নিবন্ধসম্পাদকীয়

সম্পাদকৰ টোকা ::  অন্ধবিশ্বাসৰ জীৱনীশক্তি    (কৌশিক দাস)

(১)

পণ্ডিত বিজনবিহাৰী পুৰকায়স্থৰ “ভাৰতীয় দৰ্শনে নিৰীশ্বৰবাদ” হৈছে তথ্য, তত্ত্ব আৰু পাণ্ডিত্যৰে পৰিপূৰ্ণ এখন অতি চমৎকাৰ গ্ৰন্থ। গ্ৰন্থখনৰ ভিতৰৰ গুৰুগম্ভীৰ তত্ত্বকথাৰ বিষয়ে নহয়, পুথিখনৰ একেবাৰেই প্ৰথমতে থকা “সমৰ্পণ-লিপি” শীৰ্ষক পৃষ্ঠাটিত থকা কথাখিনিৰেহে এই আলোচনা আৰম্ভ কৰিছোঁ। বিভিন্ন গ্ৰন্থৰ সাধাৰণ “উছৰ্গা পৃষ্ঠা”-তকৈ এই “সমৰ্পণ-লিপি”-ৰ কথাখিনি একেবাৰেই বেলেগ আৰু বৰ চিন্তাউদ্ৰেককাৰী। তাত বিদ্বানগৰাকীয়ে পাঠকক জনাইছে যে নিৰীশ্বৰবাদৰ সন্দৰ্ভত গ্ৰন্থ এখন প্ৰণয়ন কৰিবলৈ তেখেতে প্ৰেৰণা লাভ কৰিছিল তেখেতৰ তিনিগৰাকী আত্মীয়—মাতৃ, অগ্ৰজ ভাতৃ আৰু কন্যাৰ পৰা। এইখিনি বাৰু সাধাৰণ বৰ্ণনা—উছৰ্গা-পৃষ্ঠাত সাধাৰণতেই তেনেধৰণৰ কথা পঢ়িবলৈ পোৱা যায়—, কিন্তু পণ্ডিতগৰাকীয়ে কেনেদৰে তেখেতসকলৰ পৰা প্ৰেৰণা লাভ কৰিছিল—সেইটো কথাহে বৰ চিত্তাকৰ্ষক। উপৰিউক্ত “সমৰ্পণ-লিপি”ৰ পৰা আমি জানিবলৈ পাইছোঁ যে বিদ্বানগৰাকীৰ মাতৃ আছিল আনুষ্ঠানিক বিচাৰত শিক্ষাদীক্ষাহীন, জন্ম গ্ৰহণ কৰিছিল অতি ভিতৰুৱা গ্ৰাম্য পৰিৱেশত—য’ত আছিল অজস্ৰ কুসংস্কাৰ-অন্ধবিশ্বাসৰ সৰ্বগ্ৰাসী প্ৰভাৱ। অথচ, সেইগৰাকী নাৰী আছিল “নানা কুসংস্কাৰ আৰু আচাৰৰ পৰা আশ্চৰ্যজনকভাৱে মুক্ত” (বিজনবিহাৰী পুৰকায়স্থ, ভাৰতীয় দৰ্শনে নিৰীশ্বৰবাদ, সমৰ্পণ-লিপি, নবপত্ৰ প্ৰকাশন, ১৯৯৭)। অন্যহাতেদি লেখকগৰাকীৰ অগ্ৰজ ভাতৃগৰাকী আছিল “প্ৰচুৰ আধুনিক শিক্ষাৰ অধিকাৰী অথচ গভীৰ ধৰ্মীয় আৰু শাস্ত্ৰ আচাৰ নিষ্ঠ” এগৰাকী “ঈশ্বৰীয় ভাবনাত অবিচল” ব্যক্তি। আৰু নিৰীশ্বৰবাদী অভিনিবিষ্ট পণ্ডিত বিজনবিহাৰী পুৰকায়স্থৰ কন্যাগৰাকী? তেখেতৰ চিন্তা-ভাবনাৰ স্বৰূপ আছিল কেনেকুৱা? উপৰিউক্ত “সমৰ্পণ-লিপি”-ত মননশীল বিদ্বানগৰাকীয়ে জনাইছে যে “নিৰীশ্বৰবাদী নাস্তিক্যৰ পৰিশীলিত পৰিৱেশত—কলকাতা মহানগৰীত জন্ম আৰু আজন্ম-লালিত হোৱা” তেখেতৰ কন্যাগৰাকী আছিল “ঈশ্বৰ-বিশ্বাসত একাগ্ৰ”। বিজনবিহাৰী পুৰকায়স্থই নিকতাত্মীয়ৰ তেনে বিচিত্ৰ আৰু বিবিধ ঈশ্বৰ-ভাবনাই তেখেতক উক্ত গ্ৰন্থখনি প্ৰণয়ন কৰিবলৈ প্ৰেৰণা যোগাইছিল বুলি “সমৰ্পণ-লিপি”-ৰ শেষত উল্লেখ কৰিছে।

“ভাৰতীয় দৰ্শনে নিৰীশ্বৰবাদ”-ৰ “সমৰ্পণ-লিপি”

উপৰিউক্ত “সমৰ্পণ-লিপি”-খনি আলোচনাৰ প্ৰথমতেই উল্লেখ কৰিছোঁ কথা এটা স্পষ্ট কৰিবলৈ। কথাটো হ’ল, উচ্চস্তৰৰ আনুষ্ঠানিক শিক্ষাদীক্ষা আহৰণ কৰাৰ পাছতো; কিম্বা, আধুনিক সভ্যতাৰ বিবিধ উপাদানক সংগী কৰি, পৰিশীলিত যুক্তিবাদী চিন্তা-চৰ্চাৰ পৰিমণ্ডল এটাত ডাঙৰ-দীঘল হোৱাৰ পাছতো এগৰাকী ব্যক্তিৰ মন অযুক্তি-অন্ধবিশ্বাসেৰে আচ্ছন্ন হৈ থাকিব পাৰে। এই প্ৰসংগত অসমৰেই এটি চমৎকাৰ উদাহৰণলৈ আমি লক্ষ্য কৰিব পাৰোঁ। অসমৰ বাঁওপন্থী আন্দোলনৰ অন্যতম সাহসী অগ্ৰগামিনী, অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে ৰাজহুৱা মঞ্চত আজীৱন অতিশয় সৰব, নাৰী মুক্তিৰ বলিষ্ঠ প্ৰবক্তা এগৰাকীৰ অলপতে মৃত্যু হ’ল। প্ৰকাশ্য ৰাজহুৱা জীৱনটিত আজীৱন অন্ধবিশ্বাসৰ বিৰুদ্ধে মুখৰ হৈ থকা অবিচলা সংগ্ৰামী মাতৃৰ মৃত্যুৰ কেইদিনমানৰ পাছতেই সামাজিক-মাধ্যম ফে’চবুকত তেখেতৰ সুশিক্ষিতা কন্যাই লেখা ফটোসম্বলিত টোকা এটি পঢ়িবলৈ পোৱা গ’ল; ফটোখনত কন্যাগৰাকীক দেখা গ’ল ৰেইকী নামৰ অন্ধবিশ্বাসৰ আলমত ধন লুণ্ঠন কৰা এগৰাকী ধূৰ্ত্ত মহিলাৰ সৈতে। জানিবলৈ পোৱা গ’ল যে উচ্চ শিক্ষিতা কন্যাগৰাকী হৈছে ৰেইকীত বিশ্বাসী, ধূৰ্ত্তগৰাকী হৈছে তেওঁৰ পথপ্ৰদৰ্শক গুৰুমা। ফে’চবুকৰ উক্ত টোকাটিত অন্ধবিশ্বাসবিৰোধী মাতৃৰ কন্যাগৰাকী অন্ধবিশ্বাসৰ হোতা উক্ত দগাবাজ ৰেইকী গুৰুমাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি-কৃতজ্ঞতাত গদ্‌গদ্‌ হৈ পৰিছে। স্পষ্টতঃ কন্যাৰ মতাদৰ্শই এই ক্ষেত্ৰত অৱস্থান লৈছে সংগ্ৰামী মাতৃৰ জীৱনজোৰা ইতিবাচক কৰ্মৰ প্ৰতিমুখে। পণ্ডিত বিজনবিহাৰী পুৰকায়স্থৰ সন্তানৰ দৰেই, বিশ্বাসতন্ত্ৰৰ ক্ষেত্ৰত এইগৰাকীৰ ওপৰতো পৰিশীলিত ঘৰুৱা পৰিৱেশৰ কোনো ইতিবাচক প্ৰভাৱ পৰিছে বুলি ভাবিব নোৱাৰি।

এইবোৰ কোনো বিৰল আৰু ব্যতিক্ৰমী উদাহৰণ নহয়। যুক্তি-চৰ্চাৰ পৰিশীলিত পৰিৱেশত লালিত-পালিত হোৱাৰ পাছতো কোনো কোনো ব্যক্তিৰ মন অন্ধবিশ্বাসেৰে আচ্ছন্ন হৈ থকা সততেই দেখিবলৈ পোৱা যায়। তেনেকুৱা হ’লে সাধাৰণতেই বিভিন্ন দিশৰ পৰা তীব্ৰ সমালোচনাৰ উদ্ভৱ হয়। যুক্তিবাদী আন্দোলনক তুচ্ছ-তাচ্ছিল্য আৰু হেয় প্ৰতিপন্ন কৰিবলৈ এচাম বিৰুদ্ধ লোক সদায় সক্ৰিয় হৈ থাকে। এইসকলে তেনে ঘটনাৰ সুযোগ লৈ সমগ্ৰ যুক্তিবাদী আন্দোলনটোকেই ব্যংগ-ইতিকিং কৰা দেখা যায়। কোৱা হয় যে যুক্তিবাদৰ সপক্ষে থকা মানুহৰ স্বভাৱ-চৰিত্ৰ তেনেকুৱাই—মঞ্চত এটা কথা, ঘৰত অন্য কথা—সেইবোৰ সুবিধাবাদ আৰু দ্বিচাৰিতাৰ নিশ্চিদ্ৰ প্ৰমাণ। যুক্তিবাদৰ ওপৰত সেইজাতীয় উদ্দেশ্যপ্ৰণোদিত উপৰুৱা আক্ৰমণৰ সুৰটো অগ্ৰাহ্য কৰিও সমগ্ৰ বিষয়টো যুক্তিবাদীসকলে গভীৰভাৱে যুকিয়াই চোৱা উচিত। কিয়নো, তেনে ঘটনাৰ পাছত সমালোচনাৰে ভৰা বিবিধ প্ৰশ্ন যুক্তিবাদী আন্দোলনৰ প্ৰতি সহানুভূতিশীল মানুহৰ মনতো উদ্ভৱ হয়। তেনে প্ৰশ্নক পূৰ্বে উল্লেখ কৰা ব্যংগ-ইতিকিঙৰ সৈতে একেই বুলি ভাবিলে ভুল হ’ব। তেনেক্ষেত্ৰত সমালোচনাৰ চৰিত্ৰ আৰু অন্তৰ্নিহিত উদ্দেশ্যটো যুক্তিবাদীসকলে তৎমুহূৰ্ততেই চিনাক্ত কৰাটো অতিশয় জৰুৰী। সংগত কাৰণতেই এইটো প্ৰশ্ন উত্থাপিত হয় যে সমাজখনৰ পৰা অন্ধবিশ্বাস আঁতৰাবলৈ চেষ্টা কৰা মানুহে দেখোন নিজৰ ঘৰৰ পৰাই—পৰৱৰ্তী প্ৰজন্মৰ মনৰ পৰা—অন্ধবিশ্বাস দূৰ কৰিবলৈ সক্ষম নহ’ল! কোনো কোনোৱে আকৌ পিতৃ-মাতৃ-অভিভাবকসকলক সন্তান কিম্বা নিকটাত্মীয়ৰ ব্যৰ্থ পথ-প্ৰদৰ্শক বুলি আখ্যা দিয়ে; তেওঁলোকৰ ব্যৰ্থতাই তেনে ঘটনাৰ মূল কাৰণ বুলি প্ৰক্ষেপ কৰা হয়।

যুক্তিবাদীৰ সন্তান কিম্বা সন্তানস্থানীয় কোনোবা অন্ধবিশ্বাসী হৈ পৰাটো—যুক্তিবাদীসকলৰ বাবে—নিশ্চয় সুখদায়ক নহয়। কিন্তু তেনে ঘটনা সংঘটিত হোৱাটোতো এটা বাস্তৱ সত্য! সেইবোৰক যুক্তিবাদী আন্দোলনৰ হতাশাজনক, অস্বস্তিকৰ, অবাঞ্ছিত-অনভিপ্ৰেত দিশ মাত্ৰ বুলি সামৰি থলে সমস্যাটোৰ গভীৰলৈ আমি সোমাবই নোৱাৰিম। সন্তানৰ মনত যুক্তিবুদ্ধি ৰোপন কৰাত পিতৃ-মাতৃ-অভিভাবকৰ প্ৰভাৱৰ কথাটো উপেক্ষনীয় নহয়, সেইটো নিশ্চয় জৰুৰী আলোচনাযোগ্য দিশ। পৰৱৰ্তী প্ৰজন্মৰ বাবে যুক্তিবাদৰ আদিপাঠৰ অনুকুল ঘৰুৱা পৰিৱেশ পদ্ধতিগতভাৱে গঢ় দিয়াৰ সন্দৰ্ভত অৱশ্যেই চিন্তা-চৰ্চা কৰা দৰকাৰ। কিন্তু যুক্তিবাদীৰ ঘনিষ্ঠ অনুজ আত্মীয়ই যুক্তিবাদৰ পথ পৰিহাৰ কৰি অন্ধবিশ্বাসৰ অন্ধকাৰ পথেৰে পিছুৱাই গ’লে তাক একমাত্ৰ পিতৃ-মাতৃ-অভিভাবকৰ ব্যৰ্থতা বুলি কৈ থলে কথাটোৰ কোনো সদুত্তৰ নোলাব। কিয়নো, তেনে ঘটনাৰ নেপথ্য কাৰক তাতোতকৈ বহুগুণে জটিল। বিপৰীত দিশৰ কথা এটিয়ে বিষয়টোৰ বহুধাবিভক্ত জটিলতাটো বুজিবলৈ আমাক হয়তো সহায় কৰিব পাৰে। সম্পূৰ্ণ ৰক্ষণশীল, অন্ধবিশ্বাসেৰে ভৰা ঘৰ এখনৰ পৰা একোজন বিজ্ঞানমনস্ক যুক্তিবাদী ব্যক্তি কেনেকৈ ওলাই আহে? এইক্ষেত্ৰত বিজনবিহাৰী পুৰকায়স্থৰ মাতৃগৰাকী ডাঙৰ-দীঘল হোৱা ঘৰখনৰ পৰিৱেশৰ কথাটো আমি মনত পেলাই ল’ব পাৰোঁ। বিশ্বাস-অবিশ্বাসৰ ক্ষেত্ৰত পিতৃ-মাতৃ-অভিভাবক আৰু ঘৰুৱা পৰিৱেশটোক একক, অদ্বিতীয় আৰু নিৰ্ণায়ক কাৰক বুলি ধৰি ল’লে এইধৰণৰ ঘটনাক ব্যাখ্যা কৰাই নাযাব।

পৰিশীলিত যুক্তিবাদী মনৰ বিকাশৰ বাবে অনুকুল ঘৰুৱা পৰিৱেশত আজন্ম লালিত-পালিত হোৱাৰ পাছতো, মানুহৰ মনত অযুক্তিৰ অপতৃণে পোখা মেলাৰ পৰা এটা কথা অতি পৰিস্কাৰ হৈ পৰে। সেইবোৰ ঘটনাৰ পৰা স্পষ্টকৈ অনুমান কৰিব পাৰি, মানুহৰ মনত অন্ধবিশ্বাসৰ শিপা কিমান গভীৰলৈ যে প্ৰোথিত হৈ আছে! তেনে অপতৃণৰ উপৰিভাগৰ ডাল-পাত সাময়িকভাৱে শুকাই গ’লেও অনুকুল পৰিৱেশত সততেই তেনে শিপাৰ পৰা নতুন নতুন পোখাৰ উদ্‌গম হয়, কালক্ৰমত তাৰ পৰাই অন্ধবিশ্বাসৰ বিশাল বিষবৃক্ষৰ বৃদ্ধি আৰু বিস্তাৰণৰ সম্ভাৱনা থাকি যায়। ব্যক্তি একোজনৰ মনস্তত্ত্বৰ অতি গভীৰ স্তৰলৈ সোমাই থকা তেনে মূলে সঞ্জীৱনীস্বৰূপ সাৰ-পানী সংগ্ৰহ কৰে চৌ-পাশৰ জাগতিক সমাজ-জীৱনৰ বাস্তৱতাৰ পৰা। মনত ৰখা প্ৰয়োজন, মনস্তত্ত্ব গ‌ঢ় লোৱাৰ সময়ত ব্যক্তি একোজন যে মাত্ৰ ঘৰুৱা পৰিৱেশৰ সৈতেহে ঘনিষ্ঠ হৈ থাকে, তেনে নহয়,—চৌপাশৰ সামাজিক পৰিমণ্ডলটোৰ সৈতেও তেওঁ নিবি‌ড় সংস্পৰ্শলৈ আহে, তাৰ সৈতে ঘটি থাকে তেওঁৰ বিকশমান মনস্তত্ত্বৰ অহৰহ গতিশীল মিথস্ক্ৰিয়া। সামাজিক ৰীতি-নীতি, বিশ্বাস, পৰম্পৰা আদিৰ সৈতেও ব্যক্তিগৰাকী তেনেদৰেই পৰিচিত হৈ উঠে, সেইসমূহ হয়তো তেওঁৰ ঘৰুৱা পৰিৱেশত কেতিয়াও পালন কৰা নহয়। এই দিশটোক অগ্ৰাহ্য কৰি মাত্ৰ পিতৃ-মাতৃ-অভিভাবকক দোষাৰোপ কৰিলেই সমস্যাটোৰ সমাধান নহ’ব। বিষয়টো একমাত্ৰ ঘৰুৱা পৰিৱেশৰ নহয়, অন্ধবিশ্বাসৰ সুপ্ত বীজৰ জীৱনী-শক্তিৰ অন্যতম সবল উৎস হৈছে চৌপাশৰ বৃহত্তৰ বাহ্যিক জগতখনৰ বিবিধ আৰু বৈচিত্ৰ্যপূৰ্ণ সামাজিক কাণ্ডকাৰখানা।

এটা কথা বিতৰ্কাতীত যে বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সম্পৰ্কটো বৈৰীমূলক। কথাটো স্বাভাবিক, কিয়নো অন্ধবিশ্বাসবোৰ বৈজ্ঞানিক তথ্য-যুক্তি-প্ৰমেয়-প্ৰমাণ আদিৰ বিৰোধী। গতিকে, অন্ধবিশ্বাসৰ ভিত্তিহীনতা প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত সকলোতকৈ নিৰ্ভৰযোগ্য উপায়টো হৈছে বৈজ্ঞানিক তথ্য-তত্ত্বৰ সহায় লোৱা। এই কথাটোত বিশেষ কোনো দ্বিধা-দ্বন্দ্বৰ-তৰ্ক-বিতৰ্কৰ অৱকাশ নাই। কিন্তু তাৰ পৰা একাংশ বিদ্বানে মত পোষণ কৰে যে বিজ্ঞানৰ অগ্ৰগতিয়েই হ’ব অন্ধবিশ্বাস আঁতৰ কৰাৰ একমাত্ৰ উপায়—সমাজৰ প্ৰতি স্তৰতে বিজ্ঞান-শিক্ষাৰ আলোক বিচ্ছুৰিত হ’লে অন্ধবিশ্বাস নিজে নিজেই দূৰ হৈ যাব। কথাটো বাৰু ইমান সৰল আৰু সহজ হ’বগৈ নে? বিজ্ঞানৰ সহায়েৰে বিবিধ অন্ধবিশ্বাসৰ ভিত্তিহীনতা প্ৰতিপন্ন কৰি থাকিলেই সেইবোৰ বাৰু আঁতৰি যাবনে? মাত্ৰ বিজ্ঞান-শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰিয়েই অন্ধবিশ্বাস নিৰ্মূল কৰা সম্ভৱ নে? মানুহৰ মানসিক উত্তৰণৰ ক্ষেত্ৰত আধুনিক শিক্ষাৰ সুগভীৰ প্ৰভাৱ থাকিলেও, সমাজ আৰু মানৱ-মনৰ পৰা কুসংস্কাৰ-অন্ধবিশ্বাস আঁতৰ কৰিবলৈ একমাত্ৰ শিক্ষাদীক্ষাৰ প্ৰসাৰেই পৰ্যাপ্ত নহয়। এই কথাটো আমি অন্যত্ৰ চমুকৈ আলোচনা কৰাৰ প্ৰয়াস কৰিছিলোঁ (দ্ৰষ্টব্য: কৌশিক দাস, বিজ্ঞান-শিক্ষা আৰু অন্ধবিশ্বাস, যুক্তিবাদ আৰু এজন পগলা ট্ৰাক-ড্ৰাইভাৰ গ্ৰন্থত, ২০১৭, পৃ. ৪৭-৫৩)। ইয়াতো দুটামান ওপৰঞ্চি উদাহৰণৰ সহায়ত বিষয়টিৰ পুনৰাবৃত্তি কৰিছোঁ।

মাহটোৰ তেৰ তাৰিখ শুকুৰবাৰ হ’লে সেই দিনটোক কিছুমান মানুহে—বিশেষকৈ পশ্চিমৰ দেশ কিছুমানৰ মানুহে—অতি অশুভ দিন বুলি গণ্য কৰা অন্ধবিশ্বাস এটা আছে। এটা সমীক্ষাৰ পৰা জনা যায় যে এইটো অন্ধবিশ্বাসৰ ফলত “অশুভ শুকুৰবাৰ”-ৰ দিনা প্ৰতি বছৰতে এমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়-বাণিজ্যত প্ৰায় ৯০০ মিলিয়ন ডলাৰৰ লোকচান হয়, কিয়নো সেই দিনটোত বহুতেই কামকাজলৈ নাযায়, ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ ৰাখে [দ্ৰষ্টব্য: Travis Ng, Terence Chong and Xin Du, The value of superstitions, Journal of Economic Psychology, 31: 293–309, 2010]। বিজ্ঞান-শিক্ষা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত চমকপ্ৰদ অগ্ৰগতি প্ৰদৰ্শন কৰা দেশখনৰ মানুহৰ মনত অন্ধবিশ্বাস কিমান দ-লৈ শিপাই আছে, সেইটো এই তথ্যটোৱে নিশ্চয় সুন্দৰভাৱে প্ৰতিপন্ন কৰিব। সেইখন দেশৰেই এখন অত্যাধুনিক বৃহৎ মহানগৰ হ’ল লা ভেগাচ। এইখন মহানগৰত অন্ধবিশ্বাস সংক্ৰান্তীয় এটা আমোদজনক বস্তু দেখিবলৈ পোৱা যায়। নগৰখনৰ বহুতো হোটেলত ১৩ নম্বৰ মহলাটো নাথাকে, ১২-ৰ পাছত চিধাই থাকে ১৪ নম্বৰ মহলা—কাৰণ ১৩ সংখ্যাটোক অমংগলীয়া বুলি অন্ধবিশ্বাস কৰে বহুতো লোকে। প্ৰকৃততেতো আৰু এটা মহলা নোহোৱা হৈ যাব নোৱাৰে, সেয়েহে ১৩ নম্বৰ মহলাটোকেই ১৪ নম্বৰ বুলি চলাই দিয়া হয়  (তথ্যৰ উৎসৰ বাবে ইয়াতে টিপা মাৰক)! এইবাৰ প্ৰাচ্য-গোলাৰ্ধৰ উদাহৰণ এটিলৈ লক্ষ্য কৰা যাওক। বিজ্ঞান-শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত টাইৱান এখন যথেষ্ট আগ বঢ়া দেশ। অথচ, দেশখনৰ বুজন সংখ্যক মানুহে ৮ সংখ্যাটোক শুভ বুলি গণ্য কৰে; সিমানেই নহয়, এই অন্ধবিশ্বাসীসকলে ৮ সংখ্যাযুক্ত সা-সামগ্ৰী বজাৰৰ মূল্যতকৈ বহু বেছি দৰত ক্ৰয় কৰিবলৈও কুণ্ঠাবোধ নকৰে (দ্ৰষ্টব্য: Afreen Faiza, Social and psychological factors for superstition: A brief literature review, International Journal of Advance Study and Research Work, 1: 2018]। চীনদেশতো ৮ সংখ্যাটোক কেন্দ্ৰ কৰি একেধৰণৰ অন্ধবিশ্বাস আছে। এবাৰ এগৰাকী ডেকা ব্যৱসায়ীয়ে ৮ সংখ্যাযুক্ত লাইচেন্স-প্লেট ক্ৰয় কৰিবলৈ দেশখনৰ জনমূৰি আয়ৰ সাতগুণ ধন (৫৪,০০০ ইয়েন) আগ বঢ়াইছিল; এগৰাকীয়ে আকৌ নিজৰ পাঁচোটা ৮-যুক্ত লাইচেন্স-প্লেটখনৰ বিক্ৰীৰ বাবে বিচাৰিছিল ১.১২ মিলিয়ন ইয়েন। এই দুটা বাৰু মোটামোটি ব্যক্তিগত স্তৰৰ কথা। চীনা এয়াৰলাইন্স এটাই এবাৰ ২.৪ মিলিয়ন ইয়েন খৰছ কৰিছিল আঠোটা ৮-যুক্ত টেলিফোন নম্বৰ লাভ কৰিবৰ বাবে—এইটো কিন্তু আছিল এটা প্ৰাতিষ্ঠানিক কাৰবাৰ। তাতোতকৈও ডাঙৰ কথা, ২০০৮ চনৰ বেইজিং অলিম্পিক আৰম্ভ কৰিছিল আগষ্ট মাহৰ আঠ তাৰিখে—০৮.০৮.২০০৮-ৰ দিনা, পুৱা ৮ বজাত [দ্ৰষ্টব্য: Thomas Kramer and Lauren block, Conscious and nonconscious components of superstitious beliefs in judgment and decision making, Journal of Consumer Research, 34: 2008] । আমি এইখিনিতে মনত পেলাই ল’ব পাৰোঁ যে পুৰণি চিন্তাক পৰিহাৰ কৰিবলৈ এই চীনদেশতেই এটা সময়ত প্ৰচণ্ড শক্তি আৰু উৎসাহ-উদ্দীপনাৰে সঞ্জীৱিত সাংস্কৃতিক বিপ্লৱ এটি সংঘটিত কৰিবলৈ প্ৰয়াস কৰা হৈছিল! পৰৱৰ্তী সময়ত দেশখন শিক্ষাদীক্ষাত কিমান যে আগ বাঢ়ি গ’ল, সেইটো সকলোৱে জানে।

এই উদাহৰণসমূহৰ পৰা প্ৰশ্নৰ উদয় হ’ব, মাত্ৰ শিক্ষাৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই অন্ধবিশ্বাস নিৰ্মূল কৰা যাব নে বাৰু? আধুনিক যুগত বিজ্ঞানৰ চমকপ্ৰদ অগ্ৰগতিৰ সময়ত বহুতো প্ৰাচীন অন্ধবিশ্বাস সমাজৰ পৰা আঁতৰি গৈছে সঁচা, কিন্তু এতিয়াও অজস্ৰ মানুহৰ মন অন্ধবিশ্বাসেৰে ভাৰাক্ৰান্ত। পশ্চিম আৰু পূৱৰ দুখনমান উন্নত দেশৰ মানুহৰ অন্ধবিশ্বাসী মনৰ কথা উনুকিয়াই অহা হৈছিল। এতিয়াও পুৰণি বহুতো অন্ধবিশ্বাস আমৰ মাজত অতি শক্তিশালী ৰূপত জীয়াই আছে। তাতোতকৈও ডাঙৰ কথা, যুগৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি ন ন অন্ধবিশ্বাসে সমাজত শিপাবলৈ আৰম্ভ কৰিছে, কেতিয়াবা হয়তো পুৰণি অন্ধবিশ্বাসে নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে।

(২)

কটকটীয়া যুক্তি-বিন্যাস হৈছে বিজ্ঞানৰ অন্যতম চালিকা শক্তি। কিন্তু বিজ্ঞানৰ এই অগ্ৰগতিৰ যুগতো যুক্তিবৈৰী আৰু যুক্তিনাশী অন্ধবিশ্বাসে সমাজত গা কৰি উঠে কিয়? আনকি, যুক্তিবাদৰ অনুকুল পৰিৱেশ এটা পোৱাৰ পাছতো কোনো কোনো লোক কিয় অন্ধবিশ্বাসী হৈ পৰে?

