কেন্দ্ৰীয় নিবন্ধনিবন্ধ

সাম্প্ৰদায়িকতা: সংক্ৰমণৰ নিগূঢ় উৎস – (প্ৰসেনজিৎ চৌধুৰী)

আমাৰ শিক্ষাগুৰু পণ্ডিত অমৰেশ দত্ত ছাৰৰ জীৱন পৰিক্ৰমণে শতবৰ্ষ অতিক্ৰম কৰিলে‌। (প্ৰৱন্ধটো ২০২০ চনত লিখা‌। তেতিয়া ছাৰ জীৱিত) বয়সে কিছু কাহিল কৰিলেও তেখেতৰ মনন শক্তি এতিয়াও সতেজ‌, সতৰ্ক‌। সমাজৰ অৱক্ষয় আৰু মূল্যবোধৰ অৱনমনৰ কথা কৈ তেখেতে কেতিয়াবা আক্ষেপ কৰে‌। দুমাহমানৰ আগতে এগৰাকী বন্ধুৰ সৈতে দত্ত ছাৰক দেখা কৰিবলৈ গৈছিলোঁ‌। কথা প্ৰসংগত সাম্প্ৰদায়িকতা আৰু সাম্প্ৰতিক পৰিস্থিতিৰ কথা ওলাল‌। দত্ত ছাৰে অধুনা-দুষ্প্ৰাপ্য ঔদাৰ্য্য আৰু সূক্ষ্মদৰ্শিতাৰে ক’লে – ‘সব কমিউনিটিতে খাৰাপ লোক থাকে‌। আমৰা শুধু খাৰাপ দিকটাই দেখি‌, – বা দেখতে চাই‌।’ এই বয়সতো শব্দৰ কি অৰ্থপূৰ্ণ, প্ৰজ্ঞাদীপ্ত ব্যৱহাৰ – ‘দেখতে চাই’‌। আমি বেয়া দিশটোহে চাব বিচাৰোঁ‌। কিয় বিচাৰোঁ? আমাৰ পৰ্য্যবেক্ষনৰ পক্ষপাতিত্বৰ উৎস কি? আমাৰ মনে কিয় বিশেষ কেতবোৰ তথ্য, অভিজ্ঞতা, খবৰ আৰু উৰা বাতৰিৰ প্ৰতি স্বত:স্ফূৰ্ত আকৰ্ষণ অনুভৱ কৰে? দত্ত ছাৰৰ ‘দেখতে চাই’ শব্দদ্বয়ৰ আঁত ধৰি মনলৈ অহা প্ৰশ্নবোৰে ভবাই তুলিলে‌।

আধুনিক সাম্প্ৰদায়িকতাৰ উদ্ভৱ আৰু উদ্দেশ্যৰ লগত ৰাজনীতিৰ যি বহুমাত্ৰিক সম্পৰ্ক তাৰ গুৰুত্ব অনস্বীকাৰ্য‌। কিন্তু কেৱল ৰাজনৈতিক ব্যাখ্যাৰে সাম্প্ৰদায়িকতাৰ স্বৰূপ সম্যকভাৱে অনুধাৱন কৰাটো জানো সম্ভৱ? আনহাতে অৰ্থনৈতিক স্বাৰ্থ আৰু/বা পৰিস্থিতিৰ বিচাৰ, বিশ্লেষণ অতি গুৰুত্বপূৰ্ণ যদিও কেৱল তাৰ আধাৰতেই সাম্প্ৰদায়িকতাৰ সামগ্ৰিক চৰিত্ৰৰ যথাৰ্থ সমীক্ষা সম্ভৱ বুলি মনে নধৰে‌। সাম্প্ৰদায়িকতাৰ এটা সামাজিক-মনস্তাত্বিক দিশ থাকে‌। এই দিশটোৰ প্ৰতি চকু নিদিলে আমি বুজিব নোৱাৰিম কিয় সাম্প্ৰদায়িক প্ৰচাৰত এচাম মানুহে সহজেই ভোল যায়‌, কিয় কিছুমান তথ্য, অভিজ্ঞতা, খবৰ আৰু উৰা বাতৰিৰ গুৰুত্ব তথা বিশ্বাসযোগ্যতা তেওঁলোকৰ বিচাৰত প্ৰশ্নাতীত‌। আচলতে মানুহৰ মনৰ চেতন বা অৱচেতন স্তৰত অন্য সম্প্ৰদায়ক কেন্দ্ৰ কৰি কেতবোৰ নেতিবাচক আৰু পক্ষপাতমূলক পূৰ্বধাৰণা (Prejudice) থাকে‌। এনে পূৰ্ব ধাৰণাই সাম্প্ৰদায়িকতাৰ প্ৰসাৰৰ কাৰণে এক উৰ্ব্বৰ ক্ষেত্ৰ তৈয়াৰ কৰে‌। ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু অনুকূল সামাজিক বাতাৱৰণৰ সহযোগত এই প্ৰসাৰৰ দ্ৰুততা আৰু দৃঢ়তা বহুগুণে বাঢ়ি যায়‌। পক্ষান্তৰে নেতিবাচক পূৰ্বধাৰণাবোৰ যিসকলে মনত পুহি ৰাখে তেওঁলোকে আত্মপক্ষ সমৰ্থনৰ স্বাৰ্থত বা কেতিয়াবা নিজকে পতিয়ন নিয়াবলৈ এক বিশেষ কৌশল অৱলম্বন কৰে। কৌশলটো হ’ল, তেওঁলোকে নিজৰ সংকীৰ্ণ আৰু সহিষ্ণুতা-ৰহিত মনোভাবৰ লগত খাপ খোৱা তথ্য, খবৰ, উৰা-বাতৰি আদি সংগ্ৰহ কৰে আৰু সৰহ ক্ষেত্ৰত উৎসাহেৰে সেইবোৰৰ প্ৰচাৰত ব্ৰতী হয়। এনেকৈ তেওঁলোকে উল্লিখিত পূৰ্বধাৰণাবোৰৰ ন্যায্যতা প্ৰতিপাদন কৰিব বিচাৰে। ই তেওঁলোকক এক বহুমাত্ৰিক সন্তুষ্টি দিয়ে।

সাম্প্ৰদায়িকতাৰ চৰিত্ৰ জটিল। কেৱল মানৱতাবোধকেই নহয়, ই যুক্তিবোধকো জলাঞ্জলি দিবলৈ মানুহক প্ৰৰোচিত কৰে। মানুহ হৈ পৰে নেতিবাচক আৱেগৰ গোলাম, মেৰুদণ্ডহীন অনুৱৰ্তী। মনুষ্যোচিত বিচাৰ-বুদ্ধিৰ পৰা আঁতৰত স্থিতি লৈ সাম্প্ৰদায়িক ভাবাপন্ন লোকে একোটা উদ্ভট বা ভিত্তিহীন সাধাৰণীকৰণক চৰম সত্যৰ মৰ্য্যদা দিয়ে আৰু/ অথবা তেনে অমুলক-অপৰীক্ষিত সাধাৰণীকৰণৰ সহায়ত সমাজত বিষবাস্প বিয়পায়। সমাজ-বিজ্ঞানত আমি ‘Stereotype’ ৰ কথা পাওঁ। ইয়াৰ সৈতে নিৰ্বিচাৰ সাধাৰণীকৰণৰ নৈকট্য মন কৰিবলগীয়া। এই ষ্টিৰিওটাইপ নো কি? সমাজ-বিজ্ঞানৰ ভাষাত- ‘A set of biased generalizations about a group or category of people that is unfavorable, exaggerated and oversimplified.’। বাক্যটোৰ শেষৰ শব্দ তিনিটাৰ গূঢ়াৰ্থ অনুধাৱন যোগ্য: ষ্টিৰিওটাইপৰ আধাৰ যি পক্ষপাতদুষ্ট অতিসৰলীকৰণ তাৰ বৈশিষ্ট্য হ’ল বিৰূপতা, অতিৰঞ্জন আৰু অতিসাধাৰণীকৰণ। আমি ব্যক্তিগত আলাপ আলোচনাত বা ৰাজহুৱা পৰিসৰত প্ৰায়ে ষ্টিৰিওটাইপৰ উল্লেখ পাওঁ। আত্মপ্ৰত্যয়েৰে ঘোষণা কৰা হয়- ‘ক’ সম্প্ৰদায়টো আক্ৰমণাত্মক, ‘খ’-টো চক্ৰান্তকাৰী, ‘গ’-টো অকৰ্মণ্য, ‘ঘ’-টো পৰনিন্দুক ইত্যাদি ইত্যাদি। সঘন পুনৰাবৃত্তিৰ পৰিণতিত ষ্টিৰিওটাইপবোৰ বদ্ধমূল হৈ পৰে, মনে-সজা ধাৰণা কেতবোৰ মানুহৰ চেতনাৰ নিগাজী বাসিন্দা হৈ পৰে। মানুহে এনে ষ্টিৰিওটাইপৰ আলমত একোটা সম্প্ৰদায়ৰ প্ৰতি নিজৰ মনোভাব তথা আচৰণৰ বৈশিষ্ট্য গঢ় দি লয়। কেতিয়াবা মানুহৰ মনৰ গহনত অজ্ঞাতেই প্ৰক্ৰিয়াটো চলি থাকে। উল্লেখযোগ্য যে কেতবোৰ ষ্টিৰিওটাইপে মানুহৰ মনত সৃষ্টি কৰা প্ৰক্ৰিয়াই মানসিক স্বাস্থ্যৰো ক্ষতি কৰে। দৃষ্টান্ত হিচাপে ক’ব পাৰি, চক্ৰান্তকাৰী ষ্টিৰিওটাইপৰ বহল প্ৰচাৰৰ ফলত এচাম মানুহৰ সন্দেহ, অবিশ্বাস আৰু উদ্বেগ অস্বাভাৱিকভাৱে বাঢ়ি যায়, তেওঁলোক পেৰানইয়া (Paranoia)ৰ দ্বাৰা আক্ৰান্ত হয়। আকৌ আক্ৰমণাত্মক ষ্টিৰিওটাইপে এক ধৰণৰ fear psychosis ৰ জন্ম দি মানুহক ত্ৰাসজনিত মানসিক অস্থিৰতাৰ কবলত পেলায়।

সাম্প্ৰদায়িকতাৰ বাহিৰে অন্যান্য বিষয়ৰ লগতো ষ্টিৰিওটাইপ সংপৃক্ত থাকে‌। বিশেষ কোনো বিসম্বাদী গোষ্ঠীৰ বিৰুদ্ধে কুৎসা ৰটনাৰ ক্ষেত্ৰত ষ্টিৰিওটাইপে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। পুৰুষৰ পুৰণিকলীয়া প্ৰভুত্বৰ গৰাখহনীয়া দেখি যি চাম মানুহ শংকিত হৈছে তেওঁলোকে নাৰীবাদীৰ/ আধুনিকাৰ ভাৱমূৰ্তিৰ এক সৰলীকৃত, প্ৰতিকূল আৰু অতিৰঞ্জিত ৰূপ দাঙি ধৰা দেখা যায়। ঠিক সেইদৰে সোঁতৰ বিপৰীতে গৈ যুক্তিবাদৰ চৰ্চাত ব্ৰতী লোকসকলৰ প্ৰতিপক্ষই/ সমালোচকে যুক্তিবাদীসকলৰ যিখন ছবি আঁকে তাৰ পৰা এনে ধাৰণা হ’ব যে তেওঁলোক উগ্ৰ, তৰ্কপ্ৰিয়, আৱেগৰহিত আৰু গণ-নিৰ্লিপ্ত। লক্ষনীয়, এইবিধ ষ্টিৰিওটাইপ নিৰ্মাণৰ সময়ত নাৰীবাদী আৰু যুক্তিবাদীসকল একোটা অবিভাজিত একশৈলিক (Monolithic) গোষ্ঠী বুলি ধৰি লোৱা হয়- যেনে মত আৰু পথক লৈ তেওঁলোকৰ মাজত কোনো বিবাদ-বিৰোধ নাই। সাম্প্ৰদায়িক ষ্টিৰিওটাইপ নিৰ্মাণৰ বেলিকাও একে কৌশল চকুত পৰে। এটা সম্প্ৰদায়ৰ পৰিচিতি হিচাপে উৎকট গোড়ামিৰ কথা কওঁতে ষ্টিৰিওটাইপ নিৰ্মাণকাৰীসকলে ধৰি লয় যে সেইটো সম্প্ৰদায়ৰ ভিতৰ চৰাত উদাৰ নৈতিক চিন্তা-চৰ্চাৰ কোনো অস্তিত্বই নাই।

অপ্ৰাসংগিক যেন লাগিলেও এইখিনিতে উল্লেখ কৰা যুগুত হ’ব যে সকলো ষ্টিৰিওটাইপ নিন্দাত্মক আৰু/বা উদ্দেশ্য প্ৰণোদিত নহয়। বহুতে ভাবে যে সংবেদনশীল কবিসকল আপোন ভোলা ব্যক্তি, জঞ্জালময় জীৱনৰ পৰা বহু নিলগত তেওঁলোকৰ অৱস্থান। এই ধাৰণা ষ্টিৰিওটাইপৰেই নিৰ্দোষ নিদৰ্শন। ইয়াৰ আঁৰত কোনো বিৰাগ-বিদ্বেষ নাই। পিছে, এইবিধ ষ্টিৰিওটাইপৰ লগত আমাৰ আলোচ্য বিষয়টোৰ কোনো সম্বন্ধ নাই। কিয়নো সাম্প্ৰদায়িক মনোভাৱ তথা আচৰণক যি বিধ ষ্টিৰিওটাইপে ইন্ধন যোগায়, তাৰ লগত বিদ্বেষাত্মক আৱেগৰ সংযোগ সুস্পষ্ট। অৱশ্যে এনে নেতিবাচক ষ্টিৰিওটাইপ আধুনিক যুগৰ উদ্ভাৱন বুলি ক’লে ভুল হ’ব। আমাৰ দেশৰ শাস্ত্ৰীয় ঐতিহ্যৰ পৰা দৃষ্টান্ত সংগ্ৰহ কৰিলে কথাটো সহজেই বুজা যাব। মহাভাৰতৰ ভীষ্মই কৈছে; ‘মানুহৰ চৰিত্ৰত যিমান প্ৰকাৰৰ দোষ থাকিব পাৰে সেই সকলো দোষেই আছে নাৰী আৰু শূদ্ৰৰ চৰিত্ৰত।’ বাংলাত এষাৰ কথা আছে; ‘এক ঢিলে দুই পাখি।’ ভীষ্মই সেই কামেই কৰিছে। এটা চুম্বক উক্তিৰে তেওঁ নাৰী আৰু শূদ্ৰ সম্বন্ধীয় ষ্টিৰিওটাইপ ৰচনা কৰিছে। কুৰুচি পূৰ্ণ নাৰী নিন্দাৰ মচলাৰে নিৰ্মিত ষ্টিৰিওটাইপৰ উল্লেখ মনু সংহিতাৰ নৱম অধ্যায়তো পাওঁ; “পৰপুৰুষ দেখিলেই ভোগ কৰাৰ ইচ্ছা, চঞ্চলতা, স্বভাৱতেই স্নেহহীন হোৱাৰ কাৰণে ঘৰত যত্নপূৰ্বক ৰাখিলেও স্ত্ৰীয়ে পতিৰ বিৰুদ্ধে কাম কৰে।” এনে উক্তিৰ প্ৰৰোচনাত পুৰুষতান্ত্ৰিক পেৰানইয়া দৃঢ়তৰ হোৱাৰ সম্ভাৱনা প্ৰচুৰ। ঐশ্লামিক ঐতিহ্যতো নাৰী নিন্দাৰ নিদৰ্শন দুষ্প্ৰাপ্য নহয়; ‘নাৰী চয়তানৰ ফান্দ।’ খ্ৰীষ্টান ঐতিহ্যতো সমসুৰীয়া দ্বেষোক্তি পোৱা যায়। এইবোৰ তথ্যৰ ভিত্তিত এটা সিদ্ধান্তত নিশ্চয় উপনীত হ’ব পাৰি: শূদ্ৰ আৰু নাৰীৰ দৰে প্ৰান্তিকায়িত গোষ্ঠীবোৰৰ অৱদমন অৱমাননাক বৈধতা প্ৰদান কৰাৰ স্বাৰ্থত ঘৃণাপূৰ্ণ ষ্টিৰিওটাইপ নিৰ্মাণত তাহানিৰ সমাজপতিসকল আছিল সিদ্ধহস্ত।

ষ্টিৰিওটাইপ নিৰ্মাণৰ এই প্ৰাচীন পৰম্পৰা বা তাৰ সংশোধিত সংস্কৰণৰ বহুল চৰ্চা আজিও চকুত পৰে। অলপতে The Telegraph ত ছপা হোৱা ৰামচন্দ্ৰ গুহৰ প্ৰৱন্ধ এটাত আমি চিত্তাকৰ্ষক তথ্য এটা পাওঁ; মধ্যযুগত প্লেগৰ প্ৰাদুৰ্ভাৱৰ সময়ত ইউৰোপত ইহুদীসকলক ভৰ্ৎসনা কৰা হৈছিল; কোৱা হৈছিল, খ্ৰীষ্টানসকলৰ প্ৰতি থকা ইহুদী সম্প্ৰদায়ৰ আখেজীয়া মনোভাৱৰ কাৰণে তেওঁলোকে এই মহাব্যাধিটো আনিলে। প্ৰায় একে ধৰণৰ অভিযোগ সাম্প্ৰতিক কালতো এচাম মানুহে উত্থাপন কৰিছে। দেখা গৈছে, বিশ্বত কৰ’না মহামাৰীৰ তাণ্ডৱ চলি থকা সময়ত আমাৰ ৰাজধানীৰ মাজ-মজিয়াত এমুঠি ধৰ্মান্ধ মানুহৰ দায়িত্ববোধশূন্য অবিবেচক আচৰণৰ কাৰণে গোটেই সম্প্ৰদায়টোকেই জগৰীয়া কৰাৰ কৌশলপূৰ্ণ চেষ্টা চলিছে। ইয়াক বোধহয় সাম্প্ৰদায়িকতাৰ covidisation বুলিব পাৰি। এনে চেষ্টাই কিছু পৰিমাণে সাফল্যৰ মুখ দেখে মানুহৰ মনত প্ৰত্যয় পোৱা ষ্টিৰিওটাইপবোৰৰ কাৰণে। অধিকাংশ মানুহৰ মনত পক্ষপাতমূলক পূৰ্বধাৰণা কেতবোৰ একেই, শিক্ষিত-অশিক্ষিত, সংখ্যাগুৰু-সংখ্যালঘু বুলি কোনো কথা নাই। কোনো কোনো লোকৰ ক্ষেত্ৰত অৱশ্যে এই ধাৰণাবোৰ সূপ্ত অৱস্থাত থাকে। সাম্প্ৰদায়িকতাৰ সংক্ৰমণৰ ফলত সামাজিক পৰিমণ্ডল প্ৰদূষিত হ’লে এই ধাৰণাবোৰে আৱৰণ আঁতৰাই উলংগ ৰূপ ধাৰণ কৰে। তেতিয়া উচ্চ শিক্ষিত মৃদুভাষী লোকেও কৰ্কশ কণ্ঠৰে গৰজি উঠে – ‘ইহঁত এনেকুৱাই’। এনে তিৰস্কাৰৰ ‘ইহঁত’ শব্দটোয়ে ষ্টিৰিওটাইপক প্ৰতিনিধিত্ব কৰে। এই ষ্টিৰিওটাইপ আৰু আনুষংগিক ধাৰণাবোৰৰ লগত ৰজিতা খুৱাই সচৰাচৰ টাৰ্গেট সম্প্ৰদায়টোৰ চিন্তা-ভাৱনা, কথা-বতৰা আৰু আচৰণৰ ব্যাখ্যা আগবঢ়োৱা হয়।

উদ্বেগৰ বিষয় হ’ল, ষ্টিৰিওটাইপ কেন্দ্ৰিক ধৰা-বন্ধা ধাৰণাৰ আৱেষ্টনীত আৱদ্ধ প্ৰান্তিকায়িত সম্প্ৰদায় এটাই কেতিয়াবা নেতিবাচক পূৰ্বধাৰণাবোৰৰ শুদ্ধতাৰ গ্ৰহণযোগ্যতাক প্রশ্ন নকৰিবও পাৰে। ব্যক্তিৰ দৰে সমূহীয়া মানস (Collective psyche) ৰ চৰিত্ৰ বৰ সহজ নহয়। আচৰিত যেন লাগিলেও এই কথা সচাঁ যে ষ্টিৰিওটাইপৰ ধাৰণাই কেতিয়াবা এটা সম্প্ৰদায়ৰ মানসিকতাক সংকটৰ বুকুলৈ ঠেলি দিব পাৰে। চিন্তাবিদ-ঐতিহাসিক য়ুভাল নোৱা হাৰাৰিৰ বহুচর্চিত গ্ৰন্থ ছেপিয়েন্সত (Sapiens) পোৱা এটা গুৰুত্বপুৰ্ণ তথ্য প্ৰসংগত উল্লেখ্য: ঊনৈশ শতিকাৰ দ্বিতীয়াৰ্ধত বহু কৃষ্ণাঙ্গ লোকেও বিশ্বাস কৰিছিল যে তেওঁলোক শ্বেতাংগসকলতকৈ নিকৃষ্ট। পিটাৰ বাৰজাৰ নামৰ এগৰাকী সমাজ বিজ্ঞানীয়ে এই দিশটোৰ ওপৰত আলোকপাত কৰি লিখা কথাখিনি এই প্ৰসংগত স্মৰ্তব্য- ‘The most terrible thing that prejudice can do to a human being is to more him tend to become what the prejudiced image of him says that he is?’ আমেৰিকাৰ আন এগৰাকী সমাজ-বিজ্ঞানীৰ পৰা জনা যায় যে কিছু কালৰ আগলৈকে দক্ষিণৰ কৃষ্ণাংগসকলে সহজ-সৰল, এলেহুৱা আৰু আত্মসন্তুষ্ট জন-সমষ্টি হিচাপে নিজকে প্ৰক্ষেপ কৰিছিল, কাৰণ শ্বেতাঙ্গসকলৰ মানস পটত তেওঁলোকৰ সেই ভাৱমূৰ্তিয়েই আছিল বিৰাজমান। অৰ্থাৎ ষ্টিৰিওটাইপৰ লগত খাপ খাই পৰাৰ প্ৰৱণতাও কেতিয়াবা দেখা দিব পাৰে। সমাজ বিজ্ঞানীসকলৰ এনে পৰ্য্যবেক্ষণৰ আলমত আমি এটা অপ্ৰিয় অথচ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিব পাৰোঁ: সম্প্ৰতি ধৰ্মান্ধ আৰু দেশপ্ৰেমহীন সম্প্ৰদায় বুলি যিসকলৰ ওপৰত অহৰহ অপবাদৰ বোজা জাপি দি থকা হৈছে তেওঁলোকৰ এটা অংশই যদি বহুশ্ৰুত বহুচৰ্চিত নেতিবাচক ষ্টিৰিওটাইপৰ অনুকৰণত মনোনিৱেশ কৰে তেতিয়া সংহতি আৰু প্ৰগতিৰ সমাজদৰ্শ ৰূপায়ণ জানো বাধাপ্ৰাপ্ত নহ’ব? এনে অনাকাংক্ষিত পৰিস্থিতিত সুযোগ সন্ধানী মৌলবাদী শক্তিয়ে আধিপত্য বিস্তাৰৰ সুযোগ পায়।

ষ্টিৰিওটাইপ আৰু অনুষংগিক ধাৰণাবোৰৰ প্ৰসাৰত নানা কাৰকে অৰিহনা যোগায়। এইবোৰৰ ভিতৰত সংবাদ পত্ৰ, ইলেকট্ৰনিক মাধ্যম ছ’চিয়েল মিডিয়া আৰু জনপ্ৰিয় চলচ্চিত্ৰ অন্যতম। উল্লেখ্য আটাইকেইটা ক্ষেত্ৰতে সদিচ্ছাসম্পন্ন উদাৰমনা মানুহৰ অভাৱ নাই। Frontline নামৰ আলোচনীখনত অলপতে চলচ্চিত্ৰ বিষয়ক তথ্যসমৃদ্ধ প্ৰবন্ধ প্ৰকাশ পাইছে। প্ৰবন্ধটোত কোৱা হৈছে যে ২০১৬ চনৰ পিছত বলিউডত নিৰ্মিত বুৰঞ্জীমূলক বোলছবি কেইখনমানত যুদ্ধৰত মুছলমানসকলক বৰ্বৰ আৰু ধৰ্মোন্মাদ হিচাপে দেখুওৱা হৈছে। এই ধৰণৰ চিনেমাই নেতিবাচক ষ্টিৰিওটাইপ মজবুত হোৱাত সহায় কৰে। ‘মোগল-ই-আজম’ বা ‘যোধা আকবৰ’ত সমন্বয়াকাঙ্ক্ষী বিপৰীত প্ৰৱণতাহে বিদ্যমান। কোৱা বাহুল্য যে কেৱল ইতিহাস আশ্ৰয়ী চলচ্চিত্ৰতেই নহয়, বিদ্যায়তনিক আৰু জনপ্ৰিয় ইতিহাস ৰচনাতো কেতিয়াবা অপবাদ অপযশৰ লক্ষ্য হৈ পৰা সম্প্ৰদায়টোক অসহিষ্ণু অমানুষিক ধৰ্মান্ধ শক্তি হিচাপে উপস্থাপন কৰা হয়। এনে ইতিহাসত সহযোগিতা সহমৰ্মিতাৰ দিশটোক উপেক্ষা কৰা হয়। এইখিনিতে উনুকিয়াই থোৱা যায় যে পক্ষপাত দুষ্ট ইতিহাস চৰ্চাই কেতিয়াবা ভাষিক সম্প্ৰদায়ক কেন্দ্ৰ কৰিও ষ্টিৰিওটাইপ ৰচনা কৰে। সাম্প্ৰদায়িকতাৰ ভাষিক সংস্কৰণৰ যি স্বীয় ইতিহাস ৰচনা পদ্ধতি তাতো চক্ৰান্ত-তত্ত্ব বহুলভাৱে সমাদৃত।

আমি ওপৰত উল্লেখ কৰা কাৰকবোৰৰ প্ৰভাৱ প্ৰাক-কৈশোৰ কালত বৰ ফলপ্ৰদ হয় বুলি ক’ব নোৱাৰি। চিনেমা বা অন্যান্য মাধ্যমে ৰেখাপাত কৰাৰ আগতে সহিষ্ণু শিশু-মানস পৰিয়ালৰ ভাব মণ্ডলৰ দ্বাৰাহে বেছিকৈ প্ৰভাৱিত হয়। ল’ৰা-ছোৱালীৰ প্ৰাথমিক মনোভাৱ (initial attitudes) গঠনত মাক দেউতাক আৰু পাৰিবাৰিক পৰিমণ্ডলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। পশ্চিমীয়া সমাজ বিজ্ঞানীৰ পৰ্য্যবেক্ষণ অনুযায়ী কম বয়সীয়া ল’ৰা-ছোৱালীৰ মনত বৰ্ণ-বিদ্বেষ নাথাকে। মাক দেউতাকৰ বিদ্বেষাত্মক মনোভাৱৰ লগত পৰিচিত হোৱাৰ পিছত আৰু তেওঁলোকৰ পৰা পোনপটীয়া শিক্ষা পোৱাৰ ফলত সন্তানৰ মনত কৃষ্ণাংগসকলৰ প্ৰতি নেতিবাচক ধাৰণা কেতবোৰৰ প্ৰৱেশ ঘটে। সমাজ বিজ্ঞানত আমি যি প্ৰাৰম্ভিক সামাজিকীকৰণ (primary socialization) ৰ কথা গম পাওঁ ই তাৰেই অংগ। (সামাজিকীকৰণৰ এই বিশেষ ৰূপটোক আমি প্ৰাৰম্ভিক সাম্প্ৰদায়িক সামাজিকীকৰণ বুলিব পাৰোঁ।) বিগত শতিকাত এগৰাকী সমাজ-বিজ্ঞানীয়ে চলোৱা এটা অনুসন্ধানমূলক সমীক্ষাৰ কথা এই প্ৰসংগত উনুকিয়াব পাৰি। সমাজ-বিজ্ঞানী গৰাকীয়ে ৩৬০ গৰাকী হিন্দু, মুছলমান আৰু শিখ ছাত্ৰ-ছাত্ৰীক লৈ এটা পৰীক্ষা চলাইছিল। পৰীক্ষাৰ ফলাফলৰ আছিল এই ধৰণৰ: নিজৰ ধৰ্মৰ প্ৰতি আকৰ্ষণ আৰু অন্য ধৰ্মৰ প্ৰতি বিৰূপ মনোভাৱ চাৰি-পাঁচ বছৰতেই গঢ় লোৱা আৰম্ভ কৰে আৰু আঠ ন বছৰত ই স্পষ্ট হৈ পৰে। কোনো সন্দেহ নাই যে কম সময়তেই মন মানসত সোমাই পৰা এনে পক্ষপাতমূলক প্ৰতিকুল ধাৰণাই পৰৱৰ্তী সময়ত সম্প্ৰদায়িক ষ্টিৰিওটাইপৰ বিশ্বাসযোগ্যতা আৰু জনপ্ৰিয়তাত যথেষ্ট অৰিহণা যোগায়। উল্লিখিত সমাজতাত্বিক সমীক্ষাৰ ফলাফলৰ ভিত্তিত ক’ব পাৰি যে শৈশৱতেই সকলো সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ মনত মানৱীয় মূল্যবোধ আৰু যুক্তিমনস্কতাৰ বীজ ৰোপন কৰাটো খুবেই জৰুৰী।

এই নাতিদীৰ্ঘ নিবন্ধটো আৰম্ভ কৰিছিলোঁ এগৰাকী শিক্ষাগুৰুৰ প্ৰজ্ঞাপূৰ্ণ উক্তিৰে। নিবন্ধটো সামৰিব বিচাৰিছোঁ অন্য এগৰাকী শিক্ষাগুৰুৰ কথাৰে। কেইবছৰমান আগতে ডিব্ৰুগড়ৰ এখন নাৰ্চিং হোমত কবি সমালোচক শ্ৰদ্ধেয় দিলীপ বৰুৱা ছাৰ চিকিৎসাধীন হৈ আছিল, তেখেতৰ স্বাস্থ্যৰ বুজ ল’বলৈ যাওঁতে বৰুৱা ছাৰে কথা প্ৰসংগত কৈছিল,- ‘প্ৰাথমিক শিক্ষাই মানুহ গঢ়ে, উচ্চ শিক্ষাই কেৰিয়াৰ গঢ়ে‌।’ কোনো সন্দেহ নাই খুবেই সাৰগৰ্ভ আৰু সুচিন্তিত মত‌। বৰুৱা ছাৰৰ অৰ্থবহ উক্তিৰ আঁত ধৰি ক’ব পাৰি যে সকলো ধৰ্মাশ্ৰয়ী সাম্প্ৰদায়িকতাৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে আমি প্ৰাথমিক শিক্ষাৰ সংজ্ঞা কিঞ্চিৎ শিথিল কৰা সমীচীন হ’ব‌। এই নতুন সংজ্ঞাই পৰিয়াল, ওচৰ চুবুৰীয়া, আত্মীয়-স্বজনৰ পৰা পোৱা সু-শিক্ষাকো সাঙুৰি ল’ব‌। ‘মানুহ গঢ়া’ৰ মংগলময় প্ৰক্ৰিয়াৰ ইয়েই হ’ব প্ৰথম পদক্ষেপ‌।

ব্যৱহৃত উৎসসমূহ:

Y.N. Harari, Sapiens : A Brief History of Humankind, London, 2014.

K. Wheldall, Social Behavior, London, 1978

P.L.Berger, Invitation to sociology: A humanistic perspective, Hamendswon Org, 1981

L. Mann, Social Psychology, New Delhi, 1985

W.P.Scott, Dictionary of Sociology, Delhi, 1988

A. Sing, Socialisation of the Indian child, New Delhi, 1981

হুমায়ুন আজাদ, নাৰী, ঢাকা, ২০০৮

কংকৰ সিংহ, ইসলাম ও পৰধৰ্ম, কলকাতা, ২০০৫

কংকৰ সিংহ, মনুসংহিতা এবং নাৰী, কলকাতা, ২০০৫

মনু-সংহিতা, (অনুবাদ: প্ৰফুল্ল নাৰায়ন বৰুৱা), ডিব্ৰুগড়, ২০০৩

One thought on “সাম্প্ৰদায়িকতা: সংক্ৰমণৰ নিগূঢ় উৎস – (প্ৰসেনজিৎ চৌধুৰী)

  • Debananda Borah

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *