কেন্দ্ৰীয় নিবন্ধ

সাধু সাধু সাধু খাই কঁঠালৰ বাদু-(ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

(৩য় খণ্ড- ৰাজনীতি, দেশ, ৰাষ্ট্ৰ, স্বাধীন চিন্তা আদিৰ সাধু)

‘এখন দেশত এজন ৰাজকুমাৰ আছিল। ৰাজকুমাৰৰ এটা ঘোৰা আছিল যি উৰিব পাৰে। এদিন ৰাজকুমাৰে সেই ঘোৰাত উঠি আকাশেৰে গৈ থাকোতে এটা সৰোৱৰ দেখিলে য’ত এজনী বৰ ধুনীয়া ৰাজকুমাৰীয়ে তেওঁৰ বান্ধবী কেইজনীমানৰ লগত জলকেলি কৰি আছিল….’। এনেকুৱা সাধু নিজৰ ল’ৰা-ছোৱালী, ভাগিন-ভতিজা কাৰোবাৰ আগত আপুনি কেতিয়াবা হলেও কৈছে। যেতিয়া কথকৰ ভুমিকাত থাকে, আপুনি নিজে কৈ থকা সাধুটো বিশ্বাস কৰে নেকি? মানে সেই সময়ত আপুনি মানি লয় নেকি যে ঘোৰাই আকাশত উৰিব পাৰে? হয়তো এই বিষয়ে আপুনি কেতিয়াও ভাবিছোৱা নাই। কিন্তু অলপ ভাবিলে গম পাব যে যদিও শিশুটোক সাধু কোৱাৰ খাতিৰত কৈছে আপুনি কিন্তু ঘোৰা আকাশত উৰে বুলি বিশ্বাস নকৰে। আনহাতেদি আপুনি যদি আস্তিক তেন্তে যেতিয়া ভগৱানৰ সাধু কয় সেয়া বিশ্বাস কৰে। মানে কথকে কেতিয়াবা কিছুমান সাধু নিজে বিশ্বাস কৰে, কেতিয়াবা নকৰে। সাধাৰণতে কথকে নিজে যিবোৰ সাধু বিশ্বাস কৰে সেইবোৰৰ প্ৰ্ভাৱ সমাজত বেছিকৈ পৰে, দীৰ্ঘম্যাদী হয়। ৰাজনৈতিক ক্ষেত্ৰত এই দুই ধৰণৰ সাধুৰ প্ৰ্চলন দেখা যায়। এটামাত্ৰ সৰু উদাহৰণে কথাটো স্পষ্ট কৰিব। ‘২০১৪ চনৰ ১৬ মেৰ পাছত সকলো বাংলাদেশীয়ে টোপোলা বান্ধিব লাগিব’ এই সাধুৰ কথকে সাধুটো নিজে বিশ্বাস কৰিছিল বুলি আপুনি ভাবেনে? কথক কিন্তু হিন্দুত্ববাদৰ সাধুটোৰ বিশ্বাসী। আচলতে মূল সাধুটো হ’ল হিন্দুত্ববাদ বা হিন্দুৰাষ্ট্ৰ, মূল সাধুটোক জোৰদাৰ কৰিবৰ বাবেহে কথকে উপসাধুটোৰ আশ্ৰয় লৈছিল। ৰাজনৈতিক ক্ষেত্ৰত এনে আৰু বহুত উদাহৰণ আছে, ব্যাখ্যাৰ প্ৰয়োজন নাই।
দেশ, ৰাষ্ট্ৰ, গনতন্ত্ৰ আদি সাধুবোৰ কিন্তু কথকে বিশ্বাস কৰে। আচলতে দেশৰ ধাৰণাতো মানৱসৃষ্ট এক উৎকৃষ্ট সাধু। আগতেই কৈছোঁ যে প্ৰ্জাতি হিচাপে আমি ইমান দপদপাই থাকিব পৰাৰ অন্যতম কাৰণ হ’ল বৃহৎ গোট হিচাপে আমাৰ থাকিব পৰা ক্ষমতা। কিন্তু ইমান বৃহৎ গোট একোটা সুচাৰুৰূপে চলিবলৈ হ’লে একোজন দলপতিৰ নিশ্চয় প্ৰয়োজন। চিম্পাঞ্জীৰ একোটা গোটত দলপতি হিচাপে এটা আলফা চিম্পাঞ্জী থাকে, সেয়ে দল আৰু দলপতিৰ ধাৰণাতো কেৱল মানুহৰ ক্ষেত্ৰ্তহে দেখা যায় তেনে নহয়। কিন্তু দেশৰ যি ৰাজনৈতিক সীমা সেয়া সম্পূৰ্ণ মানৱসৃষ্ট সাধু। আনকোনো জীৱই এনে মনেসজা সীমাত বিশ্বাস নকৰে। হয় জীৱ জন্তুৱে একোডোখৰ নিদিষ্ট স্থানত বাস কৰে, কিন্তু সেই স্থানত যদি খাদ্যৰ অভাৱ হয় বা আন কিবা অসুবিধাই দেখা দিয়ে সিহঁত আন ভাল সুবিধাজনক স্থানলৈ যায়গৈ। পৰিভ্ৰ্মী চৰাইবোৰ নিজৰ ইচ্ছামত ঘূৰি ফুৰে দেখোন! এইবোৰেতো কোনো ৰাজনৈতিক সীমা বুজি নাপায়। কেৱলমাত্ৰ মানুহে যিমান অসুবিধাত পৰিলেও নিজৰ দেশৰ সীমা পাৰহৈ গুচি যাব নোৱাৰে। তেনেকৈ গুচি যোৱাতো অপৰাধ, অবৈধ। অনুপ্ৰৱেশ সেয়ে কেৱল মানুহৰ সমস্যা, আন জীৱৰ নহয়। আন জীৱই ৰাজনৈতিক সীমাৰ ভিতৰত আৱদ্ধ দেশৰ সাধুটো বিশ্বাস নকৰে।
ঠিক একেদৰে আমাৰ নেতা নিৰ্বাচনৰ প্ৰ্ক্ৰিয়াটোৰ কথা ভাৱকছোন! চিম্পাঞ্জীৰ গোট এটাত যিটো আলফা চিম্পাঞ্জী থাকে তাক গোটৰ সকলোৱে ব্যক্তিগত ভাৱে জানে। অচিনাকী চিম্পাঞ্জী এটাক কোনো গোটে দলনেতা হিচাপে মানি নলয়। কিন্তু আমাৰ মোডী ডাঙৰীয়াক কেইজনে ব্যক্তিগত ভাৱে চিনি পাওঁ? সেইটো বাদ দিয়ক, আপুনি নিজে ভোটদি জিকোৱা সাংসদজনক কিমান জানে, কিমান বুজে? কিন্তু তথাপিতো আপুনি, আমি সকলোৱে তেওঁলোকক আমাৰ নেতা হিচাপে মানি লৈছোঁ, ভোট দিছোঁ। কাৰণ তেওঁলোকে কোৱা কিছুমান সাধু আমি বিশ্বাস কৰিছোঁ। কেৱলমাত্ৰ সাধু কব পৰা আৰু বেলেগক সেই সাধুত পতিয়ন নিয়াব পৰা ক্ষমতাৰ বাবে আমাৰ গনতান্ত্ৰিক ব্যৱস্থাটো চলি থকা নাইনে? সেইবাবেই ক’ব বিচাৰিছো যে দেশ, ৰাষ্ট্ৰ, গণতন্ত্ৰ আদিবোৰ মানৱসৃষ্ট নিখুত সাধু। মানুহ হিচাপে বৰ্তি থাকিবলৈ এইবোৰ সাধু খুবেই দৰকাৰী।
এইবাৰ আহোঁ স্বাধীনতা নামৰ বৃহৎ সাধুটোলৈ। দেশৰ নাগৰিকৰ সাংবিধানিক স্বাধীনতা, মানুহ হিচাপে মানৱ অধিকাৰ, নাৰী সকলৰ নাৰী-স্বাধীনতা এই সকলোবোৰেই একো একোটা মজাৰ সাধু। তাৰমানে কি এইবোৰৰ কোনো বাস্তবিকতা নাই নেকি? কথাটো ঠিক তেনেকুৱা নহয়। স্বাধীনতাৰ মূল প্ৰসংগলৈ যোৱাৰ আগতে অকণমান এই বিষয়ে আলোচনা কৰি লওঁ আহক।
যিকোনো জীৱ-জন্তুৱে কেৱল দুটা বাস্তৱতাক বুজি পায়। প্ৰথমটো পাৰ্থিৱ বাস্তৱতা, যেনে: চাৰিওঁফালে থকা গছ-গছনী, নদী, পৰ্বত, পাহাৰ, ৰ’দ, বতাহ, বৰষুণ আদি। সিহঁতে বুজি পোৱা দ্বিতীয় বাস্তৱতাতো হ’ল অপাৰ্থিৱ, যেনে: ভোক, যন্ত্ৰ্ণা, ভয়, আনন্দ, যৌন ক্ষুধা আদি। সিহঁতক জীয়াই থাকিবলৈ আৰু বংশবৃদ্ধি কৰিবলৈ এই খিনিৰেই প্ৰয়োজন। কিন্তু এই দুটা বাস্তৱতাক বাদ দিয়ো আন এক বাস্তৱতাক মানুহে বিশ্বাস কৰে, মন কৰিব বিশ্বাস কৰে। এই বাস্তৱতাৰ পৃথিৱীত সচা অৰ্থত অৱস্থিতি নাই, ইয়াৰ স্থান কেৱলমাত্ৰ আমাৰ কল্পনাত। সেয়ে এই বাস্তৱতাক আমি ক’ব পাৰো ‘কাল্পনিক বাস্তৱতা’। ইমান সময়ে সাধু সাধু বুলি যে কৈ আছো, সেইবোৰ আচলতে মানুহৰ ‘কাল্পনিক বাস্তৱতা’, ইয়াৰ কোনো কায়িক অৱস্থিতি নাই। মানৱ অধিকাৰ বা আন আন অধিকাৰ সমূহ এনে কাল্পনিক বাস্তৱতাৰ উত্ত্ম উদাহৰণ।
ৰাষ্ট্ৰ্সংঘৰ মানৱ অধিকাৰ চনদৰ তিনি নম্বৰ অনুচ্ছেদ মতে সকলো মানুহৰে জীয়াই থকাৰ অধিকাৰ আছে (everyone has the right to life, liberty and security of person)। কিন্তু বিৱৰ্তনবাদে আমাক কি শিকাইছে? যোগ্য ভোগ্য বসুন্ধৰা। অৰ্থাৎ জীয়াই থাকিবলৈ আমি সংগ্ৰাম কৰিব লাগিব, নিজকে আনতকৈ যোগ্য কৰি ৰাখিব লাগিব। জীয়াই থকাতো আমি অহৰহ কৰি থকা সংগ্ৰামৰ পুৰস্কাৰহে, ই আমাৰ অধিকাৰ নহয়। সকলো জীৱই প্ৰ্জাতিগত ভাৱেই হওঁক বা ব্যক্তিগত ভাৱে হওঁক জীয়াই থাকিবৰ বাবে অহৰহ সংগ্ৰাম কৰি গৈছে, মানুহো তাৰ ব্যতিক্ৰম নহয়। নিজক জীয়াই ৰখাৰ স্বাৰ্থত আনক হত্যা কৰিব লগা হ’লে সকলো জীৱই সেই কাম কৰিব, কৰিবলৈ চেষ্টা কৰিব। জৈৱিকভাৱে যদি চোৱা হয় আমাৰ কোনো জিন বা DNA ত মানৱ অধিকাৰ নামৰ কোনো বস্তু নাই। ঠিক একেদৰে চনদৰ প্ৰথম অনুচ্ছেদ মতে সকলো মানুহেই জন্মগত ভাৱে মুক্ত আৰু সমান (All human beings are born free and equal in dignity and right)। আমি সচাকৈ মুক্তনে? সকলো মানুহ: নাৰী, পুৰুষ, জাতি, বৰ্ণ, ধৰ্ম, দেশ, ককেছীয়, মংগোলীয় নিৰ্বিশেষে সমান নে?
সমতাৰ সাধুটোলৈ বাৰু পিছত আহিম, প্ৰথমে ‘মুক্ত’ নামৰ সাধুটো আলোচনা কৰি লওঁ। মুক্ত মানে আমি কি বুজিম? ইংৰাজীক যাক কোৱা হয় free। অৰ্থাৎ মই কি খাম, কি পিন্ধিম, কি ক’ম, কি চিন্তা কৰিম এই সকলোবোৰ মোৰ নিজা কথা। ইয়াত কোনো বাধা অহা অনুচিত। ‘All human being are born free..’ বুলি নিশ্ছয় ইয়াকে বুজাইছে। কিন্তু আমি মন গলেই সকলো খাব বা পিন্ধিব পাৰোনে? মই কি খাম, কি পিন্ধিম সেয়া নিৰ্ভৰ কৰে মোৰ ধৰ্ম, মোৰ সমাজ, মোৰ সংস্কৃতিৰ ওপৰত। পাহৰি নাযাব ধৰ্ম, সমাজ আদিবোৰ কিন্তু এটা এটা সাধুহে। আপুনি হয়তো ক’ব পাৰে প্ৰ্চলিত সমাজ, ধৰ্ম আদিক বৃদ্ধাঙ্গুষ্ঠ কৰি বহুতে নিজৰ ইচ্ছামতে খোৱা-পিন্ধা কৰে, কৰা আৰম্ভ কৰিছে। হয়, তেনেকুৱা কিছু উদাহৰণ নথকা নহয়, কিন্তু সেইয়া নিত্তান্তই ব্যতিক্ৰমহে। এই নূন্যতম ব্যতিক্ৰমক যদি আমি সাৰ্বজনীন বুলিও ধৰি লওঁ তেতিয়াও কিন্তু খোৱা-পিন্ধাৰ ক্ষেত্ৰত আমি মুক্ত নহয়। জৈৱিক ভাৱেও আপুনি মই সকলো খাব নোৱাৰোঁ। ককেছীয় মূলৰ মানুহ এজনে মংগোলীয় মূলৰ সকলো খাদ্য ইচ্ছা কৰিলেও খাই হজম কৰিব নোৱাৰে বা নিগ্ৰো এজনৰ খাদ্যাভাষৰ লগত আন নৃ-গোত্ৰীয় মানুহ এজনে খাপ খাব নোৱাৰে। ইয়াৰ উপৰিও আমাৰ খাদ্যাভাষ বহুত পৰিমাণে আমি কি ভৌগলিক পৰিবেশত জন্ম লৈছোঁ তাৰ ওপৰতো নিৰ্ভৰ কৰে। এজন ব্যক্তি কি ভৌগলিক স্থানত জন্ম হ’ব বা কি নৃ-গোত্ৰীয় হ’ব তাক নিৰ্বাচন কৰাৰ অধিকাৰ ব্যক্তিজনৰ আছে জানো? মানে মই নিজৰ ইচ্ছা অনুসৰি ভাৰত দেশৰ অসম প্ৰ্দেশত বামুণৰ ঘৰত জন্ম হৈছো নেকি? যদি মই এই ক্ষেত্ৰত মুক্ত নহয়, তেন্তে বাকী বিলাকৰ ক্ষেত্ৰত মই জন্মগত ভাবে মুক্ত হ’ম কেনেকৈ? সেইবাবে ‘All human beings are born free…’ এক কাল্পনিক বাস্তৱতা, মানৱসৃষ্ট এক উত্তম সাধু। থাকিল বাক-স্বাধীনতা, দেশ নামৰ কাল্পনিক যন্ত্ৰ্টোৰ বাবেই আমি মন গলেই যে সব কথা ক’ব নোৱাৰোঁ, সেই কথা আপুনিও জানে, ময়ো জানো। বাকী আপোনাৰ বিচাৰ্য্। অৱশ্যে আজিৰ পৃথিৱীত আপুনি মুক্ত্ভাৱে একো চিন্তাও কৰিব নোৱাৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ উত্তৰণৰ এই ধাম-খুমীয়াত আপুনি কি চিন্তা কৰিব, টিভি, ইণ্টাৰনেটত কি চাব, বজাৰত কি কিনিব, কি খাব সেই সকলো বিলাক বহু পৰিমাণে নিৰূপণ কৰি দিয়ে কিছুমান গাণিতিক সূত্ৰই (algorithm)। সেই সাধু পিছলৈ থলোঁ। আজি কানি-কাপোৰ ক’লা হ’ল।

(ক্ৰ্মশঃ)

Leave a Reply

Your email address will not be published. Required fields are marked *