গল্প-কবিতা

সাধুকথা – (স্বপ্নম জ্যোতি কলিতা)

Forgetting is so long
– Pablo Neruda
তিতি বুৰুলি জৰৌৰৌৱা উৰুলিপুঙা বগলীৰ মৰণ
বন জালুকৰ বতাহ চিকুটি ধোৱা খোৱা ভূৰমণ। ভূৰমণ বিয়ালৈ নাযাৱ? “কাউৰীৰ মুখৰ মঙহ কাঢ়ি খোৱা শিয়ালৰ বিয়া।”
এ ফুল-ফুলতী সোণপানী চৰালোঁ তোৰ হে নাখালে যোৰা
‘সাধুকথাৰ সাউদ’এ ব্ৰহ্মপুত্ৰৰ পানীত মুখ চাওঁতে চুলি এডাল সৰি শিপা হ’ল
এদিনাখন ভেকুলীয়ে পোনা মেলা পুখুৰীত টুপুংকৈ বুৰ মাৰি সদাগৰ দৰা হ’ল
উকা জুই
উৰুকাৰ জুই
ৰাতি খেদা জুই
আমাৰ দৃষ্টি কাঠত বন্ধোৱা – ‘অদৃষ্টৰ’
কাঁচিৰ দৰে আৰ্চীত হালধীয়া মেঘৰ পোহৰ সৰকে;
নদীৰ পানীলৈ যাঠিওৱা কাতি মাহৰ বৰষুণ
সম্ভৱতঃ সেয়াই আছিল পানীৰ তলত নুনুমুৱা চাকি
এমুঠি বালি আৰু এপাহ ফুল – সমুজ্বল
বাঁহপাতৰ ওৰণি
সূৰ্য – নমস্কাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *