অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (প্ৰথম সংখ্যা)

বিদ্যায়তনিক-অবিদ্যায়তনিক: তিনিটা টোকা – (নয়নমণি মেধি)

এক/ শিক্ষা প্রতিষ্ঠানত শংকৰদেৱৰ তিথি

সংখ্যালঘু (ইছলামধৰ্মী) অধ্যুষিত এলেকাত অৱস্থিত আৰু খ্ৰীষ্টান মিছনেৰীৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ বাদে অসমৰ অধিকাংশ শিক্ষা প্ৰতিষ্ঠানতেই প্ৰতি বছৰে সৰস্বতী পূজা অনুষ্ঠিত কৰা হয়। একেদৰে সংখ্যালঘু, মিছনেৰী, বাঙালী আৰু জনজাতীয় অধ্যুষিত এলেকাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহক বাদ দি অসমৰ বহু সংখ্যক চৰকাৰী খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিও উদযাপন কৰা হয়। যুক্তিবাদী আন্দোলনৰ সৈতে জড়িত ব্যক্তি হিচাপে আমি দীৰ্ঘদিনৰ পৰাই ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানত সৰস্বতী পূজা পতা ‘পৰম্পৰা’ৰ বিৰোধ কৰি আহিছোঁ। হিন্দু ধৰ্মীয় বিধি অনুসৰি পতা এই পূজাই শিক্ষা প্ৰতিষ্ঠান এটি ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ ওপৰত আঘাত কৰে আৰু এই কু-পৰম্পৰাই ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান অৰ্জন বা পৰীক্ষাত ভাল ফল প্ৰদৰ্শনৰ বাবে নিজৰ আত্মবিশ্বাস হ্ৰাস কৰি কোনো এক কল্পিত দেৱীৰ আশিস-অনুগ্ৰহ লাভৰ প্ৰতিহে ধাউতি জগাই তোলে। (অৱশ্যে এয়া সত্য যে সাম্প্ৰতিক সময়ত সৰস্বতী পূজাৰ তথাকথিত আধ্যাত্মিকতাৰ প্ৰতি সৰহভাগ ছাত্ৰ-ছাত্ৰীৰেই অনীহাৰ মনোভাৱ দেখা গৈছে আৰু তেওঁলোকে ইয়াক আনন্দ-স্ফূৰ্তিৰ উৎসৱ ৰূপেই পালন কৰিব বিচাৰিছে। এনে আনন্দ-স্ফূৰ্তিৰ মাত্ৰাধিক্যই ছাত্ৰ সমাজত উচ্ছৃংখলতাও সৃষ্টি কৰিছে।) এই প্ৰসংগটো ইমানতে থৈ শিক্ষা প্ৰতিষ্ঠানত শংকৰদেৱৰ তিৰোভাৱ তিথি পতাৰ সম্পৰ্কে দুআষাৰ আলচ কৰিব বিচাৰিছোঁ।

অসমৰ সমাজ-সংস্কৃতি আৰু সাহিত্যত নৱজাগৰণ আনোতা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা নিৱেদন তথা তেখেতক স্মৰণ কৰাটো আমাৰ জাতীয় দায়িত্ব স্বৰূপ। অসমৰ একাংশ বিদ্যালয়-মহাবিদ্যালয়ে এই দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি অহাটোও শুভ লক্ষণ। শংকৰী ধৰ্মমতৰ অনুগামী ভক্তবৃন্দৰ উপৰিও সামগ্ৰিকভাৱে অসমীয়া ৰাইজে নামঘৰ, কীৰ্তনঘৰ, সত্ৰ আদিত ধৰ্ম গুৰুজনৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰি প্ৰতিটো তিথিতে নাম-প্ৰসংগৰ আয়োজন কৰে। আজিকালি অৱশ্যে স্থান বিশেষে ইয়াৰ লগত সংগতি ৰাখি ধৰ্ম বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত কৰা আৰু স্মৃতগ্ৰন্থ-স্মৰণিকা আদি প্ৰকাশ কৰাও দেখা যায়। এই ক্ষেত্ৰত আমাৰ ক’বলগীয়া বিশেষ নাই যদিও এষাৰ কথা ক’ব পৰা যায় যে শংকৰ গুৰুক মাথোন মণিকূটৰ ভিতৰতে আৱদ্ধ কৰি নাৰাখি জগত সভাত পৰিচয় কৰাই দিয়াৰ বাবে বৈষ্ণৱ প্ৰাণসকলৰো কিছু দায়িত্ব আছে।

আমাৰ বাবে অতিশয় দুখৰ কথাটো হ’ল নামঘৰ-কীৰ্তনঘৰত যি পদ্ধতিৰে তিৰোভাৱ তিথিত শংকৰদেৱক স্মৰণ কৰা হয়, সেই একে পদ্ধতি বা পৰম্পৰা অসমৰ প্ৰায়বোৰ শিক্ষা প্ৰতিষ্ঠানতো প্ৰচলিত হৈ আছে। কেৱল বৈষ্ণৱ ধৰ্মীয় গুৰু বা ধৰ্ম প্ৰৱৰ্তক হিচাপেই শিক্ষা প্ৰতিষ্ঠানসমূহত শংকৰদেৱক স্মৰণ কৰাটোৰ আমি তীব্ৰ বিৰোধ কৰোঁ। দৰাচলতে শিক্ষা প্ৰতিষ্ঠানৰ মজিয়াত শংকৰদেৱ স্মৰণ অনুষ্ঠানত তেখেতৰ ধৰ্মীয় দিশটো চৰ্চা কৰাৰ সলনি অসমৰ সমাজ-সাহিত্য-সংস্কৃতিৰ প্ৰতি মহাপুৰুষগৰাকীৰ বহুমুখী অৱদানৰ বিষয়ে চৰ্চা হ’ব লাগে। এটা কথা মনত ৰখা ভাল যে কেৱল মাথো ধৰ্মগুৰু হিচাপেই শংৰদেৱৰ পৰিচয় সীমাৱদ্ধ নহয়। এতিয়াৰ পৰা পাঁচ শতিকাৰ আগৰ বিৰাট বেমেজালিৰে ভৰা অসমৰ সমাজ জীৱনত শংকৰদেৱে তেখেতৰ ধৰ্মমতেৰে সমাজত সুস্থিৰতা অনাৰ লগতে বহুধা বিভক্ত অসমীয়া সমাজখনকো একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। কিন্তু একাংশ ভক্তই ভবাৰ দৰে শংকৰদেৱ কোনো কল্পিত ঈশ্বৰৰ অংশ বা অৱতাৰ মুঠেই নহয়, তেখেতো এগৰাকী তেজ-মঙহৰ মানুহেই আছিল। সাধাৰণ মানুহৰ সৈতে পাৰ্থক্য ইয়াতেই যে শংকৰদেৱ আছিল বিৰল প্ৰতিভাৰ অধিকাৰী। সমাজ-সংস্কাৰ কৰাৰ উপৰিও শংকৰদেৱে অসমৰ সাহিত্য, সংস্কৃতি, নাট্যশিল্প, চিত্ৰ-স্থাপত্য, সংগীত আদিত নৱজাগৰণৰ সূচনা কৰিছিল। সংস্কৃত ভাষাত অগাধ পাণ্ডিত্য থকাৰ পাছতো এইগৰাকী বৰেণ্য ব্যক্তিয়ে থলুৱা ভাষাত সাহিত্য ৰচনা কৰি জাতীয়তাবোধৰ পৰিচয় দিছিল। মুকলি মঞ্চত বা ৰাইজৰ মাজত নাট্য পৰিৱেশন শৈলীৰ বাটকটীয়া হিচাপে তেখেত চাগে বিশ্বৰ ভিতৰতে আগৰণুৱা। তদুপৰি শংকৰদেৱে সেই মধ্যযুগতেই বলি-বিধানৰ বিৰোধিতা কৰিছিল। উল্লিখিত এই দিশসমূহৰ উপৰিও আৰু অনেক দিশত শংকৰদেৱৰ বিষয়ে বক্তৃতা, ৰচনা বা আলোচনা অনুষ্ঠিত কৰাৰ আৱশ্যকতা শিক্ষা প্ৰতিষ্ঠানসমূহত নিশ্চয়কৈ আছে। শংকৰদেৱৰ তিথি পালনৰ নামত শিক্ষা প্ৰতিষ্ঠানসমূহত ভকতীয়া পন্থাৰে মাহ-প্ৰসাদ খোৱাৰ চিন্তা নকৰি কিছু বিদ্যায়তনিক চিন্তা চৰ্চা কৰিলেহে শংকৰদেৱক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পৰা যাব আৰু এগৰাকী বিৰল প্ৰতিভাধৰ অসমীয়া হিচাপে গৌৰৱ কৰিব পৰা যাব।

দুই/ নিৰীশ্বৰবাদীৰ ভক্তি সাহিত্য পাঠ

প্ৰতিষ্ঠানিক ধৰ্মৰ প্ৰতি আস্থাহীনতাৰ কথা মুকলিকৈ ব্যক্ত কৰাৰ পাছত আৰু যুক্তিবাদী তথা বিজ্ঞানমনস্কতা প্ৰসাৰৰ আন্দোলনৰ সৈতে সততে জড়িত হৈ থকাৰ বাবে বহুতেই মোক প্ৰশ্ন কৰে: “আপুনি শ্ৰেণীকোঠাত শংকৰদেৱ-মাধৱদেৱৰ ভক্তিমূলক সাহিত্য পঢ়ায়নে? যদি পঢ়ায় কেনেকৈ পঢ়ায়?  শ্ৰীকৃষ্ণক আপুনি ঈশ্বৰ বুলি কয় নে নকয়?” এইখিনিতেই উল্লেখ কৰা প্ৰয়োজন যে পেশাগতভাৱে মই এগৰাকী শিক্ষক আৰু শ্ৰেণীকোঠাত মই অসমীয়া সাহিত্য পঢ়ুৱাওঁ। ব্যক্তিগতভাৱে মই যিহেতু ‘ঈশ্বৰ’ৰ অস্তিত্বত বিশ্বাস নকৰোঁ, সেয়ে মোৰ ভক্তি সাহিত্য পঠন আৰু পাঠদান শৈলীও কিছু সুকীয়া। মোৰ আটাইবোৰ ছাত্ৰ-ছাত্ৰী হিন্দু নহয়, একাংশ মুছলমান আৰু খ্ৰীষ্টান ধৰ্মীয় পৰিয়ালৰ পৰা অহা ছাত্ৰ-ছাত্ৰীও তাৰ মাজত থাকে। তদুপৰি কোনো ধৰ্মীয় তত্ত্ব বা ‘ঈশ্বৰ’ৰ মহিমাৰ বিষয়ে পাঠদান কৰাটো মোৰ কাম নহয়, মই মাত্ৰ সাহিত্যৰহে পাঠদান কৰোঁ। উদাহৰণস্বৰূপে, শংকৰদেৱ বিৰচিত ‘কালীয় দমন’ নাটখন দীৰ্ঘদিনৰ পৰা পঢ়ুৱাই আহিছোঁ। পাঠৰ আৰম্ভণিতেই মই শংকৰদেৱৰ অনুপম সাহিত্যিক প্ৰতিভাৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিবলৈ প্ৰয়াস কৰোঁ। শংকৰদেৱৰ সাহিত্যৰ ভাষা, শব্দ, ছন্দ-অলংকাৰ, উপমা আদিৰ বিষয়ে সম্যক ধাৰণা দাঙি ধৰোঁ। তাৰ পাছত অসমীয়া নাট্য সাহিত্যলৈ তেখেতৰ অৱদানৰ কথা কওঁ। নাটকখনৰ মূল পাঠটো আৰম্ভ কৰাৰ সময়তে ছাত্ৰ-ছাত্ৰীসকলক কওঁ যে এতিয়া আমি এটা অনুপম আখ্যান নাটকখনৰ যোগেদি উপভোগ কৰিম। কালীয় সৰ্প আৰু কৃষ্ণ চৰিত্ৰৰ ব্যাখ্যাৰ যোগেদি নাট্যকাৰে প্ৰতীকাত্মকভাৱে কি বাৰ্তা সমাজলৈ আগবঢ়াব বিচাৰিছে সেইবোৰ কথাও সহজ-সৰলকৈ তেওঁলোকক বুজাই দিবলৈ যত্ন কৰোঁ। পাঠৰ অন্তত আনুষংগিক প্ৰশ্নোত্তৰ সম্পৰ্কেও আলোচনা কৰোঁ। কিন্তু শ্ৰীকৃষ্ণক ‘ভগৱান’ৰ ৰূপত কল্পনা কৰিবলৈ মই ছাত্ৰ-ছাত্ৰীসকলক কোনোদিনেই নিশিকাওঁ। বৰঞ্চ শংকৰদেৱৰ সাহিত্যৰ অনুপম ৰস আস্বাদন কৰিবলৈ শিকাওঁ আৰু অধিক পৰিমাণে শংকৰী সাহিত্য পাঠৰ বাবে উৎসাহ দিওঁ। এই একে পদ্ধতিৰে মই শংকৰ-মাধৱৰ বৰগীতসমূহো পঢ়ুৱাওঁ। বৰগীতৰ কাব্যিক সৌন্দৰ্যখিনি ফঁহিয়াই দেখুৱাবলৈ যত্ন কৰোঁ। মোৰ দৰে নিৰীশ্বৰবাদী এজনৰ পক্ষে বৈষ্ণৱ যুগৰ ভক্তি প্ৰধান সাহিত্যৰাজি পঢ়াবলৈ শিক্ষক হিচাপে কোনো অসুবিধা-অস্বস্তি মই কোনোদিনে অনুভৱ কৰা নাই।

তিনি/ সৌভাগ্য/ দুৰ্ভাগ্য ইত্যাদি

(ক) আমাৰ পৰম সৌভাগ্য যে দেৱকান্ত সন্দিকৈৰ দৰে এগৰাকী যুক্তিবাদী লেখক অসমত আছে।

(খ)  একাংশ বিজ্ঞানৰ শিক্ষক-অধ্যাপকো অন্ধবিশ্বাসত নিমগ্ন হৈ থকাটো চৰম দুৰ্ভাগ্যজনক।

ওপৰত উল্লেখ কৰা ধৰণেৰে দুটামান বাক্য কৈ পৰম সুহৃদ যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈ ডাঙৰীয়াক এদিন ফোন কৰিলোঁ আৰু ক’লোঁ যে আমি ‘ভাগ্য’ত  বিশ্বাস নকৰা সকলেও অসাৱধানবশতঃ কিম্বা স্বভাৱগতভাৱে এনেদৰে ‘সৌভাগ্য’, ‘দুৰ্ভাগ্য’ আদি শব্দ মাজে সময়ে ব্যৱহাৰ কৰোঁ। গতিকে এনে শব্দৰাজিৰ বিকল্প প্ৰতিশব্দ বা সমাৰ্থক শব্দ বিচাৰি আমি প্ৰয়োগ কৰিব পাৰিলে ভাল। সন্দিকৈ ডাঙৰীয়াই মোৰ কথাষাৰ সমৰ্থন জনালে আৰু সুধিলে তেনেকুৱা শব্দ কিবা মনলৈ আহিছে নেকি? প্ৰত্যুত্তৰত মই তেখেতক সন্ধান কৰিব লাগিব বুলি জনালোঁ।

সাধাৰণভাৱে ‘সৌভাগ্য’ আৰু ‘দুৰ্ভাগ্য’ শব্দ দুটাৰ ঠাইত আমি ‘সুখদায়ক’ বা ‘আনন্দদায়ক’ আৰু ‘দুঃখজনক’ শব্দকেইটা ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া হ’লে ওপৰত লিখা বাক্য দুটা এনে ধৰণৰ হ’ব–

(ক) আমাৰ বাবে পৰম সুখদায়ক কথা যে দেৱকান্ত সন্দিকৈৰ দৰে এগৰাকী যুক্তিবাদী লেখক অসমত আছে।

(খ)  একাংশ বিজ্ঞানৰ শিক্ষক-অধ্যাপকো অন্ধবিশ্বাসত নিমগ্ন হৈ থকাটো চৰম দুঃখজনক।

এইটো মাত্ৰ এটা উদাহৰণহে। যুক্তিবাদী আৰু সংস্কাৰমুক্ত লোকসকলে কথা-বতৰা পাতোঁতে আৰু লিখোঁতে কিছু সাৱধানতা অৱলম্বন কৰি সংস্কাৰপূৰ্ণ শব্দবোৰৰ বিকল্প প্ৰতিশব্দ বাছি ল’ব পাৰোঁ বা প্ৰয়োজন সাপেক্ষে গঢ়ি ল’বও পাৰোঁ। মৃত্যুৰ পাছত মানুহ এজন (বা ‘আত্মা’টো) ‘স্বৰ্গ’লৈ যোৱাটো বিশ্বাস নকৰিলে মৃত ব্যক্তিগৰাকীৰ নামৰ আগত ‘স্বৰ্গীয়’ বুলি কিয় লিখিম? তাতকৈ একান্তই লিখিবলগীয়া হ’লে ‘মৃত’ বুলিয়েই লিখিম। ‘ভূত’ বিশ্বাস নকৰাজনে কোনোবা “বিজ্ঞান শিক্ষকৰ ঘৰত ভূতৰ তাণ্ডৱ” চলা বুলি বাতৰি কাকতত পঢ়িলেও ‘ভূত ওলোৱাৰ খবৰ’ ল’বলৈ যাম নে ‘ভূত’ৰ আঁৰৰ ৰহস্য উদঘাটন কৰিবলৈ যাম? এই কথাবোৰ ভবাৰ প্ৰয়োজন মই অনুভৱ কৰিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *