকিব তাৰ বিশদ নির্দেশনা দিছে। এই বিধি সূৰ্যৰ পােহৰ উপলব্ধতা, বতাহ দিশৰ লগত জড়িত। তেনেস্থলত পুৰণি অবৈজ্ঞানিক বাস্তু বিধি মনাৰ কোনো যুক্তি থাকিব নােৱাৰে।

অসমৰ এখন জনপ্রিয় দৈনিক কাকতত ছমাহমান জুৰি এটা প্রতিষ্ঠানে বাস্তু নৈপুণ্যৰ বিজ্ঞাপন দিছিল। তেওঁলােকে প্রচাৰ কৰা বাস্তুবিধিৰ নমুনাবোৰ এনেকুৱা- ‘কোণীয়াকৈ সজা ঘৰ অমঙ্গলীয়া’; ‘দক্ষিণমুখী ঘৰ মানে নির্ধনতা, পুত্রবৃদ্ধি, নীচতা’; ‘পশ্চিমমুখী ঘৰত পাপ সঞ্চয়, ৰোগবৃদ্ধি, ৰাজভয়, ধননাশ’; ‘ঈশাণ দিশত শােৱা কোঠা থাকিলে উন্নতিত বাধা, বেমাৰ-আজাৰ বৃদ্ধি, কন্যাৰ বিবাহত বিলম্ব’। এইবোৰ উদ্ভট কথাক বিশ্বাসযােগ্য কৰিবৰ বাবে তেওঁলােকে বাস্তুবিদ্যাক মহাজাগতিক ৰশ্মি, আপেক্ষিকতাবাদ, চুম্বকক্ষেত্র আদিৰে বিজ্ঞান সজোৱাৰ চেষ্টা কৰিছে।

দেখা গ’ল, বস্তুবিধিৰ প্রাসঙ্গিকতা আজিৰ সময়ত নাই৷ পিছে বজৰুৱা চক্রই সাধাৰণ মানুহক বস্তুৰ নামত বিপথে নিয়াৰ অপচেষ্টা কৰিব কৰি আছে‌। আমাৰ মাজত থকা স্থপতি আৰু শিক্ষক-অভিযন্তাসকলে আধুনিক বিজ্ঞান-প্রযুক্তিক সৰ্বসাধাৰণৰ কাষলৈ নিব পাৰিলেহে এনে প্ৰচাৰৰ চোক কমিব বুলি আশা কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *