চহৰৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰা প্ৰশ্নটো এতিয়াও উত্তৰহীন ।। মূল: প্রবুদ্ধ বন্দ্যোপাধ্যায়, অনুবাদ: তৰালী শৰ্মা
যেতিয়ালৈকে এই পৃথিৱীত বৈষম্যৰ ৰাজত্ব থাকিব তেতিয়ালৈকে সাধাৰণ মানুহে, কঠোৰ পৰিশ্ৰমী মানুহে, সম অধিকাৰ বিচৰা মানুহে এই গীতটো গাই যাব। এই গীতটোৰ সততাই গীতটো কালোত্তীৰ্ণ হোৱাৰ কাৰণ। এই গীতত নাই কোনো নান্দনিকতাৰ বাধ্যবাধকতা, সাহিত্যিক মূল্য পূৰণ কৰাৰ কোনো দাবী, নাই উচ্চবিত্তৰ ভাবনা বিলাস ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
(‘প্ৰতিদিন ৰোববাৰ ডট ইন’ নামৰ বঙালী সাপ্তাহিক পত্ৰিকাখনৰ ‘গানস এণ্ড ৰোজেছ‘ শিতানত প্রবুদ্ধ বন্দ্যোপাধ্যায়ৰ ‘যে প্রশ্ন শহৰেৰ আনাচেকানাচে ঘুৰে বেড়ায়, উত্তৰ পাওয়া যায় না‘ শীৰ্ষক লেখাটো ২০২৪ বৰ্ষৰ ৬ ছেপ্টেম্বৰত প্ৰকাশ পায়। উক্ত লেখাটোত ফ্লৰেন্স ৰিছে লিখা আৰু পিট ছিগাৰে কণ্ঠ নিগৰোৱা এক বৈপ্লৱিক চেতনা বিজৰিত ‘হুইচ চাইড আৰ ইউ অন‘ গীতটোৰ আৰম্ভণি, ইয়াৰ বিৱৰ্তন আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে কিছু আভাষ দিয়া হৈছে।)
হুইচ চাইড আৰ ইউ অন, ফ্লৰেন্স ৰিস, পিট ছিগাৰ
১৯৩০ চন। কেণ্টাকি হাৰ্লন কাউণ্টিৰ কয়লা খনিৰ শ্ৰমিকসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্মঘটৰ আহ্বান জনায়। কৰ্তৃপক্ষ অটল আৰু শ্ৰমিকৰ দাবী শুনিবলৈ ৰাজী নহয়। আৰু শ্ৰমিকসকলও নাছোড়বান্দা, তেওঁলোকেও ৰাস্তা এৰি নাযায়। এনেদৰে লাহে লাহে ধৰ্মঘটটো দীঘলীয়া হ’ল। শ্ৰমিকৰ ক্ষোভ সাধাৰণ ৰাইজৰ মাজলৈ বিয়পি পৰিল। হাৰলন প্ৰদেশৰ শ্বেৰিফ, জে. এইচ. ব্লেয়াৰে কৰ্তৃপক্ষৰ সৈতে লগ হৈ প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰি তেওঁলোকৰ অৱস্থান ভংগ কৰে। তথাপিও নিজৰ দাবীত অটল, সৰ্বশ্রান্ত শ্ৰমিক, কায়িক শ্ৰমদান কৰা শ্ৰমিকসকলৰ মনোবল ভাঙি পেলোৱা নাযায়। বাৰে বাৰে কৰ্ম বিৰতিৰ আহ্বান জনাই তেওঁলোক ৰাজপথলৈ ওলাই আহে। একে সময়তে চৰকাৰ পৰিচালিত গুণ্ডাবাহিনীবোৰে শ্ৰমিকৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিয়ে, ৰক্তাক্ত কৰি পেলায় আৰু তেওঁলোকৰ মনোবল ভাঙি দিয়াৰ চেষ্টা কৰে। তথাপিও শ্ৰমিক শ্ৰেণী, মৰি হ’লেও নিজৰ দাবীত অটল থাকিব। এই ঘটনাক ইতিহাসত ‘ওয়াৰ অফ হাৰলন কাউণ্টি’ বুলি উল্লেখ কৰা আছে।
এনে পৰিস্থিতিত ৰাষ্ট্ৰই যি ব্যৱস্থা লয় ঠিক সেই একেই কামেই কৰিলে তাৎকালীন প্ৰশাসনে। আন্দোলনৰ মুখ, আন্দোলনৰ নেতৃত্বৰ মুখ বন্ধ কৰা, তাক ভয় দেখুওৱা, তাক নিঃশেষ কৰি দিয়া। এইদৰেই ৰাষ্ট্ৰ ব্যৱস্থাই ৰাইজৰ আন্দোলন মষিমূৰ কৰি আহিছে। অতীততো আৰু বৰ্তমানেও।
কয়লা শ্ৰমিকসকলৰ নেতা ছ্যাম্ ৰিছে আগতীয়াকৈয়ে তেওঁৰ ওপৰত হ’বলগীয়া আক্ৰমণৰ খবৰ লাভ কৰিছিল। ৰাষ্ট্ৰযন্ত্ৰৰ এই ষড়যন্ত্ৰ জানিবলৈ আৰু বুজিবলৈ বিক্ষোভকাৰীসকলক বেছি সময় নালাগিল। সময় থাকোঁতেই ছ্যাম্ ৰিছে আত্মগোপন কৰিছিল। ব্লেয়াৰৰ গুণ্ডাবাহিনীয়ে গোটেই অঞ্চলটোতে তন্ন-তন্নকৈ তেওঁক বিচাৰি পিয়াপি দি ফুৰিছিল। তেওঁৰ কোনো সন্ধান নাপাই অৱশেষত তেওঁলোকে ছ্যাম্ ৰিছৰ ঘৰত আক্ৰমণ কৰে। সেই সময়ত তেওঁৰ পত্নী ফ্লৰেন্স ৰিছ ঘৰত অকলে আছিল। তেওঁৰ সন্মুখতেই গুণ্ডা বাহিনীটোৱে ঘৰটো তচনচ কৰি পেলালে, হুমকি দিলে। ছ্যাম্ ৰিছক বিচাৰি নাপালে তেওঁলোকে পুনৰ আক্ৰমণ কৰিব বুলি জনাই যায়। তেওঁৰ ঘৰৰ সন্মুখত কিছু সংখ্যক শ্ৰমিক গোট খাইছিল। তেওঁলোক সকলো নিশ্চুপ, কোনেও একো কোৱা নাই। তেওঁলোকৰ চকুৰ সন্মুখতে সংঘটিত হৈছে এই আক্ৰমণ। আক্ৰমণকাৰীৰ দলটো গুচি যোৱাৰ পাছত ফ্লৰেন্স ৰিছে দিক-বিদিক হেৰুৱাই, খঙে-দুখে জৰ্জৰিত হৈ দেৱালত ওলোমাই ৰখা কেলেণ্ডাৰখনৰ এটা পৃষ্ঠা ফালি পেলালে আৰু লিখিলে – হুইচ চাইড আৰ ইউ অন বয়ছ, হুইচ চাইড আৰ ইউ অন।
Come all of you good workers
Good news to you I’ll tell
Of how that good old union
Has come in here to dwell
Which side are you on boys?
Which side are you on?
My daddy was a miner
And I’m a miner’s son
And I’ll stick with the union
Till every battle’s won
They say in Harlan County
There are no neutrals there
You’ll either be a union man
Or a thug for J.H. Blair
Oh, workers can you stand it?
Oh, tell me how you can
Will you be a lousy scab
Or will you be a man?
Don’t scab for the bosses
Don’t listen to their lies
Us poor folks haven’t got a chance
Unless we organize
আশাবাদৰ সম্ভাৱনালৈ গীতটোৰ আৰম্ভণি হৈছে। আন্দোলনৰ খাটি কৰ্মীসকল আগ বাঢ়ি আহক, আপোনালোকক এটা ভাল খবৰ জনাবলৈ আছে। আপোনালোকৰ ইউনিয়নে আপোনালোকক সংগ দিবলৈ আগবাঢ়ি আহিছে, আপোনাৰ দাবীবোৰ তুলি ধৰিবলৈ আহিছে। এনে জৰ্জৰিত অৱস্থাতো ফ্লৰেন্স ৰিছৰ শ্ৰমিকসকলক অনুপ্ৰেৰণা যোগোৱা প্ৰচেষ্টা লক্ষণীয়। তেওঁৰ এই কথাই গোপনে চহৰখনৰ অলিয়ে-গলিয়ে ইকাণ-সিকাণকৈ চাৰিওফালে বিয়পি পৰিছে। শ্ৰমিকৰ গোপন মিটিং, আন্দোলন, সভাত প্ৰতিটো অনুষ্ঠানতেই এই গীতটোত প্ৰতিজনেই কণ্ঠ নিগৰাই, এই গীতটো কোনেও আৰু অকলে নাগায়। আৰু গীতটো লিখিছিল এগৰাকী মহিলাই, বিংশ শতিকাৰ সেই তৃতীয় দশকতেই।
তেওঁৰ ঘৰৰ বাহিৰত গোট খোৱা শ্ৰমিকসকলক উদ্দেশ্যিয়েই এই গীতটো গাইছিল ফ্লৰেন্স ৰিছে। তেওঁ কৈছিল, আপোনালোকে পক্ষ লওঁক, নিশ্চুপ হৈ নাথাকিব, ইউনিয়ন আছে, ভয় নকৰিব। মোক তেওঁলোকে হুমকি দি গৈছে, মোৰ ঘৰ লণ্ড-ভণ্ড কৰিছে, কিন্তু তথাপিও আপোনালোকে একোৱেই নক’লে। যদিও মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোক কোনটো দলৰ, তথাপিও সঁচাকৈয়ে ক’ব বিচাৰিছোঁ যে আপোনালোকে ভয় নকৰিব। আমাৰ পক্ষতেই থাকক। মইও এটা শ্ৰমিক পৰিয়ালৰেই মানুহ, গতিকে শ্ৰমিকৰ চিন্তা, শ্ৰমিকৰ দাবী মই জানো।
১৯৪১ চনত উডি গাথ্ৰি আৰু পিট ছিগাৰে এটা বেণ্ড গঠন কৰে– ‘দ্য অ্যালম্যানাক চিংগাৰ্ছ’। এই বেণ্ডটোৰ দ্বাৰাই গীতটো প্ৰথমে ৰেকৰ্ডিং কৰা হয়। আৰু ২০ বছৰৰ পাছত যেতিয়া পিট ছিগাৰৰ সংগীত ‘নিষিদ্ধ’ কৰা হ’ল, তেতিয়া তেওঁ ‘উইভাৰ্স’ নামৰ এটা বেণ্ড গঠন কৰে। পুনৰ গীতটো গীতটো ৰেকৰ্ডিং কৰা হয়। এইবাৰ গীতটো সমগ্ৰ বিশ্বতে বিয়পি পৰে, নিমিষতে শ্ৰমিক শ্ৰেণীৰ জাতীয় সংগীতত পৰিণত হয়। গানটো চলিয়ে থাকে, চলিয়েই থাকে।
তাৰে বহু দিন পিছত যেতিয়া মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ নেতৃত্বত বৈষম্য বিৰোধী আন্দোলন চলিছিল সেই সময়চোৱাত ‘ফ্ৰিডম চিংগাৰ্ছ’ -এ এই গানটোৰ সুৰটো লৈ গীতৰ কথা সলনি কৰি গাবলৈ আৰম্ভ কৰে: Come all you Negro people / lift up your voices and sing / will you join the Ku Klux Klan / or Martin Luther King?
বিংশ শতিকাৰ তৃতীয় দশকত প্ৰচলিত ট্ৰেড ইউনিয়নৰ এটা গীত ৩০ বছৰৰ পিছত ষষ্ঠ দশকত কৃষ্ণাংগ লোকৰ নাগৰিক অধিকাৰ সুৰক্ষাৰ আন্দোলনত অভিযোজিত হৈ পৰে। গীতটোৰ কথাই সেই সময়ৰ দাবী মানি লৈছিল, কৃষ্ণাংগ লোকৰ প্ৰাণৰ গীতত পৰিণত হৈছিল। এগৰাকী সাধাৰণ নাৰী যি শ্ৰমিক আন্দোলনক অতিকৈ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল, আৰু শ্ৰেণী বৈষম্যই তেওঁৰ অন্তৰত একুৰা জুই জ্বলাইছিল, ক্ৰমান্বয়ে শ্ৰমিক শ্ৰেণীৰ ক্ষোভেৰে, সমাজ পৰিৱৰ্তনৰ জেদ আৰু অদম্য সাহসেৰে তেওঁ পুষ্ট হৈছিল। তেওঁ শ্ৰমিক আন্দোলনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু তেওঁৰ অবিহনে সমগ্ৰ বিশ্বৰ শ্ৰমিক আন্দোলনে পূৰ্ণতা নাপায়। কিন্তু তেওঁ আন্দোলনৰপৰা আঁতৰতো থকা নাছিল, গোটেই জীৱন আন্দোলনৰ সৈতেই জড়িত হৈ আছিল। সেই বিশেষ দিনটোৰ তেওঁৰ সাহসে আজিও সৰ্বস্ব হেৰুওৱা কত শত শত মানুহৰ গীতিলেখ হৈ পৰিছে। গতিকে এই গীতটোত যিদৰে শ্লোগানধৰ্মিতা আছে, তেনেকৈয়ে এটা ৰোমাণ্টিকতাও আছে। ‘Which Side Are You On’ শাৰীটোৰ সুৰটো গমি চালেই দেখা যায় যে কিদৰে ইয়াত মাধুৰ্য আহি গৈছে। ইয়াত এক কাতৰ আহ্বানো আছে। ফ্লৰেন্সে গীতটোৰ সুৰটোত এটা বহু পুৰণি বেপ্টিষ্ট হাইমৰ সুৰ আৰোপিত কৰিছিল। আচলতে ফ্ল’ৰেন্স ৰিছে কেৱল গান এটা লিখাৰ বাবে বা তাক সুৰ দিয়াৰ বাবে এই গীতটো সৃষ্টি কৰা নাছিল, সংগীতৰ কোনো ব্যাকৰণৰ হিচাপ-নিকাচ তেওঁ কৰা নাছিল, ই আছিল খং-ঘৃণা-দুখৰ দৰে কিছুমান পৱিত্ৰ আৰু সৎ অনুভূতিৰ বহি:প্ৰকাশ। সেইবাবেই এই সুৰত ইমান আকুলতা, ইমান আবেদন।
১৯৮৪ চনৰ আশে-পাশে ইংলেণ্ডত কয়লা শ্ৰমিকৰ আন্দোলন আৰম্ভ হয় আৰু পুনৰ এই গীতটোৱে এই আন্দোলনত গুৰুত্ব লাভ কৰে। শ্ৰমিকসকলে যেতিয়া আন্দোলন কৰে প্ৰতিবাৰেই এই গীতটো তেওঁলোকৰ সহযোদ্ধা হৈ পৰে। এইবাৰো গীতৰ কথা কিছু সালসলনি হয়। ইয়াৰ কথাত, বক্তব্যত কিছু সাম্প্ৰতিক অনুষঙ্গ আহে। কিন্তু অকপতে থাকি যায় “হুইচ চাইড আৰ ইউ অন”। ইয়াতকৈ সহজ আৰু শক্তিশালী প্ৰশ্ন নাই- আপুনি কাৰ পক্ষত আছে সেয়া স্পষ্ট কৰক। আপুনি এতিয়া আৰু নিৰপেক্ষ হৈ থাকিব নোৱাৰিব, পক্ষ ল’ব লাগিব। আপুনি কি পক্ষ লৈছে? আপোনাৰ মতামত স্পষ্ট ভাৱে প্ৰকাশ কৰক। তোমাৰ চিন্তাৰ খোৰাক কোনে যোগায়, তুমি জনোৱা। ভাবি আচৰিত লাগে যে এই গীতটিৰ প্ৰায় এশ বছৰ পাৰ হৈ গ’ল, তথাপিও আমি একেটা প্ৰশ্নকেই কৰি থাকিবলগীয়া হৈছে। আমি এতিয়াও আমাৰ নিৰপেক্ষতাৰ মূল্য দি যাবলগীয়া হৈছে।
যেতিয়ালৈকে এই পৃথিৱীত বৈষম্যৰ ৰাজত্ব থাকিব তেতিয়ালৈকে সাধাৰণ মানুহে, কঠোৰ পৰিশ্ৰমী মানুহে, সম অধিকাৰ বিচৰা মানুহে এই গীতটো গাই যাব। এই গীতটোৰ সততাই গীতটো কালোত্তীৰ্ণ হোৱাৰ কাৰণ। এই গীতত নাই কোনো নান্দনিকতাৰ বাধ্যবাধকতা, সাহিত্যিক মূল্য পূৰণ কৰাৰ কোনো দাবী, নাই উচ্চবিত্তৰ ভাবনা বিলাস। ১৯৬৫ চনৰ বব ডিলানৰ গীত ‘ডিছ’লেশ্যন ৰ’’তো এই গীতৰ অনুষংগ আছে।
এতিয়া আহিছোঁ আশীৰ দশকলৈ। ইতিমধ্যে ৫০ বছৰ কাল অতিক্ৰমি গৈছে। ব্ৰিটিছ চলচ্চিত্ৰ পৰিচালক কেন লোচে ডাৰহামৰ কয়লা খনিত কৰ্মৰত লোকসকলৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ শিৰোনাম দিছিল ‘হুইচ চাইড আৰ ইউ অন’।
এটা গান, এটা সহজ প্ৰশ্ন যুগ-যুগ ধৰি চলি আহিছে আৰু অনেক যুগ ধৰি চলিব ।