কেন্দ্ৰীয় নিবন্ধ

সাধু সাধু সাধু খাই কঁঠালৰ বাদু-৪ (নাৰী স্বাধীনতাৰ সাধু) (ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

‘Human beings are born free and equal…’ মানুহ জন্মসূত্ৰে মুক্ত এইটো যে এটা মজাৰ সাধু সেয়া ইতিমধ্যে আলোচনা কৰিছো। এতিয়া আহো সমতাৰ সাধুটোলৈ। এটা প্ৰচলিত সাধু হ’ল যে শাৰীৰিক তথা মানসিকভাৱে নাৰী পুৰুষতকৈ দুৰ্বল। এই সাধুটোৱে আমাৰ সমগ্ৰ চিন্তাধাৰাক সলাই দিলে। ইয়াৰ বিৰুদ্ধে আজি কিছু বছৰৰ পৰা সজোৰে প্ৰ্চাৰ চলিছে, নাৰীবাদী বুলি এটা শ্ৰেণীৰ সৃষ্টি হৈছে কিন্তু তথাপিতো পৰিস্থিতিৰ খুব বেছি উন্নতি হৈছে বুলি ক’ব নোৱাৰি। অৱশ্যে ইয়াৰ দুটা কাৰণ আছে। প্ৰথম কাৰণ হ’ল ‘নাৰী পুৰুষতকৈ দুৰ্বল’ এইটো সাধু বহুত পুৰণি, মানুহৰ মজ্জাত দকৈ শিপাই আছে। ইয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখন তেনেই নতুন। গতিকে আৰু কিছু সময় হয়তো লাগিব। দ্বিতীয় কাৰণটো হ’ল এই সাধুটোৰ বাবে সমাজৰ পুৰুষ শ্ৰেণীটোৱে বহুতো সুবিধা আৰু ক্ষমতা উপভোগ কৰি আছে। সমাজত সেইবোৰ সাধুয়েই বেছিকৈ চলে যাৰদ্বাৰা সমাজৰ সৱল শ্ৰেণীটোৰ লাভ হয়। সেইবাবে অধিকাংশ পুৰুষে এই সাধুটো, মানে ‘নাৰী পুৰুষতকৈ দুৰ্বল’ নামৰ কাল্পনিক বাস্তৱবাদটো চলি থকাতো বিছাৰে। এই দুটা কাৰণৰ উপৰিও আন আৰু এটা তৃতীয় কাৰণ আছে যাৰ বাবে নাৰী দমনৰ সাধুবোৰ এতিয়াও সমাজৰ পৰা নোহোৱা হোৱা নাই। কিন্তু সেই বিষয়ে অলপ পিছত পাতিম। প্ৰথমতে এই সাধুটোৰ আৰম্ভনীৰ সম্পৰ্কত কিছু আলোচনা কৰা যাওঁক।

সন্তান জন্ম দিয়া আৰু লালন-পালন কৰাৰ দ্বায়িত্ব জৈৱিকভাৱেই নাৰীৰ ওপৰত পৰিছে। মানুহৰ সন্তান আন জীৱৰ তুলনাত যথেষ্ট অপৈণত অৱস্থাত জন্ম হয়। ৰাতিপুৱা জন্মহোৱা গৰুৰ পোৱালী এটাই কিছু ঘণ্টাৰ পিছতে দৌৰিব পৰা হয়। জেঠি আদি আন জীৱৰ কথা বাদেই দিলো, মানুহৰ বাদে যিকোনো স্তন্যপায়ী প্ৰাণীৰ পোৱালীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য। কিন্তু মানৱ শিশু, ভাৱকছোন জন্মতে কি অৱস্থাত থাকে। না খোজ কাঢ়িব পাৰে, না কথা ক’ব পাৰে, নাই যে নাই ভালকৈ লৰচৰ কৰিব পৰা ক্ষমতাও নাই। বাগৰ সলাবলৈকে নূন্যতম চাৰিমাহ লাগে। কিয় বাৰু মানৱ শিশু ইমান অপৈণত অৱস্থাত জন্মে? ইয়াৰ লগত কিন্তু বিৱৰ্তনৰ মজা ঘটনা এটা জড়িতহৈ আছে। নাৰী পুৰুষতকৈ দুৰ্বল এই সাধুটোৰ লগত বিৱৰ্তনীয় পৰিঘটনাটোৰ এটা ওচৰ সম্পৰ্ক আছে। আহকছোন অলপ এই বিষয়ত চকু ফুৰাও, চমুকৈ।

এজন প্ৰাপ্তবয়স্ক মানুহৰ মগজুৰ ওজন সাধাৰণতে ডেৰ কেজিমান হয়। ইয়াৰ বিপৰীতে এটা হাতীৰ মগজুৰ ওজন পাঁচ কেজিতকৈ অলপ বেছি। এতিয়া এটা কথা মন কৰক। প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহৰ ওজন গড় হিচাপে প্ৰায় ৬২ কেজি হোৱাৰ বিপৰীতে এটা হাতীৰ ওজন প্ৰায় ৪০০০ কেজি (Asian elephant)। অৰ্থাৎ দেহৰ ওজন সাপেক্ষে মানুহৰ মগজুৰ ওজন হাতীৰ মগজুতকৈ বহুত গুণ বেছি। হাতী বাদ দিয়ক এটা চিম্পাঞ্জীৰ দেহৰ ওজন প্ৰায় ৫০ কেজি যদিও তাৰ মগজুৰ ওজন প্ৰায় ৪০০ গ্ৰাম মাত্ৰ। অৰ্থাৎ মানুহৰ মগজুৰ ওজন আমাৰ নিকটাত্মীয় চিম্পাঞ্জীৰ তুলনাত প্ৰায় চাৰিগুণ বেছি। এতিয়া যদি এটা মানৱ শিশু সম্পূৰ্ণভাৱে পৈণত হোৱালৈকে মাতৃ গৰ্ভত থাকে ভাৱকছোন মাকজনীয়ে ইমান এটা ডাঙৰ মগজুৰ ভাৰ ল’ব পাৰিবনে? জন্মৰ সময়ত এটা শিশুৰ মগজুৰ ওজন হয় প্ৰায় ৩৫০ গ্ৰাম আৰু দুবছৰ বয়সত এই ওজন প্ৰায় এক কেজি হয়গৈ। যদি ধৰিও লওঁ হাতী পোৱালী এটাই জন্মতে পোৱা পৈণতা মানৱ শিশুৱে মোটামুটি ভাৱে দুই বছৰত পাই তেনেহলে ভাৱকছোন সেই সময়লৈকে ৰোৱাতো মাকজনীৰ বাবে সম্ভৱনে?

আমিযে দুই ভৰিৰ ওপৰত থিয় হ’ব পৰা হ’লো তাৰবাবে কিন্তু আমাৰ নিতম্ব অঞ্চল সংকুচিত হ’ব লগা হৈছে। এই সংকোচনৰ লগত খাপ খাৱলগীয়া হোৱাৰ ফলত আন জীৱৰ তুলনাত মানুহৰ জন্মনলীডালৰ (birth canal) আকাৰো যথেষ্ট সৰু। ইমান সৰু জন্মনলীৰ মাজেৰে পৈণত শিশু (ওজন ধৰি লওক প্ৰায় ১০ কেজি) জন্ম হ’বলৈ হ’লে মাতৃ বা শিশু কোনোৱেই বাছি নাথাকিব। তথাপিতো কিন্তু জন্মনলীডাল ধাৰণ কৰাৰ স্বাৰ্থতে নাৰীৰ নিতম্ব পুৰুষতকৈ কিছু ডাঙৰ। সেই ডাঙৰ নিতম্বৰ বাবে সাধাৰণতে নাৰীৰ খোজৰ বেগ পুৰুষতকৈ সাধাৰণতে কিছু কম। এতিয়া আপুনি, মই যদি এইবাবে পুৰুষতকৈ নাৰী দুৰ্বল বুলি কওঁ, ভাবো সেয়া উচিত নে বাৰু? আন এটা কথা এইখিনিতে কৈ থও। জুবিন গাৰ্গে যে তপিনা ডাঙৰ চাই ছোৱালী আনিবলৈ গানত কৈ থৈছে কিয় বাৰু? মানে পুৰুষেনো ডাঙৰ তপিনাৰ ছোৱালী কিয় পচণ্ড কৰে কিবা বুজিছেনে? জীৱবিজ্ঞানে কয় ডাঙৰ তপিনা মানে তুলনাত্মকভাৱে ডাঙৰ জন্মনলী, সুস্থ আৰু সবল সন্তান জন্ম দিয়াৰ সম্ভাৱনীয়তা বেছি। সেইবাবে ডাঙৰ তপিনা, বুজিছে। জীৱই কৰা অধিকাংশ কাম, ব্যৱহাৰৰ আঁৰৰ মূল কথাটো হেনো বংশবৃদ্ধিৰ বাবে প্ৰ্তি মূহুৰ্ত্বতে চলাই থকা প্ৰ্স্তুতি। আমি মানুহোতো জীৱ, নে কি কয়? মই কোৱা কথা নহয়, বিৱৰ্তন বিজ্ঞানৰ পণ্ডিত সকলে কৈছে।

এইযে মানুহে যথেষ্ট অপৈণত অৱস্থাত শিশু জন্ম দিয়ে তাৰবাবে শিশুক লালন-পালনো কৰিব লাগে বেছি। বেছিমানে বেছি সময়হে বুজাইছো, মানুহেই সন্তানৰ বাবে আটাইতকৈ বেছি কষ্ট কৰে বুলি ক’লে বৰ শুদ্ধ ন’হব। মাইকী কাছ এজনীয়ে কণী পাৰিবৰ বাবে এখন সাগৰ সাতুৰি পাৰৰ বালি পাইহি, মকৰা এজনীয়ে তাইৰ পোৱালীবোৰে খাবৰ বাবে নিজৰ নাড়ী-ভুড়কে বমি কৰি উলিয়াই দি নিজে মৰি যায়। এইবোৰৰ তুলনাত ৰাতি উঠি কেচুৱাক গাখীৰ দিয়াতো, পাইখানা চাফা কৰোতো তুলনা হয় জানো? যৌন প্ৰজননত দুটা জননকোষৰ মিলন হয়। তাৰে এটা জননকোষ (শুক্ৰাণু) গতিশীল আৰু ইয়াৰ উৎপাদন সহজ হোৱাৰ লগতে উৎপাদনৰ হাৰ বেছি। আনটো জননকোষ(ডিম্বাণু)ৰ গতি কম, উৎপাদনৰ প্ৰ্ক্ৰিয়া যথেষ্ট জটিল। সাধাৰণতেই দেখা যা্য় প্ৰ্জাতিটোৰ যিটো জীৱশ্ৰেণীয়ে অধিক দামী জননকোষটো ধাৰণ কৰে সেই জীৱশ্ৰেণীয়েই সন্তান ডাঙৰ কৰিবৰ বাবে বেছি কষ্ট কৰে, কৰিব লগা হয়। জীৱৰ বংশবৃদ্ধিৰ বাবে এনে কৰ্ম-বিভাজন খুব এক সাধাৰণ জৈৱিক পৰিঘটনা।

এতিয়া মানুহৰ সেই আদিম অৱস্থাৰ কথা ভাৱকছোন, যি সময়ত আমাৰ পূৰ্বজসকলে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। মানুহৰ শিশুক যিহেতু বেছি সময়ৰ বাবে লালন-পালন কৰিব লাগে সেইবাবে অৱধাৰিতভাৱে নাৰী এগৰাকী বেছি সময় ঘৰত সোমাই থাকিবলগীয়া হয় আৰু সেই সময়ছোৱাত নাৰী গৰাকী চিকাৰলৈ যাব পৰা নাছিল। খাদ্যৰ বাবে স্বাভাবিকতে নিৰ্ভৰ কৰিব লগা হৈছিল পুৰুষ প্ৰ্জাতিৰ ওপৰত। কালক্ৰমত এই ব্যৱস্থাই গৈ কি ৰূপ ল’লে চাওকছোন। পুৰুষসকলে এটা সাধু প্ৰচলন কৰি দিলে যে নাৰী সদায় ঘৰৰ ভিতৰত থাকিব লাগে, পৰ্দাৰ তলত থাকিব লাগে। আমাৰ ডাকেও জন্ম হৈয়েই বোলে ক’লে ‘সু তিৰী নষ্ট হয় নিতে গৈলে হাত’। সাধু একোটাক সমাজত প্ৰ্তিষ্ঠা কৰিবলৈ মানুহে কি কি যে উপায় অৱলম্বন কৰে দেখিছে।

