গল্প-কবিতা

শিলৰ ৰিহা–(সাগৰ সৌৰভ)

 

আকাশত যেতিয়া এটাও তৰা নাথাকে

চাই থাকোঁ তোমাৰ মুখ

ইমান আন্ধাৰতো কি সাৰে থাকে সাৰে

জাঁ‌প নাযায় নে চকু

ৰাস্তাৰ মাজতে ধৰি

খুলি পেলাই বুলি যত আৱৰণ

তুমি ভয় খাই থাকা ভয়

সেই ভয়ে পিন্ধি থাকে আন্ধাৰ এচুক

কবিতা লিখি লিখি

যিমান কাগজ ফালিলোঁ

আনি দিব পাৰিলোঁহেঁতেন

এখনি শিলৰ ৰিহা

কেনেকৈ খুলিব কোনে

নাপালে দিহা

তেজৰ জোলোঙাবোৰ

দেও দি ফুৰাৰ আগদিনা

আমি একেলগে কৈছিলোঁ

যি বাটে গুচি গৈছে পৃথিৱী

সেই বাটে মোক নিনিবি

পৰুৱাই পালে কি নাপালে

আন্ধাৰত হেৰুৱাই বাট

কিবা এটা ভাল লাগে

ষ্টেলিনৰ চোলা এটা পিন্ধি

কুলাবাৰ ৰাজপথেৰে খচকি যাওঁতে

কোনেনো চিঞৰি মাতিলে

পিছে পিছে আহি থকা মেকুৰীবোৰ

আঁৰতে লুকালে

চেচুনডকত

ৱালবোৰত সিহঁতে লিখি আছে কিবা

সকলোৱে ভাবি আছে কবিতা

লিখি নেপেলায়

অথবা নোৱাৰেগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *