শীতৰ শৰ- (দীপু গগৈ)
শীতৰ শৰবোৰ হাড়লৈকে সোমায়
কেঁথাবোৰ গধুৰ
উমহীন ৰাতিবোৰো গধুৰ
বাঁহৰ মুঢ়াবোৰে শীত খেদিবলৈ যাওঁ
মুঢ়াবোৰো সেমেকা
দকা পৰে চগা উৰে
উমি উমি জ্বলে মুঢ়াবোৰ
উমি উমি জ্বলে পেটবোৰ
উমি উমি জ্বলে বুকুবোৰ
শীতৰ শৰশয্যাত অপেক্ষা উত্তৰায়ণৰ
উত্তৰ ধৰ্মযুদ্ধৰ
ডগ্মগ্ চিতাত জ্বলাম
মৌন ভীষ্মৰ ৷