বৰষুণৰ অপেক্ষাত – (অচ্যুৎ মাধৱ দাস)
ফটা টঙি জালখন সী থকা মানুহজনী
কণমাই দাস।
মান্ধাতা যুগৰে জালখনৰ
সূতাবোৰ পচিবলৈ ধৰিছে,
তাই কোনোমতে গাঁঠি কেইটামান দিহে
ফুটাবোৰ মাৰিছিলোঁ।
আদ-বয়সতে হাড়-ভঙা শ্ৰম কৰি
কণমাইৰ বিষালি হোৱা মানুহটোক
ৰাতি গেলা-কণৰ লগত পুঠী মাছ দুজনী নিদিলে
গোটেই ৰাতিটো ভ্ৰম বকি থাকে।
কণমায়ে জালত কেতিয়াও ডাঙৰ মাছ ধৰি পোৱা নাই
পুঠী-খলিহনা দুটামান হ’লেই তাইৰ চলি যায়
তথাপিও জালখন নৈত পেলাই
তাই মাজে মাজে ভাবে-
যিখন জালত পুঠী-খলিহনা সৰকিব নোৱাৰে
সেইখন জালত ৰৌ-বৰালি সৰকে কেনেকৈ।
উত্তৰবিহীন প্ৰশ্ন এটাই কণমাইক আমনি কৰে
নৈৰ পকনীয়া এটাৰ দৰে প্ৰশ্নটো ঘুৰি থাকে
যিখন জালত পুঠী-খলিহনা সৰকিব নোৱাৰে
সেইখন জালত ৰৌ-বৰালি সৰকে কেনেকৈ।
অচ্যুৎ অভিনন্দন। বহুত ভাল হৈছে? প্ৰশ্নটো চাৰিওফালে বিয়পি পৰক…
ধন্যবাদ গৌতম দা। প্ৰশ্নটো মানুহৰ মাজলৈ যাওক।