সামাজিক বিশ্বাস আৰু সত্যানুসন্ধান।। অজিত শইকীয়া
১৯৭৩ চন। ষষ্ঠ শ্ৰেণীত বৰা উপাধিৰ শিক্ষক এজনে আমাক বিজ্ঞান পঢ়াইছিল। এদিন শ্ৰেণীত প্ৰসঙ্গক্ৰমে বৰা চাৰে জগতৰ সকলো বস্তু, জীৱ আৰু শক্তি সমূহ প্ৰাকৃতিক কাৰণতে উৎপত্তি হোৱা বুলি অলপ বহলাই, বুজাই কৈছিল। চাৰৰ মতে “প্ৰাকৃতিক কাৰণত সৃষ্টি হোৱা বিষয়টো বিজ্ঞানে প্ৰমাণ কৰিছে।” প্ৰকৃতিত আমি যি দেখিছো, সেয়া ঈশ্বৰৰ সৃষ্টি বুলি মানুহে বিশ্বাস কৰি অহাৰ কথাটো উল্লেখ কৰি, শিক্ষকজনে খুব দৃঢ়ভাবে কলে যে, “কথা কাহিনী বহুত আছে। কিন্তু বিজ্ঞানৰ কথাহে আচল সত্য।”
চাৰৰ কথাবোৰে মনত ক্ৰিয়া কৰিবলৈ ধৰিলে। বাকী শ্ৰেণীৰ সকলো ল’ৰাই বস্তু জগতক ঈশ্বৰে সৃষ্টি কৰা বুলিহে বিশ্বাস কৰে। মই চাৰৰ কথাবোৰ এৰাই যাব নোৱাৰো। সেইবোৰ কথা কেতিয়াবা লগৰবোৰৰ মাজত ওলালে, মোৰ লগত যুক্তি-তৰ্ক হয়। এনেকৈয়ে চলি থাকিল।
ওপৰ শ্ৰেণীত (নবম, দশম) পোৱাৰ সময়ত আমাতকৈ ডাঙৰ দাদা-বন্ধু কইজনমানক লগ পালো। তেওঁলোকৰ লগত তেতিয়া প্ৰায় সকলো ধৰণৰ কথা পাতো। এদিন ভূত-প্ৰেটৰ কথাৰ লগতে না না ধৰণৰ আচৰিত আচৰিত সামাজিক বিশ্বাসৰ কথা ওলাল। সেইবোৰ কথা-কাহিনীয়ে সেইদিনা আমাক বহুত হঁহুৱালে।
আমি আটাইকেইজনে কথা পাতোঁ, – সেই কথাবোৰ সঁচানে মিছা? সিবোৰৰ উৎপত্তিৰ কাৰণ কি? প্ৰচলিত সেই কথাবোৰে সমাজক ক্ষতি কৰে নেকি? আটাইকেইজনে এইবোৰ প্ৰশ্নবোৰৰ উওৰ উলিয়াবলৈ যত্ন কৰিছিলো। সত্যটোক মানি লোৱাৰ চেষ্টা চলি থাকিল। এই ক্ষেত্ৰত মনৰ দৃঢ়তাও বাঢ়ি গ’ল।
দাদা এজনে এদিন বাতৰিকাকতৰ কেইটামান পৃষ্ঠা আৰু এখন সৰু কিতাপ পঢ়িবলৈ দিলে। পঢ়ি শেষ কৰিহে বুজিব পাৰিলো। আমাৰ সমাজখনত অসংখ্য অসত্য কথাক মানুহে অতীতৰ পৰাই সত্য বুলি মানি আহিছে। তেতিয়া অসত্যবোৰকে সত্য কথা বুলি ভাবিছিলো।
যিবোৰ কথা অসত্য আৰু তাৰ যথাযথ বাখ্যাই সত্যানুসন্ধানত সহায় কৰে। এই বিষয়ে একাংশ পণ্ডিত ব্যক্তিয়ে লিখামেলা কৰি আহিছে। এই কথা বহুতেই খবৰ নেপায়।
সেই সময়ত শিৱনাথ বৰ্মন, প্ৰসেনজিৎ চৌধুৰী আদি লেখক সকলৰ কতাপ পঢ়ি অসত্যৰ বিপৰীতে সত্যক প্ৰতিষ্ঠা কৰাটো যে মানুহৰ দায়িত্ব, সেই কথা উপলদ্ধি কৰিলোঁ।
সত্যৰ অন্বেষণৰ যাত্ৰাত ডাঙৰ কথাবোৰ পিছলৈ থৈ, সমাজত অতীতৰ পৰা প্ৰচলিত সৰু সৰু কথাবোৰলৈ মন দিয়া দৰকাৰ। আমাৰ সামাজিক নীতি-নিয়মবোৰৰ কিছুমান লাগতিয়াল যদিও, অন্য কিছুমান এনেয়ে বিশ্বাসত চলি থকাৰ দৰে লাগে। যিবোৰৰ কোনো সত্যতা নেথাকে বুলি ভাবোঁ।
সৰু কালৰ গাঁৱৰ অভিজ্ঞতা :
১) চুৱা। চুৱা মানেনো কি ? অভিধানৰ মতে চুৱাৰ অৰ্থ হৈছে – অপৱিত্ৰ। চৰুত ভাত ৰান্ধে। চাউলত পানী দি, জুই দি ভাত ৰান্ধিলে হেনো চুৱা হয়। মাছত নিমখ হালধি দিলেও চুৱা হয়। গতিকে চৰুৰ বাচন-বৰ্তন আৰু খোৱাবস্তু চুলেও হাত চুৱা হয়। তেতিয়া হাত ধুব লাগে। এইবোৰ পুৰণি নিয়ম বহুতে নেজানিবও পাৰে। চৰুত যিমান পাৰি পৰিস্কাৰ-পৰিচ্ছন্নকৈ খাদ্য ৰন্ধা হয়। গতিকে সেই খাদ্য কেনেকৈ অপৱিত্ৰ বা চুৱা হয় বুজা নেযায় । এইবিলাক অৰ্থহীন নিয়ম এনেই চলি থাকে। লক্ষণীয় বিষয় এয়ে যে, গাঁৱৰ বহু মানুহে বৰ্তমান চুৱা এৰিছে।
২) শৌচ কৰিবলৈ গ’লেও শৰীৰ চুৱা হয়। গতিকে গা ধুইহে ঘৰৰ ভিতৰত সোমোৱা নিয়ম। আকৌ, গা ধোৱাৰ আগত তেওঁক কোনোবাই চুলে, সেইজনো চুৱা হয়। দ্বিতীয়জনেও গা ধুলেহে হেনো চুৱা গুচে। মন কৰিবলগীয়া এটা কথা যে, শৌচ কৰাৰ পাছত, গা ধোৱাৰ লগত বিজ্ঞানসন্মত দিশ এটাও আছে। বহু বছৰৰ আগতে জ্বৰ হওঁতে এজন ডাক্তৰে কোৱা মনত আছে যে, ‘জ্বৰ হ’লে শৌচ কৰাৰ পিছত গা নুধুই, চাবোনেৰে ভালদৰে হাত ভৰি ধুলেই হয়।’ গতিকে এইক্ষেত্ৰটো চুৱাৰ অৰ্থ নাই। হাত ভৰি ধুই ঘৰৰ সকলো বস্তু চুলে একো ক্ষতি নহয়। পৰিচ্ছন্নতাই আচল কথা। এই প্ৰকাৰৰ চুৱা নগৰ-চহৰত দেখা পোৱা নেযায়। এতিয়া গ্ৰমাঞ্চলত কৰবাত কৰবাত থাকিলেও, লাহে লাহে নোহোৱা হ’ব যেন লাগে।
৩) হাইস্কুললৈ যোৱাৰ সময়ত ঘৰৰ পৰা আঁতৰত থাকি পঢ়োতে, বন্ধৰ দিনত মাজে মাজে ঘৰলৈ যাওঁ। যাওঁতে মেচিন নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হ’ব লাগে। পাৰ হওঁতেই সন্ধ্যা লাগে। তাৰপাছত নিজান নদীপৰীয়া মাথাউৰিয়েদি ৪ মাইল আন্ধাৰ বাটেৰে খোজকাঢ়ি গৈ ঘৰ পাওঁতে ৭ টা বাজিছিল। সেই পথেৰে কেতিয়াবা অকলেই যাবলগীয়া হৈছিল। পথত কুকুৰ, গাহৰি, সাপৰ ভয়ো আছিল। মাথাউৰিটোৰ এচোৱাত, এক মাইলমান ঠাইত কোনো মানুহৰ ঘৰ নাছিল। সেইঠাইত উমেশ্বৰ নামৰ মানুহ এজনৰ মাটিত দোজোপামান বাঁহ গছ আছিল। মানুহে কয়, ‘উমেশ্বৰৰ বাঁহনী’ ৰ ওচৰত বোলে মাজে-সময়ে সন্ধ্যাৰ পাছত বগা মেকুৰী ওলায়। বগা মেকুৰীয়ে কেতিয়াবা কেতিয়াবা পথেৰে অহাযোৱা কৰা মানুহৰ সন্মুখলৈ আহি অগাদেৱা কৰে আৰু চাঁৎকৈ নাইকিয়া হৈ যায়। ভূতে মেকুৰীৰ ৰূপধৰি আহে, যিটো হেনো মানুহৰ বাবে ভাল নহয়। প্ৰায় ১২/১৪ বছৰ উমেশ্বৰৰ বাঁহনীৰ কাষেৰে সন্ধ্যাৰ পাছত যোৱাৰ সময়ত কোনোদিনেই বগা মেকুৰী দেখা নেপালো। আমাৰ দেউতাই ভূতৰ কথাত সমুলি গুৰুত্ব নিদিছিল। ভূত বোলা কথাটো সম্পূৰ্ণ মিছা বুলি কৈছিল। তেতিয়া সাহস পাইছিলো।
এতিয়া কি ক’ব ? মেকুৰী আন্ধাৰত ঘূৰিফুৰা জন্তু। কেতিয়াবা কেতিয়াবা কোনোবাই উক্ত বাহঁনীৰ ওচৰত বগা মেকুৰী দেখিবৈ পাৰে। তাকে ভূতৰ ৰূপ বুলি ভয় খায় আৰু ভূত বুলি মানুহে প্ৰচাৰ কৰে। এনেকুৱা কথা মানুহে সহজে বিশ্বাস কৰে। সেই সময়ৰ পৰা লাহে লহে ভূত এক অন্ধবিশ্বাস বুলি ভাবিবলৈ ল’লো।
৪) গাঁৱৰ ঘৰৰ সন্মুখৰফালে এখন হাবি আছে। ঘৰৰ পৰা ৪০০ মিটাৰমান দূৰত এজোপা আটাইতকৈ ওখ, প্ৰকাণ্ড গছ আছিল। এনেকুৱা ডাঙৰ গছত কিবাবোলে ‘অপশক্তি’ থাকে। সেইজোপতো তেনে শক্তি আছে বুলি মানুহে কৈছিল। হাবিখনলৈ মানুহ যায় যদিও, ডাঙৰ গছজোপাৰ ওচৰলৈ মানুহ যোৱা দেখা নগৈছিল। এদিন এজনে মোক সঁচাকৈনে ভয় খুৱাবলৈ কৈছিল বুজা নাছিলো- তেওঁ কৈছিল, ‘গছজোপাৰ ওচৰলৈ যিয়ে যাব তাৰ অৱস্থা বেয়া হ’ব।’ এনেকুৱা কথা মানুহে সহজে বিশ্বাসত লয়। ভয় কৰিলেও ভূত-প্ৰেটৰ কথা বা গল্প শুনি মানুহে আমোদ পায়।
মনলৈ প্ৰশ্ন আহিল, গছত পকৃততে কি কি থাকে ? গা-গছ, ডাল, পাত, ফল, ফুল ইতাদি। তাৰোপৰি, ডাঙৰ গছবোৰ বহু প্ৰাণীৰ আশ্ৰয়ৰ স্থল। স্কুলৰ বিজ্ঞান কিতাপৰ পৰা গছৰ ভিতৰখনৰ বিষয়েও বহু কথা জানিব পাৰি। ক’তা, গছত অপশক্তি থকাৰ কথা বিজ্ঞানৰ কিতাপত একোৱেই নাই। থকা হ’লে বিজ্ঞানী সকলে নিশ্চয় প্ৰমাণ পালেহেতেন।
ইতিমধ্যে নবম/দশম শ্ৰেণীলৈ উঠিলো। অসত্য অন্ধবিশ্বাসবোৰ এৰিবলৈ লৈছো। সেই সময়ত, স্কুল বন্ধৰ দিনত ঘৰত আছোগৈ। এদিন অলপ দূৰৰ ল’ৰা এটাক লগ পালো। তাৰ লগত কথা-বতৰা হোৱাৰ পাছত, কিবা এটা বিচৰাৰ চলেৰে তাক লগত লৈ হাবিলৈ গ’লো। বন্ধুৱে ডাঙৰ গছজোপাৰ কথাবোৰ নেজানে। তাৰ লগত গৈ হাবিৰ ঔটেঙা এজোপাৰ ওচৰ পায় দেখিলো, গছত ঔটেঙা নাই। উদ্দেশ্য ঔটেঙা বিচৰা নহয়। অলপ ঘূৰি গৈ আমি দুয়োটা ডাঙৰ গছজোপাৰ ওচৰ পালোগৈ। অলপ সময় গছজোপাৰ ৰেহ-ৰূপ চালো। তলখন অলপ এন্ধাৰ আৰু মুকলি। মাটিৰ ওপৰেৰে শিপাবোৰ অলপ দূৰলৈকে বিস্তৃত। এডাল শিপাত মই ভৰি এটা দি আছিলো। বোলো কি হয় চাওঁচোন। অলপ পিছতেই শিপাডালত বহিদিলো। বন্ধুৱে বিছা থাকিব পাৰে বুলি মোক বহাৰ পৰা উঠাই দিলে। আমি ঘৰমূৱা হ’লো। গছজোপাৰ তললৈ যোৱা বহুদিন হ’ল। ক’তা মোৰ দেখোন একোৱেই বিপদ নহল। বন্ধুও ভালেই আছে। গতিকে প্ৰমাণ পালো যে, ডাঙৰ গছত কোনো অপশক্তি নেথাকে। বহু পণ্ডিতৰ মতে অপশক্তি ধাৰণাটোৱেই ভুল। মানুহে ভুল ধাৰণাবোৰ বুজিলৈ, তাৰপৰা সদায় আঁতৰি থকা উচিত।
৫) প্ৰাণীজগতৰ কোনো কোনো জাতিৰ প্ৰাণীক লৈ মানুহৰ মাজত কিছুমান জনবিশ্বাস আছে। সেই বিশ্বাসবোৰৰ ওপৰত গঠনমূলক আলোচা হোৱা বৰকৈ দেখা নেযায়। যিহেতু সেইবোৰ পুৰণিকলীয়া বিশ্বাস, সেয়েহে অধিক সংখ্যক মানুহে উক্ত বিশ্বাসবোৰ তেনেকৈয়ে চলি থকাটো বিচাৰে। কবলৈ বিচাৰিছো, আচল সত্যৰ আলোচনা-বিলোচনাই মানুহৰ মন-মানসিকতাক গতিশীল কৰি তোলে। সাপকলৈও সমাজত কিছুমান ধ্যান-ধাৰণা বা জনবিশ্বাস আছে। সাপে য’তে-ত’তে ঘূৰা ঘূৰি কৰে। অৰণ্যত, বাৰীৰ ঘাঁহ-বনৰ মাজত, পানীত এইবিধ প্ৰাণীক দেখা যায়। আনকি ঘৰৰ ভিতৰতো সাপ সোমায়। মূলত সাপে আহাৰ আৰু সিহঁতৰ আশ্ৰয়ৰ স্থল বিছাৰি ফুৰে। কেতিয়াবা সাপে মন্দিৰৰ ভিতৰতো প্ৰৱেশ কৰে। মন্দিৰতনো কিয় নোসোমাব ? জ্ঞান নথকা প্ৰাণীয়ে মন্দিৰ বুজি নেপায়।
তিনিবছৰমান আগতে বাতৰিত শুনামতে, উত্তৰ বঙ্গৰ এটা মন্দিৰত সাপ সোমাল। সাপটোৱে একেবাৰে মন্দিৰৰ বিগ্ৰহৰ ওপৰত আশ্ৰয় ল’লেগৈ। ৰাইজে দেখি ভয় খালে। বিভিন্নজনে না না মন্তব্য দিলে। ‘এইটো কালিকালগা সাপ’ , ‘দেৱতাই সাপৰ ৰূপ ধৰি আহিছে’ , সাপটোক অসুবিধা দিয়া উচিত নহ’ব’ ইত্যাদি। একপ্ৰকাৰ হুলস্থূলৰ পৰিৱেশ। অৱশ্যে কোনো প্ৰাণীকেই মানুহে অসুবিধা দিয়াটো ঠিক নহয়। সাপটো কেইবাদিনো প্ৰায় একে ধৰণেই লৰচৰ নকৰাকৈ বিগ্ৰহৰ ওপৰতে থাকিল। একো অপায়-অমঙ্গল নহ’বলৈ, প্ৰতিদিন সাৱধানে পূজা-পাতল চলি থাকিল। সাপ চাবলৈ অহা আহিছে আৰু যোৱা গৈছে। সাপৰ কোনো লৰচৰ নাই। অৱশেষত সৰ্প বিশেষজ্ঞ এজনক মাতি অনা হ’ল। বিশেষজ্ঞজনে বিশেষ কৌশলেৰে সাপটো ধৰি বাহিৰলৈ লৈ আহিল। তেখেত যিহেতু সৰ্প বিশেষজ্ঞ, সাপটো পৰীক্ষা কৰি ৰাইজক জনালে যে, সেই বিশেষ প্ৰজাতিৰ সাপটোৰ বৈশিষ্ট্য বা আচৰণ ভালকৈ ফুটি উঠা নাই, সি বিশেষ লৰচৰো কৰা নাই। কাৰণ, সাপটো বৰ দুৰ্বল আৰু সি ৰুগীয়া। বিশেষজ্ঞজনে সাপটোৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিলে। কেইদিনমান পিছত সাপ সুস্থ হৈ উঠাত, তাক অৰণ্য এখনত এৰি দিয়া হ’ল। এতিয়া মন কৰিবচোন, অৰণ্যৰ সাপ সুস্থ হৈ অৰণ্যলৈ ঘূৰি গ’ল। সাপটোৱে আচলতে আশ্ৰয় বিচাৰিহে মন্দিৰলৈ আহিছিল। সি কোনো দেৱতাৰ ৰূপ নহয়, কালিকা লগা সাপ বুলি ভবাটো অমূলক বুলি সৰ্প বিশেষজ্ঞ জনৰ হাততে প্ৰমাণ হ’ল। অপায়-অমঙ্গলো এক ভুল ধাৰণা। সাপটোক লৈ কাৰো একো বিপদো নহ’ল। সাপক লৈ সৃষ্টি হোৱা অন্ধবিশ্বাস পৰিত্যাগ কৰি, সাপে প্ৰাকৃতিকভাবে পোৱা বৈশিষ্ট্যবোৰ আমি সকলোৱে জনা প্ৰয়োজন।
৬) কেইবছৰমানৰ আগৰ কথা। স্কুল ছুটীৰ পাছত শিক্ষক আৰু ছাত্ৰীসকল ঘৰাঘৰি গ’ল। তেতিয়া স্কুলৰ কাৰ্যালয়তে আছিলো। গাড়ীৰ বাবে অপেক্ষা কৰা এজনী ছোৱালীয়ে খবৰ দিলে – অন্য এজনী ছোৱলীয়ে পিছফালৰ বাৰাণ্ডাত বহি কান্দি আছে। তাইক মাতি আনি ঘৰলৈ নগৈ স্কুলত কান্দি থকাৰ কাৰণ সোধা হ’ল। কথা গুৰুতৰ। তাই কৈ গ’ল, “গাটো কিছুদিন ভাল নহয়, দুৰ্বল, বিষ আৰু খোৱাত অৰুচি।” দেউতাকে বহুদিনৰ আগতে পৰিয়ালক এৰি গৈছে। মাকৰ সামান্য উপাৰ্জনেৰে ঘৰেই নচলে। তাইৰ ভায়েক এটাও আছে। এতিয়া অসুখৰ চিকিৎসাৰ উপায় নাই। তাৰোপৰি, মাক গৰাকীয়ে হেনো অসুখ হ’লে বেজ-বেজালী আৰু তান্ত্ৰিককহে অধিক গুৰুত্ব দিয়ে। তাই সেইবোৰ বেয়া পায়। দুদিনমান তান্ত্ৰিক ঘৰলৈও আহিছিল। তান্ত্ৰিকৰ চাৱনি তাইৰ সহ্য নহয়। তেওঁৰ কথাবোৰো হুতা, ভয়লগা। ঘৰলৈ গ’লেই তান্ত্ৰিকক মাকে মাতিব পাৰে। স্কুলৰফালৰপৰা ফোন কৰি ছোৱলীজনীৰ মাকক জনাই দিয়া হ’ল যে, যদি তাইক তান্ত্ৰিকে দিগদাৰ দিয়ে, তাৰ ব্যৱস্থা লোৱা হ’ব -তান্ত্ৰিকক জনাই দিব। দুদিন পিছত দেওবাৰ এটাত আমি কেইজনমান শিক্ষক ছোৱালীজনীৰ ঘৰলৈ গৈ ঘটনাৰ বুজ ল’লোগৈ। মাকক এই কাৰণেই সতৰ্ক কৰি দিয়া হ’ল যে, তান্ত্ৰিকে তাইক কোনো মন্দিৰলৈ নিয়াৰ কথা কৈছে আৰু তাইৰ গাত লম্ভা অপশক্তি খেদিবলৈ এৰি নিদিব। মানে তাইক চিকিৎসাৰ নামত কোবাব পাৰে, গচকিব পাৰে, আৰু বেলেগ শাস্তি দিব পাৰে। আজিকালি এনে কাৰ্যৰ বিপদজনক ভিডিঅ’ দেখিবলৈ পোৱা যায়। বৰ সাৱধান হোৱা দৰকাৰ। তাইক বোলে তান্ত্ৰিকে আৰু সাংঘাতিক কথা শুনাইছিল। এতিয়া সেইবোৰ কবলৈ মন নাই। গুটেই কাৰবাৰটো ভয়ানক যেন দেখি, আমাৰ ফালৰ পৰা খৰচৰ ব্যৱস্থা কৰি, ছোৱলীজনীক মাকৰ সৈতে ডাক্তৰৰ ওচলৈ নি, চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল। ডাক্তৰে ১২ দিনৰ ঔষধ দিলে। প্ৰথম ৫ দিনৰ পিছত তাই স্কুলত আমাক জনালে, ‘চাৰ মই গা ভাল পাইছো।’ শুনি বৰ ভাল পালো। ১০ দিনৰ পিছত তাই সম্পূৰ্ণ সুস্থ হৈ উঠিল। তান্ত্ৰিকে তেওঁলোকৰ ঘৰলৈ পিছলৈ আহিবলৈ এৰিলে। সফলতা লাভ কৰিলো। তান্ত্ৰিকৰ ব্যৱসায়ী কাৰবাৰত সাধাৰণ মানুহ ভোল যায় আৰু বিপদত পৰা উদাহৰণ বহুত আছে। মানুহে তান্ত্ৰিকৰ অন্ধবিশ্বাসী কাৰবাৰত ভৰি নিদি, অসুখ-বিসুখ হ’লে আধুনিক চিকিৎসাহে লোৱা উচিত। উক্ত ছোৱলীজনীৰ চিকিৎসাৰ সু-ফলে এই কথা প্ৰমাণ কৰা নাইনে ?
৭) এগৰাকী শিক্ষয়িত্ৰীয়ে এদিন কৈছিল, “চাৰ, সিদিনা ঘৰৰ এগৰাকী অসুখীয়া মহিলাক মাজনিশা ততাতৈয়াকৈ গুৱাহাটীলৈ নিওতে, লগত মই, ঘৰৰ এজন মতামনুহ আৰু গাড়ীৰ চালক লগত আছিল। নিশা অতি নিজান ৰাষ্ট্ৰীয় পথৰ বাইপাচেদি গৈ থাকোতে, কিছু দূৰত পথৰ ঠিক মাজতে শুদ্ধ বগা মেখেলা-চাদৰ পিন্ধা এগৰাকী সাইলাখ ন-কইনাই থিয়দি আছিল। আমি বৰ ভয়খালো আৰু চালকে সেই ঠাইত গাড়ীখন নৰখাই তৎক্ষণাৎ গাড়ী জোৰত চলাই দিলে। চালকে ক’লে – এইবোৰ বৰ বেয়া ঠাই, ইয়াত ৰোৱা মানে বিপদ কঢ়িয়াই অনা, ৰবই নেলাগে। আপুনি সেই ঘটনাটো সম্বন্ধে কি ক’ব ?” কথাখিনি শুনি শিক্ষয়ত্ৰী গৰাকীৰ পৰা আৰু কি দেখিছিল জানিব বিচাৰিলো। কইনা গৰাকীৰ কিছু আগত মাত্ৰ এখন খালী ট্ৰাক ৰখাই থোৱা আছিল বুলি জনালে। অন্য কোনো মানুহ দেখা নাছিল। আমি শিক্ষয়িত্ৰীক ক’লো : সেইগৰাকী কইনাৰ ৰূপত অহা ভাৱৰীয়ানীহে। অকলে মাজনিশা এগৰাকী মহিলা পথৰ ওপৰত কেতিয়াও ৰৈ নেথাকে। মেখেলা-চাদৰৰ তলত এজন মতা মানুহহে থাকিব লাগে। ওচৰৰ ট্ৰাকখন বৰ সন্দেহজনক। ট্ৰাকত কইনাৰ সঙ্গোপাঙ্গ থাকিবৈ লাগিব। সিহঁতৰ উদ্দেশ্য দুইধৰণৰ বুলি ক’ব পাৰি। (ক) নিশা পথৰ মানুহক ভয় খুৱাই অপশক্তিয়ে কইনাৰ ৰূপ ধৰা বুলি অন্ধিশ্বাস জন্মোৱা। (খ) সেই সময়ত ভয় কৰি গাড়ীখন ৰখাই দিয়া হ’লে, ট্ৰাকৰপৰা তৎক্ষণাৎ ডকাইতৰ ৰূপত কেইটামান মানুহ নামি আহি, গাড়ীৰ যাত্ৰী কেইজনৰ হাতৰ ধন, মবাইল আদি কাঢ়ি লৈ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তেতিয়া কি হ’লহেতেন ? চালকে উপস্থিত বুদ্ধিৰে গাড়ীখন ৰাখি নিদি, সম্ভাব্য বিপদৰ পৰা কেউজনকে বচালে। গতিকে এই গুটেই ঘটনাটোৰ দ্বাৰা অপশক্তিৰ অন্ধবিশ্বাস বিয়পোৱা, নহ’লে ডকাইতি কৰা অথবা এই দুয়োটাই উদ্দেশ্য আছিল।
নিশা যাত্ৰা কৰোতে অৰ্থহীন অপশক্তিৰ কথা ভাবি, মনটো দুৰ্বল কৰা প্ৰয়োজন নাই। সাৱধানতাই আচল কথা।
৮) পৃথিৱীৰ সকলো সমাজতে পুৰণিকলীয়া বিভিন্ন ধ্যান-ধাৰণা চলি অহা দেখা যায়। সেইবোৰ ধ্যান-ধাৰণাৰ কিছুমানৰ সত্যতা থাকিলেও, ভালেমান ধ্যান-ধাৰণা বা বিশ্বাসৰ সত্যতাৰ ভিত্তি বিচাৰি পোৱা নেযায়। বিজ্ঞানৰ নতুন নতুন আৱিস্কাৰ তথা বৈজ্ঞানিক চিন্তাৰ অগ্ৰগতিয়ে অতীতৰ মানুহৰ অনেক ধাৰণা অসত্য বুলি প্ৰতিপন্ন কৰি আহিছে।
মধ্যযুগলৈকে মানুহে পৃথিৱীখন মহাবিশ্বৰ কেন্দ্ৰভাগত অৱস্থিত আৰু পৃথিৱীৰ চাৰিওফালে আকাশৰ গ্ৰহ-নক্ষত্ৰবোৰে পৰিভ্ৰমণ কৰি থাকে বুলি ভাবিছিল। সেইকালত বিশেষকৈ ধাৰ্মীক সমাজে এই কথা দৃঢ়ভাবে বিশ্বাস কৰিছিল। কিন্তু, মহাবিশ্বত পৃথিৱীৰ স্থান সম্বন্ধীয় উক্ত বিশ্বাসক কপাৰনিকাচৰ দৰে অনুসন্ধিৎসু বিজ্ঞানীয়ে গ্ৰহণ কৰিব পৰা নাছিল। তেখেতে পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা সাহসেৰে কৈছিল যে, পৃথিৱী নহয়, সূৰ্যৰ চাৰিওফালেহে পৃথিৱীসহ বাকী গ্ৰহবোৰে পৰিভ্ৰমণ কৰে। তাৰোপৰি, সূৰ্যও মহাবিশ্বৰ কেন্দ্ৰত অৱস্থিত নহয়। এইটোহে আচল সত্য। কপাৰনিকাচৰ এই সত্য তত্ত্ব, অন্য এজন সত্যৰ অন্বেষক জ্যৰ্ডানো ব্ৰুণোই প্ৰচাৰ কৰিছিল। পৃথৱীকেন্দ্ৰীক পুৰণি বিশ্বাসৰ বিপৰীতে মতপ্ৰকাশ কৰাৰ কাৰণে, ধাৰ্মীক সকলে জ্যৰ্ডানো ব্ৰুণোক জীয়াই জীয়াই জুইলৈ দলিয়াই পুৰি মাৰিছিল। প্ৰকৃত সত্যক প্ৰতিষ্ঠা কৰিবলৈ সাহসেৰে চেষ্টা চলাই যোৱা ব্ৰুণোক হত্যা কৰাটো কম দুৰ্ভগ্যজনক ঘটনা নাছিল।
বিখ্যাত বিজ্ঞানী গেলিলিও গেলিলিৰ বৈজ্ঞানিক তথা সত্যৰ ওপৰত প্ৰতিষ্ঠিত মতামতবোৰো মধ্যযুগত ৰক্ষণশীল ধাৰ্মীক সমাজৰ পুৰণি চিন্তাধাৰাৰ বিপৰীতে গৈছিল। অসত্য চিন্তাৰ বাহক ৰক্ষণশীল সকলে সত্যৰ অন্বেষক মহান বিজ্ঞানী গেলিলিওকো দীৰ্ঘদিন অন্ধকাৰ কুঠৰীত বন্দি কৰি ৰাখি, তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়াৰ কথা আমি সকলোৱেই জানো। পিছলৈ সমাজত জ্যৰ্ডানো ব্ৰুণো আৰু গেলিলিওৰ মতামতেই প্ৰতিষ্ঠিত হয়। এইদৰে ধীৰে ধীৰে বিজ্ঞানৰ আৱিষ্কাৰবোৰে পুৰণি দিনৰ অসত্য বিশ্বাসক প্ৰত্যাহ্বান জনাবপৰা হ’ল।
৯) পৃথিৱীত জীৱৰ আবিৰ্ভাৱ কেনেকৈ হ’ল ? এইটো এটা বৰ জটিল প্ৰশ্ন। পৃথিৱীৰ বিভিন্ন সমাজত জীৱৰ আৱিৰ্ভাৱ সম্বন্ধে পুৰণিকালৰ পৰা পৃথক পৃথক মতামত চলি আহিছে। সেইবোৰ মতামতৰ কোনটো সত্য, কোনটো অসত্য বুজা টান। বেছিভাগৰ ক্ষেত্ৰত যুক্তিৰ অভাৱ। মধ্যযুগৰ ধাৰ্মীক সমাজে কৈছিল, “গডে কেইহাজাৰমান বছৰৰ পূৰ্বে পৃথিৱীত পৃথকে পৃথকে সৃষ্টি কৰা জীৱবোৰ এতিয়াও একেই আছে আৰু সিবোৰৰ কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে ” – এজন বিজ্ঞানৰ অধ্যাপক আৰু বিজ্ঞান লেখকৰ কিতাপত এইকথা উল্লেখ আছে।
জীৱৰ আবিৰ্ভাৱ সম্বন্ধে অতীতত ভুল মতামত প্ৰচলিত হোৱাটো অস্বাভাৱিক নহয়। এই ক্ষেত্ৰত বিজ্ঞানেনো কি কয় ?
জীৱৰ আবিৰ্ভাৱ সম্বন্ধে আধুনিক বিজ্ঞানেও গভীৰ গৱেষণা আগুৱাই নিছে। জীৱবিজ্ঞানী সকলে কয়, বহু কোটি বছৰৰ আগতে পৃথিৱীত জীৱ নাছিল। সাগৰৰ পানীত থকা জটিল যৌগবোৰৰ মাজত ৰাসায়নিক বিক্ৰিয়া হৈ জটিল জৈৱযৌগৰ সৃষ্টি হৈছিল। সাগৰত সৃষ্টি হোৱা ‘এমাইন এচিড’ তেনে এবিধ জৈৱযৌগ। এইবিধ এচিড জীৱৰ দেহত পোৱা যায়। কালক্ৰমত সাগৰত সৃষ্টি হোৱা এমাইন এচিড যুক্ত জৈৱযৌগবোৰৰ মাজত জীৱৰ কিছুমান বৈশিষ্ট্য ফুটি উঠিল। পাছৰ যুগত সেইবোৰো ঢাপে ঢাপে পৰিৱৰ্তন হৈ প্ৰটোপ্লাজম আৰু পিছৰ পৰ্যায়ত অতি নিম্ন স্তৰৰ জীৱৰ আৱিৰ্ভাৱ হ’ল। কোটি কোটি বছৰ ধৰি পৰিৱৰ্তিত পৃথিৱীত নিম্নস্তৰৰ কিছুমান জীৱৰ বিৱৰ্তন হৈ, লাহে লাহে উন্নত জীৱৰ সৃষ্টি হোৱা বুলি আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে। এতিয়া বিজ্ঞানে কোৱা এই কথা মানি ল’বনে, নে পুৰণি কথাবোৰকে মানি চলিব ?
বাতৰি কাকতত পঢ়িছিলো, পৃথিৱীত পোৱা আটাইতকৈ পুৰণি জীৱাশ্মটোৰ বয়স ৩২ কোটি বছৰ। তেতিয়াহ’লে, ওপৰত উল্লেখ কৰা ‘মাত্ৰ কেইহাৰমান বছৰৰ আগতে জীৱৰ আবিৰ্ভাৱ’ হোৱা কথাটো অসত্য হ’ব লাগিব। তাৰোপৰি, জীৱবোৰ পৃথিৱীৰ পৰিৱৰ্তিত পৰিৱেশত একে ৰূপত নেথাকে। বিৱৰ্তন পথত জীৱৰ চেহেৰা চৰিত্ৰ সলনি হোৱাৰ কথা বিজ্ঞানে কেতিয়াবাতে প্ৰমাণ কৰিছে। ডাৰউইনৰ “জৈৱ বিৱৰ্তন তত্ত্ব” সকলোৱে পঢ়া দৰকাৰ। জীৱবিজ্ঞানৰ আধুনিক গৱেষণোবোৰতো ডাৰউইনৰ জৈৱবিৱৰ্তন তত্ত্ব কেইটা সত্য বুলি প্ৰমাণ হোৱা কথাটো বিজ্ঞান লেখক সকলৰ গ্ৰন্থত পোৱা যায়। জীৱৰ আৱিৰ্ভাৱৰ বৈজ্ঞানিক মতামত তথা ডাৰউইনৰ তত্ত্ব আকৌ বহুতে অসত্য আখ্যা দিয়ে। সেইসকলে মুকলি মনেৰে জীৱ সৃষ্টিৰ বৈজ্ঞানিক তত্ত্ববোৰ আৰু বিজ্ঞানৰ ইতিহাস অধ্যয়ন কৰা দৰকাৰ।
এইদৰেই জীৱৰ আবিৰ্ভাৱ সম্বন্ধীয় পুৰণি ভুল ধাৰণা বা অন্ধবিশ্বাস দূৰ কৰাত বিজ্ঞানে পাৰ্যমানে সহায় কৰি আহিছে।
সত্যৰ অন্বেষণৰ দ্বাৰা ভৱিষ্যতে মানৱজাতিয়ে এখন সুস্থ আৰু পৰিশীলিত সমাজ গঢ়িবৈলৈ সক্ষম হ’ব বুলি মানুহে বিশ্বাসেৰে আগুৱাবই যাব লাগিব।