বিবিধ চিন্তা

সমাজ গঠনত ‘প্ৰজ্ঞাৰ সাধক’-ৰ ভূমিকা (বিস্ময় দাস)

আমি সামাজিক প্ৰাণী হৈ থাকিলেও আমাৰ সামাজিক সত্তাটোৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ একো একোটা ব্যক্তিসত্তাও আছে। আমাৰ একো একোটা ব্যক্তিগত জীৱন আছে যদিও তাক আমাৰ সমাজখনে নিয়ন্ত্ৰণ কৰে। আমি চিন্তা-চেতনাৰে একো-একোজন যদিও দেখাত পৃথক সত্তা তথাপি সেই চিন্তা-চেতনা আমাৰ সমাজখনৰ পৰাই ওপজা। সৰুৰ পৰা ডাঙৰ হওঁতে আমি সমাজখন দেখিছোঁ, সমাজখনতে থাকি ডাঙৰ হৈছোঁ। সমাজখনত আমি যি দেখিছোঁ সেয়া আমি শিকিছোঁ, সমাজখনে আমাক যি বুজাইছে তাকে বুজিছোঁ। যাৰ পৰা শিকিছোঁ, তেৱোঁ শিকাব পৰা হৈছে সমাজখনৰ পৰা শিকি বুজিয়েই।

দুখ, সুখ, আনন্দ, প্ৰেৰণা, অভিমান, খং, ঈৰ্ষা, হিংসা, বিদ্বেষ ইত্যাদিবোৰ মানুহৰ অন্তৰ্নিহিত গুণ। পৃথিৱীৰ সকলো ঠাইৰ লোকেই এই গুণৰ অধিকাৰী। এই গুণবোৰৰ অবিহনে মানুহ এজন কল্পনা কৰা অসম্ভৱ। কিন্তু সমাজভেদে মানুহবোৰৰ খং, আনন্দ, সুখ, দুখ, অভিমান, ঈৰ্ষা, হিংসা বা বিদ্বেষ ইত্যাদি অন্তৰ্নিহিত গুণৰ প্ৰকাশৰ অজুহাত ভিন্ন। উদাহৰণ স্বৰূপে-এখন সমাজৰ কোনো এজন লোকৰ আনন্দৰ কাৰণ বৰ্বৰতাও হ’ব পাৰে, বিপৰীতে আন কোনো এখন সমাজৰ লোকৰ বাবে সেয়া দুখৰ কাৰণ হ’ব। নিজে দেখিছোঁ কুকুৰক অত্যাচাৰ কৰি অনাবিল আনন্দ প্ৰকাশ কৰা লোক। কুকুৰৰ কথা বাদ, এতিয়া ধৰ্মৰ নামত কোনো কোনো মানুহে মানুহকেই কোবাই হত্যা কৰি আনন্দ পোৱা হ’ল। তেনে পৈশাচিক কাণ্ড দেখি মনে মনে আনন্দ পোৱা লোকো আছে, মনে মনে থকা নিৰ্লিপ্ত মানুহো আছে। এইসকলৰ মানসিকতা হত্যাকাৰীজনতকৈ কি বেলেগ বাৰু? এয়া যিখন সমাজত ঘটিছে সেই সমাজখনেই ইয়াৰ মূল নহয় জানো?

তথাপি ব্যতিক্ৰম আছে। প্ৰচলিত সমাজৰ প্ৰচলিত চিন্তাৰ বিপৰীতে সেইখন সমাজতে জন্ম হয় নগণ্য হ’লেও ব্যতিক্ৰমী চিন্তাৰ লোক। এওঁলোক নিজ বলেৰে অশেষ কষ্ট কৰি প্ৰচলিত সমাজৰ সংখ্যা গৰিষ্ঠ লোকৰ চিন্তাৰ বিপৰীতে অৱস্থান লৈ যুক্তিৰে প্ৰচলিত চিন্তা-চেতনাক প্ৰত্যাহ্বান জনায়। তেওঁলোক প্ৰকৃততে একো-একোজন সাহসী লোক, যুক্তিবাদী লোক।  তেওঁলোকে এই ‘সাহস’ আৰু ‘যুক্তি’ অশেষ চেষ্টা কৰি বিভিন্ন প্ৰকাৰে আহৰণ কৰা ‘প্ৰজ্ঞা’-ৰ পৰা আহৰণ কৰে। চক্ৰেটিছৰ পৰা গেলিলিও লৈকে, ব্ৰুনোৰ পৰা মাৰ্ক্স-লেনিনলৈকে সকলো এই ব্যতিক্ৰমী চিন্তাৰ লোক আছিল। সমাজত নতুন চিন্তাৰ জোৱাৰ আনিবলৈ, সমাজখনক প্ৰগতিৰ দিশত আগুৱাই নিবলৈ এই ব্যতিক্ৰমী চিন্তাৰ লোকসকলৰ বাদে একেটা চিন্তাৰে সোঁতত উটি যোৱা প্ৰচলিত ধ্যান-ধাৰণাৰ লোকসকলৰ বাবে কেতিয়াও সম্ভৱ নহয়; ইতিমধ্যে ইতিহাসে এই কথা প্ৰমাণ কৰি থৈছে। প্ৰচলিত চিন্তাক প্ৰত্যাহ্বান জনোৱা এইসকলৰ নতুন চিন্তাই সমাজ এখনক পৰিৱৰ্তন কৰি এখন নতুন সমাজ গঢ়াত মুখ্য ভূমিকা গ্ৰহণ কৰে।

ভগত সিঙে পুৰণি চিন্তাক প্ৰত্যাহ্বান জনোৱা প্ৰতিগৰাকী ব্যক্তিকে যুক্তিবাদী বুলি কৈছিল। আমি সেয়ে প্ৰতিটো প্ৰচলিত ধ্যান-ধাৰণাক প্ৰশ্ন কৰিবলৈ শিকিব লাগে, বিনা দ্বিধাই সমাজখনত চলি থকা নিয়মবোৰ মানি নলৈ, সেইসমূহক সন্দেহৰ দৃষ্টিৰে চাবলৈ শিকিব লাগে, নেতা বা ডাঙৰে কোৱা কথা মানিবই লাগিব বুলি কোনো কথা নাই, যুক্তিৰে বিচাৰ কৰিহে সিদ্ধান্ত লোৱা ভাল। ইয়াকে আমি কব পাৰোঁ ‘প্রজ্ঞাৰ কচৰৎ’।

এই কামবোৰ কৰোঁতে কৰোঁতে একোজন ব্যক্তি এদিন এজন ব্যতিক্ৰমী লোকলৈ পৰিৱৰ্তিত হৈ পৰিব, এজন নতুন পুৰুষলৈ ৰূপান্তৰিত হব। তেনে ৰূপান্তৰিত লোকৰ ব্যতিক্ৰমী চিন্তাই দুই-এজনকৈ পুৰণি পুৰুষক নতুন পুৰুষলৈ আগুৱাই নিয়াত সহায় কৰিব। এটা কথা কিন্তু ঠিক যে এনেকুৱা এজন-দুজন বা কিছু সংখ্যক নতুন চিন্তাৰ পুৰুষে অকলে সমাজ এখন পৰিৱৰ্তন কৰিব নোৱাৰিলেও, সকলো পুৰণি চিন্তাৰ লোকৰ মন গহণত নতুন চিন্তাৰ আলোড়ন নিশ্চয় তুলিবলৈ সক্ষম হ’ব। আৰু কি ঠিক, এদিন হয়তো ই এটা সামাজিক আন্দোলনলৈ পৰিৱৰ্তিত হৈ যাব পাৰে, যি দৰে ফ্ৰান্সত বিপ্লৱ বা ইউৰোপত নৱজাগৰণ হৈছিল।

ইতিমধ্যে আমি ‘প্ৰজ্ঞাৰ সাধক’ শব্দযুগল উল্লেখ কৰিছোঁ। কৈছোঁ যে প্ৰজ্ঞাৰ সাধকে প্ৰচলিত ধ্যান-ধাৰণাক যুক্তিৰে প্রত্যাহ্বান জনায় আৰু পুৰণি চিন্তাৰ লোকৰ মন গহণত আলোড়ন তোলে। ইয়াত ‘প্ৰজ্ঞাৰ সাধনা’ কৰা লোকৰ বিপৰীতে শিক্ষিত বা ডিগ্ৰীৰ সাধকৰ বিষয়ে কোৱা হোৱা নাই। প্ৰজ্ঞাৰ সাধক আৰু ডিগ্ৰীধাৰী বা শিক্ষা-দীক্ষাত পাৰদৰ্শিতা দেখুওৱা লোকৰ মাজত ডাঙৰ পাৰ্থক্য আছে। প্ৰজ্ঞাৰ সাধকক আনুষ্ঠানিক শিক্ষা লাগিবই বা যথেষ্ট কিতাপ পঢ়িবই লাগিব—এনেকুৱা কোনো পূৰ্বচৰ্ত নাই, এইসকল লোকে যেনেকৈ পাৰে, যাৰ পৰা পাৰে, যিহেৰে সম্ভৱ লিৰিকি-বিদাৰি যুক্তিৰে বাচ-বিচাৰ কৰি জ্ঞান আহৰণ কৰে। এইসকল লোক প্ৰকৃততে বিপ্লৱী লোক; তেওঁলোক যুক্তিবাদী আৰু স্থিতাৱস্থাৰ বিৰোধী, পৰিৱৰ্তনকামী। এইসকল লোক যি কোনো হ’ব পাৰে, সাধাৰণ শ্ৰমিক, খেতিয়ক, সাধাৰণ দোকানি বা অতি ধনীও হ’ব পাৰে—কিন্তু কোনো আনুষ্ঠানিক শিক্ষা বা কিতাপৰ শিক্ষা লাগিবই বুলি কথা নাই—  এওঁলোকৰ বাবে জীৱনটোৱে এখন যেন বৃহৎ পঢ়াশালি। মন কৰিলেই দেখা যায়, কোনো আনুষ্ঠানিক শিক্ষা নথকা বা কম শিক্ষা থকা লোক-যিসকল প্ৰকৃততে ‘প্ৰজ্ঞাৰ সাধক’। তেওঁলোকৰ হয়তো কোনো ডিগ্ৰী নাই, কোনো কোনো সময়ত তেওঁলোকে সমাজত খুব বেছি উচ্চ স্থান লৈও নেথাকে, কিন্তু সমাজখনক এওঁলোকে পদে পদে যুক্তিৰে আৰু কাৰ্যত ব্যতিব্যস্ত কৰি ৰাখে।

এটা ব্যক্তিগত অভিজ্ঞতাৰে ওপৰৰ কথাখিনি আমি বুজিবলৈ চেষ্টা কৰিম। কম শিক্ষিত, মেট্ৰিকৰ পৰ্যায়লৈকে যোৱাৰ আগতে শিক্ষা সাং কৰা আমাৰ দেউতা আছিল তেনেকুৱা এজন ব্যক্তি। অতি কম শিক্ষাৰে শিক্ষিত দেউতা যোৱা শতিকাৰ ষষ্ঠ-সপ্তম দশকতে নাস্তিক হৈ পৰিছিল। বৰপেটাৰ নামঘৰৰ ওচৰতে জন্ম লোৱা মানুহজনে বৰপেটাৰ ধৰ্মীয় সমাজখনক বিভিন্ন কামৰ দ্বাৰা প্ৰত্যাহ্বান জনাইছিল। সেই সময়তে তেখেতে গাহৰি খাইছিল মুক্তভাৱে। পিতৃৰ মৃত্যুৰ পিছত মৃতদেহ দাহ কৰি আহি তেওঁৰ পিতাকৰ যিখন বিছনাত মৃত্যু হৈছিল, সেইখন বিছনাতে নিদ্ৰা গ্ৰহণ কৰি ব্যৱসায়ৰ কামত ওলাই গৈছিল। আমি কোনো দিনে দেউতাৰ মুখত ভগৱানৰ নাম লোৱা শুনা নাছিলোঁ। ভগৱান আছে নে নাই সুধিলে কৈছিল, “সূৰ্যটো আছে নে নাই কেতিয়াবা সুধিছ জানোঁ? থকা বস্তু এটা আছে নে নাই কোনেও নোসোধে। গতিকে যুক্তিৰে তহঁতেই বিচাৰ কৰি চাবি ভগৱান আছে নে নাই।”

আমাৰ বোধেৰে এইসকল লোকেই হ’ল প্ৰজ্ঞাৰ সাধক। ইয়াৰ বাহিৰে বহুত ডিগ্ৰীধাৰী লোক দেখিছোঁ সোঁতত উটি ফুৰা, সমাজত যিধৰণে এওঁলোকে জীৱন অতিবাহিত কৰে তাৰ দ্বাৰা এওঁলোক কিবা বিশেষ গুণৰ অধিকাৰী বুলি মনে নধৰে। এবাৰ চেন্নাইলৈ ৰে’লেৰে গৈ থাকোঁতে এজন ডাক্তৰক লগ পাইছিলোঁ, মানুহজন চিকিৎসাৰ উচ্চ শিক্ষাৰ বাবে ৰাছিয়ালৈ যাব লগা আছিল। দেখিছিলোঁ, তেখেতৰ বাহুত মস্ত এটা মাদুলি বান্ধি লৈ ফুৰিছে। এনেকুৱা হেজাৰ-বিজাৰ শিক্ষিত ডিগ্ৰীধাৰী লোক সমাজত দেখিবলৈ পোৱা যায়, আৰু এওঁলোকেই সমাজত সংখ্যা গৰিষ্ঠ।

মোৰ পিতৃৰ দৰে লোক তেতিয়াও কম আছিল এতিয়াও কম, কিন্তু সেই তেতিয়াই যিবোৰ প্ৰচলিত ব্যবস্থাৰ বিৰোধিতা মোৰ পিতৃয়ে কৰিছিল—সেইবোৰৰ গোটেইবোৰ নহ’লেও বহুখিনি—আজি সেই অঞ্চলৰেই বহুতে তেওঁলোকৰ জীৱনৰ পৰা ত্যাগ কৰিছে। ষষ্ঠ-সপ্তম দশকৰ বৰপেটাৰ সেই ৰক্ষণশীল সমাজখন এতিয়া বহুত আগবাঢ়িল। মুকলিকৈ গাহৰি কাটি বিক্ৰী কৰে চহৰৰ মাজ মজিয়াত, হোটেলত সহজতে উপলব্ধ গাহৰি মাংস। এটা সময়ত মূৰ্গী খোৱাটোও নিষেধ আছিল, অপৰাধ আছিল। আজিৰ বৰপেটাৰ এই নতুন সমাজখনৰ বাবে দেউতাৰ দৰে যুক্তিবাদী লোকসকলে সেই সময়তে বাট কাটিছিল। যদিও তেওঁলোকে বিচৰা সমাজখন পাবলৈ এতিয়াও বহু বাকী।

ব্যতিক্ৰমী যুক্তিবাদী প্ৰাজ্ঞ লোকসকলে সদায়ে এখন নতুন সমাজৰ বাবে বাট কাটি সমাজখনক আগুৱাই লৈ যায়।

দেখা যায় যিসকলে প্ৰজ্ঞাৰ সাধনা কৰে তেওঁলোক অত্যন্ত নীতিনিষ্ঠ লোক হয়। তেওঁলোকে তেওঁলোকৰ চিন্তা আৰু আদৰ্শৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে। সেয়ে সমাজত তেওঁলোকে জেদী, নাও বুৰিলেও টিঙৰ পৰা ননমা বুলি, বা কেতিয়াবা কেতিয়াবা সমাজৰ শত্ৰু বুলিও বদনাম ল’বলগীয়া হয়। ফলত বহু সময়ত তেওঁলোকে বহু কিবা-কিবি হেৰুৱাবলগীয়া হয় বা বিভিন্ন আহুকালৰ সন্মুখীন হ’বলগীয়া হয়। কেতিয়াবা ল’ৰা-ছোৱালী বা পৰিয়ালৰ সদস্যৰ পৰাও বিৰোধৰ সন্মুখীন হ’বলগীয়া হয়। ফলত তেওঁলোকক কোৱা হয় জীৱনত বহু সুযোগ পায়ো সেইবোৰ হেৰুওৱা মূৰ্খ মানুহ, সুযোগ ল’ব নজনা লোক। সেয়া যিয়েই নহওঁক, এটা কথা কিন্তু সমাজখনৰ বহুতে নেজানে যে সেইসকল  প্ৰাজ্ঞ লোক এটি বিশেষ গুণৰ অধিকাৰী—যিটো পৃথিৱীত আৰু কোনেও আয়ত্ব কৰিব নোৱাৰে। সেই বিশেষ গুণটো অকল প্ৰজ্ঞাৰ সাধনাৰ মাজেৰেহে আয়ত্ব কৰিব পাৰি। সেই বিশেষ গুণটোৰ বিষয়ে জানিবলৈ ‘কাৰণ’ বিচাৰিব লাগিব—প্ৰাজ্ঞ লোকসকলে কি কাৰণত তেওঁৰ জীৱনকালত সমাজখনৰ প্ৰচলিত ধ্যান-ধাৰণাক প্ৰত্যাহ্বান জনায়? ইয়াৰ উত্তৰ হৈছে, তেওঁলোকে প্ৰজ্ঞাৰ সাধনাৰ মাজেৰে তেওঁলোকৰ মনোজগতত তেওঁ বাস কৰা বাস্তৱ সমাজতকৈ উৎকৃষ্ট সমাজ এখন আৱিষ্কাৰ কৰে আৰু তাকে তেওঁলোকে জীৱনজুৰি নিজৰ মনোজগতত লৈ ফুৰে, আৰু তেওঁলোকে বাস্তৱত বাস কৰা সমাজখনক ৰূপান্তৰিত কৰি মনোজগতত লৈ ফুৰা উন্নত সমাজখনলৈ লৈ যাব বিচাৰে। আৰু সেই সময়তে সমাজখনত চলি থকা বিধি-বিধানে বিধি-পথালি দিয়াত সৃষ্টি হয় সংঘাত। তেতিয়াই এই প্ৰাজ্ঞ লোকসকলে এইবোৰ সামাজিক বিধানৰ বিৰুদ্ধে প্ৰত্যাহ্বান থিয় কৰাই কেতিয়াবা সমাজত তিৰস্কৃত হ’বলগীয়া হয়।

প্ৰজ্ঞাৰ সাধকসকলে, তেওঁলোকৰ সময়ৰ বাস্তৱ জগতখনতকৈ বেছি ভালকৈ জীৱন যাপন কৰে তেওঁলোকে মনোজগতত লৈ ফুৰা ভবিষ্যতৰ সমাজখনত। তেওঁলোকে তেওঁলোকৰ ভৱিষ্যতৰ সমাজখন—যিখন এদিন ভবিষ্যতৰ নতুন প্ৰজন্মৰ সমাজ হয়গৈ—আকাশৰ পৰা হঠাতে তেওঁলোকৰ মনোজগতত কোনোবাই আনি সুমুৱাই দিয়ে এনেকুৱা নহয়। তেওঁলোকে প্ৰজ্ঞাৰ সাধনাৰ মাধ্যমেৰে ঐতিহাসিক প্ৰক্ৰিয়াৰে আগবঢ়া সমাজখনৰ গতিপথ সঠিকভাৱেই নিৰ্ণয় কৰিব পাৰে আৰু ভবিষ্যতৰ সমাজখনৰ এখন ছবি তেওঁলোকৰ মনোজগতত ধৰা দিয়ে।

প্ৰকৃততে প্ৰাজ্ঞ লোকসকলে শাৰীৰিকভাৱে যিখন সমাজত বাস কৰে, সেইখন নহয়, তেওঁ মানসিকভাৱে আন এখন উন্নত সমাজৰহে বাসিন্দা। তেওঁলোক একো একোজন সম্পূৰ্ণ মানুহ। তেওঁলোকে নিজৰ ভৱিষ্যতৰ সমাজখনত বাস কৰিলেও নিশ্চয় স্বাৰ্থপৰ নহয়, তেওঁলোক নিজে সন্তুষ্টি লৈ জীয়াই থকাটো নিবিচাৰে, তেওঁলোকে সমাজখনৰ সকলো পশ্চাৎমুখী বিধি-বিধান দলিয়াই দি সমাজখনক হাতত ধৰি আগুৱাই নি ভৱিষ্যতৰ সেই উন্নত সমাজখনৰ স্থানত উপস্থিত কৰাবলৈ অহোপুৰুষাৰ্থ কৰে।

এটা সৰু উদাহৰণ লোৱা যাওক।

ষষ্ঠ-সপ্তম দশকতে অসমৰ কাশী, পুৰি, দ্বাৰকা, মথুৰা বুলি খ্যাত, মূৰ্গী নোখোৱা বা আন ধৰ্মৰ লোক চোতালত সোমালে সোণ-ৰূপৰ পানীৰে শুচি কৰা বৰপেটাৰ সমাজখনত মূৰ্গী খাই বা তেনেকুৱা লোকক পাকঘৰত স্থান দি দুই-এজন প্ৰাজ্ঞ লোকে তেতিয়াৰ সমাজৰ নীতি-নিয়মক প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকৰ কল্পনাৰ বৰপেটাৰ সমাজখনে—অতীতৰ সেইবোৰ নীতি-নিয়ম মোহাৰি—আজি এই একবিংশ শতিকাৰ তৃতীয় দশকতহে প্ৰায় বাস্তৱ ৰূপ পাইছে। অৰ্থাৎ, যদিও সেই তেতিয়াই মূর্গী খোৱা বা মানুহক মানুহ বুলিহে গণ্য কৰা প্ৰাজ্ঞসকলে, মূৰ্গীৰ নামকে শুনিব নোখোজা সংকীৰ্ণ চিন্তাৰ সমাজখনত শাৰীৰিকভাৱে বাস কৰিছিল, তথাপি তেওঁলোক যেন মানসিকভাৱে বাস কৰিছিল আজিৰ এই একবিংশ শতিকাৰ তৃতীয় দশকৰ সমাজখনতকৈও এখন উন্নত সমাজতহে। ঠিক তেনেকৈ আজিৰ কোনো এজন প্ৰাজ্ঞ লোকে হয়তো মানসিকভাৱে বাস কৰে দুই হাজাৰ পঞ্চাছ চনতহে! পৃথিৱীৰ সকলো প্ৰাজ্ঞ লোকৰ ক্ষেত্ৰতে এই কথাষাৰ প্ৰযোজ্য। কাজেই প্ৰাজ্ঞ লোকসকল বহু সময়ত বহুত বৈষয়ীক কিবা-কিবিৰ পৰা বঞ্চিত হ’লেও তেওঁলোক মানসিকভাৱে ভৱিষ্যতৰ উন্নত সমাজ এখনত বাস কৰিবলৈ পোৱা এক প্ৰকাৰৰ উন্নত স্তৰৰ লোক। যিটো পৃথিৱীৰ প্ৰাজ্ঞ লোকৰ বাহিৰে আন কাৰো ক্ষেত্ৰতে প্ৰযোজ্য নহয়, পৃথিৱীৰ অতি ধনী এলান মাস্কও এই ক্ষেত্ৰত এওঁলোকতকৈ হয়তো তেনেই দুখীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *