শীত
মুক্ত চিন্তা, ১ম বছৰ, ৪ৰ্থ সংখ্যা
ক’তেনো হেৰাল ভৰপূৰ আঘোণীয়া পথাৰৰ
ৰাংঢালী উলাহ
দাই নিয়া পথাৰত
কেউফালে এতিয়া উদং বিষাদ ।
মন পথাৰত অভিমানী যাতনাৰ টোপাল গলে
শুকান নৰানিত টোপ টোপ নিয়ৰৰ লোতক সৰে
পথৰুৱা কুঁৱলীৰে ফেৰ মাৰি
বুকুত বিষাদৰ ঘনত্ব বাঢ়ে ।