আমি জানো যে কোনো এটা ঘটনাৰ যৌক্তিক ব্যাখ্যাৰ বাবে, তেনে ঘটনাৰ আঁৰৰ কাৰ্য-কাৰণ সমন্ধটো ফঁহিয়াই চোৱাটোৱেই হৈছে বিজ্ঞানসন্মত পন্থাৰ অন্যতম মৰ্মবস্তু। কিন্তু জ্ঞান-অভিজ্ঞতা-তথ্য আদিৰ অপ্ৰতুলতাৰ বাবে প্ৰাগৈতিহাসিক যুগৰ আদিম মানুহে বিভিন্ন ক্ষেত্ৰত তেনে কাৰ্য-কাৰণ সমন্ধটো যথোচিতভাৱে অনুধাৱন কৰাত ব্যৰ্থ হৈছিল। এতিয়াও বৰ্তি থকা এটা অন্ধবিশ্বাসৰ আলমত কথাটো বুজিবলৈ চেষ্টা কৰা যাওক। বৰষুণৰ অহাৰ পূৰ্বৰ আবহাৱাই ভেকুলীক টোৰটোৰাবলৈ উদ্দীপিত কৰে; এইটো হৈছে পৰিৱেশ আৰু প্ৰাণীৰ মাজৰ মিথস্ক্ৰিয়াৰ ফল। ইয়াত কাৰণটো হৈছে বতৰ, কাৰ্যটো হৈছে টোৰটোৰণি। কিন্তু অনাবৃষ্টিৰ সময়ত সম্পাদন কৰা “ভেকুলীৰ বিয়া”-ত উক্ত কাৰ্য-কাৰণ সমন্ধটো ওলোটাই দিয়া হয়; তেতিয়া ভেকুলীৰ টোৰটোৰণিক গণ্য কৰা হয় কাৰণ বুলি—তেনে কাৰণৰ বাবে কাৰ্য, অৰ্থাৎ বৰষুণ হ’ব বুলি অন্ধবিশ্বাস কৰা হয়। সেই যুগত আদিম মানুহৰ সীমিত জ্ঞান যে তেনে বিপৰ্যস্ত কাৰ্য-কাৰণ সমন্ধৰ বাবে ঘাইকৈ জগৰীয়া আছিল, তাত সন্দেহ নাই। দুগৰাকী বিদ্বানে এখনি গৱেষণাপত্ৰত অতি স্পষ্ট ভাষাৰে এইদৰে কৈছে, “Although the concept of superstition encompasses a wide range of beliefs and behaviours, most can be united by a single underlying property—the incorrect establishment of cause and effect (Kevin Foster, and Hanna Kokko, The evolution of superstitious and superstition-like behaviour, Proceedings of the Royal Society B, 276 : 31–37, 2009)। বৰ্তমানৰ যুগতো বিভিন্ন ক্ষেত্ৰত মানুহৰ অজ্ঞতা কিম্বা তথ্যৰ অভাৱ আঁতৰি যোৱা নাই। এখনি গৱেষণাপত্ৰৰ প্ৰথম শাৰীটিক ইয়াতে প্ৰাসংগিক বুলি উদ্ধৃত কৰা যায়, “Persistence of superstitions in the modern era could be justified by considering them as a by-product of the brain’s capacity to detect associations and make assumptions about cause-effect relationships” (Elena Daprati, Angela Sirigu, Michel Desmurget & Daniele Nico, Superstitious beliefs and the associative mind, Consciousness and Cognition, 75 : 2019)।

বৰ্তমানৰ যুগতো মানুহৰ অজ্ঞতা আৰু তৎজনিত বিপৰ্যস্ত কাৰ্য-কাৰণ সমন্ধ যে অন্ধবিশ্বাস বৰ্তি থকাৰ এটা ডাঙৰ কাৰণ, তাত কোনো বিতৰ্কৰ স্থান নাই। তাৰ লগতে আমি কিন্তু আনুষংগিক দিশ এটিলৈও সতৰ্কতাৰে লক্ষ্য ৰখা যুগুত। ভেকুলীৰ বিয়াৰ আলমতেই কথাটো বিবেচনা কৰা যাওক। বৰ্তমানৰ যুগত মেঘ-বৰষুণৰ নেপথ্যৰ সাধাৰণ বিজ্ঞানৰ কথাখিনিতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰো অৱগত। গতিকে আধুনিক যুগত জ্ঞান-অভিজ্ঞতা-তথ্যৰ সীমাবদ্ধতাই উক্ত অন্ধবিশ্বাসৰ আঁৰৰ একমাত্ৰ সঞ্জীৱনী শক্তি বুলিলে সি খণ্ডিত বিচাৰহে হ’ব। এই কথাটো সাধাৰণীকৰণ কৰি, আধুনিক যুগত জীয়াই থকা অন্যান্য অন্ধবিশ্বাসৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি বিবেচনা কৰিব পাৰি। অৰ্থাৎ, মাত্ৰ জ্ঞান-বুদ্ধি-তথ্য-প্ৰমাণৰ অভাৱকেই অন্ধবিশ্বাসৰ জীৱনী-শক্তিৰ একমাত্ৰ কাৰণ বুলি ভাবিব নোৱাৰি। তেনেদৰেই, অন্ধবিশ্বাসৰ জন্ম আৰু বৰ্ধনৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশটোও একমাত্ৰ নিৰ্ণায়ক কাৰক নহয়। অন্ধবিশ্বাসবোৰ যে কিছুমান সুস্পষ্ট সামাজিক ভিত্তিৰ ওপৰত দণ্ডায়মান—,এই সমন্ধে অসমৰ যুক্তিবাদী চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰীদেৱে বিপুল তথ্যৰে বিস্তাৰিত ব্যাখ্যা আগ বঢ়াইছে অজস্ৰ প্ৰবন্ধত, বিভিন্ন গ্ৰন্থত [কেইখনিমান গ্ৰন্থৰ উদাহৰণ: নিষিদ্ধ প্ৰসংগ (১৯৮৯), বিজ্ঞান বনাম অন্ধবিশ্বাস (১৯৯৩), যুক্তি অযুক্তি অপযুক্তি (১৯৯৫), ব্যাধি আৰু বিশ্বাস (১৯৯৮), ধৰ্ম আৰু বিজ্ঞান (২০১৬)]। চৌধুৰীদেৱৰ সেইসমূহ গ্ৰন্থ-প্ৰবন্ধত বৰ্তমানৰ যুগতো অন্ধবিশ্বাস বৰ্তি থকাৰ সন্দৰ্ভত সুন্দৰ আৰু মননশীন ব্যাখ্যা-বিশ্লেষণ আমি পঢ়িবলৈ পাইছোঁ। ইয়াত সেইসমূহৰ দীঘলীয়া পুনৰাবৃত্তি কৰাৰ পৰিৱৰ্তে থোৰতে অন্য দুটিমান কথা উনুকিয়াই এই নিবন্ধটো শেষ কৰিম।

আদিম যুগৰ মানুহৰ সীমিত জ্ঞান-তথ্য-অভিজ্ঞতা যে অন্ধবিশ্বাসৰ জন্মৰ আঁৰৰ এটা যে নিৰ্ণায়ক কাৰক আছিল, সেইটো উল্লেখ কৰি অহা হৈছে। তাৰ লগতে কিন্তু আছিল আৰু একাধিক কাৰক, যেনে নানান প্ৰাকৃতিক পৰিঘটনাৰ প্ৰতি বিস্ময়ভৰা ভয়-ভীতি, জীৱন-মৃত্যুৰ চূ‌ড়ান্ত অনিশ্চয়তা, জৰা-ৰোগ-ব্যাধিয়ে প্ৰদান কৰা সীমাহীন দুখ-কষ্ট আৰু তৎজনিত সীমাহীন আতংক ইত্যাদি। প্ৰাকৃতিক পৰিঘটনাসমূহৰ স্বৰূপ আদিম মানুহৰ বাবে আছিল দুৰ্বোধ্য আৰু অনিৰ্ণেয়, অথচ সেইসমূহৰ সৈতে তেওঁলোকৰ সংস্পৰ্শ আছিল অতি নিবি‌ড়। প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ, কিম্বা প্ৰকৃতিক নিজৰ অনুকুলে ঢাল খুৱাবলৈ তেওঁলোকে নানান চিন্তা কৰিছিল। নিম্নস্তৰৰ পশু-পক্ষীয়ে সেই একেই পৰিৱেশত—জীৱন-মৃত্যুৰ চূ‌ড়ান্ত অনিশ্চয়তা, ৰোগ-ব্যাধি, প্ৰাকৃতিক দুৰ্যোগ আদিৰ মাজত থাকিলেও, অনুন্নত মস্তিষ্কৰ বাবে মানুহৰ দৰে সিহঁতে এদনীয়াকৈ পৰিত্ৰাণৰ কোনো চিন্তা কৰিবলৈ সক্ষম হোৱা নাছিল। মানুহৰ মস্তিষ্কৰ জৈৱিক বিকাশ আছিল চমকপ্ৰদ। সেই বিকাশৰ সৈতে কিন্তু তেতিয়াৰ মানুহৰ জ্ঞান-অভিজ্ঞতাৰ সন্তুলন ঘটা নাছিল। উন্নত মস্তিষ্কৰ অনুসন্ধিৎসা আছিল অতি বেছি, কিন্তু তাক প্ৰশমন কৰিবলৈ মানুহৰ জ্ঞান-অভিজ্ঞতা আছিল তেনেই কম। মানুহৰ মগজুৰ জৈৱিক বিকাশ তেতিয়াৰ সমাজৰ বস্তুগত বিকাশৰ তুলনাত বহুত বেছি আগ বাঢ়ি যোৱাৰ বাবেই, বাস্তৱৰ সমস্যাবোৰৰ সমাধান সাধাৰণতেই অবাস্তৱ আৰু কল্পনাশ্ৰয়ী হৈ পৰিছিল। নানান প্ৰাকৃতিক পৰিঘটনাৰ ওপৰত দৈৱী মাহাত্ম্য আৰোপ কৰা হৈছিল তেনে এটা পটভূমিতেই। এই ঘটনাটো অন্ধবিশ্বাসৰ জন্ম আৰু সেইসমূহৰ পৰৱৰ্তী বিস্তাৰণৰ সৈতে সম্পৰ্কিত।

এইখিনিতে আমি এটা গুৰুত্ত্বপূৰ্ণ কথালৈ মনোযোগ দিয়া উচিত হ’ব। শ্ৰেণী-সমাজৰ আগমণৰ লগে লগে দ্বন্দ্বমুখৰ বৈৰীমূলক সমন্ধ একো একোটাৰে নানান শ্ৰেণীয়ে মানৱ-ইতিহাসত ভুমুকি মাৰিলেহি। ক্ৰমাৎ কঠিন আৰু নিৰ্মম হৈ আহিবলৈ ধৰিলে শ্ৰেণী-শোষণ। নিষ্পেষিত-লাঞ্ছিত শ্ৰেণীটোৰ চকুত শক্তিশালী শ্ৰেণীবোৰৰ চৰিত্ৰ হৈ পৰিল পূৰ্বৰ প্ৰাকৃতিক শক্তিবোৰৰ দৰেই নিষ্ঠুৰ, অনিৰ্ণেয় আৰু স্বেচ্ছাচাৰী; সেইবোৰ সঁচাই হৈ পৰিল তেওঁলোকৰ বাবে সীমাহীন ভয়-ভীতিৰ উৎস। প্ৰাকৃতিক কাৰকৰ দৰেই সামাজিক শক্তিবোৰো হৈ পৰিল মানুহৰ বাবে ভয়-ভক্তি-সমীহৰ পাত্ৰ। ধৰ্মৰ দৰে অন্ধবিশ্বাসী চিন্তামাৰ্গৰ বিকাশ তেনে এটা সামাজিক পটভূমিত অতি দ্ৰুততৰ হৈ পৰিছিল। আজি যদিও যুগৰ পৰিৱৰ্তন হ’ল, শিক্ষা-দীক্ষা-বিজ্ঞান আদিৰ বহুতো উন্নতি হ’ল, মানুহে কিন্তু মনৰ পৰা ভয়-ভীতি, অনিশ্চয়তা আদি আঁতৰ কৰাৰ সামাজিক পৰিৱেশৰ পৰা বঞ্চিত হৈয়েই আছে। বিপৰীতপক্ষে বৰ্তমানৰ পুঁজিবাদী শ্ৰেণী-সমাজে মানুহৰ মনত জন্ম দিছে ভয়ংকৰ উদ্বিগ্নতাৰ; দৰিদ্ৰতা, কৰ্মসংস্থানৰ চূ‌ড়ান্ত অনিশ্চয়তা, অতি ব্যয়বহুল চিকিৎসাব্যৱস্থা, ব্যৱসায়িক-বৃত্তিগত স্বাৰ্থৰে ভৰা তীব্ৰ প্ৰতিযোগিতা আৰু প্রতিদ্বন্দ্বিতা, পাৰিবাৰিক আৰু সামাজিক বিচ্ছিন্নতা—এইবোৰ হৈছে পুঁজিবাদৰ অংগাংগী উপাদান কিম্বা অৱধাৰিত পৰিণতি। এইসমূহে পুৰণি অন্ধবিশ্বাসসমূহক জীয়াই ৰখাত যেনেকৈ সহায় কৰে, তেনেকৈ নতুন নতুন অন্ধবিশ্বাসৰ জন্ম দিয়াতো সেইবোৰ সহায়ক হয়। এটা সৰু উদাহৰণ—অনিশ্চয়তাৰ বাবে উদ্ভুত উদ্বিগ্নতাই বহুতো মানুহক জ্যোতিষীৰ ওচৰলৈ লৈ যাব পাৰে। আধুনিক যুগৰ মানসিক চাপৰ সৈতে অন্ধবিশ্বাসৰ সম্পৰ্ক দেখুৱা এখনি চিত্তাকৰ্ষক গৱেষণাপত্ৰলৈ এইখিনিতে আমি লক্ষ্য কৰিব পাৰোঁ। যোৱা শতিকাৰ অন্তিম দশকৰ প্ৰথমতেই এমেৰিকা যুক্তৰাষ্ট্ৰই মধ্যপ্ৰাচ্যত সংঘটিত কৰিছিল ভয়াবহ সামৰিক আক্ৰমণ। বোমা-বাৰুদৰ অবিৰত বৰ্ষণে সেই অঞ্চলৰ মানুহ মনলৈ আনিছিল সীমাহীন উদ্বেগ আৰু মানসিক চাপ। উক্ত গৱেষণাৰ পৰা দেখা গৈছিল যে মিছাইল আক্ৰমণৰ শংকা য’ত অধিক আছিল, তেনে ঠাইৰ মানুহৰ মনত যুক্তিহীন বিশ্বাসৰ উক্‌মুকণি বেছিকৈ দেখা গৈছিল; অন্যহাতেদি যিবোৰ ঠাইত মিছাইল আক্ৰমণৰ সম্ভাৱনা কম আছিল, তাত কথাটো ওলোটা হৈছিল। দেখ্‌দেখকৈ কথাটো মানুহৰ মনৰ উদ্বিগ্নতাৰ সৈতে সাঙোৰ খাই আছে। তাৰ লগতে আৰু এটা অতিশয় গুৰুত্ত্বপূৰ্ণ দিশ গৱেষকসকলে লক্ষ্য কৰিছিল—অনিশ্চয়তাক বলিষ্ঠভাৱে মোকাবিলা কৰিবলৈ সক্ষম হোৱা মানুহৰ মনত অন্ধবিশ্বাসে বৰকৈ গা কৰি উঠিব পৰা নাছিল (দ্ৰষ্টব্য: Giora Keinan, Effects of stress and tolerance of ambiguity on magical thinking, Journal of Personality and Social Psychology, 67 :1994, 48-55)। এই কথাটো গুৰুত্ত্বপূৰ্ণ এইবাবেই যে ইয়াৰ পৰা আমি একেই পৰিৱেশত থকা ভিন্ন ভিন্ন ব্যক্তিৰ মাজত পৃথক পৃথক প্ৰতিক্ৰিয়াৰ সম্ভেদ পাওঁ। আমি আলোচনাৰ প্ৰথমতেই উল্লেখ কৰা—একেই ঘৰুৱা পৰিৱেশত থকাৰ পাছতো ভিন্ন ভিন্ন বিশ্বাসমাৰ্গৰ অৱস্থিতিৰ কথাটো—এইখিনিতেই মনত পেলাই ল’ব পাৰোঁ।

সম্প্ৰতি বিৱৰ্তনীয় মনস্তত্বৰ আধাৰতো অন্ধবিশ্বাসৰ ব্যাখ্যা-বিশ্লেষণ আৰম্ভ হৈছে। কোৱা হৈছে যে অনিশ্চয়তা-উদ্বিগ্নতা-ভয়-ভীতি আদিক পৰা মনক আঁতৰাই ৰখাৰ ক্ষেত্ৰত অন্ধবিশ্বাসমূহ মানুহৰ বিৱৰ্তনীয় যাত্ৰাত সহযাত্ৰী হৈ আছে বহু দিনৰ পৰাই। কোনো কোনোৱে আনকি কৈছে যে অন্ধবিশ্বাস আৰু ধৰ্মৰ একধৰণৰ বিৱৰ্তনীয় উপযোগিতাও আছে। এই ক্ষেত্ৰত আমি যথোচিত সতৰ্কতা অৱলম্বন কৰা উচিত হ’ব, কিয়নো বিৱৰ্তনীয় মনোবিজ্ঞানে কিছুমান নতুন দিশ উন্মোচন কৰিলেও, বহুতো পুৰণি প্ৰসংগত আমাক নতুনকৈ ভাবিবলৈ উদ্বুদ্ধ কৰিলেও, সেইবোৰৰ বহুখিনি এতিয়াও বিতৰ্কমূলক আৰু অপৰীক্ষিত হৈয়েই আছে। সম্প্ৰতি কোনো কোনো বিদ্বানে উনুকিয়াইছে যে সামাজিক-মনস্তাত্বিক কাৰকৰ লগতে জীনীয় (genetic), স্নায়বিক-শৰীৰবৃত্তীয় (neuronal), হৰমোনজনিত (hormonal) আৰু পৰিৱেশজনিত (environmental) বিভিন্ন কাৰকো অন্ধবিশ্বাসৰ সঞ্জীৱনীশক্তি হিচাপে কাৰ্যকৰী হৈ থাকিব পাৰে (দ্ৰষ্টব্য: F Mandal, Superstitions: a culturally transmitted human behavior, International Journal of Psychology and Behavioral Sciences, 8 : 65-69, 2018)। যুক্তিবাদৰ বাবে অনুকুল পৰিৱেশ পোৱাৰ পাছতো—সি ঘৰুৱাই হওক বা চৌপাশৰ বাহ্যিক বাতাৱৰণতেই হওক—মানুহৰ মনত কিয় অন্ধবিশ্বাসে পোখা মেলিব পাৰে, সেইটো প্ৰশ্নৰ উত্তৰ হয়তো আমি এইধৰণৰ ব্যাখ্যা-বিশ্লেষণৰ মাজত পাব পাৰোঁ। এইসমূহৰ বহুতো এতিয়াও যে অপ্ৰমাণিত, সেইটো উল্লেখ কৰি আহিছোঁ। বহুতো কথা এতিয়াও প্ৰাথমিক পৰ্যায়ত থাকিলেও, এনেধৰণৰ ব্যাখ্যা-বিশ্লেষণক অগ্ৰাহ্য কৰাৰ প্ৰশ্নই নুঠে। মনোবিজ্ঞানৰ বিভিন্ন দিশক—ভাববাদী মাৰ্গৰ বিপৰীতে—বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে প্ৰতিষ্ঠা কৰাৰ অন্যতম পথিকৃত আছিল ৰুচ বিজ্ঞানী ইভান পেত্রোভিচ পাভলভ। পাভলভেও ধৰ্মৰ দৰে অন্ধবিশ্বাসৰ ক্ষেত্ৰত “সবল” আৰু “দুৰ্বল” মস্তিষ্কৰ কথা কৈছিল। এই সংক্ৰান্তত মননশীল লেখক আশিস লাহিড়ীৰ এটি প্ৰবন্ধৰ পৰা কিছু কথা জানিবলৈ পাইছোঁ (দ্ৰষ্টব্য: পাভলভ আৰু “ধর্মবিযুক্ত” চোৱিয়েট ৰাষ্ট্ৰ, আশিস লাহিড়ী; অনুবাদ কৌশিক দাস, মুক্ত চিন্তা, অষ্টম বছৰ, তৃতীয় সংখ্যা; পঢ়িবলৈ ইয়াতে টিপা মাৰক)। অৰ্থাৎ, একেই পৰিস্থিতি, একেই পৰিৱেশত ডাঙৰ-দীঘল হোৱা ব্যক্তিৰ মনত বিশ্বাসতন্ত্ৰৰ অভিব্যক্তি মস্তিষ্কভেদে ভিন্ন ভিন্ন হ’ব পাৰে।

বীজাণুনাশক ঔষধ প্ৰস্তুত কৰিবলৈ বীজাণুৰ জীৱনী-শক্তিৰ অনুসন্ধান কৰাটো যিদৰে অপৰিহাৰ্য, সমাজ-জীৱন আৰু ব্যক্তি-মননৰ পৰা অন্ধবিশ্বাস আঁতৰ কৰিবলৈ অন্ধবিশ্বাসৰ জীৱনী-শক্তিনো কোনবোৰ, তাক জনাটো তেনেদৰেই জৰুৰী। অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ, সমাজ আৰু মনৰ পৰা অন্ধবিশ্বাস আঁতৰাবলৈ সেইবোৰ কিয়নো জীয়াই আছে—তাক জনাটো বৰ দৰকাৰী। ইতিমধ্যেই মূলতঃ মাৰ্ক্সবাদী পণ্ডিতসকলে সামাজিক পৰিৱেশ আৰু অন্ধবিশ্বাসৰ সন্দৰ্ভত বহুতো যৌক্তিক বিচাৰ-বিশ্লেষণ আগ বঢ়াইছে; মনোবিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত নিত্য নতুন সংযোজন অতি দ্ৰুতগতিত হ’বলৈ ধৰিছে। যিহেতু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আমি অন্ধবিশ্বাসৰ জীৱনীশক্তিৰ গ্ৰন্থিবোৰক সঠিকভাৱে চিনাক্ত কৰিবই লাগিব, সেইবাবে তেনে বিচাৰ-বিশ্লেষণৰ বিস্তাৰিত আৰু প্ৰণালীবদ্ধ আলোচনা বৰ প্ৰয়োজনীয় হৈ পৰিছে।

3 thoughts on “সম্পাদকৰ টোকা ::  অন্ধবিশ্বাসৰ জীৱনীশক্তি    (কৌশিক দাস)

  • Indranuj Baruah

    ছাৰ, ৰাতিপুৱাই ইমান সুন্দৰ টোকাটো পঢ়িবলৈ দিয়াৰ বাবে অশেষ ধন্যবাদ।
    আপোনাৰ লিখনিটোৰ ওপৰত ভৰ দি দুশাৰীমান লিখাৰ মৰসাহ কৰিছোঁ। বিজ্ঞানৰ চমকপ্ৰদ উন্নতিৰ এই দিনত কেৱল সমাজৰ সচেতনতাৰ অভাৱত এনে এটা বিষয়ৰ ওপৰত লিখি থাকিবলগীয়া হোৱাটোৱেই আমাৰ বাবে চৰম দুৰ্ভাগ্যৰ কথা। আপুনি কোৱাৰ দৰে এই সকলোৰে কাৰণ মানুহৰ পৰ্যাপ্ত আত্মবিশ্বাসৰ অভাৱ, জীৱনৰ অনিশ্চয়তা, নিজৰ ভুল ঢাকিবলৈ সৃষ্টি কৰা অজুহাত ইত্যাদি।
    ছাৰ আপোনাৰ এই লিখনিটোৱে আমাৰ বহুতকে কথাবোৰ আকৌ ভাবিলৈ বাধ্য কৰাইছে। কিন্তু সম্পাদকৰ টোকাটো পঢ়িবলৈ লোৱা এশজনৰ হয়তো পাঁচজনে ‘নিৰীশ্বৰবাদ’ শব্দটো দেখি আৰু আন পাঁচজন ‘ৰেইকি’ শব্দটো দেখি পঢ়া সিমানতে সামৰিছে। এইসকলক দুৰ্ঘোৰ সমৰ্থক বা উন্নতি নাইকীয়া মানুহ বুলি বাদ দিব পাৰি। কিন্তু মোৰ বোধেৰে ছাৰ সমাজৰ এই দুৰ্বলতাবোৰক বেছিকৈ অৰিহণা যোগাই এনে ব্যক্তিবোৰেহে যি ৰাতিপুৱা আপোনাৰ এই টোকাটো পঢ়িছে কিন্তু অফিচলৈ গাড়ীখন লৈ যাওঁতে আগত মেকুৰীটো পাৰ হোৱা দেখি ৰৈ দিছে/পিচুৱাইছে বা থুৱাইছে।

    Reply
  • অৰুণ কুমাৰ শৰ্মা

    এনে জটিল বিষয় এটা ইমান নিৰহনিপানীকৈ লিখা বাবে
    মই অভিভূত হৈছোঁ ৷ হয়, অশিক্ষিতবোৰৰ কথা বাদ দিলেও
    আমাৰ দৰে শিক্ষিতচামো অন্ধবিশ্বাসৰ আৱৰ্তৰ পৰা ওলাই
    আহিব পৰা নাই কিয় ? ইয়াক আপুনি অতি নিৰ্মোহ ভাবে
    অতি দক্ষতাৰে আলোচনা কৰাৰ বাবে মই নিজে বহুতো
    নজনা কথাৰ উমান পালোঁ ৷ আশাকৰোঁ সুধীসমাজে এই
    বিষয়ৰ ওপৰত আৰু বিস্তৃত আলোচনাৰ প্ৰয়োজন আছে।
    সদৌ শেষত আপোনাক অনেক ধন্যবাদ জনাইছোঁ ।

    Reply
  • Anjan Saikia

    চিন্তা উদ্বিৰেগকাৰী বিশ্লেষণ। মানুহৰ মন:স্বত্ব বৰ জটিল বহুমাত্রিক বিষয়। অন্ধবিশ্বাস, এশীবিশ্বাসৰ শিপা মামলা মনত বৰ গভীৰ ভাৱে প্ৰোথিত । এই দিশত বিস্তৰ চিন্তা চৰ্চা, বৈজ্ঞানিক গৱেষণাৰ প্ৰয়োজন আছে।
    ৰোগৰ বীজানুক নিৰ্মূল কৰিবলৈ ৰোগৰ বীজানুক সূক্ষ্মাতিসূক্ষ্ম ভাৱে অধ্যয়ন কৰিব লাগিব। ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *