সম্পাদকৰ টোকা :: অনামিকা গোস্বামী আৰু প্ৰশান্ত দাসৰ কথাৰে (কৌশিক দাস)
(১)
এটি বিখ্যাত গীতৰ কথাৰে আলোচনা আৰম্ভ কৰিছোঁ। ১৯৭৬ চনত ভূপেন হাজৰিকাই জাতিভেদ প্ৰথাৰ প্ৰতিমুখে এটি অমৰ গীত সৃষ্টি কৰিছিল—“যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে…..”। জাতিভেদে প্ৰদান কৰা প্ৰচণ্ড সামাজিক বাধা ওফৰাই এহাল সাহসী যুৱক-যুৱতীয়ে অসবৰ্ণ বিবাহ সম্পন্ন কৰাৰ কাহিনীৰ মাজেৰে গীতটিত কোৱা হৈছে যে ঊনবিংশ শতিকাৰ ধ্যান-ধাৰণা বিংশ শতিকাত অশোভনীয়—, তাতে একবিংশ শতিকাৰ আগমনলৈ কেইটিমান বছৰহে বাকী! গীতটিৰ মাজত প্ৰচ্ছন্ন হৈ থকা প্ৰত্যয়দীপ্ত গভীৰ আশাবাদে যেন বাৰে বাৰে নিনাদিত কৰিছে এইটো কথা—বিংশ শতিকাৰ নৱ নৱ প্ৰয়াসে একবিংশ শতিকাত জাতিভেদৰ দৰে প্ৰথা নাশ কৰি সমাজলৈ নতুন দিন কঢ়িয়াই আনিব।
সংস্কৃতিমূলক উৎসৰ পৰিৱৰ্তে এইবাৰ গৱেষণাধৰ্মী গ্ৰন্থৰ এটি উদাহৰণলৈ লক্ষ্য কৰা যাওক। বিংশ শতিকাৰ শেষৰ ফালে, ১৯৮৬ চনত—অনামিকা আৰু প্ৰশান্তৰ অসবৰ্ণ বিবাহৰ দহ বছৰ পাছত—এগৰাকী বিদ্বান আৰু মননশীল লেখক যতীন বাগচীৰ “জাতি-ধৰ্ম ও সমাজ বিবৰ্তন” নামৰ গ্ৰন্থ এখন প্ৰকাশ পাইছিল। ভাৰতীয় সমাজৰ জাতিভেদ প্ৰথাক ক্ষুৰধাৰ সমালোচনা কৰা গ্ৰন্থখনি হৈছে বহুতো আপুৰুগীয়া তথ্যৰ মেটমৰা ভঁৰাল। চিন্তাৰ খোৰাক দিয়া এই সুলিখিত গ্ৰন্থখনৰ প্ৰথম পৰিচ্ছদটি আৰম্ভ হৈছে এইদৰে, “বিস্মৃতিৰ অতল তলিলৈ লাহে লাহে ডুবি গৈ আছে দাস প্ৰথাৰ দৰে জাতিভেদ প্ৰথাও। বিংশ শতাব্দীৰ শেষলৈ আহি জাতিভেদ প্ৰথাৰ বিষয়ে আলোচনা, আলোড়ন কোনোটোৱেই সুধীজনৰ বাবে বোধহয় অভিপ্ৰেত নহয়। কিন্তু, এই সমন্ধে কোনো সন্দেহ নাই যে অতীজৰ কোনো বিষয়, বস্তু, নিদৰ্শন— আধুনিক যুগৰ ঐতিহাসিক, সমালোচক, গৱেষকসকলৰ ভাবনা-চিন্তাৰ সুখকৰ খোৰাক” (যতীন বাগচী, জাতি-ধৰ্ম ও সমাজ বিবৰ্তন, পৃ. ১; বাংলাৰ পৰা ভাঙনি আমাৰ)। বিদ্বানগৰাকীৰ বিবেচনাত জাতিভেদ প্ৰথা সমাজৰ পৰা ক্ৰমাৎ অপসৃয়মান, সি ঐতিহাসিকসকলৰ বাবে গৱেষণাৰ বিষয়হে মাত্ৰ।
উক্ত মাৰ্গৰ চিন্তা-চৰ্চা, অৰ্থাৎ জাতিভেদ সোনকালেই অৱলুপ্ত হ’ব বুলি কৰা ধাৰণাটো বহুতৰেই কথা-বতৰা, লেখা-মেলাত সততেই প্ৰতিফলিত হয়। কোৱা হয় যে জাতিভেদ প্ৰথাৰ প্ৰকোপ হ্ৰাস পাই আহিছে, আৰু ই কম সময়ৰ ভিতৰতেই আমাৰ সমাজখনৰ পৰা বিলুপ্ত হৈ পৰিব। তেনেদৰে ধাৰণা কৰা বহুতেই জাতিভেদ প্ৰথাক পৰিত্যাজ্য এটা অতি ক্ষতিকাৰক বস্তু বুলি অন্তৰৰ পৰা বিবেচনা কৰে। জাতিভেদ প্ৰথাটো অচিৰেই নাইকিয়া হ’ব বুলি কৰা ধাৰণাটোৰ নেপথ্যত হয়তো তেওঁলোকৰ ইচ্ছাপূৰণমূলক মনস্তাত্বিক হাবিয়াস, কিম্বা আত্মপ্ৰবঞ্চনামূলক ছদ্মপ্ৰত্যয়ে ক্ৰিয়া কৰি থাকে। জাতিভেদৰ বিৰোধিতাত এইসকল লোকৰ সদ্দিচ্ছা আৰু সততা সন্দেহাতীত যদিও সংগত কাৰণতেই প্ৰশ্ন উঠিব, জাতিভেদৰ অৱলুপ্তি ইমান নিমাখিত, ইমান সহজ নে? জাতিভেদৰ কথাটো—যতীন বাগচীৰ দৰে বিদ্বানে ভবাৰ দৰে—মাত্ৰ ভাবনা-চিন্তাৰ সুখকৰ খোৰাক হয় জানোঁ? জাতিভেদ বিস্মৃতিৰ অতল তলিলৈ লাহে লাহে ডুবি গৈ আছেনে?
একবিংশ শতিকাৰ দুটাকৈ দশক অতিক্ৰম কৰাৰ পাছৰ অসমখনত, “ঊনবিংশ শতিকাৰ ধ্যান-ধাৰণা”-ৰে সংঘটিত কৰা ঘটনা এটিৰ কথা লিপিবদ্ধ কৰি থোৱা যাওক। সাতাইছ বছৰ পূৰ্বে অসবৰ্ণ বিবাহ কৰা এগৰাকী ৬২ বছৰীয়া ব্যক্তিৰ (নামটো উল্লেখ নকৰোঁ) মৃত্যু হৈছিল যোৱা ৯ আগষ্টত (২০২২ চন), মঙলদৈৰ পটালশিং পাৰাৰ গণকচুবাত। ব্যক্তিগৰাকীয়ে “নিম্ন জাত”-ৰ নাৰীক বিবাহ কৰাৰ বাবে চৌপাশৰ মানুহখিনিয়ে মৃতদেহ সৎকাৰ কৰিবলৈ মান্তি নহ’ল; সদ্যমৃত ব্যক্তিগৰাকীৰ মৃতদেহটো নদীৰ পাৰত পুতি থলে পাৰিবাৰিক বিপদৰ মাজত নিঃসংগ হৈ পৰা পৰিয়ালৰ লোকে। অঞ্চলটোৰ এগৰাকী মুখিয়াল ব্যক্তিয়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ আগত কোনো দ্বিধা নোহোৱাকৈ কয়, “আমি ___-ৰ মৃতদেহ নুচোও বুলি কৈ দিছিলোঁ। এই মৃতদেহ চুলে আমি পৰাচিত হ’ব লাগিব। তেওঁ জাতি যোৱা মানুহ আছিল” (আমাৰ অসম, ১৩ আগষ্ট, ২০২২)।
উক্ত ঘটনাটোৰ দৰে বহুতো কথা-কাণ্ড আমাৰ চৌকাষে সংঘটিত হৈয়েই থাকে, কোনোবাটো হয়তো পোহৰলৈ আহি আলোচনা-বিলোচনাৰ বিষয় হয়, সৃষ্টি কৰে সাময়িক চাঞ্চল্য-উত্তেজনাৰ, আৰু বহুতো তেনে ঘটনা লোকচক্ষুৰ আঁৰতেই থাকি যায়। এটা কথা সঁচা যে সময়ৰ লগে লগে আমাৰ সমাজখনলৈ কিছুমান ক্ষেত্ৰত—অনেক নেতিবাচক দিশৰ মাজতো—কিছু ইতিবাচক পৰিৱৰ্তনো ক্ৰমশঃ আহি আছে। কিন্তু উপৰিউক্ত উদাহৰণটোৱে আমাক বাৰু কি কথা সকীয়াই গ’ল? সমাজখনত মজ্জাগত হৈ থকা পৈশাচিক আৰু অমানৱীয় বৰ্ণবাদৰ পৰম শক্তিশালী উপস্থিতি তৰ্কাতীতভাৱে আকৌ এবাৰ মঙলদৈৰ গণকচুবাত অতি নগ্ন ৰূপত ওলাই পৰিল। পুনৰাবৃত্তি কৰিয়েই কৈছোঁ, উক্ত ঘটনাটো জাতিভেদ-বৰ্ণভেদ সৃষ্ট অসংখ্য মৰ্মন্তুদ কাহিনীৰ মাজৰ এটা উদাহৰণহে মাত্ৰ। তেনে সহস্ৰ সহস্ৰ কৰুণ উদাহৰণেৰে এই উপমহাদেশৰ সুদীৰ্ঘ বৰ্ণবাদী ইতিহাস ভাৰাক্ৰান্ত হৈ আছে। একলব্য কিম্বা শম্বুকৰ ভয়ংকৰ কাহিনী হৈছে তাৰে একো একোটা মহাকাব্যিক উদাহৰণ। এনে এটা পটভূমিত, সমাজৰ তন্তুৱে তন্তুৱে সোমাই থকা জাতিভেদ প্ৰথা সোনকালেই বিলুপ্ত হ’ব বুলি আশা কৰিলে সেইটো জানোঁ যুক্তিযুক্ত হ’ব?
বৰ্ণব্যৱস্থা হৈছে পৃথিৱীৰ অন্যতম বিভৎস, নিষ্ঠুৰ আৰু অমানৱীয় প্ৰথা। সহস্ৰ বছৰ ধৰি ভাৰতীয় সমাজখনক এই অমানৱীয় ব্যৱস্থাটোৱে নাগপাশৰ দৰে মেৰিয়াই আছে। প্ৰাচীন ভাৰতীয় সভ্যতাৰ বহুতো অবিস্মৰণীয় অৱদানৰ দ্যুতিময় গৌৰৱক, ভাৰতৰেই বৰ্ণব্যৱস্থাই বৰ বেয়াকৈ ম্লান কৰি পেলায়। বাহুল্যৰ দোষে চুলেও ব্যক্তিগত কথা এটা এইখিনিতে উল্লেখ কৰোঁ। আমাৰ এজন অন্তৰংগ বন্ধুৱে তেতিয়া ইটালিৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছিল। সাগৰৰ পাৰত বহি এগৰাকী গ্ৰীক তৰুণীক তেওঁ ভাৰতৰ বৰ্ণব্যৱস্থাটোৰ কথা বহু সময় ধৰি বুজালে। তেনে বুজনিৰ শেষ ফলটো বৰ আমোদজনক হৈ পৰিল, কিয়নো বৰ্ণব্যৱস্থাটোৰ কথা তৰুণীগৰাকীয়ে একোৱেই বুজি নাপালে! বাৰে বাৰে, বহু সময় কৈ থকাৰ পাছতো সেই বিদেশিনীয়ে বুজিবলৈ সক্ষম নহ’ল, মানুহৰ মাজত “উচ্চ-নীচ”, এইবোৰ কি বস্তু! এই কথাটোৰ এটা ডাঙৰ তাৎপৰ্য আছে। সেইটো হৈছে, বৰ্ণভেদ-জাতিভেদৰ সৈতে অপৰিচিত মানুহৰ বাবে এই ব্যৱস্থাটো একেবাৰেই উদ্ভট; কিন্তু ভাৰতৰ সমাজব্যৱস্থাৰ মজ্জাই মজ্জাই বৰ্ণবাদ অতি সহজভাৱে শিপাই আছে—, ভাৰতীত মননত মানুহৰ মাজৰ এই কৃত্ৰিম বিভাজনটো এটা তেনেই স্বাভাবিক কথা!
(২)
বৰ্ণবাদে কৰা মানুহৰ শ্ৰেণীবিভাজনটো অতিশয় কৃত্ৰিম, উদ্ভট আৰু অবৈজ্ঞানিক। কিন্তু এই শ্ৰেণীবিভাজনৰ ধাৰণাটো ভাৰতীয় মানুহৰ মন-মগজুত অতি গভীৰলৈ শিপাই আছে। তাৰ লগতে নানান সামাজিক কৰ্মকাণ্ড, ৰীতি-নীতিৰ সিংহভাগ নিয়ন্ত্ৰণ কৰি আহিছে এই উদ্ভট-অমানৱীয় ধাৰণাটোৱে। ই কিমান গভীৰলৈ শিপাই আছে, সেইটো বুজিবলৈ এটা সহজলভ্য উদাহৰণলৈ আমি লক্ষ্য কৰিব পাৰোঁ। বহুতো উদাৰমনা লোকে কোৱা শুনা যায়, “মই যদিও জন্মগতভাৱে ব্ৰাহ্মণ, মই জাতিভেদ নামানোঁ”। তেনে লোকৰ সদ্দিচ্ছা আৰু মনৰ উদাৰতা নিশ্চয় প্ৰশংসনীয়—সেইটো দ্বিধাহীনভাৱে সকলোৱে স্বীকাৰ কৰা উচিত—, কিন্তু তাৰ লগতেই ক’ব লাগিব যে কথাটো বৰ আমোদজনকো। উক্ত উক্তিৰ প্ৰথমতেই উদ্ভট বৰ্ণবাদী বিভাজনটোৰ এটা ভাগত নিজকে ৰাখি লোৱা হৈছে, তাৰ পাছত কোৱা হৈছে যে “মই সেইটো বিভাজন নামানোঁ” বুলি! তেনেদৰেই, বহুতো উদাৰমনা ব্যক্তিক আমি উপবীত আদি বৰ্ণবাদী উপাদান কঢ়িয়াই ফুৰা দেখি আহিছোঁ। অৱশ্যে কোনো ব্যক্তিক, ব্যক্তিগত স্তৰত ঠাট্টা-তাচ্ছিল্য কৰাৰ বিশেষ অৱকাশ নাই ইয়াত। ভাৰতীয় সমাজত বৰ্ণবাদ মজ্জাগত হৈ আছে, আৰু ই এটা অতি শক্তিশালী সামাজিক শক্তিৰ ৰূপ লৈছে। সেইবাবেই ব্যক্তিগত পৰ্যায়ৰ উপৰিউক্ত অসম্পূৰ্ণতা-সীমাবদ্ধতাৰ বিচাৰ-বিশ্লেষণ কৰোতে আমি সামাজিক হেঁচাৰ লগতে পৰিস্থিতিগত প্ৰেক্ষাপটটিও যথোচিতভাৱে বিবেচনা কৰি চোৱা যুগুত। আৰু এটা কথা প্ৰসংগক্ৰমে—দুটা উদাহৰণৰ সহায়েৰে—উল্লেখ কৰি যাওঁ। কমিউনিষ্টসকল স্বাভাবিকতেই বৰ্ণবাদবিৰোধী। অথচ, নিজকে কমিউনিষ্ট বুলি ৰাজহুৱাকৈ ঘোষণা কৰা, যুক্তিবাদৰ বিষয়ে চিন্তাউদ্ৰেকাৰী প্ৰবন্ধ ৰচনা কৰা প্ৰয়াত পণ্ডিত এগৰাকীয়ে ৰাজহুৱাকৈ সন্তানৰ উপনয়নৰ উপলক্ষে ভোজভাতৰ ডাঙৰ আয়োজন কৰিছিল। তেনে কৰিবলৈ ডাঙৰ কোনো সামাজিক বা পাৰিবাৰিক হেঁচা নাছিল তেখেতৰ ওপৰত, তেখেতৰ আৰ্থিক-সামাজিক অৱস্থানো আছিল নিৰাপত্তাৰে ভৰা। অন্য এগৰাকী উচ্চশিক্ষিত, ৰুচিবান, কমিউনিষ্ট দল এটাৰ অতিশয় নিষ্ঠাবান সৰ্বক্ষণৰ কৰ্মীয়ে আজীৱন উপবীত পৰিধান কৰা দেখিবলৈ পাইছিলোঁ। আচৰিত হৈছিলোঁ, অন্য বিষয়ত তীক্ষ্নধী বিচাৰ-বিশ্লেষণ কৰা মানুহগৰাকীয়ে উপবীত ধাৰণ কৰাৰ অজুহাতত কোনো পাৰিবাৰিক-সামাজিক হেঁচাৰ কথা কোৱা নাছিল (যিটো সাধাৰণতেই দেখা যায়), তেওঁ ক’বলৈ আৰম্ভ কৰিছিল সেইবোৰ সামাজিক ৰীতি-নীতি হেনো সমাজৰ বাবে প্ৰয়োজনীয়! এই দুয়োটা উদাহৰণে নিশ্চয় পৰিষ্কাৰকৈ দেখুৱাব, ভাৰতীয় মনন আৰু সামাজিক কৰ্মকাণ্ডত বৰ্ণবাদ কিমান গভীৰলৈ প্ৰোথিত হৈ আছে। ব্যক্তিগত সীমাবদ্ধতা নিশ্চয় এটা কাৰণ, কিন্তু ব্যক্তিগত স্তৰৰ ঠাট্টা-বিদ্ৰুপ-মস্কৰাৰে সামগ্ৰিক বৰ্ণবাদী সামাজিক পৰিকাঠামোটো আঁতৰ কৰাটো অসম্ভৱ।
(৩)
সংগত কাৰণতেই প্ৰশ্ন উঠিব, ইমান উদ্ভট ব্যৱস্থা এটাই ইমান স্বাভাবিক বুলি কেনেকৈ ভাৰতীয় মননত সামাজিক গ্ৰহণযোগ্যতা অৰ্জন কৰিলে? ভাৰতৰ সুদীৰ্ঘ ইতিহাসত বৰ্ণবাদে কেতিয়াও, কোনোধৰণৰ বাধাৰ সন্মুখীন হোৱাৰ নিদৰ্শন নাইনে? পণ্ডিতসকলৰ আলোচনা-বিলোচনাৰ পৰা আমি দেখিবলৈ পাওঁ যে বৰ্ণবাদ মুঠতে তিনিবাৰ অতি গুৰুতৰ আৰু প্ৰৱল প্ৰত্যাহ্বানৰ মুখত পৰিছিল। তাৰে দুটা ঘটিছিল অতি প্ৰাচীন যুগত, অন্যটো তুলনামূলক হিচাপত কিছু অৰ্বাচীন কালৰ কথা। মন কৰিবলগীয়া কথা, তেনে আটাইকেইটা প্ৰচণ্ড চেলেঞ্জক বৰ্ণবাদে তৰ্কাতীতভাৱে পৰাভূত কৰিছিল।
এই উপমহাদেশত যুক্তিবাদৰ উন্মেষ আৰু বিকাশৰ অতি গৌৰৱোজ্জ্বল ঐতিহাসিক স্মাৰক হ’ল লোকায়তপন্থীসকলৰ চিন্তা-চৰ্চা। প্ৰাচীন যুগত এই চাৰ্বাকসকলে বৰ্ণবাদৰ মূল ভিত্তিটোতেই প্ৰচণ্ড আঘাত হানিছিল শাণিত যুক্তিৰে। পণ্ডিত আৰু সুলেখক জয়ন্তানুজ বন্দ্যোপাধ্যায়ে উনুকিয়াই গৈছে যে চাৰ্বাক দৰ্শন হৈছে ভাৰতৰ প্ৰাচীনতম বলিষ্ঠ দৰ্শন, যিটোৱে বৈদিক ধৰ্ম, যাগযজ্ঞ আৰু সৰ্বোপৰি বৈদিক সভ্যতাৰ শোষণমূলক আৰ্থ-সামাজিক ভিত্তিটোৰ ওপৰত বৈপ্লৱিক আঘাত হানিছিল (দ্ৰষ্টব্য: জয়ন্তানুজ বন্দ্যোপাধ্যায়, বিকল্প নবজাগৰণ, পৃ. ৩৩)। চাৰ্বাকসকলৰ মত-মন্তব্য আছিল দ্বিধাহীন, সামান্য আপোচৰ চিহ্নও তাত নাছিল। এটা মাত্ৰ উদাহৰণলৈ আমি লক্ষ্য কৰিলেই চাৰ্বাকসকলৰ মেজাজটো আমি অনুধাৱন কৰিব পাৰিম। ব্ৰাহ্মণ্য ধৰ্মাচৰণত নানান যজ্ঞ সম্পাদন কৰা হৈছিল আৰু তেনে বহুতো যজ্ঞত প্ৰাণী বলি দিয়া হৈছিল। কোৱা হৈছিল যে যজ্ঞৰ বলিত প্ৰাণ হেৰুৱা জীৱবোৰ পোনে পোনে স্বৰ্গলৈ গৈছিল। চাৰ্বাকসকলে প্ৰশ্ন কৰিছিল, যজ্ঞত বলি দিয়া জীৱবোৰ যদি চিধাই স্বৰ্গলৈ যায়, তেনেহ’লে যজমানসকলে যজ্ঞত কিয় নিজ নিজ পিতৃক বলি দি তেওঁলোকৰ স্বৰ্গযাত্ৰাৰ পথ সুগম কৰি নিদিয়ে (দ্ৰষ্টব্য: ভবানীপ্ৰসাদ সাহু, অধাৰ্মিকেৰ ধৰ্ম কথা, পৃ: ৩৮)? বৰ্ণপ্ৰথাৰ বিৰুদ্ধে তেনে অনড়, নিৰ্ভীক আৰু একেবাৰেই অনমনীয় স্থিতিৰ বাবে চাৰ্বাকৰ সৈতে ব্ৰাহ্মণ্যবাদৰ আপোচ আছিল অসম্ভৱ। সেইবাবেই, অৱধাৰিতভাৱে চাৰ্বাকসকলৰ বিৰুদ্ধে যুঁজখনত ব্ৰাহ্মণ্যবাদ অৱতীৰ্ণ হৈছিল অতি জংগী আৰু নিষ্ঠুৰভাৱে, আৰু তাত নিশ্চিতভাৱে বৰ্ণবাদ বিজয়ী হৈছিল। নিৰ্মমভাৱে নিশ্চিহ্ন কৰি দিয়া হৈছিল বিজিত চাৰ্বাকপন্থীসকলক, তেওঁলোকৰ সকলো গ্ৰন্থ নষ্ট কৰি দিয়া হৈছিল। আজি লোকায়তসকলৰ কোনো মূল গ্ৰন্থ পাবলৈ নাই। তত্ত্বোপপ্লবসিংহ নামৰ গ্ৰন্থখন উদ্ধাৰ হোৱাৰ পাছত, বহুতো বিদ্বানে সেইখনক চাৰ্বাকদৰ্শনৰ মৌলিক গ্ৰন্থ বুলি ধাৰণা কৰিছিল এটা সময়ত। কিন্তু মাৰ্ক্সবাদী পণ্ডিত দেবীপ্ৰসাদ চট্টোপাধ্যায়ে মূলতঃ গ্ৰন্থখনৰ আভ্যন্তৰীণ সাক্ষ্যৰ পৰা দেখুৱালে যে কথাটো মিছা, সেইখন চাৰ্বাকদৰ্শনৰ মৌলিক গ্ৰন্থ নহয়। পণ্ডিত ৰামকৃষ্ণ ভট্টাচাৰ্যৰ মতেও গ্ৰন্থখনৰ ৰচক জয়াৰাশি ভট্ট এগৰাকী অজ্ঞেয়তাবাদী কিম্বা সংশয়বাদীহে আছিল, তেওঁক বস্তুবাদী বুলি বিবেচনা কৰিব নোৱাৰি (দ্ৰষ্টব্য: Ramkrishna Bhattacharya, Humanist Thought in Lokayata, p. 14), গতিকে তত্ত্বোপপ্লবসিংহ কোনো লোকায়ত গ্ৰন্থ নহয়।
প্ৰাচীন ভাৰতত বৰ্ণবাদক অন্য এটা প্ৰৱল প্ৰত্যাহ্বান জনাইছিল বৌদ্ধ আৰু জৈন দৰ্শনে। গৌতম বুদ্ধই বেদৰ অবিসম্বাদী কৰ্তৃত্বক অস্বীকাৰ কৰি ভাৰতীয় দৰ্শনত নতুন দিগন্তৰ উন্মোচন কৰিছিল। তেওঁ চাৰ্বাকসকলক দৰে চাৰি বৰ্ণক পোনচাটেই নাকচ কৰি নিদি কৈছিল যে চাৰিওটা বৰ্ণৰ মানুহ সমান, আৰু ব্ৰাহ্মণে নিজকে উচ্চ বুলি কোৱাটো এটা অন্তসাৰশূন্য কথা (দ্ৰষ্টব্য: Y. Krishan, Buddhism and the Caste System, The Journal of the International Association of Buddhist Studies, Vol. 9, No 1, 1986)। প্ৰকৃততে প্ৰথমচোৱাৰ বৌদ্ধসকলৰ চিন্তা-চৰ্চাই বণিকশ্ৰেণীটোৰ (বৈশ্য) পৃষ্ঠপোষকতা লাভ কৰিছিল, কিয়নো বৌদ্ধধৰ্মৰ বহুতো ৰীতি আছিল বাণিজ্যিক বিকাশৰ সৈতে সংগতিপূৰ্ণ। ইতিহাসৰ এচোৱা সময়ত বৌদ্ধ ধৰ্মই ৰাজপৃষ্ঠপোষকতাও লাভ কৰিছিল। স্বাভাবিকতেই সমাজৰ শ্ৰেণী আৰু ক্ষমতাবিন্যাসৰ পৰিৱৰ্তনৰ সম্ভাৱনাই ব্ৰাহ্মণ্যবাদীসকলক সস্তম আৰু সক্ৰিয় কৰি তুলিছিল। চাৰ্বাকসকলৰ ক্ষেত্ৰত কৰাৰ দৰেই ব্ৰাহ্মণ্যবাদে বৌদ্ধসকলৰ প্ৰতি সময়ে সময়ে অতি কঠোৰ জংগী স্থিতি লৈছিল। পৰৱৰ্তী কালত অৱশ্যে বৌদ্ধসকলৰ মাজতেই বিভাজন আহিছিল, আপোচ আৰু বিচ্যুতিৰ পয়োভৰ ঘটিছিল তেওঁলোকৰ মাজত। তেনে দীৰ্ঘ ঘটনাক্ৰমৰ মাজতেই দেখিবলৈ পোৱা গৈছিল যে বৌদ্ধসকলৰ আদিতম বৈপ্লৱিক ৰূপটোক নিজৰ সুবিধামতে সজাই-পৰাই ব্ৰাহ্মণ্যবাদে অতি চতুৰভাৱে আত্মসাৎ কৰি পেলাইছে। আনহে নালাগে, স্বয়ং বৌদ্ধকেই “ভগবানৰ অৱতাৰ” কৰি পেলোৱা হ’ল!
তুলনামূলকভাৱে কিছু অৰ্বাচীন সময়ত ভাৰতলৈ হোৱা ইছলামৰ আগমণে বৰ্ণাশ্ৰমভিক্তিক ব্ৰাহ্মণ্যবাদৰ বাবে সাংঘাতিক বিপদ কঢ়িয়াই আনিছিল। বহুতো বিদ্বানে দেখুৱাইছে যে “নিম্ন শ্ৰেণী”-ৰ লোকসকলক বৰকৈ আকৃষ্ট কৰিছিল ইছলামৰ আভ্যন্তৰীণ ভাতৃত্ব আৰু সাম্যবোধে। বহু সংখ্যক “নিম্ন শ্ৰেণী”-ৰ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল এইটো কাৰণৰ বাবেই। এইটো বিপদো কিন্তু ব্ৰাহ্মণ্যবাদে অতিক্ৰম কৰিছিল। লক্ষ্যনীয় কথা, ধৰ্ম সলনি কৰিলেও ধৰ্মান্তৰিত লোকসকলৰ পিঠিত বৰ্ণাশ্ৰমব্যৱস্থাটোৱে আগতেই মাৰি দিয়া সামাজিক অৱস্থানৰ মোহৰটো অমোচনীয় হৈয়েই থাকি গৈছিল, যদিও ইছলামত কাগজে-কলমে জাতিভেদৰ স্থানেই নাই। আনকি মোগল ৰাজত্বৰ সময়ত চৈয়দ, শ্বেখ, মোগল আৰু পাঠান—এই ভাগকেইটাক ব্ৰাহ্মণ্যবাদী বৰ্ণবিভাজনৰ সদৃশ সমীকৰণ এটাত পেলাই লোৱা হৈছিল, আৰু কেতিয়াবা হিন্দুৰ পৰা ইছলামলৈ ধৰ্মান্তৰিত হোৱা ন-মুছলমানে তেনে কোনো এটা ভাগত নিজকে অন্তৰ্ভুক্ত কৰাটো জৰুৰী বুলি বিবেচনা কৰিছিল (দ্ৰষ্টব্য: শ্যামাচৰণ ডুবে, ভাৰতীয় সমাজ, অনুবাদ, দেবব্ৰত শৰ্মা, পৃ. ৫৪)। প্ৰসংগত উল্লেখ কৰিব পাৰি, সৰ্বভাৰতীয় প্ৰেক্ষাপটত ভক্তি আন্দোলনে ব্ৰাহ্মণ্যবাদৰ সন্মুখত যদিও কিছু প্ৰত্যাহ্বান থিয় কৰিছিল, সেইটো কিন্তু প্ৰাচীন যুগৰ চাৰ্বাক কিম্বা বৌদ্ধসকলৰ চেলেঞ্জৰ তুলনাত আছিল কম শক্তিশালী। পণ্ডিতসকলে দেখুৱাইছে যে মধ্যযুগৰ ভক্তি আন্দোলনৰ মাজত কিছু অৰ্ধসুপ্ত বিদ্ৰোহৰ উপাদান থাকিলেও সি আছিল জাগতিক শক্তিত হীনবল (দ্ৰষ্টব্য: জয়ন্তানুজ বন্দ্যোপাধ্যায়, সমাজবিজ্ঞানেৰ দৃষ্টিতে ভগবদ্গীতা, পৃ. ২২)। লগতে আৰু এটা কথা, ভাৰতত বিভিন্ন অঞ্চলৰ ভক্তিবাদৰ ৰেহৰূপতো পাৰ্থক্য আছিল। পিছলৈ ভক্তি আন্দোলনৰ মাজলৈও নানান ব্ৰাহ্মণ্যবাদী উপাদান সোমাই পৰিছিল।
খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতকত বৌদ্ধ দৰ্শনক পৰাভূত কৰি ব্ৰাহ্মণ্যবাদে এটা প্ৰতিবিপ্লৱ সংঘটিত কৰিছিল। সিংহাসনত বহিছিল পুষ্যমিত্ৰ সুংগ নামৰ এজন ব্ৰাহ্মণ। এইগৰাকী সম্ৰাটে প্ৰায় তিনিটা দশক ধৰি চাৰ্বাক আৰু বৌদ্ধসকলৰ ওপৰত অতি নিদাৰুণ ৰাষ্ট্ৰসন্ত্ৰাস নমাই আনি বৰ্ণভিত্তিক ব্ৰাহ্মণ্য ধৰ্ম সুপ্ৰতিষ্ঠিত কৰি পেলাইছিল। এইটো প্ৰক্ৰিয়া পৰৱৰ্তী সময়তো অব্যাহত আছিল। এইদৰেই ভাৰতবৰ্ষত প্ৰাচীন যুগতেই বৰ্ণবাদ এটা ভয়ংকৰ আৰু নিৰ্মম প্ৰশ্নাতীত পৰিসৰৰ সামাজিক শক্তি হৈ পৰিছিল। প্ৰশ্ন এটা ওপৰত উনুকিয়াই অহা হৈছিল—, ভাৰতীয় সমাজখনত উদ্ভট বৰ্ণবাদ কেনেকৈ ইমান স্বাভাৱিক যেন লগা হৈ পৰিছিল? প্ৰশ্নটোৰ উত্তৰ আমি সমাজ-বাস্তৱতাৰ জাগতিক পটভূমিতেই সন্ধান কৰিব লাগিব। ধৰ্মীয় কিম্বা পৰম্পৰাগত অবয়ব যিয়েই নহওঁক, প্ৰকৃততে বৰ্ণবাদ / ব্ৰাহ্মণ্যবাদ আছিল সমাজৰ উচ্চ শ্ৰেণীটোৰ শ্ৰমশোষণৰ এটা বিশ্বস্ত আৰু নিৰ্ভৰযোগ্য হাতিয়াৰ। সকলোৱে জানে, মানুহৰ ইতিহাস—মানুহৰ সমাজখনৰ ইতিহাস—শ্ৰেণীসংঘাত আৰু শ্ৰেণীসংগ্ৰামৰ ইতিহাস। মূলতঃ কৃষিব্যৱস্থাৰ উদ্ভৱ আৰু বিকাশৰ পৰৱৰ্তী কালত দেশভেদে প্ৰভেদ থাকিলেও পৃথিৱীৰ নানান প্ৰান্তত মোটামোটিকৈ একেই ঘটনা এটাৰ আৰম্ভণি হৈছিল; সেইটো আছিল শ্ৰেণীসমাজৰ অভ্যুদয় আৰু ক্ৰমাৎ—দিনে দিনে—প্ৰকট হৈ অহা শ্ৰেণী-শোষণ। এই উপমহাদেশত কথাটোৱে কিন্তু ওপৰঞ্চিকৈ এটা অতি কিম্ভূতকিমাকাৰ আৰু জধলা ৰূপ লৈছিল, কিয়নো শ্ৰমশোষণৰ কাৰবাৰটো সংলগ্ন হৈ পৰিছিল বংশানুক্ৰমিক, জন্মভিত্তিক বৰ্ণাশ্ৰম প্ৰথাৰ সৈতে। জন্মভিত্তিক সামাজিক শ্ৰেণীবিভাজন আৰু তৎজনিত শ্ৰমশোষণ হৈ পৰিছিল এটা অনন্য বস্তু, সি আছিল বিশ্বৰ অন্য প্ৰান্তৰ দাসশ্ৰম শোষণব্যৱস্থাৰ সৈতে পৃথক। মাৰ্ক্সীয় বিচাৰ-বিশ্লেষণত ধৰ্মক উপৰিসৌধ আৰু অৰ্থনৈতিক ব্যৱস্থাটোক ভিত্তি বুলি গণ্য কৰা হয়। বৰ্ণবাদৰ প্ৰসংগত জয়ন্তানুজ বন্দ্যোপাধ্যায়ৰ দৰে বিখ্যাত মাৰ্ক্সবাদী চিন্তাবিদে মত দিছে যে ভাৰতীয় প্ৰেক্ষাপটত ধৰ্মক মাত্ৰ উপৰিসৌধ বুলি গণ্য কৰা নাযায়; ভাৰতত অমানৱীয় বৰ্ণব্যৱস্থাটো সমাজৰ একেবাৰে মৰ্মমূলত প্ৰোথিত হৈ আছে। তেখেতৰ মতে, ভাৰতত বৰ্ণব্যৱস্থাটো মূল অৰ্থনৈতিক ভিত্তিৰ সৈতে অংগাংগীভাৱে সংলগ্ন হৈ পৰিছিল (দ্ৰষ্টব্য: জয়ন্তানুজ বন্দ্যোপাধ্যায়, ধৰ্ম ও প্ৰগতি, মুখবন্ধ)। জয়ন্তানুজ বন্দ্যোপাধ্যায়ৰ উপৰিউক্ত মত আমাৰ বিবেচনাত শুদ্ধ। চাৰিটা বৰ্ণৰ কনচেপ্টটোৱে কালক্ৰমত পল্লৱিত ৰূপ ধাৰণ কৰি এটা বিৰাট-বিপুল অৱয়ব লৈ ভাৰতীয় সমাজৰ মৰ্মমূলত সোমাই পৰিছে। বৰ্ণবাদক এৰাই চলিলে ভাৰতীয় সমাজখনৰ ব্যাখ্যা-বিশ্লেষণ খণ্ডিত হ’বলৈ বাধ্য।
(৪)
সহস্ৰ বছৰৰ প্ৰাচীন অমানৱীয় বৰ্ণব্যৱস্থাৰ অৱলুপ্তি শুভবুদ্ধিসম্পন্ন আৰু আধুনিক মনৰ মানুহৰ কাম্য। কিন্তু তাৰ বাস্তৱ পন্থা কি? ওপৰৰ দফাটোত উল্লেখ কৰা দিশটোক—বৰ্ণাশ্ৰমৰ আৰ্থিক ভিত্তিৰ ঐতিহাসিক কথাটোক, পৰৱৰ্তী কালৰ তাৰ বিপুল পল্লবিত অৱয়বটোক—অগ্ৰাহ্য কৰি, মাত্ৰ সাংস্কৃতিক শুভবুদ্ধি, মানুহৰ শুভ-ইচ্ছা আদিৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণবাদৰ লগত মোকাবিলা কৰিলে বৰ এটা লাভ নহ’ব। বিক্ষিপ্ত হুংকাৰ কিছুমান এই ক্ষেত্ৰত একো কাম নোহোৱা বস্তু। “মই বৰ্ণবাদ নামানোঁ” বুলি ক’লেই সহস্ৰবছৰৰ ঐতিহ্যৰে পৰিপুষ্ট এইটো অমিত শক্তিশালী অমানৱীয় ব্যৱস্থাটো আঁতৰি নাযায়। ভাৰতৰ মানুহে ধৰ্ম সলনি কৰিব পাৰে, বৰ্ণ সলনি কৰিব নোৱাৰে। কোনোবাই “বৰ্ণব্যৱস্থা নামানোঁ” বুলি ঘোষণা কৰিলেও, তেওঁক ব্যৱস্থাটোৱে নিজৰ মতে বৰ্ণ এটাৰেই সংজ্ঞায়িত কৰি ৰাখিব। সৰু উদাহৰণ এটি দিছোঁ। ইছলামত কাগজে-কলমে বৰ্ণভেদ নাই বুলি উল্লেখ কৰিছিলোঁ। অথচ, ১৯১১ চনৰ লোকপিয়লত ২৯২-টা মুছলিম কাষ্টৰ সন্ধান পোৱা গৈছিল (দ্ৰষ্টব্য: Tara Chand, Society and State in Mughal Period, p.31)। এইটোৰ পৰাই বৰ্ণাশ্ৰম ব্যৱস্থাটোৰ অমিত শক্তি আৰু ব্যাপ্তিৰ কথাটো অনুমান কৰি ল’ব পাৰি। পাছৰ এশ বছৰত আমাৰ দেশে মহাকাশলৈ মানুহ পঠালে, মঙললৈ যান প্ৰেৰণ কৰিলে। পিছে বৰ্ণভেদৰ কথাত আগৰ পৰিৱেশ-পৰিস্থিতি কিমান সলনি হ’ল বাৰু? মঙলদৈৰ গণকচুবাৰ ঘটনাটো মনলৈ আনিলেই কথাটো স্পষ্ট হৈ পৰিব।
যতীন বাগচীৰ দৰে কৃতবিদ্য বিদ্বানে ধাৰণা কৰাৰ দৰে জাতিভেদ-বৰ্ণবাদ অতীজৰ কথা মাত্ৰ নহয়; সি বিস্মৃতিৰ তলিলৈ লাহে লাহে ডুবি যোৱাও নাই, অচিৰেই তেনে হোৱাৰো কোনো সম্ভাৱনা নাই। জাতিভেদ-বৰ্ণবাদ হৈছে এটা ধৰ্মীয় উপাদান—তাতোতকৈও ডাঙৰ কথা—এই উপাদানটো হৈছে ধৰ্মটোৰ এটা মৌলিক আৰু অবিচ্ছেদ্য অংগ। সম্প্ৰতি আমাৰ সমাজত যিহেতু ধৰ্মীয় পুনৰুত্থানৰ প্ৰচণ্ড জয়যাত্ৰা চলি আছে, তেনে এক পটভূমিত জাতিভেদ ক্ৰমাৎ নিশ্চিহ্ন হৈ যাব বুলি কেনেকৈ পতিয়ন যাব পাৰি? সমাজত শক্তিশালী হৈ বৰ্তি থকা ধৰ্মীয় পৰিমণ্ডলটোৰ কথা অগ্ৰাহ্য কৰি জাতিভেদৰ অৱলুপ্তিৰ কথা কোৱাটো কল্পলৌকিক চিন্তাৰ পৰিচায়কহে হ’বগৈ। গণকচুবাৰ ঘটনাটোৰ অন্য এটা দিশে সমাজৰ গভীৰ স্তৰত প্ৰোথিত হৈ থকা ধৰ্মীয় প্ৰভাৱৰ সন্দৰ্ভত আমাক বৰ পৰিষ্কাৰ ইংগিত দি যায়। কোনো সন্দেহ নাই, “চুৱা” হৈ পৰাচিত হ’ব লগাৰ ভয়ত মৃত লোকগৰাকীৰ শৱ সৎকাৰ কৰিবলৈ মানুহ আগ বাঢ়ি নহাটো হৈছে সমাজত অতি সক্ৰিয় আৰু সজীৱ হৈ থকা জাতিভেদী-বৰ্ণবাদী মানসিকতাৰ নিছিদ্ৰ প্ৰমাণ। লগতে আৰু এটা লক্ষ্যনীয় কথা, মানুহজনৰ মৃত্যুৰ পাছত পৰিয়ালটোৱে সন্মুখীন হোৱা মৰ্মন্তুদ আৰু নিদাৰুণ অৱস্থাটোৰ কথা গৌণ কৰি, সামাজিক মাধ্যম আদিত বহুতো মানুহ শংকিত হৈ পৰিছিল মৃতকক ধৰ্মীয় ৰীতি অনুসৰি সৎকাৰ কৰিব নোৱাৰাৰ কথাটোতহে; পাছত, প্ৰশাসনৰ হস্তক্ষেপত মৃতদেহটি ধৰ্মীয় ৰীতিৰ মাজেৰে দাহ কৰাত তেওঁলোকে স্বস্তিৰ নিশ্বাস এৰিছিল। এই কথাটোৱে মানুহৰ মনৰ গভীৰ স্তৰত শিপাই থকা ধৰ্মীয় প্ৰভাৱৰ কথাকেই প্ৰতিফলিত কৰে। ধৰ্ম আৰু তৎজনিত বৰ্ণবাদী ধ্যান-ধাৰণা অতি নিকট আৰু এৰাব নোৱাৰা সম্পৰ্কৰে বান্ধ খাই থাকে। এই সম্পৰ্কটোৰ ৰেহৰূপৰ প্ৰতি উদাসীন হৈ কৰা বৰ্ণবাদৰ বিৰোধিতা এটা পৰিধিৰ মাজত চক্ৰৱৎ ঘূৰি থকাটো অৱধাৰিত। তেনেদৰে জাতিভেদ কেতিয়াও অপসাৰিত নহয়। অনামিকা আৰু প্ৰশান্তই জাতিভেদক প্ৰত্যাহ্বান জনাইছিল ঠিকেই, কিন্তু বিবাহ সম্পন্ন কৰিছিলগৈ ধৰ্মীয় উপাসনাস্থল কামাখ্যাধামত। ধৰ্ম-অধ্যুষিত সমাজখনত আজিয়ো হেজাৰ একলব্য আৰু শম্বুকৰ কৰুণ গাঁথা বতাহত উৰি ফুৰিছে। তাৰ বিপৰীতে, বৰ্ণবাদক পুনৰ নৱৰূপত সজ্জিত আৰু শক্তিশালী কৰিবলৈ কৰা সংগঠিত প্ৰয়াস দিনক দিনে—চমকপ্ৰদভাৱে—ত্বৰাণ্বিত হৈ আহিছে। এই যুঁজত মানুহৰ সদ্দিচ্ছা-শুভেচ্ছা কোনো নিৰ্ণায়ক কাৰক হ’বগৈ নোৱাৰে। ধৰ্ম আৰু ধৰ্মসম্ভূত বৰ্ণবাদৰ আঁৰৰ আৰ্থ-সামাজিক ৰাজনীতি নুবুজিলে বৰ্ণবাদৰ বিৰুদ্ধে ফলপ্ৰসূ ৰণকৌশল ৰচনা কৰাটো জানোঁ সম্ভৱ হ’ব?