জীৱ-জগতৰ আন আন জীৱ সমূহলৈ মন কৰিলে আমি দেখিম সাধাৰণতে মাইকীজনীয়েহে যৌন মিলনৰ বাবে সংগী বাছে, মতা জীৱটোৱে মাইকীজনীৰ চকুত নিজৰ শ্ৰেষ্ঠতা প্ৰ্তিপন্ন কৰিবলৈ অহৰহ চেষ্টা চলাই। উদাহৰণ লাগে, ৰ’ব দি আছো। মতা মৌৰা চৰাইৰ পেখন ধৰা নৃত্য, মতা শৰ পহুৰ ধুনীয়া ফেৰেঙনীয়া শিং, মতা সিংহৰ কেশৰ এই সকলোবোৰ নিজৰ নিজৰ ভাবিপত্নীক মুহিত কৰাৰ উপায়। কিন্তু মানুহৰ ক্ষেত্ৰত এই কাৰবাৰটো একেবাৰে উলটি গ’ল। আমাৰ সমাজত নাৰীয়েহে দেখোন শৃংগাৰ কৰে, পুৰুষক মুহিবৰ বাবেই নহয় জানো? আমাৰ সমাজত ছোৱালীয়ে ল’ৰাক বেছিকৈ বাছনি কৰাতো(বিয়াৰ বাবে)বেয়া কথা, ভাল ছোৱালীয়ে এনে কাম নকৰে। মাক-দেউতাৰ কথা পেলাব নাপায়। আজিকালিতো ছোৱালীজনীৰ অভিমত এটা লয়েই, আগৰ সাধুটো কি আছিল জানে ‘চৰুক সুধি চাউল নবঢ়ায়’। ভাৱকছোন কি সাংঘাতিক সাধু, সমগ্ৰ জৈৱিক বিৱৰ্তন পৰিঘটনাটোকে পালতাই দিলে।

এইযে নাৰীয়ে শৃংগাৰ কৰা, অলংকাৰ পিন্ধা কথাটো বহুত বেছি পুৰণা নহয়। আগৰ ৰজা-মহাৰজা সকলৰ ছবি এখন মনত পেলাওকছোন। ৰাণীতকৈ ৰজাইহে বেছি অলংকাৰ পিন্ধিছিল, চুলি দীঘ্লকৈ ৰাখিছিল। লাহে-লাহে খুব পৰিকল্পিতভাৱে এই পিছৰ ধাৰণাটো (সাধুটো) সমাজত বিয়পি পৰিল। নাৰী সকলে গমেই নাপালে, আজিও নাই পোৱা। সেয়ে নিজকে সাংঘাতিক নাৰীবাদী বুলি দাবী কৰা বহুত মহিলাই তীব্ৰ প্ৰ্সাধন কৰে। বিউটি প্ৰ্তিযোগিতাত ভাগলৈ বিকিনি পিন্ধা বহুত সুন্দৰী নাৰী স্বাধীনতাৰ হোতা হয়। উদাহৰণ লাগে, নিজেই বিচাৰক, সহজতে পাব।

জৈৱ বিৱৰ্তনক সম্পূৰ্ণ অবজ্ঞা কৰি নাৰী-স্বাধীনতাৰ জয়গান গালে ‘লাও সদায় পাতৰ তলত’ ধৰণৰ কাল্পনিক সাধু বিলাকৰ পৰা আমি কেতিয়াও মুক্ত হ’ব নোৱাৰিম। প্ৰ্জাতি হিচাপে ব্ৰ্তী থাকিবলৈ হ’লে নাৰী আৰু পুৰুষৰ মাজত জৈৱিকভাৱে হোৱা অৱধাৰিত কৰ্ম-বিভাজনক আমি সন্মান জনাৱ লাগিব। সকলো সময়তে বায়লজিক উপেক্ষা কৰিলে নচলিব, ইয়াক সন্মান জনায়ো আমি নাৰী-স্বাধীনতাৰ সপক্ষে মাত মাতিব পাৰো। আমি ভাৱো জৈৱ বিৱৰ্তনৰ সুত্ৰসমূহক গুৰুত্ব সহকাৰে লৈ আগবাঢ়িলেহে নাৰীক দমন কৰি ৰখা সাধুবিলাকৰ প্ৰচলন সমাজৰ পৰা নোহোৱা কৰাৰ আন্দোলনটো বেছি ফলপ্ৰ্সু হ’ব। তৃতীয় কাৰণ এটা আছে বুলি যে প্ৰ্থমতেই কৈছিলো ইয়াৰ কথাকে কৈছিল। উগ্ৰ নাৰীবাদী সকলে বহুত সময়ত এই দিশটোক উপেক্ষা কৰে। মোৰ তেনে অনুভৱ, বাকী সকলোৰে নিজা নিজা দৃষ্টিভংগী। (ক্ৰমশ:)

Leave a Reply

Your email address will not be published. Required fields are marked *